ইণ্টাৰনেটৰ দুই পিতৃপুৰুষৰ এজন, ভিণ্ট ছাৰ্ফৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

ভিণ্ট ছাৰ্ফ (ভিণ্টন গ্ৰে’ ছাৰ্ফ) এগৰাকী প্ৰখ্যাত আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁক ইণ্টাৰনেটৰ পিতৃপুৰুষসকলৰ এজন বুলি আখ্যা দিয়া হয়। বব কান(ৰবাৰ্ট কান)ৰ সৈতে তেওঁ যুটীয়াভাৱে টি.চি.পি./আই.পি. (TCP/IP) উদ্ভাৱন কৰিছিল। ইয়াৰ সহায়তহে গোটেই ইণ্টাৰনেট ব্যৱস্থাটোৱে কাম কৰিবলৈ লয়। সম্প্ৰতি তেওঁ গুগলৰ উপাধ্যক্ষ আৰু মুখ্য ইণ্টাৰনেট ইভানজেলিষ্ট্। তেওঁ টিউৰিং এৱাৰ্ড (যিটোক কম্পিউটিঙৰ ক্ষেত্ৰখনত নোবেল বঁটা বুলি গণ্য কৰা হয়), প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰিডম আদিকে ধৰি অনেক উল্লেখনীয় সন্মান লাভ কৰিছে। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জাৰ্মানীৰ হেইডেলবাৰ্গত অনুষ্ঠিত ‘হেইডেলবাৰ্গ লৰেট ফ’ৰাম’ত আমাৰ কাৰ্য্যবাহী সম্পাদক মঞ্জিল শইকীয়াই ভিণ্ট ছাৰ্ফৰ এটা অডিঅ’ সাক্ষাৎকাৰ লৈছিল। সেই সাক্ষাৎকাৰটোৰ অসমীয়া ভাৱানুবাদ তলত আগবঢ়োৱা হৈছে।

অসমীয়া ভাৱানুবাদ আগবঢ়াইছে প্ৰিয়াংকুশ ডেকাই।

 

মঞ্জিল শইকীয়া (ম.শ.) : টি.চি.পি./আই.পি. (TCP/IP) সাজি উলিয়াবলৈ আপোনাৰ সহকৰ্মী আৰু আপোনাক কিহে অনুপ্ৰাণিত কৰিছিল?

ভিণ্ট ছাৰ্ফ (ভি.ছা.) : এইটো আমেৰিকান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উদ্যোগত পৰিচালিত এটা প্ৰকল্প আছিল। প্ৰকল্পটো আৰ্পানেট (ARPANET) নামৰ নেটৱৰ্কটোৰ অন্তৰ্গত এটা পেকেট ছুইটছিঙৰ[১↓] ফলাফলৰ আধাৰত কৰা হৈছিল। আৰ্পানেটৰ সম্পূৰ্ণ অৰ্থ এডভাঞ্চড্ ৰিচাৰ্ছ প্ৰজেক্টছ্ এজেঞ্চি নেটৱৰ্ক (Advanced Research Projects Agency Network)। বিভিন্ন প্ৰকাৰৰ আৰু বিভিন্ন ব্ৰেণ্ডৰ কম্পিউটাৰবোৰক এটা সুষম নেটৱৰ্কেৰে সংযোগ কৰিবলৈ আৰু এইবোৰৰ মাজৰ ভিন্নতাখিনিক অতিক্ৰম কৰি সকলো কম্পিউটাৰৰ বাবে কিছুমান মানবিশিষ্ট নীতি-নিয়ম নিৰ্মাণ কৰিবলৈ এই পৰীক্ষাটো কৰা হৈছিল। ইউ.চি.এল.এ.ত (UCLA) থাকোতে মই মোৰ সহকৰ্মীৰ সৈতে এই প্ৰকল্পটোৰ কাম কৰিছিলোঁ। তাৰ পিছতে আমি বিশেষ কিছুমান কাম কৰিব পাৰিম বুলি মোৰ প্ৰথম মূৰত খেলাইছিল, যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰশ্ন কৰিছিল যে আমি কম্পিউটাৰবোৰক নিৰ্দেশ দিব আৰু নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিমনে নোৱাৰিম। যেতিয়া তুমি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ যাবা, তোমাৰ উপলব্ধি হ’ব যে এইটো সম্ভৱ হ’বলৈ কিছুমান কম্পিউটাৰ চলমান গাড়ীত ৰখাৰ প্ৰয়োজন হ’ব, কিছুমান সাগৰীয় জাহাজত ৰাখিব লাগিব, কিছুমান আকাশীযানত ৰাখিব লাগিব আৰু আন কিছুমান এঠাইত স্থায়ীভাৱে স্থাপন কৰা হ’ব লাগিব। কিন্তু এই কম্পিউটাৰবোৰৰ মাজত সংযোগ স্থাপন কৰাবলৈ ভ্ৰাম্যমাণ ৰেডিঅ’-সংযোগ-ব্যৱস্থাৰ প্ৰয়োজন হ’ব, বিশেষকৈ সাগৰৰ জাহাজবোৰক সংযোগৰ বাবে কৃত্ৰিম উপগ্ৰহৰ আৱশ্যক। স্থিৰ কম্পিউটাৰবোৰক একেলগে সংযোগ কৰিবলৈও উৎসৰ্গীকৃত ব্যৱস্থাৰ প্ৰয়োজন হ’ব পাৰে। সেইবাবে মডেলিটিৰ[২↓] ভিন্নতা অনুসৰি কম্পিউটাৰবোৰৰ পৃথক পৃথক পেকেট চুইটছিং নেটৱৰ্ক থাকে। প্ৰতিটো মডেলিটিৰ আকৌ বেগ, ভুলৰ হাৰ আৰু পেকেটৰ আকৃতিও বেলেগ বেলেগ। আৰু কম্পিউটাৰ এটা যি নেটৱৰ্কৰ লগতেই সংযোগ হৈ নাথাকক, সন্মুখৰ পৰা লক্ষ্য কৰিলে প্ৰতিটো কম্পিউটাৰৰ কাম-কাজ যাতে ঠিক একে যেন লাগে, তুমি কিবাপ্ৰকাৰে সেই ব্যৱস্থাটো কৰিব লাগিব। আৰু আমি এই ব্যৱস্থাটো অনিৰ্দিষ্টসংখ্যক বৃহৎপৰিমাণৰ নেটৱৰ্কলৈ সম্প্ৰসাৰিতও কৰিব লাগিব। গোটেই প্ৰকল্পটোত এইখিনিয়েই আছিল ইণ্টাৰনেট সংক্ৰান্তীয় বিষয়। সেইবাবে ৰবাৰ্ট কানৰ লগ হৈ ১৯৭৩ চনত মই এই ডিজাইনিঙৰ কামখিনি কৰিলোঁ। তেওঁ প্ৰথমে আৰ্পানেটত কাম কৰিছিল আৰু পিছত আৰ্পা(ARPA)লৈ গৈছিল। মই ইউ.চি.এল.এ.ৰ পৰা ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়লৈ যোৱাৰ পিছত তেওঁক লগ পাইছিলোঁ। ছয়মাহৰ ভিতৰত আমি টিচিপি আৰু ইণ্টাৰনেটৰ প্ৰাথমিক গাঁথনিটো প্ৰস্তুত কৰি উলিয়ালোঁ। পিছৰটো বছৰ, ১৯৭৪ চনৰ মে’ মাহত আমি এই সংক্ৰান্তীয় এখন গৱেষণা-পত্ৰ প্ৰকাশ কৰিলোঁ।

