ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় R : শেহতীয়া গ্ৰন্থপঞ্জী

R-1 লক্ষ্যবছৰ ১৯৬৭ :

ইয়াত কোনো সন্দেহ নাই যে ১৯৪০ চনৰ পিছত আৰু বহুত প্ৰবন্ধ ওলালহেঁতেন। ৰংগনাথনে আশা কৰা মতে শেষৰ পাঁচ বছৰ ৰামানুজনৰ নোটবুককেইটাৰ ফটোক’পি কেইটাৰ জড়িয়তে বহুত প্ৰবন্ধই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ উদ্দীপিত কৰিলেহেঁতেন। গ্ৰন্থতালিকাৰ উপযুক্ত কাল হৈছে ১৯৬৭ চনৰ ২২ ডিচেম্বৰ। কাৰণ ই ৰামানুজনৰ ৪০ বছৰ পূৰ হোৱাৰ বছৰটো চিহ্নিত কৰিছে।

R-2 এজেন্সী :

এনে এখন তালিকাৰ বাবে এনেকুৱা অভিকৰণ এজেণ্সী হ’ব লাগে। কোনোৱে ভাবিব পাৰে তিনিটা অভিকৰণৰ এটা মাদ্ৰাজ বিশ্ববিদ্যালয়, য’ত তেওঁ আছিল আৰু তৃতীয়টো হ’ল কেম্ব্ৰিজ বিশ্ববিদ্যালয়, যি তেওঁক গ্ৰহণ কৰিছিল ১৯১৪ চনত। ৰংগনাথনে এনেদৰে কয় যে, মোলৈ ই বস্তুৰ উপযুক্ততাৰ খাতিৰত এই গ্ৰন্থপঞ্জী এক ভাৰতীয় এজেণ্সীয়ে প্ৰস্তুত কৰা উচিত। কাৰণ ৰামানুজনৰ দিনত যেনে আছিল তাতকৈ আজিৰ ভাৰতত পৰিৱেশ সম্পূৰ্ণ সলনি হৈছে। ভাৰত এতিয়া এখন স্বাধীন দেশ, এতিয়া ইয়াত ভালে সংখ্যক গণিতজ্ঞ আছে। এতিয়া এক বুজন সংখ্যক সক্ষম ডুকুমেণ্টেলিষ্টো আছে। স্বাধীন ভাৰতত এজন বিদেশৰ এজেণ্সীক এই কাম কৰিবলৈ দিয়াটো অপাত্ৰ হ’ব। তাৰোপৰি কাৰ্যতঃ সকলো মূল্যৱান গণিতীয় অৱদান থকা পিৰিয়ডিকেলবোৰ এতিয়া ভাৰতত সুলভ। ১৯২৬ চনৰ পিছৰ পৰা সঁচাকৈ, মাদ্ৰাজ বিশ্ববিদ্যালয় লাইব্ৰেৰী, কিতাপ আৰু পিৰিয়ডিকেল সংগ্ৰহৰ ফালৰ পৰা ই নিজেই অতি উন্নত পৰ্যায়ৰ।

R-3 এটা পৰামৰ্শ :

