এখন প্ৰাকৃতিক আতচী-কাচৰ ৰহস্য

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে বিজ্ঞানীসকলে বিভিন্ন অত্যধুনিক প্ৰযুক্তি আৱিস্কাৰ কৰি অহিছে৷ আৰু এই প্ৰযুক্তিৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ বহু নতুন নতুন তথ্য আহৰণ কৰিবলৈও সক্ষম হৈছে ৷ তেনে এক অত্যধুনিক প্ৰযুক্তিৰ অন্যতম অৱদান হাবল অন্তৰীক্ষ দূৰবীণ (Hubble space telescope)৷ বিগত বহুবছৰৰ পৰা আজিলৈকে ‘হাবল দূৰবীণ’ৰ পৰা বিজ্ঞানীসকলে বহু তথ্য আহৰণ কৰিলে৷ হাবল দূৰবীণৰ সহায়ত কেৱল দূৰ-দূৰণিৰ তৰা, তৰকাৰাজ্য আদিৰ বিষয়েই নহয়, বিশ্বব্ৰহ্মাণ্ডৰ অতি প্ৰাচীন সময়চোৱাৰ বিষয়েও জনাত বহুখিনি সফল হৈছে৷ কিন্তু সকলো ক্ষেত্ৰতে এনেকুৱাও নহয় যে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ বাবে কেৱল মানৱ নিৰ্মিত যন্ত্ৰৰহে প্ৰয়োগ কৰা হৈছে, কেতিয়াবা কিছুমান প্ৰাকৃতিক ৰহস্য উদ্ঘাটন কৰাত প্ৰকৃতিয়ে নিজেই সহায় কৰিছে৷ তেনে এক প্ৰাকৃতিক পৰিঘটনা হৈছে ‘মহাকৰ্ষণিক লেন্স’ (Gravitational Lensing)৷ যিটো সম্পূৰ্ণৰূপে স্থান-কালৰ (Space-time) বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল৷
’মহাকৰ্ষণিক লেন্স’ পৰিঘটনাটো এখন আতচী কাচৰ দৰে, যাৰ দ্বাৰা আমাৰ পৰা বহু কোটি দূৰত্বত অৱস্থান কৰা তৰা, তাৰকাৰাজ্য, গ্ৰহ আদিক পৰিস্কাৰ তথা পৰিৱদ্ধ (Magnified) ৰূপত চাব পাৰো৷ এই পৰিঘটনাৰ সহায়তেই বিজ্ঞানীসকলে কৃষ্ণপদাৰ্থৰ (dark matter) বিষয়েও অৱগত হৈছিল৷

‘মহাকৰ্ষণিক লেন্স’ কি আৰু ই কিদৰে কাম কৰে তাক জনাৰ আগতে আমি প্ৰথম জানিব লাগিব এখন সাধাৰণ ‘লেন্স’-এ (lens) কিদৰে কাম কৰে৷ সাধাৰণতে লেন্সে প্ৰতিসাৰক মাধ্যম হিচাপে পোহৰ ৰশ্মিৰ দিশক সালসলনি ঘটায়৷ অৰ্থাৎ পোহৰৰ ৰশ্মিক অপসাৰী বা অভিসাৰী কৰে৷ উত্তল লেন্সে সমান্তৰাল পোহৰ ৰশ্মিক অভিসাৰী কৰে আৰু অৱতল লেন্সে সমান্তৰাল পোহৰৰ ৰশ্মিক অপসাৰী কৰে৷ আমি কোনো এটা বস্তুক তেতিয়াহে দেখা পাওঁ যেতিয়া বস্তুটোৰ পৰা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ আমাৰ চকুত পৰে৷ কিন্তু আতচী কাচেৰে চালে আমি কিয় ডাঙৰ দেখোঁ? কাৰণ বস্তুটোত পৰা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ আমাৰ চকুত পৰাৰ আগত এখন বিশেষ ধৰণৰ কাচৰ মাজেৰে আহিবলগীয়া হয়৷ যিহেতু আমি জানো শূন্যত (vacuum) পোহৰ সদায় সৰল ৰেখাৰে (Straight line) গতি কৰে আৰু আমাৰ মানসিক স্থিতিও এনেকুৱা যে পোহৰক সদায় আমি এডাল সৰলৰেখাতে অনুভৱ কৰো; গতিকে সেই বস্তুটোৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰা আগত, আতচী কাচত থকা উত্তল লেন্সৰ মাজেৰে পাৰ হ’বলগীয়া হয়, যি আমাৰ চকুত এটা অসৎ প্ৰতিবিম্ব (virtual image) সৃষ্টি কৰিব, যাৰ বাবেই আমি বস্তুটোক ডাঙৰকৈ দেখিম৷ মহাকাশত মহাকৰ্ষণিক লেন্সেও এখন আতচী কাচৰ দৰে কাম কৰে৷