গতিকে উৎসাহটো ক’ৰ পৰা আহিল বুলিলে মূলতঃ প্ৰতিৰক্ষা বিভাগৰ বিত্তীয় সাহায্যত চলা এটা গৱেষণা প্ৰকল্পই আছিল বুলিব পাৰি, যিটোৰ বিশেষ উদ্দেশ্য আছিল কম্পিউটাৰক নিৰ্দেশনা দিয়া আৰু নিয়ন্ত্ৰণ কৰা বিষয়ক। ইয়াৰ লগত অন্য এটা গুৰুত্বপূৰ্ণ দিশো জড়িত হৈ আছে। সেইটো হ’ল— কম্পিউটাৰ এটাক যদি তুমি নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ জৰিয়তে ব্যৱহাৰ কৰিব খোজা, তুমি হয়তো কেৱল তথ্যৰ আদান-প্ৰদানেই নকৰা, তোমাক মাত-কথা আৰু ভিডিঅ’ৰ জৰিয়তেও সংযোগৰ প্ৰয়োজন হ’ব পাৰে। গতিকে পেকেট চুইট্ছ্ ব্যৱস্থাটোৱে পূৰ্বে যেনেকৈয়ে কাম নকৰক, এতিয়া ই মাত-কথা আৰু ভিডিঅ’ও তথ্যৰ ৰূপত কঢ়িয়াব লাগিব। ফলত একেটা আধাৰতে এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰে। সেই প্ৰত্যাহ্বানটোৱে হৈছে— আমাক এনে এক প্ৰযুক্তিৰ প্ৰয়োজন হ’ব যিয়ে বিভিন্ন নেটৱৰ্ক আৰু কম্পিউটাৰৰ বৈচিত্ৰ্যসমূহ সামৰি ল’ব পাৰে আৰু যোগাযোগৰ ব্যৱহাৰিক মাধ্যমসমূহকে ধৰি সমস্ত প্ৰয়োগসমূহকো নিয়ন্ত্ৰণ কৰিব পাৰে।

ভিণ্ট ছাৰ্ফ আৰু ৰবাৰ্ট কান

ম.শ. : এই কামটোত জড়িত হৈ থকাৰ সময়ত আপোনাৰ মনলৈ আহিছিলনে যে ই পৰৱৰ্তী বিছ-ত্ৰিছ বছৰৰ ভিতৰত সকলো মানুহে ব্যৱহাৰ কৰিবপৰা এনে এটা গোলকীয় পৰিঘটনাৰ সূচনা কৰিব?

ভি.ছা. : মই নকওঁ যে প্ৰাৰম্ভিক কালছোৱাত আমি তেনে এক ভৱিষ্যতৰ ইংগিত পাইছিলোঁ। আমি ঘাইকৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ হৈহে কাম কৰিছিলোঁ। আমি জানিছিলোঁ যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কাম-কাজ কৰিবলগীয়া হয়। গতিকে তেওঁলোকৰ মানুহখিনিয়ে যিকোনো ঠাইলৈ যোৱাৰ, যিকোনো ঠাইৰ পৰা যোগাযোগ স্থাপন কৰাৰ সামৰ্থ্য থাকিব লাগিব আৰু য’লৈকে নাযাওক কিয়, তেওঁলোকৰ সা-সৰঞ্জাম আৰু প্ৰক্ৰিয়াবোৰে সঠিকধৰণে কাম কৰিব লাগিব। সেইবাবে আমি গোটেই চানেকিটো গোলকীয় পৰ্য্যায়ত কাম কৰিবপৰা ধৰণে প্ৰস্তুত কৰিছিলোঁ। তাৰোপৰি আমি গুৰুত্ব দিছিলোঁ যে আমাৰ নেটৱৰ্কবোৰৰ সামান্য অংশও  যাতে এখন বিশেষ দেশত সীমাৱদ্ধ হৈ নাথাকে। আমাৰ ব্যৱস্থাটো টেলিফোনৰ নিচিনা নাছিল যে প্ৰতিখন দেশৰে নিজা নিজা কোড বা তেনেকুৱা আন কিবা বস্তু থাকিব। আমি তেনেধৰণৰ সকলো সম্ভাৱনা আঁতৰাই ৰাখিছিলোঁ। আচলতে ১৯৮৮ চনৰ পূৰ্বে মোৰ মনলৈ অহাই নাছিল যে গোটেই ব্যৱস্থাটো সাধাৰণ মানুহৰ মাজলৈও সম্প্ৰসাৰণ কৰিব পৰাৰ সম্ভাৱনা এটা আছে। তাৰ পূৰ্বে সকলোধৰণৰ নেটৱৰ্ক ব্যৱস্থা গৱেষণা, শিক্ষা প্ৰতিষ্ঠান বা সামৰিক কাম-কাজৰ বাবেহে গঢ়ি তোলা হৈছিল আৰু ইয়াৰ ব্যৱহাৰো কেৱল তেওঁলোকেহে কৰিছিল। তদুপৰি এই গোটেইখিনি কাম চৰকাৰৰ পৃষ্ঠপোষকতাতহে কৰা হৈছিল। ১৯৮৮ নে ১৯৮৯ চনতহে আমি এই ব্যৱস্থাটো জনসাধাৰণে ব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা এটা দেখিছিলোঁ। ইয়াৰ পিছতে ১৯৮৯ চনত আমেৰিকাত তিনিটাকৈ বাণিজ্যিক ইণ্টাৰনেট সেৱা গঢ়ি উঠিল। ইয়াৰে এটাৰ নাম আছিল ইউ.ইউ.এন.ই.টি. (UUNET), এটা আছিল পি.এছ.আই.এন.ই.টি. (PSINET) আৰু ছান ডিয়েগো এলেকাত প্ৰচলিত আন এক সেৱাৰ নাম আছিল ছাৰ্ফনেট (SURFNET)। সেয়াই আছিল এই ব্যৱস্থাটোৰ বাণিজ্যিকীকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণি।

ইয়াৰ খুব কম সময়ৰ পিছতে ৱৰ্ল্ড ৱাইড ৱেবৰ জন্ম হ’ল। এইছেগতে ছাৰ্নত কৰ্মৰত ছাৰ টিম বাৰ্ণাৰ্ছ-লীক ধন্যবাদ জনাইছোঁ। তেওঁৰ প্ৰথম কামখিনি আচলতে মানুহৰ ইমান বেছি দৃষ্টিগোচৰ হোৱা নাছিল। কিন্তু ইউনিভাৰ্ছিটি অৱ্ ইলিনয়ছ(University of Illinois)ৰ চেম্পেইন-উৰ্বানাস্থিত নেছনেল চেণ্টাৰ ফৰ ছুপাৰকম্পিউটাৰৰ কেইজনমান লোকে ম’জেইক (Mosaic) নামৰ ব্ৰাউজাৰ এটা সাজি উলিয়ালে। এইটো আছিল একপ্ৰকাৰৰ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেছ[৩↓]। ইয়াৰ ফলশ্ৰুতিত ইণ্টাৰনেটে এখন ৰং-বিৰঙী আলোচনীৰ নিচিনা ৰূপ পালে আৰু ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ ল’লে। ফলস্বৰূপে তথ্যখিনি ছবি, ভিডিঅ’, শ্ৰব্যৰূপ, লিখিত বাৰ্তা বা আন বেলেগ যি ৰূপতেই নাথাকক কিয়, মানুহে সকলোধৰণৰ তথ্য বিনিময় কৰিব পৰা এক সহজ উপায়ৰ সৃষ্টি হ’ল। এই সকলোখিনি ১৯৯৩ চনৰ আশে-পাশে সম্ভৱপৰ হৈছিল। ঠিক ইয়াৰ পিছতে ১৯৯৫ চনত নেটস্কেপ কমিউনিকেশ্বনছ্ জনসাধাৰণৰ মাজলৈ আহিল। ইয়াৰ মূলধনে তেতিয়া একেবাৰে উচ্চ শিখৰ পাইছিল। আমিও তেতিয়া ডট বুম[৪↓] মুকলি কৰিছিলোঁ। গতিকে, ইণ্টাৰনেট যে এটা গোলকীয় পৰিঘটনা হ’বলৈ গৈ আছে, সেই উপলব্ধিটো মোৰ ১৯৮৮ চনতহে আহিছিল। এয়া মোৰ বোধেৰে মই সেই প্ৰকল্পটোত জড়িত হোৱাৰ ১৫ বছৰমান পিছৰ কথা।

ম.শ. : ইণ্টাৰনেটে আজিৰ দিনত যিধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে, তাক লৈ আপুনি সুখীনে?

