বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা – ঈশান জ্যোতি বৰা : (১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

গুড উইল হাণ্টিং

বিশ্বখ্যাত মাছাচুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন গণিতৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তা জুখি চোৱাৰ উদ্দেশ্যে এটা জটিল অংক শ্ৰেণীকোঠাৰ বাহিৰৰ ব’ৰ্ডখনত লিখি থৈ আহে৷ প্ৰশ্নটো লিখি থৈ অহাৰ কেইটামান ঘণ্টাৰ পাছতেই অংকটোৰ শুদ্ধ সমাধান বৰ্ডত দৃষ্টিগোচৰ হ’ল৷ অংকৰ প্ৰফেছাৰ গেৰাল্ড লেম্বুউৰ চকু কপালত৷ ইমান জটিল অংকটোৰ সমাধান ইমান নিখুঁটভাৱে কৰিলে কোনে! সহযোগী শিক্ষক আৰু অন্যান্য শিক্ষাৰ্থীসকলৰ হাতত ইয়াৰ উত্তৰ নাই৷ সেয়ে ‘জিনিয়াছ’ৰ সন্ধান বিচাৰি প্ৰফেছাৰ গেৰাল্ডে ‘মেট্ৰিক্স’ৰ এটা জটিল অংক ব’ৰ্ডত লিখি দিলে৷ এইবাৰ চোৰ ধৰা পৰিল৷ ‘জিনিয়াছ’-এ অংকৰ সমাধানটো লিখি থকাৰ মুহূৰ্ততে প্ৰফেচাৰে তেওঁক দেখা পালে৷ ‘জিনিয়াছ’জন অৱশ্যে কোনো বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাছিল, নাছিল তেওঁ এমআইটিৰ উজ্জ্বল নক্ষত্ৰসমূহৰ অন্যতম৷ তেওঁ আছিল উইল হাণ্টিং৷ বিশ বছৰীয়া, অনাথ, বিশৃংখল, বেপৰোৱা, সৰু-সুৰা কেইবাটাও অপৰাধ কৰি আইন-আদালতলৈ অহা-যোৱা কৰি থকা এজন যুৱক— নাম হ’ল উইল হাণ্টিং৷ এমআইটিৰ চৌহদ, বাৰাণ্ডা চাফ-চিকুণকৈ ৰখাৰ দায়িত্বত নিয়োজিত (জেনিটৰ, কেয়াৰটেকাৰ, তত্ত্বাবধায়ক) হাণ্টিঙে বন্ধুমহলৰ লগত সুৰাপান কৰি আজৰি সময় পাৰ কৰে৷ অসংযত জীৱনশৈলীত অভ্যস্ত হৈয়ো উইল হাণ্টিং এক চমৎকাৰী চৰিত্ৰ৷ এক চলন্ত এনচাইক্ল’পেডিয়া৷ দ্বিধাহীনভাৱে যিজন মানুহৰ নামৰ আগত ‘জিনিয়াছ’ বিশেষণটো সংযুক্ত কৰিব পাৰি৷

