01 Mar কম্পিউটাৰ বিজ্ঞানী দীপ মেধিৰ সৈতে এটি সাক্ষাৎকাৰ (২য় খণ্ড)
মেধিঃ কালি কোনখিনি কথা পাতিছিলোঁ আমি?
➤ প্ৰিন্সটনলৈ যোৱাৰ কথা পাতিছিলোঁ।
মেধিঃ অঁ ঠিক। তাৰ পাছত এটা মনত পৰিল যিটো মোৰ ৱেবচাইটতো লিখা হোৱা নাই। সেইটো হ’ল ইউনিভাৰ্ছিটী অৱ কয়িম্ব্ৰা, এইখন পৰ্তুগালত আছে। তেখেতসকলে মোক মাতিছিল। সেইটো এসপ্তাহমানৰ আছিল। ২০১৩ চনত গৈছিলোঁ। কয়িম্ব্ৰা ইউৰোপৰ এখন অতি পুৰণি বিশ্ববিদ্যালয়। ১২৯০ চনত স্থাপন হৈছিল। তাতো মই গৈছিলোঁ। সেইটো যোৱাকালি ৰাতি মনত পৰিছে মোৰ (হাঁহি) যে মোৰ ৱেবচাইটতো নাই। আৰু ব্ৰাজিলৰ কথাখিনিটো ক’লোঁৱেই কালি।
মই তোমালোকক ফাইবাৰ অপ্টিকছ্ অচল হোৱাৰ কথা কৈছিলোঁ। মই বেল লেবত কাম কৰি থকা দিনৰ পৰাই মানে ১৯৮৭ চনৰ পৰা গৱেষণা আৰম্ভ কৰিলোঁ। তেতিয়া নেটৱৰ্ক অচল হ’লে তাৰ পৰিণতি কি হয়, সেইটো ইউ এম কে চিত অহাৰ পাছত বুজিবলৈ বহুত চেষ্টা কৰিলোঁ। তাৰমানে বৈজ্ঞানিক ভাৱধাৰাৰ ফালৰ পৰা চাবলৈ গ’লে, এইটো যদি নেট্ৱৰ্কত হয়, তেতিয়া ক’ত ক’ত কেনেকৈ প্ৰভাৱ পৰে। উদাহৰণ হিচাপে আজি যদি কৰোনা মহামাৰী গুৱাহাটীত হৈছে, সেইটো ক’ত বিয়পিব? ভাবিব পাৰা, কাৰ কাৰ হ’ব পাৰে, কেনেকৈ হ’ব পাৰে? নেট্ৱৰ্কতো তেনেধৰণে প্ৰভাৱিত হয়। যেতিয়া বিসংগতি এটা হয়, ভাইৰাছ নহ’লেও তাৰ কাৰণে সৰু-সুৰা ভূমিকম্প হোৱা বুলি ক’ব পাৰি। গতিকে সেইবিলাক চাবলৈ তেনেকৈ চিন্তা কৰিব পাৰি। কেনেকৈ সেই কল্পনাৰ পৰা সমীকৰণৰ সহায়ত গণিতীয় আৰ্হি কৰিব পাৰি, কৰি আকৌ তাৰ ওপৰত কি এলগৰিদম লগাব পাৰি, বেলেগ বেলেগ ঠাইত যদি কিবা এটা বিসংগতি হয় সেইটোৰ ওপৰত প্ৰভাৱটো কিমান হ’ব সেয়া মূল্যায়ন কৰিব পাৰি, ইত্যাদি। আজি যদি মই ডিব্ৰুগড়ৰ ৰাস্তাটোৰ কথা কওঁ, যদি ৰাস্তাটো মাজতে খান্দিবলগীয়া হ’লে বন্ধ হৈ যায়, বহুত মানুহ ঘূৰি যাব, (সেইটো আমি ৰ’ড নেট্ৱৰ্ক বুলি কওঁ।) তেতিয়া, গাড়ী চলোৱা মানুহ হিচাপে মই সিদ্ধান্তটো ল’ম, মই জানো যে কোনফালে গ’লে ভাল হ’ব। কিন্তু আমি যদি সৱেই একেটা সিদ্ধান্ত লওঁ, তেতিয়া আকৌ সেই একেটা ৰাস্তাতে ভিৰ হ’ব। কমিউনিকেচন নেট্ৱৰ্কত সেই সিদ্ধান্তটো মানুহৰ নহয়, সেইটো নেট্ৱৰ্কেই ৰাউটাৰৰ যোগেদি কৰে। কিছুমান তথ্যৰ জৰিয়তে কি হ’ল কি নহ’ল ধৰিব পাৰি। গতিকে কথাবিলাক অলপমান চিন্তা কৰি প্ৰণালীবদ্ধ কৰিব পাৰি। ১০% ট্ৰেফিক এইফালে নিওঁ, ২০% ট্ৰেফিক এইফালে নিওঁ, সেইবিলাক যদি আমি গণিতীয় আৰ্হি কৰি কিমান সামৰ্থ্য আছে মূল্যায়ন কৰিব পাৰোঁ, তেতিয়াহ’লে আমি ক’ত ক’ত কিমান লাগে, আৰু কাৰ্যকৰী হ’বলৈ নেট্ৱৰ্কৰ কিমানখিনি সামৰ্থ্য লাগে, তেনেকুৱা মই প্ৰথমতে বহুতখিনি কাম কৰিলোঁ। গতিকে নেট্ৱৰ্ক ৰাউটিঙৰ লগত জড়িত হৈ মই বহুতখিনি কাম চালোঁ।
➤ আই ট্ৰিপল ইৰ সভ্য (IEEE fellow) হিচাপে মনোনীত হোৱাটো এক অতি সন্মানীয় স্বীকৃতি। হয়তো আঙুলিৰ মূৰত লেখিব পৰাকৈ অতি কমসংখ্যক অসমীয়াইহে এই সন্মান লাভ কৰিছে। এই সম্পৰ্কে আপোনাৰ অনুভৱ?
