অথঃ কম্পিউটাৰ-সংস্কৃত সংবাদ

১) সংস্কৃত কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ বাবে আটাইতকৈ উপযুক্ত ভাষা….

২) সংস্কৃত এটা বিজ্ঞানসন্মত ভাষা….

৩) NASA ই কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ বাবে সংস্কৃত ব্যৱহাৰ কৰে….

৪) NASA ই মহাকাশলৈ সংস্কৃতৰ বাণী পঠিয়াব….

৫) NASA ৰ ৱেবছাইটত “মিছন সংস্কৃত” নামৰ প্ৰকল্পৰ উল্লেখ আছে…

মোৰ দৰে বহুতৰে সম্ভৱতঃ সংস্কৃত বিষয়ক এনেধৰণৰ কথা সৰুৰে পৰা শুনি আৰু বিশ্বাস কৰি অহাৰ অভিজ্ঞতা আছে। ইণ্টাৰনেটত অনুসন্ধান কৰি চালেও এনেকুৱা হাজাৰটা লিংক আপুনি বিচাৰি পাব। এইধৰণৰ কথাবোৰৰ ব্যাপকতা ইমান প্ৰৱল যে কোটি কোটি ভাৰতীয়ৰ মনত সংস্কৃতক “দেৱভাষাৰ” দৰে স্থান দিয়াত প্ৰভূত সহায় কৰি আহিছে। পিছে ভালদৰে অনুসন্ধান কৰি চালে দেখা পাব – এই সকলো দাবীৰ মূল উৎস ১৯৮৫ চনত NASA ৰ Rick Briggs বোলা এজন অভিযন্তাই Artificial Intelligence আলোচনীত ( Vol 6. number 1.) প্ৰকাশ কৰা ‘Knowledge Representation in Sanskrit and Artificial Intelligence’ এই শীৰ্ষক এটি প্ৰৱন্ধ। উক্ত প্ৰৱন্ধটোতনো কি আছে আৰু সংস্কৃত ভাষাকলৈ কৰা এই দাবীবোৰৰ সত্যতানো কিমান তাক পৰ্যালোচনা কৰাৰ আগেয়ে এটা কথা জনাই থওঁ যে এই দাবীবোৰৰ এটাও NASA ৰ মুখপত্ৰত উপলব্ধ নহয় (আগ্ৰহীসকলে https://www.aaai.org/ojs/index.php/aimagazine/article/view/466/402 এই লিংকত মূল প্ৰৱন্ধটো পঢ়িব পাৰিব।)

সংস্কৃত আৰু কম্পিউটাৰ প্ৰগ্ৰেমিং:

কম্পিউটাৰ প্ৰগ্ৰেমিং হৈছে কম্পিউটাৰৰ দ্বাৰা কোনো কাম কৰাবলৈ নিৰ্দেশনা দিয়া কাম। উল্লেখ্য যে কম্পিউটাৰ হৈছে মূলতঃ এটা ইলেক্ট্ৰনিক যন্ত্ৰ — ইয়াৰ ভাষা হৈছে যুগ্ম সংখ্যা পদ্ধতি (binary system), অৰ্থাৎ শূন্য আৰু একক লৈ গঠিত এটি সংখ্যা প্ৰণালী। দৰাচলতে কম্পিউটাৰে ‘শূন্য’ বা ‘এক’ — এটাকো বুজি নাপায়; কাৰণ কম্পিউটাৰৰ বুজাৰ কোনো ক্ষমতাই নাই। ‘এক’ হৈছে কম্পিউটাৰৰ বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হোৱা অৱস্থাৰ পৰিচায়ক আৰু ‘শূন্য’ হৈছে ঠিক তাৰ ওলোটাতো। পিছে মানুহে সৰুৰে পৰা দশমিক পদ্ধতি তথা “মানুহৰ ভাষা”ৰ (natural language like Assamese, English etc.) লগত অভ্যস্ত বাবে কম্পিউটাৰৰ ভাষাত নিৰ্দেশনা দিয়াত অসুবিধা অনুভৱ কৰে আৰু সেইবাবে মানুহে “মানুহৰ ভাষা”ৰ দৰে কৃত্ৰিম ভাষা সৃষ্টি কৰিলে যাতে কম্পিউটাৰক নিৰ্দেশনা দিয়াত সহজ হয়। এইবোৰক কোৱা হয় high level language.(।) C, C++, java আদি এনেধৰণৰ ভাষা আৰু কম্পিউটাৰ প্ৰগ্ৰেমাৰসকল এনেধৰণৰ ভাষাৰ লগত অভ্যস্ত। এই high level languageত লিখা নিৰ্দেশনাবোৰ কম্পিউটাৰৰ ভাষালৈ সলনি কৰাৰ বাবে compiler বা interpreter বোলা এক ছফ্‌টৱেৰ ব্যৱহাৰ কৰা হয়। অদ্যপি এই high level languageবোৰ ইংৰাজী ভাষাক লৈ তৈয়াৰ কৰা হৈছে যদিও চীনা, জাপানী, কোৰিয়ান আদি আন দুটামান ভাষাতো high level language তৈয়াৰ কৰা হৈছে।

