অসম গণিত শিক্ষায়তনৰ সম্পৰ্কে

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) নামৰ অনুষ্ঠানটিৰ জন্ম হয়।

১৯৮৭ চনৰ জুলাই মাহত ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা (‘অমলা বাইদেউ’)।

বৰ্তমানলৈকে আলোচনীখনৰ সম্পাদকসকল হ’ল:-

ড° অমলা বেজবৰুৱা

ড° দিলীপ শৰ্মা

ড° মলয় দত্ত

দিব্যজ্যোতি মহন্ত

ড° হেমন্ত কুমাৰ বৰুৱা

ড° ৰামচন্দ্ৰ ডেকা

 

অসম গণিত শিক্ষায়তনে ২০১০ চনৰ পৰা প্ৰকাশ কৰা গণিত বিষয়ক জাৰ্নেলখন হ’ল:- Journal of the Assam Academy of Mathematics (JAAM), ISSN No. 2229-3884.

 

শিক্ষায়তনৰ ৱেবচাইত:- www.aam.org.in

 

বৰ্তমানলৈকে শিক্ষায়তনৰ সভাপতিসকল:-

ড° বুদ্ধপ্ৰসাদ চেতিয়া

ড° তাৰকেশ্বৰ চৌধুৰী

ড° ধৰণীধৰ গোস্বামী

ড° নন্দৰাম দাস

 

শিক্ষায়তনৰ প্ৰধান-সম্পাদকসকল:-

ড° তাৰকেশ্বৰ চৌধুৰী

বিশ্বজিত ভাগৱতী

ড° নন্দৰাম দাস

ড° কৈলাশ গোস্বামী

ড° কুন্তলা পাত্ৰ

ড° প্ৰবীণ দাস

ড° ৰামচন্দ্ৰ ডেকা

ড° বীৰেন দাস

 

 শিক্ষায়তনে বৰ্তমান প্ৰতি বছৰৰ মে’ মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াদ (Regional Mathematical Olympiad, RMO) অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাসমূহ বৰ্তমান প্ৰায় ৪৬ টা পৰীক্ষা-কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। ১৯৮৭ চনৰ ১১ জুন তাৰিখে মুঠ আঠটা কেন্দ্ৰত প্ৰথমবাৰৰ বাবে Regional Mathematical Olympiad (RMO) পতা হৈছিল; তেতিয়া মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩৭২ জন। সেই প্ৰতিযোগিতা পাতিবৰ বাবে বহু বাধা-বিঘিনি অতিক্ৰম কৰিব লগা হৈছিল; কোনো মহাবিদ্যালয়ৰ অধ্যক্ষই তেওঁৰ মহাবিদ্যালয়ত প্ৰতিযোগিতা পতিবলৈও দিয়া নাছিল।

শিক্ষায়তনে পতা গণিত অলিম্পিয়াদৰ চতুৰ্থ কেটেগ’ৰিত (একাদশ-দ্বাদশ শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ড° সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদকেৰে পুৰস্কৃত কৰা হয়।

ড° সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক প্ৰাপ্তসকল হ’ল:-

ইফটিকাৰ আলী আহমেদ, কটন মহাবিদ্যালয় (১৯৮৯)

অনুপম শইকীয়া, কটন মহাবিদ্যালয় (১৯৯০)

অনুপম শইকীয়া, কটন মহাবিদ্যালয় (১৯৯১)

চয়ন চৌধুৰী, গৰুচৰণ মহাবিদ্যালয়, শিলচৰ (১৯৯২)

উদ্দীপ্ত দত্ত বৰদলৈ, কে ভি, নামৰূপ (১৯৯৩)

ৰাকেশ আৰোৰা, কে ভি, নামৰূপ (১৯৯৪)

প্ৰত্যয় ভট্টাচাৰ্য্য, তেজপুৰ (১৯৯৫)

অনুপম দত্ত, কটন মহাবিদ্যালয় (১৯৯৬)

নীৰজ কায়াল, কটন মহাবিদ্যালয় (১৯৯৭)

