ফিল্ডছ মেডেল : ২০১৮

ফিল্ডছ মেডেল হ’ল গণিত বিষয়ত আগবঢ়োৱা সৰ্বোচ্চ তিনিটা সন্মানৰ ভিতৰত অন্যতম এটা সন্মান বা বঁটা। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে, চল্লিছ(৪০) বছৰৰ অনুৰ্ধৰ চাৰিজন গণিতজ্ঞক আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘই (International Mathematical Union) এই বঁটা প্ৰদান কৰে। যোৱা ১ আগষ্টৰ পৰা ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ যোৱা ২০১৮ বৰ্ষৰ অধিবেশনত মুঠ চাৰিজন গণিতজ্ঞক এইবাৰৰ এই সন্মান প্ৰদান কৰে। তেওঁলোক হ’ল ক্ৰমে ক’চাৰ বিৰ্কাৰ (Caucher Birkar), এলেচিঅ’ ফিগালি (Alessio Figalli), পিটাৰ শ্বলজে (Peter Scholze) আৰু অক্সয় ভেংকটেছ (Akshay Venkatesh)।

বৰ্তমানলৈকে বিশ্বৰ সৰ্বমুঠ ৬০ জন গণিতজ্ঞক এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত মাৰিয়াম মিৰ্জাখনিয়েই (ফিল্ডছ মেডেল-২০১৪) একমাত্ৰ মহিলা গণিতজ্ঞ যি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এতিয়ালৈকে মাত্ৰ দুজন ভাৰতীয় মূলৰ গণিতজ্ঞই এই সন্মান লাভ কৰিছে। তেওঁলোক হ’ল ক্ৰমে মঞ্জুল ভাৰ্গৱ আৰু অক্সয় ভেংকটেছ।

২০১৮ বৰ্ষৰ ফিল্ডছ মেডেল লাভ কৰা গণিতজ্ঞসকলৰ চমু পৰিচিতি আৰু কৰ্ম:

