কম্পিউটাৰ বিজ্ঞানী দীপ মেধিৰ সৈতে এটি সাক্ষাৎকাৰ (১ম খণ্ড)

প্ৰথমে ছাৰ আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে অলপ জানিব বিচাৰিম।

মেধিঃ গুৱাহাটীৰ হেপীভিলাত মাৰ ফালৰ ককা-আইতাৰ ঘৰত মোৰ জন্ম হৈছিল। দেউতাৰ আগৰ পৰা ফুটবলত ৰাপ আছিল। মোৰ জন্মৰ দিনা বৰদলৈ ট্ৰফীৰ খেলা আছিল নেকি, জজ ফিল্ডত দেউতা খেলা চাবলৈ গৈছিল। দেউতাৰ ফালৰ পৰা সেইটোৱে মোৰ জন্মৰ ঘটনা হিচাপে জানো। কিমান সৰুতে মোৰ মনত নাই, ৩-৪ মান বছৰ বয়স চাগে, খুড়া এজনৰ বিয়াখন অলপ মনত আছে আৰু, আমি জালুকবাৰীত থাকোঁতে ভাৰত আৰু চীনৰ যুঁজ হওঁতে জোৱান অহা মনত আছে। তেনেকুৱা দুই-চাৰিটাই মনত আছে একেবাৰে সৰুকালৰ কথা।

তাৰপাছত যেতিয়া স্কুললৈ যোৱাৰ সময় হ’ল তেতিয়া মোক প্ৰথমতে ইংৰাজী মাধ্যমৰখনত নিলে (দুখনকৈ স্কুল আছিল- এখন ইংৰাজী মাধ্যম, এখন অসমীয়া মাধ্যম – দুয়োখন ম’ডেল স্কুল)। দুদিন গৈ আৰু মই নগ’লোঁ। মা-দেউতাক ক’লোঁ যে মই নাযাওঁ। হেডমিষ্ট্ৰেছ জনী বিৰাট কঠোৰ। মোৰ বিৰাট ভয় লাগিল। এনেকৈ যাব নোৱাৰোঁ বুলি কৈ মই নগ’লোঁ আৰু (হাঁহি)। ঘৰতে থাকিলোঁ। দেউতাহঁতৰ চিন্তা, বোলো ঘৰত থাকি কি হ’ব। অসমীয়া মাধ্যমৰ স্কুলখনৰ শিক্ষক এজন আছিল। তেখেতৰ নাম হৰেন্দ্ৰ নাথ দাস। দেউতাই কেনেকৈ তেখেতক চিনি পাইছিল মোৰ মনত নাই। দেউতাই তেখেতৰ লগত কথা পাতিলে, “ই দেখোন নাযায়। কি কৰা যায়?” তেতিয়া তেখেতে আমাৰ ঘৰলৈ আহি ক’লে, “তুমি স্কুললৈ যাব নালাগে। কিন্তু অসমীয়া স্কুলত খেলনাঘৰ এটা আছে। সেইটো ঘৰত গ’লেই হ’ব। কি খেলনা আছে তুমি চাই আহিবাচোন।” তেনেকৈয়ে মই গ’লোঁ। মইতো গৈ ভাল পালোঁ, হয়তো এমাহমান গ’লোঁ। এমাহমান এনেকৈ যোৱাৰ পাছত ভাবিলোঁ, বেয়া নহয় দেখোন। মোৰ ঠিক মনত নাই। মোৰ আৰু এজন বন্ধু আছে নন্দন বৰুৱা বুলি। সি পাছত মোক কৈছে, তাৰ মনত আছে যে তাৰ ওচৰত মোক ‘ক’ মানত বহুৱাই হৰেন দাস ছাৰে কৈছিল, “তোমাৰ এইজন নতুন বন্ধু”, মোৰ নিজৰ মনত নাই সেইখিনি। তেনেকৈয়ে মোৰ স্কুল আৰম্ভ হ’ল। তাৰ পাছত মোৰ প্ৰথম মানৰ মাজভাগত দেউতা কানাডালৈ যায়। কানাডালৈ যাওঁতে আমাৰ ডিব্ৰুগড়ৰ ঘৰৰ আইতাই ক’লে যে, গুৱাহাটীত থকাতকৈ ইয়াত আহ। গতিকে আমি ডিব্ৰুগড়লৈ গ’লোঁ। মই তেতিয়া ডিব্ৰুগড়ত খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত ডেৰ বছৰ পঢ়িছিলোঁ। প্ৰথম মানৰ শেষৰ ভাগ আৰু দ্বিতীয় মান পূৰা পঢ়িছোঁ। তাৰপাছত গুৱাহাটীলৈ আকৌ আহিলোঁ। যিখন অসমীয়া মাধ্যমৰ স্কুলত পঢ়িছিলোঁ, তাত আকৌ তৃতীয় মানত পঢ়িলোঁ। তৃতীয় মানত বেছি কথা মনত নাই, এটা আছে। তৃতীয় মানৰ শেষৰফালে, ১৯৬৯ চনৰ কথা, ডিচেম্বৰত অষ্ট্ৰেলিয়াই ইষ্ট জ’নৰ সৈতে গুৱাহাটীত ক্ৰিকেট খেল খেলিবলৈ আহিছিল। মোৰ মানে তেতিয়াই ক্ৰিকেট খেলাত আগ্ৰহ। বোলো কিবাকৈ চাব লাগিব। তেতিয়া আমি তৃতীয় মানত থাকোঁতে বৃত্তিপৰীক্ষা দিব লাগিছিল। আজিকালি আছেনে নাই ক’ব নোৱাৰোঁ। আছেনে বৃত্তি পৰীক্ষা?

➤ পঞ্চম শ্ৰেণীত দিয়ে ছাৰ।

মেধিঃ অঁ, এতিয়া পঞ্চম শ্ৰেণীত দিয়ে। তেতিয়া আমাৰ তৃতীয় শ্ৰেণীত আছিল আৰু ষষ্ঠ শ্ৰেণীত আছিল। তৃতীয় শ্ৰেণীৰ পৰীক্ষা আৰু দুসপ্তাহমান পাছতে আছে। সবে ক’লে- ঠিক আছে, তই যাব পাৰিবি। কিন্তু তিনিদিনৰ প্ৰথম দুদিনাহে খেল চাব পাৰিবি। মোৰ এতিয়াও নেহৰু ষ্টেডিয়ামত খেল চাবলৈ যোৱা মনত আছে। সুন্দৰ ৰাতিপুৱা, অষ্ট্ৰেলিয়াই প্ৰথমে ক্ৰিকেট বেট কৰিছিল। বিল ল’ৱৰি কেপ্টেইন আছিল। তেখেত মানে বাঁওহতীয়া অ’পেনিং বেট্‌ছমেন। মোৰ এতিয়াও সেইটো মনত আছে। তাৰ পাছত দুসপ্তাহ মানৰ মূৰত তৃতীয় শ্ৰেণীৰ বৃত্তি পৰীক্ষা হ’ল। বৃত্তি পৰীক্ষাত পালোঁ, বছৰত পাঁচ টকানে কি। এতিয়া মোৰ মনত নাই। বৰ সৰু সৰু কিবা এটা দিছিল, সেইটোৱেই স্ফূৰ্তি আৰু (হাঁহি)। গতিকে সেইখন স্কুলতে মই চতুৰ্থ, পঞ্চম, ষষ্ঠ শ্ৰেণীলৈকে পঢ়িলোঁ। তেতিয়া দেউতাই ক’লে যে এতিয়া কলেজিয়েটত যাব খোজ যদি বেয়া নহয়। তেতিয়া কটন কলেজিয়েট স্কুলৰ বৰ নাম আছিল। কলেজিয়েট স্কুলৰ আকৌ প্ৰৱেশ পৰীক্ষা হয় তেতিয়া। গতিকে পৰীক্ষা দিব যোৱাৰ আগত বহুতে কৈছে যে কটন কলেজিয়েট স্কুললৈ মাধৱ চৌধুৰী এম ই স্কুলৰ পৰা বহুত চোকা চোকা ল’ৰাবোৰ আহে। তই পাবিনে নাই ঠিক নাই। নাপালে উপায় নাই আৰু। পৰীক্ষা দিলোঁ, পালোঁ। কিন্তু তেতিয়া গোটেই অসমত সেইবাৰ নতুন এটা চিষ্টেম হৈছিল। আগতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এক জাপ মাৰি ডাবল প্ৰমোচনৰ দৰে, কিন্তু প্ৰমোচন হিচাপে নহয়। সপ্তম শ্ৰেণীৰ বিলাকো অষ্টম শ্ৰেণীত গ’ল। ষষ্ঠ শ্ৰেণীৰ পৰা আমি অষ্টম শ্ৰেণীলৈ। গতিকে বেলেগ বেলেগ শাখা বিলাকক নিউ এইট আৰু অ’ল্ড্ এইট বুলি কৈছিল। তেতিয়া আমি কটন কলেজিয়েটত পাণবজাৰলৈ জালুকবাৰীৰ পৰা বাছত যাওঁ। আধা ঘণ্টামান লাগে। সেই সময়ত সদায় মানে সময়মতে গৈ নাপাওঁ, বাছখনৰ দেৰি হয়। এতিয়াও চাগে কিছুমান সময়ত নাযায়। কলেজিয়েট স্কুলত অষ্টম, নৱম, দশম শ্ৰেণীলৈকে আছিলোঁ।

কলেজিয়েট স্কুলত যোৱাটো মোৰ কাৰণে ডাঙৰ উপকাৰ হ’ল বুলি ক’ব পাৰি। তাতেই প্ৰথম গৈ বেলেগ বেলেগ স্কুলৰ পৰা অহা কিছুমান সমনীয়া পালোঁ। সেইটো মোৰ কাৰণে জীৱনৰ প্ৰথম এটা ডাঙৰ অভিজ্ঞতা বুলিয়ে ক’ব পাৰি। পৰীক্ষাত ভাল নম্বৰ পোৱা ল’ৰা-ছোৱালীবোৰক আমি সাধাৰণতে চোকা বুলি কওঁ। কিন্তু সাধাৰণতে চিন্তাৰ ফালৰ পৰা যিটো চোকা ভাৱ থকা, সেই ভাৱটো থকাৰ যে এটা এটা গতি আহিব পাৰে, সেই প্ৰথম আভাসটো কলেজিয়েট স্কুলত যোৱাতহে গম পাওঁ। তাৰ আগতে এনেই কওঁ, মেট্ৰিক পৰীক্ষাত ভাল হৈছে, পঢ়াত ভাল, কিন্তু চিন্তাৰ ফালৰ পৰা যিটো কথা ভবা যায়, সেইটো মোৰ প্ৰথম ধাৰণা হ’ল। তাৰ এতিয়াও মোৰ কেইবাজনো ভাল বন্ধু আছে। এজন হ’ল অভিজিৎ বৰুৱা। যোৱাবাৰ গুৱাহাটীলৈ যাওঁতে তেখেতৰ লগত বহুত কথা পাতিছোঁ। কলেজিয়টতো পঢ়ি মোৰ লগত কটনতো পঢ়িছিল পাছত। আমাৰ তেতিয়া প্ৰি-ইউনিভাৰ্ছিটী বুলি কৈছিলোঁ, এতিয়া সৱতে উচ্চতৰ-মাধ্যমিক বুলি কয়। তাৰ পাছত অভিজিতে আই আই টি দিল্লীত পঢ়িছিল। তাৰ পাছত আমেৰিকাতো পঢ়িছিল। পঢ়ি লৈ তেখেতে ঘূৰি গৈ অসমত ব্যৱসায় আৰম্ভ কৰিলে। গুৱাহাটীত থাকে। মানে সাংঘাটিক মানুহ, এনেকুৱা মানুহ দেখা নাই। (তোমালোকে তেখেতৰ কেতিয়াবা সাক্ষাৎকাৰ ল’বা। তেখেতৰ জীৱনৰ কথা সুধিবা।) তেখেত প্ৰথম ঘূৰি যাওঁতে মানুহে কয়, আমেৰিকাত চাকৰি নোপোৱাৰ কাৰণে ঘূৰি আহিল নেকি? সি কয়, নহয়, মই ইয়াত ব্যৱসায় কৰিবৰ বাবে ঘূৰি আহিছোঁ। মই তেখেতৰ কথাই দুই মিনিট কওঁ এতিয়া। তেখেতৰ বেকগ্ৰাউণ্ড হ’ল কেমিকেল ইঞ্জিনিয়াৰিং, আই আই টি দিল্লীত। প্ৰথম ঘূৰি গৈ তেখেতে বহুত হিচাপ-নিকাচ কৰি অইল(OIL)ৰ পৰা গেছ যোগান ধৰিবলৈ শিৱসাগৰত প্ৰথম কাৰখানাটো খুলিলে। তাৰপাছত গুৱাহাটীৰ ওচৰতো কৰিলে। 