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ এটা লাইব্ৰেৰী চায়েন্স বিভাগ আছে। ইয়াত ৰামানুজন ইনষ্টিটিউটেও ঠাই পাইছে। তাৰোপৰি ইয়াত গণিতৰো এটা বিভাগ আছে। মাদ্ৰাজ বিশ্ববিদ্যালয়ত সোমাই থকা এই তিনিটা অনুষ্ঠানেই যুটীয়াভাবে ৰামানুজনৰ গ্ৰন্থপঞ্জী প্ৰস্তুত কৰা কামৰ দায়িত্ব ল’ব পাৰে। দুই গাণিতিক অনুষ্ঠানে এটা পুংখানুপুংখ অনুসন্ধান কৰিব পাৰে। ৰামানুজনৰ সকলোধৰণৰ প্ৰসংগৰ বাবে পিৰিয়ডিকেল আৰু কিতাপৰ ক্ষেত্ৰত, তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এক চমু ইংগিতপূৰ্ণ সাৰাংশ যোগান ধৰিব পাৰে। এই কামত এই দুই অনুষ্ঠানে ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিৰ সহায় বিচাৰিব পাৰে। কামখিনি সাজু কৰিব পাৰে সমবায় ভেটিত। লাইব্ৰেৰী চায়েন্সৰ বিভাগটোৰ, ৰেকৰ্ডিঙৰ বাবে, প্ৰতিটো বাছি লোৱা আইটেমৰ বাবে, এটা মান নিৰূপিত কৰিব পৰা যায় যথা আকাৰৰ বেলেগ বেলেগ শ্লিপত। বিচাৰিবলগীয়া আয়োজনক ডকুমেণ্টখিনি বিভিন্ন গণিতজ্ঞৰ মাজত ভাগাব পৰা যায়। এইবোৰৰ ক্ষেত্ৰত অৱশ্যে, এই মানটোৱে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইনষ্টিটিউটৰ নিৰ্দিষ্টকৰণৰে এটা এন্ট্ৰিৰ বিভিন্ন অনুচ্ছেদ যেনে শিৰোনাম, শীৰ্ষ অনুচ্ছেদ, টোকা-অনুচ্ছেদ, আয়োজন শাখা, আৰু সাৰাংশৰ সামঞ্জস্য ৰাখিব। এখন কিতাপৰ ক্ষেত্ৰত, বৰ্ণানাত্মক টীকা সাৰাংশই ঠাই দিব। তেতিয়া সকলো সংগ্ৰহিত শ্লিপ, লাইব্ৰেৰী চায়েন্স বিভাগে লৈ সেইবোৰক শ্ৰেণী বিভাজন কৰিব পাৰে, শিৰোনাম সজাব পাৰে, প্ৰয়োজন যোগাব পাৰে। সেইবোৰক শ্ৰেণী বিভাজন কৰা, সেইবোৰ সজোৱা, ফিচাৰ হেডিঙেৰে আৰু প্ৰয়োজনীয় এলফাবেটিকেল, ক্ৰন’লজিকেল আৰু অন্যান্য ধৰণৰ ইণ্ডেক্স এন্ত্ৰিৰে। শ্ৰেণীবিভাজন প্ৰয়োজন হ’ব, ইতিমধ্যে থকা আৱশ্যকীয় ছিডিউলৰ সূতীক্ষ্ণকৰণৰ। প্ৰকৃততে ইয়াত প্ৰয়োজন হ’ব, গণিতৰ এক গভীৰ শ্ৰেণীবিভাজনৰ। এতিয়ালৈকে যিখিনি ডিজাইন কৰা হৈছে তাতকৈ অধিক দুৰ্লংঘ্য এয়া। এই কৰ্মত, বাংগালোৰৰ এটা সৰ্বভাৰতীয় অনুষ্ঠান ডকুমেন্টেচন ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰৰ স’তে লগ হৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী চায়েন্স বিভাগে ভালকৈ কৰিব।

R-4 প্ৰকাশন :

