আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু‌ ঈশ্বৰৰ সন্ধান

বিভিন্ন ধৰ্ম-গ্ৰন্থত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কত বিভিন্ন অলৌকিক কথা শুনিবলৈ পোৱা যায়। অমুকখন‌ শাস্ত্ৰত লিখা আছে বাবেই অথবা অমুকজনা গুৰুৱে কৈছে বাবেই কথাখিনি শুদ্ধ নেকি? এনে অলৌকিক কথাবোৰৰ বিজ্ঞান ভিত্তিক সত্যানুসন্ধান আমি কিমানে কৰিছোঁ? এই‌যে‌ আমি‌ সঘনে শুনি থকা অলৌকিক শব্দটো, এই শব্দটোৱে আমাক বহুক্ষেত্ৰত গঠণমূলক অনুসন্ধানৰ বাটত হেঙাৰ হৈ থিয় দিয়ে। যাৰ বাবেই অলৌকিক বিশ্বাসৰ বিপৰীতে সহজে প্ৰশ্ন জাগি নুঠে। যেনে ঈশ্বৰ আছেনে? যদি ঈশ্বৰেই প্ৰকৃতিৰ সকলো নিয়ম নিৰ্ধাৰণ কৰে, তেন্তে প্ৰকৃতিৰ নিয়ম সমূহ কিয় ঈশ্বৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? ঈশ্বৰ যদি সঁচাকৈয়ে সৰ্বশক্তিমান তেন্তে নিজেই নিৰ্ধাৰণ কৰা প্ৰকৃতিক নিয়ম সমূহ‌ তেওঁ কিয় ভংগ কৰিব নোৱাৰে? হয়তো বহুতেই ভাবিব পাৰে ঈশ্বৰেই সমগ্ৰ জীৱজগতৰ বাবে প্ৰকৃতিৰ নিয়ম সমূহ বনাইছে, গতিকে ঈশ্বৰ প্ৰকৃতিৰ (স্থান-কালৰ) বাহিৰৰ অংশ। যদি ঈশ্বৰ প্ৰকৃতিৰ বাহিৰৰে অংশ তেন্তে প্ৰকৃতিৰ বাহিৰৰ পৰা ঈশ্বৰে কিদৰে জীৱজগতৰ মংগল কৰে? কথাবোৰ ‘কনফিউজন’ নহয় নে?