চিত্ৰ- উত্তল লেন্স

 

১৯১৫ চনত আইষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ দ্বাৰা মহাকৰ্ষণিক বল প্ৰকৃততে কি আৰু ই কেনেকৈ কাম কৰে তাৰ বাখ্যা আগবঢ়াইছিল৷ এই সাধাৰণ আপেক্ষিকতাবাদৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল – এটা গধুৰ বস্তুৰ মহাকৰ্ষণক্ষেত্ৰত পোহৰে পোনভাৱে গতি নকৰে, ই বস্তুটোৰ ফালে বিক্ষেপিত হয়, অৰ্থাৎ হেলনীয়া হৈ পৰে৷ বিক্ষেপনৰ পৰিমাণ অৱশ্যে নিচেই তাকৰ৷ অতি বেছি ভৰৰ (যেনে: সূৰ্য, কৃষ্ণগহ্বৰ, তাৰকাৰাজ্য ইত্যাদি) কাষেদি ন’গলে পোহৰৰ বিক্ষেপন ধৰা পেলোৱা অসম্ভৱ৷

স্থান-কালৰ বক্ৰতা (Space time curvature) নিৰ্ভৰ কৰিব সম্পূৰ্ণ ৰূপে পদাৰ্থৰ ভৰৰ ওপৰত৷ বেছি ভৰৰ পদাৰ্থই স্থান-কালক বেছি বক্ৰ কৰিব, যাৰ ফলত বিক্ষেপিত পোহৰ পৰিমাণো বেছি হ’ব৷ সূৰ্যৰ দৰে গধুৰ ভৰৰ বস্তুবিলাকে তাৰ কাষৰীয়া স্থান-কালক বক্ৰ (Space-time curvature) কৰি ৰাখে; যাৰ ফলত পোহৰেও দিশৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য হয়৷

উদাহৰণস্বৰূপে এখন ফিটফিটিয়াকৈ বান্ধি থোৱা কাপোৰত, আমি যদি এটা গধুৰ বল ৰাখোঁ, সি নিজৰ ভৰৰ বাবে সেই স্থানত কাপোৰখন কিছু তললৈ নমাই দিব৷ সেই গধুৰ বলটোৰ কাষত যদি আন এটা তাতকৈ তুলনামুলকভাৱে পাতল বল ৰাখোঁ, দেখিম সিও নিজৰ ভৰৰ বাবে কাপোৰখন তললৈ নমাই দিব৷ অৰ্থাৎ ফিটফিয়াকৈ বান্ধি ৰখা কাপোৰখনত বল দুটাৰ ভৰে দুটা গাঁতৰ দৰে সৃষ্টি কৰিব৷ যিহেতু গধুৰ বলটোৱে কাপোৰখন বেছি তললৈ বহাই দিব, গতিকে তাৰ কাষত থকা পাতল বলটোৱে গধুৰ বলটোৰ চাৰিওফালে ঘূৰিবলৈ বাধ্য হ’ব৷

 