যিটো শেহতীয়া অপৰাধত হাণ্টিং জড়িত হৈ পৰিছিল, সেই গোচৰৰ ৰায়দান শুনিবলৈ প্ৰফেচাৰ গেৰাল্ডো ন্যায়ালয় পাইছিলগৈ৷ আদালতত অধিবক্তা আৰু বিচাৰকৰ সন্মুখত হাণ্টিঙে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ যিবোৰ তথ্য, যুক্তি দাঙি ধৰিলে; সেইবোৰ দেখি-শুনি প্ৰফেছাৰ বিস্ময়াভিভূত হ’ল৷ যুৱকজনৰ অসাধাৰণ পাণ্ডিত্যই প্ৰফেচাৰ গেৰাল্ডক সন্মোহিত কৰি পেলালে৷ বিস্ময়াহত প্ৰফেছাৰ প্ৰস্তাৱ আগবঢ়ালে— তোমাক মই আইনৰ কুদৃষ্টিৰ পৰা আঁতৰাই আনিব পাৰোঁ, যদিহে তুমি মোৰ চকুৰ সমুখত থাকি পঢ়া-শুনা কৰা, অংকশাস্ত্ৰ অধ্যয়ন কৰা আৰু নিয়মীয়াকৈ থেৰাপিৰ ক্লাছলৈ যোৱা৷ সৌভাগ্যৰ কথা, উক্ত প্ৰস্তাৱৰ প্ৰতি উইল হাণ্টিঙে সমৰ্থন আগবঢ়ালে৷ অংকশাস্ত্ৰত হাণ্টিঙে নিজৰ দক্ষতা প্ৰতিপণ্ণ কৰি থাকিল যদিও থেৰাপিৰ শিক্ষকসকলক নগুৰ-নাকটি কৰিলে৷ এজনো শিক্ষকে হাণ্টিঙৰ উদ্ভৎ আচৰণৰ সমুখত তিষ্ঠিব নোৱাৰিলে৷ উপায়ন্তৰ হৈ প্ৰফেছাৰ গেৰাল্ড কাষ চাপিল বাঙ্কাৰ হিল কমিউনটি কলেজত মনোবিজ্ঞানৰ সন্মানীয় প্ৰফেছাৰ, একালৰ বন্ধু ছিন মেগুৱাইৰ৷ প্ৰাৰম্ভিক জটিলতা নেওচি, হাণ্টিঙৰ উচ্ছৃংখল ব্যৱহাৰৰ লগত ধৈৰ্যৰে মোকাবিলা কৰি ছিন মেগুৱাইৰে হাণ্টিঙৰ ভিতৰত অতদিনে লুকাই থকা প্ৰকৃত হাণ্টিংজনক চিনাক্ত কৰিলে৷ হাণ্টিঙৰ তিক্ততাপূৰ্ণ শৈশৱ, কৈশোৰৰ হৃদয়বিদাৰক অনুভূতিবোৰ ছিনৰ সন্মুখত ক্ৰমান্বয়ে প্ৰকাশিত হ’বলৈ ধৰিলে৷ প্ৰফেছাৰ ছিনে হাণ্টিঙৰ আগত বৰ্ণনা কৰে— প্ৰথমবাৰৰ বাবে পত্নীক লগ পোৱাৰ কাহিনী; তেওঁৰ পত্নীৰ কৰুণ বিয়োগৰ কথাবোৰ৷ মিথ্যাচাৰৰ আশ্ৰয় লৈ স্কাইলাৰ নামৰ যুৱতীৰ প্ৰেমপাশত আৱদ্ধ হোৱা হাণ্টিঙক ছিনে জীৱনটোক সূক্ষ্মভাৱে চাবলৈ উদ্গনি যোগায়৷ প্ৰফেছাৰ ছিনৰ জীৱনসন্ধানী জ্ঞানৰ পোহৰেৰে ক্ৰমাৎ হাণ্টিঙৰ বিশৃংখল জীৱনলৈ নতুনত্ব আহে৷ ঘন তমসাৰ মাজেৰে বাটকুৰি বাই পোহৰমুখী যাত্ৰাৰ পথিক হ’বলৈ হাণ্টিঙৰ মন-বিবেক আগ্ৰহী হৈ উঠে, আৰু এসময়ত মূল্যৱান জীৱনটোক বুটলি ল’বলৈ হাণ্টিং মানসিকভাৱে সাজু হৈ উঠে৷