ক’চাৰ বিৰ্কাৰ: ক’চাৰ বিৰ্কাৰৰ জন্ম ১৯৭৮ চনৰ পশ্চিম ইৰাণৰ কুৰডিচ অঞ্চলত। আঠ(৮) বছৰীয়া ইৰাণ-ইৰাক যুদ্ধত এই কুৰডিচ অঞ্চল ব্যাপকভাবে ক্ষতিগ্ৰস্ত হয়। এটা খেতিয়ক পৰিয়ালত জন্ম গ্ৰহণ কৰা ক’চাৰে স্কুলত পঢ়াৰ সময়ত ইৰাণৰ পৰিৱেশ আৰু অৰ্থনৈতিক অবস্থা খুব সন্তোষজনক নহয় বুলি কয়। কিন্তু ক’চাৰহঁতৰ পৰিয়ালটোৱে খেতিবাতিৰ (প্ৰধানকৈ ধান, ঘেঁহু) লগতে গৰু আৰু ঘোঁৰা পোহাৰ ফলত পৰিয়ালটোৰ বিশেষ সমস্যা নহৈছিল। ২০০০ চনত শৰণাৰ্থী (refugee) হিচাপে ইংলেণ্ডলৈ যাত্ৰা কৰাৰ আগতে ক’চাৰ ইৰাণৰ টেহৰাণ বিশ্ববিদ্যালয়ত গণিতৰ ছাত্ৰ আছিল। ২০০১ৰ পৰা ২০০৪ চনলৈ ইংলেণ্ডৰ নটিংহাম বিশ্ববিদ্যালয়ত এলজেব্ৰিক জ্যামিতিৰ সম্পৰ্কে গৱেষণা কৰা ক’চাৰক ২০০৩ চনত লণ্ডন মেথেমেটিকেল ছচাইটিয়ে (London Mathematical Society) Cecil king Travel Scholarship আগবঢ়াই আৰু most promising PhD student সন্মান দিয়ে। ফিল্ডছ মেডেল গ্ৰহণৰ সময়ত ক’চাৰে এইবুলি জানিবলৈ দিয়ে: “When I was a school student it was a chaotic period, there was the war between Iran and Iraq and economic situation was pretty bad.” মাক-দেউতাক দুয়ো খেতিপথাৰৰ কামত জড়িত হোৱাৰ বাবে ক’চাৰে নিজেও বহু সময় খেতি বা তেনে কামত খৰছ কৰিব লগা হৈছিল। লগতে এই বুলিও কয় যে সেই পৰিৱেশত এটা শিশুৰ বাবে গণিতৰ দৰে এটা বিষয়ৰ প্ৰতি ভাল পোৱাটো প্ৰায় অসম্ভৱৰ দৰে আছিল। ককায়েকৰ পৰা কম বয়সতে গণিতৰ উচ্চ স্তৰৰ ধাৰণা শিকাৰ কথা তেওঁ উল্লেখ কৰে। বিৰ্কাৰ নটিংহাম বিশ্ববিদ্যালয়ত ভৰ্তি হয় যদিও তেওঁ গৱেষণা কৰিব বিচৰা বিষয় এলজেব্ৰিক জ্যামিতিৰ অধ্যাপক সেই সময়ত বিশ্ববিদ্যালয়ত নাছিল। বিশ্ববিদ্যালয়ৰ ইভান ফেছেনকো নামৰ সংখ্যাতত্ত্বৰ এজন অধ্যাপকে বিৰ্কাৰক বিশ্ববিদ্যালয়ৰ বাহিৰত অনুষ্ঠিত কৰা গণিতৰ অনুষ্ঠানবোৰতো ভাগ ল’বলৈ উপদেশ দিলে। ২০০২ চনৰ বিৰ্কাৰে কেম্ব্ৰিজৰ এখন গণিত কনফাৰেন্সত প্ৰথমবাৰৰ বাবে প্ৰফেচৰ Vyachesla Shokurov লগ পায়। সেই সময়ত প্ৰফেচৰ Vyachesla আছিল বাইৰেচনেল জ্যামিতিৰ এজন অতি উচ্চখাপৰ গৱেষক। কিন্তু প্ৰফেছৰ Vyachesla-এ বহু কষ্ট কৰিও এই শাখাটোত নতুন ধাৰণা অনিবলৈ সক্ষম হোৱা নাছিল। লগতে এই শাখাত কাম কৰা গৱেষকসকলে এই শাখাত ইতিমধ্যে কাম কৰা বন্ধ কৰিছিল। প্ৰফেচৰ Vyachesla লক্ষ্য কৰিলে যে বিৰ্কাৰে বহু জটিল ধাৰণা সহজে বুজিব পাৰিছিল। সেয়াই আছিল আৰম্ভণি।

কৰ্ম: বৰ্তমান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক হিচাপে কৰ্মৰত ক’চাৰৰ গৱেষণাৰ বিষয় মূল বিষয় হ’ল বাইৰেচনেল জ্যামিতি।

বাইৰেচনেল জ্যামিতি কি? বাইৰেচনেল জ্যামিতি হ‘ল এলজেব্ৰিক জ্যামিতিৰ এটা উপশাখা। আনহাতে এলজেব্ৰিক জ্যামিতি হ’ল গণিতৰ এটা শাখা য’ত এলজেব্ৰা আৰু জ্যামিতিৰ সহায়ত বিভিন্ন সমস্যাৰ সমাধান বিচৰা হয়। উদাহৰণস্বৰূপে এটা সহজ ৰৈখিক সমীকৰণৰ কথা চাব পাৰো। ৰৈখিক সমীকৰণৰ সমাধান এলজেব্ৰিকভাৱেও কৰিব পাৰি; আনহাতে গ্ৰাফৰ সহায়তো সমাধান কৰিব পৰা যায়। কিন্তু সকলো বহুপদ ৰাশি ইমান সহজে সমাধান কৰিব পৰা নাযায়। আনকি কোনো এটা সমীকৰণ আন কোনোটোৰ সৈতে একে নহয়। এই বহুপদ ৰাশিসমূহৰ শ্ৰেণী বিভাগ কৰাও সহজ নহয়। ২০১৬ চনত বিৰ্কাৰে বাইৰেচনেল টান্সফৰমেচনৰ সহায়ত প্ৰমাণ কৰিলে যে যিকোনো মাত্ৰাৰ বাবে ফান শ্ৰেণী বিভাগক সসীম সংখ্যক পেৰামিটাৰৰ সহায়ত সংজ্ঞায়িত কৰিব পাৰি। ফান ভেৰাইটিছ আৰু বাইৰেচনেল জ্যামিতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিৰ্কাৰক ফিল্ডছ মেডেল দিয়া হয়।