মহাকাশতো পদাৰ্থৰ উপস্থিতিয়ে স্থান-কালক ওখোৰা-মোখোৰা কৰি পেলায়৷ বিজ্ঞানী বাৰ্ট্ৰাণ্ড ৰাছেলৰ ভাষাত, গধুৰ পদাৰ্থবিলাকে স্থান-কালত এটা ‘পাহাৰ’ সৃষ্টি কৰে৷ ৰাছেলে মহাকৰ্ষণৰ আপেক্ষিকতাবাদী ধাৰণাটোৰ এটা মনোগ্ৰাহী উদাহৰণ দিছে এইদৰে – ধৰাহ’ল, এটা পাহাৰৰ চাৰিওফালে কেইবাখনো গাওঁ আছে আৰু পাহাৰটোৰ শীৰ্ষত ৰাতি সদায় এটা শক্তিশালী পোহৰৰ উৎস ৰখা হয়৷ এখন গাৱঁৰ পৰা আন এখন গাৱঁলৈ যাবলৈ পাহাৰটোৰ গাৰ চাৰিওকাষে কেইবাটাও ৰাস্তা আছে আৰু স্বাভাৱিকতে এই ৰাস্তাবিলাক ঘোৰ খোৱা ধৰণৰ৷ এদিন এখন গাওঁৰ কিছুমান মানুহে পাহাৰটোৰ আনফালে থকা আন এখন গাওঁলৈ যাবলৈ হাতত একোডাল জোৰ লৈ, পাহাৰ গাত থকা ঘোৰ খোৱা ৰাস্তাইদি যাত্ৰা আৰম্ভ কৰিলে৷ এতিয়া গোটেই ঘটনাটো যদি এজন মানুহে পাহাৰটোৰ পৰা বহু ওপৰত থকি লক্ষ্য কৰে, তেন্তে ৰাতিৰ আন্ধাৰত মানুহজনে গাওঁ বা পাহাৰ – এইবোৰ একো দেখা নাপায়৷ তেওঁ মাথোঁ দেখা পাব পাহাৰৰ ওপৰত থকা শক্তিশালী পোহৰৰ উৎসটো আৰু হাতত জোৰ লৈ যোৱা মানুহবোৰক৷ তেওঁ দেখি আচৰিত মানিব যে মানুহবোৰ পোন বাটেদি নগৈ বেকা পথেদি ভ্ৰমণ কৰিছে, পাহাৰটোৰ অস্তিত্ব সম্পৰ্কে অজ্ঞ হোৱাৰ বাবে তেওঁ মানুহবিলাকৰ এনেকুৱা আচহুৱা ভ্ৰমণক শক্তিশালী পোহৰ উৎসটোৰ প্ৰতিক্ৰিয়া বুলি অনুমান কৰিব৷ লগতে মানুহজনে ভাবিব পোহৰৰ উৎসটোৱে পুৰি মৰাৰ ভয়তহে কিজানি মানুহবিলাকে উৎসৰ পৰা আঁতৰি বেঁকা ভাবে ভ্ৰমণ কৰিছে৷ আনহাতে, নিচেই ওচৰৰ পৰা গোটেই ঘটনাটো চাই থকা মানুহ এজনে মানুহবিলাকৰ এনে ‘আচহুৱা’ ভ্ৰমণৰ কাৰণ যে পোহৰৰ উৎস নহয়, পাহাৰটোহে, ঠিকেই বুজি পাব৷

ৰাছেলৰ এই উদাহৰণটোত শক্তিশালী পোহৰৰ উৎসটো হ’ল সূৰ্য আৰু জোৰবিলাক হ’ল সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহবিলাক৷ অৰ্থাৎ আইনষ্টাইনৰ সিদ্ধান্ত অনুসৰি কোনো ‘বল’ৰ প্ৰভাৱত গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে ঘূৰি নুফুৰে; সূৰ্যৰ দৰে অতি ভৰযুক্ত পদাৰ্থই স্থান-কালত এটা ‘পাহাৰ’ৰ সৃষ্টি কৰাৰ ফলতহে সিহঁতে বক্ৰভাৱে যাবলৈ বাধ্য হয়৷ মহাকাশতো মহাকৰ্ষণ বলে এইদৰেই কাম কৰে৷ যাৰ বাবেই মহাকাশত প্ৰতিটো গধুৰ বস্তুৰ চাৰিওফালে তাতকৈ কম ভৰৰ বস্তুবোৰ ঘূৰে৷ যেনে আমাৰ সূৰ্যৰ চাৰিওফালে পৃথিৱীখন যিদৰে ঘূৰি আছে আৰু পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ৷ ঠিক সেইদৰে আমাৰ তাৰকাৰাজ্যখনো এটা বৃহৎ কৃষ্ণগহ্বৰ(black hole)-ৰ চাৰিওফলে ঘূৰি আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু এইদৰেই ভ্ৰাম্যমান৷