তেখেতে এতিয়া যিখিনি অক্সিজেন উৎপাদন কৰে, বহুত বেলেগ বেলেগ ক্ষেত্ৰত যায়। এটা হ’ল, অক্সিজেনৰ বিশুদ্ধতা, যিটো ৯৯ শতাংশ বিশুদ্ধ, সেইটোৰে লোহা (দলঙৰ লোহা আদি) কাটিবলৈ লাগে। তেনেকৈ বহুত ঠাইত যোগান ধৰে। কভিড হওঁতেতো অক্সিজেন লগা হ’ল মানুহক। গতিকে তেতিয়া তেখেতে হিচাপ কৰি চালে যে আমাৰ মানে মানুহক অক্সিজেনত ইমান বিশুদ্ধতা নালাগে। ৯৩.৩ শতাংশ বিশুদ্ধ পালেই হৈ যায়। কিন্তু অক্সিজেন ৯৯ পৰা ৯৩.৩ শতাংশলৈ কমালে ব্যয়টো আধা কমে। ইমান সস্তা হৈ যায়। মই তেখেতৰ লগত কথা পাতিলোঁ –  সমস্যাটো হ’ল চিলিণ্ডাৰ পাবলৈ বৰ টান। গতিকে চিলিণ্ডাৰ যদি যোগান ধৰিব নোৱাৰোঁ, অক্সিজেন উৎপাদন কৰি কি হ’ব। তেখেতে কোৱা কাৰণে, তেখেতৰ জৰিয়তে বুলিও ক’ব পাৰি, গুৱাহাটী মেডিকেল কলেজতেই উৎপাদন কেন্দ্ৰটোৱেই চিধাকৈ বহাই দিয়া হ’ল। তেখেতে জানে যে চিলিণ্ডাৰ নাই বাবে যোগান ধৰিব নোৱাৰি। কিন্তু উৎপাদন যদি তাতেই কৰি দিব পাৰি, পাইপ লগাই প্ৰত্যেক কোঠাতেই অক্সিজেন দিব পাৰি। এনেকৈ তাতে অক্সিজেনৰ স্বয়ংক্ৰিয় উৎপাদন যিটো, সেইটো অভিজিৎ বৰুৱাই কৰা। সেইটোৰ পৰা আজিকালি চিকিৎসালয়ত প্ৰত্যেকটো ৰূমত অক্সিজেন পোনপটীয়াকৈ যায়। গতিকে ৩০ বছৰৰ আগতে তেখেতে সেইটো কাম আৰম্ভ নকৰা হ’লে অসমত আজি এইটো সময়ত হয়তো এইখিনি নহ’লহেঁতেন। (মই লগ কৰাই দিম। তোমালোকে তেখেতৰ সাক্ষাৎকাৰ ল’বা।)

➤ তেখেত বৰ্তমান ক’ত আছে?

মেধিঃ ১৯৮৩ চনত মোৰ একে সময়তে আমেৰিকাত আছিল। তাৰ পাছত ১৯৮৪ নে ৮৫ ত ঘূৰি গ’ল। তেতিয়াৰ পৰাই গুৱাহাটীত আছে। গুৱাহাটীত তেখেতে ব্যৱসায় আৰম্ভ কৰিলে। প্ৰথম ছমাহমান কি ব্যৱসায় কৰিম বুলি বহুত বিচাৰি বিচাৰি চালে। বহুত মানুহে তেখেতক চিনিয়ে নাপায়। তেখেতৰ ফেক্টৰী ৪-৫টা মান আছে। বেলেগ বেলেগ গেছ উৎপাদন কৰে। মই কলেজিয়েট স্কুলৰ পৰা পোৱা বন্ধু। তেখেতৰ লগত আগতে বহুত কথা পাতিছিলোঁ। তেখেত ৰাজগড়ত থাকিছিল। ৰাজগড় এলেকাটো চানমাৰিৰ ওচৰত। আমি আছিলোঁ জালুকবাৰীত। গতিকে অভিজিৎ আৰু মই অহা যোৱা কৰিব নোৱাৰোঁ, বেছ দূৰ হয়। তেতিয়াৰ দিনত এঘণ্টামানেই লাগিছিল। আমি তেতিয়াৰ দিনতেই এক-দুই ঘণ্টামান ফোনত কথা পাতোঁ। ফোনত মানে কিবা পঢ়াৰ প্ৰশ্ন আলোচনা কৰিবলৈ। বিশেষকৈ প্ৰি-ইউনিভাৰ্চিটীত কৰিছিলোঁ।

বাৰু, মোৰ দ্বিতীয় ডাঙৰ সুযোগ বুলি ক’ব পাৰোঁ মই যেতিয়া দশম শ্ৰেণীত মেট্ৰিক পাছ কৰি কটন মহাবিদ্যালয়লৈ গ’লোঁ। মই নতুন এচাম লগৰীয়া পালোঁ, যিসকল অসমৰ বেলেগ বেলেগ ঠাইৰ পৰা অহা। সেইটো মানে অতুলনীয় বুলি ক’ব লাগিব, বুজাবলৈ বৰ টান। মোৰ কাৰণে সেইটো এটা ডাঙৰ অভিজ্ঞতা যে বেলেগ ঠাইৰ পৰা – বহুত সৰু ঠাই, ডাঙৰ ঠাইৰ পৰাও আহিছে। মই আচৰিতেই হৈ যাওঁ, বোলো এইখন ক’ৰ সৰু স্কুলৰ পৰা আহিব পাৰিছে! তাতে কিমান সুবিধা আছেনে নাই ক’ব নোৱাৰোঁ। সেই সুবিধাৰ মাজতে এটা হিচাপত নম্বৰ পাই কটন মহাবিদ্যালয়ত আসন পোৱাটো বহুত ডাঙৰ কথা। মই বহুত বন্ধু লগ পালোঁ, কেইবাজনো তেতিয়াৰ পৰাই মোৰ ভাল বন্ধু, এতিয়াও আছে, যেনে উত্তম বৰঠাকুৰ, জ্যোতিৰ্ময় চক্ৰৱৰ্তী। সেইটো মানে পাহৰিব নোৱাৰি।

অনলাইন সাক্ষাৎকাৰটো লোৱাৰ মুহূৰ্তত দীপ মেধি, আৰু গণিতচ’ৰাৰ দুই সদস্য অনামিকা আৰু প্ৰিয়াংকুশ

শৈক্ষিক জীৱনৰ পাছৰখিনিও কওক ছাৰ।

মেধিঃ তাৰপাছত মই স্নাতক পঢ়িলোঁ কটনতে। গণিত অনাৰ্চ আছিল। আমাৰ আন্দোলনৰ সময়ত এবছৰ দেৰি হোৱাৰ বাবে ১৯৮১ চনত পৰীক্ষা হ’ল। তাৰ পাছত মই কি কৰোঁ এতিয়া! সেইটো আন্দোলনৰ সময়ত কি হ’ল, সবে কয় মোক চাৰ্টাৰ্ড একাউণ্টেণ্ট (চিএ) কৰ। মোৰ খুড়া এজনো চিএ৷ স্নাতক শেষ কৰাৰ পাছত চিএৰ কাৰণে পঢ়াটো অলপ ভাবিব পাৰে বুলি ক’লে। দেউতাই ক’লে, “ঠিক আছে। এইটো অলপ ভাবিব পাৰ।” গতিকে মই এজন চিএৰ তাত অলপ শিকিবলৈ গ’লোঁ আন্দোলনৰ সময়তেই। তাৰপাছত স্নাতকৰ পৰীক্ষা দিলোঁ, ৰিজাল্ট ওলাল, ভাল। বিশেষ একো পৰিকল্পনা কৰা নাছিলোঁ। তেতিয়া সৰু ভাইটিয়ে ক’লে যে, “তই পঢ়া-শুনাত ভাল, কি চিএ পঢ়? দিল্লীত পঢ়গৈ যা। এমএছচি কৰগৈ।” মোৰ দেউতাই কোৱা নাই। দেউতাই চাগে আগতে নালাগে বুলিয়ে ভাবিছিল। কিন্তু সৰু ভাইটিয়ে যেতিয়া ক’লে, তেতিয়াই মই ভাবিলোঁ, বোলো ঠিক আছে বাৰু। মই দিল্লীলৈ অন্ততঃ গৈ চাওঁ। পাছত কি হয় হ’ব আৰু। গতিকে সৰু ভাইটিয়ে কোৱাৰ কাৰণে মই দিল্লীলৈ স্নাতকোত্তৰ কৰিবলৈ গ’লোঁ ১৯৮১ চনত। স্নাতকোত্তৰ কৰিবলৈ যোৱাৰ কাৰণে তাতে আৰু এচাম ল’ৰা-ছোৱালী লগ পালোঁ। তাৰপৰা আৰু কিছুমান নতুন কথা শিকিলোঁ। 

দিল্লীত তেতিয়াতো ইণ্টাৰনেট হোৱা নাই। ইণ্টাৰনেটৰ আগৰ কথা। দিল্লীত বহুত সুবিধা আছিল, এটা হ’ল USIS অৰ্থাৎ ইউনাইটেড ষ্টেটছ্ ইনফৰমেছন চাৰ্ভিছৰ এটা পুথিভঁৰাল। পুথিভঁৰালত গোটেই আমেৰিকাৰ যিবিলাক বিশ্ববিদ্যালয়, সেইবিলাকৰ কেটেলগবিলাক থাকে, যি কোনোৱে গৈ চাব পাৰে। বিশ্ববিদ্যালয়বিলাকৰ কেটেলগ মানে হ’ল এখন পুথি য’ত প্ৰত্যেক বিভাগৰ কোন কোন অধ্যাপক আছে, তেখেতসকলৰ কুশলতা (expertise), বিভাগটোৱে কি কি ডিগ্ৰী দিয়ে বহুলকৈ লিখা থাকে৷ দিল্লীত বহু ল’ৰা-ছোৱালীয়ে আমেৰিকালৈ যোৱাৰ কথা তেতিয়াই ভাবে, USISৰ পুথিভঁৰাললৈ গৈ কেটেলগৰ পৰা তথ্য আনে৷ মইও আনৰ পৰা শুনি USISৰ পুথিভঁৰাললৈ গৈ বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ কেটেলগ চোৱা আৰম্ভ কৰিলোঁ। দেউতায়ো  ক’লে, “তই যাব পাৰ। দিল্লীত আছ।” তাৰপাছত মই ১৯৮২ চনত (স্নাতকোত্তৰ কৰি থকাৰ সময়ত) প্ৰথম আহি গুৱাহাটীত থাকোঁতে দেউতাই ক’লে যে “এজন মানুহ আহিছে। আমেৰিকাৰ পৰা। তেখেতক তই এবাৰ লগ নধৰ কিয়?” মই বোলো “তেখেতৰ নামটো কি?” “প্ৰাধ্যাপক দিলীপ দত্ত। ইউনিভাৰ্ছিটি অব ৰড আইলেণ্ডৰ অধ্যাপক।” তেখেত আহি আছিলহি। দেউতাই চিনি পায় তেখেতক কাৰণ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত গণিতৰ স্নাতকোত্তৰত দেউতাৰ পৰাই পঢ়িছিল। গতিকে মই গ’লোঁ। মোৰ এতিয়াও মনত আছে তেখেতৰ তালৈ (নৱগ্ৰহত আছিল) খোজকাঢ়ি যোৱা। লগ ধৰি মই গৈ তেখেতক চিনাকি দিলোঁ। তেখেতে ক’লে, “অʼ গম পাইছোঁ” আৰু তেখেতক মই সোধোঁতে ক’লে, তেখেতৰ বিশিষ্ট গৱেষণা বিষয় (specialization) অৱকল সমীকৰণ। মই ক’লোঁ যে মই প্ৰথম বছৰত স্নাতকোত্তৰত ক্লাছ কিছুমান কৰিলোঁ। ভালেই হৈছিল। যদিও অনুকূলীকৰণ (optimization) প্ৰথম বছৰত ল’ব পৰা বিষয় নাছিল, মই ক’লোঁ যে মোৰ অনুকূলীকৰণ তত্ত্বৰ প্ৰতি আগ্ৰহ আহিছে; মই ঘূৰি গৈ তৃতীয় ষাণ্মাসিকত ঐচ্ছিক বিষয় অনুকূলীকৰণ আৰু চতুৰ্থ ষাণ্মাসিকত ঐচ্ছিক বিষয় অ’পাৰেশ্বনেল ৰিচাৰ্ছ  ল’ম বুলি থিৰাং কৰিছোঁ। তেখেতে ক’লে, “আমাৰতো ৰড আইলেণ্ডত সেইটো ক্ষেত্ৰত বিশেষজ্ঞ নাই। তুমি কিন্তু ইউনিভাৰ্ছিটী অৱ ৱিছকন্‌ছিন মেডিছনত আৱেদন কৰি চাব পাৰা। তাত কেইজনমান ভাল বিশেষজ্ঞ আছে।” মই সেইখন বিশ্ববিদ্যালয়ৰ নামেই শুনা নাই। দেউতাক ক’লোঁ যে তেখেতে এনেকৈ কৈছে, দেউতায়ো ঠিক নাজানে। মই দিল্লীলৈ ঘূৰি আহি আকৌ USISৰ পুথিভঁৰাললৈ গলোঁ, তাত চালোঁ ৱিছকন্‌ছিনৰ কেটেলগখন আছে নেকি, আছে। গণিত বিভাগৰ তথ্যখিনি চাওঁতে দেখিলোঁ তাতে ৱাল্টাৰ ৰুডিন বুলি এজন অধ্যাপকৰ নাম লিখা আছে। ৱাল্টাৰ ৰুডিন নামটোতো অলপ চিনাকি চিনাকি লাগিছে। তাৰপাছত ভাৱ হ’ল যে, আমি স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত বাস্তৱ আৰু জটিল বিশ্লেষণৰ যিখন কিতাপ পঢ়িছিলোঁ সেইখন ৱাল্টাৰ ৰুডিনৰে। কিন্তু নামৰ তলতে থকা বিশ্ববিদ্যালয়খনৰ নাম, মানে কোনখন বিশ্ববিদ্যালয়ৰ অধ্যাপক মন কৰা নাছিলোঁ। যি কি নহওক, কেইবাজনো অনুকূলীকৰণৰ বিশেষজ্ঞৰ নাম কেটেলগত দেখিলোঁ৷ 