ভি.ছা. : এটা মিশ্ৰিতধৰণৰ অনুভৱ হয়! প্ৰথম কথা, মই বিচাৰিছিলোঁ যে অধিকসংখ্যক লোকে ইণ্টাৰনেট ব্যৱহাৰৰ সুযোগ পাওক। হয়তো পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধা সংখ্যক মানুহে ইতিমধ্যে অনলাইন জগতখনত ভুমুকি মৰাৰ সুযোগ পাইছে। তাৰমানে এতিয়াও ৩৫০ কোটি মানুহে অনলাইনৰ সুবিধা পাবলৈ বাকী আছে। মই ভাবোঁ যে সামগ্ৰিকভাৱে ইণ্টাৰনেট, ৱৰ্ল্ড ৱাইড ৱেব আৰু ইয়াৰ বিভিন্ন প্ৰয়োগসমূহে দিয়া সা-সুবিধাসমূহ যথেষ্ট সন্তোষজনক। কাৰোবাৰ একাউণ্ট হেক কৰা, অনিষ্টকাৰী ছফ্টৱেৰ বিয়পি যোৱা আৰু তাৰ ফলস্বৰূপে ভালেমান সমস্যা সৃষ্টি হোৱাৰ নিচিনা নেটত ঘটা বহুতো বেয়া ঘটনাও আমাৰ দৃষ্টিগোচৰ হৈছে। কিন্তু ইও প্ৰযুক্তিৰ এক উল্লেখ্যনীয় উদাহৰণ যাক ধনাত্মক বা ঋণাত্মক দুয়োধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰো ঠিক একেটা বৈশিষ্ট্যই আছে যে ভাল-বেয়া দুয়োটা দিশ ইয়াৰ আন্তঃগাঁথনিৰ পৰা স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। একে সময়তে, ইণ্টাৰনেটত অধিক নিৰাপদ পৰিৱেশ এটা গঢ়ি তুলিবলৈ এতিয়াও যথেষ্টখিনি কাম কৰিবলগীয়া আছে যাতে সাধাৰণ মানুহখিনিয়ে নিশ্চিতমনে ইয়ালৈ অৰিহণা যোগাব পাৰে আৰু নিজৰ কামখিনি কৰিব পাৰে। বহুতো আন্তঃগাঁথনিও নতুনকৈ সাজিবলগীয়া আছে। বহল দৃষ্টিৰে চালে ক’ব পাৰি যে ইয়াৰ ধনাত্মক প্ৰভাৱখিনি বৈপ্লৱিক। যদি অৰ্থনৈতিক দিশৰ কথা কওঁ, আজিকালি অনলাইন বাণিজ্যই যথেষ্ট প্ৰভূত্ব বিস্তাৰ কৰিছে। ইয়াৰ পৰিমাণটো এতিয়া বছৰি ত্ৰিলিয়ন ডলাৰৰ হিচাপত হয়। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তথ্য পোৱাৰ সুবিধা হোৱাটো, বিশেষকৈ আজিৰ স্মাৰ্টফোনৰ যুগত এইটো খুবেই উল্লেখনীয় দিশ। য’তেই স্মাৰ্টফোন আছে তাতেই ইণ্টাৰনেটৰ সুবিধা পাব পাৰি, কাৰণ স্মাৰ্টফোনবোৰে ইণ্টাৰনেটৰ জগতখনত প্ৰৱেশৰ সুবিধা দিছে। তদুপৰি ইণ্টাৰনেটৰ তথ্যভাণ্ডাৰ আহৰণৰ সুবিধা থকাৰ ফলত স্মাৰ্টফোনবোৰৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। মুঠতে মই ভাবোঁ যে ইণ্টাৰনেটৰ জৰিয়তে সম্ভৱপৰ নতুন নতুন প্ৰয়োগক্ষেত্ৰ সন্ধান কৰিবলৈ আমাৰ এতিয়াও বাকী আছে। তদুপৰি ইয়াক অধিক নিৰাপদজনক আৰু প্ৰত্যেকৰে বাবে ব্যক্তিগত পৰিৱেশ এটা গঢ়ি তুলিবলৈও আমাৰ যথেষ্ট কৰণীয় আছে।

ম.শ. : আপুনিটো এটা গণিতৰ ডিগ্ৰিৰে শিক্ষাজীৱনৰ পাতনি মেলিছিল…

ভি.ছা. : সেইটো হয়। ১৯৬০ৰ দশকত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে এজন গণিতজ্ঞ হোৱাৰ মোৰ প্ৰৱল ইচ্ছা আছিল।

ম.শ. : পিছলৈ কম্পিউটাৰ বিজ্ঞানলৈ যাবলৈ আপুনি কৰপৰা প্ৰেৰণা পালে?

ভি.ছা. : আচলতে ষ্টেনফ’ৰ্ডলৈ যোৱাৰ পূৰ্বেই মই কম্পিউটিঙৰ সৈতে পৰিচিত হৈছিলোঁ। ১৯৬০ চনত ইউ.চি.এল.এ.ত থাকোতে মই, এতিয়া বিলুপ্ত হোৱা বেণ্ডিক্স জি-১৫ (Bendix G-15) নামৰ যন্ত্ৰটোৰ বাবে ছফ্টৱেৰ নিৰ্মাণ কৰিবলৈ লৈছিলোঁ। গতিকে মই ইতিমধ্যে কম্পিউটিঙৰ ক্ষেত্ৰখনৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈ পৰিছিলোঁ। সৌভাগ্যবশতঃ ১৯৬১ চনত মই ষ্টেনফ’ৰ্ডলৈ যোৱাৰ পৰত তেওঁলোকৰ কেম্পাছত কম্পিউটাৰ আছিলেই। তেওঁলোকে কেম্পাছলৈ সেই বি৫৫০০, ৫০০০ বা ৫৫০০ যন্ত্ৰকেইটা আনিছিল। তেওঁলোকৰ এটা পিপি১ সময়-বিনিময়[৫↓] ব্যৱস্থাও আছিল, যিটো জন মেককাৰ্থিয়ে এম.আই.টি.ৰ (MIT) পৰা আনিছিল। ষ্টেনফ’ৰ্ডত থাকোতে মোৰ সাধ্য অনুসৰি কম্পিউটাৰ বিজ্ঞানৰ যিমান বেছি পাৰি সিমান ক্লাছেই কৰিছিলোঁ। যেতিয়া গণিতৰ ডিগ্ৰিটো লাভ কৰিলোঁ, মই আই.বি.এম.ত কাম কৰিবলৈ ওলালোঁ আৰু লছ্ এঞ্জেলছৰ সময়-বিনিময় তথ্য-কেন্দ্ৰ এটাত কাম কৰি দুটা বছৰ কটালোঁ। তাত কুইকৰেম (QuickRAM) নামৰ এটা এপ্লিকেশ্বন আছিল য’ত দূৰৈৰ পৰা ফৰট্ৰান (FORTRAN) প্ৰগ্ৰেমিং কৰিব পাৰি। এনেদৰে গাণনিক ফলাফল পাবলৈ এটা সময়-বিনিময় যন্ত্ৰ চলাব পাৰি। আই.বি.এম.ত দুটা বছৰ কটোৱাৰ পিছতে মোৰ অনুভৱ হ’বলৈ লৈছিল যে প্ৰগ্ৰেমিঙৰ ব্যৱহাৰ কৰি থকাৰ সলনি কম্পিউটিং তত্ত্বৰ বিষয়ে বিশদভাৱে শিকিবলৈ মই পুনৰ শিক্ষানুষ্ঠানলৈ  উভতি যোৱাৰ প্ৰয়োজন। মই ইউ.চি.এল.এ.লৈ গ’লোঁ, কাৰণ পি.এইছ.ডি.ৰ কাৰণে মই কাম কৰি থকা ঠাইখনৰ পৰা তালৈ যোৱাটো মোৰ বাবে সুবিধাজনক আছিল। আৰু ইউ.চি.এল.এ.ত থাকোতেই মই আৰ্পানেট প্ৰকল্পটোৰ লগত জড়িত হৈ পৰিলোঁ। গতিকে মাত্ৰ পাঁচটামান বছৰৰ ভিতৰতে মই গণিতৰ পৰা কম্পিউটিং, কম্পিউটিঙৰ পৰা নেটৱৰ্কিঙলৈ আহিলোঁ আৰু শেষত গৈ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত ৰবাৰ্ট কান আৰু আন কেইজনমান লোকৰ সৈতে ইণ্টাৰনেটৰ প্ৰকল্পটোত জড়িত হৈ পৰিলোঁ।

ম.শ. : আৰ্পানেট প্ৰকল্পটো আপোনাৰ পি.এইছ.ডি. থেছিছৰ অংশ আছিল নেকি?

