মাৰিয়াম মিৰ্জাখানী

মাৰিয়াম মিৰ্জাখানী(Maryam Mirzakhani)ৰ নাম শুনিছেনে? গণিতৰ লগত জড়িত মানুহখিনিৰ বাবে এটা চিনাকি নাম। গণিতৰ ক্ষেত্ৰখনত মিৰ্জাখানীৰ অৱদান অতুলনীয়। কিছুসংখ্যকে তেওঁক “গণিতৰ ৰাণী” বুলিও অভিহিত কৰে। তেওঁৰ অৱদানক সন্মান জনাই ২০১৪ চনৰ ১৩ আগষ্ট তাৰিখে তেওঁক ফিল্ডছ্ মেডেল (Fields Medal) দিয়া হৈছিল। ২০০৩ চনৰ পৰা এবেল বঁটা প্ৰদান কৰিবলৈ লোৱাৰ আগলৈকে ফিল্ডছ্ মেডেলক গণিতৰ ন’বেল বঁটা আখ্যা দিয়া হৈছিল (এতিয়াও প্ৰায়ে ফিল্ডছ্ মেডেলক গণিত ন’বেল বঁটা আখ্যা দিয়া হয়)। এই বঁটা সাধাৰণতে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে চল্লিছৰ ঊৰ্ধত নোযোৱা চাৰিজনকৈ গণিতজ্ঞক দিয়া হয়। ২০১৪ চনত যেতিয়া মিৰ্জাখানীক এই বঁটা প্ৰদান কৰা হৈছিল, তেওঁ পৃথিৱীৰ প্ৰায় সকলো সংবাদ মাধ্যমৰে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। কাৰণ? কাৰণ ১৯৩৬ চনৰ পৰা দি আহি থকা ফিল্ডছ্ মেডেল পোৱা তেৱেঁই প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ মহিলা। লগতে তেওঁ  ইৰাণৰ প্ৰথমগৰাকী ফিল্ডছ্ মেডেল পোৱা গণিতজ্ঞ।

দুখ লগা কথা এইটোৱেই যে যোৱা ১৫ জুলাইত (২০১৭) কেলিফৰ্নিয়াত এইগৰাকী মহান গণিতজ্ঞৰ দেহাৱসান ঘটে। ২০১৩ চনৰ পৰা তেওঁ কেঞ্চাৰৰ লগত যুঁজি আছিল। তেওঁ এৰি থৈ যায় তেওঁৰ স্বামী, এটি কন্যা সন্তান, আৰু লগতে তেওঁৰ আদৰ্শ। বেমাৰত ভুগি থকাৰ পিছতো তেওঁ গণিত চৰ্চা কৰি গৈ আছিল আৰু ফিল্ডছ্ মেডেলৰ নিচিনা এটা দুৰ্লভ বঁটাৰ অধিকাৰী হবলৈ সক্ষম হৈছিল।

মাৰিয়াম মিৰ্জাখানীৰ জন্ম হৈছিল ১৯৭৭ চনৰ ৩ মে তাৰিখে ইৰাণ দেশৰ তেহৰানত। ১৯৯৪ চনত মিৰ্জাখানী হৈ পৰিছিল ইৰাণৰ প্ৰথমগৰাকী ছোৱালী যিয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰ বছৰ, ১৯৯৫ চনত মিৰ্জাখানী হৈ পৰিছিল প্ৰথমগৰাকী ইৰাণৰ প্ৰতিযোগী যিয়ে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত সম্পূৰ্ণ নম্বৰ পোৱাৰ লগতে দুটাকৈ সোণৰ পদক পাবলৈ সক্ষম হৈছিল। তেহৰানৰ পৰা মিৰ্জাখানীয়ে বি এচ্ চি পাছ কৰি গ্ৰেজুৱেছনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ঢাপলি মেলে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰি তেওঁ গণিতৰ অধ্যাপনা কৰে। প্ৰথমতে প্ৰিন্সটন বিশ্ববিদ্যালয়, তাৰপিছত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰে। মিৰ্জাখানীয়ে নিজকে এজনী লেহেমীয়া গতিৰ গণিতজ্ঞ হিচাপে পৰিচয় দিছিল। তেওঁ কৈছিল, “গণিতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ হ’লে আমি ভালেখিনি শক্তি খৰচ কৰাৰ লগতে আমাৰ সামৰ্থ্যখিনিও কামত লগাব লাগিব।”

