গ্ৰহীয় অভিযান্ত্ৰিকী আৰু মঙলত মানৱ জীৱন

মঙল গ্ৰহৰ ৰঙা ৰংটোৰ বাবেই ই প্ৰাচীন কালৰ পৰাই মানৱ সভ্যতাৰ পৰ্যবেক্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷ যাৰ বাবেই প্ৰাচীন সভ্যতাৰ ভিন্নতাই এই গ্ৰহটোৰ নামাকৰণতো ভিন্নতা আনিছে৷ সৰ্বপ্ৰথমে ইউনানিসকলে মঙল গ্ৰহৰ নাম তেওঁলোকৰ যুদ্ধৰ দেৱতা ‘এৰিচ” হিচাপে নামাকৰণ কৰিছিল; সম্ভৱতঃ গ্ৰহটোৰ ৰং তেজৰ ৰঙৰ লগত থকা সম্পৰ্কৰ বাবেই৷ পাছৰ পৰ্যায়ত সেইধৰণে ৰোমানসকলে মঙল গ্ৰহক যুদ্ধৰ দেৱতা ‘Mars’ নামেৰে নামকৰণ কৰিছিল৷ আজি আমি ইংৰাজীত যাক Mars বুলিয়ে কওঁ৷ সেইসময়ৰ আন বিভিন্ন সভ্যতাসমূহে গ্ৰহটোৰ যি নাম ৰাখিছিল, সেই সকলোৱেই যুদ্ধ, যুদ্ধৰ দেৱতাৰ লগত সম্পৰ্ক আছিল৷ ঠিক সেইদৰে ভাৰতত ইয়াক ‘মঙল’ হিচাপে জনা যায়৷ য’ত মঙল গ্ৰহক একাংশই অশুভ শক্তিৰ প্ৰতীক হিচাপে প্ৰচাৰ কৰা দেখা যায়৷ এই গ্ৰহৰ অশুভ শক্তিৰ পৰা বাছিবলৈ একাংশই মঙলবাৰে উপবাস ৰখা, গ্ৰহৰত্ন পিন্ধা, ৰঙা সূতা বন্ধা আদিৰ দৰে অবৈজ্ঞানিক কাৰ্যকলাপো কৰা দেখা যায়৷ মঙল গ্ৰহক লৈ বৰ্তমান সময়তো ভাৰতবৰ্ষত এখন ‘বিশ্বাস’ৰ বজাৰ চলি আছে৷ ইয়াৰ মূলতে হ’ল মঙল গ্ৰহৰ ৰঙা ৰং আৰু প্ৰাচীন ধৰ্মীয় বিশ্বাস৷

