সংখ্যা-শৃংখল ৬

থিয়কৈ:

ক) ৯৮২১ তকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো, যিটো সংখ্যাত ৯৮২১ ত থকা আটাইকেইটা অংক আছে৷

ঙ) ২ ৰ ১৮ তম ঘাতটো ১৬-ভূমিৰ সংখ্যা-প্ৰণালীত প্ৰকাশ কৰিলে পোৱা ৰূপটো।

ছ) prime(prime(৬)) + prime(prime(৭))৷

জ) আটাইতকৈ সৰু অৰ্ধমৌলিক pq টো, যাৰ বাবে p + ১ আৰু q + ১ ও অৰ্ধমৌলিক।

ঝ) prime(৩) + ৩।

ঞ) যিকোনো মৌলিক সংখ্যা p ৰ বাবে p^{\text{৬}} মাত্ৰাৰ এবেলীয় সংঘৰ মুঠ সংখ্যা।

ঠ) ৩ × ৩ × ৩ ৰিউবিকৰ ঘণক (Rubik’s cube) এটাত দেখা পোৱা সৰু আকৃতিৰ বৰ্গবোৰৰ মুঠ সংখ্যা৷

ড) {\text{১.১}}^{\text{৫০}}ৰ কাষতে থকা অখণ্ড সংখ্যাটো৷

ণ) পৰিসীমাটো ১০ আৰু বাহুবোৰৰ দৈৰ্ঘ্য স্বাভাৱিক সংখ্যা হোৱা ত্ৰিভুজৰ মুঠ সংখ্যা।

ত) আটাইতকৈ সৰু সংখ্যাটো, যাৰ কোনো গুণিতকৰ অংকবোৰৰ যোগফল ১০ হ’ব নোৱাৰে৷

ধ) আটাইতকৈ সৰু সংখ্যাটো যাৰ অংককেইটাৰ পূৰণফলটো {\text{৬}}^{\text{৬}}

ফ) ২৯২০১ তকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো, যিটো সংখ্যাত কেৱল ২৯২০১ ত থকা অংককেইটাই আছে৷

পথালিকৈ:

ক) আটাইকেইটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো।

খ) আটাইতকৈ সৰু মৌলিক সংখ্যাটো, যাৰ লগত ৬ যোগ কৰিলে পৰৱৰ্তী মৌলিকটো পোৱা যায়৷

গ) পৰিসীমাটো ২৫ আৰু বাহুবোৰৰ দৈৰ্ঘ্য পৃথক পৃথক স্বাভাৱিক সংখ্যা হোৱা ত্ৰিভুজৰ মুঠ সংখ্যা।

ঘ) এইটো এটা ১০×১০ আকৃতিৰ সংখ্যা-শৃংখল। যদিহে ৪×৪ আকৃতিৰ সংখ্যা-শৃংখল এটা সজা হয়, তেন্তে তাৰ পৰা পাব পৰা বৰ্গসমূহৰ কৰ্ণৰ মুঠ সংখ্যা।

ঙ) একমাত্ৰ সংখ্যা n টো, যাৰ বাবে lcm(n, d(n)) = ৮২, য’ত d(n) মানে n ৰ উৎপাদকৰ সংখ্যা৷

চ) তিনিটা ক্ৰমিক মৌলিক সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা একমাত্ৰ যুগ্ম সংখ্যাটো।

ঞ) যিকোনো মৌলিক সংখ্যা p ৰ বাবে p^{\text{৭}} মাত্ৰাৰ এবেলীয় সংঘৰ মুঠ সংখ্যা।

ট) আটাইতকৈ সৰু n টো, যাৰ বাবে n!! ক n+1 ৰে হৰণ যায়৷

ঢ) একাধিক অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো, যাক অষ্টক প্ৰণালীত প্ৰকাশ কৰিলে এটা পেলিনড্ৰম পোৱা যায়

থ) দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো যাক ওলোটা ক্ৰমত লিখিলে এটা মৌলিক পোৱা যায়৷

দ) আটাইতকৈ সৰু সংখ্যা n টো, যাতে কোনো সংখ্যাৰে অংকবোৰৰ পূৰণফল n^n হ’ব নোৱাৰে৷

ন) আটাইতকৈ সৰু মৌলিক সংখ্যাটো, যাৰ লগত ৮ যোগ কৰিলে পৰৱৰ্তী মৌলিকটো পোৱা যায়৷

প) উত্তৰ মেৰুৰ অক্ষাংশটো (ডিগ্ৰীত)।

1 Comment

Post A Comment