ভি.ছা. : নহয়। আচলতে আৰ্পানেটটো সম্পূৰ্ণ স্বতন্ত্ৰ প্ৰকল্প আছিল। মই পি.এইছ.ডি.ৰ গৱেষণা জেৰল্ড এষ্ট্ৰিনৰ তত্ত্বাৱধানত কৰিছিলোঁ। ইয়াৰ মূল বিষয় আছিল সমান্তৰাল প্ৰগ্ৰেমিঙৰ আৰ্হি প্ৰস্তুত কৰা; শ্ৰেণীৱদ্ধ প্ৰগ্ৰেমিং এটাক সমান্তৰাল প্ৰচেছৰ এটাৰ সহায়ত সমান্তৰাল ৰূপ দিয়াৰ চেষ্টা কৰা আৰু সমান্তৰাল প্ৰগ্ৰেমবোৰে যিহেতু একেটা মেম’ৰি অৱস্থান ব্যৱহাৰৰ চেষ্টা চলায়, গতিকে সিহঁতক এটাই আনটোৰ লগত সংঘৰ্ষ নকৰাকৈ কেনেকৈ চলাব পৰা যায় বা তেনে কৰাটো সম্ভৱপৰ হয় নে নহয় সেইটো নিৰ্ণয় কৰা। অৰ্থাৎ আমাৰ উদ্দেশ্য আছিল এই সমস্যাটো কেনেকৈ পৰিহাৰ কৰি চলিব পাৰি, বাছি উলিওৱা। গতিকে কি কি পৰিস্থিতিত এই প্ৰগ্ৰেমিংবোৰ সমান্তৰালভাৱে ব্যৱহাৰ কৰিব পাৰি, মূলতঃ সেইটো উলিয়াবলৈকে আমি প্ৰগ্ৰেমিঙৰ আচৰণবোৰ বিশ্লেষণ কৰিছিলোঁ।

ম.শ. : গুগলত থাকি আপুনি এই মুহূৰ্তত কোনকেইটা কামত মনোনিৱেশ কৰিছে?

ভি.ছা. : গুগলত মই এতিয়া উপাধ্যক্ষ আৰু মুখ্য ইণ্টাৰনেট ইভানজেলিষ্টৰ দায়িত্বত আছোঁ। গুগলৰ বিভাগীয় সূচী অনুসৰি মই গৱেষণা বিভাগটোৰ লগত জড়িত। ভ্ৰমণৰ নামত মই যথেষ্ট সময় ব্যয় কৰোঁ। ইণ্টাৰনেটৰ নীতি-নিয়ম সংক্ৰান্তীয় বিষয়বোৰতে মোৰ অধিকাংশ সময় খৰছ হয় কাৰণ ইয়াৰ লগত বিত্তীয়, আইনগত বা সামাজিক বিষয়কে ধৰি এনেকুৱা ভালেমান দিশ জড়িত হৈ আছে। ইণ্টাৰনেটে ভিন ভিন দিশত ইমানবোৰ বস্তু চুই গৈছে যে ইণ্টাৰনেটৰ পৰিচালনা, ইয়াৰ কুপ্ৰভাৱখিনিৰ পৰা মানুহক ৰক্ষা কৰা, ৱেৱৰ প্ৰচলন অধিক সুলভ কৰা, ইয়াৰ ব্যৱহাৰযোগ্যতা বঢ়োৱা আদি ভালেমান কামত মই জড়িত হ’বলগীয়া হৈছে। কিন্তু মই বস্তুবোৰৰ ইণ্টাৰনেট সংক্ৰান্তীয় দিশটোত মন দিবৰ বাবেও কিছু সময় খৰছ কৰিছোঁ; যিটো পিছলৈ বৈধতা, নিৰাপত্তা, আন্তঃপৰিচালনা আদি ক্ষেত্ৰবোৰত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।

আন এটা বিষয়ক লৈও মই যথেষ্ট আগ্ৰহী আৰু খুব চিন্তিত, যিটোক মই ডিজিটেল তমসা যুগ (Digital Dark Age) নাম দিছোঁ। ইয়াৰ মূল ভেটিটো হ’ল যে যিকোনো ধৰণৰ ডিজিটেল সামগ্ৰী পঢ়িবলৈ বা স্প্ৰেডছিট এখনৰ ৰূপত ইয়াৰ অন্তৰ্নিহিত অৰ্থ ব্যাখ্যা কৰিবলৈ এটা ছফ্টৱেৰৰ প্ৰয়োজন। অৰ্থাৎ ছফ্টৱেৰবোৰ ভালদৰে চলাব নোৱাৰিলে ডিজিটেল সামগ্ৰীবোৰ আজিৰ পৰা এশবছৰ পিছত মূল্যহীন হৈ পৰিব পাৰে। তুমি এতিয়া যিটো কাম কৰিছা, সেইটোৰ পিছলৈ হয়তো একো মূল্যই নাথাকিব কাৰণ তুমি প্ৰগ্ৰেমটো চলাব নোৱাৰিবও পাৰা। সেইবাবে মই ডিজিটেল বয়-বস্তুৰ সংৰক্ষণত যথেষ্ট গুৰুত্ব দিছোঁ যাতে যিটো ছফ্টৱেৰৰ সহায়ত প্ৰথমে বস্তুটো সাজি উলিওৱা হৈছিল সেইটো পিছলৈও চলি থাকে। এইক্ষেত্ৰত আমি এটা পূৰ্বস্বীকাৰ্য্য ধৰি লৈছোঁ যে নতুন ছফ্টৱেৰে পাঠোদ্ধাৰ কৰিব পৰাকৈ আমি পুৰণি ডিজিটেল তথ্যপাতিখিনি সলনি কৰিব নোৱাৰোঁ। কেৱল তুমি ইচ্ছা কৰিলে পুৰণি ছফ্টৱেৰ আৰু পুৰণি অপাৰেটিং চিষ্টেমটো চলাব পাৰিবা, বা প্ৰয়োজন হ’লে হাৰ্ডৱেৰৰো নকল প্ৰতিৰূপ সাজিব পাৰিবা। ম’বাইল ব্যৱহাৰ কৰি ফটো উঠা সকলো লোকেই অতি সোনকালে এই ডিজিটেল তমসা যুগ বোলা সমস্যাটোৰ সৈতে পৰিচিত হৈ উঠিব। কাৰণ এতিয়াৰ পৰা দহ-পোন্ধৰ বা বিশ বছৰ পিছত ফটোবোৰৰ এতিয়াৰ ফৰ্মেটটো অকামিলা হৈ পৰিব, যিহেতু কোনো লোকেই ফটো ছফ্টৱেৰবোৰত পশ্চাদৱৰ্তী সমৰ্থনযোগ্যতা ৰখাৰ কথা ভবা নাই। গতিকে তেনেধৰণৰ ভালেমান সমস্যাৰ লগত মই যথেষ্ট ঘনিষ্ঠভাৱে জড়িত হৈ আছোঁ।

ম.শ. : আপুনি ডিজিটেল তমসা যুগ বুলি যিটো কথা কলে, ময়ো ইয়াৰ সন্মুখীন হৈছোঁ কাৰণ মই  আই.পি.ই. নামৰ ছফ্টৱেৰ এটাত নক্সা আকিবলৈ লৈছিলোঁ আৰু পিছত ইয়াৰ নতুন ভাৰ্ছন এটা আনিলোঁ কিন্তু লগে লগে ই কাম নকৰা হ

ভি.ছা. : হয়, আমাৰ আটাইৰে তেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে। মোৰেই পুৰণি পাৱাৰ-পইণ্ট ফাইল কিছুমান আছে যিকেইটা নতুন পাৱাৰ-পইণ্ট ছফ্টৱেৰটোত নচলে। ইয়াৰ বাবে মই পোনেপোনে মাইক্ৰ’ছফ্টক দোষাৰোপ কৰিব নোখোজোঁ, পশ্চাদৱৰ্তী সমৰ্থনযোগ্যতা বৰ্তাই ৰখাটো ইমান সহজ নহয়। কিন্তু ই এটা কথাৰ ইংগিত বহন কৰে যে ডিজিটেল উপাদান এবিধ প্ৰস্তুত কৰোতে আমি মন-প্ৰাণ ঢালি যিমানখিনি কষ্ট কৰোঁ, ইয়াক উপযুক্ত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে সকলো কষ্ট অথলে যাব।

ম.শ. : এই সংৰক্ষণবোৰ কৰিবৰ বাবে আপোনালোকে কিবা নিৰ্দিষ্ট স্থান বাছি লৈছে নেকি?

