শনি-বিশ্বাস আৰু বিজ্ঞান

ভাৰতৰ জনমানসত শনিৰ দৃষ্টি অতি ভয়ানক৷ পৰীক্ষাৰ ফলাফল ভাল নহ’লে, পঢ়িব নোৱাৰিলে, বিয়া-বাৰুৰ “যোগ নাহিলে”, কামত বিফল হ’লে সন্দেহৰ আঙুলি যোৱা গ্ৰহটোৱেই হৈছে শনি৷ মহাকাশ বিজ্ঞানৰ বিস্ময়কৰ অভিযানসমূহৰ আগতেও শনি গ্ৰহ অমংগলৰ কাৰক বুলি ধৰা হৈছিল আৰু আজিৰ মহাকাশ বিজ্ঞানৰ চূড়ান্ত অগ্ৰগতিৰ সময়তো সেই একেই ধাৰণা, একেই অন্ধবিশ্বাস৷ আজিও এচাম মানুহে শনি গ্ৰহক ভয়-সংশয়, হিংসা-সংঘৰ্ষ, বেমাৰ-আজাৰ, মৃত্যু-বিভীষিকা আদিৰ কাৰক বুলি গণ্য কৰে৷ পূজা-পাতলো কৰে৷ জ্যোতিষ শাস্ত্ৰটো শনি গ্ৰহক নেতিবাচক দিশত দেখুৱাই ইয়াৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ গ্ৰহৰত্ন, তাবিজ, পূজা-পাতল, ৰঙাসূতা-ক’লাসূতাৰ বিভিন্ন বিধান দিয়া দেখা যায়৷ সঁচাকৈ এই গ্ৰহটো মানুহৰ দৰে ঈৰ্ষাকাতৰ নেকি? যি পৃথিৱীৰ পৰা লাখ লাখ দূৰৈত অৱস্থান কৰিও পৃথিৱীৰ মানুহৰ বিয়া-বাৰু, পঢ়া-শুনা  আদি কামবোৰত কালিমা সানাত সদায় ব্যস্ত থাকে…!! কিন্তু প্ৰকৃততে শনি গ্ৰহটো কি? শনি গ্ৰহৰ নামত ওলমি থকা অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে বিজ্ঞানৰ পোনপটীয়া যুক্তি-তথ্যক আমি কিমানে হৃদয়ংগম কৰিব পাৰিছোঁ? নে ইয়াতো ধৰ্মীয় আৱেগৰ লগত শনি গ্ৰহক সমৰি সৌৰজগতৰ গ্ৰহসমূহৰ ওপৰত বিজ্ঞানৰ ন ন তথ্যৰাজিক আওকাণ কৰা হৈছে?

বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ ভিতৰত আটাইতকৈ ধুনীয়া (পৃথিৱীক বাদ দি) গ্ৰহটোৱেই হৈছে শনি৷ বহু বছৰৰ আগৰ পৰাই শনি গ্ৰহৰ অতি আকৰ্ষণীয় সৌন্দৰ্যই বিজ্ঞানীসকলক আপ্লুত কৰি আহিছে৷ ১৬১০ চনত গেলিলিওই প্ৰথমবাৰৰ বাবে দূৰবীক্ষণ যন্ত্ৰেৰে শনিগ্ৰহৰ অতি মনোৰম বলয়ৰাশিক (Rings) প্ৰত্যক্ষ কৰিছিল বুলি ভবা হয় যদিও খৃষ্টীয়ান হাইগেনছ নামৰ বিজ্ঞানীজনে ১৬৫৯ চনত শনি গ্ৰহক দৃঢ়তাৰে প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ পাছত বহু বিজ্ঞানীয়ে বিভিন্ন সময়ত শনি গ্ৰহৰ ওপৰত বিভিন্ন তথ্য আগবঢ়াই আহিছে যদিও পায়নিয়াৰ, ভয়েজাৰ আদি মহাকাশ যানৰ দ্বাৰা বিস্তৃতভাৱে বহু তথ্য পোহৰলৈ অহাৰ পাছত তেওঁলোকৰ বহু সূত্ৰ ভুল প্ৰমাণিত হৈছিল৷ শনি গ্ৰহৰ নতুন নতুন ৰহস্যভেদ কৰিবলৈ বিজ্ঞানীসকল আজিও ব্যস্ত৷

‘বিগ বেং তত্ব’ৰ নিয়ম অনুযায়ী বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ পাছত, প্ৰায় ৪.৬ বিলিয়ন (১ বিলিয়ন = ১০০ কোটি) বছৰৰ আগতে এটা ‘Solar Nebula’ বিস্ফোৰিত হৈ সূৰ্যকে কেন্দ্ৰ কৰি আমাৰ সৌৰজগতৰ বাকী গ্ৰহসমূহৰ দৰেই শনি গ্ৰহৰ সৃষ্টি হৈছিল বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ শনি গ্ৰহটো প্ৰধানকৈ হাইড্ৰ’জেন (৯৬%), হিলিয়ামৰ (৩%) দ্বাৰাই গঠিত৷ কেন্দ্ৰীয় অংশটো ধাতৱ হাইড্ৰ’জেনেৰে গঠিত৷ এই অংশ আকৌ আচ্ছাদিত কৰিছে তৰল হাইড্ৰ’জেন আৰু কিছু পৰিমাণৰ হিলিয়ামে৷ ইয়াৰ উপৰি শনি গ্ৰহৰ বায়ুমণ্ডলত মিথেন, ইথেন, নাইট্ৰজেন আদি গেছসমূহৰ সামান্যতম উপস্থিতিও বিজ্ঞানীসকলে ধৰা পেলাইছে৷ বৰফ অৱস্থাৰ এমনিয়া, মিথেন, পানীৰ  উপস্থিতিও নিশ্চিত কৰিছে৷ পৃথিৱীতকৈ প্ৰায় ৯.৫ গুণ ডাঙৰ শনি গ্ৰহৰ ঘনত্ব ইমানেই কম যে পানীত অনায়সে ওপঙি থাকিব পাৰিব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ শিল, ধূলি আৰু বৰফেৰে গঠিত শনি গ্ৰহৰ প্ৰায় ৩০টাকৈ অধিক বলয় আছে৷ বলয়সমূহ A, B, C, D, E, F নামেৰে সাতটা ভাগত বিভক্ত৷ এই বিস্ময়কৰ বলয়সমূহ বিজ্ঞানীসকলৰ অনুসন্ধিৎসু মনৰ বাবে সদায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷ ১৯৯৭ চনত  নাছা, ইউৰোপীয়ান স্পেচ এজেঞ্চি আৰু ইটালিয়ান স্পেচ এজেঞ্চি (NASA-ESA-ASI)ৰ সহযোগত শনি গ্ৰহ অভিমুখে পঠোৱা মানৱবিহীন Cassini-Huygen মহাকাশযানখনে বৰ্তমানেও শনি গ্ৰহৰ পৰা বিভিন্ন তথ্য বিজ্ঞানীসকললৈ পঠায় আছে৷ “Nominal Mission”, “Equinox mission” আৰু “Solstice mission” তিনিটা অভিযানেৰে অন্ত পৰিব লগীয়া মহাকাশযানখনৰ “Solstice Mission”ৰ অন্ত পৰিব এইবছৰৰ ১৫ চেপ্তেম্বৰত৷ সুদীৰ্ঘ ২০ বছৰে শনিৰ কক্ষপথত পৰিভ্ৰমণ কৰি থকা Cassini মহাকাশযানখনে প্ৰধানকৈ শনি গ্ৰহৰ আভ্যন্তৰীণ গঠন, আভ্যন্তৰীণ পৰিৱেশ ,উষ্ণতা আদি আনুসাংগিক বিষয়ৰ পৰ্যাবেক্ষণৰ লগতে, শনি গ্ৰহৰ বিস্ময়কৰ বলয়ৰাশিৰ ওপৰতো পৰ্যাবেক্ষণ অব্যাহত ৰাখিছে৷ আনহাতে Huygenয়ে প্ৰধানকৈ শনিগ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ ‘টাইটান’ৰ পৃষ্ঠভূমিত অৱতৰণ কৰাৰ পৰা ‘টাইটান’ৰ অভ্যন্তৰীণ গঠনৰ পদাৰ্থকণিকা, আভ্যন্তৰীণ পৰিৱেশ আদিৰ বহু নতুন নতুন তথ্য বিজ্ঞানীসকললৈ প্ৰেৰণ কৰিলে৷ আশা কৰা হৈছে Cassini-Huygen মহাকাশ অভিযানে শনি আৰু টাইটানৰ বিষয়ে পূৰ্বে নজনা বহু তথ্য পোহৰলৈ আনিব৷ এই বিভিন্ন তথ্যসমূহ বিশ্লেষণৰ পাছত টাইটান আৰু শনি গ্ৰহত জীৱকুলৰ অস্তিত্বৰ সম্পৰ্কে বহু সাম্ভাৱনীয় দিশৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা  হ’ব পাৰে৷

এতিয়া এইখিনিতে প্ৰশ্নৰ অৱতাৰণা হ’ব লগা আন এটা  বিষয় এই যে  জ্যোতিষ-শাস্ত্ৰত, বিজ্ঞানসন্মত বুলি দাবী কৰি শনি গ্ৰহৰ বাবে কিছুমান গ্ৰহৰত্ন দিয়া হয়৷ শনিৰ বাহ্যিক ৰং বেঙুনীয়া বাবে তেওঁলোকে নীলমৰ দৰে ৰত্ন দিয়া দেখা যায়। কিন্তু  ইয়াৰ কায্যকাৰিতা কিমান? শনি গ্ৰহৰ কক্ষপথত যোৱা বিছ বছৰে আৱৰ্তন কৰি থকা মহাকাশযানখনে এনে কিবা জ্যোতিষীৰ বিধান মতে ৰঙাসূতা, ক’লাসূতা বা গ্ৰহৰত্নৰে সজ্জিত হৈ গৈছিল নেকি? নে পৃথিৱীৰ পৰা শনি গ্ৰহৰ ওপৰত গৱেষণা চলোৱা বিজ্ঞানী, অভিযন্ত্ৰাৰ দলে এনে কিছুমান জ্যোতিষীৰ বিধান মানি গৱেষণা চলাই আছে? উল্লেখযোগ্য যে ১৯৯৮ চনৰ পৰাই, শনি গ্ৰহৰ প্ৰতিকাৰ অবিহনেই, পৃথিৱীৰ কক্ষপথত আৱৰ্তন কৰি থকা আন্তৰীক্ষ গৱেষণা কেন্দ্ৰৰ (International Space station) বিজ্ঞানীসকলে মহাকাশৰ গৱেষণা অব্যাহত ৰাখিছে৷ আমি যি সময়ত সমস্যা সমাধানৰ নামত শনি গ্ৰহক তুষ্ট কৰিবলৈ বুলি বিভিন্ন পাথৰ, তাবিজ আদিত ব্যস্ত আছোঁ, সেই সময়তে আকৌ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়মহলৰ মহাকাশ বিজ্ঞানীসকল শনি গ্ৰহৰ ন-ন তথ্য আৱিস্কাৰত নিমগ্ন৷ শনি গ্ৰহৰ বিধানৰ নামত অবাবত ব্যয় কৰা প্ৰতিটো সময়, Cassini-Huygen অভিযানৰ লগত জড়িত প্ৰতিজন বিজ্ঞানী, অভিযন্ত্ৰাৰ কাৰণে কিন্তু অতি গুৰুত্বপূৰ্ণ তথা উৎকন্ঠা-মিশ্ৰিত আশাৰ সময়৷ বিজ্ঞান-প্ৰযুক্তিৰ সৎ ব্যৱহাৰে এচামে পৃথিৱীৰ পৰা লাখ লাখ দূৰত্বত অৱস্থিত গ্ৰহ-উপগ্ৰহৰ বিষয়ে পৃথিৱীত বহিয়ে পৰ্যবেক্ষণ চলাই আছে আৰু আমাৰ সমাজৰে আন এচামে এনে গ্ৰহ-নক্ষত্ৰক লৈয়ে অন্ধবিশ্বাসত লুটি-পুটি খাই আছে।

সময়ৰ সাপেক্ষে বিজ্ঞানৰো কিছুমান সীমাৱদ্ধতা থাকিব পাৰে৷ কিন্তু সেইবুলি বিজ্ঞান জানো থমকিব? বিজ্ঞান সদায় গতিশীল৷ বিজ্ঞানৰ দৃষ্টি নিৱদ্ধ থাকে সদায় সমুখত৷ শনি গ্ৰহমণ্ডলীৰ বিষয়ে বিজ্ঞানে এতিয়ালৈকে যিসমূহ বিস্ময়কৰ তথ্য পোহৰলৈ আনিছে অনাগত দিনবোৰতো আৰু বহু ৰহস্যই পোহৰ চুব৷ হয়তো Cassini-Huygenৰ পিছত শনি গ্ৰহলৈ আৰু অধিক ব্যয়বহুল মহাকাশ অভিযান হ’ব৷ কিন্তু আমাৰ সমাজত শনি গ্ৰহকলৈ ওলমি থকা অন্ধবিশ্বাসসমূহ কেতিয়া আঁতৰিব? কেতিয়ালৈ, সমস্যা সমাধানত ব্যৰ্থ হোৱা মানুহে গেছেৰে গঠিত জড় পদাৰ্থপিণ্ড এটাক তুষ্ট কৰিবলৈ বুলি পাথৰ, তাবিজ, ক’লাসূতা-ৰঙাসূতা পৰিধানৰ অযুক্তিকৰ কথা তথা অন্ধবিশ্বাসসমূহ এৰি বৈজ্ঞানিক মানসিকতাৰ পৰিচয় দিব?

1 Comment
  • মুনিমন্ত শইকীয়া
    Posted at 10:51h, 24 September Reply

    বিজ্ঞান সন্মত যুক্তিপূৰ্ণ লেখা ৷পাঠক উপকৃত হব ৷

Post A Comment