মেধিঃ আই ট্ৰিপল ইত আত্ম-মনোনয়ন কৰিব নোৱাৰি। এজন মনোনয়ন কৰোঁতা থাকিব লাগিব, তেখেতৰো বেকগ্ৰাউণ্ড মানে আগৰ ৰেকৰ্ড থাকিব লাগিব। মই গৱেষণা কি কি কাম কৰিছোঁ, তাৰ পৰিণাম কি হৈছে, কেনেকুৱা ধৰণৰ গুৰুত্ব সেই সম্পৰ্কে এখন ৰচনাৰ দৰে দিব লাগিব। আৰু ১০ নে ১৫ খনমান গৱেষণা পত্ৰৰ বৰঙনি সন্দৰ্ভত ক’ব লাগে। সেইবিলাকৰ উপৰি যিবিলাক ইতিমধ্যে আই ট্ৰিপল ইৰ সভ্য হৈছে, সেইসকলে অনুমোদন পত্ৰ কেইখনমান লিখিব লাগে। সেই গোটেইখিনি গোটাই জমা দিলে, সাধাৰণতে মাৰ্চৰ ১ তাৰিখে থাকে, তাৰ পৰা তেখেতসকলৰ বহুত কমিটী আদি আছে। গৈ মেলি নৱেম্বৰৰ তিনি তাৰিখ মানেহে হ’ল নে নহ’ল উত্তৰটো দিয়ে। মনোনয়ন কৰোঁতা এজনে মোৰ নাম আগতে কেইবাবাৰো আৱেদন কৰিছিল, পোৱা নাছিলোঁ পিছে। কিন্তু ২০১৭ চনৰ নৱেম্বৰত গম পালোঁ যে আই ট্ৰিপল ইৰ সভ্য হৈছোঁ। গতিকে এইটো, গৱেষণাৰ যিখিনি কাম কৰিলোঁ তাৰ প্ৰভাৱৰ ভিত্তিত কৰে। আৰু বাকীবিলাকো ভাবিব লাগিব, কেৱল গৱেষণা পত্ৰৰ ফলাফল ওলালেই নহ’ব, যিসকলে লিখি পঠিয়াই তেখেতসকলেও এইটো কিমান অৱদান হৈছে ক’ব লাগিব। সেয়াই হ’ল আই ট্ৰিপল ইৰ সভ্য। আৰু অসমীয়াই পাইছেনে নাই বুলি সুধিছিলা যে, সঞ্জয় বৰুৱা বুলি এজন আছে। তেৱোঁ কম্পিউটাৰ বিজ্ঞানী, ৱাশ্বিংটন ইউনিভাৰ্ছিটি চেণ্ট লুইছৰ প্ৰাধ্যাপক৷ তেখেতৰ গুৱাহাটীত জন্ম, কিন্তু মই জনাত দিল্লীত ডাঙৰ হৈছে। আইআইটি দিল্লীত পঢ়িছে, তাৰ পাছত ইউনিভাৰ্ছিটি অৱ টেক্সাছত পিএইচডি কৰিলে। তেখেতক চিনি পাওঁ, চিনাকী মোৰ এতিয়াও আছে। মোতকৈ কেইবছৰমান সৰু। কিন্তু তেখেত আই ট্ৰিপল ইৰ সভ্য মোতকৈ আগতেই হৈছিল। তেখেতে বহুত ভাল ভাল গৱেষণা কৰিছে। আৰু এজন গুৱাহাটীৰ মালিগাঁৱৰ আছিল। তেখেত দীপাংকৰ দাসগুপ্তা বুলি। তেখেতে উচ্চতৰ মাধ্যমিকলৈকে অসমত পঢ়া, তাৰ পাছত বাহিৰত পঢ়িছে। সেই দুজনৰ কথাই মই জানো। আৰু তেনেকৈ আই ট্ৰিপল ইৰ সভ্য হোৱা অসমৰ সংযোগবিলাক মই নাজানো।
➤ আপোনাৰ এটা গৱষণাৰ নমুনা দিব নেকি যিটোৰ বাবে আপুনি আই ট্ৰিপল ইৰ সভ্য হ’ব পাৰিলে?