গছৰ পৰা আপেল এটা ওপৰলৈ নগৈ তললৈ কিয় পৰিল? পৃথিৱীখন‌ সূৰ্যৰ চাৰিওফালে কিয় ঘূৰি আছে? বৰ্তমান‌‌ সময়ত এনেধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ নজনা মানুহ হয়তো খুব কমেই ওলাব। কিন্তু এটা সময় আছিল, যি সময়ত মানুহবোৰে এই প্ৰাকৃতিক পৰিঘটনাবোৰৰ প্ৰকৃত উত্তৰ সন্ধান‌ কৰিব পৰা নাছিল। গতিকে এই সকলোবোৰক ‘ঈশ্বৰৰ লীলা’ বুলিয়ে নিজৰ কৌতুহলী মনবোৰক সান্ত্বনা দিছিল। আজিও এচাম মানুহে নিজৰ চিন্তা-বুদ্ধিৰে বুজি নোপোৱা প্ৰাকৃতিক পৰিঘটনাবোৰক ‘ঈশ্বৰৰ লীলা’ বুলিয়ে ভাবে। কিন্তু বিৱৰ্তনৰ কোনোবা এটা পৰ্যায়ত মানুহৰ মস্তিস্কৰ ক্ষমতা উন্নত আৰু জটিল হ’ল, আৰম্ভ হ’ল নানা প্ৰসংগত সন্ধিৎসাজাত প্ৰশ্ন কৰাত৷ সেইদৰে অনুসন্ধিৎসু বহুতৰে উদয় হোৱা স্বাভাৱিক প্ৰশ্ন— আনৰ লগত লীলা কৰা ঈশ্বৰকনো‌ কোনে লীলা কৰিছিল? অৰ্থাৎ ‌বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকাৰী ঈশ্বৰকনো কোনে সৃষ্টি কৰিছিল? আকৌ বহুজনৰ প্ৰশ্ন— ঈশ্বৰ যদি স্বয়ম্ভূ, তেন্তে এই মহাবিশ্ব স্বয়ম্ভূ হ’ব কিয় নোৱাৰে? প্ৰখ্যাত বিজ্ঞানী বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে— “If everything must have a cause then God must have a cause. If there can be anything without a cause,it may just as well be the world as God..” অৰ্থাৎ যদি স্ৰষ্টা‌ অবিহনে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি অসম্ভৱ, তেনেহ’লে আদি কাৰণ ৰূপী সেই স্ৰষ্টাৰেই বা সৃষ্টি হ’ল কেনেকৈ? বৈজ্ঞানিক চিন্তা-চৰ্চাৰ উত্তৰণে আজিৰ মানুহৰ চিন্তা-বুদ্ধিক এনে এটা স্তৰলৈ আনিছে যে এনেবোৰ প্ৰশ্নৰ অৱতাৰণা অযুক্তিৰ বুলি দলিয়াই পেলাব পৰা বিধৰ নহয়৷ এনেধৰণৰ প্ৰশ্নসমূহো‌‌ বিভিন্ন বৈজ্ঞানিক পৰিক্ৰমা তথা অনুশীলনৰে অংশ। বিভিন্ন ধৰ্মৰ ধৰ্ম-গ্ৰন্থত ঈশ্বৰৰ‌ অস্তিত্ব সম্পৰ্কে বিভিন্ন অলৌকিক কথা কোৱা হৈছে। কিন্তু শৃংখলাবদ্ধ‌ অধ্যয়ণ তথা তথ্যসমৃদ্ধ প্ৰমাণৰ‌ দ্বাৰা বিজ্ঞানে‌ প্ৰকৃতিৰ সম্পৰ্কত যিসমূহ যুগান্তকাৰী সিদ্ধান্তত উপনীত হৈছিল বা হৈছে, সেই সমূহ ধৰ্ম-গ্ৰন্থত উল্লিখিত ঈশ্বৰৰ‌ ক্ষেত্ৰত প্ৰযোজ্য হয়নে? এই সম্পৰ্কে আইনষ্টাইনৰ বিশেষ তিনিটা সিদ্ধান্তৰে আমি কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম।

