প্ৰশান্ত চন্দ্ৰ মহালানবিস

“এজন খেতিয়কৰ ট্ৰেক্টৰ এখন বেয়া হৈ ৰাস্তাত ৰৈ আছিল, উপায়হীনতাত। তেনেতে আনফালৰ পৰা অহা এজন মানুহে তেওঁক অসুবিধাৰ কথা সুধিলে আৰু নিস্পত্তিৰ উপায় বিচৰাত সহায় কৰিম বুলি ক’লে। অতি কম সময়ৰ অন্তত, খুব কম পৰিশ্ৰমতেই সমস্যা সমাধা হ’ল। তাৰ পিছত খেতিয়কজনে তেওঁক মাননীৰ কথা সোধাত তেওঁ ১০০০০ টকা লাগিব বুলি ক’লে। এইবাৰ খেতিয়কজনৰ আচৰিত হোৱাৰ পাল। ইমান সাধাৰণ কাম এটাৰ বাবে ১০০০০ টকা। তেতিয়া মানুহজনে ক’লে যে ইমান সাধাৰণ কামটোৱেই কৰিব নোৱাৰি তুমি ৰৈ আছিলা, কাৰণ তুমি জনা নাছিলা সমস্যাটো কি আৰু মই জানো বাবে অতি কম সময়তেই সমাধান ওলাল।” প্ৰকৃততে ১০০০০ টকাৰ কথাতো তেওঁ এনেয়ে কৈছিল, তেওঁ খেতিয়কজনৰ পৰা টকা লোৱা নাছিল, কিন্তু তেওঁৰ বাবে ই আছিল শিক্ষাৰ মানদণ্ড আৰু প্ৰয়োজনীয়তাৰ সমন্ধে এটা পাঠ।

হয়তো সকলোৰে বাবেই ই হৈছে শিক্ষাৰ মানদণ্ড আৰু প্ৰয়োজনীয়তাৰ সমন্ধে এটা উত্তম পাঠ। মুখে মুখে প্ৰচলিত এই ঘটনাটোৰ সেই মানুহজন, যিজনে খেতিয়কজনৰ সমস্যাটো সমাধান হোৱাত সহায় কৰিছিল তেওঁ আছিল পি চি মহালানবিস। সম্পূৰ্ণ নাম প্ৰশান্ত চন্দ্ৰ মহালানবিস। তেওঁ এজন ভাৰতীয় বিজ্ঞানী তথা পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ আৰু প্ৰচাৰৰ বাবে কাম কৰা এক প্ৰথিতযশা ব্যক্তিত্ব।

মহালানবিসৰ জন্ম হয় ১৮৯৩ চনৰ জুন মাহৰ ২৯ তাৰিখে। আদিতে তেওঁৰ পৰিয়াল বৰ্ত্তমানৰ বাংলাদেশৰ বিক্ৰমপুৰ নামৰ ঠাইত বাস কৰিছিল। ১৮৫৪ চনত ককাক গুৰুচৰণ কলিকতালৈ (বৰ্ত্তমান কলকাতা) আহিল আৰু তাতেই নিগাজীকৈ থাকিবলৈ আৰম্ভ কৰিলে। তেতিয়াই গুৰুচৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাক দেবেন্দ্ৰনাথ ঠাকুৰৰ সংস্পৰ্শলৈ আহিল আৰু ব্ৰাহ্ম সমাজৰ লগত সাঙোৰ খাই পৰিল। তাৰ পিছতে তেওঁ সকলো সামাজিক ৰীতি-নীতি আওকান কৰি এগৰাকী বিধৱাক বিয়া কৰালে। তেওঁলোকৰেই জ্যেষ্ঠ সন্তান সুবোধচন্দ্ৰ পি চি মহালানবিসৰ পিতৃ। সুবোধচন্দ্ৰও এজন বিশিষ্ট শিক্ষাবিদ আছিল। তেওঁ এডিনবাৰ্গ বিশ্ৱবিদ্যালয়ত শৰীৰ-বিজ্ঞান বিষয়ত শিক্ষাগ্ৰহণ কৰি পিছলৈ কলিকতাৰ প্ৰেছিডেঞ্চী কলেজৰ শৰীৰ-বিজ্ঞান বিভাগৰ মুৰব্বী হয়।