এতিয়া কথা হ’ল ইংৰাজীসদৃশ ভাষা বাদ দি সংস্কৃতক ব্যৱহাৰ কৰি কোনো কম্পিউটাৰ লেংগুৱেজ তৈয়াৰ কৰিলে কিবা লাভ হ’বনে নাই তাক চোৱাটো। তদুপৰি ইতিমধ্যে প্ৰচলিত C, C++ ইত্যাদিতকৈ সংস্কৃতত লিখা প্ৰগ্ৰেম এটা ভাল (performance wise or developer productivity wise) হ’বও লাগিব— কাৰণ কম্পিউটাৰৰ ভাষা এটা তৈয়াৰ কৰাৰ লগত লেংগুৱেজ ডিজাইন, উৎকৃষ্ট কম্পাইলাৰ তৈয়াৰ, ছফ্‌টৱেৰ নিৰ্মাতাই ইয়াক গ্ৰহণ কৰেনে নাই ইত্যাদি বহু কথা জড়িত হৈ থাকে।

১) C, C++ আদিত লিখা প্ৰগ্ৰেম এটাৰ আকাৰ সংস্কৃতত লিখা প্ৰগ্ৰেম এটাৰ আকাৰতকৈ সদায় সৰু হ’ব— কাৰণ হৈছে encoding। ইংৰাজী আখৰ একোটাৰ বাবে ১ বাইট space দৰকাৰ হোৱাৰ বিপৰীতে সংস্কৃত যদি দেৱনাগৰী লিপিত লিখে বুলি ধৰা হয় তেন্তে ২ বাইটৰ পৰা গ্লিফ্‌ ভেদে ৮ বাইট লৈকে হ’ব পাৰে।

২) ইংৰাজীক বাদ দি সংস্কৃতক মুখ্য কৰি যদি লোৱা হয় তেতিয়া কম্পিউটাৰৰ architecture সলনি কৰাৰ দৰে ব্যয়বহুল কাম কৰিব লাগিব।