ভি.ছা. : মোৰ কাৰ্য্যালয়বোৰ ৱাশ্বিংটন ডিচি এলেকাত অৱস্থিত; কিন্তু এই বিষয়টোত মই যিসকলৰ লগত কাম কৰোঁ, তেওঁলোক বিভিন্ন ঠাইৰ। এই সমস্যাটোত আগ্ৰহী বহু ঠাইৰ মানুহ আছে। আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট সংৰক্ষণ সংঘ (ইণ্টাৰনেছনেল ইণ্টাৰনেট প্ৰিজাৰ্ভেছন কনছৰ্টিয়াম) নামৰ এটা সংগঠন আছে যিটোৰ সদস্যসকল এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মিলিত হয়। আচলতে ইয়াৰ শেষৰ সভাখন আইচলেণ্ডত অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰি এই সমস্যাটোক লৈ চিন্তিত আন কেইবাশ মানুহ আছে। ব্ৰিউষ্টাৰ কালে নামৰ লোকজনে ছান ফ্ৰান্সিস্কোত অৱস্থিত ইণ্টাৰনেট আৰ্কাইভটো পৰিচালনা কৰে। এই বিষয়টোক লৈ তেওঁ খুবেই উদ্বিগ্ন। কাৰ্নেগি মেলনত থকা মহাদেৱ সত্যনাৰায়ণন নামৰ লোকজনে সকলো হাৰ্ডৱেৰৰ প্ৰতিৰূপ সাজি উলিয়াইছে যাতে আটাইবোৰ পুৰণি অপাৰেটিং চিষ্টেম আৰু এপ্লিকেশ্বন সফলতাৰে চলাব পৰা যায়। গতিকে তেওঁৰ পদ্ধতিটো ডিজিটেল তমসা যুগ সমস্যাটোৰ প্ৰতি এতিয়ালৈ একমাত্ৰ কাৰিকৰী সঁহাৰিৰূপে প্ৰতিপন্ন হৈছে। গ্ৰন্থাগাৰিকসকলো এই বিষয়টোক লৈ যথেষ্ট আগ্ৰহী। এনেদৰে আগ্ৰহী মানুহৰ সংখ্যা যথেষ্ট হৈছেগৈ।

মই নকওঁ যে এই গোটেইখিনি লোকেই সমস্যাটো সম্পৰ্কে সাধাৰণ আভাস পাইছে বা ইয়াৰ সমাধানসূত্ৰ বিচাৰিব পৰা পৰ্য্যায় এটাত উপনীত হৈছে। কাৰণ এইটো কেৱল এটা কাৰিকৰী সমস্যাই নহয়, ই তাতকৈ জটিল। সমস্যাটোৰ এটা ডাঙৰ কাৰিকৰী উপাংশহে আছে। ইয়াৰ এটা আইনগত দিশো আছে। যদি কোনো লোকে এপ্লিকেশ্বন ছফ্টৱেৰ, অপাৰেটিং চিষ্টেম বা আনকি নীতি-নিৰ্দেশনাৰ তালিকাখনো নিজৰ অধীনত ৰখাটো সম্ভৱপৰ হয়, তেনেক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয় যে আন কোনোবাই সেই অপাৰেটিং চিষ্টেমটো নকল কৰি চলাব বিচাৰিলে কেনেধৰণৰ অনুমতি লোৱাৰ প্ৰয়োজন হ’ব? আৰু তৃতীয় পক্ষবোৰক এইখিনি যোগান ধৰিব পৰা যাবনে যিয়ে ইয়াৰ নামত নিজাকৈ এটকাও খৰছ কৰা নাই? ইয়াৰ উপৰি এটা বিত্তীয় প্ৰশ্নও উদয় হয়। ডিজিটেল তথ্য-পাতিসমূহ সাঁচি ৰাখিবলৈ কেনেকৈ এখন প্ৰতিষ্ঠান স্থাপন কৰা যায় যাতে সেইখন শ শ বছৰ ধৰি বৰ্তি থাকে? শ শ বছৰ ধৰি বৰ্তি থকা প্ৰতিষ্ঠান খুব কমেই আছে। কেথলিক চাৰ্ছ কেইবাহাজাৰ বছৰ ধৰি বৰ্তি থকা অনুষ্ঠানত পৰে। সুৰা বা মদৰ ঘাটিবোৰ ইয়াৰ আন এক উদাহৰণ। এনে কিছুমান সুৰা প্ৰস্তুত কৰা ঠাই আছে, যিবোৰত যোৱা পাঁচশ বছৰধৰি সুৰা প্ৰস্তুত কৰি অহা হৈছে। অৱশ্যে মই সুৰা আৰু ডিজিটেল তথ্যপাতি সংৰক্ষণৰ মাজৰ সম্পৰ্কটো বিচাৰি পোৱা নাই। কিন্তু এনেদৰে দীৰ্ঘদিন ধৰি চলি অহা বাণিজ্যিক প্ৰথা এটাৰ পৰা নিশ্চয় আমি কিছু শিকিবলগীয়া আছে।

ম.শ. : আন এটা প্ৰসংগলৈ আহিছোঁ আমি আন্তঃগ্ৰহীয় ইণ্টাৰনেট সেৱাৰ (Inter Planetary internet service) বিষয়ে শুনিবলৈ পাইছোঁ এইবিষয়ে অলপ বহলাই জনাব নেকি?

ভি.ছা. : এইটোও আন এটা বাহিৰা প্ৰকল্প, গুগলৰ নহয়। প্ৰকল্পটো মই নাছাৰ (NASA) সহযোগত কৰিছোঁ। পাছাডেনাত অৱস্থিত জেট প্ৰপালছন লেবৰেটৰিত (Jet Propulsion Laboratory) এই প্ৰকল্পটো আৰম্ভ হৈছিল। ১৯৯৮ চনৰ পৰাই মই তাত এজন অতিথি বিজ্ঞানীৰূপে কৰ্মৰত, যদিও মই সোঁশৰীৰে বেছিদিন উপস্থিত থকা নাই। তাত থকা এটা গোটৰ সৈতে মিলি মই এই প্ৰকল্পটো আৰম্ভ কৰিছিলোঁ, যাৰ উদ্দেশ্য আছিল গোটেই সৌৰজগতত সঠিকভাৱে কাম কৰিবপৰা তথ্য পৰিবহণ আৰু বিনিময়ৰ এশ্ৰেণী নতুন সূত্ৰ প্ৰস্তুত কৰা। ইয়াকে কৰিবলৈ যাওঁতে গ্ৰহীয় ঘূৰ্ণনৰ ফলত সৃষ্টি হোৱা বিক্ষেপণ, কক্ষপথৰ কাৰ্য্যপ্ৰণালীৰ বাবে হোৱা পৰিৱৰ্তনশীল গতি আৰু পোহৰৰ বেগ যে ধ্ৰুৱক কিন্তু ইয়াৰ আপেক্ষিক গতি লেহেমীয়া— ইত্যাদি দিশবোৰ সামৰি লোৱা হৈছিল। তথ্য পৰিবহণৰ সেই সূত্ৰবোৰ ইতিমধ্যে পৰীক্ষা কৰি চোৱা হৈছে আৰু এতিয়া পৃথিৱী আৰু মংগলৰ মাজত, আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (International Space Station, ISS) সেই সূত্ৰবোৰ কৰ্মক্ষম হৈ আছে। গতিকে প্ৰকল্পটো বাস্তৱত সম্ভৱ কৰি তোলাৰ উপায় যে আমাৰ হাতত আছে, ই তাৰেই প্ৰমাণ। এই পদ্ধতিটো যথেষ্ট কামতো আহিছে কাৰণ যেতিয়া ৰ’ভাৰযান এখন নিজৰ কক্ষপথত থাকে; মংগল গ্ৰহৰ পৰা  আহৰণ কৰা অধিকাংশ তথ্য এই নতুন সূত্ৰবোৰৰ সহায়তে মজুত ৰখা হয় আৰু পিছত পৃথিৱীলৈ পঠোৱা হয়। বা আন কিছুমান ক্ষেত্ৰত আমি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰাও পৰীক্ষা-নিৰীক্ষা চলাই আছোঁ, তাৰ পৰাই পৃথিৱীপৃষ্ঠত থকা ছাৰ্ভাৰৰ সহায়ত পৃথিৱীত থকা ৰবটক নিয়ন্ত্ৰণ কৰা হৈছে। এই পৰীক্ষাটোৰ দ্বাৰা, মংগল গ্ৰহৰ চৌপাশে যদি মহাকাশচাৰীয়ে পৰিভ্ৰমণ কৰি থাকে আৰু তেওঁলোকে নিজৰ পৰিভ্ৰমণশীল মহাকাশ কেন্দ্ৰৰ পৰাই ৰ’ভাৰ নিয়ন্ত্ৰণ কৰিব ল’ব লগা হয়, তেনেস্থলত আমি কি ব্যৱস্থা ল’ব পাৰিম তাকেই বুজাৰ চেষ্টা কৰা হৈছে।

বিশেষ টি-ছাৰ্ট পৰিধান কৰি টীম বাৰ্ণাৰ্ছ-লী আৰু ভিণ্ট ছাৰ্ফ

ম.শ. : এনেধৰণৰ ব্যৱস্থাবোৰ কেতিয়ালৈ বহুল পৰিসৰত ব্যৱহাৰ কৰা যাব?

