Hypotheses Non Fingo – 1

১। এইবিধ যৌগ হ’ল প্রথম CFC যৌগ। যৌগবিধ আবিষ্কাৰ কৰিছিল মার্কিন বিজ্ঞানী থমাচ মিডগেলীয়ে। বেয়া গোন্ধ থকাৰ উপৰিও এইবিধ যৌগ বিষাক্তও। ইয়াত কোনবিধ যৌগৰ কথা কোৱা হৈছে?

২। ১৯৩৭ চনত এমিলিও চেগ্রে আৰু কার্লো পেৰিয়াৰে আবিষ্কাৰ কৰা এইবিধ মৌল হ’ল কৃত্রিম ভাবে প্রস্তুত কৰা প্রথমটো মৌল। মলিবডেনামৰ এটা নমুনাত সন্ধান পোৱা এই মৌল বিধৰ নাম কি?

৩। যদি এই ব্যক্তি জন আৰু বেছিদিন জীয়াই থাকিলেহেঁতেন তেন্তে ১৯৫৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আন এজন মহান বিজ্ঞানী লিনাচ পাউলিংৰ সৈতে তেওঁ লাভ কৰিলেহেঁতেন। তেওঁৰ অবদান সমূহৰ ভিতৰত অন্যতম হ’ল— Proton ৰ নামকৰণ, ১৯৩৩ চনত Deuterium Oxide বা গধূৰ পানীৰ আবিষ্কাৰ ইত্যাদি। ব্যক্তিজন কোন?

৪। এওঁ আছিল আমেৰিকাৰ এজন আণৱিক বিজ্ঞানী। Seaborgium মৌলটোৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। তেওঁ হ’ল বিশ্বৰ একমাত্র ব্যক্তি যিয়ে নিজৰ ঠিকনা ৰাসায়নিক মৌলৰ নামেৰে লিখিব পাৰে। ব্যক্তিজন কোন?

৫। ১৯৬৯ চনত স্থাপিত হোৱা কোনটো বৈজ্ঞানিক সংস্থাৰ মূলমন্ত্র হ’ল— “Space technology in the service of human-kind”?

৬। ৰামধেনু (Rainbows) ৰ সাতটা ৰং আছে বুলি আমি সকলোৱে জানো। কিন্তু কেতিয়াবা এনে এক ধৰণৰ ৰামধেনুও দেখিবলৈ পোৱা যায়, যাৰ ৰং অতি পাতল আৰু ইয়াৰ মাথোঁ বহিঃস্থ আৰু অন্তঃস্থ ভাগহে সামান্য ৰঙীন দেখা যায়। ডাঠ কুঁৱলীৰ মাজেৰে সূৰ্য্যৰ পোহৰ অহাৰ ফলত এই ৰামধেনুৰ সৃষ্টি হয়। এই ধৰণৰ ৰামধেনুক কি বুলি কোৱা হয়?

৭। তলৰ ফটো কেইখনৰ মাজত থকা যোগসূত্রটো কি?

pluto

 

৮। তলৰ ফটোত থকা ব্যক্তি কেইজনৰ সহায়ত এটা বিখ্যাত সূত্রৰ নাম উলিয়াব লাগে।

formula

 

৯। ১২৫৫ চনত স্থাপন হোৱা আৰু বৰ্তমান ৰাছিয়াৰ অন্তৰ্গত এই চহৰখনৰ নামটোৰ অৰ্থ জাৰ্মান ভাষাত হ’ল “ৰজাৰ পাহাৰ” (King’s mountain)। এই চহৰখনত থকা এখন বিখ্যাত বিশ্ববিদ্যালয় হ’ল ১৫৪৪ চনত স্থাপন হোৱা এলবাৰ্টিনা বিশ্ববিদ্যালয়। প্রশ্ন হ’ল— এই চহৰখনৰ নামটো বিজ্ঞান জগতৰ লগত কেনেকৈ সংযোগ কৰিব পাৰি?

১০। Giuseppe Piazzi য়ে আবিষ্কাৰ কৰা এই মহাজাগতিক বস্তুবিধৰ নামকৰণ কৰিছিল Sir William Herschel য়ে। গ্রীক ভাষাত এই নামটোৰ অৰ্থ হ’ল Star Like বা Star shaped। এইধৰণৰ প্রথমবিধ বস্তুৰ নাম আছিল Ceres। কি বস্তুৰ কথা কোৱা হৈছে বাৰু?

 

উত্তৰসমূহ :

১। ফ্রিয়ন (Freon)

২। Technetium (Tc)

৩। গিলবাৰ্ট এন লিওইচ।

৪। গ্লেন চিবৰ্গ।

৫। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)।

৬। Fogbows

৭। প্লুটু। পাৰ্চিভেল লৱেলে প্রথমে প্লুটুৰ অৱস্থিতিৰ কথা অনুমান কৰিছিল, ক্লাইড টমৱই প্রথমে এখন ফটোত প্লুটুৰ অৱস্থিতি নিশ্চিত কৰিছিল, প্লুটু হ’ল ৰোমানসকলৰ নৰকৰ দেৱতা, আৰু প্লুটুৰ নামকৰণ কৰিছিল ভেনেটিয়া বাৰ্নি ফাইৰ নামৰ এজনী স্কুলৰ ছাত্রীয়ে।

৮। অ’মৰ সূত্র।

৯। কনিংচবাৰ্গ চহৰ (Konigsberg) আৰু ইয়াৰ সাতখন দলং। যি সংস্থিতি বিজ্ঞান (Topology) আৰু ৰেখ-তত্ত্ব (Graph Theory) ৰ বিকাশৰ বাট মুকলি কৰিছিল।

১০। গ্রহাণুপুঞ্জ (Asteroid)।

 

 Deepjyoti Dekaযুগুতাওঁতা:— দীপজ্যোতি ডেকা।

ম’বাইল:— ৭৮৯৬৩৩৯১৫৩

ই-মেইল:— [email protected]

 

 

 

 

No Comments

Post A Comment