এলেচিঅ’ ফিগালি: জন্ম ১৯৮৪ চনত, ইটালীত। বিজ্ঞানৰ প্ৰতি ৰাপ থকা পাছতো মাক-দেউতাকৰ পৰামৰ্শ মতে ধ্ৰুপদী সাহিত্য-বুৰঞ্জী পঢ়া ফিগলিয়ে হাইস্কুলৰ তৃতীয় বৰ্ষৰ পৰা হে গণিতৰ প্ৰতি আকৰ্ষিত হয়। দেউতাকৰ এজন বন্ধুৰ পৰামৰ্শ মতে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাগ লোৱা ফিগলিয়ে প্ৰথম বাৰৰ বাবে জানিব পাৰে যে গণিতৰ এনে কিছুমান সমস্যা আছে যাৰ কোনো নিদিষ্ট বা সহজ পোনপটীয়া সমাধান নাই; যাৰ সমাধান কৰিবলৈ নিজেই গণিতৰ নতুন ধাৰণা প্ৰথমে উদ্ভাৱন কৰি ল’ব লগা হয়। এই কথা জানি ফিগলি অতি আনন্দিত হৈ পৰে। ২০০৬ চনত Sclora Normale Superior Di Pisa ৰ পৰা স্নাতকোত্তৰ আৰু ২০০৭ চনত Scuolo Normale Superior Di Pisa আৰু Ecole Normale Superior De Lyon ক্ৰমে Luigi Ambrosio আৰু চেদ্ৰিক ভিলানীৰ (ফিল্ডছ মেডেলিষ্ট, ২০১০) তত্তাৱধানত পি.এইচ.ডি. ডিগ্ৰী সম্পূৰ্ণ কৰে। Optimal Transport নামৰ বিষয়ত কৰা গৱেষণাৰ বাবে এলেচিঅ’ ফিগালিক ২০১৮ বৰ্ষৰ ফিল্ডছ মেডেল আগবঢ়ায়। ৩৪ বছৰীয়া ফিগালিৰ মতে গণিত হ’ল, স্বাভাৱিক ভাবে সহজ বিষয়। য‘ত তেওঁ কম সময়ত যথেষ্ট কাম কৰিব পাৰে। সৰুৰে পৰা পঢ়া-শুনাৰ লগতে খেলাধূলাত পাৰদৰ্শী ফিগালিয়ে এটা সাক্ষাৎকাৰত এই বুলি জানিবলৈ দিয়ে, “For me it was always a balance between how good a grade I could get and how much time I had. I was always an optimizer, I wanted the best for the least effort.”

কৰ্ম: ই.টি.এইচ. জুৰিখ আৰু ইউনিভাৰচিটি অব্ টেক্সাচ অষ্টিনত কৰ্মৰত ফিগলিৰ প্ৰধান গৱেষণাৰ বিষয় হ’ল অপটিমেল টান্সপৰ্ট (Optimal transport), পাৰ্চিয়েল ডিফান্সিয়েল ইকুৱেছন, মেট্ৰিক জ্যামিতি আৰু সম্ভাৱিতা তত্ত্ব। চমুকৈ অপটিমেল টান্সপৰ্ট হ’ল, ১৮ শতিকাৰ নাপলেয়ঁ ব’নাপাৰ্তৰ দিনত প্ৰথমে গুৰুত্ব পোৱা এটা গাণিতিক সমস্যা। কিদৰে এটা বস্তু সহজে বা কম সময়ত এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি। যদিও প্ৰথম অৱস্থাত এই সমস্যাবোৰ বিশেষকৈ অৰ্থনীতিবিদসকলে অধ্যয়ন কৰিছিল বিংশ শতিকাৰ ৮০ আৰু ৯০ৰ দশকত পুনৰ গণিতজ্ঞসকলে এই বিষয়ে নতুনকৈ আৰু অধিক সুক্ষ্মভাবে অধ্যয়ন কৰে। বৰ্তমান ফিগলিৰ গৱেষণাৰ ভিত্তিত বহু নতুন আৰু প্ৰয়োজনীয় কামৰ সিদ্ধান্ত সহজে ল’ব পাৰি। উদাহৰণস্বৰূপে মেটিওলজি, এষ্ট্ৰ’ফিজিকছ আদিত ইয়াৰ বহুল প্ৰয়োগ হয়। ৱেডাৰ পেৰ্টান (weather pattern), ক্ৰিষ্টেলৰ (Crystal) বিভিন্ন আকৃতি আদি ধাৰণা বুজাত সহায়ক হয়। সাধাৰণতে স্বাভাৱিক বা আদৰ্শ অৱস্থাত ক্ৰিষ্টেলসমূহ অতি কম শক্তি স্তৰত থাকে, অপটিমেল টান্সপৰ্ট ধাৰণাৰ সহায়ত নতুনকৈ শক্তি প্ৰয়োগ কৰিলে ক্ৰিষ্টেলটোৰ আকৃতি কেনেকুৱা পৰিবৰ্তন হ’ব আদি বিশ্লেষণ কৰিব পৰা যায়।