বিজ্ঞান জগতত বিগত শতিকাত সৰ্বাধিক মহাকাশ অভিযান চলোৱা গ্ৰহটোৱেই হৈছে মঙল গ্ৰহ৷ এই মহাকাশ অভিযানসমূহৰ সহায়ত বিজ্ঞানীসকলে মঙল গ্ৰহৰ বহুতো ৰহস্য পোহৰ কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানৰ গৱেষণাই কৈছে মঙল গ্ৰহৰ পৃষ্ঠভাগত প্ৰধানকৈ ‘আইৰণ অক্সাইড’ৰ উপস্থিতিয়ে পৃষ্ঠভাগত ৰঙচোৱা ৰঙৰ সৃষ্টি কৰিছে৷ সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে মঙল গ্ৰহতো জীৱৰ সন্ধান কৰা হৈছিল৷ মঙল গ্ৰহত বহু কোটি বছৰৰ আগতে জীৱৰ অস্তিত্ব যে আছিল সেই কথা গৱেষকসকলে নিশ্চিত কৰিছে৷ কাৰণ প্ৰায় ৩.৪ কোটি বছৰৰ আগতে মঙলগ্ৰহতো পৃথিৱীৰ দৰে পানী তৰল অৱস্থাত আছিল৷ কিন্তু বিভিন্ন মহাজাগতিক প্ৰক্ৰিয়াৰ ফলত মঙলৰ ঘন বায়ুমণ্ডল ক্ৰমাত পাতল হৈ গৈছিল আৰু পানীক তৰল কৰি ৰাখিব পৰা বায়ুমণ্ডলীয় চাপ আৰু উষ্ণতা গ্ৰহটোৱে হেৰুৱাই পেলাইছিল৷ যাৰ ফলত পানীৰ পৰিমাণ ক্ৰমাত কমি গৈছিল আৰু কিছুঅংশ উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত বৰফ ৰূপে থাকি গৈছিল৷ সেইবাবেই আজি দুয়োটা গোলাৰ্দ্ধতে ICE CAP সমূহ দেখা যায়৷ উল্লেখযোগ্য যে যোৱা কিছুবছৰৰ পৰা Curosity নামৰ উন্নত প্ৰযুক্তিৰে নিৰ্মিত ৰৱটিক যানখনে মঙলগ্ৰহৰ কিছুমান বিশেষ অংশত থাকি বৈজ্ঞানিক বিশ্লেষণ অব্যাহত ৰাখিছিল৷ যাতে মঙল গ্ৰহৰ অতীত বা বৰ্তমান পৰিৱেশত জীৱৰ উপস্থিতি/লক্ষণ সম্পৰ্কে সন্ধান দিব পাৰে৷ এইবছৰৰ যোৱা সাত জুনত নাছাই Curosity ৰৱটিক যানখনে বহু পুৰণি জৈৱ অণুৰ (Organic molecule) সন্ধান পোৱা বুলি জানিবলৈ দিয়ে৷ নাছাৰ এই যুগান্তকাৰী সন্ধানে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক মঙল গ্ৰহৰ বিষয়ে আকৌ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে৷ যিহেতু এই জৈৱ অণু Organic molecule) সমূহেই পৃথিৱীত জীৱৰ সৃষ্টিৰ বাবে সূত্ৰধাৰস্বৰূপ৷ গতিকে সেই সময়ত মঙলগ্ৰহত আন নহ’লেও যে কিছুমান জটিল ৰসায়নৰ উপস্থিতি আছিল সেয়া প্ৰমাত হৈছে৷ বিজ্ঞানীসকলৰ মতে এই জৈৱ অণুবোৰ যি সময়ৰ, সেইসময়ত মঙল গ্ৰহ আজিৰ তুলনাত বহু গৰম আছিল আৰু পানী তৰল অৱস্থাত আছিল৷ অৰ্থাৎ প্ৰাচীন কালত মঙল গ্ৰহৰ পৃষ্ঠত যে অতি কমেও অনুবীক্ষণিক জীৱৰ (microbial) উপস্থিতি আছিল তাক নুই কৰিব নোৱাৰি৷ শেহতীয়াকৈ যোৱা মে’ মাহত নাছাই Insight (Interior Exploration using Seismic Investigations, Geodesy and Heat Transport ) নামেৰে এখন ৰৱটিকযান (Robotic Lander) মঙলগ্ৰহলৈ পঠাইছে৷ অহা নৱেম্বৰ মাহত অৱতাৰণ কৰিবলগীয়া ৰবটিক যানখনে মংগলগ্ৰহৰ পৃষ্ঠভাগত প্ৰায় পাঁচ মিটাৰ তললৈ খনন চলাই, ৰঙচুৱা পৃষ্ঠভাগৰ তলৰ অংশৰ ৰহস্য ভেদ কৰিব৷