পিএইচডিত নামভৰ্তিৰ কাৰণে তাত মই আৱেদন কৰিলোঁ, ৰ’ড আইলেণ্ড আৰু দুখনমানতো কৰিলোঁ। ৰʼড আইলেণ্ড, আইওৱা ৰাজ্যিক বিশ্ববিদ্যালয়, আৰু ৱিছকন্‌ছিনত চিট পালোঁ, জলপানিৰ সৈতে। প্ৰাধ্যাপক দিলীপ দত্তই ৱিছকন্‌ছিনৰ কথা ভালকৈ কোৱাৰ কাৰণে তালৈকে যোৱাটো ঠিক-ঠাক কৰিলোঁ। তেতিয়া কলিকতাত আমি ভিছা আৱেদন কৰিবলগীয়া হৈছিল। ভিছা লাভ কৰি সেই বছৰ ১৯৮৩ চনৰ আগষ্টত  মই আমেৰিকালৈ আহোঁ, ৱিছকন্‌ছিনৰ মেডিছনলৈ। মেডিছন হ’ল ৱিছকন্‌ছিনৰ ৰাজধানী৷  গতিকে এতিয়া কওঁ, দিলীপ দত্তক লগ নোপোৱা নহ’লে মোৰ হয়তো ৱিছকন্‌ছিন যোৱা নহ’লহেতেঁন আৰু মোৰ ভাইটিয়ে নোকোৱা হ’লে মই হয়তো দিল্লীলৈ নগ’লোঁহেতেঁন। গতিকে সেইবিলাক মোৰ বাবে ডাঙৰ কথা বুলি ক’ব পাৰি। আজি যেতিয়া ঘূৰি চোৱা যায় এইবিলাক, তেতিয়া সৰু সৰু কথা যেন লাগিছিল কিন্তু এতিয়া ডাঙৰ পদক্ষেপ বুলি ক’ব পাৰি।

ৱিছকন্‌ছিনৰ গণিত বিভাগে মোক জনালে যে মোৰ অন্তৱৰ্তীকালীন উপদেষ্টাজন হ’ব প্ৰফেছৰ ছিম’ৰ পাৰ্টাৰ। তেখেত জগতবিখ্যাত গণিতজ্ঞ। সাংখ্যিক বিশ্লেষণ (numerical analysis) বিষয়ত তেখেত খুব নাম কৰা মানুহ আছিল। ৱিছকন্‌ছিনলৈ আহি প্ৰথম দিনা এপইণ্টমেণ্ট লৈ তেখেতক লগ পাওঁতে মই ক’লোঁ যে মোৰ অনুকূলীকৰণত ৰাপ আছে। তেখেতে মোৰ পৰা দুই-তিনি মিনিটমান শুনাৰ পাছত ঘপহকৈ ক’লে যে, “You are at the wrong place!”.(।) মই থতমত খালোঁ, কি ভুল ঠাই বুলি কৈছে? তেতিয়া তেখেতে ক’লে, “তুমি অনুকূলীকৰণ পঢ়িব খুজিছা। কিন্তু আমাৰতো গণিত বিভাগত অনুকূলীকৰণৰ বিশেষজ্ঞ নাই।” মই বোলো মইতো চাওঁতে কেটেলগত দেখিছিলোঁ। তেখেতে কৈছে, “হয় সেইটো হয়। সেইবিলাক আমাৰ আমেৰিকাৰ ইয়াত যুটীয়া নিযুক্তি (joint appointment) থাকে। অধ্যাপকবিলাক বেলেগ বেলেগ বিভাগৰ হ’ব পাৰে।” গতিকে কাৰ কি বিভাগ মই দিল্লীত কেটেলগত চাওঁতে ধৰিব নোৱাৰিলোঁ। তেখেতে ক’লে যে, “অনুকূলীকৰণৰ ওপৰত গৱেষণা কৰিব খুজিলে কম্পিউটাৰ বিজ্ঞান বা ঔদ্যোগিক অভিযান্ত্ৰিকী (industrial engineering) – এনেকুৱালৈ যাব লাগিব। কিন্তু তোমাৰ যিহেতু এইবিষয়ত ৰাপ আছে, মই তোমাক তিনিটা বিষয় ল’বলৈ উপদেশ দিওঁ, ফল (Fall) ছেমিষ্টাৰত তোমাৰ কামত আহিব। সেইকেইটা তুমি লোৱা।” গতিকে ছিম’ৰ পাৰ্টাৰে কোৱামতে ল’লোঁ, যি কেইটা মোৰ পাছত গৱেষণাত কামত আহিব পাৰে। তেখেতৰ দিহামতেই ষ্টিভ ৰবিন্‌ছন নামৰ এজন অধ্যাপকৰ পৰা অনুকূলীকৰণ ল’লোঁ। সেই ষ্টিভ ৰবিন্‌ছন গৈ পাছত মোৰ পিএইচডি তত্ত্বাৱধায়ক হ’লগৈ।

ষ্টিভ ৰবিনছনৰ অনুকূলীকৰণ আৰু লগতে কাৰ্ল্ ডি বুৰৰ সাংখ্যিক ফলনীয় বিশ্লেষণ (numerical functional analysis) বিষয়টো ল’লোঁ৷ কাৰ্ল ডি বুৰ খুব নাম থকা সাংখ্যিক বিশেষজ্ঞ৷ তোমালোকে জানিব পাৰা। বি-স্প্লাইন(B-spline)ত তেখেতে ডাঙৰ কাম কৰিছিল। বি-স্প্লাইনৰ নাম শুনিছানে ক’ব নোৱাৰোঁ। সেইটো আজিকালি গোটেই কম্পিউটাৰ ভিজনতো ব্যৱহাৰ কৰে। মানে ৰেখাবিলাক কেনেকৈ মসৃণ (smoothing) কৰিব পাৰি। পইণ্টৰ পৰা হিচাপ কৰি কৰি। তৃতীয় বিষয়টো হ’ল প্ৰায়োগিক গণিত জঁ মাৰ্ক ভেণ্ডেণ্ ব্ৰোক নামৰ অধ্যাপকৰ পৰা৷ মই ফল ছেমিষ্টাৰৰ মাজ মানত কম্পিউটাৰ বিজ্ঞানৰ পিএইচডি কৰাৰ বাবে আকৌ আৱেদনৰ দিহা কৰিলোঁ৷ আৱেদনৰ কাৰণে অনুমোদন পত্ৰ (recommendation letter) মই এই তিনি গৰাকীক সোধোঁতে তেখেতসকলে দিম বুলি ক’লে। ১৯৮৪ চনৰ মাৰ্চ মাহ মানত নামভৰ্তি খবৰৰ চিঠি পালোঁ৷ গতিকে ১৯৮৪ চনৰ আগষ্টৰ পৰা, কম্পিউটাৰ বিজ্ঞানৰ পিএইচডি কৰিবলৈ সোমালোঁ। 

আমেৰিকান শিক্ষা ব্যৱস্থাটো ইমান মানে নমনীয় – মই যেতিয়া পিএইচডিত সোমাওঁ, কম্পিউটাৰ বিজ্ঞানৰ পিএইচডি নিয়ন্ত্ৰণ কমিটীয়ে ক’লে, “তুমি এবছৰ গণিতত কটালা। গতিকে আমাৰ দুটা যোগ্যতা নিৰ্ণায়ক পৰীক্ষা আছে। তুমি এটা প্ৰায়োগিক গণিততো ল’ব পাৰা। আমি সেইটো হিচাপত ধৰিম।” গতিকে কম্পিউটাৰ বিজ্ঞানৰ পিএইচডি আৰম্ভ কৰাৰ সেই ছেমিষ্টাৰটোতে, হয়তো নৱেম্বৰ-ডিচেম্বৰত (১৯৮৪) মই তেতিয়া প্ৰায়োগিক গণিতৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষাটো দিলোঁ। সেইটোত মই উত্তীৰ্ণ হ’লোঁ, এটা আগবাঢ়ি যোৱাৰ দৰে হ’ল। গতিকে আৰু নতুনকৈ দিব লগীয়া নহ’ল। আৰু তেতিয়াতো আমেৰিকাত কম্পিউটাৰ বিজ্ঞানটো নতুন বিষয় বুলিয়েই ক’ব পাৰি। গতিকে ধৰি লোৱা, সবৰে পিএইচডি কৰিবলৈ গ’লে তাত প্ৰগ্ৰেমিং কৰিব লাগিব বা স্পেছিয়েলাইজেশ্বন অমুক কৰিব লাগিব, সেইটো নালাগিছিল সেই সময়ত। গতিকে মোৰ যিহেতু অনুকূলীকৰণৰ এলগৰিথমত ৰাপ আছে, তেখেতসকলে ক’লে, তুমি এইটোত কোৱালিফায়িং পৰীক্ষাটো দিবতো লাগিবই, কিন্তু তাৰ লগতে পিএইচডি নিয়ন্ত্ৰণ কমিটীয়ে এটা আমোদজনক ঘটনা কৰিলে। তেখেতসকলে ক’লে, (মানে বেকগ্ৰাউণ্ডটোত বহুত মেথমেটিকছ আছে বাবে) অনুকূলীকৰণতো কিছু গণিত লাগে৷ মোৰ এতিয়াও মনত আছে, “You are strongly recommended to take a subject completely outside your area.” তাৰমানে এটা অলপ বেলগ পাঠ্যক্ৰম পঢ়িবলৈ ক’লে। মই তত্ত্বাৱধায়ক ৰবিন্‌ছনক এই কথাটো কওঁতে তেখেতৰ খঙেই উঠিছিল। তেখেতে ক’লে, “They have no rights to tell you what to take!” মানে পিএইচডিৰ মাজত পঢ়িবৰ বাবে আহিছোঁ কাৰণে। মই তেখেতক ক’লোঁ, মোৰ কোনো আপত্তি নাই। গতিকে ১৯৮৫ চনত, তেতিয়া আমাৰ কম্পিউটাৰ নেটৱৰ্কছ্ বুলি বিশেষ বিষয় এটা পঢ়ুৱাইছিল, মই সেইটো পঢ়াৰ সিদ্ধান্ত ল’লোঁ। এতিয়া আজি যদি তুমি সোধা, সঁচা কথা ক’বলৈ গ’লে সেইটো লওঁতে মই ৫ বা ১০ শতাংশমানো বুজি পাইছিলোঁনে নাই ক’ব নোৱাৰোঁ। কিন্তু মোটামুটি হৈ গ’ল আৰু। নতুন কিবা বেলেগধৰণৰ এটা শিকা। মই এইটো শিকিলোঁ, হ’ল আৰু ক’তনো ব্যৱহাৰ হ’ব এনেকৈ ভাবিলোঁ (হাঁহি)। তেতিয়া কেনেকৈ জানিলোঁহেঁতেন যে মই পাছৰ গোটেই জীৱন কম্পিউটাৰ নেটৱৰ্কছতেই গৱেষণা কৰিম৷ 

মই ৱিছকন্‌ছিনত যাওঁতে আৰু এটা ডাঙৰ সুযোগ পালোঁ। সেইটো হ’ল, ইণ্টাৰনেট সংযোগটো৷ হয়তো তেতিয়া আমেৰিকাত প্ৰথম ২০-২৫ খন বিশ্ববিদ্যালয়লৈ ইণ্টাৰনেট আহিছে আৰু ৱিছকন্‌ছিনত গোটেই বিশ্ববিদ্যালয়তো অহা নাই; অকল কম্পিউটাৰ বিজ্ঞান বিভাগতহে সংযোগটো আহিছে। তেতিয়া যিকেইটা ইণ্টাৰনেট সংযোগ আছিল, সেইকেইটা বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সৈতে আছিল।

➤ ছাৰ, কোন চনৰ কথা?