গতিকে আইনষ্টাইনৰ সিদ্ধান্ত অনুসৰি অত্যধিক ভৰযুক্ত পদাৰ্থই নিজৰ ভৰ অনুসৰি স্থান-কালক বক্ৰ কৰে, আৰু এনে হোৱাৰ অৰ্থ এইয়ে যে তাৰ কাষেৰে পাৰ হোৱা পোহৰৰ দিশতো সাল-সলনি ঘটিব৷ কাৰণ তেনে ঠাইত স্থান-কালৰ পৰিৱেশ এনেকুৱা হ’ব যে পোহৰে নিজৰ দিশ সলাবলৈ বাধ্য হ’ব৷ গতিকে সেই ঠাইত মহাকৰ্ষণ বলে এখন লেন্সৰ দৰে কাম কৰিব৷

 

বিজ্ঞানৰ প্ৰতিটো তত্ব বাস্তৱ অভিজ্ঞতাৰ সুদৃঢ় ভেটিৰ ওপৰত প্ৰতিষ্ঠিত৷ গতিকে যৌক্তিকভাৱে যিমানেই শক্তিশালী নহওক কিয়, পৰীক্ষাৰ দ্বাৰা সত্যতা প্ৰমাণিত নোহোৱা পৰ্যন্ত বিজ্ঞানত কোনো তত্বই তাৰ প্ৰতিদ্বন্দী তত্বসমূহৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে৷ যদিহে আইনষ্টাইনৰ বাখ্যা শুদ্ধ আছিল, তেন্তে মহাকাশত ভৰযুক্ত পদাৰ্থৰ উপস্থিতিয়ে স্থান-কালক কৰা বক্ৰতাই এখন প্ৰাকৃতিক ‘লেন্স’ (আতচী কাচ) সৃষ্টি কৰিব; যাৰ দ্বাৰা সেই ভৰযুক্ত পদাৰ্থৰ পাছফালে থকা তৰা, তাৰকাৰাজ্য আদিক দেখা পাব লাগিছিল৷ আইনষ্টাইনৰ এই সিদ্ধান্তক প্ৰমাণ কৰি চাবলৈ বিশ্বৰ বিজ্ঞানীসকলৰ বহুতেই আগ্ৰহ প্ৰকাশ কৰিছিল৷ সেইসকলৰ ভিতৰত অন্যতম আছিল ব্ৰিটিছ বিজ্ঞানী ছাৰ আৰ্থাৰ এডিংটন

সেয়া আছিল, ১৯১৯ চনৰ মে’ মাহৰ পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ এটা দিন৷ এডিংটনে টেলিস্কোপেৰে সূৰ্যক পৰ্যবেক্ষণ কৰিছিল৷ সূৰ্যৰ পাছফালে বহুকোটি দূৰত্বত এটা তৰাৰ অৱস্থান আছিল৷ যিটোক সূৰ্যৰ আকাৰ আৰু তীব্ৰ পোহৰৰ বাবে পৃথিৱীৰ পৰা দেখা পোৱা অসম্ভৱ আছিল৷ যাৰ বাবে পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ দিনা পৰ্যবেক্ষণ কৰা হৈছিল, যাতে সূৰ্যৰ তীব্ৰ পোহৰে পৰ্যবেক্ষণত প্ৰভাব পেলাব নোৱাৰে৷ যদি আইনষ্টাইনৰ অনুমান সঁচা আছিল, তেন্তে সূৰ্যই নিজৰ ভৰৰ বাবে স্থান-কালক বক্ৰ কৰিব আৰু সূৰ্যৰ পাছফালে থকা তৰাৰ পোহৰ সূৰ্যৰ কাষেৰে পাৰহৈ আহোতে দিশৰ পৰিৱৰ্তন ঘটিব৷ অৰ্থাৎ ‘মহাকৰ্ষণিক লেন্স'(Gravitational Lensing)ৰ বাবে সেই তৰা আমাৰ পৃথিৱীৰ পৰা দেখা পাব লাগিছিল৷ আশ্চৰ্যকৰ কথা এই যে আইনষ্টাইনৰ থিয়ৰীয়ে যি বাখ্যা কৰিছিল, প্ৰকৃতিৰ আচৰণো ঠিক একেধৰণৰে আছিল৷ এডিংটনো সফল হৈছিল সূৰ্যৰ পাছফালে থকা তৰাটো আৱিস্কাৰ কৰাত; সমান্তৰালকৈ আইষ্টাইনৰ এই যুগান্তকাৰী আপেক্ষিকতাবাদৰ সিদ্ধান্তই বিশ্বব্ৰহ্মাণ্ডক নতুনকৈ চোৱাৰ বাট মুকলি কৰিছিল৷