যদি এই কাম সম্পূৰ্ণভাৱে অৱৈতনিক হিচাপত কৰিব লগা হয়, অনুসন্ধান আৰু ফল হিচাপে পোৱা শ্লিপবোৰৰ সমাপন ক্ৰিয়াটোৱে বোধকৰোঁ প্ৰায় চাৰি বছৰ সময় লয়। যি কি নহওক, মাদ্ৰাজ বিশ্ববিদ্যালয়ে এই সময় দুই ধৰণে কমাব পাৰে। মেটেৰিয়েল অনুসন্ধানৰ কামখিনি আৰু সাৰাংশকৰণ কামখিনি গণিত বিভাগৰ এজন গৱেষণাৰ ছাত্ৰক অৰ্পণ কৰিব পাৰে। তেনেদৰে শ্লিপ প্ৰস্তুত কৰাত আৰু প্ৰেছ কপিটো প্ৰস্তুত কৰাত কাম কৰি যাবলৈ বুলি লাইব্ৰেৰী চায়েন্সৰ গৱেষণা ছাত্ৰক নিযুক্তি দিব পাৰে। প্ৰয়োজনীয় গভীৰতাৰে ডিজাইন কৰা শ্ৰেণীবিভাজন পাবলৈ বুলি এইজন গৱেষক ছাত্ৰক কাম কৰাবলৈ বাংগালোৰৰ ডকুমেন্টেচন ৰিচাৰ্ছ আৰু ট্ৰেইনিং চেণ্টাৰ আংশিকভাৱে কামত অহা হ’ব পাৰে। এই প্ৰস্তুতিত অনুসন্ধানটো সম্পূৰ্ণ কৰিব পাৰি এবছৰত। এনেদৰে, শ্লিপবোৰৰ অনুষ্ঠানটো আৰু প্ৰেছ ক’পিটো প্ৰস্তুতকৰণ সম্পূৰ্ণ কৰিব পাৰি অইন এবছৰত। এই এবছৰীয়া দুটা কাল কিছু পৰিমাণে এটাক আনটোলৈ লৈ গৈ চমু কৰিব পাৰি। ছপা আৰু প্ৰকাশ কৰা কামটোৱে এবছৰ সময় ল’ব পাৰে। এনেদৰে, সম্পূৰ্ণ গ্ৰন্থপঞ্জীখন প্ৰায় ১৯৭০ চন মানে প্ৰকাশ কৰি উলিয়াব পাৰি।

R-5 ভৱিষ্যত :

যদি বৰ্তমানৰ ভাৰতীয় গণিতজ্ঞৰ প্ৰজন্ম আৰু ডকুমণ্টেলিষ্টে যুগটোৰ বাবে চিহ্নিত কৰা ৰামানুজনৰ ৮০তম বছৰীয়া দিনত এই কামখিনি কৰে, তেনেহ’লে তাত এক নিশ্চিত সম্ভাৱনা নিহিত হৈ ৰ’ব যে, এই কামখিনি চলাই পিছৰ প্ৰজন্মই লৈ যাব। অতি কম কষ্টেৰে আৰু অতি নিখুঁট সঠিকতাৰে এক শেহতীয়া গ্ৰন্থপঞ্জী প্ৰকাশ কৰি উলিওৱা হ’ব। কাৰণ শতিকাজোৰা গ্ৰন্থপঞ্জীখন উলিওৱা হ’ব ১৯৮৭ ৰ শেহৰ ফালে। ইয়েই শতিকা-গ্ৰন্থপঞ্জীখনৰ সঠিকতাখিনি মহৎ কৰি তুলিব। কাৰণ ২৫ বছৰ পিছত কিছুমান আগৰ বস্তু বিচাৰিবলৈ কঠিন হোৱাটোৱেই সম্ভৱ। এয়া এক কৃতজ্ঞতা ভৰা সংঘটন যে, আমাৰ দেশে আমাৰ মহান লোকসকলক মনত ৰাখিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ শতবাৰ্ষিকী উদযাপনৰ যো-জা কৰিছে। এয়া আমাৰ দেশৰ আজিৰ এক নৱজাগৰণৰ ইংগিত। আমাৰ ভৱিষ্যতৰ প্ৰজন্মক তেওঁলোকৰ পৰম্পৰাৰ প্ৰাচুৰ্যতা জানিবলৈ সক্ষম কৰিবলৈ বুলি এনেধৰণৰ কামৰ প্ৰয়োজন আছে। এনে এক জ্ঞানে তেওঁলোকক উদজীৱিত কৰিব আৰু তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ যাত্ৰা আগফালে ত্বৰাম্বিত কৰিব।

 

মূল : এছ. ৰংগনাথন

অনুবাদ : খনীন চৌধুৰী

[ad#ad-2]

 

No Comments

Post A Comment