নীৰজ কায়াল, কটন মহাবিদ্যালয় (১৯৯৮)

মানসজ্যোতি শৰ্মা, কে ভি, নামৰূপ (১৯৯৯)

মানসজ্যোতি শৰ্মা, কে ভি, নামৰূপ (২০০০)

সৌপ্তিক ধৰ, ৰামানুজ গুপ্ত জুনিয়ৰ বিজ্ঞান কলেজ, শিলচৰ (২০০১)

অভীক কুমাৰ দাস, কে ভি বি আৰ পি এল, বঙাইগাঁও (২০০২)

অভীক কুমাৰ দাস, কে ভি বি আৰ পি এল, বঙাইগাঁও (২০০৩)

দীপজ্যোতি ডেকা, কে ভি, খানাপাৰা (২০০৪)

পাৰ্থপ্ৰতিম মিশ্ৰ, কে ভি, খানাপাৰা (২০০৫)

সিদ্ধাৰ্থশংকৰ বৰা, (২০০৬)

মঞ্জিল প্ৰতিম শইকীয়া, দৰং মহাবিদ্যালয় (২০০৭)

পদ্মভূষণ বৰা, উত্তৰ লখিমপুৰ মহাবিদ্যালয় (২০০৮)

ৰজত সিনহা, কটন মহাবিদ্যালয় (২০০৯)

মহেন্দ্ৰমোহন দাস, কটন মহাবিদ্যালয় (২০১০)

বুবুমণি কলিতা, বজালী মহাবিদ্যালয় (২০১১)

 

গণিত আলিম্পিয়াদৰ তৃতীয় কেটেগ’ৰিত (নৱম-দশম শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ৰাজেন দাস স্মাৰক বঁটা আৰু দ্বিতীয় স্থান পোৱা প্ৰতিযোগীগৰাকীক প্ৰাঞ্জল তালুকদাৰ স্মাৰক বঁটাৰে পুৰস্কৃত কৰা হয়।

গণিত আলিম্পিয়াদৰ প্ৰতিটো কেটেগ’ৰিত প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক দুৰ্গেশ্বৰ দাস স্মৰক বঁটাৰে পুৰস্কৃত কৰা হয়।

মেথলেটিক্স প্ৰতিযোগিতাৰ প্ৰতিটো কেটেগ’ৰিত প্ৰথম হোৱা দলটোক বাপুকৃষ্ণ চৌধুৰী বঁটাৰে পুৰস্কৃত কৰা হয়।

ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতাৰ তৃতীয় কেটেগ’ৰিত (নৱম-দশম শ্ৰেণী) প্ৰথম হোৱা দলটোক ড° অমলা বেজবৰুৱা স্মাৰক বঁটা প্ৰদান কৰা হয়।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা দ্বদশ শ্ৰেণীৰ (বিজ্ঞান আৰু কলা শাখা) পৰীক্ষাত গণিতত সৰ্বোচ্চ নম্বৰ পোৱাৰ লগতে সৰ্বোচ্চ গড় নম্বৰ পোৱাজনক হলিৰাম দত্ত স্মাৰক স্বৰ্ণ-পদক প্ৰদান কৰা হয়।

 

শিক্ষায়াতনে ৰাঁচীৰ বিৰলা ইন্সটিটিউট অৱ টেকন’ল’জিৰ ভূতপূৰ্ব অধ্যাপক ড° ৰাধাচৰণ গুপ্তাৰ পৰা পোৱা অনুদানেৰে গণিত ইতিহাসৰ সম্বন্ধে R C Gupta Endowment বক্তৃতা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে।

 

টোকা:- ওপৰৰ তথ্যখিনি প্ৰধানকৈ “অনুক্ৰম”, “গণিত বিকাশ”ৰ কেইটামান সংখ্যা আৰু বিভিন্ন উৎসৰ পৰা গোটোৱা হৈছে। উল্লেখযোগ্য যে এই তথ্যখিনিয়ে অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) ৰ সম্পৰ্কে সামান্য ধৰণাহে প্ৰকাশ কৰিছে।

No Comments

Post A Comment