পৃথিৱীৰ বাহিৰে সৌৰজগতৰ কেৱল বুধ, শুক্ৰ আৰু মংগল গ্ৰহতেই মাটি বা শিলাময় কঠিন আৱৰণ আছে। তাৰ বাহিৰে আন কেইটা গ্ৰহ প্ৰধানকৈ গেছেৰে গঠিত, য’ত কোনো কঠিন আৱৰণ নাই। যদিও বুধ আৰু শুক্ৰ গ্ৰহত কঠিন আৱৰণ আছে, অতি উচ্চ তাপমাত্ৰাৰ বাবেই সূৰ্যৰ নিকটৱৰ্তী গ্ৰহ দুটা জীৱৰ অনুপযুক্ত। বিজ্ঞানীসকলৰ মতে যদিহে মানুহে আন কোনো গ্ৰহৰ বুকুত মানৱ সভ্যতাৰ আৰম্ভনী কৰিব বিচাৰে, তেন্তে সৌৰজগতৰ মংগল গ্ৰহেই হ’ব একমাত্ৰ লক্ষ্যস্থান। কিয়নো পৃথিৱী আৰু মংগলৰ মাজত কিছু সাদৃশ্য আছে। মংগলৰ বুকুত আছে ৰঙচুৱা মাটিৰ আৱৰণ, পাতলকৈ হ’লেও আছে বায়ুমণ্ডলৰ আস্তাৰণ, মংগল গ্ৰহৰ আহ্নিক গতিও পৃথিৱীৰ দৰেই যাৰ বাবে মংগল গ্ৰহৰ দিন-ৰাতিবোৰ আমাৰ পৃথিৱীৰ সময়ৰ লগত প্ৰায় সমান৷ গতিকে মঙল গ্ৰহ সম্পৰ্কত লাভ কৰা ন- পুৰনি তথ্যসমূহে বিজ্ঞানীসকলক ভাবিবলৈ বাধ্য কৰিছে; মঙল গ্ৰহ ভৱিষ্যতৰ মানৱ জীৱনৰ বাবে সম্ভাৱ্যপূৰ্ণ গ্ৰহত পৰিণত হ’ব পাৰে নেকি? যাৰ বাবেই নাছাৰ লগতে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে অহা ২০৩০ চনৰ ভিতৰত মংগললৈ মানৱযান পঠোৱাৰো আগ্ৰহ প্ৰকাশ কৰিছে৷

বিজ্ঞানীসকলে ব্ৰহ্মাণ্ডত বহু গ্ৰহ আৱিস্কাৰ কৰিলে, কিন্তু ক’তো উন্নত জীৱনৰ উপস্থিতিৰ সম্পৰ্কে তথ্য পোৱা নাই৷ আমাৰ সৌৰজগতৰ মঙল গ্ৰহো তেনে এক জীৱহীন গ্ৰহ৷ বৰ্তমান পৰিস্থিতিত মংগল গ্ৰহত জীৱন নিৰ্ৱাহ কৰাৰ কোনো পৰিবেশ নাই যদিও একাংশ বিজ্ঞানীৰ মতে ‘টেৰাফৰ্মিং’ (Terraforming) ৰ জৰিয়তে মঙলগ্ৰহতো জীৱৰ আৰম্ভণি কৰিব পৰা যাব৷ ’Terraforming’ শব্দটো বহু পাঠকৰ বাবে নতুন নাম হ’লেও বিজ্ঞানজগতৰ বাবে এটা পুৰণি নাম৷ বহু আগৰ পৰাই একাংশ বিজ্ঞানীয়ে ‘টেৰাফৰ্মিং’ পদ্ধতিৰ বিষয়ে তাত্বিকভাৱে বহুদূৰ আগবাঢ়িছে৷ আৰু এই ‘টেৰাফৰ্মিং’ৰ বাবে বিজ্ঞানীসকলৰ প্ৰথম পচন্দৰ গ্ৰহ হৈছে মঙল গ্ৰহ ৷ ’টৰাফৰ্মিং’ এনে এক বৈজ্ঞানিক কৌশল যাৰ দ্বাৰা জীৱৰ বাবে অনুপযুক্ত গ্ৰহক, জীৱৰ আৰম্ভণিৰ বাবে প্ৰয়োজনীয় সাম্ভাৱ্যপূৰ্ণ পৰিস্থিতিলৈ ৰূপান্তৰ কৰিব পৰা কৃত্ৰিম পদ্ধতি৷ বিজ্ঞানীসকলৰ মতে ‘টেৰাফৰ্মিং’ৰ জৰিয়তে মঙলগ্ৰহতো পৃথিৱীসদৃশ বাতাৱৰণৰ সৃষ্টি কৰিব পৰা যাব৷ ‘টেৰাফৰ্মিং’ৰ জৰিয়তে জীৱহীন গ্ৰহৰ পৰিৱেশক, জীৱৰ আৰম্ভণিৰ বাবে প্ৰয়োজনীয় পৰিৱেশলৈ ৰূপান্তৰ কৰাৰ বিভিন্ন কৌশল কল্পবিজ্ঞানৰ চিনেমা আৰু গ্ৰন্থৰ জৰিয়তে বহু বছৰৰ আগতেই দেখুওৱা হৈছিল৷ যাৰ বাবেই বৰ্তমান বিজ্ঞানীসকলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে৷ বিশ্ববিশ্ৰুত জ্যোৰ্তিপদাৰ্থবিদ তথা লেখক কাৰ্ল চেগানৰ মতে – “যদি বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাওঁ, মঙল গ্ৰহত জীৱনৰ সন্ধান পাব পাৰো৷ ইয়াৰ কাৰণে আমি প্ৰথম জানিব লাগিব মঙল গ্ৰহত জীৱন আছিল যদি, ইয়াত এনেকুৱা কি হ’ল যে গ্ৰহটো ইমান ঠাণ্ডা আৰু জীৱহীন গ্ৰহলৈ ৰূপান্তৰিত হ’ল৷ আমি যদি এই কথাবোৰ গম পাব পাৰো তেন্তে এনে কিছুমান পদ্ধতিৰ সন্ধান কৰিব পৰা যাব, যাৰ দ্বাৰা মঙল গ্ৰহৰ বৰ্তমানৰ পৰিৱেশক ওলোটা কৰিব পৰা যাব৷”