মেধিঃ আই ট্ৰিপল ইৰ মনোনয়ন দিবলগীয়া হওঁতে যিখিনি গৱেষণা কৰিছোঁ সেইবিলাক কিছু লিখা গৈছিল। মই অলপ দীঘলীয়াকৈ তাৰে এটাৰ উদাহৰণ বহলাই কওঁ৷ মই মিখাল পিয়’ৰো বুলি এজনৰ লগত একেলগে কিতাপ লিখিছিলোঁ। তেখেত পোলেণ্ডৰ। তেখেতৰ সৈতে ২০০৩ ত ওলোৱা কিতাপ এখন লিখিছেলোঁ। তেখেত এবাৰ অসমলৈকো গ’ল। আইআইটি গুৱাহাটীত এখন সন্মিলন আছিল, ২০১০ মানতে চাগৈ, তালৈ যোৱাৰ মন আছে বুলি কোৱাত মই আহক বুলি ক’লোঁ। গোটেই ব্যৱস্থাপনা কৰিলোঁ, তাতে তেখেতে সন্মিলনত keynote বক্তৃতা দিলে।
তেখেতে মোক বহুদিন আগতে কৈছিল যে সমস্যা এটা আছে, সেইটোও মই তোমালোকক ৰ’ড নেট্ৱৰ্কৰ দৰেই বুজাব পাৰিম। ঘটনাটো হ’ল, আমি ভাবোঁ দুখন ঠাইৰ ভিতৰত তুমি যোৱা ৰাস্তাটো যদি যানজঁট হৈ বন্ধ হৈ পৰে, আমি সৱেই যদি বেলেগ বেলেগ ৰাস্তাৰে যাওঁ, সৱৰে সুবিধা হ’ব। ৰ’ড নেট্ৱৰ্কত এঠাইৰ পৰা আনঠাইলৈ গ’লে কিমান সময় লাগে সেইটো কমাবলৈ চেষ্টা কৰোঁ। সেইটো কৰোঁতে আমি ভাবোঁ যে এটা ৰাস্তাইদি যোৱাতকৈ সৱেই যদি বেলেগ বেলেগ ৰাস্তাৰে যায়, সৱৰে সময় কম লাগিব ট্ৰেফিক জাম কমাবলৈ। সেইটো আমাৰ অনুমানিক ধাৰণা হয়। কম্পিউটাৰ নেট্ৱৰ্কত মোক প্ৰথম মিখাল পিয়’ৰোৱে ক’লে, সেইটো আচলতে স্বজ্ঞাবিৰোধী (counter-intuitive) যিহেতু কম্পিউটাৰ নেট্ৱৰ্কত মেচেজ বা ইমে’ইল সতৰাই যায়৷ নেট্ৱৰ্ক মানে বেলেগ বেলেগ চহৰ যদি সংযোগ কৰা হয়, যিমানকেইটা ন’ড (node) হয়, ২০ টাই হওক বা ৫০ টাই হওক, সেইকেইটা আমি আমাৰ ভাষাত নেট্ৱৰ্ক বুলি কওঁ। ইণ্টাৰ্নেট নামটোৰ ‘নেট’ আচলতে ‘নেট্ৱৰ্ক’ বা ‘নেট্ৱৰ্কিং’ শব্দৰ চুটিকৈ লিখা ৰূপহে৷ আমি সদায় আগতে ভাবিছিলোঁ যে নেট্ৱৰ্কত বেছি ন’ড থাকিলে বেলেগ বেলেগ পথেৰে যাব পাৰি, সেয়ে সৱৰে ভাল বুলি ধাৰণা এটা আছে। কিন্তু তেখেতে যেতিয়া ক’লে, মই চালোঁ। তেতিয়া সমাধান এটা ওলাইছে, বহুদিন লাগিল। কিন্তু সমাধানটো তাত্ত্বিকভাৱে উলিয়ালোঁ। প্ৰথমতে মোৰতো ফলাফলটো নিজৰে বিশ্বাস হোৱা নাই যে এইটো সঁচা নে মিছা। কাৰণ বহুকেইটা পথ থাকিলে ভাল হয়, ট্ৰেফিকখিনি যাবলৈ ভাল হয় বুলি বহুতে গৱেষণা পেপাৰত লিখি গৈছে। আমাৰ আচলতে কিছুমান কথা মনত অলপ ভুলকৈ ভবা যায়। ধৰা, নগাঁৱৰ পৰা যোৰহাটলৈ গৈ আছা, আমি ভাবোঁ আমিয়ে কেৱল গৈ আছোঁ আৰু কোনো নাই। কিন্তু আৰু যে গুৱাহাটীৰপৰা কোনোবা গৈ আছে যোৰহাটলৈ, নগাঁৱৰ পৰাও ডিব্ৰুগড়লৈ গৈ আছে, সেইবিলাকো একেই ৰাস্তাত অহা-যোৱা কৰিব পাৰে, অৰ্থাৎ বেলেগেও যে গৈ আছে বেলেগ বেলেগ ন’ডৰ ভিতৰত সেই কথাটো আমি মনত সিমান নাভাবোঁ। এই তলৰ ছবিখন চোৱা – অসমৰ বেলেগ বেলেগ চহৰ যোগ কৰি এখন গ্ৰাফ আঁকিব পাৰি (চহৰ কেইখনৰ নামৰ প্ৰথম ইংৰাজী আখৰ দি চিনাক্ত কৰা হ’ল)৷ এই গ্ৰাফত চহৰবোৰ ন’ড আৰু দুখন চহৰৰ মাজত অঁকা পথক কাষ (edge) বুলি কোৱা হ’য়৷ যেতিয়া ইয়াৰ সৈতে চহৰবোৰৰ মাজত ট্ৰেফিকৰ পৰিমাণ দিয়া হয়, তেতিয়া এইখন এখন নেটৱৰ্ক বুলি কোৱা হয়৷ এই ছবিখন যদি এতিয়া কম্পিউটাৰ নেটৱৰ্কৰ ক্ষেত্ৰত ভাবা, তেতিয়া দুখন ঠাইৰ মাজত অতি শীঘ্ৰেই ইণ্টাৰনেট ট্ৰেফিক যাব পাৰে যদিও ইণ্টাৰনেটৰ ক্ষেত্ৰত কোনোবা কাষত ট্ৰেফিক বেছি হ’লে, আৰু অলপ সময় (মানে আৰু কেইছেকেণ্ডমান) লাগিব পাৰে – যাক ইণ্টাৰনেটৰ ক্ষেত্ৰত জাম বুলি কোৱা হয়৷