 

আচলতে ইয়াত, সেই তৰাটোৰ পৰা অহা পোহৰ আমাৰ চকুত পৰিব নালাগিছিল, কিন্তু সূৰ্যৰ নিজৰ ভৰৰ বাবে স্থান-কালত বক্ৰ পথৰ সৃষ্টি হ’ল, যাৰ বাবে সেই তৰাটোৰ পৰা অহা পোহৰ সূৰ্যৰ কাষেৰে পাৰহৈ যাওঁতে হেলনীয়া হৈ পৰিল৷ দিশৰ পৰিৱৰ্তন হোৱা বাবে সেই পোহৰ অনায়সে আমাৰ পৃথিৱীলৈ আহিব পাৰিলে৷ অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰা দেখা গ’ল৷ যিহেতু আমাৰ চকুৱে পোহৰক সদায় সৰল ৰেখাতে অনুভৱ কৰে, গতিকে সূৰ্যৰ পাছফালে থকা সেই তৰাটো আমি পৃথিৱীৰ পৰা দেখা পাম ঠিকেই কিন্তু প্ৰকৃত স্থানত নহয়, এটা বেলেগ স্থানত৷ যাক আমি অসৎ অৱস্থান (Apparent position) বুলি ক’ম৷ এডিংটনে এইদৰে প্ৰকৃতিৰ আতচী কাচখনৰ ৰহস্যক প্ৰমাণ কৰি দেখুৱাইছিল৷ মহাকৰ্ষণিক লেন্স পৰিঘটনাটোৰ সৃষ্টিকাৰী ভৰযুক্ত পদাৰ্থ তথা ভৰযুক্ত পদাৰ্থটোৱে সৃষ্টি কৰা স্থান-কালৰ বক্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানীসকলে সাধাৰণতে মহাকৰ্ষণিক লেন্সক week lensing, strong lensing, micro lensing নামেৰে তিনিটা ভাগত ভাগ কৰিছে৷

মহাকৰ্ষণিক লেন্সৰ সহায়ত বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত কৃষ্ণ পদাৰ্থ(Dark matter)ৰ উপস্থিতি সম্পৰ্কেও অৱগত হৈছে৷ বিশ্বব্ৰহ্মণ্ডৰ প্ৰায় ২৭ শতাংশই কৃষ্ণ পদাৰ্থ আৰু ৬৮% কৃষ্ণ শক্তি (dark energy)৷ বাকী থকা প্ৰায় ৫ শতাংশতকৈও কম আমি দেখা পোৱা সাধাৰণ পদাৰ্থ৷ কৃষ্ণ পদাৰ্থসমূহ আমি দেখা পোৱা সাধাৰণ পদাৰ্থৰ দৰে নহয়৷ কৃষ্ণ পদাৰ্থক আমি দেখা নাপাও, কিন্তু ইয়াৰ উপস্থিতি সম্পৰ্কে বিজ্ঞানীসকলে প্ৰমাণ পাইছে৷ মহাকৰ্ষণিক লেন্স পৰিঘটনাটোৰ দ্বাৰা কৃষ্ণ পদাৰ্থৰ উপস্থিতি সম্পৰ্কে বিজ্ঞানীসকলেনো কিদৰে প্ৰমাণ পাইছিল?

