সংখ্যা-শৃংখল ৭ (GONIT SORA)

থিয়কৈ:


ক) ৪ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো, য’ত চাৰিটা ২ অংক ৰূপে থাকে৷

ঘ) আটাইতকৈ সৰু সংখ্যাটো, যাৰ বৰ্গত ৬ টা অংক থাকে৷

ঙ) ১৬ তম মাৰ্চিন মৌলিকটোৰ অংকৰ সংখ্যা৷

জ) পাঁচটা অংকৰে গঠিত অৰ্ধমৌলিকটো, যাৰ পাঁছোটা অংকই সমান৷

ঞ) ৩৭ ৰে হৰণ যোৱা আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো৷

ট) {\text{২}}^{\text{৯}} ক ভূমি ৪ ত প্ৰকাশ কৰিলে পোৱা ৰূপটো৷

ঠ) নটাতকৈ কম অংক থকা মুঠ পেলিনড্ৰমৰ সংখ্যা৷

ঢ) ২২!!!!!৷

ত) কেৱল ১ আৰু ০ অংক ৰূপে থকা আটাইতকৈ সৰু সংখ্যাটো যাক ১৬ ৰে হৰণ যায়৷

থ) আটাইতকৈ ডাঙৰ সংখ্যাটো যাৰ অংকবোৰৰ পূৰণফল {\text{১১}}^{\text{১১}}

ধ) {{{\text{২}}^{\text{২}}}^{\text{২}}}^{\text{২}}

প) ৩ ৰ ৯ তম ঘাতক ৯ ৰ ভূমিত প্ৰকাশ কৰিলে পোৱা ৰূপটো৷

ফ) আটাইতকৈ সৰু সংখ্যাটো যাৰ বৰ্গক ৭২ ৰে হৰণ যায়৷

ম) এখন সাধাৰণ দবাখেলত (৮×৮ আকৃতিৰ chessboardত) ৰজাই ল’ব পৰা পথৰ মুঠ সংখ্যা।

য) ১ আৰু ২ ক বাদ দি একমাত্ৰ সংখ্যাটো, যাৰ প্ৰতিটো উৎপাদক d ৰ বাবে d+১ মৌলিক৷

ৰ) আটাইতকৈ ডাঙৰ সংখ্যাটো য’ত ওচৰা-ওচৰিকৈ থকা প্ৰতিযোৰ অংকৰ অন্তৰ ২৷

ল) ৩৬ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো, যাৰ অংককেইটাত কেৱল ০ আৰু ৩ থাকে৷

ষ) ১০০ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

স) ৩২ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকবোৰৰ যোগফল ২৷

পথালিকৈ:

ক) আটাইতকৈ ডাঙৰ সংখ্যা n টো যাৰ বাবে n+{\text{৫০}}^{\text{২}} ক n+৫০ ৰে হৰণ যায়৷

খ) ১০০০ ৰ পৰৱৰ্তী ১০০০-ভুজীয় সংখ্যাটো৷

গ) C(৮৮,৪৪) বা ^{\text{৮৮}}C_{\text{৪৪}} ৰ আটাইতকৈ ডাঙৰ মৌলিক উৎপাদকটো৷

ঙ) ৫০ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

চ) ১ তকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো যিটো এটা বৰ্গ সংখ্যা, ঘণ সংখ্যা, আৰু চতুৰ্থ ঘাতত থকা সংখ্যাও৷

ছ) এখন সাধাৰণ দবাখেলত (৮×৮ আকৃতিৰ chessboardত) ৰাণীয়ে ল’ব পৰা পথৰ মুঠ সংখ্যা।

জ) (prime({\text{১০}}))^{\text{২}}+(prime({\text{১১}}))^{\text{২}}

ঝ) কেৱল ১ আৰু ০ অংক ৰূপে থকা আটাইতকৈ সৰু সংখ্যাটো যাক ৬ ৰে হৰণ যায়৷

ঠ) চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যাৰ বৰ্গফলটো এটা পেলিনড্ৰম৷

ড) {১,২,…,৩০} × {১,২,…,৩০} × {১,২,…,৩০} ৰ পৰা পোৱা ক্ৰমিত-ত্ৰয়ী (x,y,z) ৰ মুঠ সংখ্যা, যাতে x≤y≤z বা x≥y≥z৷

ণ) আটাইতকৈ সৰু সংখ্যাটো, যাৰ ঘণফলত পাঁছটা অংক আছে৷

দ) ১৫ তকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যা n টো, যাৰ বাবে ৫(n+৫) টো এটা পূৰ্ণবৰ্গ৷

ধ) ১২ তম ত্ৰিভুজীয় সংখ্যাটোৰে হৰণ যোৱা আটাইতকৈ সৰু বৰ্গটো৷

ন) ৫ অংকটোৰে আৰম্ভ হোৱা আটাইতকৈ সৰু সংখ্যাটো, যাৰ মুঠতে পাঁছটা পৃথক পৃথক মৌলিক উৎপাদক আছে৷

ব) এটা ৯ অংক ৰূপে থকা আটাইতকৈ সৰু পেলিড্ৰমিক মৌলিক সংখ্যাটো৷

ভ) একে একে অংক লৈ গঠিত আটাইতকৈ সৰু সংখ্যাটো যাৰ সকলো উৎপাদক একে একে অংকৰে গঠিত নহয়৷

ল) চাৰিটা অংকৰে গঠিত একমাত্ৰ সংখ্যা n টো, যাতে \frac{{\text{৫}}^n}{n+{\text{১}}} এটা অখণ্ড সংখ্যা৷

ৱ) আটাইতকৈ সৰু সংখ্যাটো, যাৰ বৰ্গত ৮ টা অংক থাকে৷

শ) ২৪ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো, যাৰ অংকবোৰত কেৱল ২ আৰু ০ হে থাকে৷

No Comments

Post A Comment