আমি নিজৰ ক্ষেত্ৰত যিটো ভাল হয় বুলি ভাবোঁ, সেইটো গোটেই নেটৱৰ্কৰ ফালৰ পৰা চালে হয়তো ভাল নহ’বও পাৰে৷ গতিকে বহু গৱেষকে যেতিয়া কম্পিউটাৰ নেটৱৰ্কত প্ৰথমতে গৱেষণা কৰি ক’লে, বেছি বেছি চহৰ (ন’ড) সংযোগ থাকিলে সৱৰে কম্পিউটাৰ নেট্ৱৰ্কত বহুত পথ ওলাব, গতিকে সকলোৰে ভাল হ’ব। আমি সেই গৱেষণাটো কৰি গম পালোঁ যে আচলতে সৱক্ষেত্ৰতে ভাল নহয়। সৰু নেটৱৰ্কৰ (মানে য’ত ন’ড কম) ভিতৰতহে ভাল হয়, ডাঙৰ নেটৱৰ্কত (মানে বেছি ন’ড) ভাল নহয়। ২০-৩০ বা ১০০ টামান ন’ডৰ নেটৱৰ্কত প্ৰত্যেকেই দুটা ন’ডৰ ভিতৰত বেলেগ বেলেগ ৰাস্তাত যোৱাতকৈ একেটা ৰাস্তাত গ’লেই ভাল। যদিও আমি ২০০১ চনৰ পৰা কথাটো ভাবিছিলোঁ, সেইটো কাম কৰি ২০১৪ চনতহে আমাৰ গৱেষণা পেপাৰখন প্ৰকাশ হৈছে। তেতিয়া কিছুমানে সুধিলে কিয় নহয়? এই বাকীবিলাক পেপাৰে কিয় হয় বুলি ক’লে? তেতিয়া আমি কওঁ, সেই সমাধান যিটো বাকীবিলাক পেপাৰত ওলাল, এলগৰিদমত কম্পিউটাৰৰ যোগেদি সম্পূৰ্ণ সমাধানটো নুলিয়াই আসন্ন সমাধানটোহে উলিয়াইছিল। আসন্ন সমাধানৰ এটা সমস্যা আছে। আসন্ন সমাধানে কেতিয়াবা এটা ভুল ধাৰণা দিব পাৰে যে বেলেগ বেলেগ ৰাস্তাৰে গ’লেই ভাল হয়। এই আসন্ন সমাধান সম্পূৰ্ণ সমাধানৰ ১% বা ২% ৰ ভিতৰত পোৱা যায়। কিন্তু প্ৰকৃততে যদি তুমি সম্পূৰ্ণ উত্তৰটো হিচাপ কৰা, সেইটোত নহয়গৈ। সেই গৱেষণাত মোৰ ১০-১২ বছৰ লাগিল।
➤ আপুনি ইতিমধ্যে বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমান এন এছ এফৰ (NSF- National Science Foundation) প্ৰজেক্ট ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তাত আপুনি কি কি দায়িত্ব পালন কৰিব লাগে? ইয়াৰ বাহিৰেও বৰ্তমান আপুনি অন্যান্য কামত জড়িত হৈ আছে নেকি?
মেধিঃ আচ্ছা। আমাৰ মানে এন এছ এফটো কি সকলোৰে কাৰণে অকণমান মই বুজাই দিওঁ। সম্পূৰ্ণ নামটো হ’ল নেশ্বনেল চায়েন্স ফাউণ্ডেশ্বন। ভাৰতত যিটো পাৰ্লিয়ামেণ্ট বুলি কয়, সেইটো আমেৰিকাত কংগ্ৰেছ বুলি কয়। ১৯৫০ চনত আমেৰিকাৰ কংগ্ৰেছে নেশ্বনেল চায়েন্স ফাউণ্ডেশ্বন এক্টখন কৰি অনুষ্ঠানটো খুলিলে। তাত যিখন ফেডাৰেল গভৰ্মেণ্ট – সেইটো আমি ভাৰতত চেণ্ট্ৰেল গভৰ্মেণ্ট বুলি কওঁ। আমেৰিকান কংগ্ৰেছে দিহা দিয়া মতে ফেডাৰেল গৰ্ভমেণ্টে গোটেইটো পুঁজি যোগান ধৰে। ভাৰতবৰ্ষ বা বেলেগ দেশত যেনেকৈ ডিপাৰ্টমেণ্ট অৱ চায়েন্স এণ্ড টেকনলজি আছে, আমেৰিকা যুক্তৰাষ্ট্ৰত ডিপাৰ্টমেণ্ট অৱ চায়েন্স এণ্ড টেকনলজি বুলি নাই, ডি এছ টি বুলি যিটো কওঁ। আমেৰিকাত ডিএছটি নোহোৱাৰ এটা কাৰণ হ’ল এন এছ এফ। এন এছ এফটো বহুত পুৰণা হ’লতো, খোলোঁতে এন এছ এফক আৰু কিছু দায়িত্ব দিছে। যিকোনো ধৰণৰ পুঁজিৰ পৰা কি ধৰণৰ সহযোগিতা কৰিব পাৰি, বহুত ধৰণৰ বহুতখিনি কাম আছে।