মঙল গ্ৰহত জীৱন নাই যদিও আন গ্ৰহবোৰতকৈ ভৌগলিকভাৱে বহুগুণে ভাল৷ গৰমত মঙল গ্ৰহৰ সৰ্বোচ্চ উষ্ণতা প্ৰায় ২৭° আৰু ঠান্দাত -১৩৩° চেলছিয়াচ৷ গতিকে ‘টেৰাফৰ্মিং’ৰ জৰিয়তে প্ৰথম মঙল গ্ৰহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব লাগিব৷ বিজ্ঞানীসকলৰ মতে উষ্ণতা নিয়ন্ত্ৰণে গ্ৰহটোৰ বাতাৱৰণক শৃংখলিত ৰূপলৈ পৰিবৰ্তন ঘটাব পাৰিব৷ নাছাৰ মতে এই সময়ত মঙল গ্ৰহক প্ৰাণৰ বাবে জীৱন্ত কৰিবলৈ সকলোতকৈ ভাল পদ্ধতি হ’ব গ্ৰহটোত ক্লৰ’ফ্ল’ৰ’ কাৰ্বন (CFC ) এৰি দিয়া৷ কাৰণ CFC কাৰ্বনডাই অক্সাইডতকৈ হাজাৰগুণে শক্তিশালী এবিধ ‘গ্ৰীনহাউচ’ গেছ৷ CFC দ্বাৰা মঙলগ্ৰহৰ উষ্ণতা বৃদ্ধি কৰাৰ কৌশল সৰ্বপ্ৰথমে ১৯৮৪ চনত প্ৰকাশিত ‘The greening of mars’ নামৰ কল্পবিজ্ঞানৰ গ্ৰন্থখনত James Lovelock and Michael Allabyয়ে উল্লেখ কৰিছিল৷ CFC ক আমাৰ ঘৰুৱা ৰেফ্ৰিজেৰেটৰ সমূহৰ ‘ৰেফ্ৰিজিনেট’ হিচাপে ব্যৱহাৰ কৰা হৈছিল, কিন্তু CFC ৰ পৰা পৃথিৱীৰ অজনস্তৰ ক্ষতি হোৱাৰ তথ্য পোহৰলৈ অহাত ১৯৯৬ চনৰ পৰা ইয়াৰ ওপৰত নিষেধজ্ঞা জাৰি কৰা হৈছিল৷ যিহেতু মঙল গ্ৰহৰ বায়ুমণ্ডল অতি পাতল আৰু পৃথিৱীৰ দৰে অজ’ন স্তৰো নাই, বিজ্ঞানীসকলৰ মতে মঙল গ্ৰহত অত্যধিক পৰিমাণৰ CFC এৰি দিব পাৰিলে, ই সূৰ্যৰ তাপক কাৰ্বন-ডাই অক্সাইডতকৈ বহু হাজৰ গুণ শোষণ কৰি ৰাখিব পাৰিব, যাৰ ফলত মঙল গ্ৰহৰ উষ্ণতা বহুগুণে বৃদ্ধি হ’ব পাৰে৷ যিয়ে গ্ৰহটোৰ বতৰ পৰিৱৰ্তনত সহায় কৰাৰ লগতে Infrared বিকিৰণৰ পৰিমাণ হ্ৰাস কৰিব৷