বিজ্ঞানৰ‌ দ্বাৰা‌ আমি প্ৰকৃতিৰ সম্পৰ্কে যিমান দূৰ‌‌ জানিবলৈ সক্ষম হৈছোঁ তাৰ মতে পোহৰতকৈ বেগী কোনো বস্তুৱেই বিশ্বব্ৰহ্মাণ্ডত নাই। প্ৰতি ছেকেণ্ডত পোহৰৰ গতিবেগ তিনি লাখ কিলোমিটাৰ। যাৰ বাবেই এলবাৰ্ট আইনষ্টাইনে পোহৰক এই বিশ্বব্ৰহ্মাণ্ডৰ “স্পীড লিমিড” বুলি কৈ গৈছে। অৰ্থাৎ পোহৰৰ বেগকহে আমি লাভ কৰিব পাৰিম। আৰু যিটো সম্ভৱ কেৱল এনে এটা বস্তুৰ বাবেহে যাৰ ভৰ শূণ্য। আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ সিদ্ধান্ত অনুসৰি যেতিয়া বস্তু এটাৰ বেগ বাঢ়ি‌ যাব তাৰ সমান্তৰালকৈ বস্তুটোৰ‌ ভৰো‌ বৃদ্ধি পাব। কথাটো আচৰিত যেন‌‌ লাগিলেও কিন্তু সঁচা। যিটোৰ গাণিতিক বাখ্যা আমি খন্তেক পাছতেই আলোচনা‌ কৰিম। তীব্ৰ বেগত যোৱা বস্তু এটাৰ ভৰ যিটো হাৰত বৃদ্ধি পাব সেই বস্তুটোক ত্বৰাম্বিত কৰিবলৈও‌ সেই পৰিমাণৰে শক্তিৰ প্ৰয়োজন‌ হ’ব। পোহৰৰ বেগৰ‌ ওচৰ পাওঁতে পাওঁতে বস্তুটোৰ ভৰ ইমানেই বাঢ়ি যাব যে তাক ত্বৰাম্বিত কৰিবলৈ অসীম শক্তিৰ প্ৰয়োজন হ’ব। যিটো বাস্তৱত দিব পৰাটো‌ অসম্ভৱ‌ হৈ‌ পৰে। আন পদাৰ্থ কণিকাৰ কথা বাদ দিও যদি এটা ইলেক্ট্ৰনৰ কথা ধৰো, ইয়ো‌ কিন্তু‌ পোহৰৰ বেগত যাব নোৱাৰে। পোহৰৰ বেগৰ ওচৰ‌ পাওঁতে পাওঁতে ইলেক্ট্ৰনৰ ভৰ ইমানেই বাঢ়ি‌‌ যায়‌ যে ইয়াক ত্বৰাম্বিত কৰিবলৈ যি শক্তিৰ প্ৰয়োজন‌ হ’ব, সি সমগ্ৰ ব্ৰহ্মাণ্ডতেই উপলৱদ্ধ নহ’ব। যিকোনো বস্তু যাৰ ভৰ‌ আছে সি কেৱল পোহৰৰ ৯৯.৯ শতাংশ বেগ পাবলৈহে সক্ষম হয়, যাৰ বাবেই কোনো ভৰযুক্ত কণিকাই‌ পোহৰতকৈ বেগ অতিক্ৰম কৰিব নোৱাৰে। কিন্তু সৰ্বশক্তিমান(?) ঈশ্বৰে পোহৰৰ বেগ অতিক্ৰম কৰিব পাৰে নে? পৃথিৱীৰ ৭৭০ কোটি মানুহৰ প্ৰতিজনৰে প্ৰাৰ্থনা শুনিবলৈ ঈশ্বৰে কিমান বেগত অহা যোৱা কৰিব লাগিব? এইখিনিতে আকৌ‌ বহুতে ক’ব পাৰে,‌ ঈশ্বৰে ক’তো অহা-যোৱা নকৰে, ঈশ্বৰ সকলোতেই বিদ্যমান। তেন্তে, সকলোতে বিদ্যমান ঈশ্বৰ কিয় সমাজৰ হত্যা-হিংসাৰ প্ৰতি নিমাত? কণমাণি নিষ্পাপ ধৰ্ষিতাজনীৰ‌ আকুল বিননি কিয় ঈশ্বৰে নুশুনে? ঈশ্বৰ যদি সকলোতে আছেই তেন্তে ‘মাইক’ লগাই উচ্চ শব্দ-প্ৰাবল্যৰে ঈশ্বৰৰ গুনাণুকীৰ্ত্তণ কৰাৰ যুক্তি ক’ত? মগজুৰ চিন্তা-চৰ্চাক বেছি অনুসন্ধিৎসু হ’বলৈ নিদিয়া বহুজনৰ বাবে এই কথাবোৰো ঈশ্বৰৰ লীলা যেন লাগিলেও প্ৰতিজন মুক্তচিন্তকৰ বাবে কথাবোৰ কিন্তু অনুসন্ধানমূলক।