মেধিঃ সেইটো, মই ১৯৮৩ চনত যাওঁতেই সংযোগটো হৈছে। মইতো ১৯৮৪ চনত কম্পিউটাৰ বিজ্ঞানলৈ আহিলোঁ। কিন্তু মই ১৯৮৪ৰ চনত যেতিয়া জানুৱাৰীত  অৰৈখিক অনুকূলীকৰণ তত্ত্ব আৰু এলগৰিথমৰ বিষয় এটা লৈছিলোঁ, তেতিয়াই আমি কম্পিউটাৰ ব্যৱহাৰ কৰিছোঁ ৱিছকন্‌ছিনত প্ৰথম প্ৰগ্ৰেমিং কৰিবলৈ। 

তাৰ আগতে আৰু এটা ক’ব লাগিব, মই স্নাতকোত্তৰ দ্বিতীয় বৰ্ষত দিল্লীত। কিন্তু মই সাংখ্যিক বিশ্লেষণ লওঁতে, দিল্লী বিশ্ববিদ্যালয়ত সেইটো আৰু এটা সুবিধা, তেতিয়া পাঞ্চ্ কাৰ্ড লগাই কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হৈছে। পাঞ্চ্ কাৰ্ডৰ নাম শুনিছানে নাই ক’ব নোৱাৰোঁ তোমালোকে। পাঞ্চ্ কাৰ্ডৰ কথা ৱিকিপিডিয়াত তোমালোকে চাব পাৰিবা। সাধাৰণতে ৰংটো হালধীয়া আছিল। পাঞ্চ্ কাৰ্ডখন ৭ ৩/৮ x ৩ ১/৪  বৰ্গ ইঞ্চি জোখৰ, দীঘলীয়া, ফুটা ফুটা হৈ যায় মানে পাঞ্চ কৰা হয়। মেছিনটোত লগালে তুমি প্ৰগ্ৰেমিঙৰ কাৰণে যিকেইটা আখৰ বা সংখ্যা দিলা, তাক পাঞ্চ্ বা ফুটা কৰি দিয়ে। সেইখনত তুমি প্ৰথমতে নিজে গৈ টাইপ কৰাৰ দৰে কৰিলে ফুটা ফুটা হৈ যায়। যদি কিবা কাৰণে পাঞ্চ্ কৰোঁতে তোমাৰ এটা ভুল হৈ যায়, Aৰ ঠাইত B লিখি দিলা, সেইখন কাৰ্ড আৰু ব্যৱহাৰ কৰিব নোৱাৰি। এখন নতুনকৈ টাইপ কৰিব লাগিব। ভুল নকৰাকৈ কৰিলে গোটেই প্ৰগ্ৰেমটো পাঞ্চ্ কাৰ্ডৰ এটা থাক হয়। এখন এখন কাৰ্ডৰ দৰে। গৈ মেচিন এটাত ভৰাই দিব লাগে। ভৰাই দিলে মেচিনটোৱে প্ৰগ্ৰেমটো পঢ়িব, গম পাইছাটো? সেইটো দিল্লী বিশ্ববিদ্যালয়ত সুযোগ পাইছিলোঁ। প্ৰথম পাঞ্চ্ কাৰ্ড মেচিন এটা আছিল। দিল্লী বিশ্ববিদ্যালয় সেই হিচাপে বহুত আগবঢ়া আছিল বুলি ক’ব পাৰি। গতিকে প্ৰগ্ৰেমিঙৰ অলপ নমুনা এটা হ’ল। আমি সেই সাংখ্যিক বিশ্লেষণৰ, ৰুংগা কুট্টা মেথড (Runge Kutta Method) বুলি শুনিছানে নাই ক’ব নোৱাৰোঁ। এনেকুৱা এটা প্ৰগ্ৰেমিং কৰিছিলোঁ। সেইবিলাক নিজে কৰা নহয়, ক’ৰবাত আছিল। কিতাপখনৰ পৰা চাই, ফুটা কৰি পেলাই প্ৰগ্ৰেমটো ৰান কৰিছিলোঁ।

ৱিছকন্‌ছিনত পিছে দিল্লীৰ দৰে পাঞ্চ্ কাৰ্ড নলগা হ’ল৷ একেবাৰে কম্পিউটাৰতেই আমি প্ৰগ্ৰেমিং লিখিব পাৰিলোঁ৷ তেতিয়াও পিছে বহুত আমেৰিকাৰ বিশ্ববিদ্যালয়ত পাঞ্চ্ কাৰ্ড্‌ চলিয়েই আছিল৷

➤ ছাৰ, ৰুংগা কুট্টা মেথডৰ কথা কৈছেনে? এতিয়াও লাগে।

মেধিঃ এতিয়াও লাগে, এতিয়াও লাগে। এইটো বৰ দৰকাৰী মেথড। সেইটোত প্ৰথম মোৰ প্ৰগ্ৰেমিং দিল্লী বিশ্ববিদ্যালয়ত। সেইটো ১৯৮৩ চনৰ হয়তো জানুৱাৰী মানৰ কথা হ’ব। দ্বিতীয় বৰ্ষৰ দ্বিতীয় ভাগত, মানে চতুৰ্থ চেমিষ্টাৰত।

গতিকে সেইখিনিয়ে আছিল। ৱিছকন্‌ছিনত ইউনিক্স (unix) ব্যৱস্থাৰ যোগেদি ইণ্টাৰনেটটো ১৯৮২-৮৩ চনৰ পৰা প্ৰথম আৰম্ভ হৈছিল। আমি ইমেইল লিখিব পাৰিছিলোঁ, অকল বিভাগৰ ভিতৰতে এজন শিক্ষাৰ্থীৰ পৰা আন এজন শিক্ষাৰ্থীলৈ অথবা অধ্যাপকলৈ লিখিব পাৰি, তেতিয়াই। তেতিয়া মই ঠিক ব্যৱহাৰ কৰা নাই। ১৯৮৪ চনৰ পৰা ব্যৱহাৰ কৰিছোঁ। তাতেই ইউনিক্সত ভি আই (Vi) টেক্স এডিটৰ ব্যৱহাৰ কৰি চিঠি লিখা, মোৰ এতিয়াও মনত আছে। ভি আই এডিটৰটো টাইপ কৰি প্ৰিণ্ট কৰি সেই চিঠিখন মই মোৰ সৰু ভণ্টিলৈ পঠিয়াইছিলোঁ। এইখন চা, কেনেকৈ মেচিনত চিঠিখন লিখিব পাৰি। গতিকে সেইটো সুযোগ ইণ্টাৰনেট আৰু ৱিছকন্‌ছিনত ইউনিক্স অহাৰ কাৰণে পালোঁ। মই পিছে মোৰ মেক কম্পিউটাৰত মাজে সময়ে এতিয়াও ভি আই ব্যৱহাৰ কৰোঁ৷

আৰু এটা ঘটনা হ’ল, মই ঘটনা বুলিয়েই কৈছোঁ। তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিষ্ঠানে (National Science Foundation) ৱিছকন্‌ছিনত ক্ৰিষ্টেল মাল্টিকম্পিউটাৰ এটা নিৰ্মাণ কৰিবলৈ ডাঙৰ গৱেষণা আন্তঃগাঁথনি পুঁজি (Research Infrastructure Grant) এটা দিছিল। ক্ৰিষ্টেল মাল্টিকম্পিউটাৰ মানে পেৰেলেল কম্পিউটিঙৰ কিবা এটা চেট আপ কৰিব পাৰি। যিটোত এটা মেচিনৰ পৰা এটা মেচিনলৈ তুমি তথ্যবোৰ পঠিয়াব পাৰিবা। মই যেতিয়া পিএইচডি গৱেষণাত অনুকূলীকৰণৰ কাম কৰিলোঁ, মোৰ গৱেষণাৰ সমস্যাৰ ভিতৰত অনুকূলীকৰণৰ আন এটা ভাগ আছিল, মানে কেনেকৈ ডিষ্ট্ৰিবিউট কম্পিউটিং বা পেৰেলেল কম্পিউটিং কৰিব পাৰি। সেইটো মই ক্ৰিষ্টেল মাল্টিকম্পিউটাৰত প্ৰয়োগ কৰি কৰিছিলোঁ। তাৰমানে যদি এটা ডাঙৰ অনুকূলীকৰণৰ সমস্যা আছে, তুমি ভাগ ভাগ কৰিব পাৰা। মোৰ গৱেষণাৰ  কাম আছিল যাক ব্লক এংগুলাৰ চিষ্টেম বুলি কোৱা হ’য়, সেইটো ভাগ ভাগ কৰিব পাৰি। কিছুমান বাস্তৱ জগতৰ সমস্যাৰ পৰা আহে। সেইবিলাক ভাগ ভাগ কৰিব পাৰিলে তুমি বেলেগ বেলেগ মেচিনত, ৩-৪ টা সৰু সৰু সমস্যা সমাধান কৰি যদি উত্তৰবিলাক সংগ্ৰহ কৰি আকৌ একেলগ কৰি পঠিওৱা, তেতিয়া একেটা কম্পিউটাৰত গোটেইখিনি চলোৱাতকৈ সময় কমি যায়। গতিকে সেই পেৰেলেল কম্পিউটিং আৰু ডিষ্ট্ৰিবিউট কম্পিউটিঙৰ সুযোগটো মই তাতেই পালোঁ, মোৰ পিএইচডি গৱেষণাৰ এটা ভাগ। আজি যদি তুমি ক্লাউড্‌ কম্পিউটিঙৰ কথা কোৱা, ক্লাউড কম্পিউটিঙৰ প্ৰাথমিক ধাৰণাটো, যে কেনেকৈ কিছুমান গণনা সমান্তৰালকৈ কৰিব পাৰি, বা ডিষ্ট্ৰিবিউট কম্পিউটিং কৰিব পাৰি, তাৰে আভাস মই সেই ৮৪-৮৫ চনতেই পোৱাৰ সুযোগ পাইছিলোঁ। মই পিএইচডি শেষ কৰিছিলোঁ ১৯৮৭চনত।

➤ ছাৰ, বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আপোনাক প্ৰভাৱ পেলোৱা কোনো শিক্ষাগুৰুৰ বিষয়ে ক’বনেকি?

মেধিঃ অঁ, সেইটো বৰ ডাঙৰ প্ৰশ্ন। আগতেই তোমাক মই ক’লোঁ যে মোৰ প্ৰথম স্কুলত হৰেন্দ্ৰনাথ দাস ছাৰৰ কথা, তেখেতৰ মোৰ ওপৰত প্ৰভাৱ বহুত। কাৰণ তেখেতে মোক ষষ্ঠ শ্ৰেণীলৈকে অংক ইত্যাদি পঢ়ুৱাইছিল। মই বৰ ধীৰ ল’ৰা নাছিলোঁ বুলি ক’ব লাগিব (হাঁহি)। উৎপতীয়া আছিলোঁ, তেখেতে মোৰ দৰে ল’ৰাক ইমান ধীৰে-সুস্থিৰে পঢ়ুওৱাটো মোৰ কাৰণে এটা সৌভাগ্য বুলি ক’ব পাৰোঁ। মই যেতিয়া পিএইচডি থেচিছখন লিখোঁ, সেইখন মই তেখেতৰ নামতে উচৰ্গা কৰিছিলোঁ। হৰেন্দ্ৰনাথ ছাৰ, তেখেত এক নম্বৰত। কলেজিয়েট স্কুলত আমি পঢ়োঁতে গণিতত আছিল বিবেকানন্দ দাস ছাৰ; ইংৰাজী নিত্য শৰ্মা ছাৰে পঢ়ুৱাইছিল। কটন কলেজত গণিতত বিশেষকৈ আমি সজল চক্ৰৱৰ্তী ছাৰ, বিশ্বজিত ভাগৱতী ছাৰ, ৰফিউল হক ছাৰ, তাৰকেশ্বৰ চৌধুৰী ছাৰ, তৰুণ সিৰকাৰ ছাৰ – তেখেতসকলৰ পৰা বহুত শিকিলোঁ। মোৰ পৰিসংখ্যা বিঞ্জানত পাছ কৰ্ছ আছিল। বিশ্বজিত চক্ৰৱৰ্তী ছাৰৰ পৰা বহুত শিকিলোঁ। পদাৰ্থবিজ্ঞানতো ভাল শিক্ষক কেইবাজনো আছিল; পবিত্ৰ বৰগোহাঞি ছাৰৰ পঢ়ুৱাৰ গতটো বৰ ভাল পাইছিলোঁ৷ দিল্লী বিশ্ববিদ্যালয়ত, প্ৰফেছৰ কৌল, তেখেতৰ পৰা অনুকূলীকৰণ শিকিছিলোঁ, খুব ভাল শিক্ষক আছিল। আৰু এজন বাসুদেৱন। তেখেত খুব সাংঘাতিক অধ্যাপক আছিল দেই। সেয়া ডাঙৰ অভিজ্ঞতা বুলি ক’ব পাৰি। তাৰ পাছত মই কাৰ্ল ডি বুৰ কথা ক’লোঁ আগতে। তেখেতে যিকেইটা এছাইনমেণ্ট দিয়ে, প্ৰত্যেক সপ্তাহত তিনি চাৰিটামান দিব, কোনো কিতাপৰ পৰা নিদিয়ে, সেইকেইটা তেখেতে নিজে মূল্যাংকন কৰি ঘূৰাইও দিব। খুব ক্ষিপ্ৰতাৰে কৰে। সেইটোও এটা অভিজ্ঞতা বুলি ক’ব লাগিব। আৰু এজন হ’ল অ’ল্‌ভি মাঙ্গাচেৰিয়ান৷ ষ্টিভ্ ৰবিন্‌ছনৰ কথা আগতে কৈছোঁৱেই৷  