মঙল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৭% কাৰ্বন অক্সাইডে গেছ আৰু প্ৰায় এক শতাংশ অক্সিজেন৷ তেনে পৰিৱেশত মানৱ জীৱনৰ কল্পনা মাথোঁ এক অলীক কল্পনাহে৷ মঙলক পৃথিৱীসদৃশ কৰিবলৈ ইয়াৰ বায়ুমণ্ডলক আৰু অধিক ডাঠ কৰিব লাগিব৷ যাৰ ফলত ইয়াত থকা পানী তৰল ৰূপলৈ পৰিৱৰ্তিত হ’ব৷

মঙল গ্ৰহ বাহিৰৰ পৰা বহুগুণে পাতল আৰু ঠাণ্ডা হোৱা বাবেই ইয়াত তৰল ৰূপত থকা পানী বহুত সোনকালেই গোট মাৰে অথবা ক’ৰবাত বাষ্প হৈ যায়৷ কিন্তু বেছি সময় তৰল ৰূপত নাথাকে৷ গতিকে ‘টেৰাফৰ্মিং’ৰ দ্বাৰা পৃষ্ঠভাগৰ উষ্ণতা বৃদ্ধি হোৱা মানে South pole আৰু North pole ৰ Ice Caps ত থকা কাৰ্বন-ডাই অক্সাইড (Dry ice) ভাপ হৈ উৰি যাব আৰু বায়ুমণ্ডলত বিয়পি গ্ৰহটোৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি কৰাৰ সহায় কৰিব৷ এই তাপমাত্ৰাই মঙল গ্ৰহত বৰফ গলাবলৈ সক্ষম হ’ব৷ যাৰ ফলত পানী তৰল অৱস্থালৈ আহিব৷ যিটো জীৱৰ আৰম্ভণিৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ কথা৷ তৰল পানীৰ উপস্থিতিয়ে বায়ুমণ্ডলীয় চাপ বহু পৰিমাণে বঢ়াই দিব, যিটো হ’ব পৃথিৱীৰ এভাৰেষ্টৰ ওপৰত পোৱা চাপৰ সমান৷ এনেধৰণে ‘গ্ৰীনহাউচ’ গেছৰ প্ৰয়োগে মঙলৰ বাতাৱৰণ কিছু সালসলনি কৰিব পাৰিলেও, মানুহ থাকিব পৰাটো সম্ভৱ নহ’ব, কিন্তু গছ-গছনিৰ বাবে বহু পৰিমাণে সম্ভৱ হ’ব৷ সেইবাবেই ‘The Martian’ নামৰ কল্পবিজ্ঞানৰ ছবিখনত দেখুওৱাৰ দৰে, বিজ্ঞানী সকলেও পৰীক্ষাগাৰত মঙলগ্ৰহৰ দৰে মাটিত গৱেষণামূলকভাৱে ‘আলু খেতি’ কৰিছিল৷ আৰু চিনেমাখনত দেখুওৱা কাল্পনিক কাহিনীক বাস্তৱলৈ পৰিৱৰ্তন কৰাত বিজ্ঞানীসকল সফল হৈছিল৷ বিজ্ঞানীসকলৰ এই পৰীক্ষাৰ সফলতাই প্ৰমাণ কৰে যে মঙল গ্ৰহতো জীৱন আৰম্ভ হ’ব পাৰে৷