ভি.ছা. : এইটো এনেকুৱা বস্তু নহয় যে ইয়াক এটা সময়ত সম্পূৰ্ণকৈ গঢ়ি তুলিব পৰা যাব আৰু পিছত মানুহে পোনেপোনে ব্যৱহাৰ কৰিব পাৰিব। আমাৰ সাফল্যৰ অন্তৰালত থকা কথাটো হ’ল যে সৌৰজগতৰ যিকোনো অংশ অন্বেষণৰ বাবে যোৱা প্ৰতিটো অভিযানতেই কিবা নহয় কিবা এক প্ৰকাৰৰ মহাকাশযানৰ আৱশ্যক। কিছুমান ৰবটিক অভিযান আৰম্ভ কৰিবলৈ কেইবাবছৰৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে প্লুটোলৈ গৈ পাওঁতেই প্ৰায় ন-দহ বছৰ লাগে। কিন্তু সেই মহাকাশযানবোৰৰ নিৰ্দিষ্ট বৈজ্ঞানিক অনুসন্ধানখিনি সমাপ্ত হোৱাৰ লগে লগে নেটৱৰ্কৰ মূল গাঁথনিটোত ইয়াক এক সংযোগকাৰী হিচাপে পুনৰ্ব্যৱহাৰ কৰিব পাৰি। সেইবাবে আমি নতুন নতুন অভিযানবোৰ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰিছোঁ আৰু সিহঁতৰ মূল বৈজ্ঞানিক গৱেষণাখিনি সমাপ্তিৰ লগে লগে সেইবোৰক নেটৱৰ্কৰ গাঁথনিটোৰ লগত সংযোগী একো একোটা ঘাটি হিচাপে পুনৰ্ব্যৱহাৰ কৰাৰ কথা ভাবিছোঁ। গোটেই আৰ্হিটো এনেধৰণে প্ৰস্তুত কৰা হৈছে যে প্ৰয়োজন হ’লেই আমি নতুন ছফ্টৱেৰ সংযোজন কৰিব পাৰোঁ। এইটো যথেষ্ট স্মাৰ্ট ব্যৱস্থাৰূপে চিহ্নিত হ’ব কাৰণ কেতিয়াবা কেতিয়াবা নতুন কৰ্মপদ্ধতি যোগ কৰাৰ প্ৰয়োজন হয় আৰু আন কেতিয়াবা কিছুমান আসোঁৱাহ দূৰ কৰিবও লগা হয়। আচলতে তেনে ক্ষেত্ৰতহে আমি আন্তঃগ্ৰহীয় নেটৱৰ্ক ব্যৱস্থাৰ মূল গাঁথনিটো গঢ়াৰ কথা বা এটা সময়ত ইয়াক মুকলি কৰাৰ কথা ভাবিব পাৰিম।

ম.শ. : গতিকে এইটো খুব দীৰ্ঘম্যাদী প্ৰক্ৰিয়া?

ভি.ছা. : হয়, এইটো বহু দীঘলীয়া প্ৰক্ৰিয়া। ইয়াৰ অন্তিম পৰ্য্যায়টো মই দেখিবলৈ নাপাম বুলি নিশ্চিত। কিন্তু তেনেকৈয়ে ঠিক আছে বাৰু। শেষৰ পৰ্য্যায়টো দেখা নাপালেও মই দুখ নকৰোঁ।

টীম বাৰ্ণাৰ্ছ-লী আৰু ভিণ্ট ছাৰ্ফ

ম.শ. : ভাৰতবৰ্ষৰ লগত জড়িত কথালৈ আহিছোঁ আমি জানোঁ যে আপুনি আই.আই.আই.টি. হাইদৰাবাদৰ পৰিচালন সমিতিৰ লগত জড়িত হৈ আছে এই সম্পৰ্কীয় আপোনাৰ মতামত?

ভি.ছা. : ঠিকেই কৈছা। এতিয়া হয়তো পি. জে. নাৰায়ণন অনুষ্ঠানখনৰ পৰিচালক। পূৰ্বতে তেওঁ এ. চি. এম. ইণ্ডিয়া পৰিষদৰ অধ্যক্ষ হোৱাৰ সূত্ৰে মোৰ এজন ভাল বন্ধু। এ.চি.এম.ত তেওঁৰ উপস্থিতিয়ে আমাক যথেষ্টখিনি সহায় কৰিছিল আৰু আমাৰ কাম-কাজবোৰকো অধিক স্পষ্ট ৰূপ দিছিল। তেওঁৰ বিশ্ববিদ্যালয়ক লৈ মই যথেষ্ট আগ্ৰহী, বিশেষকৈ বিশ্ববিদ্যালয়খনক লৈ আমাৰ সম্পৰীক্ষণটো যিহেতু যথেষ্ট ডাঙৰ। প্ৰথম কথা, এইখন এখন ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় নহয়, ই কেৱল সেই ঠাইখনত গঢ় লৈ উঠা অনুষ্ঠানহে। দ্বিতীয়তে, বিশ্ববিদ্যালয়বোৰত সাধাৰণতে থকাৰ নিচিনাকৈ এইখনত কোনো বিভাগ নাই। ইয়াৰ অধীনত কেইখনমান মহাবিদ্যালয়হে আছে, যিবোৰৰ প্ৰতিখনেই একো একোটা বিশেষ প্ৰগ্ৰেমত মনোনিৱেশ কৰিছে। মই ভাবোঁ যে একবিংশ শতিকাত সেইটোৱেই অগ্ৰসৰ হোৱাৰ সঠিক উপায়, কাৰণ এটা সমস্যা সমাধানৰ বাবেই আজিকালি বহুদিশী পৰ্য্যৱেক্ষণৰ প্ৰয়োজন হয়। গতিকে বিশ্ববিদ্যালয়ৰ গাঁথনিত কি কি সম্ভৱ হ’ব পাৰে, তেওঁৰ সাফল্যই সেইটো বুজাত বহুখিনি সহায় কৰিব। সেইবাবেই তেওঁৰ প্ৰচেষ্টাটো কিমানদূৰ সফল হয়, সেয়া জানিবলৈ মই যথেষ্ট আগ্ৰহী।

ম.শ. : আপুনি প্ৰতিষ্ঠানখনলৈ গৈছেনে?

ভি.ছা. : ইমান সঘনাই যোৱা নহয়। বেছিভাগ সময়তে, আমি পৰিচালন সমিতিৰ মানুহখিনিয়ে টেলিফোনিক কনফাৰেনছ্ কলৰ জৰিয়তে মিলিত হওঁ আৰু তেনেকৈয়ে আলোচনা কৰোঁ। কিন্তু যেতিয়াই সম্ভৱ হয়, মই নিজে কেম্পাছত উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ।

ম.শ. : ভাৰতীয় শিক্ষাব্যৱস্থা আৰু আমেৰিকাৰ শিক্ষাব্যৱস্থাৰ মাজত আপুনি কিবা প্ৰভেদ লক্ষ্য কৰিছে নেকি?