আৰু এটা কথা ক’ব লাগিব, পিএইচডি কৰি থাকোঁতে শেষৰফালে মই ৰৈখিক প্ৰগ্ৰেমিং পঢ়ুৱাবৰ সুযোগ পাইছিলোঁ। ৰৈখিক প্ৰগ্ৰেমিং হ’ল অনুকূলীকৰণৰ এটা ভাগ য’ত উদ্দেশ্য আৰু বাধাসমূহ ৰৈখিক হয় ৷ সেইটোও এটা ডাঙৰ অভিজ্ঞতা। আগতে ছাত্ৰ-ছাত্ৰীক কেতিয়াও মই এটা সম্পূৰ্ণ  কোৰ্চ পঢ়ুওৱা নাই, যদিও মই ৱিছকন্‌ছিনত প্ৰথম বছৰতেই কেলকুলাচ পঢ়ুৱাওঁতে অলপ অভিজ্ঞতা হৈছিল। সেইটোৰ পৰাই মই সদায় ভাবোঁ পঢ়ুৱালে যিটো শিকা যায়, সেইটো নিজে পঢ়িলে কিছুমান কথা ভালকৈ ধৰিব পৰা নাযায়। পঢ়াওঁতেহে মই সেইটো গম পাইছিলোঁ, কিছুমান কথা বুজি পাবলৈ ভাল হয়। আগতে সম্পূৰ্ণ বুজি পোৱা বুলি ভাবিছিলোঁ কিন্তু তেতিয়াহে ধাৰণা হৈছে যে পূৰা বুজি পোৱা নাছিলোঁ।

➤ ছাৰ, আপোনাৰ কৰ্মজীৱনৰ কথা কওকচোন।

মেধিঃ এতিয়া কামৰ কথা। ১৯৮৭ চনত মোৰ পিএইচডি শেষ হোৱাৰ আগতে মই চাকৰিৰ বাবে আৱেদন কৰা আৰম্ভ কৰিলোঁ। তাৰ পাছত মোৰ যাৰ সৈতে বিয়া হ’ল তেখেতৰ এটিএণ্ডটি বেল লেবৰেটৰীত (AT&T Bell Laboratories) চাকৰি এটা ইতিমধ্যে আহিছিল। তেখেতেও একেলগে পিএইচডি কৰি আছিল৷ মই বোলো তাতে কিবা কৰোঁ নেকি। একে ঠাইতে হ’লে আমাৰো সুবিধা হয়। বেলেগ ঠাইত হোৱাতকৈ। তেতিয়া আৰু এজন মানুহলৈ মই লিখিলোঁ, কণ্টেকটো কাৰ পৰা পালোঁ পাহৰিলোঁ, তেখেতৰ নাম ডেভিড্ গেইল। তেতিয়া আমি ইমেইলত পঠিয়াব পৰা হৈছোঁ আৰু। তেতিয়া পিডিএফ ফাইল হোৱা নাই, টেক্সতে আমাৰ বায়’ডাটাখিনি যায় কাৰণ তেতিয়ালৈ ইমেইলত এটাচমেণ্ট হোৱা নাই, এটাচমেণ্ট পাছত আহিছে। গতিকে তেখেতলৈ ইমেইল পঠালোঁ, তেখেতে ক’লে আমাৰ বিভাগত এতিয়া খালীপদ নাই কিন্তু তোমাৰ বায়’ডাটাখন বেল লেবৰ তিনিটা বেলেগ বেলেগ বিভাগত পঠিয়াই দিম। তেখেতসকলৰ যদি আছে তেখেতসকলে যোগাযোগ কৰিব। উত্তৰ পালোঁ যে মোৰ ইণ্টাৰভিউ ল’ব এই তিনিটা বিভাগে৷ বেল লেবৰ চাকৰিৰ তেতিয়া ইণ্টাৰভিউলৈ গ’লে তিনিটা বিভাগৰ লগত একেটা ইণ্টাৰভিউতে গৈ দিব লাগে। দুদিনীয়া হয়গৈ। ভগাই ভগাই দিয়ে। এদিন পাছবেলা বা পাছদিনা আগবেলা, এনেকৈ। প্ৰথমদিনা আগবেলা এটা প্ৰেজেণ্টেশ্বন দিব লাগে। গতিকে দুদিনীয়া তিনিটা বিভাগৰ ইণ্টাৰভিউ মই দিলোঁ। 

এটা বিভাগৰ নাম আছিল ‘ট্ৰেফিক নেটৱৰ্ক ৰাউটিং এণ্ড ডিজাইন’ বুলি। তাৰ যিজন তত্ত্বাৱধায়ক জেৰি এশ্ব, মই তেখেতৰ লগত কথা পাতিলোঁ। মোৰতো টেলিকমিউনিকেচন বেকগ্ৰাউণ্ড একো নাই। তেখেতে মোৰ বায়’ডাটা চাই ক’লে যে নহয়, ‘Your background is enough’, বাকীখিনি তুমি ইয়াতে শিকিব পাৰিবা। তুমি অনুকূলীকৰণ জানাই কি কৰিব লাগে, আমাৰ টেলিকমিউনিকেচন ৰাউটিঙত বহুত অনুকূলীকৰণ লাগে। মই তেতিয়া ভালকৈ বুজি পোৱা নাই, কেনেকৈ লাগিব ধাৰণা নাই। অৱশ্যে ১৯৮৩ চনত যেতিয়া ৰবিন্‌ছনৰ পৰা প্ৰথম অনুকূলীকৰণৰ ক্লাছটো লৈছিলোঁ, তেতিয়া আমাক এখন টাৰ্ম পেপাৰ লিখিবলৈ দিছিল। তেতিয়া মই ৰাউটিং মানে ট্ৰেফিকৰ ৰাউটিঙৰ সন্দৰ্ভত এটা ৰ’ড ট্ৰেফিক নেটৱৰ্কৰ বিষয়ত এখন পেপাৰ লিখিলোঁ, নিজৰ নহয়, বেলেগৰ পেপাৰ কেইখনমানৰ পৰা সাৰাংশ হিচাপে এখন পেপাৰ লিখিছিলোঁ। সেইখনতে অলপ ধাৰণা আহিছিল ৰ’ড নেটৱৰ্কত কেনেকৈ ট্ৰেফিকৰ জাম কমাব পাৰি, ৰাউটিঙৰ যোগেদি, সেইখিনিয়েই মোৰ ধাৰণা, য’ত অনুকূলীকৰণ ব্যৱহাৰ কৰিব পাৰি। কিন্তু নেটৱৰ্ক বা টেলিফোন নেটৱৰ্ক ৰাউটিঙত যে অনুকূলীকৰণ ব্যৱহাৰ কৰিব পৰা যায়, তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ। গতিকে জেৰি এশ্বে কোৱা কাৰণে মই ভাবিলোঁ যে এইটো সুবিধা লোৱা ভাল, এইটো নতুন কথা এটা জনা হ’ব। তেখেতসকলে টেলিফোন নেটৱৰ্কত ডাইনেমিক ৰাউটিঙ সন্দৰ্ভত গৱেষণা কৰি আছিল। সেইটো কাৰণে জেৰি এশ্বে পাছলৈ গৈ আলেকজেণ্ডাৰ গ্ৰাহাম বেল এৱাৰ্ড পাইছিল। বাকী দুটা বিভাগো বেয়া নহয়। আমি তেতিয়া ইণ্টাৰভিউ দি ঘূৰি আহি অগ্ৰাধিকাৰ দিব লাগে। মই জেৰি এশ্বৰ বিভাগতেই প্ৰথম অগ্ৰাধিকাৰ দিলোঁ। সৌভাগ্যক্ৰমে তেখেতেও আমাক প্ৰথম অগ্ৰাধিকাৰ দিলে, সেইটোত মোৰ মিলি গ’ল। গতিকে মই ট্ৰেফিক নেটৱৰ্ক ৰাউটিঙ এণ্ড ডিজাইন বিভাগত এটিএণ্ডটি বেল লেবৰেটৰীত ১৯৮৭ চনৰ ছেপ্টেম্বৰত যোগদান কৰিলোঁ। তেখেতৰ পৰাই মই পৰৱৰ্তী পৰ্যায়ত বহুখিনি শিকিলোঁ। মানে তেখেত বহুত মননশীল মানুহ বুলি ক’ব পাৰি। তেখেতৰ অন্তৰ্দৃষ্টি, মানে কেনেকৈ সমস্যা এটাৰ অন্তৰ্দৃষ্টি এটা পাব পাৰি, বিশেষকৈ বাস্তৱ জগতৰ সমস্যা এটা যেনে- টেলিকমিউনিকেচন ৰাউটিঙত মনৰ ভিতৰতে কল্পনা কৰি যে এটা অনুকূলীকৰণৰ গণিতৰ ম’ডেল সুমুৱাব পাৰি, সেয়া শিকিলোঁ৷ সেই সময়ত তেখেতৰ লগত আমি প্ৰত্যেকদিনাই কথা পতাৰ দৰে। আলোচনা হয়। তেনেকৈ বহুত কথা শিকিলোঁ তেখেতৰ পৰা। অনুকূলীকৰণ বাস্তৱ জগতৰ সমস্যা এটাত কেনেকৈ এলগৰিদম বা গণিতীয় আৰ্হি ব্যৱহাৰ কৰিব পাৰি এইটোৱেই মোৰ প্ৰথম অতি ডাঙৰ অভিজ্ঞতা বুলিব পাৰি। বেল লেবত মোৰ প্ৰথম কৰ্মজীৱনত হোৱা সেই অভিজ্ঞতাটোৰ কাৰণেহে বহুত কথা  বুজি পালোঁ, মনত কল্পনা কৰি পাছলৈ আৰু নতুন গৱেষণা কৰিব পাৰিলোঁ। তাৰ আগলৈকে সমস্যাবোৰক সমস্যা হিচাপে লৈ কৰি আছোঁ। গণিতৰ কেলকুলাছ কৰাৰ দৰে অনুকূলীকৰণৰ সমস্যাও কৰি আছিলোঁ কিন্তু, বাস্তৱ জগতৰ ক্ষেত্ৰৰ পৰা কোনো সমস্যা আহিব পাৰে,  তেতিয়াহে বুজিলোঁ আৰু লগতে এলগৰিদমৰ দিশটো চাইছিলোঁ। গতিকে বেল লেবত গৈ প্ৰথম এটা ডাঙৰ অভিজ্ঞতা হ’ল।