এই কথা সন্দেহৰ উৰ্দ্ধত যে E=mc^{\text{২}} হ’ল পৃথিৱীৰ সবাটোতকৈ বিখ্যাত গাণিতিক সমীকৰণ বা সম্পৰ্ক। আইনষ্টাইনৰ এই বৈপ্লৱিক সিদ্ধান্তটোক ভৰ-শক্তিৰ সমতুল্যতা নামেৰে জনাজাত। সকলোৰে মাজত এই সমীকৰণটোৰ জনপ্ৰিয়তা ইমানেই বেছি যে এচাম ধৰ্ম-গুৰুৱেও ইয়াৰ অপবাখ্যা ‌কৰি আধ্যাত্মিক চিন্তাধাৰাৰে নিজ নিজ ধৰ্মক শক্তিশালী কৰিবলৈ বিভিন্ন‌ পন্থা লোৱা দেখা গৈছে। কিন্তু আইনষ্টাইনৰ এই বৈপ্লৱিক সিদ্ধান্তটোৰ লগত যদি ঈশ্বৰৰ তুলনা কৰো তেন্তে কি পাম? সমীকৰণটোত E হৈছে শক্তি, m মানে ভৰ আৰু c হ’ল শূণ্যত পোহৰৰ বেগ। যিহেতু c এটা ধ্ৰুৱ ৰাশি, গতিকে ইয়াৰ বৰ্গও এটা ধ্ৰুৱৰাশি হ’ব। গতিকে আইনষ্টাইনে দেখুৱালে যে ভৰ আৰু শক্তি একেই, এটাৰ পৰা আনটো পাব পাৰি এটা ধ্ৰুৱৰাশিৰে হৰণ বা পূৰণ কৰি। ওপৰত উল্লেখ কৰিয়ে আহিছোঁ যে পোহৰৰ বেগেই এই‌ বিশ্বব্ৰহ্মাণ্ডৰ ‘স্পীড লিমিট’। গতিকে শূণ্যত পোহৰৰ বেগ সদায় এটা ধ্ৰুৱ ৰাশি; অৰ্থাৎ প্ৰতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ। গতিকে এক কেজি ভৰৰ বস্তু এটাই যদি পোহৰৰ বেগত গতি কৰে তেন্তে ওপৰৰ ভৰ-শক্তি সমত্যুলতাৰ সমীকৰণটোৰ পৰা উৎপন্ন হ’ব‌ \text{৯}\times\text{১০}^{\text{১৬}} জুল (ইয়াত‌ জুল হৈছে শক্তিৰ একক)। শক্তিৰ অৰ্থাৎ সমীকৰণটো হ’ব এনেধৰণৰ E=\text{১}\times{(\text{৩}\times\text{১০}^{\text{৮}})}^{\text{২}} জুল। বাস্তৱত যদি এনে ধৰণৰ বিশাল শক্তি উৎপন্ন হয় তেন্তে ইয়াৰ পৰা পৃথিৱী সম্পূৰ্ণ বিনাশো হ’ব পাৰে। ঠিক তেনেদৰে ৭৫ কেজি গড় ওজনৰ মানুহ এজনে যদি পোহৰৰ বেগত গতি কৰে, তেন্তে ৭৫ গুণ আৰু অধিক শক্তি উৎপন্ন হ’ব (অৰ্থাৎ, E=\text{৬৭৫}\times\text{১০}^{\text{১৬}} জুল)। সৰ্বশক্তিমান‌ ৰূপে‌ জনাজাত অথচ আমাৰ চকুৰে‌ দেখা ‌নোপোৱা ঈশ্বৰৰ ক্ষেত্ৰতো যদি‌ এটা‌ ক্ষুদ্ৰতম ভৰ‌ ধৰা হয়, তেনেহ’লে সেই‌‌ নিদিষ্ট ভৰৰে পোহৰৰ‌‌ গতিত যদি ঈশ্বৰে পৃথিৱী নিৰ্মাণ কৰিবলৈ‌ আহে, ইয়াৰ‌পৰা‌ উৎপন্ন হোৱা শক্তিয়ে পৃথিৱী নিৰ্মাণ কৰাৰ বিপৰীতে ধ্বংসহে কৰিব। গতিকে সেইফালৰ পৰা চাবলৈ গ’লেও ‘সৰ্বশক্তিমান'(?) ঈশ্বৰে পোহৰৰ বেগত ভ্ৰমণ কৰাটো অবাস্তৱ‌ তথা অসম্ভৱ! কিন্তু আমি আগতেই উল্লেখ কৰিছিলোঁ যে কোনো ভৰযুক্ত বস্তুৱেই পোহৰৰ বেগত যাব নোৱাৰে। কিন্তু কিয়?