ভি.ছা. : মই ভাৰতবৰ্ষৰ বহুকেইটা কেম্পাছলৈ গৈছোঁ। এই সম্পৰ্কে মোৰ দুটা কথা ক’বলগীয়া আছে। প্ৰথমেই ক’ব লাগিব, আমেৰিকালৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ যিসকলক মই লগ পাইছোঁ, তেওঁলোকৰ গুণগত মানদণ্ড অতি উচ্চপৰ্য্যায়ৰ। প্ৰৱাসী ভাৰতীয়সকলৰ উল্লেখনীয় সাফল্যবোৰতো দেখিছাই। বিশেষকৈ ছিলিকন ভেলীত ভাৰতীয়সকলৰ সাফল্য চমকপ্ৰদ। গুগল আৰু মাইক্ৰ’ছফ্টলৈয়ে মন কৰা, দুয়োটা প্ৰতিষ্ঠান দুজন প্ৰখৰ মেধাসম্পন্ন ভাৰতীয়ই পৰিচালনা কৰি আছে। গতিকে মই যিখিনি সিদ্ধান্তত উপনীত হৈছোঁ, এতিয়া সেয়া ক’ব বিচাৰিছোঁ। প্ৰথম কথাটো হ’ল, ভাৰতত যিখিনি সা-সুবিধা উপলব্ধ আছে, সেইফালৰপৰা আন সমকক্ষ দেশবোৰৰ তুলনাত এতিয়াও যথেষ্ট পিছপৰি আছে। ভাৰতবৰ্ষত আন্তঃগাঁথনিৰ উন্নয়ন এক ডাঙৰ প্ৰত্যাহ্বান। সেয়া লাগিলে নিৰৱচ্ছিন্ন আৰু নিৰ্ভৰযোগ্য বিদ্যুৎযোগানৰ ক্ষেত্ৰতে হওক বা ৰাস্তা-ঘাট নিৰ্মাণৰ ক্ষেত্ৰতে হওক। মই ভাবোঁ যে এনে হোৱাৰ বহুকেইটা কাৰণ আছে। কিন্তু ইণ্টাৰনেট প্ৰচলনৰ প্ৰসংগটোৱেহে কিয় বেছি প্ৰাধান্য পাইছে, মই বুজা নাই। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই ফাইবাৰ নেটৱৰ্কেৰে ২,৫০,০০০ খন গাঁৱক সাঙুৰি লোৱাৰ এক অভিলাষী আঁচনি লৈছে আৰু পিছলৈ ইয়াক আন ৩,৫০,০০০ খন গাঁৱলৈ সম্প্ৰসাৰিত কৰিব বিচাৰিছে। তাৰ বাবে এক পৰিকল্পিত আৰু সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। গোটেই আঁচনিখন যথেষ্ট ব্যয়বহুলো হ’ব। মুঠতে, ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ভাৰতত আন্তঃগাঁথনি আৰু সা-সুবিধাৰ উন্নয়ন কৰাটো অতি প্ৰয়োজনীয়।

দ্বিতীয় কথাটো হ’ল, অধিক সা-সুবিধা থকা ঠাই এখনলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকললৈ মন কৰিলে ইয়াকে ক’ব পাৰি যে ভাৰতৰ অতি মেধাৱী ছাত্ৰ-ছাত্ৰীখিনি পৃথিৱীৰ আন প্ৰান্তৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঠিক একেই মানদণ্ডৰ। ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় সা-সুবিধাখিনি  নাপালে তেওঁলোকে কিবা উল্লেখনীয় অগ্ৰগতি লাভ কৰাটো যথেষ্ট কষ্টকৰ। মোৰ অধীনত পঢ়া ভাৰতীয় ছাত্ৰ এজনে এপল, জেৰক্স পাৰ্ক আৰু এটা ভেঞ্চ’ৰ কেপিটেল কোম্পানীত যথেষ্ট সফল কেৰিয়াৰ পাৰ কৰিছিল। কাৰণ এই কোম্পানীবোৰত প্ৰয়োজনীয় আটাইখিনি সুবিধা আছিল। মোৰ মতে ভাৰতে ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক যিমান পাৰি সিমানখিনি সা-সুবিধাৰ যোগান ধৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল শেহতীয়া প্ৰযুক্তিবোৰৰো সঠিক ব্যৱহাৰসম্পৰ্কে পৰিচিত হয়। ইণ্টাৰনেটৰ বিস্তৰ প্ৰচলনো হয়তো এইক্ষেত্ৰত সহায়ক হ’ব কাৰণ যিবোৰ অঞ্চলত পোনপটীয়াকৈ শিক্ষা লাভৰ উপকৰণখিনি উপলব্ধ হোৱা নাই, তেনে ঠাইৰ পৰাও ইণ্টাৰনেটৰ জৰিয়তে জ্ঞানাৰ্জনৰ সুবিধা হৈছে। বিশ্ববিদ্যালয়বোৰৰ সংযোগ ঘটোৱা আৰ্পানেট গঢ়ি তোলাৰ আঁৰতো একেটা উদ্দেশ্যই আছিল। গতিকে সেই দিশতো উন্নয়নৰ ক্ষেত্ৰত অন্ততঃ ই এটা ক্ষুদ্ৰ পদক্ষেপ হ’ব।

ম.শ. : গুগল, মাইক্ৰছফ্ট বা ফেইছবুকৰ নিচিনা প্ৰযুক্তি কোম্পানীবোৰে এনেবোৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা লব পাৰে বুলি আপুনি ভাবেনে? উদাহৰণস্বৰূপে কিছুমান দেশত নেটৱৰ্ক ব্যৱস্থাটো অধিক দ্ৰুত কৰাৰ ক্ষেত্ৰত?

ভি.ছা. : গুগলৰ নিজা আৰু ইয়াৰ বিত্তীয় সাহায্যত চলা গৱেষণাসমূহক আমি যথেষ্ট গুৰুত্বসহকাৰে লওঁ। একেটা কথা মাইক্ৰ’ছফ্টৰ ক্ষেত্ৰতো ক’ব পাৰি। মই ফেচবুকৰ নিয়ম-কানুনখিনিৰ বিষয়ে সবিশেষ নাজানোঁ। মই ভাবোঁ যে আমাৰ উপস্থিতি, অৰ্থাৎ গুগলৰ উপস্থিতি হাইদৰাবাদ আৰু মাইছ’ৰৰ দৰে ঠাইত বৃদ্ধি পাব ধৰিছে। মাইক্ৰ’ছফটেও একেধৰণৰ কাম কৰি আছে। ভাৰতবৰ্ষৰ পৰা ওলাই অহা ভাল মানদণ্ডৰ ছাত্ৰ-ছাত্ৰীখিনিৰ পৰা আমি যথেষ্ট লাভান্বিত হৈছোঁ, কিন্তু মই তথাপি ভাবোঁ যে স্কুলীয়া দিনতে অধিক সা-সুবিধা পোৱা হ’লে তেওঁলোক এতিয়াতকৈ অধিক অভিজ্ঞ হৈ উঠিলহেঁতেন।

ম.শ. : আপুনি এইখিনি সময় দিয়া বাবে অশেষ ধন্যবাদ যাচিলোঁ

ভি.ছা. : আমি বাৰ্তালাপ কৰিবলৈ সুযোগ পোৱা বাবে ভাল লাগিল। মই দুঃখিত, ইয়াতকৈ বেছি সময় উলিয়াব নোৱাৰিলোঁ। আমি অৱশ্যে ভালেমান বিষয়ক লৈ কথা পাতিলোঁৱেই।

টোকা :

[১↑] পেকেট চুইটছিং (Packet switching) :- পেকেট চুইটছিং হ’ল ডিজিটেল নেটৱৰ্কৰ দ্বাৰা তথ্য পৰিবহণৰ এটা পদ্ধতি। এই পদ্ধতিটোত তথ্যখিনিক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ পেকেট বা গোটত ভাগ কৰি লোৱা হয় যাতে বিভিন্ন আহিলাৰ জৰিয়তে খুব খৰতকীয়াকৈ আৰু ফলপ্ৰসূভাৱে তথ্যখিনি লক্ষ্যস্থানলৈ প্ৰেৰণ কৰিব পাৰি। সৰু সৰু পেকেটত ভাগ কৰি লোৱাৰ ফলত নেটৱৰ্কটোৰ অন্তৰ্গত সকলো ব্যৱহাৰকাৰীয়ে তথ্যখিনি চাব পাৰে। ইণ্টাৰনেট চাৰ্ভিছ বা সেৱা যোগানকাৰী অধিকাংশ নেটৱৰ্কে তথ্য পৰিবহণৰ বাবে এই পেকেট চুইটছিং ধাৰণাটো ব্যৱহাৰ কৰে।