আৰু এটা কথা কওঁ৷ তেতিয়া প্ৰথম ফাইবাৰ অপ্‌টিকৰ প্ৰয়োগ আহিব ধৰিল। ১৯৮৮ চনত এডাল সৰু ফাইবাৰ অপ্‌টিক কেবোলত চল্লিছহাজাৰ টেলিফোন কল একেসময়তে কৰিব পাৰিছিল, ডাটাৰ বেগ আছিল প্ৰায় ২৮০ মেগাবিট প্ৰতি ছেকেণ্ডত। আজিৰ দিনত এডাল চিঙ্গল-ম’ড ফাইবাৰ অপ্‌টিক কেবোলত ডাটাৰ বেগ প্ৰায় ১৫০ টেৰাবিট প্ৰতি ছেকেণ্ডত, মানে ১০,০০,০০০ মেগাবিট প্ৰতি ছেকেণ্ডত৷ যদি তেনেকুৱা এডাল কাটি যায়, সেই তেতিয়াৰ দিনতেই হাজাৰ হাজাৰ ফোনকল লগালগ খচৰা হিচাপে ৰৈ যায়। তেতিয়া সেইবিলাক আকৌ ৰিৰাউটিং কৰিব লগীয়া হয়। সেইটো ফাইবাৰ অপ্‌টিকৰ আগৰ টেকনলজিত বৰ দৰকাৰ নাছিল কাৰণ আগৰ কেবোলবোৰ কটা গ’লেও বেছি কল খচৰা নহয়, গতিকে বৰ চিন্তা কৰিবলগীয়া নহয়। মই তেতিয়া প্ৰথম তেনেধৰণৰ সমস্যা চাওঁতে কেনেকৈ ৰি-ৰাউটিং কৰি তাৰ লগত আৰু কি কি তথ্য দিব পাৰি, আৰু ক’ত ক’ত নতুন ফাইবাৰ কেবোলৰ সামৰ্থ্য দিব পাৰি, কেনেকৈ নতুন নতুন পথ উলিয়াব পাৰি কম্পিউটাৰত তাৰে কাম কৰিছিলোঁ – ঠেকা কিমান খাব তাৰ গণনা, ঠেকা কিমান কমাব পাৰি তাৰ গণনা ইত্যাদি কৰিছিলোঁ। আমি মানে ৰিচাৰ্ড জেচাপ, চিন্ লী আৰু মই তিনিজনে লগ হৈ এটা নতুন পদ্ধতি উলিয়ালোঁ ৰাউটিং তালিকা কৰিবলৈ যাতে ক’ৰবাত ফাইবাৰ অপ্‌টিক ক্ষয় হ’লে যাতে নেটৱৰ্কত ঠেকা কিছু কম খায়৷‌ নামটো দিলোঁ ’ফেচিলিটি ডাইভাৰ্চ ৰাউটিং’ বুলি৷ সেইটো গৈ গৈ এটিএণ্ডটিৰ নেটৱৰ্কত লগোৱা গ’ল। সমগ্ৰ দেশজুৰি কাৰ্যকৰী কৰা গ’ল। সেইটো মানে মোৰ কাৰণে এটা ডাঙৰ কাম, কেনেকৈ কল্পনা কৰা কথা এটাৰ পৰা গৱেষণাৰ আৰম্ভ কৰি উৎপাদনলৈ নিব পাৰি। আৰু দুই-চাৰিটা কিবা-কিবি গৱেষণা কৰিলোঁ। 

কিন্তু আৰু এক-ডেৰ বছৰমান কাম কৰাৰ পাছত কেইবাটাও কাৰণত ভাবিলোঁ যে আৰু এঠাইত নতুন কামৰ বাবে আৱেদন কৰোঁ। মোৰ পৰিবাৰেই ক’লে মিড্ ৱেষ্টৰ মানে আমেৰিকাৰ মাজ ভাগৰ ফালে আকৌ তেখেত ঘূৰি যাব বিচাৰিছে – নিউ জাৰ্চিত থাকি ভাল পোৱা নাই৷ বেল লেবত বহুতখিনি গৱেষণা জাতীয় আছিল যদিও উৎপাদনৰ ফালে অলপ বেছি যাবলৈ ধৰিলে। কাৰণ কোম্পানীটোও সলনি হৈ আহি আছে। গতিকে তাৰ লগত কিছুমান গৱেষণা মই ভালকৈ ভাবি চাবলৈ সময় নোপোৱাৰ দৰে হ’ব ধৰিছিল। কেতিয়াবা কিছুমান বিষয়ত যে আমি কওঁ ঘুকুটি ঘুকুটি চাব লাগে বুলি, সেইটোত বেছি সময় লাগেতো, মই সময় সিমানখিনি দিব পৰা নাই কাৰণ আকৌ বেলেগ সমস্যা এটাৰ উত্তৰ উলিয়াব লাগে। মই ভাবিলোঁ যে কিছুমান গৱেষণা অলপ বেছিকৈ চাব পাৰিলে ভাল লাগিলহেঁতেন। 

সেই কথা ভাবি কেইবাঠাইলৈকে আৱেদন পঠোৱা আৰম্ভ কৰিলোঁ৷ তেতিয়াৰ দিনত লেণ্ডলাইন ফোনত আঞ্চাৰিং মেচিন লগোৱা আছিল। যেতিয়া আমি ফোনটো ধৰিবলৈ নাথাকোঁ, তেতিয়া আঞ্চাৰিং মেচিনত গৈ আনে ক’ব পাৰে যে মই অমুকে কৈছিলোঁ বা তমুকে কৈছিলোঁ। মোৰ এতিয়াও মনত আছে৷ এখন আৱেদন কৰা বিশ্ববিদ্যালয়ৰ পৰা এটা ডাঙৰ দীঘলীয়া আঞ্চাৰিং মেচিনত মেচেজ থৈছিল, ৰিচাৰ্ছ হেডাৰিংটন বুলি এগৰাকীয়ে। মই ঠিক দুপৰীয়াৰ আহাৰ খাই মোৰ অ’ফিচৰ কোঠাটোলৈ আহোঁতে মেচেজটো দেখিলোঁ৷ বৰ ইণ্টাৰেষ্টিং। হেডাৰিংটনে মেচেজটোত ক’লে যে ইউনিভাৰ্ছিটি অৱ মিজৌৰি, কেনচাছ চিটীত আমি এটা নতুন বিভাগ খোলাৰ দুবছৰমান হ’ল, কম্পিউটাৰ ছায়েন্স এণ্ড টেলিকমিউনিকেচন। মোৰ বায়’ডাটা খন মিলিব, গতিকে মোক ইণ্টাৰভিউ দিবলৈ মাতিব খুজিছে৷  মই বোলো এইটোতো বৰ আকৰ্ষণীয় যুটি। নামৰ ফালৰ পৰা, এইটো ইলেক্ট্ৰনিকছো নহয় কম্পিউটাৰ ছায়েন্সো পূৰা নহয়, মোৰ টেলিকমিউনিকেচনত ইতিমধ্যে দুবছৰ কৰা হৈছে আৰু তাত ক’লে যে কেনচাচ চিটীত ইউনাইটেড টেলিকম বুলি আৰু এটা কোম্পানী আছে। এটিএণ্ডটিৰ দৰে ডাঙৰ নহয়, বহুত পুৰণি কোম্পানী মানে এশবছৰ পুৰণা কোম্পানী বুলি ক’ব পাৰি। সেইটো পাছত গৈ নামটো সলনি হৈ স্প্ৰিণ্ট্ হ’ল, আৰু শেহতীয়াকৈ সেইটোত আকৌ এটা লগ হৈ এতিয়া টি-মবাইল বুলি কোম্পানী এটাৰ লগত জড়িত। তেতিয়া মই দেখিলোঁ যে মই যদি কেনচাচ চিটীলৈ যাওঁ, টেলিকমিউনিকেচনৰ তেখেতসকলৰ লগতো কিছুমান প্ৰায়োগিক গৱেষণা কৰাৰ কিছু সুযোগ পাব পাৰোঁ আৰু নতুন মৌলিক গৱেষণাও কৰিবৰ সুযোগ পোৱা যাব। ইণ্টাৰভিউ দিবলৈ আহিলোঁ, চাকৰিটোও পালোঁ৷ গতিকে সেইটো সুবিধা পাই মই ১৯৮৯ চনৰ আগষ্টত কেনচাচ চিটীলৈ আহিলোঁ। তেতিয়া মই আহোঁতে ইউনাইটেড টেলিকমৰ নামটো স্প্ৰিণ্টলৈকে সলনি হৈছে নে নাই মনত নাই। অহাৰ কাৰণে তেতিয়া তেখেতসকলেও মোক কিছুমান সমস্যাৰ গৱেষণাৰ সুবিধা দিলে। তেখেতসকলৰ লগত প্ৰায়োগিক গৱেষণা জাতীয় কেইবাটাও প্ৰকল্প কৰিলোঁ। গতিকে সেই ব্যৱহাৰিক দিশটো মই আৰু জানিলোঁ। 

এইখিনিতে আৰু এটা কথা ক’ব খুজিছোঁ যে মই যদি ১৯৮৭ চনত পিএইচডি কৰি চিধাই অধ্যাপক হিচাপে বিশ্ববিদ্যালয়লৈ গ’লোঁহেঁতেন, মোৰ সেই প্ৰায়োগিক দিশৰ অভিজ্ঞতাটো কেতিয়াও নহ’লহেঁতেন। সেইটো মই বেল লেবত চাকৰি নকৰা হ’লে নহ’লহেঁতেন। সেইকাৰণে ইউনিভাৰ্ছিটি অৱ মিজৌৰী, কেনচাচ চিটী (ইউএমকেচি  বুলি কওঁ চুটিকৈ) অহাৰ পৰা মই যেতিয়া ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাওঁ, সেই বাস্তৱ বস্তুবিলাক, সমস্যাবিলাক ক’ব পাৰিলোঁ। তেতিয়া আমাৰ ইণ্টাৰনেট আহিব ধৰিছে। গতিকে মই প্ৰথম ১৯৯২ চন মানত ডেটা কমিউনিকেচনৰ পাঠ্যক্ৰম এটা কৰিলোঁ। মোৰ টেলিকম বেকগ্ৰাউণ্ড আগতে নাই আকৌ দেই। কিন্তু বেল লেবত চাকৰি কৰোঁতে আমাক আগতে পাঁ‌চদিনীয়া এটা হ্ৰস্ব পাঠ্যক্ৰম (short course) বুলি কয়, তেখেতসকলে কয় যে তুমি যিমান লাগে যেতিয়াই লাগে পাঠ্যক্ৰমকেইটা শিকিলেই হ’ল। তেনেকৈ মই এটা ডেটা কমিউনিকেচনৰ পাঠ্যক্ৰম শিকি ল’লোঁ। বহুত কথা ঠিক বুজিলোঁ বুলি কব নোৱাৰোঁ। সঁচা কথা ক’বলৈ গ’লে বিদ্যুৎবিজ্ঞান এতিয়াও মই ভালকৈ বুজি নাপাওঁ। কিন্তু তাৰ ওপৰৰ ভাগত ডেটা কমিউনিকেচন – কেনেকৈ এনালগ, ডিজিটেল ৰূপান্তৰ কৰে, সেইবিলাক মই বুজি পালোঁ পিচে। অলপ অংকজাতীয়ও হয়। সূত্ৰটো sine তৰংগৰ পৰা কেনেকৈ দশা পৰিৱৰ্তন (phase transition) কৰে, সেই জাতীয় কথা। গতিকে তেনেকুৱা sine তৰংগ চালে তাত বিস্তাৰ (amplitude) আদি যে লাগে, সেইবিলাক মই বুজি পাওঁ। গতিকে সেইটো দিশ জানিলোঁ আৰু তাৰ উপৰি ৰাউটিঙ বিষয়তো মোৰ তত্ত্বাৱধায়ক জেৰি এশ্বৰ পৰা বহুখিনি জানিলোঁ। সেইফালৰ পৰা মই যেতিয়া ইউএমকেচিত পঢ়ুৱাবলৈ আহোঁ, অধ্যাপনাৰ জীৱন আৰম্ভ কৰোঁ, পঢ়ুৱাটো আমোদজনক ঘটনা বুলি ক’ব পাৰি। মই যিবিলাক পাঠ্যক্ৰম নিজে পঢ়ুৱাইছোঁ, এটা বা দুটাৰ বাহিৰে বাকীবিলাক বিষয় মই ছাত্ৰ হিচাপে নিজে পঢ়ি পোৱা নাই। গম পাইছাতো। চোৱা, মই নিজে ৰাউটিঙৰ পাঠ্যক্ৰম এটা খুলিছিলোঁ, সেইটো ১৯৯৬ চনত। একেবাৰে প্ৰথমৰ শিকন সামগ্ৰীখিনি মই নিজে কৰিছোঁ। তাৰ আগতে  ১৯৯২ চনতে কম্পিউটাৰ নেটৱৰ্ক ডিজাইন বুলি এটা পাঠ্যক্ৰম আৰম্ভ কৰিছিলোঁ। সেইটোও মই নিজে পঢ়ি পোৱা নাই কিন্তু গোটেইটো নিজে প্ৰস্তুত কৰি স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম দিলোঁ আৰু পঢ়ালোঁ। আনকি মই কম্পিউটাৰ আৰ্কিটেক্সাৰো পঢ়ুৱালোঁ। কিন্তু পিএইচডিত আমাৰ পঢ়াৰ প্ৰয়োজন নাছিল। তাৰ ভিতৰত মই পিএইচডি কৰি থাকোঁতে কম্পিউটাৰ নেটৱৰ্কটো লৈছিলোঁ। পিছে কম্পিউটাৰ নেটৱৰ্কটোও ক’বলৈ গ’লে মই পঢ়ুৱাওঁতে সম্পূৰ্ণ বেলেগ। মই যিখিনি পঢ়ি আহিছিলোঁ, তেতিয়া ১৯৮৫ চনত OSI (open system interconnect architecture) এটা নতুন পদ্ধতি আছিল। সবেই ভাবিছিলোঁ OSI টো হ’ব গৈ। ইণ্টাৰনেটৰ যিটো প্ৰথম কাৰ্যৰূপায়ণ, সেইটোক tcp/ip বুলি কয়। বহুতে ভাবিছিল tcp/ip স্থায়ীভাৱে নহ’ব। মানে কিছুদিনৰ কাৰণে কিবা এটা হৈ আছে। OSI টো আহিব বুলি সবেই OSI পঢ়িবলৈ ধৰিলে। ১৯৯১-৯২ চনত mail attachment আহিছে, world wide web টো ৮৯-৯০ চনত আহিছে। গতিকে সেইটো আহোঁতে মই গম পাইছোঁ যে OSI কাৰ্যৰূপায়ণ নহ’বও পাৰে। tcp/ip টো ইমানখিনি ইতিমধ্যে কাৰ্যকৰী হৈছে। তেতিয়া cisco বুলি কোম্পানীয়ে ইতিমধ্যে ৰাউটাৰ বনাইছে। গতিকে মই মোৰ বিভাগত প্ৰস্তাৱ কৰিলোঁ যে মই এটা নতুন নেটৱৰ্কৰ পাঠ্যক্ৰম আৰম্ভ কৰোঁ, গোটেইখিনি tcp/ip ৰ ওপৰতে হ’ব। তেতিয়া সেইখিনি মই নিজে শিকা বুলিয়েই ক’ব পাৰি। যদিও অলপমান আমি ক্লাছত কৰিছিলোঁ ১৯৮৫ চনত। কিন্তু সেইটোও নতুন। গতিকে মই যিবিলাক পঢ়ুৱালোঁ বাস্তৱিকতে বেছিভাগেই ক্লাছ হিচাপে পঢ়ি শিকা নাই। সেইটো এটাৰ পৰা এটা ৰূপান্তৰ হোৱাৰ দৰে হ’ল। আগতে গণিত, তাৰপাছত অনুকূলীকৰণ; অনুকূলীকৰণ মই যিখিনি পঢ়ুৱালোঁ সেইখিনি আকৌ মই নেটৱৰ্কৰ টেলিকম বা কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে প্ৰয়োগ হিচাপেহে পঢ়াইছোঁ। অকল অনুকূলীকৰণ বিষয় হিচাপে মই কেতিয়াও পাছলৈ পঢ়ুওৱা নাই। 