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ‌ সিদ্ধান্তসমূহে আমাক বিশ্বব্ৰহ্মাণ্ডখনক নতুনকৈ চাবলৈ‌‌ তথা বুজিবলৈ সহায় কৰিলে। আপেক্ষিকতাবাদৰ এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি দেখুৱা হৈছে যে বস্তু এটাৰ বেগ বৃদ্ধি পালে কিদৰে‌ বস্তু‌ এটাৰ ভৰো বৃদ্ধি পায়। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিব পাৰে, কাৰণ আমি জানো যে বস্তু এটাৰ ভৰ সকলো ঠাইতে একেই, তেন্তে ভৰ আকৌ কেনেকৈ বৃদ্ধি হ’ব? হয় কথাটো‌ আপুনি ঠিকেই ভাবিছে। কিন্তু আমি ইয়াত যিটো ভৰৰ কথা কৈছোঁ সেইটো হৈছে বস্তু এটাৰ স্থিৰ ভৰ। কিন্তু যেতিয়া বস্তুটোৱে তীব্ৰবেগত গতি কৰিব, তেতিয়া সমান্তৰালকৈ ‌তাৰ ভৰো‌ বৃদ্ধি পাব, ঠিক সেইদৰে তাৰ বেগ শূণ্য হোৱাৰ লগে লগে বস্তুটোৰ ভৰ স্থিৰ অৱস্থাত থকা বস্তুৰ লগত সমান হ’ব। গতিকে ঈশ্বৰৰ যদি ভৰ আছে তেন্তে আপেক্ষিকতাবাদৰ সিদ্ধান্ত অনুসৰি ইয়াত কেনেধৰণৰ‌ পৰিবৰ্তন আহিব? ইয়াৰ বাবে আমি আপেক্ষিকতাবাদৰ বিখ্যাত ভৰ-বেগৰ সমীকৰণটো বুজিব লাগিব। সমীকৰণটো এনেধৰণৰ—
m=\frac{m_{\text{০}}}{\sqrt{\text{১}-\frac{v^{\text{২}}}{c^{\text{২}}}}}

ইয়াত m_{\text{০}} হৈছে স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ভৰ। আৰু m হৈছে v বেগত গতি কৰা বস্তু এটাৰ ভৰ বা আপেক্ষিক ভৰ। আৰু c হ’ল শূন্যত পোহৰৰ বেগ।

ধৰাহ’ল, ০<v<c। অৰ্থাৎ বস্তু এটাই যদি পোহৰতকৈ তুলনামূলকভাৱে কম বেগত গতি কৰে, তেন্তে ওপৰৰ গাণিতিক সমীকৰণটো সমাধান কৰিলে পোৱা যাব m_{\text{০}}<m। অৰ্থাৎ v বেগেৰে গতি কৰা‌ বস্তুটোৰ ভৰ, তাৰ স্থিৰ অৱস্থাত থকা ভৰতকৈ বৃদ্ধি পাইছে।
ঠিক সেইদৰে যদি ধৰা হয় v=c, অৰ্থাৎ বস্তু এটাই যদি পোহৰৰ বেগত গতি কৰে তেন্তে, তাৰ ভৰ হ’বগৈ অসীম। অৰ্থাৎ কোনো বস্তু বা পদাৰ্থ কণিকাই যদি পোহৰৰ বেগত গতি কৰে তেন্তে ইয়াৰ ভৰ হ’বগৈ অসীম। ‌কোনো বস্তুৰ ভৰ অসীম মানে ই গোটেই বিশ্বব্ৰহ্মাণ্ডতে বিয়পি আছে। গতিকে ইয়াৰ ভৰ গণনা কৰাটো অসম্ভৱ। তদুপৰি ওপৰত উল্লেখ কৰি অহা ভৰ-শক্তি সমত্যুলতাৰ‌ সিদ্ধান্ত অনুসৰি ভৰ অসীম মানে অকল্পনীয় শক্তি উৎপন্ন হোৱা। গতিকে কোনো ভৰযুক্ত বস্তুয়েই পোহৰৰ গতিত ভ্ৰমণ‌ কৰাটো অসম্ভৱ।‌

আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ আন‌‌ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি তীব্ৰ বেগত ভ্ৰমণ কৰা বস্তুবোৰৰ দৈৰ্ঘ্যতো‌ সালসলনি ঘটে। অৰ্থাৎ বস্তু এটাৰ ভ্ৰমণ বেগ তীব্ৰ হোৱাৰ লগে লগে ইয়াৰ আপেক্ষিক দৈৰ্ঘ্যও কমি যাব। কথাখিনি আমি তলৰ গাণিতিক সমীকৰণটোৰে বুজিব চেষ্টা কৰো আহক।
l=l_{\text{০}}\sqrt{\text{১}-\frac{v^{\text{২}}}{c^{\text{২}}}}

ইয়াত l_{\text{০}} হৈছে স্থিৰ অৱস্থাত থকা বস্তু এটাৰ দৈৰ্ঘ্য আৰু l হৈছে v বেগত ভ্ৰমণ কৰা বস্তুটোৰ দৈৰ্ঘ্য বা আপেক্ষিক দৈৰ্ঘ্য। আৰু c শূন্যত পোহৰৰ বেগ।
ধৰাহ’ল v=c‌। অৰ্থাৎ বস্তু যদি পোহৰৰ বেগত ভ্ৰমণ কৰে, তেন্তে ওপৰৰ সমীকৰণটো সমাধান কৰিলে দেখিম, বস্তুটোৰ আপেক্ষিক দৈৰ্ঘ্য (l) হ’ব শূণ্য। অৰ্থাৎ পোহৰৰ বেগত ভ্ৰমণ কৰা‌ কোনো‌ বস্তুৰে দৈৰ্ঘ্য নাথাকিব।

গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ইমানখিনি বুজিবলৈ সক্ষম যে কোনো ভৰযুক্ত পদাৰ্থই পোহৰৰ গতিত ভ্ৰমণ কৰিব নোৱাৰে। তদুপৰি পোহৰৰ গতিত ভ্ৰমণ কৰা পদাৰ্থৰ ক্ষেত্ৰত আকাৰ বা দৈঘ্য বুলি একোৱেই নাথাকে। যিটো আমি দেখি থকা বাস্তৱ পৃথিৱীখনৰ বাবে অসম্ভৱ। গতিকে পোহৰ বেগত ভ্ৰমণ কৰিবলৈ হ’লে ঈশ্বৰৰ ক্ষেত্ৰতো কোনো ভৰ আৰু আকাৰ একো থাকিব নালাগিব। কিন্তু কথাটো যদি অলপ ওলোটাকৈ ভবা হয় অৰ্থাৎ ঈশ্বৰৰ‌ যদি কোনো ভৰ, দৈৰ্ঘ্য বা আকাৰ নাই, তেন্তে ই পোহৰৰ‌ গতিত কিয় যাব নোৱাৰিব? নিশ্চয় পাৰিব। কিন্তু সেইফালৰ পৰা চাবলৈ গ’লে ঈশ্বৰ যদি‌ ভৰহীন‌ তথা নিৰাকাৰ তেন্তে ঈশ্বৰৰ মগজু থাকিব নালাগিব! গতিকে মগজু, চিন্তা-বুদ্ধি নথকা নিৰাকাৰ ঈশ্বৰে কেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ‌ সৃষ্টি কৰিছিল?