এইয়া আছিল ১৯৯৭ চনত মুক্তি লাভ কৰা বহুসমাদৃত, সফল, মননশীল ছবি ‘গুড উইল হাণ্টিঙ’ৰ চমু বৰ্ণনা৷ ১২৬ মিনিট দৈৰ্ঘ্যৰ বাণিজ্যিকভাৱে সফল এই ছবিখনৰ পৰিচালক গাছ ভান ছাণ্ট৷ মেট ডেমন আৰু বেন এফলেকৰ ৰচনা কৰা কাহিনীটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মেট ডেমন (উইল হাণ্টিং) আৰু ৰবিন উইলিয়ামছে (ছিন মেগুৱাইৰ)৷ মুঠ নটা একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰা উক্ত ছবিখনে শ্ৰেষ্ঠ সহ-অভিনেতা আৰু চিত্ৰনাট্য শিতানৰ শ্ৰেষ্ঠত্ব প্ৰতিপণ্ণ কৰে৷ সংযোজন কৰা দৰকাৰ যে, দা হলিউড ৰিপোৰ্টাৰ্ছৰ এশখন প্ৰিয় ছবিৰ তালিকাত এইখন ছবিয়ে ৫৩ সংখ্যক স্থান দখল কৰিছে (২০১৪ চন)।

মুখ্য চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰা মেট ডেমন আৰু প্ৰফেছাৰ ছিন মেগুৱাইৰ মাজত গঢ় লৈ উঠা সম্পৰ্কটো আৰু সেই সম্পৰ্কটোৰ উপস্থাপন-ৰীতি ছবিখনৰ অন্যতম দিশ৷ উল্লেখযোগ্য যে, টৰণ্ট’ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেচাৰ পেট্ৰিক অ’ ডেনিয়েলে এই ছবিখনত অংকৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছে৷

যৌৱনাৱস্থাতে অপাৰ অসাধাৰণত্ব অৰ্জন কৰা প্ৰচুৰ মেধাসম্পন্ন অথচ অসংযত উইল হাণ্টিং নামৰ যুৱকজনেনো কিদৰে জীৱনৰ সৌন্দৰ্য আৰু মহত্ব উপলব্ধি কৰিব পাৰিলে, কেনেধৰণৰ ভাবাৱেগৰ দ্বাৰা চালিত হৈনো উইল হাণ্টিঙে জীৱনটো প্ৰজ্ঞাৰ আলোকেৰে উদ্ভাসিত কৰি তুলিলে আৰু কিয়নো তেওঁৰ নামৰ আগত ‘গুড’ শব্দটো সংযোজিত হ’ল তাকে বিচাৰ কৰি চাবলৈ ছবিপ্ৰেমীসকলে এই সুন্দৰ ছবিখন উপভোগ কৰিব পাৰে৷

ছামথিং ডা লৰ্ড মে’ড

‘ছামথিং ডা লৰ্ড মেড’ হৈছে ২০০৪ চনত নিৰ্মিত এখন বহুসমাদৃত ছবিৰ নাম৷ আধুনিক চিকিৎসা বিজ্ঞানৰ এটা যুগান্তকাৰী অস্ত্ৰোপচাৰ আৰু তাৰ নেপথ্যৰ কাহিনীক ভেটি হিচাপে লৈ নিৰ্মাণ কৰা উচ্চ-প্ৰশংসিত ছবিখনৰ দুটা প্ৰধান চৰিত্ৰ হৈছে কুৰি শতিকাৰ প্ৰসিদ্ধ শল্য চিকিৎসক আলফ্ৰেড ব্লালাক আৰু তেওঁৰ বিচক্ষণ লেবৰটেৰী টেকনিচিয়ান ভিভিয়েন থ’মাছ নামৰ কৃষ্ণাংগ পুৰুষজন৷ ৰবাৰ্ট ক’ৰৰ দ্বাৰা প্ৰযোজিত ছবিখনত এলান ৰিকমেন আৰু ম’ছ ডেফে মুখ্য চৰিত্ৰ দুটাত প্ৰাণ ঢালি অভিনয় কৰিছে৷

১৯৪৪ চনৰ ২৯ নৱেম্বৰৰ দিনটো চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা যুগান্তকাৰী দিন হিচাপে চিহ্নিত হৈছিল৷ কাৰণ সেইদিনা আমেৰিকাৰ প্ৰসিদ্ধ জন্স হপকিন্স চিকিৎসালয়ত সফলভাৱে সম্পন্ন হৈছিল ‘ব্লু বেবি অস্ত্ৰোপচাৰ’৷ এই জগদ্বিখ্যাত অস্ত্ৰোপচাৰটোৰ অন্যতম পথপ্ৰদৰ্শক আছিল শল্য চিকিৎসক আলফ্ৰেড ব্লালাকৰ সহায়কাৰী হিচাপে তেওঁৰ অধীনত কাম কৰিবলৈ অহা ডেকা কৃষ্ণাংগ ভিভিয়েন থ’মাছ৷ চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী নথকা ভিভিয়ান থ’মাছে নিজৰ অসীম নিষ্ঠা, প্ৰচুৰ মেধা আৰু চমৎকাৰী কাৰিকৰী বিদ্যাৰে আলফ্ৰেড ব্লালাকৰ পৰম বিশ্বস্ত সংগী হৈ পৰিছিল৷ হৃদযন্ত্ৰ— যিটোৰ অবিহনে মানৱ-শৰীৰ অস্তিত্বহীন হৈ পৰে; সেই হৃদয়তন্ত্ৰক সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি সদ্যোজাত শিশুৰ শৰীৰত দৃষ্টিগোচৰ হোৱা ‘ব্লু বেবি ছিনড্ৰম’ (Blue Baby Syndrome) নামৰ বিসংগতিটো, যাক টেট্ৰাল’জি অৱ ফেল’ট (Tetralogy of Fallot) বুলিও জনা যায়; তাক নিৰ্মূলৰ অৰ্থে ভিভিয়ান থ’মাছে লেবৰটৰীত সাজি উলিয়াইছিল এক অনন্য সঁজুলি৷ অকল সেয়াই নহয়, সেই সঁজুলিৰ ব্যৱহাৰ কৰি আমেৰিকাৰ আগশাৰীৰ চিকিৎসকৰ সন্মুখত, আলফ্ৰেড ব্লালাকৰ সৈতে ‘ব্লু বেবি’ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰিছিল ভিভিয়ান থ’মাছে৷ শল্য চিকিৎসক আলফ্ৰেড ব্লালাকে ভিভিয়েন থ’মাছৰ অস্ত্ৰোপচাৰ-শৈলীৰ উচ্চপ্ৰশংসা কৰি মন্তব্য কৰিছিল— “Like something the lord made.” পিছে বেদনাদায়ক কথাটো হ’ল ‘ব্লু বেবি’ অস্ত্ৰোপচাৰৰ অন্যতম নায়ক ভিভিয়েন থ’মাছক আলফ্ৰেড ব্লালাকৰ লেখীয়াকৈ তৎমুহূৰ্ততে যথোপযুক্ত স্বীকৃতি আৰু সন্মান জনোৱা হোৱা নাছিল৷ আনকি যিখন জন্স হপকিন্স চিকিৎসালয়ত তেওঁ তত্ত্বাবধায়ক হিচাপে কাম কৰিছিল, সেইখন চিকিৎসালয়ৰ লেবৰটৰীত তেওঁ পিছ দুৱাৰেদিহে প্ৰৱেশ কৰিবলগীয়া হৈছিল৷ কাৰণ সেইসময়ত জন্স হপকিন্স চিকিৎসালয়কে ধৰি আমেৰিকাৰ আগশাৰীৰ সমাজত কৃষ্ণাংগসকলক হীন দৃষ্টিৰে চোৱা হৈছিল৷ গাৰ ক’লা বৰণটোৱেই তেওঁলোকৰ সামাজিক মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ হৈ উঠিছিল৷ বৰ হৃদয়বিদাৰক আছিল সেইসময়ৰ সমাজখনৰ সামগ্ৰিক চিন্তা আৰু ধ্যান-ধাৰণাৰ সোঁতবোৰ৷