৩) কম্পিউটাৰ প্ৰগ্ৰেম এটা তৈয়াৰ কৰাৰ বাবে high level languageৰ লগত প্ৰগ্ৰেমাৰজনৰ পৰিচিতিৰ লগতে সমস্যা সমাধানৰ দক্ষতা তথা বুদ্ধিমত্তাৰহে প্ৰয়োজন হয়। high level languageটোত ইংৰাজী সদৃশ ভাষা নে আন ভাষাৰ শব্দ আছে সেয়া অদৰকাৰী। যেনে: int x=4; এইটো এটা তেনেই পোনপটীয়া আৰু সুনিৰ্দিষ্ট (explicit) নিৰ্দেশ। ইয়াক আপুনি সংস্কৃতৰ পৰা সৃষ্টি কৰা এটা কম্পিউটাৰ লেংগুৱেজত লিখিলে কিবা বেলেগ লাভ হ’ব জানোঁ? মই নাভাবো যে কেৱল প্ৰগ্ৰেম এটা তৈয়াৰ কৰাৰ বাবে ইতিমধ্যে অভ্যস্ত ভাষাক এৰি আকৌ সংস্কৃত শিকাত কোনো প্ৰগ্ৰেমাৰ আগ্ৰহী হ’ব। কাইলৈ যদি কোনোবাই উৎসাহত অসমীয়া ভাষাৰ কম্পিউটাৰ লেংগুৱেজ এটা সৃষ্টি কৰেও সেয়া নিতান্তই বিদ্যায়তনিক অনুশীলন তথা মাতৃভাষাৰ প্ৰতি ভালপোৱাৰ বৰ্হিপ্ৰকাশ বুলিহে চিহ্নিত হ’ব— সমস্যা সমাধানৰ যি উদ্দেশ্যে আগত ৰাখি কম্পিউটাৰৰ প্ৰগ্ৰেমিং লেংগুৱেজ সৃষ্টি কৰা হয় তাত ই কোনো অৰিহণা নোযোগাব।

৪) সংস্কৃতত প্ৰগ্ৰেম কৰিবৰ বাবে এতিয়ালৈকে মই জনাত কোনো high level language আৰু compiler তৈয়াৰ কৰা হোৱা নাই। যদি কোনোবাই কৰিছেও সেয়া নিতান্তই বিদ্যায়তনিক।

সেইবাবে সংস্কৃত কম্পিউটাৰৰ বাবে আটাইতকৈ উপযুক্ত বোলা কথাষাৰ তেনেই অমূলক আৰু এই সম্বন্ধে কৰা দাবীবোৰ প্ৰহসনৰ (hoax) বাদে আন একো নহয়।

Rick Briggsৰ প্ৰৱন্ধটো:-

সম্পূৰ্ণ প্ৰৱন্ধটো ইয়াত আলোচনা কৰা সম্ভৱ নহয় বাবে মূল সিদ্ধান্ত কেইটাৰ বিষয়েহে আলোচনা কৰিম। Rick Briggs-এ যিসময়ত এই পেপাৰখন লিখিছিল সেই সময়ত Artificial Intelligence(AI)ৰ মূল লক্ষ্য আছিল high level language ক বাদ দি Natural languageত কম্পিউটাৰক নিৰ্দেশনা দিব পাৰি নেকি তাক চোৱাটো। Briggs-এ ধ্ৰুপদী সংস্কৃতৰ ব্যাকৰণ অধ্যয়ন কৰি এই সিদ্ধান্তলৈ আহিছিল যে AI এ NLP(Natural language processing)ৰ ক্ষেত্ৰত সংস্কৃতৰ ব্যাকৰণৰ নিয়মসমূহৰ পৰা শিকিবলগীয়া আছে। Briggsৰ মতে Natural languageক high level languageৰ দৰে ব্যৱহাৰ কৰিব পৰা যাবও পাৰে— কিন্তু তেখেতে ক’তো কোৱা নাছিল যে সংস্কৃত কম্পিউটাৰৰ বাবে আটাইতকৈ উপযুক্ত। কোনো এটা ভাষা কম্পিউটাৰৰ বাবে আটাইতকৈ উপযুক্ত বোলা কথাষাৰেই অৰ্থহীন। কাৰণ বিভিন্ন high level languageবোৰ বেলেগ বেলেগ ধৰণৰ সমস্যা পৰিসৰ(problem domain)ৰ বাবে তৈয়াৰ কৰা হয়। সেইবাবে C, C++ আদি উৎকৃষ্ট ভাষা থকাৰ পাছতো প্ৰায় ৫০টামান অন্য ভাষা তৈয়াৰ কৰা হ’ল। তদুপৰি কোনো বিশেষ ধৰণৰ সমস্যা সমাধানৰ বাবে কোনো প্ৰতিষ্ঠানে নতুন ভাষা সৃষ্টি কৰি লোৱাৰ উদাহৰণ আছে। উদাহৰণ— Ericsson-এ Telecom switchবোৰ প্ৰগ্ৰেম কৰিবৰ বাবে সৃষ্টি কৰা Erlang নামৰ কম্পিউটাৰ লেংগুৱেজটো।

