সৰ্বতত্ত্বৰ সন্ধান

 

সত্যৰ সন্ধানেই হৈছে বিজ্ঞান। নেদেখাটো চোৱা আৰু নুশুনাটো শুনা মানৱ জাতিৰ স্বাভাৱিক ইচ্ছা। অতীজৰ পৰাই মহাবিশ্বৰ সকলো ঘটনাক এক সূত্ৰৰ দ্বাৰা বান্ধিবলৈ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। মানৱ সমাজে বিজ্ঞান বিষয়ত অগ্ৰগতি লাভৰ সময়ৰে পৰা সকলো পদাৰ্থ মাটি, পানী, বায়ু আৰু জুইৰ দ্বাৰা গঠিত বুলি ধাৰণা কৰিছিল। কিন্তু ৰসায়ন বিজ্ঞানে আজি সকলো পদাৰ্থ এশমান মৌলৰে গঠিত বুলি প্ৰমাণ কৰিছে। মৌলবোৰো কিছুমান সৰু সৰু কণিকাৰে গঠিত। সম্প্ৰতি বিজ্ঞানীসকল উক্ত কণাৰ মাজৰ আন্তঃক্ৰিয়াৰ ব্যাখ্যা দিবলৈ সক্ষম হৈছে। বৰ্ত্তমানলৈ আৱিষ্কৃত মৌলিক বলবোৰৰ ভিতৰত মহাকৰ্ষণ আৰু বিদ্যুৎচুম্বকীয় বল আমাৰ নিচেই চিনাকী। আন দুটা বল হৈছে সবল আৰু দুৰ্বল বল।

সৰ্বতত্ত্বৰ সন্ধানৰ প্ৰচেষ্টাত বৰ্ত্তমান বিজ্ঞানী সমাজ বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু চূড়ান্ত লক্ষ্যত এতিয়াও উপনীত হ’ব পৰা নাই। উনবিংশ শতিকাত মেক্সৱেলে বিদ্যুৎশক্তি আৰু চুম্বকশক্তি একে বলৰে দুটি ৰূপ হিচাপে উপস্থাপন কৰিছিল। সেয়ে আছিল সৰ্বতত্ত্বৰ সন্ধানৰ আৰম্ভণি। ইয়াৰে প্ৰায় অৰ্ধ শতিকাৰ পিছত আইনষ্টাইনে দিক্ আৰু কাল তথা বস্তু আৰু শক্তিৰ সমন্বয় সাধন কৰিলে বিশেষ আপেক্ষিকতাবাদ সূত্ৰৰ সহায়ত। একেজন মাহান বিজ্ঞানীয়ে প্ৰায় এটি দশকৰ পিছত সাধাৰণ আপেক্ষিকতাবাদৰ দ্বাৰা দিক-কালৰ লগত বস্তু-শক্তিৰ সমন্বয় সাধন কৰিলে। বিংশ শতিকাত কোৱাণ্টাম বলবিজ্ঞানৰ বিকাশে সৰ্বতত্ত্বৰ সন্ধান আৰু এঢাপ আগুৱাই নিলে। ঠিক কিছুবছৰৰ পিছত দুৰ্বল, সবল আৰু বিদ্যুৎচুম্বকীয় বলৰ একত্ৰীকৰণৰ ফলত মহাসমন্বয় তত্ব (General unified theory) আৱিষ্কৃত হ’ল। কিন্তু ই মহাকৰ্ষণ শক্তিক একত্ৰিত কৰাত সফল নহ’ল। মহাকৰ্ষণক কোৱাণ্টাম বলবিদ্যাৰ লগত সংযোগ কৰাত একলীয়তাৰ সমস্যাই দেখা দিলে। সত্তৰৰ দশকত বিজ্ঞানীসকলে এক আশাৰ ৰেঙনি দেখিবলৈ পালে। সেই সময়ত অতি-মহাকৰ্ষণৰ ধাৰণা আগবঢ়োৱা হ’ল – যাৰ ভিত্তি আছিল গেভিটন নামৰ এক মহাকৰ্ষণ বলবাহী কণিকা। এই তত্ত্বত একলীয়তাৰ সমস্যা যঠেষ্টখিনি সমাধান কৰা হ’ল।

১৯৮৪ চনত বিজ্ঞানীসকলে কোৱাণ্টাম বলবিদ্যা আৰু মহাকৰ্ষণক একত্ৰিত কৰিবলৈ ৰজ্জুতত্ত্ব (String theory) নামৰ এক নতুন তত্ত্ব আগবঢ়ালে। এই তত্ত্বৰ মতে সকলো মৌলিক তত্ত্ব একমাত্ৰীয় ৰজ্জুৰে গঠিত। এই ৰজ্জুবোৰৰ নিৰ্দিষ্ট কম্পনাংক থাকে – যি ধৰ্মৰ ভিত্তিত ইহঁতে বিভিন্ন কণিকাৰ আচৰণ কৰে। ৰজ্জুতত্ত্বই অসীমতাৰ সমস্যা দূৰ কৰিলে, কিন্তু ৰজ্জুতত্ত্বৰ এক প্ৰধান সমস্যা হৈছে- এই তত্ত্ব ব্যৱহাৰ কৰিবলগীয়া হ’লে মহাকাশ চাৰি মাত্ৰাৰ সলনি দহ বা ছাব্বিশ মাত্ৰাৰ বুলি ধৰিবলগীয়া হয়। ই নিশ্চয়কৈ অকল্পনীয়, কিন্তু অসত্য নহয়। ৰজ্জুতত্ত্বৰ অতিৰিক্ত মাত্ৰাৰ বাহিৰেও আন বহুতো সমস্যা আছে যিবোৰ বিবেচনা কৰিলে এই তত্ব স্বীকৃত হোৱাৰ সম্ভাৱনা ক্ষীণ। তথাপি এই তত্ত্বৰ বিষয়ে গৱেষণা এতিয়াও চলি আছে।

মানৱ জাতি আজিও সৰ্বতত্ত্বৰ সন্ধানত সফল হোৱা নাই। ইয়াৰ বাবে প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। এই তত্ত্বৰ প্ৰধান অন্তৰায় হ’ব কোৱাণ্টাম বলবিদ্যাৰ ভৱিষ্যদ্বাণী কৰাৰ সামৰ্থৰ সীমা আৰু গাণিতীক সমীকৰণ সমাধানৰ সমস্যা। আজিৰ বিজ্ঞানীৰ অধিকাংশই এই মহাবিশ্বৰ সমস্যা সমাধানৰ চিন্তাৰ ব্ৰতী হৈ আছে। সৰ্বতত্ত্ব সন্ধানৰ এই প্ৰচেষ্টা এদিন নিশ্চয় সফলকাম হ’ব বুলি আশা কৰিব পাৰি।

পঠনীয়:  অনন্য এক জীৱন - উইলিয়াম ৰোৱান হেমিল্টন

- হৃষীকেশ চক্ৰৱৰ্তী,

২য় ষাণ্মাসিক, সংযুক্ত স্নাতকোত্তৰ,

পদাৰ্থ বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়।

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment