বিশ্ব পৰিৱেশ দিৱস : প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক

প্ৰতিবছৰে বিশ্বব্যাপী জনসচেতনতাৰ জৰিয়তে পৰিৱেশৰ ওপৰত এক সচেতনতা আনিবলৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা বৰ্তমানলৈকে প্ৰতিবছৰে ৫ জুনৰ দিনা এই দিৱস পালন কৰা হৈ আছে। একোটা উদ্দেশ্যৰে গোটেই বিশ্বই পৰিৱেশ সুৰক্ষাৰ লগত জড়িত শ্লোগান নিৰ্ধাৰিত কৰে। সেই একে ধাৰাৰে এইবেলিও বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে এক সময়োপযোগী উদ্দেশ্যক লক্ষ্য হিচাপে লৈ – “প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰক”। পৰিচালিত দেশৰ দায়িত্বত আছে আমাৰ ভাৰতবৰ্ষ৷ আমাৰ দেশৰ প্লাষ্টিকৰ ব্যৱহাৰৰ উচ্চ হাৰেই এই দায়িত্ব আকৰ্ষণ কৰিছে। সেয়ে, এই সুযোগতে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰাত ভাৰতবৰ্ষ এক নিদৰ্শন হিচাপে পৰিগণিত হোৱাৰ প্ৰয়োজন আছে।

আমাৰ দৈনন্দিন জীৱনৰ কার্যকলাপত এক অভাৱনীয় হাৰত প্লাষ্টিক ব্যৱহাৰ কৰি থকা হৈছে। বিকল্প ব্যৱস্থা আছে যদিও সহজতে কম মূল্যতে উপলব্ধ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ আমি আগ্ৰহী। এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া বিধৰ প্লাষ্টিকৰ বেগ বা আন সামগ্ৰীৰ ব্যৱহাৰেই বেছি ক্ষতি কৰিছে আমাৰ চৌপাশৰ পৰিৱেশ – বায়ু, পানী, মাটি। প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ পিছত য’তে ত’তে পেলাই দিয়া বাবেই সমস্যা সৃষ্টি হৈছে। প্লাষ্টিকৰ উপযুক্ত ব্যৱহাৰৰ অভাৱেই জনস্বাস্থ্যৰ ওপৰতো ভয়াবহতা আনিব পাৰে। খাদ্য বস্তু প্লাষ্টিকৰ বাচন বা বেগত ৰাখিলে প্লাষ্টিকৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য খাদ্যৰ লগত মিহলি হোৱাৰ সম্ভাৱনা থাকে। সেই খাদ্য গ্ৰহণ কৰিলে কেঞ্চাৰৰ দৰে ভয়াবহ ৰোগত আক্ৰান্ত হ’ব পাৰে। প্লাষ্টিকৰ বেগ বা আৱৰ্জনাই ভূমিস্থল প্ৰদূষিত কৰে। প্লাষ্টিক আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য বা ক্লৰিণ জাতীয় পদাৰ্থ ভূমিৰ লগত মিহলি হৈ যায় আৰু ক্ৰমান্বয়ে ভূমিস্থলতে পানীৰ লগত মিহলি হৈ যায়। ইয়াৰ অতিমাত্ৰা কাৰণবশত এদিন প্ৰমাণ হ’ব যে টেপৰ পানীতো বিষাক্ত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে। জলস্থলৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে দিনক দিনে প্লাষ্টিকৰ আৱৰ্জনা সাগৰ, নদী বা বিল আদিৰ পানীৰ লগত মিহলি হৈ আছে। জলস্থলত থকা জীৱই ইয়াৰ কুপ্ৰভাৱ ভুগিব লগা হৈছে। জলস্থলৰ জীৱই ভুলতে প্লাষ্টিকৰ আৱৰ্জনাৰ টুকুৰা খাদ্য হিচাপে গ্ৰহণ কৰিছে। এক কথাত ক’বলৈ হ’লে জীৱৰ খাদ্য-শৃংখলাত প্লাষ্টিক সোমাই আছে।

