সংখ্যা-শৃংখল ২

থিয়কৈ:

খ) আটাইতকৈ সৰু যুগ্ম সংখ্যাটো যাৰ অংকবোৰৰ যোগফল ২০৷

গ) চাৰিটা ক্ৰমিক মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা একমাত্ৰ মৌলিক সংখ্যাটো।

ঘ) যুগ্ম সংখ্যক অংকৰে গঠিত আটাইবোৰ পেলিনড্ৰম সংখ্যাক হৰণ যোৱা সংখ্যাটো (১ ক বাদ দি)।

চ) {১, ২} ৰ পৰা {১, ২, ৩, ৪, ৫, ৬, ৭} লৈ পাব পৰা একৈকী ফলনৰ মুঠ সংখ্যা৷

ছ) ১৫ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো, যাৰ অংকবোৰ ওলোটা ক্ৰমত লিখি পোৱা সংখ্যাটোও ১৫ ৰে হৰণ যায়৷

ঞ) দুটা অংকৰে গঠিত আটাইতকৈ সৰু পেলিনড্ৰমটো যিটোক দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলেও এটা পেলিনড্ৰম পোৱা যায়৷

ড) দুটা বৰ্গ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো।

ণ) পৃথক পৃথক অংকৰে গঠিত আটাইতকৈ ডাঙৰ মাৰ্চিন মৌলিক সংখ্যাটো।

ত) আটাইতকৈ ডাঙৰ সংখ্যাটো, যাতকৈ সৰু পৰস্পৰ মৌলিক সংখ্যাবোৰ একোটা মৌলিক সংখ্যাও।

থ) ১০ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো।

ধ) ৫০! সোঁপিনে থকা শূন্যৰ পৰিমাণ।

ন) ৬! – ৭!! – ৮!!! – ৯!!!! – ১০!!!!!।

পথালিকৈ:

ক) আটাইতকৈ সৰু সংখ্যাটো, যি তাৰ অংকবোৰৰ যোগফলৰ সাত গুণৰ সমান৷

গ) আটাইতকৈ সৰু সমৃদ্ধ সংখ্যাটো (abundant number)।

ঙ) ৫০০ টা অংক যুক্ত আটাইতকৈ সৰু মৌলিক সংখ্যাটো পাবলৈ {\text{১০}}^{\text{৪৯৯}} ৰ লগত যোগ কৰিবলগীয়া সংখ্যাটো।

চ) ১ ৰ পৰা ৭ লৈ আটাইকেইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো।

জ) দুটা বৰ্গ সংখ্যাৰ যোগফল ৰূপে দুই ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো।

ঝ) -e^{\pi i}

ট) যিকোনো বৃত্তই নিজৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপটো (ডিগ্ৰী এককত)।

ঠ) একমাত্ৰ সংখ্যাটো, যি তাৰ অংকবোৰৰ যোগফলৰ ৯ গুণৰ সমান৷

ড) মিটাৰ/বৰ্গছেকেণ্ড এককত পৃথিৱীৰ মাধ্যাকৰ্ষণ বল প্ৰায় ৯.৮৷ এই এককত সূৰ্যৰ মাধ্যাকৰ্ষণ বলটো।

ঢ) ৰুলমাৰি আৰু কম্পাছৰ সহায়ত আঁকিব নোৱৰা আটাইতকৈ কম বাহু যুক্ত সুষম বহুভুজটোৰ বাহুৰ সংখ্যা।

ত) ৪ বিটত প্ৰকাশ কৰিব পৰা গোটেইকেইটা দ্বৈত-সংখ্যা (binary number) লিখোঁতে ১ অংকটো কিমানবাৰ লিখিব লগা হয়৷ (সংকেত: ৫ বিটৰ ক্ষেত্ৰত উত্তৰটো ৮০৷)

দ) আটাইতকৈ সৰু মৌলিক সংখ্যাটো, যাৰ প্ৰতিটো অংকই যৌগিক সংখ্যা।

1 Comment

Post A Comment