মঙল গ্ৰহৰ উষ্ণতা বৃদ্ধিৰ সম্পৰ্কত বহু বিজ্ঞানীয়ে বহুতো কৌশল আগবঢ়াইছে৷ তাৰ ভিতৰত অন্যতম ‘থাৰ্ম’নিউক্লীয়াৰ’ (Thermo nuclear) বিস্ফোৰণ৷ একাংশ বিজ্ঞানীৰ মতে, ‘থাৰ্ম’ নিউক্লীয়াৰ’ বিস্ফোৰণে গ্ৰহটোৰ বৰফাঞ্চালৰ তলৰ ভাগত অত্যধিক চাপত থকা কাৰ্বন ডাই অক্সাইড, মিথেনৰ দৰে সকলো ‘গ্ৰীন হাউচ’ গেছ বাহিৰ কৰিব৷ যাৰ ফলত মঙল গ্ৰহত বৰফ গলিব পৰা পৰিৱেশলৈ উষ্ণতা বৃদ্ধি পাব৷ তদুপৰি আতচি কাচেৰে (Magnifying glass) সূৰ্যৰ পোহৰক ব্যৱহাৰ কৰি কাগজ জ্বলোৱাৰ দৰে, মঙল গ্ৰহৰ ওপৰত এক বিশেষ দূৰত্বত এখন বিশাল কাঁচৰ দ্বাৰা সূৰ্যৰ পোহৰক মঙলৰ বৰফাবৃত্ত ভূ-পৃষ্ঠলৈ প্ৰতিফলিত কৰি উষ্ণতা বৃদ্ধি কৰিব পৰা যাব৷ যাৰ বাবে লাগিব প্ৰায় ১২৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এখন আইনা, যাৰ দ্বাৰা গ্ৰহটোৰ উষ্ণতা পাঁচ ডিগ্ৰী কেলভিনলৈ বৃদ্ধি কৰিব পৰা যাব৷ আন একাংশ বিজ্ঞানীৰ মতে মঙল গ্ৰহৰ বায়ুমণ্ডলত এমনিয়া এৰি দিব লাগে৷ এমনিয়াৰ প্ৰয়োগে গ্ৰহটোৰ তাপমাত্ৰা ইমান বেছি বঢ়াব নোৱাৰিলেও, বায়ুমণ্টলত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যাব৷

পৃথিৱীৰ দৰে মঙল গ্ৰহত চুম্বকীয় ৰক্ষা কৱচ নাই৷ যাৰ বাবে আধানযুক্ত মহাজাগতিক বিকিৰণসমূহ সহজেই মঙল গ্ৰহৰ বায়ুমণ্ডলত প্ৰবেশ কৰিব পাৰে৷ ‘নাছাৰ’ প্লেনেটেৰী চায়েন্স ডিভিজন’ৰ সঞ্চালক Dr. Jim Green ৰ মতে মঙলগ্ৰহক এখন কৃত্ৰিম চুম্বকীয় ক্ষেত্ৰই ঢাকিব পৰা যাব৷ যাৰ বাবে লাগিব এটা বৃহৎ আৰু শক্তিশালী বৈদ্যুতিক বৰ্তনী আৰু ‘ডাই প’ল’ (Dipole) দৰকাৰ হ’ব৷ দুডাল বিপৰীত আধানযুক্ত চুম্বকক এনেদৰে ৰাখিব লাগিব যাতে, এডাল মঙলগ্ৰহৰ পৃষ্ঠত আৰু আনডাল মঙল গ্ৰহ আৰু সূৰ্যৰ কেন্দ্ৰবিন্দু সংযোগী কাল্পনিক ৰেখাডালৰ (Axis) মাজত থাকিব৷ যাৰ দ্বাৰা এক শক্তিশালী কৃত্ৰিম চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰিব পৰা হ’ব৷

মঙল গ্ৰহৰ কাৰ্বন ডাই অক্সাইড পৰিপূৰ্ণ প্ৰতিকূল পৰিৱেশ মানৱ জীৱনৰ বাবে অনুপযুক্ত৷ তেনে পৰিৱেশত ‘টেৰাফৰ্মিং’ৰ জৰিয়তে অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিব পৰা বিভিন্ন কৌশল বিজ্ঞানীসকল অৱলম্বন কৰিছে৷ পৃথিৱীৰ অক্সিজেন কেৱল সালোক সংশ্লেষণৰ দ্বাৰা উৎপন্ন নহয়, সৰহ ভাগ অক্সিজেন ফাইট’প্লাংকটন’ নামৰ সাগৰীয় উদ্ভিদৰ পৰাহে উৎপন্ন হয়৷ গতিকে মঙল গ্ৰহত পানীক তৰল অৱস্থালৈ আনিব পাৰিলে, অক্সিজেনৰ উৎপত্তিৰ ক্ষেত্ৰতো বহুখিনি সুবিধা আহিব পাৰে৷ আনহাতে নাছাৰ বিজ্ঞানী ৰবাৰ্ট লাইটফুটে প্ৰকাশ কৰা মতে মঙল গ্ৰহত উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত জড়িত ৰসায়নিক বিক্ৰিয়াটো কৃত্ৰিমভাৱে প্ৰয়োগ কৰি অপৰ্যাপ্ত অক্সিজেন উৎপন্ন কৰিব পৰা হ’ব। মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ৯৭ শতাংশ কাৰ্বন ডাই অক্সাইডৰ পৰা কৃত্ৰিম সালোক সংশ্লেষণ পদ্ধতিৰে যথেষ্ট পৰিমাণে অক্সিজেন উৎপাদন কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰতিপন্ন হৈছে। বৰ্তমান নাছাৰ বিজ্ঞানীসকলে শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইডৰ পৰা কাৰ্বন পৰমাণুটো আঁতৰাই অক্সিজেন আহৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পৰীক্ষাটোও তেওঁলোকে ২০২০ চনৰ মঙল গ্ৰহ অভিযানত সম্পন্ন কৰি মংগলৰ বায়ুমণ্ডলত অক্সিজেন সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