তেখেতৰ পেপাৰখন প্ৰকাশ হোৱা আজি ইমান বছৰ হৈ হ’ল যদিও আজিলৈ ই আন কম্পিউটাৰ বিজ্ঞানী তথা অভিযন্তাৰ গ্ৰহণযোগ্য হৈ নুঠিল। ইতিমধ্যে গাণনিক ক্ষমতা(computing power)ৰ লগতে AI ৰ কৌশলৰ প্ৰভূত উন্নতি ঘটিল— তদুপৰি বিজ্ঞানীসকলে লক্ষ্য কৰিলে যে NLPৰ এলগৰিথমবোৰ অলপ সালসলনি কৰিয়েই ইংৰাজীৰ বাদে অন্য ভাষাতো ব্যৱহাৰ কৰিব পৰা যায়। আজি আপুনি গুগলত ইংৰাজী বা আন ভাষাত অনুসন্ধান কৰোঁতে আপোনাক দিয়া পৰামৰ্শসমূহ AI ৰ উদাহৰণ। আনকি iTune ত আপুনি কোনো গীত শুনিলে ই নিজে নিজে আপুনি শুনা গীত সদৃশ আন গীতৰ তালিকা তৈয়াৰ কৰিবও পৰা হ’ল।

সংস্কৃতক লৈ থকা আৰু দুটামান ভুল ধাৰণা তলত উল্লেখ কৰা হ’ল:-

১) শব্দৰ ক্ৰমহীনতা (Free word Order):- বহুতে সংস্কৃতৰ শব্দৰ ক্ৰমহীনতাক (শব্দৰ ক্ৰম সলনি কৰিলেও অৰ্থৰ সলনি নোহোৱা) এক সুচলতা বুলি ভাবে। পিছে এই ক্ষেত্ৰত সংস্কৃতেই একমাত্ৰ নহয়। Turkish, Russianৰ দৰে বহু আধুনিক ভাষাতো এই ক্ৰমহীনতা দেখা যায়।

২) দ্বৰ্থবোধক নোহোৱা (unambiguous):– বহুতে ভাবে যে সংস্কৃত নিখুঁতভাৱে অদ্বৰ্থক। পিছে এয়া সত্য নহয়।

স্মৰ্তব্য যে ১৯৫০ চনত MIT ৰ প্ৰফেছৰ Noam Chomsky-এ সংস্কৃতৰ ওপৰত পাণিনিৰ বৈয়াকৰণিক সূত্ৰসমূহৰ পৰা প্ৰেৰণা লৈ ভাষাতত্ব আৰু গণিতক সংযোজন কৰি পাণিনিৰ Context Free Grammarক গৃহীত ৰূপ দিয়ে আৰু ইয়াক Algol নামৰ প্ৰগ্ৰেমিং লেংগুৱেজত ব্যৱহাৰ কৰা হয়। ইয়াক BNF (Backus Normal Form) বুলি জনা যায় আৰু ইয়াৰ সংশোধিত ৰূপ Backus-Naur Form এতিয়াও কিছু কিছু ক্ষেত্ৰত ব্যৱহাৰ হয়। বহু বিজ্ঞানীয়ে ইয়াক পাণিনিৰ মৌলিকতাৰ প্ৰতি সন্মান জনাই Panini-Backus Form বুলিবলৈ প্ৰস্তাৱ কৰে। পাণিনি কিমান ডাঙৰ বৈয়াকৰণিক আছিল তাক বুজিবলৈ এটা কথাই যথেষ্ট— পাণিনিয়ে CFGৰ দৰে সিদ্ধান্ত ৬ৰ পৰা ৪ খ্ৰীঃপূঃতে চিন্তা কৰিছিল— এককভাৱে। আজিও ভাষাতত্বৰ গৱেষকে পাণিনিৰ সিদ্ধান্তসমূহ অধ্যয়ন কৰি বিস্ময়ত হতবাক হয়। তেখেতৰ অষ্টাধ্যায়ীত ব্যৱহৃত মেটা লেংগুৱেজৰ (শব্দকোষ, ৰূপতত্ত্ব, পদান্বয় ইত্যাদি) আজিৰ কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ meta syntax ৰ লগত মিল আছে।

