সংখ্যা-শৃংখল ১

থিয়কৈ:

ক) x^y=y^x আৰ্হিত প্ৰকাশ কৰিব পৰা একমাত্ৰ সংখ্যাটো।

খ) আটাইতকৈ সৰু সংখ্যাটো যাক এটা অংক যুক্ত মৌলিক এটাৰেও হৰণ যায়, দুটা অংক যুক্ত মৌলিক এটাৰেও হৰণ যায়, আৰু তিনিটা অংক যুক্ত মৌলিক এটাৰেও হৰণ যায়।

ঙ) যিকোনো এটা মাৰ্চিন মৌলিক {\text{২}}^p-{\text{১}} ক p ৰে হৰণ কৰিলে ৰোৱা বাকীটো।

চ) ৫! + ৬!! + ৭!!! + ৮!!!! + ৯!!!!! + ১০!!!!!! + ১১!!!!!!!।

জ) তিনিটা পৃথক পৃথক অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো।

ঞ) আটাইতকৈ সৰু যৌগিক সংখ্যাটো।

ট) সোণালী ত্ৰিভুজৰ সমান সমান কোণ দুটাৰ প্ৰতিটোৰে মাপ (ডিগ্ৰী এককত)।

ড) আটাইতকৈ সৰু নিখুঁত সংখ্যাটো।

ঢ) ১৪ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো।

ণ) চাৰিটা ক্ৰমিক অশূন্য ঘণ সংখ্যাৰ যোগফল হোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো।

দ) অংককেইটাৰ যোগফল এটা বৰ্গ হোৱা আটাইতকৈ সৰু মৌলিক সংখ্যাটো।

ন) তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু পেলিনড্ৰমটো যিটোক দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলেও এটা পেলিনড্ৰম পোৱা যায়৷

ব) তৃতীয় নিখুঁত সংখ্যাটো৷

য) ৭! – ৬! + ৫! – ৪! + ৩! – ২! + ১!।

ৰ) পাইথাগোৰীয় ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ মাপৰ পূৰণফল হ’ব পৰা আটাইতকৈ সৰু সংখ্যাটো।

পথালিকৈ:

ক) ডিগ্ৰী এককত সুষম ষড়ভুজৰ অন্তৰ্ৱতী কোণ একোটাৰ মাপটো।

খ) আটাইতকৈ সৰু সুহৃদ সংখ্যাটো (amicable number)।

গ) আটাইতকৈ সৰু সংখ্যাটো যাক তাৰ কোনো এটা অংকৰেই হৰণ নাযায়৷

ঘ) একমাত্ৰ সংখ্যাটো, যি তাৰ অংকবোৰৰ যোগফলৰ দুগুণৰ সমান৷

ছ) আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকবোৰৰ যোগফল ৪০৷

ঝ) ১০! ৰ উৎপাদকৰ পৰিমাণটো।

ঠ) ৫ টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকবোৰৰ যোগফলটো ২০৷

ত) প্ৰথম তিনিটা অৰ্ধ-মৌলিকৰ (semiprime) বৰ্গৰ যোগফলটো।

থ) কোনো বহুপদ ৰাশিৰ লেখডাল মূলবিন্দুৱেদি পাৰ হৈ গ’লে, সেই বহুপদ ৰাশিটোৰ নিশ্চিতকৈ ক’ব পৰা মূলটো।

ধ) এটা মৌলিক সংখ্যা আৰু এটা যৌগিক সংখ্যাৰ মাজতে থকা একমাত্ৰ মৌলিক সংখ্যাটো।

প) গুগল নামৰ সংখ্যাটোত থকা অংকৰ পৰিমাণ।

ফ) সুষম বহুভুজ একোটাৰ বহিঃকোণসমূহৰ মুঠ যোগফলটো (ডিগ্ৰী এককত)।

ব) একমাত্ৰ সংখ্যাটো, যি তাৰ অংকবোৰৰ যোগফলৰ পাঁছ গুণৰ সমান৷

ভ) ১ ৰ পৰৱৰ্তী সংখ্যাটো যিটো নেকি এটা বৰ্গ সংখ্যা আৰু এটা ঘণ সংখ্যাও।

ম) দুটা মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা আৰু লগতে দুটা যৌগিক সংখ্যাৰ যোগফল ৰূপেও প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু যৌগিক সংখ্যাটো।

3 Comments

Post A Comment