ওপৰৰ আলোচনাৰ পৰা আমি ইমানখিনি বুজিবলৈ সক্ষম যে, ‘Gravitational lensing’ পৰিঘটনাটো দেখা পাবৰ বাবে মহাকাশত পোহৰৰ উৎস আৰু আমাৰ মাজত এটা অত্যন্ত ভৰযুক্ত পদাৰ্থৰ অৱস্থান প্ৰয়োজনীয়৷ ধৰাহ’ল, এখন তাৰকাৰাজ্যৰ (galaxy) পোহৰ আমাৰ চকুত পৰাৰ আগত এটা তাৰকাপুঞ্জ(Galaxy cluster)ৰ মাজেৰে আহিবলগীয়া হয়৷ যিয়ে ইয়াত এখন মহাকৰ্ষণিক লেন্সৰ দৰে কাম কৰিছে৷ মহাকৰ্ষণিক লেন্সৰ বাবে যিমানখিনি তাৰকাৰাজ্যৰ পোহৰ আমাৰ চকুত পৰিছে, সেই পোহৰৰ পৰিমাণক গণনা কৰি আমি ক’ব পাৰিম যে মহাকৰ্ষণিক লেন্স পৰিঘটনাটোৰ বাবে জগৰীয়া তাৰকাপুঞ্জটোৰ ভৰ কিমান৷ কিন্তু ইমানখিনি জানিবলৈ আমাক প্ৰয়োজন হ’ব এটা ‘Computer simulation’ৰ৷ যিহেতু আমি জানো মহাকৰ্ষণিক লেন্সে কিদৰে কাম কৰে, গতিকে সেই একেধৰণেৰে মহাকৰ্ষণিক লেন্স পৰিঘটনাটো আমি কৃত্ৰিমভাৱে Computer simulationত তৈয়াৰ কৰি ল’ম আৰু ইয়াত আমাৰ চকুৰে প্ৰত্যক্ষ কৰা পোহৰৰ ডাটাক সন্নিৱিষ্ট কৰিম৷ এতিয়া আমি যদি মহাকৰ্ষণিক লেন্স পৰিঘটনাটো সৃষ্টিকাৰী তাৰকাপুঞ্জটোৰ গাণনিক(Observed) ভৰ Computer simulationত ভৰাওঁ আৰু আমি যদি চাওঁ যিমান পৰিমাণৰ পোহৰ আমাৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত পোৱা গৈছিল, সিমানখিনি পোহৰ Computer simulationত পাম নে নাপাম? কিন্তু আশ্বৰ্যজনক ভাৱে আমি দেখা পাম, প্ৰত্যক্ষ অনুসন্ধানত আমি যিমানখিনি পোহৰ পাইছিলোঁ, Computer simulationত সিমানখিনি পোহৰ পাবলৈ মহাকৰ্ষণিক লেন্স পৰিঘটনাটো সৃষ্টি কৰা তাৰকাপুঞ্জটোৰ আৰু অধিক ভৰৰ প্ৰয়োজন৷ অৰ্থাৎ Computer simulationত তাৰকাপুঞ্জটোৰ যিমানখিনি ভৰ লোৱা হৈছিল, সিমানখিনি ভৰে পোহৰৰ দিশক সালসলনি কৰিব পৰাকৈ পৰ্যাপ্ত নাছিল, যিমানখিনি পোহৰ আমি প্ৰত্যক্ষ পৰ্যবেক্ষণত পাইছিলোঁ৷ অৰ্থাৎ Computer simulationত তেনে এক মহাকৰ্ষণিক লেন্স পৰিঘটনা কৃত্ৰিমভাৱে সৃষ্টি কৰিবলৈ প্ৰয়োজন হ’ব তেনেকুৱা আৰু ৯ খন তাৰকাপুঞ্জৰ৷ বিজ্ঞানীসকলে গণনা কৰি আচৰিত হৈছিল, প্ৰকৃততে সেই হেৰোৱা ভৰ কি আছিল? সেই হেৰোৱা ভৰৰ সন্ধান কৰিবলৈ বিজ্ঞানীসকলে বিভিন্ন তৰা, কৃষ্ণগহ্বৰ, তাৰকাৰাজ্য আদিৰ ভৰৰ লগত সেই হেৰোৱা ভৰৰ তুলনা কৰিছিল৷ কিন্তু দেখা গৈছিল সেই ভৰ, হেৰোৱা ভৰতকৈ বহুগুণে কম আছিল৷ যাৰ দ্বাৰা বিজ্ঞানীসকল নিশ্চিত হৈছিল বিশ্বব্ৰহ্মাণ্ডত এনে বহু পদাৰ্থ আছে, যিবোৰ দেখা পোৱা নাযায় যদিও সেইবোৰৰ অস্তিত্ব কিন্তু আছে৷ আৰু সেই পদাৰ্থসমূহৰ নিৰ্দিষ্ট ভৰো আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে এনেবোৰ পদাৰ্থ বিয়পি আছে৷ যাৰ দ্বাৰা শক্তিশালী মহাকৰ্ষণিক লেন্স সৃষ্টি হয়৷ যিহেতু এনেবোৰ পদাৰ্থ পোহৰৰ সংস্পৰ্শলৈ নাহে, যাৰ বাবে ইয়াৰ নাম ৰখা হৈছে কৃষ্ণ পদাৰ্থ৷

No Comments

Post A Comment