➤ ছাৰ আপুনি কৰ্ম জীৱনৰ পদোন্নতিৰ কথা ক’ব নে? 

মেধিঃ ১৯৮৯ চনত মই ইউএমকেচিত যোগদান কৰিলোঁ, প্ৰথমতে সহকাৰী গৱেষক অধ্যাপক হিচাপে। ১৯৯১ চনত পালোঁ ​​টেনিওৰ-ট্ৰেক সহকাৰী অধ্যাপক পদ৷ ১৯৯৬ চনত সহযোগী অধ্যাপকলৈ পদোন্নতি হ’ল। ২০০০ চনত প্ৰাধ্যাপক। তাৰপাছত ২০১১ চনত মই Curators’ Distinguished Professor বুলি কয়, সেইটো পালোঁ। ইউনিভাৰ্ছিটি অৱ মিজৌৰিখন ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কয়। ইউনিভাৰ্ছিটি অৱ মিজৌৰিৰ আকৌ চাৰিটা চৌহদ আছে। এখন কলম্বিয়া মানে কলম্বিয়া university নহয়, University of Missouri at columbia বুলি সৰু ক’লম্বিয়া নামৰ ঠাই এটুকুৰাত আছে। ৰলা (Rolla) নামৰ সৰু ঠাইত এখন আছে, চেইণ্ট লুইচত আছে, আৰু কেনচাছ চিটি। সেই চাৰিখন। চাৰিখনক একেলগে ইউনিভাৰ্ছিটি অৱ মিজৌৰি চিষ্টেম বুলি কয়। সেই চিষ্টেমৰ ব’ৰ্ড অৱ কিউৰেটৰে (board of curator) সেই Curators’ Distinguished Professor খিতাপটো দিয়ে। তেতিয়াৰ সময়ত আমাৰ কেম্পাছত মানে ইউএমকেচিত প্ৰতি বছৰে প্ৰাধ্যাপকসকলৰ ভিতৰত এজনকহে Curators’ Distinguished Professor দিয়ে। মই ভাগ্যবান বুলিয়ে ক’ব পাৰোঁ। ২০১১ চনত পালোঁ।

পৰ্টুগালত অনুষ্ঠিত এখন সন্মিলনত এনএছএফৰ প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভাষণৰত অৱস্থাত দীপ মেধি (২০১৯)

➤ ছাৰ আপুনি বেল লেবত কৰোঁতে অসমীয়া কাৰোবাক লগ পাইছিল নেকি ?

মেধিঃ বৰ ডাঙৰ প্ৰশ্ন এইটো। বৰ দৰকাৰী প্ৰশ্ন দেই। মই বেল লেবত যোগদান কৰোঁতে নিউ জাৰ্চিলৈ আহিলোঁ। নিউ জাৰ্চিত Homedel বুলি চহৰত বেল লেবৰ ডাঙৰ অফিছটো আছিল। বেল লেবৰ কেইবাটাও বেলেগ বেলেগ অফিছ আছে। তেতিয়া এগৰাকী অসমীয়া ঠিক এতিয়া মোৰ মনত নাই কেনেকৈ সংযোগত আহিল, এগৰাকী মহিলা, তেখেতৰ নাম ড° আৰাধনা বৰুৱা, বিয়াৰ পাছত চাটিন হ’ল। আৰাধনা চাটিন বুলি লিখে। তেখেতৰ আমেৰিকান এজনৰ লগত বিয়া হৈছে। তেখেতক মানে বাটকটীয়া বুলি ক’ব লাগিব। তেখেতে পদাৰ্থবিজ্ঞানত পিএইচডি কৰা। তেখেতে হয়তো সত্তৰৰ শেষৰ ফালে আমেৰিকালৈ আহি  পিএইচডি কৰিছিল। (তেখেতৰ লগত এতিয়াও মোৰ যোগাযোগ আছে। কিছুদিনৰ আগতে কথা পাতিছিলোঁ।) মই লগ পাওঁতে তেখেত বেল লেবৰ বেলেগ এটা বিভাগত আছিল। সেইজনেই অসমীয়া মই জনাত জানো। তেখেতৰ কথা বহুতে অসমত নাজানে। তেখেত এনেকুৱা এগৰাকী মহিলা, ইমান আগলৈকে গ’ল। তেখেতৰ বয়স হয়তো এতিয়া ৭৫-৮০ হ’ব। গতিকে তেখেতৰ কথা ক’বলগীয়া। এগৰাকী অসমীয়া, বিশেষকৈ মহিলা, তেতিয়াই বেল লেবত চাকৰি কৰিছিল।

➤ তেখেতৰ ঘৰ ক’ত আছিল?

মেধিঃ তেখেত যোৰহাটৰ। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান পঢ়িছিল। তেখেতৱেই আছিল অসমীয়া, তাৰ পাছত মোৰেই বন্ধু এজন সোমাইছিল বেল লেবত, তেখেতৰ নাম অৰূপজ্যোতি ভূঞা। তেখেতে মোৰ লগত কটনতো পঢ়িছিল। তেখেতে পদাৰ্থবিজ্ঞানত স্নাতক পঢ়িছিল। তাৰপাছত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান(IISc)ত বি টেক এটা আছিল তিনিবছৰীয়া, সেইটো কৰি তেখেতে য়েল বিশ্ববিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিকী (electrical engineering) বিষয়ত পিএইচডি কৰিলে। তেখেত আমেৰিকালৈ মোতকৈ দুবছৰ মান পাছত আহিছিল। ১৯৮৯ চনত তেখেতে পিএইচডি শেষ কৰিলে। তেতিয়া তেখেত বেল লেবত সোমাইছিল। তেখেত কিন্তু নিউ জাৰ্চিত নাছিল। তেখেত আৰু এটা বেল লেবৰ শাখা আছে, চিকাগোৰ ওচৰৰ নেপাৰভিললৈ আহিছিল। গতিকে মই জনাত আমাৰ সেইখিনি সময়ত আৰাধনা বাইদেউ (তেখেতৰ চুটি নাম আনা বাইদেউ), অৰূপ, আৰু আমি। (অৰূপৰ লগত মোৰ এতিয়াও যোগাযোগ আছে।) তেখেতে বেল লেবৰ কাম দহবছৰ মান আগতে এৰিলে। এতিয়া তেখেতে Idaho national lab ত কাম কৰে। এইটো এটা জাতীয় গৱেষণা কেন্দ্ৰ।

➤ ছাৰ তাৰ পাছত আপুনি প্ৰিন্সটন বিশ্ববিদ্যালয়লৈ গৈছিল। এমআইটিলৈ গৈছিল। সেইখিনি কথা অলপ কৈ দিয়ক।

মেধিঃ প্ৰিন্সটনত গৈছিলোঁ।‌ আমাৰ আমেৰিকান ইউনিভাৰ্ছিটিবোৰত সাত বছৰমান কাম কৰাৰ মূৰে মূৰে অধ্যয়ন ছুটী দিয়ে – চাবাটিকেল (sabbatical) বুলি কয়। অধ্যয়ন ছুটী মানে সাত-আঠ বছৰমান কাম কৰিলে তুমি এটা ছেমিষ্টাৰ য’তেই যি কৰিব খোজা কৰিব পাৰা। নিজৰ ইউনিভাৰ্ছিটিত নপঢ়ালেও হয়। বেলেগ ঠাইতো তুমি কৰিব পাৰা। তাতে তেতিয়া ২০১৪ চনত মই কি কৰোঁ ভাবিলোঁ। মই কেইবাঠাইৰ কথা ক’লোঁ। যদিও মই প্ৰিন্সটনলৈ প্ৰথমতে যোৱা নাছিলোঁ সেইটোৰ কথাই প্ৰথমতে কওঁ। মই প্ৰিন্সটনত এগৰাকী অধ্যাপিকাক চিনি পাওঁ। তেখেতৰ নাম জেনিফাৰ ৰেক্সফ’ৰ্ড। তেখেতক চিনি পাওঁ মানে কি হ’ল। মই যেতিয়া প্ৰথম মোৰ কিতাপখন লিখোঁ ২০০৩ চনত এখন কিতাপ লিখোঁ ৰাউটিং, Flow and capacity design বুলি সেইখন লিখোঁতে তাৰমানে তেখেতৰ লগত ইমেইলেই কৰিছিলোঁ নেকি? তেতিয়া তেখেতে বেল লেবত কাম কৰি আছিল চাগৈ, প্ৰিন্সটনত সোমোৱা নাছিল যেন পাইছোঁ। মোৰ মনত নাই কোন চনত তেখেতে প্ৰিন্সটনত সোমাল। তেখেতে ক’লে- I have been recommending your book to many people.(।) তেখেতে কেনেকৈ মোৰ কিতাপৰ কথা গম পালে নাজানো। তেখেতে তাৰমানে সেই কিতাপখন কিছু চাইছিল চাগৈ। তেখেতৰ লগত যেতিয়া মই দ্বিতীয়খন নেটৱৰ্ক ৰাউটিঙৰ কিতাপ লিখোঁ সেইখন ২০০৭ চনত প্ৰকাশ হ’ল। সেইখন লিখোঁতে মই তেখেতক অলপ ভালকৈ জানো। সেই সময়ত মানে ২০০৩ ৰ পৰা ২০০৭ ৰ ভিতৰত তেতিয়া মই কেইটামান অধ্যায় খচৰা লিখি থাকোঁতে তেখেতক মই তেখেতৰ চাবলৈ সময় আছে নেকি বুলি সোধোঁতে তেখেতে চাম বুলি ক’লে। তেখেতলৈ তেতিয়া মই অধ্যায় কেইটামানৰ পিডিএফ ফাইল পঠিয়াই দিওঁ। তেখেতে প্ৰিণ্ট কৰি পেঞ্চিল দি মাৰ্ক কৰি বহী চোৱাৰ দৰে পঠিয়াই দিছিল। এতিয়াও কিজানি কপি দুটামান আছে। তেখেতৰ লগত তেতিয়াৰ পৰাই চিনাকি আছে। মোৰ সেইখন কিতাপত তেখেতে উক্তি এটা দিছিল। পিছৰ বেটুপাতখনত তেখেতৰ উক্তিটো আছে। জেনিফাৰক মই তেতিয়া জেন বুলি কওঁ আৰু। জেনক তেতিয়াৰ পৰাই চিনি পাওঁ। ২০১৪ চনত মই যেতিয়া অধ্যয়ন ছুটীৰ সময় হয়, মই তেতিয়া প্লেন কৰি আছোঁ ক’ত ক’ত যাম, মই এঠাইত যাব খোজা নাই গোটেইকেইটা দিন। বেলেগ বেলেগ ঠাইত যাবলৈ খোজোঁ। মই ক’লোঁ যে জেন মই আহিব খুজিছোঁ, তেতিয়া ক’লে ঠিক আছে, তেতিয়া মই গ’লোঁ, তেখেতৰ সৈতে সময়  মিলাই দুসপ্তাহৰ কাৰণে মই প্ৰিন্সটনলৈ গৈছিলোঁ। তেখেতৰ লগতো আলোচনা হৈছিল আৰু তেখেতৰ পিএইচডিৰ ছাত্ৰ কেইবাজনৰ লগতো আলোচনা কৰিছিলোঁ, সেইটোৱেই মোৰ প্ৰিন্সটনত অভিজ্ঞতা। 

এম আই টিৰ কথা কোৱাৰ আগতে আৰু এটা কথা ক’ম। চাবাটিকেলৰ আৰম্ভণিত মই তেতিয়া পেৰিছতো গ’লোঁ এমাহ মানে চাৰি বা পাঁচসপ্তাহ। তেতিয়া নামটো আছিল ইউনিভাৰ্ছিটি অৱ পিয়েৰি এণ্ড ম্যেৰী ক্যুৰী। তেখেতসকল ন’বেল বঁটা বিজয়ী দুয়োগৰাকী পতি-পত্নী। তেখেতসকলৰ নামতে বিশ্ববিদ্যালয়। কিন্তু সেই নামটো আকৌ মিহলি হৈ আজিকালি ছ’ৰ্বন বিশ্ববিদ্যালয়ৰ এটা ভাগ  হৈছে। তাতো মই এমাহ মান কটালোঁ। তাৰ মাজত দুদিনমানৰ কাৰণে বেল্‌জিয়ামৰ গেণ্ট্ বিশ্ববিদ্যালয়লৈকো গৈছিলোঁ৷

এম আই টিলৈ গৈছিলোঁ মাৰ্চ ২০১৬ ত। আইটান ম’ডিয়ানো (Eytan Modiano) বুলি এজন প্ৰাধ্যাপক আছে তাত। মই আগতে এবাৰ ফাইবাৰ অপ্‌টিক কটাৰ কথা ক’লোঁ যে। সেই তেতিয়াৰে পৰা মই নেটৱৰ্ক নিষ্ফলতাৰ গৱেষণা কৰিছিলোঁ। সেইটো হ’লে নেটৱৰ্ক ৰেজিলিয়েঞ্চ কেনেকৈ কৰিব পাৰি, কেনেকুৱা ধৰণৰ ৰি-ৰাউটিং কৰিব পাৰি, কেনেকুৱা ধৰণৰ অনুকূলীকৰণ মডেলিং কৰিব পাৰি, সেইবিলাকত মই কাম কৰিছিলোঁ। আইটান ম’ডিয়ানোয়েও সেইটো ক্ষেত্ৰত বেছ কিছু গৱেষণাৰ কাম কৰিছিল, এতিয়াও কিছু কৰে। তেৱোঁ মোক জানে, ময়ো তেখেতক জানো, গতিকে তেখেতক মই ক’লোঁ যে, মোৰ এতিয়া সময় আছে মই যাব পাৰিম। তেতিয়া তেখেতে ক’লে আহিবা, তেতিয়া মই এসপ্তাহ এম আই টিত আছিলোঁ।

➤ ছাৰ, ছ’ৰ্বনত আপোনাৰ দেউতাই পিএইচডি কৰিছিল?

মেধিঃ অঁ, সুন্দৰ কথা কৈছা। ঠিক ঠিক, সেইটো ক’বলগীয়া আছে, কৈ থওঁ ৰ’বা। ছ’ৰ্বনত দেউতাই মানে গৱেষণা কৰিছিল ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈকে। তেতিয়া সেইখন ইউনিভাৰ্ছিটি অৱ পেৰিছ বুলি কৈছিল। ইউনিভাৰ্ছিটি অৱ পেৰিছ, ছ’ৰ্বন। তাতে কেইবাটাও বেলেগ বেলেগ ভাগ বিভাগ হৈ আছিল, ১৯৫০ চনৰ পৰা হৈ এতিয়া আকৌ গোটেইখিনি গৈ আকৌ ছ’ৰ্বন হৈছে। তাৰপাছত ইউনিভাৰ্ছিটি অৱ পিয়েৰি এণ্ড ম্যেৰী ক্যুৰী আৰম্ভ হওঁতে কি হ’ল, সেইখিনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় বুলি ক’ব পাৰি। বাৰু, মই পেৰিছত যাওঁতে (কেইবাবাৰো গৈছোঁ বাৰু পেৰিছ) দেউতাৰ গৱেষণা পুথিখন বিচাৰি পাওঁ নেকি চালোঁ, ইউনিভাৰ্ছিটি অৱ পিয়েৰি এণ্ড ম্যেৰী ক্যুৰীৰ লাইব্ৰেৰীত গৈ পালোঁ। প্ৰথমবাৰ তাত নিৰ্মাণকাৰ্য চলি আছিল, সেইবাৰ নোৱাৰিলোঁ, পাছত যাওঁতে তাৰে এজন বন্ধুৱে মোক ক’লে আমি উলিয়াই দিম। উলিয়াই দি তেখেতসকলেই গোটেইখন ডিজিটাইজড কৰি দিলে। মোৰ ওচৰত ডিজিটাইজড কপি এটা আছে। আগতে দেউতাই অনা যিকেইটা কপি ঘৰত আছিল, মোৰ মনত আছে এতিয়াও, সেই পোক লাগে যে উঁইয়ে খোৱা, অমুক খোৱা, সেইকেইটা মানে গ’ল, নায়েই। গতিকে ঘৰত তাৰমানে পেপাৰ কপি নাই আৰু।

➤ ছাৰ সেইখন তেখেতে ফৰাচী ভাষাত কৰা নেকি?

মেধিঃ অঁ হয়, ফৰাচী ভাষাত কৰা। গতিকে মোৰ সৰু চাইড প্ৰজেক্ট এটা চলি আছে সেইখন ইংৰাজীলৈ অনুবাদ কৰাৰ কাৰণে। দুগৰাকীৰ লগত কৰি আছোঁ। (সাক্ষাৎকাৰ যুগুত কৰোঁতাৰ টোকা- ২০২৪ ত অনুবাদ হৈ গৈছে।) দেউতাই মানচেষ্টাৰলৈ আহি ফৰাচী শিকিছিল। মানচেষ্টাৰৰ শেষৰ ফালে শিকিছিল নেকি অলপ, ফৰাচী দেশত তেতিয়া গৱেষণাৰ পুঁজি এটা পাইছিল নেকি সেইটো। সেইটো এটা ডাঙৰ সংযোগ। আকৌ এবাৰ মোক তেখেতসকলে বহিঃনিৰীক্ষক হিচাপে মাতিলে, পিএইচডিৰ। তেতিয়া মোৰ দেউতা জীয়াই আছে, তেতিয়া মই ফটোখন দেউতালৈ পঠাইছিলোঁ। দেউতাই যিখন বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল, তাতে যে মই পিএইচডিৰ পৰীক্ষক হিচাপে গৈছোঁ, সেইটো দেখাওঁতে খুব স্ফূৰ্তি পাইছে তেখেত।

তাৰ আগে আৰু পাছত ছুইডেনৰ দুখন বিশ্ববিদ্যালয়লৈ গৈছিলোঁ। এখন KTH ৰয়েল ইনষ্টিটিউট অৱ টেকন্‌ল’জি গৈছিলোঁ ২০১৬ চনৰ জুন মাহত। আনখন লুণ্ড (LUND) ইউনিভাৰ্ছিটি গৈছিলোঁ ২০০৩ চনৰ জুলাই মাহত, প্ৰথম কিতাপখনৰ কাম কৰি থাকোঁতে – লুণ্ডত এই কিতাপখনৰ সহলেখক মিখাইল পিয়’ৰ’ তেতিয়া আছিল। লগতে আৰু এখন ১৯৯৯ চনত গৈছিলোঁ টেকনিকেল ইউনিভাৰ্ছিটি অৱ ডেনমাৰ্ক, তেখেতসকলে মাতিছিল। তেতিয়া মই গ্ৰীষ্মত গৈছিলোঁ। মই তেতিয়া তাত ৰাউটিং পঢ়াইছিলোঁ, মোক ক’লে যে চামাৰত ৰাউটিঙৰ কৰ্ছ এটা পঢ়ুৱাব লাগে। সেইটোত মই টেকনিকেল ইউনিভাৰ্ছিটিত সেয়া গৈছিলোঁ। ব্ৰাজিলত গ’লোঁ মই কেইবাবাৰো। এটা প্ৰগ্ৰেমত ২০১২ চনত গ’লোঁ, ২০১৩ চনৰ পৰা ২০১৫ চনলৈকে ব্ৰাজিলত বিজ্ঞান উইডাউট বৰ্ডাৰ প্ৰগ্ৰেম এটা আছিল, তাতে তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ বুলি মাতিছিল ইউনিভাৰ্ছিটি অৱ কেম্পিনাছ, ব্ৰাজিলৰ যোগেদি, ইয়াত গৰমৰ বন্ধ, জুন জুলাইত – শীতকাল হয় তাত, কাৰণ দক্ষিণ গোলাৰ্ধ হ’লতো, ব্ৰাজিলত কিন্তু ইমান গৰম নপৰে বা ঠাণ্ডাও নপৰে। ব্ৰাজিলৰ দক্ষিণ মেৰুৰ ফালে যদি যায় সেইফালে কিন্তু ঠাণ্ডা পৰে। তাতে থাকি মই কেইবাখনো বিশ্ববিদ্যালয়ত চেমিনাৰ দিবলৈ গৈছিলোঁ। গতিকে ব্ৰাজিলত মই কেইবাখনো ঠাইত গৈছিলোঁ। সেইখিনিয়েই বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ লগত সংযোগ।

➤ ছাৰ আপুনি আই আই টি গুৱাহাটীৰ লগতো জড়িত আছিল নেকি?

মেধিঃ মই বহুত দিনৰ পৰাই আছোঁ। ১৯৯৭ চনত মই গুৱাহাটীলৈ যাওঁতে সেইবাৰ, গৌতম বৰুৱা তেতিয়া কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল (পাছত ডিৰেক্টৰ হ’ল গৈ)। তেতিয়া কেম্পাছ উত্তৰ গুৱাহাটীত হোৱা নাই, তেতিয়া পাণবজাৰত তাৰমানে ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং বিল্ডিঙত আই আই টিৰ ক্লাছ হৈছিল। তাতে মই বক্তৃতা এটা দিবলৈ গৈছিলোঁ। সেয়ে আই আই টিৰ লগত মোৰ প্ৰথম সংযোগ। তাৰ উপৰি গৌতম বৰুৱা তেখেতে আমেৰিকাৰ ইউনিভাৰ্ছিটী অৱ কেলিফৰ্ণিয়া, চাণ্টা বাৰ্বাৰাত পিএইচডি কৰি যোৱা। তেখেত অপাৰেটিঙ চিষ্টেমৰ বিশেষজ্ঞ, কিন্তু তেখেত কম্পিউটাৰ নেটৱৰ্কিঙৰো কিছু কাম কৰিছিল, এতিয়াও কৰে। গতিকে তেখেতৰ লগতো মোৰ অলপমান একে বিষয়ত ৰাপ এটা আছিল। সেইকাৰণে তেখেতৰ লগত তেতিয়াৰে পৰা যোগাযোগ আছে। গতিকে ২০০৮ চনত মানত কিবা কাৰণে কথা ওলালত মই ক’লোঁ যে মই যদি ভিডিঅ’ৰ জৰিয়তে কাৰোবাক মেণ্টৰিং বা এডভাইজ কৰিব পাৰোঁ তেতিয়াহ’লেতো কথাটো বেয়া নহয়। তেখেতে তেতিয়া ক’লে যে ঠিক আছে, কৰিব পৰা যাব। প্ৰথমতে তেখেতে মোক অতিৰিক্ত অধ্যাপক পদ এটা দিছিল। তাৰ পাছত অবৈতনিক অধ্যাপক পদ এটা কেইবছৰ মান পাছত দিলে। তেতিয়াৰ পৰা ২০২৩ চনলৈকে মই জড়িত আছিলোঁ আইআইটিৰ সৈতে। গতিকে মই গুৱাহাটীলৈ গ’লে আইআইটিত গৱেষণাৰ কথা পাতিবলৈ যাওঁ।

No Comments

Post A Comment