সংখ্যা-শৃংখল ৫

থিয়কৈ:

ক) ১৮ টা অমৌলিক উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

গ) ৭ অংকটোৰে আৰম্ভ হোৱা আটাইতকৈ সৰু সংখ্যাটো যাক ৩১ ৰে হৰণ যায়৷

ঙ) অষ্টক প্ৰণালীত (ভূমি ৮) পাঁছটা পৃথক পৃথক অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ দশমিক প্ৰণালীৰ ৰূপটো।

চ) আটাইতকৈ সৰু সংখ্যা k টো, যাতে k! ক {\text{২৯}}^{\text{২০}} ৰে হৰণ যায়৷

জ) prime(১৭) ৰ পৰা prime(১৯) ৰ মাজত থকা যৌগিক সংখ্যাকেইটাৰ যোগফলটো৷

ঞ) ৩৫ ক দ্বৈত প্ৰণালীত প্ৰকাশ কৰি ১ আৰু ০ বোৰ পৰস্পৰ সালসলনি কৰি লৈ পুনৰ দশমিক প্ৰণালীত প্ৰকাশ কৰিলে পোৱা সংখ্যাটো৷

ঠ) দুজন মানুহৰ জন্মদিন একেটাই পোৱাৰ সম্ভাৱনা প্ৰায় এশ শতাংশ হ’বলৈ কোঠা এটাত থকিবলগীয়া মানুহৰ ন্যূনতম সংখ্যা।

ড) আটাইতকৈ সৰু সংখ্যাটো যাৰ অংককেইটাৰ পূৰণফলটো {\text{৪}}^{\text{৪}}

ণ) আটাইতকৈ সৰু যৌগিক সংখ্যাটো যাৰ অংকৰ সংখ্যা তাৰ উৎপাদকৰ সংখ্যাৰ সমান।

থ) চাৰিটা পৃথক পৃথক অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো।

দ) আটাইতকৈ সৰু সংখ্যা k টো, যাতে k! ক {\text{৮২}}^{\text{২০}} ৰে হৰণ যায়৷

ধ) তিনিটা পৃথক মৌলিক উৎপাদক বিশিষ্ট আটাইতকৈ সৰু বৰ্গটো।

পথালিকৈ:

ক) দহটা অযুগ্ম উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো।

খ) {১, ২, ৩, ৪, ৫} ৰ পৰা {১, ২, ৩, ৪} লৈ পাব পৰা আচ্ছাদক ফলনৰ সংখ্যা।

গ) (১!)! + (২!)! + (৩!)!৷

ঘ) অংকসমূহত কেৱল ৩ আৰু ০ থকা আটাইতকৈ সৰু সংখ্যাটো যাক ১২ ৰে হৰণ যায়৷

ছ) অংকবোৰৰ যোগফল ৩৪ হোৱা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো৷

ঝ) দহৰ গুণিতক আৰু পেলিনড্ৰমসমূহক বাদ দি আটাইতকৈ সৰু সংখ্যাটো যাক তাৰ অংকবোৰ ওলোটা ক্ৰমত লিখি পোৱা সংখ্যাটোৱে হৰণ যায়৷

ঞ) একমাত্ৰ সংখ্যাটো, যি তাৰ অংকবোৰৰ যোগফলৰ তিনি গুণৰ সমান৷

ট) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো যাৰ অনোন্যকটো এটা পৰিসমাপ্ত দশমিক সংখ্যা।

ড) এইটো এটা ৮×৮ আকৃতিৰ সংখ্যা-শৃংখল। ইয়াৰ পৰা পাব পৰা বৰ্গসমূহৰ কৰ্ণৰ মুঠ সংখ্যা।

ঢ) আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা n টো, যাতে n^{\text{৩}}+{\text{১০০}} ক n + ১০ ৰে হৰণ হয়৷

ণ) তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু বৰ্গ সংখ্যাটো যাৰ অংকবোৰ উৰ্ধক্ৰমত থাকে।

ত) বিখ্যাত গণিতজ্ঞ গডফ্ৰে হেৰল্ড হাৰ্ডিয়ে বিভিন্ন গণিতজ্ঞৰ তীক্ষ্ণতাৰ ভিত্তিত ০ ৰ পৰা ১০০ ৰ ভিতৰত এটা এটা মূল্যাংক বিবেচনা কৰি চাইছিল। তেতিয়া তেওঁ নিজকে দিছিল ২৫ নম্বৰ। ডেভিদ হিলবাৰ্ট নামৰ অমৰ গণিতজ্ঞজনক দিছিল ৮০ নম্বৰ। হাৰ্ডিয়ে ৰামানুজনক দিয়া নম্বৰটো।

1 Comment

Post A Comment