তাৰে এটা কামৰ নমুনা প্ৰথমতে দিওঁ, আমাৰ আন্তৰ্জাতিক সহযোগিতা এটা হয়, ধৰা আমেৰিকা আৰু ভাৰতৰ ভিতৰত। সেইটো যদি কেতিয়াবা গৱেষণা সহযোগিতা কৰিবলগীয়া হয়, তাৰ কাৰণে যদি আমি অনুদান বিচাৰি প্ৰস্তাৱ দিওঁ, তাৰ কাৰণে ভাৰতৰ পৰা ডি এছ টি আহিব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এন এছ এফ আহিব। কাৰণ আমেৰিকা চৰকাৰৰ আৰু অইন সংস্থা নাই। গতিকে এন এছ এফে সেইটো কাম কৰে। অলপতে তেনেকৈ দুয়োখন দেশৰ গৱেষকৰ, গোটেই বৈজ্ঞানিক ক্ষেত্ৰত নহয়, কম্পিউটাৰ বিজ্ঞানৰ ভিতৰত, এন এছ এফ আৰু ডি এছ টিৰ চুক্তি হৈ অনুদানৰ প্ৰস্তাৱ এটা আৰম্ভ হৈছে। মই সেইটো ভাৰতৰ লগত কৰা নাই, আমাৰ বেলেগ সহকৰ্মীয়ে কৰে, মই ইউৰোপীয়ান কমিশ্যনৰ সৈতে কৰোঁ। ইউৰোপীয়ান কমিশ্যনত ডিজিকানেক্ট (Directorate-General for Communications Networks, Content and Technology) বুলি বিভাগ এটা আছে, তেখেতসকলৰ লগত আমি বুজাবুজিৰ চুক্তি (MOU) কৰিব পাৰোঁ, সেইটোত মই কাম কৰোঁ। তেখেতসকলে তেখেতসকলৰ গৱেষণাবিলাকত পুঁজিৰ যোগান ধৰে, আমি আমেৰিকাৰ পৰা হোৱাবিলাক পুঁজিৰ যোগান ধৰোঁ। গৱেষকসকলে সাধাৰণতে যুটীয়াভাৱে এটা প্ৰস্তাৱ জমা দিব লাগে, কোনবিলাক প্ৰকল্প পুঁজি যোগানৰ বাবে বাছনি কৰিম, সেইবিলাকত মই ইউৰোপীয়ান কমিছনৰ লগত কাম কৰোঁ। আৰু এটা মই আন্তৰাষ্ট্ৰীয় কাম কৰোঁ, যোৱা কেইবাবছৰো জাপানৰ লগত কাম কৰি আছোঁ। জাপানত সেইটোক কয় NICT বুলি, National Institute of Communication Technology, সেইটো কোনোবা এটা মন্ত্ৰণালয়ৰ অধীনত পৰে। আমাৰ ইয়াত এন এছ এফৰ সেইটো দায়িত্ব। গতিকে আমাৰ এটা কাম হ’ল এই আন্তৰ্জাতিক গৱেষণা সহযোগিতাৰ কি কি বুজাবুজিৰ চুক্তি কৰিব লাগে, কোনবিলাক নতুন ক্ষেত্ৰত গৱেষণাৰ কাৰণে দুয়োখন ঠাইৰ গৱেষকক আমি প্ৰস্তাৱ দিবলৈ ক’ব লাগে।
এতিয়া কওঁ আমাৰ মুখ্য কামৰ কথা৷ আমাৰ মুখ্য কাম হ’ল আমেৰিকাত যিবিলাক বিশ্ববিদ্যালয়/মহাবিদ্যালয় আছে, সেইবিলাকত যি অধ্যাপক আছে, তেখেতসকলৰ পৰা আমালৈ যেতিয়া প্ৰস্তাৱ আহে, সেইবিলাক আমি তেতিয়া মূল্যায়ন কৰিব লাগে। তাৰমানে, অনুদান দিম নে নাই আমি একপক্ষীয়ভাৱে সিদ্ধান্ত ল’ব নোৱাৰোঁ। আমি তেতিয়া আকৌ বেলেগ বেলেগ বিশ্ববিদ্যালয়ৰ পৰা বিশেষজ্ঞ আনিব লাগে, আনি সমিতি কৰিব লাগে। সমিতিত তেখেতলোকক মাতি আনো, আনি কওঁ, “৪ টা বা ৫ টা প্ৰস্তাৱ আপোনালোকে পঢ়ক, পঢ়ি আপোনালোকৰ মতামতটো দিয়ক”। গতিকে প্ৰত্যেকটো প্ৰস্তাৱৰ বাবে ৩ বা ৪ জনৰ বেলেগ বেলেগ মতামত আনো। তেখেতলোকক এখন সমিতিলৈ অনা হয় – তাত এজনে এইটো ভাল হৈছে, আনজনে বেয়া, তেতিয়া সমালোচনা হ’ব, তাৰপাছত এটা মীমাংসাত আহে, গতিকে সেইটোও তেখেতসকলৰ বহিঃবিশেষজ্ঞই মতামত দি পৰামৰ্শ দিয়ে। গতিকে আমি এনেকৈ কেইবাখনো মিটিঙৰ পৰা বেলগ বেলেগ প্ৰস্তাৱৰ ওপৰত পৰামৰ্শ লৈ ফাইনেলাইজ কৰোঁ এন এছ এফৰ পৰা কাক কাক পুঁজি যোগান ধৰোঁ। মানে বিশেষজ্ঞ আনিহে ক’ব পাৰিম কাক দিয়া হ’ব। সেইবিলাক এন এছ এফৰ ডাঙৰ কাম ।
আৰু এটা কাম আমি কৰিব লাগে। সেইটোক ইণ্টাৰ এজেন্সি এক্টিভিটিজ বুলি কোৱা হয়। ফেডাৰেল গভৰ্মেণ্টৰ আৰু সংস্থা আছে, নাছা, ডিপাৰ্টমেণ্ট অৱ এনাৰ্জী আদি। সেই বেলেগ বেলেগ এজেন্সিবিলাকৰো বেলেগ বেলেগ গৱেষণাৰ লক্ষ্য থাকে, গতিকে আমাৰ কিছুমান সমিতি আছে যিবিলাকে বেলেগ বেলেগ এজেন্সিৰ লগত মাহিলী এবাৰমান কথা পাতে। কি কি কামত আমি সহযোগিতা কৰিব পাৰোঁ, বা বেলেগধৰণৰ গৱেষণাৰ ক্ষেত্ৰ উলিয়াব পাৰোঁ, সেইটো বিষয়ৰ সমিতিতো আমি কাম কৰিব লাগে।