মহালানবিসে শিক্ষাৰম্ভ কৰে ব্ৰাহ্ম বয়জ হাইস্কুলত আৰু ১৯০৮ চনত তেওঁ স্কুলীয়া শিক্ষা সাং কৰে। তাৰপিছত প্ৰেছিডেঞ্চী কলেজত পদাৰ্থবিজ্ঞান বিষয়ক মুখ্য বিষয় হিচাপে লৈ ১৯১২ চনত ‘বেছেলৰ অৱ ছায়েঞ্চ’ ডিগ্ৰী লাভ কৰে। প্ৰেছিডেঞ্চীত তেওঁক শিক্ষা দিয়া শিক্ষকসকলৰ মাজত জগদীশ চন্দ্ৰ বসু আৰু প্ৰফুল্ল চন্দ্ৰ ৰয় অন্যতম। প্ৰখ্যাত বিজ্ঞানী মেঘনাদ সাহা আৰু নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁতকৈ ক্ৰমে এক আৰু দুই বছৰ কনিষ্ঠ আছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে লণ্ডনৰ, লণ্ডন বিশ্ৱবিদ্যালয়ত নামভৰ্তিৰ বাবে উৰা মাৰিলে। কিন্তু লণ্ডনত এখন ৰেলগাড়ী সময়ত ধৰিব নোৱৰাৰ বাবে তেওঁ কিংছ কলেজৰ এজন বন্ধুৰ লগত থাকিব লগা হয়। তাতে তেওঁ কিংছ কলেজৰ প্ৰাৰ্থনা গৃহটিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে আৰু বন্ধুৰ উপদেশক্ৰমে তেওঁ তাতেই নামভৰ্তি কৰে। শেষলৈ গণিত-শাস্ত্ৰ বিশাৰদ শ্ৰীনিবাস ৰামানুজন আৰু পদাৰ্থ বিজ্ঞানী চি টি আৰ ৱিলচনৰ  সান্নিধ্যলৈ আহে। কেভেনদিছ লেবৰেটৰীত ৱিলচনৰ লগত কাম কৰি থকাৰ সময়ত এটা চমু বিৰতিত ভাৰতলৈ আহে আৰু প্ৰেছিডেঞ্চী কলেজৰ অধ্যক্ষৰ নিমন্ত্ৰণত তেওঁ তাত কিছুদিনৰ বাবে পদাৰ্থ বিজ্ঞান পঢ়ায়। তাৰ পিছত তেওঁ পুনৰ লণ্ডনলৈ ঘূৰি যায় আৰু বায়’মেট্ৰিকা নামৰ আলোচনী খনৰ সংস্পৰ্শলৈ আহে। তাৰপৰাই তেওঁ বতৰ-বিজ্ঞান আৰু নৃতত্ৱত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগৰ কথা আৱিষ্কাৰ কৰে আৰু সেই বিষয়ত গৱেষণা আৰম্ভ কৰে। কিছুদিন পিছত পুনৰ ভাৰতলৈ ঘূৰি অহি প্ৰেছিডেঞ্চী কলেজত শিক্ষকতা আৰম্ভ কৰে। ১৯২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত কলিকতাৰ বিশিষ্ট শিক্ষাবিদ তথা ব্ৰাহ্ম সমাজৰ সদস্য হেৰম্বচন্দ্ৰ মৈত্ৰৰ জীয়ৰী নিৰ্মলকুমাৰীৰ লগত কন্যাৰ পিতৃৰ আপত্তি স্ৱত্ৱেও বিবাহ পাশত আবদ্ধ হয়।

মহালানবিস আৰু তেওঁৰ বিভিন্নজন সতীৰ্থ সহকৰ্মীৰ চেষ্টাত কলিকতাত ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান আৰম্ভ হয় আৰু ১৯৩২ চনৰ ২৮ এপ্ৰিলত প্ৰতিষ্ঠানটিৰ পঞ্জীয়ন হয়। তাৰপৰাই মহালানবিসৰ সম্পাদনাত “সংখ্যা” নামৰ পাৰিসংখ্যা বিজ্ঞানৰ গৱেষণা আলোচনীখন প্ৰকাশ পায়। ১৯৩৮ চনত তেওঁ প্ৰতিষ্ঠানটিত প্ৰশিক্ষণৰ কাৰ্যসূচীও আৰম্ভ কৰে। প্ৰখ্যাত বিজ্ঞানী জে বি এছ হেলডেনকোস প্ৰতিষ্ঠানটিলৈ তেওঁ নিমন্ত্ৰণ কৰে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি ১৯৫৭ চনৰ আগষ্ট মাহৰ পৰে ১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহলৈ হেলডেনে গৱেষণা অধ্যাপক হিচাপে মহালানবিসক সহযোগ কৰে। শেষলৈ মহালানবিসে ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত মহালানবিস মডেল গৃহিত হয় আৰু কাৰ্যতঃ ভাৰতৰ ক্ষিপ্ৰ উদ্যোগীকৰণ আৰম্ভ হয়। তেখেত সাংস্কৃতিক ক্ষেত্ৰখনতো আগ্ৰহী আছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সহকাৰী হিছাপে কাম কৰিছিল। ভাৰত চৰকাৰে পদ্মবিভূষণেৰে সন্মানীত কৰা মহালানবিসে ১৯৭২ চনৰ ২৮ জুনত ৭৯ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ এদিন পূৰ্বে মৃত্যুবৰণ কৰে।

No Comments

Post A Comment