তথ্যভিত্তিক ব্যাখ্যাৰে উল্লেখ কৰিব লাগিব যে গোটেই বিশ্বত ১০ কোটি টন প্লাষ্টিকজাত সামগ্ৰী বছৰি ব্যৱহাৰ কৰা হয়। Municipal solid wasteৰ ভিতৰত প্লাষ্টিক হ’ল আয়তনত তৃতীয় বৃহৎ সংখ্যক। মোটামুটিকৈ, বিশ্বত বছৰি ১০,০০০ টন প্লাষ্টিকৰ অৱর্জনা সৃষ্টি হয়। ধাৰণা কৰা হৈছে, এই হাৰত প্লাষ্টিক ব্যৱহাৰৰ ফলত ২০৫০ চনত সাগৰ বা জলস্থল মাছতকৈ বেছি প্লাষ্টিকেৰে ভৰি পৰিব। প্লাষ্টিকৰ পৰা সৃষ্টি হোৱা সমস্যা অকল ইমানেই নহয়। চহৰ অঞ্চলৰ জাবৰ নিষ্কাশন পদ্ধতিৰ অকৃতকাৰ্যতাৰ আন এটা কাৰণ হ’ল – জাবৰৰ লগত মিশ্ৰিত ৰূপত থকা প্লাষ্টিক। যাৰ ফলত জাবৰ পোচন প্রক্রিয়াৰ বাবে ভূমি পূৰণ (land fill) কৰিব নোৱাৰি। প্লাষ্টিক মাটিত পুতিলে ভূমিস্থলৰ পানী পৰিবাহিত হোৱাত বাধা সৃষ্টি হয়। চহৰ অঞ্চলত প্লাষ্টিক নলাত পেলোৱা বাবে এজাক বৰষুণেই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। প্লাষ্টিক জ্বলাই দিলে বিষাক্ত গেছ নিৰ্গিত হয়, যিয়ে আমাৰ বায়ুমণ্ডল প্ৰদূষিত কৰে৷

প্লাষ্টিকৰ ওপৰত চলিত বিধি “plastic waste management rules, 2016“ৰ নিয়মাৱলী মানি চলিব লাগিব। এই নিয়মাৱলী মতে 50 micron thicknessৰ তলত থকা সকলো প্লাষ্টিকৰ বেগ অবৈধ। নাম বা লেবেল বিহীন সকলো প্লাষ্টিকৰ বেগেই অবৈধ আৰু যিকোনো দোকান বা ডীলাৰে এনেধৰণৰ বেগত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। পাণ-মচলা, গোটকা আদি প্লাষ্টিকৰ সৰু পেকেটত বিক্রী কৰিব নোৱাৰে। খাদ্য জাতীয় সামগ্ৰী বিক্ৰীৰ বাবে virgin প্লাষ্টিকৰ বেগহে ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ বেগত চৰকাৰী নিয়ম মতে নিৰ্ধাৰিত নিৰ্দিষ্ট কেইবিধমান ৰংহে থকাটো বাঞ্চনীয়। অবৈধভাৱে গোপন স্থানত প্লাষ্টিকৰ বেগ নিৰ্মাণ কৰা দৃষ্টিগোচৰ হ’লে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগে। কৰ্তৃপক্ষই তেনে কাৰ্যকলাপ বন্ধ কৰিব লাগে। কোনেও যাতে প্লাষ্টিক জ্বলাই নিদিয়ে তাৰ বাবে গাঁও পঞ্চায়ত বা পৌৰসভাই দৃষ্টি ৰাখিব লাগে। এই বিধি ভংগ কৰিলে উপযুক্ত আইনগত শাস্তি দিয়াৰ ব্যৱস্থাও আছে৷

প্লাষ্টিকৰ এই ভয়াবহতাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি এক সহজ “4R” নীতি পালন কৰিব লাগিব৷ 4R নীতি হ’ল – Refuse, Reduce, Reuse আৰু Recycle.

প্ৰথমতে, প্লাষ্টিকৰ ব্যৱহাৰ কৰাটো একেবাৰে ত্যাগ (Refuse) কৰক৷

বাধ্যতামূলক কাৰণৰ ক্ষেত্ৰত ত্যাগ কৰিব নোৱাৰিলে ব্যৱহাৰ কমাই (reduce) দিয়ক।

তাৰোপৰি পুনঃব্যৱহাৰ (Reuse) হোৱা প্লাষ্টিক সামগ্ৰীবোৰ ইয়াৰ জীৱনকাল সম্পূৰ্ণ হোৱালৈকে ব্যৱহাৰ কৰক।

অৱশেষত, ব্যৱহাৰৰ পিছত ইয়াৰ উপাদানৰ দ্বাৰা (Recycle) পুনঃনিৰ্মিত সামগ্ৰীৰ কাৰণে ব্যৱস্থা লোৱা যাওক।

প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত হ’বলৈ দৃঢ় প্ৰতিজ্ঞা লোৱা যাওক, দেখিব যে প্লাষ্টিকৰ বিকল্প সন্মুখত নিজেই ধৰা দিব৷ শেষত, বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে বিশ্বৰ লগতে একেলগে এক শ্লোগান দিওঁ – “Beat Plastic Waste”!

 

#BeatPlasticPollution

2 Comments
  • গায়ত্ৰী গোস্বামী
    Posted at 05:28h, 12 June Reply

    প্ৰয়োজনীয় লেখা । পঢ়ি উপকৃত হৈছো

  • Akshay lagachu
    Posted at 20:57h, 14 November Reply

    হয় গোটেই বিশ্বজুৰি এই নিয়ম পালন কৰা উচিত।

Post A Comment