তাৰ উপৰি মোৰ ওপৰত আৰু এটা বোজা এটা পৰিছে। সেইটোক গৱেষণাৰ বাবে আন্তঃগাঁথনি (research infrastructure) বুলি কয়। কিবা এটা গৱেষণা কৰিবলৈ আন্তঃগাঁথনি এটা লাগিব পাৰে। গৱেষণাৰ আন্তঃগাঁথনি গঢ়িবলৈ কি লাগে, কিমান লাগে, ক’ত লাগে সেইটো কথা ভাবিব লাগে। মই পিএইচডিৰ গৱেষণা কৰোঁতে ক্ৰিষ্টেল মাল্টিকম্পিউটাৰ ব্যৱহাৰ কৰিছিলোঁ। সেইটো কম্পিউটাৰ এন এছ এফেই ৱিছকনছিন বিশ্ববিদ্যালয়ত অনুদান হিচাপে পুঁজি দিছিল। সেইটো কাৰণেই ৱিছকনছিন বিশ্ববিদ্যালয়ে এটা গৱেষণা আন্তঃগাঁথনি লগাব পাৰিছিল। সেইটো থকা বাবেই মই পিএইচডি গৱেষণাত কিছু distributed computing, parallel computing কৰিব পাৰিলোঁ। গতিকে আন্তঃগাঁথনিৰ বাবে মই এটা নতুন কাম কৰিবলৈ পালোঁ। আন্তঃগাঁথনি শব্দটো বেলেগ বেলেগ ঠাইতো হয়, তোমাৰ ৰাস্তাৰ ক্ষেত্ৰতো হ’ব পাৰে, ৰাস্তা এটা ভাল নহ’লে ভাল গাড়ী থাকিলেও তুমি ভালকৈ চলাব নোৱাৰিবা। গতিকে আমি ভাবোঁ যে গৱেষণা আন্তঃগাঁথনি নহ’লে কিছুমান ভাল গৱেষণা কৰিব নোৱাৰি। আজিকালি কম্পিউটিংটো বহুত ডাঙৰ কথা। আৰু আমি নেটৱৰ্কৰ কথা বহুত ভাবোঁ। যদিও তুমি জনসাধাৰণৰ ইণ্টাৰনেট (public internet)টো দেখা, তদুপৰি ৰিচাৰ্ছ এণ্ড এডুকেচনৰ ইণ্টাৰনেট নেটৱৰ্কো আছে, যাৰ দ্বাৰা দূৰবীক্ষণৰ তথ্য, কৃষ্ণগহ্বৰৰ তথ্য আদি সংগ্ৰহ কৰিবলৈ সহজ হয়। সেইবিলাক দূৰবীক্ষণ থকা ঠাই, হয়তো চিলিত সংগ্ৰহ কৰিব, নহ’লে হাৱাইত বা মেক্সিকোত সংগ্ৰহ কৰিব। সেই ডাটাখিনি গৱেষণা কৰি চাবলৈ গৱেষক ভাৰততো থাকিব পাৰে বা ইউৰোপতো থাকিব পাৰে, তেখেতলোককোতো তথ্যখিনি লাগিব, সেইবিলাক তথ্য আমি কিন্তু সাধাৰণ ইণ্টাৰনেটত পঠিয়াব নোৱাৰোঁ। সাধাৰণ ইণ্টাৰনেটৰ ক্ষমতাই নাই, তাৰ কাৰণে বেলেগকৈ ৰিচাৰ্ছ এণ্ড এডুকেচন নেটৱৰ্ক লাগে, ইয়াৰ বাবে ভাৰতত ধৰা ই-আৰ-নেট (ERNET) আছে। তাৰ বাবে এন এছ এফে পুঁজিৰ যোগান ধৰে বা বেলেগ বেলেগ দেশৰ গৱেষণা সংস্থাই পুঁজি যোগান ধৰে, ভাৰতত Ministry of Electronics & Information Technologyএ ই-আৰ-নেটৰ সুবিধা দিয়ে। বিজ্ঞানৰ বেলেগ বেলেগ বিষয়ত তেনেকুৱা নেটৱৰ্কৰ সহায় লৈ ডাটা বা এক্চেছ (access) পায় যি গৱেষণাৰ বাবে সহায় হয়৷ তদুপৰি আগলৈ কেনেকুৱা নতুন নেটৱৰ্ক লাগে, তাৰ যোগেদি বিজ্ঞান বা বিজ্ঞানীৰ গৱেষণাৰ বাবে কি সুবিধা হ’ব, সেইটোৰ কাৰণেও আমি গৱেষণা আন্তঃগাঁথনিটো কৰিব লাগে। মই এয়া মাথোঁ নমুনা দিলোঁ আৰু।
আমাক কিন্তু বেছ কিছু স্বাধীনতা দিয়ে, এইটো মানে অধঃক্ৰমিক সংস্থা (top down organisation) নহয়। দুই-চাৰিটা হয়তো কেতিয়াবা ওপৰৰ পৰা আহে, মাত্ৰ হাই-লেভেলত, ধৰা কোৱাণ্টাম নতুন বিষয় হিচাপে আমি কি জোৰ দিয়া উচিত৷ আমাৰ কামৰ হিচাপ মতে বেছিভাগেই আমি ঊৰ্ধ্বক্ৰমিক সংস্থা (bottom up organisation) বুলি কওঁ, সেয়ে কাম কৰি ভাল লাগে ইয়াত। গতিকে আমি সহকৰ্মীৰ লগত কৈ নতুন ধাৰণা বা নতুন বিষয়ত যদি কোনেও গৱেষণা কৰা নাই, তাৰ কাৰণে আমি এখন নতুন জাননী উলিয়াবলৈ পৰিকল্পনা কৰিব পাৰোঁ। আমি প্ৰৱন্ধকক ক’ব লাগিব যে আমি জাননী উলিয়াব খুজিছোঁ, তেতিয়া হয়তো আগলৈ কোনোবা গৱেষকে কিবা এটা নতুন প্ৰস্তাৱ দিবৰ বাবে ভাল হ’ব। জাননীৰ পৰিকল্পনা দিলে প্ৰৱন্ধকে এইটো কিয় কৰিব লাগে, গুৰুত্ব কি, কি হ’ব- সেইবিলাক কথা সুধিব। কিন্তু প্ৰাথমিক ধাৰণাটো হ’ল আমি তলৰপৰা কি কি নো বিষয়ৰ ওপৰত এতিয়া গৱেষণা হোৱা নাই সন্ধান কৰিব লাগে যিটোক গেপ এনালাইছিছ বুলি কওঁ। এইটো এটা উদগনি দিয়া বুলি ক’ব পাৰি, তেতিয়া বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপকে প্ৰস্তাৱ লিখিব। সেইটোও এটা আমাৰ কাম। এইকেইটা তোমালোকক নমুনা দিলোঁ। কৰি ভাল লাগে, আমোদজনক হয়। আৰু এটা কথা ক’ব লাগিব, আমাক চাকৰিত আৰু কিছু স্বাধীনতা দিয়ে – সেয়া হ’ল কামৰ লগতে অলপ গৱেষণা আমি নিজেও কৰিব পাৰোঁ। লগতে প্ৰসাৰমূলক কাৰ্যসূচীৰ ক্ষেত্ৰত আমাৰ গোটেই স্বাধীনতা। গতিকে মই যে অনামিকাৰ স্কুললৈ গ’লোঁ, সেইটো কথাও মই মোৰ ৰিপৰ্টত দিব পাৰিম (যদিও জৰুৰী নহয়)। যিহেতু আমি বিজ্ঞানৰ মানুহ, ছাত্ৰ-ছাত্ৰী সকলোৱে বিজ্ঞানী নহ’লেও ১%ও যদি মোৰ লগত কথা পাতি কোনোবাই এই দিনটোত মই যাব পাৰোঁ বুলি ভাবে, তেতিয়াহ’লে জগতৰে ভাল বুলি ভাবোঁ। মোৰ ভালতকৈ। গতিকে সেইফালৰ পৰা আমি ভাবোঁ যে আমাৰ এটা দায়িত্ব আছে। এন এছ এফে নকয় আমি কি কৰিব লাগে, সেইটো তোমাৰ হাতত এৰিছোঁ বুলি কয়। ইয়াতো বহুত ঠাইত মই বক্তৃতা দিওঁ। বেলেগ বেলেগ দেশতো দিওঁ।

➤ ছাৰ, তাৰমানে আপোনাৰ এতিয়া যিখিনি কাম হয় তাত কামখিনি বহুত দূৰদৰ্শিতাৰে চলে। খুব ভালকৈ পৰিকল্পনা কৰি কামবোৰ কৰা হয়।
মেধিঃ বহুখিনি পৰিকল্পনা কৰি কাম কৰিব লাগে, হয় দূৰদৰ্শিতাৰে চলে। আৰু আমাক নিজৰ গৱেষণা কৰিবলৈকো সুবিধা দিছে, কিন্তু কোনো বাধ্যবাধকতা নাইযে কিমানখন গৱেষণা পত্ৰ প্ৰকাশ কৰিব লাগিব। নকৰিলেও কোনো কথা নাই। বেলেগে বেলেগে বেলেগ কাম কৰিব পাৰে। মই নিজৰমতে এইবছৰ এনেকুৱা কাম কৰিলোঁ, অহাবছৰ বেলেগ কাম কৰিব পাৰো। প্ৰত্যেক বছৰে আমি নিজৰ গৱেষণা আৰু প্ৰসাৰমূলক কাৰ্যসূচীৰ পৰিকল্পনা এটা দিব লাগে। সেইমতে আমি কৰিব পাৰোঁ। সেইটোও এটা স্বাধীনতা। সেইকাৰণে কামটো ভাল লাগে। সেয়ে মই এন এছ এফৰ চাকৰিটো ল’লোঁ। তেত্ৰিছ বছৰ বিশ্ববিদ্যালয়ত থাকিলোঁ। হ’ল আৰু।
➤ আপুনি দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আহিছে। দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত আপুনি ভাৰতবৰ্ষ আৰু আমেৰিকাৰ মাজত শিক্ষাব্যৱস্থা, গৱেষণাৰ পৰিৱেশ আদি ক্ষেত্ৰত কি পাৰ্থক্য দেখিছে?
মেধিঃ পাৰ্থক্যটো বহুত ভাগেই আছে। পাৰ্থক্যটো নানা ধৰণৰ কাৰণৰ পৰা আছে বুলি ক’ব পাৰি। প্ৰথমতে গৱেষণাৰ পৰিৱেশৰ পৰা আৰম্ভ কৰোঁ৷
আমেৰিকাৰ বিশ্ববিদ্যালয়বোৰত মৌলিক গৱেষণাত এতিয়াও বহুত গুৰুত্ব দিয়া হয়। এতিয়া হয়তো প্ৰিয়াংকুশে যি কাম কৰিছে সেইটো পদাৰ্থবিজ্ঞানৰ মৌলিক গৱেষণা হ’ব পাৰে কিন্তু ধৰা আই আই টিৰে আমাৰ কম্পিউটাৰ বিজ্ঞানৰ মই যিবিলাক চিনি পাওঁ, তাত তেখেতসকলে মৌলিক গৱেষণাত কাম কৰিবলৈ বৰ সুযোগ নাপায় যেন লাগে। তেখেতসকলে মোক আপত্তি কৰে যে উৎপাদনভিত্তিক গৱেষণা কৰিবলৈ জোৰ কৰে নহ’লে তেওঁলোকৰ মূল্যায়নটো নহয়গৈ। আই আই টিৰ কথা কৈছোঁ। আই আই টিতেই যদি সেইটো হয়, বাকীবিলাকত কি হ’ব তুমি ধৰিব পাৰিছাই।
