ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় S : জীৱনভিত্তিক তথ্য

২২ ডিচেম্বৰ, ১৮৮৭ : এৰোদত জন্ম তেওঁৰ মোমায়েকৰ ফালৰ ককাদেউতাকৰ ঘৰত। তেওঁ এৰোদৰ জিলা মুঞ্চিফৰ কৰ্টত আমিন আছিল।

দেউতাক — শ্ৰীনিবাস আয়েংগাৰ

মাক — কোমালাম্মাল

আইতাক — ৰাংগাম্মাল

দেহৰ গঠনৰ ফালৰ পৰা ৰামানুজন আছিল বহু পৰিমাণে তেওঁৰ মাক আৰু আইতাকৰ দৰে।

ঘৈণী — জানকী, জন্ম ১৯০১

১৮৮৮ ৰ পৰা ১৯১৪ লৈ তেওঁ তেওঁৰে ঘৰ-চহৰ কুম্বাকোনমৰ চাৰংগপানী ষ্ট্ৰীটত বাস কৰিছিল। তাত তেওঁৰে মাক-দেউতাক বাস কৰিছিল। তেওঁৰ দেউতাক আছিল এজন কাপোৰৰ দোকানীৰ দোকানত কেৰাণী।

১৮৯৯ : অকালপক্কতাৰ প্ৰথম নিদৰ্শন।

১৯০৩ : কাৰ’অৰ ‘ছিন’পছিছ’ পঢ়ে।

ডিচেম্বৰ ১৯০৩ : মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্যন পাছ কৰে, প্ৰথম শ্ৰেণীত।

১৯০৪ : এফ.এ. শ্ৰেণীৰ প্ৰথম বাৰ্ষিক শ্ৰেণীত, কুমাবাকোনমৰ চৰকাৰী কলেজত সুব্ৰামন্যন স্কলাৰশ্বিপ।

১৯০৫ : অধ্যয়নৰ যতি পৰে আৰু কিছুদিন বাংগালোৰত কটায়।

১৯০৬ : পাচ্চায়াপ্পা কলেজত অধ্যনৰ পুনৰাম্ভ, জৰ্জ-টাউনৰ ফ্ৰুইট বজাৰৰ এটা লেইনৰ এটা ঘৰত আইতাকৰ স’তে বাস কৰিবলৈ লয়। বেমাৰত পৰে। পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে।

১৯০৭-১৯০৮ : প্ৰধানকৈ কুম্বাকোনমত থাকিবলৈ লয়।

১৯০৭ : এফ.এ.ত অৱতীৰ্ণ হয়, পিছে ফেইল কৰে।

১৯০৯ : জানকীক বিয়া কৰায়। মাদ্ৰাজত থাকিবলৈ লয়, কিন্তু বেমাৰত পৰে, কুম্বাকোনমলৈ ফিৰি যায়। কিডনী সমস্যাৰ বাবে অপাৰেশ্বন কৰিব লগা হয়।

১৯১০, এপ্ৰিল – ১৯১২ : ট্ৰিপ্লিকেইনৰ ছামি পিল্লাই ষ্ট্ৰীটৰ ছামাৰ হাউছত থাকে।

১৯১০-১৯১১ : ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিৰ প্ৰতিষ্ঠাপক ভি. ৰামস্বামী আয়াৰ আৰু ইণ্ডিয়ান মেছেমেটিকেল চ’ছাইটিৰ প্ৰেছিডেণ্ট আৰ. ৰামচন্দ্ৰৰাওক লগ ধৰে আৰু তেওঁৰ নোটবুক দেখুৱায় আৰু এটা কেৰাণীৰ পদৰ বাবে অনুৰোধ কৰে।

১৯১১ : ৰামচন্দ্ৰ ৰাওৱে কিছুমাহৰ বাবে সহায় কৰে।

১৯১২ চনৰ মাৰ্চৰ পৰা ১৯১৩ চনৰ ৩০ এপ্ৰিললৈ মাদ্ৰাজ পৰ্টট্ৰাষ্টৰ একাউণ্ট বিভাগত কেৰাণী। প্ৰথমতে জৰ্জ টাউনৰ মুডালি ষ্ট্ৰীটৰ শৈভ মুথিয়াহত থাকিবলৈ লয় আৰু পিছত ট্ৰিপ্লিকেনৰ হনুমন্থাৰায়ন কোইল ষ্ট্ৰীটত থাকিবলৈ লয়।

১ মে’, ১৯১৩ ৰ পৰা ১৬ মাৰ্চ, ১৯১৪ লৈ গৱেষণা বৃত্তি পায়। প্ৰথমতে হনুমন্থাৰায়ন কোইল ষ্ট্ৰীটত থাকে আৰু পাছত মাদ্ৰাজৰ ট্ৰপ্লিকিনৰ থপে ভেংকটাচ্চালা মুডালি ষ্ট্ৰীটত থাকে।

১৬ জানুৱাৰী, ১৯১৩ : জি. এইচ. হাৰ্ডিলৈ প্ৰথম চিঠি লিখে।

৮ ফেব্ৰুৱাৰী ১৯১৩ ৰ পৰা জানুৱাৰী, ১৯১৪ লৈ ৰামানুজনক কেম্ব্ৰিজলৈ আনিবলৈ বুলি জি. এইচ. হাৰ্ডিৰ প্ৰচেষ্টা।

১৯১৪ ৰ মাৰ্চৰ আদিভাগ : মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সাগৰ-সিপাৰ বৃত্তি লাভ।

১৭ মাৰ্চ, ১৯১৪ : মাদ্ৰাজৰ পৰা লণ্ডনলৈ বুলি সাগৰ যাত্ৰা।

১৯১৬ : কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় বি.এ. ডিগ্ৰী লাভ।

১৯১৮-১৯২০ : যক্ষ্মা ৰোগত আক্ৰান্ত।

১৯১৮ : ফেল’ অব ৰয়েল চ’ছাইটি নিৰ্বাচিত আৰু ট্ৰিনিটি কলেজৰ ফলশ্বিপ প্ৰদান, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ বৃত্তি আৰু পাঁচ বছৰলৈ বৃদ্ধি।

১১ জানুৱাৰী, ১৯১৯ মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ বুলি শেষ চিঠিখন লিখা হয়।

২৭ মাৰ্চ, ১৯১৯ : বোম্বে আহি পায়।

২ এপ্ৰিল, ১৯১৯ : মাদ্ৰাজ পায়।

১২ জানুৱাৰী, ১৯২০ : হাৰ্ডিলৈ শেষ চিঠিখন লিখে।

২৬ এপ্ৰিল, ১৯২০ : মাদ্ৰাজৰ চ্চেটপেটত মৃত্যু হয়।

 

 

মূল : এছ. ৰংগনাথন

অনুবাদ : খনীন চৌধুৰী

[ad#ad-2]

Srinivasa Ramanujan's signature     Entrance Door of Ramanujan's House in Triplicane -And- Inscription on Memorial Tablet over the Entrance

Mrs Ramanujan -And- Rammanujan Commemoration Stamp

Copy of Ramanujan's letter to the Register, University of Madras (The letter was written in G. H. Hardy's hand) -1

Copy of Ramanujan's letter to the Register, University of Madras (The letter was written in G. H. Hardy's hand) -2

Copy of Ramanujan's letter to the Register, University of Madras (The letter was written in G. H. Hardy's hand) -3

[ad#ad-2]

 

No Comments

Post A Comment