উপসংহাৰ:

ওপৰত উল্লেখ কৰা সংস্কৃতক লৈ কৰা দাবীবোৰৰ এটাৰো সত্যতা নাই— এয়া মাত্ৰ এক বিশেষ শ্ৰেণীৰ লোকে বিশেষ উদ্দেশ্যেৰে বিয়পাই দিয়া উৰাবাতৰি। আপুনি নিজে NASAৰ মুখপত্ৰত অনুসন্ধান কৰিলেই গম পাব। দৰাচলতে প্ৰাচীন ভাৰতীয় সভ্যতাৰ মহানতা, পশ্চিমে বিজ্ঞানৰ প্ৰায়বোৰ সিদ্ধান্ত ভাৰতৰ পৰা চুৰ কৰিলে— এইজাতীয় কিছু আৱেগিক ধাৰণা ইমান দিনে বহুসংখ্যক ভাৰতীয়ৰ মনত সুপ্ত হৈ আছিলেই। তাত যেনিবা হঠাৎ Rick Briggsৰ পেপাৰখন আৰু NASA নামটোৱে মৃত সঞ্জীৱনীহে ঢালি দিলে। বচ আৰু কোনে পায়— ইণ্টাৰনেটৰ হাজাৰ হাজাৰ ৱেব পেইজ সংস্কৃতৰ মহানতাক লৈ ভৰি পৰিল। কথা হ’ল, আজিৰ ইণ্টাৰনেটৰ জয়জয় ময়ময় অৱস্থাতো এইধৰণৰ প্ৰহসনবোৰ কেনেকৈ ইমান দকৈ শিপাবলৈ পায়। ন্যস্তস্বাৰ্থমহলে সদায় এনে কামৰ বাবে সমাজে জনা, সন্মান দিয়া কিন্তু লোভী আৰু বিক্ৰী যাব পৰা লোকক ব্যৱহাৰ কৰে।

পিছে মোৰ এই লেখাটো কোনেও যাতে সংস্কৃত ভাষাৰ বিৰুদ্ধাচৰণ বুলি নধৰে। সংস্কৃত এক সুন্দৰ ভাষা— দৰাচলতে প্ৰাচীন ভাৰতীয় সভ্যতাৰ জীৱন্ত দলিল হিচাপে সংস্কৃতত লিখা লেখনিবোৰ এতিয়াও সাক্ষী হৈ আছে। কিন্তু ভাষাৰ শ্ৰেষ্ঠতা এক অৰ্বাচীন ধাৰণা। কোনো ভাষাই আন ভাষাতকৈ শ্ৰেষ্ঠ হ’ব নোৱাৰে— প্ৰতি ভাষাৰে নিজস্ব সৌন্দৰ্য্য থাকে।

মোৰ এই প্ৰৱন্ধটো কোনো কাৰণতে সংস্কৃতৰ বিৰুদ্ধাচৰণ নহয় — ই মাত্ৰ সত্যক বিচাৰি চোৱাৰ এক অভিপ্ৰায়হে। মনত ৰখা উচিত বিজ্ঞানৰ পথ সত্যানুসন্ধানৰ পথহে— এই পথত আৱেগ অৱশ্যে বৰ্জনীয়।

No Comments

Post A Comment