মিৰ্জাখানীয়ে তেওঁৰ ক্ষেত্ৰখনত এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে যিবোৰ ব্যৱহাৰ কৰি সেই ক্ষেত্ৰখনৰ গণিতজ্ঞসকলে বহু সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। মিৰ্জাখানীক মেৰী কুৰীৰ লগত তুলনা কৰিব পাৰি, যিগৰাকী বিজ্ঞানীয়ে বিজ্ঞানৰ দুটাকৈ ন’বেল বঁটা পাবলৈ সক্ষম হৈছিল। বহুবছৰ ধৰি সমাধান কৰিব নোৱৰা দুটাকৈ সমস্যাও মিৰ্জাখানীয়ে সমাধান কৰি থৈ গৈছে। তেওঁ আধুনিক গণিতৰ ধাৰাটো বহু পৰিমাণে সলনি কৰি থৈ গ’ল। তেওঁৰ কামবোৰৰ দ্বাৰা আমি বিশ্ব-ব্ৰহ্মাণ্ডৰ আকাৰৰ কথাও গম পাব পৰা হৈছো। মিৰ্জাখানীৰ বিয়োগ গোটেই পৃথিৱীবাসীৰ বাবে এক বৃহৎ ক্ষতি।

২০০৮ চনত ক্লে’ মেথেমেটিকছ্ ইনষ্টিটিউটৰ লগত হোৱা এটা সাক্ষাৎকাৰত মিৰ্জাখানীয়ে কৈছিল যে তেওঁ সৰুতে এজন লেখক হোৱাৰ সপোন দেখিছিল আৰু সৰুতে স্কুলত থাকোতে গণিতত বহু কম নম্বৰ পাইছিল। মিৰ্জাখীনিৰ ককায়েকেহে তেওঁক গণিত আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। স্কুলৰ শেষৰ বছৰটোত তেওঁৰ গণিতৰ প্ৰতি স্পৃহা বাঢ়িছিল আৰু গণিতেই অধ্যয়ন কৰিব বুলি ঠিৰাং কৰিছিল।

মৃত্যুৰ দিনা, মিৰ্জাখানীৰ প্ৰতি সন্মান জনাই ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে এটা চ’ছিয়েল নেটৱৰ্কিং ছাইটত নিজৰ মন্তব্যসহ মিৰ্জাখানীৰ ফটো এখন প্ৰকাশ কৰে। আচৰিত হ’বলগা কথা এইটোৱেই আছিল যে মিৰ্জাখানীৰ ফটোখনত হিজাব নাছিল। ইৰাণৰ পৰম্পৰামতে কোনো মহিলাৰ ফটো ৰাজহুৱা স্থানত বিনা হিজাবত প্ৰকাশ পাব নোৱাৰে আৰু কোনো মহিলা বিনা হিজাবত ৰাজহুৱা স্থানত চলা-ফুৰা কৰিব নোৱাৰে। ২০১৪ চনত ফিল্ডছ্ মেডেল পোৱাৰ সময়ত মিৰ্জাখানীৰ ফটো ইৰাণৰ বাতৰি-কাকতবোৰে সম্পাদনা কৰি হিজাব লগাইহে প্ৰকাশ কৰিছিল আৰু কিছুমান বাতৰি কাকতে মিৰ্জাখানীৰ মুখমণ্ডলৰ অংকিত ছবিৰ একাংশহে প্ৰকাশ কৰিছিল। কিন্তু এতিয়া ইৰাণৰ সকলো বাতৰি-কাকতেই মিৰ্জাখানীৰ প্ৰতিচ্ছবি বিনা হিজাবত প্ৰকাশ কৰিছে। এয়া এজন মহান গণিতজ্ঞৰ প্ৰতি সন্মান তেওঁৰ দেশবাসীৰ দ্বাৰা।  ইৰাণৰ পৰম্পৰামতে, ইৰাণবাসীয়ে অ-মুছলমান লোকৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰে। যদিহে কোনোবাই তেনেকুৱা কৰে তেন্তে তেওঁলোকৰ সন্তানে ইৰাণলৈ আহিব নোৱাৰে। মিৰ্জাখানীয়ে এজন অ-মুছলমান লোকক বিয়া কৰাইছিল, যাৰ লগত তেওঁ একেলগে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। মিৰ্জাখানীৰ মৃত্যুৰ পিছদিনা ইৰাণৰ ৬০জন পাৰ্লিয়ামেণ্টৰ সদস্যই চৰকাৰক তেনেকুৱা পৰম্পৰা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁলোকে কয় যে অ-মুছলমানলোকক বিয়া কৰোৱা ইৰাণবাসীৰ সন্তানে ইৰাণৰ নাগৰিকত্ব পোৱা উচিত। ইয়াৰ জৰিয়তে তেওঁলোকে এইটোৱেই বিচাৰিছে যাতে মিৰ্জাখানীৰ একমাত্ৰ কন্যা সন্তানটিয়ে ইৰাণৰ নাগৰিকত্ব পায়। এইবোৰৰ জৰিয়তে মিৰ্জাখানীৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্য আৰু আত্মীয়তা প্ৰকাশ পায়।