বিজ্ঞানীসকলৰ মতে বিশেষ ধৰণৰ কিছুমান বেক্টেৰিয়া মঙল গ্ৰহৰ পৰিবেশত জীয়াই ৰাখিব পৰা হ’ব৷ পৰীক্ষাগাৰত কৃত্ৰিমভাৱে মঙল গ্ৰহৰ দৰে পৰিৱেশ সৃষ্টি কৰি এনেধৰণৰ বেক্টেৰিয়া কিছুমান ৰখা হৈছে৷ বেক্টেৰিয়াবোৰক অত্যধিক ঠাণ্ডা আৰু ৰেডিঅ’এক্টিভ বিকিৰণৰত থাকিবলৈ দিয়া হৈছে, যাতে মঙল গ্ৰহৰ অত্যাধিক ঠাণ্ডা আৰু মহাজাগতিক বিকিৰণৰ পৰা বাছি থাকিব পাৰে৷ উল্লেখযোগ্য যে ISSটো এনেধৰণৰ পৰীক্ষা কৰা হৈছে৷

গ্ৰহীয় অভিযান্ত্ৰিকীৰ (Planetary engineering) দ্বাৰা মঙল গ্ৰহৰ পৰিৱেশ পৃথিৱীসদৃশ কৰাটো এটা Hypothesis হে মথোঁ৷ ‘টেৰাফৰ্মিং’ৰ বাবে আমাক বৰ্তমান ব্যৱহৃত প্ৰযুক্তিতকৈ আৰু অধিক উন্নত প্ৰযুক্তি আৱশ্যক হ’ব৷ যাৰ বাবে হয়টো লাগিব পাৰে আৰু এটা দশক৷ আনহাতে ‘টেৰাফৰ্মিং’ৰ জৰিয়তে গ্ৰহ এটাৰ বাতাৱৰণ পৃথিৱীসদৃশ কৰিবলৈও হয়তো প্ৰয়োজন হ’ব বহু হাজাৰ বছৰৰ৷ তদুপৰি মঙল গ্ৰহক ‘টেৰাফৰ্মিং’ কৰিলেও মঙল গ্ৰহৰ বহুকেইটা চৰিত্ৰ আমি সলাব নোৱাৰো৷ মঙল গ্ৰহত পৃথিৱীৰ দৰে Techtronic’s plate নাই যি কাৰ্বন আৰু পানীক recycle কৰিব পাৰে আৰু ধ্বংস হোৱা পৃষ্ঠভূমিক পুনৰ গঠন কৰিব পাৰে৷ মঙল গ্ৰহৰ এনেকুৱা কোনো ডাঙৰ উপগ্ৰহ নাই যি মঙল গ্ৰহৰ কক্ষক (Axis) সন্তুলন (Balanced) কৰি ৰাখিব পাৰে আৰু পানীত জোৱাৰ-ভাটা আনিব পাৰে৷ তদুপৰি মঙল গ্ৰহৰ কক্ষপথ এটা কণীৰ দৰে যিয়ে মঙল গ্ৰহৰ বতৰত সঘন পৰিৱৰ্তন আনিব পাৰে৷ গ্ৰহটোত পৃথিৱীৰ দৰে কোনো ওখ পৰ্বত-পাহাৰৰ শৃংখলা নাই, যিয়ে বতাহৰ গতিৰোধক হিচাপে কাম কৰি চাপৰ তাৰতম্য আনিব পাৰে৷ তদুপৰি মঙল গ্ৰহ ভূ-তাত্বিক ভাৱে সক্ৰিয় নহয়৷ আটাইতকৈ চিন্তাৰ বিষয় হ’ব মঙলৰ মৰ্ধ্যকৰ্ষণ শক্তি৷ যিটো ‘টেৰাফৰ্মিং’ৰ দ্বাৰা সম্ভৱ নহ’ব৷ যিহেতু মঙল গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি বহুগুণে ক’ম; এনে পৰিৱেশত মানৱ জীৱনৰ আৰম্ভণি সম্ভৱ নহয়৷ যদিও এনে পৰিৱেশত মঙল গ্ৰহত মানৱ জীৱনৰ আৰম্ভণি হয়গৈ, মানুহবোৰ পৃথিৱীতকৈ বহুত ওখ আৰু দুৰ্বল হ’ব, কাৰণ মঙল গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ বহুগুণে কম৷ ISSত হোৱা এক পৰীক্ষাৰ দ্বাৰা জনা গৈছে যে য’ত ‘গ্ৰেভিটি’ ক’ম তাত জন্ম হোৱা প্ৰানীৰ হাড়ৰ পৰা খনিজ পদাৰ্থও নাইকীয়া হয়, আৰু মাংস-পেশী, স্নায়ুতন্ত্ৰৰো দুৰ্বলতা আহে৷