অৱশ্যে স্বীকৃতি, সন্মান, সামাজিক পৰিচিতিৰ দ্বাৰা লালায়িত নহৈ ভিভিয়েন থ’মাছে নিজৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত নিষ্ঠাসহকাৰে পালন কৰি গৈছিল আৰু চিকিৎসক আলফ্ৰেড ব্লালাকৰ সৈতে একাধিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল৷ চিকিৎসালয়ৰ নৱাগত চিকিৎসকসকলক প্ৰশিক্ষিত কৰিছিল৷ ভিভিয়েন থ’মাছে প্ৰায় ৩৫ বছৰ কাল জন্স হপকিন্স চিকিৎসালয়ত পৰ্যবেক্ষক (Supervisor) হিচাপে কাম কৰে৷ আলফ্ৰেড ব্লালাকৰ জীৱনৰ অন্তিম কালছোৱালৈকে ভিভিয়েন থ’মাছে তেওঁক সংগ দিছিল৷ থ’মাছৰ মৃত্যুৰ পিছত ভিভিয়েন থ’মাছক জন্স হপকিন্স বিশ্ববিদ্যালয়ে তেওঁৰ কৰ্মনিষ্ঠা আৰু অতুলনীয় মেধাক আনুষ্ঠানিকভাৱে সন্মান যাঁচে৷ ভিভিয়েন থ’মাছলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়োৱা হয়৷ চিকিৎসালয়ৰ বেৰত তেওঁৰ এখন প্ৰতিকৃতি আলফ্ৰেড ব্লালাকৰ প্ৰতিকৃতিৰ কাষতেই ওলোমাই ৰখা হয়৷ সেয়া আছিল ভিভিয়েন থ’মাছৰ জীৱনৰ সবাতোকৈ গৌৰৱোজ্জ্বল ক্ষণ৷ দৰ্শকৰ প্ৰথম শাৰীত বহি থকা বৃদ্ধ ভিভিয়েন থ’মাছ আৰু তেওঁৰ পত্নীৰ চকুত কোণত জিলিকি উঠা অশ্ৰুয়েই সেই সুখানুভূতি প্ৰকাশিত কৰে৷

অভিনেতা-অভিনেত্ৰীসকলৰ হৃদয়স্পৰ্শী, সাৱলীল অভিনয়; নিখুঁট চিত্ৰনাট্য ছবিখনৰ মূল প্ৰশংসনীয় উপাদান৷   এমি, গল্ডেন গ্ল’বকে ধৰি একাধিক মনোনয়ন, বঁটাৰে পুৰস্কৃত জোছেফ চাৰ্জেণ্টৰ দ্বাৰা পৰিচালিত ছবিখনক আমেৰিকান ফিল্ম ইনষ্টিটিউটে ২০০৪ চনৰ “শ্ৰেষ্ঠ টেলিভিছন ছবি” আখ্যা দিয়ে আৰু কয়— “A revelation…a bittersweet story [that] is an important tool for America as it continues to search for a public vocabulary to discuss issues of race.”(৷) হাইস্কুলীয়া শিক্ষাৰ পিছত অইন কোনো বিদ্যালয়ত পঢ়িবলৈ সুযোগ-সুবিধা আদায় কৰিব নোৱৰা দৰিদ্ৰ-ঘৰৰ কৃষ্ণাংগ যুৱক ভিভিয়েন থ’মাছে বৰ্ণ-বৈষম্যত পোত যোৱা সমাজক পৰাস্ত কৰি যিদৰে চিকিৎসা-বিজ্ঞানৰ ইতিহাসত মাইলৰ খুঁটি স্থাপন কৰিলে; স্ব-মেধা, ঐকান্তিকতা আৰু অতুলনীয় প্ৰজ্ঞাৰে যিদৰে আধুনিক অস্ত্ৰোপচাৰৰ শৈলীলৈ এক যুগান্তকাৰী ধাৰা বোৱাই আনিলে; সেয়া চিৰকাল স্মৰণীয় আৰু শ্ৰদ্ধাযোগ্য হৈ থাকিব৷

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

No Comments

Post A Comment