পুৰুষ জাতিটোৱে অধিকাৰ কৰি থকা এই পৃথিৱীখনত মিৰ্জাখানীয়ে ছোৱালীজাতিৰ প্ৰতি থকা আমাৰ মনোভাৱবোৰ এটা এটাকৈ নোহোৱা কৰি গৈ আছিল। মিৰ্জাখানীয়ে গোটেই পৃথিৱীৰে ছোৱালীজাতিটোৰ বাবে এক আদৰ্শ হৈ পৰিল। বিশেষকৈ ইৰাণৰ ছোৱালীবোৰৰ বাবে মিৰ্জাখানী সাহসৰ অন্য নাম হৈ পৰিল। মৃত্যুৰ পিছতো তেওঁৰ প্ৰভাৱ স্থবিৰ হৈ ৰোৱা নাই। তেওঁৰ বাবেই এতিয়া ছোৱালীৰ প্ৰতি থকা ইৰাণ দেশৰ নিয়ম এটা এটাকৈ ভাঙিব ধৰিছে— হিজাব নোহোৱাকৈ তেওঁৰ প্ৰতিচ্ছবি প্ৰকাশ কৰাটোৱেই এই কথা সূচায়।

তলত মিৰ্জাখানীৰ মৃত্যুত প্ৰকাশিত কিছুমান প্ৰতিক্ৰিয়া উল্লেখ কৰা হ’ল:

“A light was turned off today, it breaks my heart … Gone far too soon. A genius? Yes. But also a daughter, a mother and a wife.” —Firouz Naderi, an Iranian Nasa scientist.

“A brilliant mathematical theorist, and also a humble person who accepted honours only with the hope that it might encourage others to follow her path.” —Tessier-Lavigne, the Stanford president.

“RIP #MaryamMirzakhani – a great mathematician and wonderful human being who broke a glass ceiling and inspired many, men and women alike.” —Edward Frenkel, University of California Berkeley professor and the author of the New York Times bestseller Love and Math.

টেৰেন্স টাৱে তেওঁৰ ব্লগত মিৰ্জাখানীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া আগবঢ়ায় আৰু মিৰ্জাখানীক লগ পোৱা মুহূৰ্তসমূহৰ কথা উল্লেখ কৰে।

শেষত এইটোৱেই কও যে, মাৰিয়াম মিৰ্জাখানী সাহসৰ এক প্ৰতীক হৈ ৰওক। তেওঁৰ কামবোৰৰ দ্বাৰাই তেওঁ আমাক সহায় কৰি গৈ থাকিব।

No Comments

Post A Comment