[২↑] মডেলিটি (modality) :- কম্পিউটাৰ আৰু মানুহৰ মাজত সংযোগ স্থাপন কৰিব পৰা প্ৰতিটো সুকীয়া উপায় বা পথক মডেলিটি বোলা হয়। মানুহে যিবোৰ পদ্ধতিৰে কম্পিউটাৰক পৰিচালনা কৰে বা নিৰ্দেশ দিয়ে, সেইবোৰ মানৱ-কম্পিউটাৰ মডেলিটিৰ অন্তৰ্গত। বিভিন্ন ইনপুট আহিলা যেনে— কিব’ৰ্ড, মাউছ, টাচ্ছস্ক্ৰীণ আদি ব্যৱস্থাবোৰ মানৱ-কম্পিউটাৰ মডেলিটিৰ উদাহৰণ। আনফালে, কম্পিউটাৰে মানুহক তথ্যৰ যোগান ধৰা উপায়বোৰ কম্পিউটাৰ-মানৱ মডেলিটিৰ অন্তৰ্ভুক্ত। ইয়াৰ উদাহৰণ— দেখা, শুনা আদি মানুহৰ ইন্দ্ৰিয়গ্ৰাহ্য গুণবোৰ (এই গুণকেইটাৰ আলম লৈয়ে কম্পিউটাৰৰ পৰ্দা, স্পিকাৰ, প্ৰিণ্টাৰ আদি বিভিন্ন আউটপুট আহিলাবোৰে মানুহক তথ্যৰ যোগান ধৰে)।

[৩↑] গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেছ (Graphical User Interface) :- কম্পিউটাৰ, স্মাৰ্টফোন আদিৰ দৰে বৈদ্যুতিক যন্ত্ৰবোৰ ব্যৱহাৰকাৰীয়ে কেৱল শব্দ-নিৰ্দেশৰ পৰিৱৰ্তে বিভিন্ন চিত্ৰ-সংকেতৰ সহায়ত পৰিচালনা কৰিব পৰা পদ্ধতি। ‘গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেছ’ ব্যৱহাৰৰ ফলত কম্পিউটাৰৰ বিভিন্ন প্ৰগ্ৰেম খুলিবৰ বাবে পৃথক পৃথক প্ৰগ্ৰেমিং লেংগুৱেজ মনত ৰখাৰ কঠিন সমস্যাটো দূৰ হৈছে। বিভিন্ন আইকন, চিত্ৰ-সংকেত বা চিহ্ন সম্বলিত মাইক্ৰ’ছ’ফট্ ৱিনড’জৰ মূল পৃষ্ঠাখন ‘গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেছ’ৰ চিনাকি উদাহৰণ। তাত থকা চিহ্ন, আইকন আদিত মাউছৰ সহায়ত ক্লিক্ কৰিয়েই বিভিন্ন প্ৰগ্ৰেমবোৰ চলাব পাৰি। একেদৰে স্মাৰ্টফোনত বিভিন্ন চিত্ৰ-সংকেতৰ সহায়ত থকা  ম্যেনু বা এপ্লিকেশ্বনৰ তালিকাখনো ‘গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেছ’ৰ আন এক উদাহৰণ।

[৪↑] ডট বুম (dot boom) :- কুৰি শতিকাৰ অন্তিমভাগত ইণ্টাৰনেটৰ উত্থানৰ লগে লগে ই বাণিজ্যক্ষেত্ৰখনকো প্ৰৱলভাৱে প্ৰভাৱান্বিত কৰিছিল। বিশেষকৈ ১৯৯৫ চনৰ পৰা ২০০০ চনমানলৈ বহুতো বিনিয়োগকাৰী আৰু বাণিজ্যিক কোম্পানীয়ে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ বাণিজ্য প্ৰসাৰৰ মন মেলিছিল আৰু সহজ লাভৰ আশাত অপৰিকল্পিতভাৱে যথেষ্ট মূলধন বিনিয়োগ কৰিছিল। সেই চাৰি-পাঁচটা বছৰত ব্যৱসায়ী-উদ্যোগীসকলে ইণ্টাৰনেটভিত্তিক বাণিজ্যৰ নামত কৰা মূলধন বিনিয়োগক ‘ডট কম বুম’ বা চমুকৈ ‘ডট বুম’ বুলি জনা যায়। (এই পৰিঘটনাটোক ‘ডট বুম’ বোলাৰ কাৰণটো হ’ল– তেতিয়া কোম্পানীবোৰে বাণিজ্য প্ৰসাৰৰ বাবে ইণ্টাৰনেটৰ ‘.com’ ডমেইনটো ব্যৱহাৰ কৰিছিল, যিটো আজিৰ দিনত সকলোৰে অতি চিনাকি)। ডট বুমক ‘ডট কম বাবল’, ‘ইণ্টাৰনেট বাবল’, ‘ইণ্টাৰনেট বুম’, ‘আই.টি. বুম’ আদি নামেৰেও জনা যায়। পিছত দেখা গ’ল যে ‘এমাজন’, ‘গুগল’ আদিৰ দৰে দুই এটা কোম্পানীক বাদ দি অধিকাংশ কোম্পানী সুচিন্তিত পৰিকল্পনা আৰু দূৰদৰ্শিতাৰ অভাৱত ইণ্টাৰনেটভিত্তিক বাণিজ্যক্ষেত্ৰখনত তিষ্ঠি থাকিব নোৱাৰিলে আৰু অভাৱনীয় লোকচানৰ সন্মুখীন হ’ল। ই-কমাৰ্ছৰ নামত বহু বাণিজ্যিক কোম্পানীৰ এই ছন্দপতনক “ডট ক্ৰাঞ্চ” (dot crunch) আখ্যা দিয়া হয়, যিটো “ডট বুম”ৰ ঠিক ওলোটা পৰিঘটনা।

[৫↑] সময় বিনিময় (time-sharing) :- এই প্ৰক্ৰিয়াটোৰ দ্বাৰা বেলেগ বেলেগ প্ৰান্তৰ পৰা বহুকেইজন মানুহে একেটা কম্পিউটাৰ নেটৱৰ্কত একে সময়তে কাম কৰিব পাৰে। সময়-বিনিময় ব্যৱস্থাৰ ফলত ব্যৱহাৰকাৰীক কম্পিউটিঙৰ সুবিধা আগবঢ়াবলৈ আৱশ্যক হোৱা ব্যয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যায়, কাৰণ এনেক্ষেত্ৰত প্ৰতিজন ব্যৱহাৰকাৰীক পৃথকে পৃথকে কম্পিউটিঙৰ আটাইখিনি সঁজুলি যোগান ধৰাৰ প্ৰয়োজন নহয়।

4 Comments
  • ঈশান
    Posted at 02:10h, 13 December Reply

    সাক্ষাৎকাৰটি পঢ়ি আপ্লুত হ’লোঁ। কি সুন্দৰ ভাবানুবাদ !! তথ্যগভীৰ আৰু মননশীল এই আলোচনাটি পঢ়ি কেতবোৰ চিনাকি শব্দৰ বিষয়ে বিতংকৈ জানিব পাৰিলোঁ। নিৰলস সাধনাৰে ইণ্টাৰনেটক বিশ্বৰ অগণন মানুহৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলা টীম বাৰ্ণাছ লী আৰু ভিণ্ট ছাৰ্ফক সময়ে সদায় মনত ৰাখিব। শেষত মঞ্জিল শইকীয়া আৰু প্ৰিয়াংকুশ ডেকাক আন্তৰিক ধন্যবাদ জনাইছোঁ-এই সুন্দৰ কামটোৰ বাবে।

    • প্ৰিয়াংকুশ
      Posted at 20:37h, 13 December Reply

      আপুনি ভাবানুবাদটো পঢ়ি ভালপোৱা জানি যথেষ্ট উৎসাহিত হৈছোঁ ☺তথাপি ইয়াৰ মূল কৃতিত্ব মঞ্জিল দালৈ যাব… 😄

  • জয়েছ
    Posted at 16:06h, 13 December Reply

    সাক্ষাৎকাৰটি পঢ়ি বাৰুকৈয়ে লাভাম্বিত হলো । সুন্দৰ ভাবানুবাদৰ উপৰিও সমূহ প্ৰশ্নই আছিল উন্নত মানদণ্ডৰ ।

    • প্ৰিয়াংকুশ
      Posted at 20:44h, 13 December Reply

      ধন্যবাদ ☺

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.