পিটাৰ শ্বলজে: ফিল্ডছ মেডেল ঘোষণা কৰাৰ সময়ত পিটাৰৰ বয়স ৩০ বছৰ। মাত্ৰ ২২ বছৰ বয়সতে সংখ্যাতত্বৰ ২৮৮ পৃষ্ঠাৰ কিছু পুৰণি প্ৰমেয় আৰু ধাৰণা এটা নতুন ধৰণে মাত্ৰ ৩৭ পৃষ্ঠাত প্ৰমাণ কৰি বিশ্বৰ গণিত সমাজৰ এটা অতি পৰিচিত নাম হৈ পৰে। ১৯৮৭ চনত জাৰ্মানীত জন্মগ্ৰহণ কৰা পিটাৰৰ শিক্ষা জাৰ্মানীৰ বৰ্ন বিশ্ববিদ্যালয়ত। আন্তৰ্জাতিক গণিত অলিম্পিয়াডত তিনিটা সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হোৱা পিটাৰে মাত্ৰ তিনিটা ছেমিষ্টাৰত স্নাতক ডিগ্ৰী আৰু দুটা ছেমিষ্টাৰত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পিটাৰে ২০১২ চনত অধ্যাপক মিচেল ৰেপটৰ তত্তাৱধানত Perfectoid Spaces সম্পৰ্কে গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী সম্পূৰ্ণ কৰে। অতি কম বয়সতে নিজৰ গাণিতিক প্ৰতিভাৰে জ্বিলিকি উঠা পিটাৰক বহুতো উচ্চ পৰ্যায়ৰ গণিতজ্ঞই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী গণিতজ্ঞ বুলি কয়।

কৰ্ম: ২০১২ চনৰ পৰা জাৰ্মানীৰ বৰ্ন বিশ্ববিদ্যালয়ত পূৰ্ণাঙ্গ অধ্যাপক ৰূপে কৰ্মৰত পিটাৰ হ’ল জাৰ্মানীত আটাইতকৈ কম বয়সত নিযুক্তি পোৱা অধ্যাপক। আনহাতে ২০১৮ চনৰ পৰা পিটাৰ জাৰ্মানীৰ মেক্স প্লাংক ইন্সষ্টিটিউট ফৰ্ মেথেমেটিকছৰ সঞ্চালক ৰূপে কৰ্মৰত। পিটাৰৰ গৱেষণাৰ বিষয় হ’ল এৰিথমেটিক জ্যামিতি, পি-এডিক জ্যামিতি, গেল্ওৱা ৰিপ্ৰেজেনটেছন ইত্যাদি।