বিজ্ঞান-প্ৰযুক্তিক হেয় প্ৰতিপন্ন কৰিব বিচৰা বহুতৰে মাজত সাধাৰণতে এটা প্ৰশ্ন উঠা দেখা যায়৷ পৃথিৱীৰ দৰে সুন্দৰ গ্ৰহ এটা থকাৰ পাছতো মানৱজীৱনৰ বাবে আন বাসোপযোগী গ্ৰহৰ সন্ধান কৰাৰ যুক্তি ক’ত? মহাকাশ অভিযানৰ নামত ব্যয় কৰা কোটি কোটি টকাৰে পৃথিৱীতে ভালদৰে থাকিব নোৱাৰো কিয়? সামগ্ৰিক দৃষ্টিৰে চাবলৈ গ’লে কথাটো দলিয়াই পেলাব পৰা বিধৰ নহয়৷ কিন্তু আমাৰ ডাঙৰ সমস্যাটো হ’ল পৃথিৱীৰ প্ৰকৃতিক সম্পদৰ ক্ষেত্ৰত৷ য’ত আমি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছোঁ! নিৰ্দিষ্ট মাত্ৰাত সংগ্ৰহীত প্ৰাকৃতিক সম্পদসমূহক বৰ্দ্ধিত জনবিস্ফোৰণে যিধৰণে ব্যয় কৰিছে, অনাগত পাঁচশ বছৰৰ পাছত এই সম্পদৰ নাটনিয়ে মানৱ জীৱনক সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলাব৷ গতিকে পৰ্যাপ্ত প্ৰাকৃতিক সম্পদৰ তুলনাত বৃদ্ধি পোৱা জনবিস্ফোৰণে এনে পৰিস্থিতিৰ উদ্ভৱ কৰিছে, য’ত আমি নিশ্চিতভাৱে ক’ব নোৱাৰো যে আমাৰ আহিবলগীয়া পৰৱৰ্তী প্ৰজন্মৰ বাবে পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ প্ৰচুৰ পৰিমাণে মজুত থাকিব৷ হয়তো তেওঁলোকৰ বাবে এটোপাল পানী, বিশুদ্ধ বায়ু, সুস্থ আহাৰ আদিৰ বাবেও প্ৰতিকুল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ গতিকে এনে পৰিস্থিত বিশ্বৰ বিজ্ঞানী মহল চিন্তিত হৈ পৰিছে, যাৰ বাবেই আহি পৰিছে ভৱিষ্যত প্ৰজন্মৰ বাবে আন সাম্ভৱ্যপূৰ্ণ বাসোপযোগী গ্ৰহৰ সন্ধান৷ আৰু বহু বিজ্ঞানীৰ মতে মঙল গ্ৰহ তেনে এক সাম্ভাৱ্যপূৰ্ণ গ্ৰহ৷

No Comments

Post A Comment