আইনষ্টাইনৰ‌ তিনিটা‌ সিদ্ধান্ত অনুসৰি দেখিলো ‌যে‌ ঈশ্বৰৰে পোহৰৰ গতিত ভ্ৰমণ কৰিব নোৱাৰে। গতিকে ইয়াৰ পৰা প্ৰমাণ হ’ল যে সৰ্বশক্তিমান ঈশ্বৰে নিজে নিৰ্ধাৰণ কৰা প্ৰকৃতিৰ নিয়ম নিজেই ভংগ কৰিব নোৱাৰে। আপেক্ষিকতাবাদৰ সিদ্ধান্ত অনুসৰি ঈশ্বৰ পোহৰৰ‌ বেগত‌‌ যাব নোৱাৰে কাৰণ ঈশ্বৰৰ‌ ভৰ আছে। কিন্তু এই ভৰ‌ আহিল ক’ৰ পৰা? ঈশ্বৰৰ‌ যদি ভৰ আছে, তেন্তে ঈশ্বৰৰ অস্তিত্বও নিশ্চয় বিগ-বেঙৰ‌ পাছত আহিব লাগিব! কাৰণ আমি জানো‌ যে বিজ্ঞানৰ মহানাদ বা বিগ-বেং তত্ত্ব অনুসৰি প্ৰায় ১৩৮০ কোটি বছৰৰ পূৰ্বে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন এটা অসীম ভৰযুক্ত বিন্দুত সূচনা হৈ প্ৰসাৰণ ঘটি ঘটি বৰ্তমানৰ‌ ৰূপ পাইছেহি। বিভিন্ন প্ৰকৃতিক অসন্তুলনৰ বাবে এটা প্ৰচন্দ বিস্ফোৰণ ঘটি সেই বিন্দুতেই সৃষ্টি হৈছিল স্থান, সময়, শক্তি আৰু পদাৰ্থৰ। তাৰ আগত ‌ব্ৰহ্মাণ্ড তথা স্থান‌, সময়, পদাৰ্থ আৰু শক্তিৰ কোনো অস্তিত্ব নাছিল।‌ গতিকে সেইফালৰ পৰা চাবলৈ গ’লে বিগ-বেঙৰ আগত ঈশ্বৰৰ অস্তিত্ব বিচাৰো একপ্ৰকাৰৰ অযুক্তিকৰ কথা! কিন্তু বিগ-বেঙৰ বিস্ফোৰণ হ’ল কেনেকৈ? বিগ-বেং বিস্ফোৰণৰ আঁৰত কিবা প্ৰাকৃতিক অসন্তুলন‌ আছিল‌ নে‌ বিস্ফোৰণৰ ‘টিগাৰ’ স্বয়ম্ভূ ঈশ্বৰে টিপিছিল‌? কিন্তু এইখিনিতে আকৌ এটা প্ৰশ্ন নুঠেনে? ঈশ্বৰ যদি স্বয়ম্ভূ তেন্তে বিশ্বব্ৰহ্মাণ্ডখনৰ উৎপত্তিয়ো স্বয়ম্ভূ (পদাৰ্থবিজ্ঞানৰ কোৱাণ্টাম ফ্লাক্সুৱেচনৰ যোগেৰে সৃষ্টি) কিয় হ’ব নোৱাৰে? যুক্তিৰ খাতিৰত সেইবুলি ধৰি ল’লেও বৰ্তমানলৈকে বিজ্ঞানৰ হাতত ইয়াৰ সঠিক উত্তৰ নাই। কিন্তু ইয়াতো যদি সকলো ঈশ্বৰৰে লীলা বুলি বিভিন্ন‌ অলৌকিক কাহিনী যোগ কৰো, তেন্তে নিশ্চয় আমাৰ জ্ঞান তথা অনুসন্ধিৎসু মনৰ পৰিধি সিমানতে স্তব্ধ হৈ ৰ’ব। তদুপৰি এনেদৰে বিজ্ঞানৰ‌ সীমাবদ্ধতাৰ ফাঁকবোৰত ঈশ্বৰৰ নামেৰে সান্তনা লোৱাটো আলোচনাৰ পৰা সামৰণি মৰাৰ দৰে কথা।‌ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু বিকাশশীল বিজ্ঞানৰ জ্ঞান-সম্পদৰ মাজৰ‌ ব্যৱধানে জন্ম দিয়া এই ঈশ্বৰক “God of the gaps” বোলা হয়। গতিকে একৈশ শতিকাৰ গৱেষণাগাৰত এনে ঈশ্বৰৰ অধ্যয়ণ এটা অপ্ৰাসংগিক বিষয়।

No Comments

Post A Comment