অক্সয় ভেংকটেছ: ১৯৮১ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা আৰু অষ্ট্ৰেলিয়াৰ পাৰ্থ (Perth) চহৰত ডাঙৰ হোৱা অক্সয় ভেংকটেছে মাত্ৰ ১৬ বছৰ বয়সতে ইউনিভাৰচিটি অব্ ৱেষ্টাৰ্ণ অষ্টেলিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৮ৰ পৰা ২০০২ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত প্ৰফেছৰ পিটাৰ চাৰনাকৰ তত্তাৱধনত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাতে মেধাৰ পৰিচয় দিয়া ভেংকটেছে ক্ৰমে ১১ আৰু ১২ বছৰ বয়সত পদাৰ্থ বিজ্ঞান আৰু গণিত দুয়োটা বিষয়তে আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান অলিম্পিয়াড আৰু আন্তৰ্জাতিক গণিত অলিম্পিয়াডত পদক পাবলৈ সক্ষম হয়। আনহাতে ভেংকটেছ হ’ল অষ্টেলিয়াৰ দ্বিতীয়জন ফিল্ডছ মেডেল লাভ কৰা গণিতজ্ঞ (প্ৰথমজন হ’ল: টেৰেন্স টাও, ফিল্ডছ মেডেল ২০০৬); লগতে এই সন্মান লাভ কৰা দ্বিতীয়জন ভাৰতীয় মূলৰ গণিতজ্ঞ (প্ৰথমজন: মঞ্জুল ভাৰ্গৱ, ফিল্ডছ মেডেল ২০১৪)।

কৰ্ম: বৰ্তমান ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ইন্সষ্টিটিউট ফৰ্ এডভান্সড ষ্টাডি, প্ৰিন্সটনৰ অধ্যাপক ৰূপে কৰ্মৰত ভেংকটেছৰ গৱেষণাৰ পৰিসৰ বিশাল। মূলতঃ সংখ্যাতত্ব, এল-ফানচন, চাবকনভেকচিটি, এলজেব্ৰিক ট’প’লজি, ডাইনামিকেল চিষ্টেম, ৰিপ্ৰেজেনটেছন থিওৰী, এলজেব্ৰিক জ্যামিতি আদি বিষয়ত আগবঢ়োৱা অনবদ্য অবদানৰ বাবে ভেংকটেছক এই সন্মান আগবঢ়ায়। নিজৰ কামৰ বিষয়ে ভেংকটেছে এইবুলি জানিবলৈ দিয়ে, “It take me a long time to really feel satisfied with what I was doing.” গৱেষণাৰ সময়ছোৱাত বহু পৰিমাণৰ গণিত পঢ়া-শুনা কৰা ভেংকটছৰ বাবে গণিতৰ বিভিন্ন উপশাখাৰ মাজত সমন্ধ স্থাপন কৰা সহজ হৈছিল। উদাহৰণস্বৰূপে সংখ্যাতত্ত্ব আৰু ডাইনামিকেল চিষ্টেমৰ মাজত পূৰ্বতে তেনে কোনো প্ৰত্যক্ষ সমন্ধৰ কথা গণিতজ্ঞসকলৰ মনলৈ অহা নাছিল।

(টোকা: বিশ্বৰ অতি উচ্চ পৰ্যায়ৰ চাৰিজন গণিতজ্ঞৰ জীৱন আৰু তেওঁলোকৰ কৰ্মৰ বিষয়ে এটা মাত্ৰ সৰু লেখাত সম্পূৰ্ণৰূপে দাঙি ধৰাটো মুঠেই সম্ভৱ নহয়। আমি মাত্ৰ এটি অাংশিক ছবিহে পাঠকৰ বাবে দাঙি ধৰিবলৈ সক্ষম হৈছো। লগতে বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকে অতিথি অধ্যাপক ৰূপে কৰা কাম, গাণিতিক ধাৰণাৰ প্ৰকৃত সংজ্ঞা, তেওঁলোকে লাভ কৰা অন্যান্য সন্মান, বিভিন্ন বঁটা আদি বহু বিষয় আমি উল্লেখ কৰিব পৰা নাই। তেওঁলোকৰ বিষয়ে অধিক জানিবলৈ ইণ্টাৰনেটত বিভিন্ন প্ৰবন্ধ পঢ়িলে পাঠকসকল অধিক উপকৃত হ’ব বুলি আমাৰ বিশ্বাস।)

তথ্যসূত্ৰ:

১) ৱিকিপিডিয়া৷
২) Quanta Magazine
৩) gonitsora.com

No Comments

Post A Comment