ধৰা গৱেষণা কৰি এটা পদোন্নতিৰ কাৰণে পাঁচ বা দহখন গৱেষণা পত্ৰ প্ৰকাশ কৰিব লাগে৷ সেয়া হয়তো পোন্ধৰ-বিছ বছৰৰ আগতে ভাৰতবৰ্ষত নাছিল। এতিয়া মই বহুতৰ লগত কথা পাতিলে সেইটো হোৱা যেন কিছু দেখিছোঁ। সেইটোৱে মোৰ মতে গৱেষণাত প্ৰভাৱ পেলায়। কিছুমান গৱেষণা কৰে, সেইটো হয়তো গুৰুত্ব নাথাকিবও পাৰে। মই কোৱা নাই যে কোনেও গুৰুত্ব থকা গৱেষণা কৰা নাই, কিন্তু তুমি যদি গোটেই সমাজৰ ফালৰ পৰা চাব খোজা, বহুতে যদি সেই পাঁচখন বা দহখন পেপাৰ হ’বলৈ য’তে ত’তে প্ৰকাশ কৰিবলৈ লয়, তেতিয়া মানটো কম হৈ যাবতো। আমেৰিকা যুক্তৰাষ্ট্ৰত সেইফালৰ পৰা স্বাধীনতা আছে মানে ক’ব পাৰোঁ যে পাঁচখন পেপাৰ প্ৰকাশ হ’ব লাগে বুলিয়েই কোৱা নাই। প্ৰভাৱশালী গৱেষণা পত্ৰ হ’ব লাগে৷ কেইবাজনো বাহ্যিক বিশেষজ্ঞক প্ৰকাশিত গৱেষণা পত্ৰৰ মানৰ মূল্যায়ন কৰিবলৈ কোৱা হয়, মানে প্ৰভাৱশালী হয় নে নহয়। সাধাৰণতে পদোন্নতিৰ বাবে আবেদন কৰা সহকাৰী অধ্যাপকে নাজানে যে তেওঁৰ প্ৰকাশিত গৱেষণাৰ মূল্যায়ন কৰিবলৈ কোৱা বাহ্যিক বিশেষজ্ঞকেইগৰাকী কোন। আৰু সেইহিচাপে আমি হিচাপো কৰোঁ যে সহকাৰী অধ্যাপকৰ যিটো অৰ্হতা থাকে, সহযোগী বা প্ৰাধ্যাপকৰ সেইটো বেলেগ হ’ব। সেইফালৰ পৰা আমেৰিকাত অলপমান নমনীয়তা আছে যেন লাগে।
দ্বিতীয়তে, আমি আমেৰিকাত শৈক্ষিক দিশত বহুত স্বাধীনতা পাওঁ। আমি নিজেই প্ৰশ্ন কাকত কৰোঁ আৰু বহী চাই মাৰ্ক দিওঁ৷ পাঠ্যক্ৰমৰ ওপৰতো বিশ্ববিদ্যালয়ত আমাৰ বেছ স্বাধীনতা থাকে৷ এতিয়া বিশেষকৈ মই ভাৰতত যিটো দেখিছোঁ, হয়তো এনেধৰণে অলপ অলপ হোৱা বুলি ক’ব লাগিব কিছুমান বিশ্ববিদ্যালয়ত বা আই আই টিত। আগতে নাছিল।
তৃতীয়তে, মই আৰু এটা দেখিলোঁ, মোৰ ধাৰণা হৈছে সেইটো এটা মানে আঁচনি বুলিয়েই ক’ব পাৰি। এতিয়াতো প্ৰিয়াংকুশ তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষক হিচাপে আহিছা। তোমাক চৰকাৰৰ ফালৰ পৰা বেতন এটা দিছে নহয় জানো?
➤ কিবা এটা মাহিলী বেতন দিয়ে।
মেধিঃ আমেৰিকাত সেইটো নাই, চৰকাৰে কোনো গৱেষক ছাত্ৰক গৱেষণাৰ বাবে পোনপটীয়াকৈ দিয়াৰ ব্যৱস্থা নাই বুলি ক’ব পাৰি। অধ্যাপকজনে এন এছ এফলৈ বা নাছালৈ লিখা অনুদানটোতে লিখিব লাগিব যে মই দুজন ছাত্ৰ-ছাত্ৰী ল’ব লাগিব, সেই দুজনৰ বেতনৰ পইছাটো আমাক দিব লাগে। অনুদানটো যদিও আমি দিওঁ তাৰে সেই অধ্যাপকজনেহে ছাত্ৰ-ছাত্ৰীৰ গৱেষণাৰ কাৰণে সেইটো আৱণ্টন কৰিব। গতিকে গৱেষক ছাত্ৰজন যদি আহে, মোৰ গৱেষণাৰ পইছাৰে তেখেতক পুঁজি দিয়াৰ দৰে হয়। গতিকে আমাৰ সংযোগটো পোনপটীয়াকৈ হয়। তেতিয়া দায়িত্বটো অলপ বেলেগ হৈ যায়। মই যিটো গম পাইছোঁ সেইটো ভালো কথা, বেয়াও কথা। কেতিয়াবা তুমি যদি মোৰ তলত কাম কৰা, মই তোমাক খটুৱাই খটুৱাই একেবাৰে খাবৰ সময় নিদিয়াৰ দৰে কৰিব পাৰোঁ (হাঁহি)। সেইটোও হ’ব পাৰে। সেইটো এটা বেয়া দিশ। আচলতে, তেনেকুৱা ঘটনা অলপ হৈছে, গতিকে মই এনেই কোৱা নাই। কিন্তু ভাৰতৰ ক্ষেত্ৰত যিহেতু মই ক’লোঁ, মই কিছু ঠাইত দেখিছোঁ যে গৱেষক শিক্ষাৰ্থীসকলৰ যদিও এজন তত্ত্বাৱধায়ক থাকে তেখেতসকলৰ লগত মুকলিকৈ কথা পতা নহ’বও পাৰে, গতিকে তেখেতসকলৰ থেচিছৰ কামটোৰ ক্ষেত্ৰত প্ৰত্যক্ষ সংযোগ এটা নহয়। মোক আই আই টি গুৱাহাটীৰে কেইবাজনেও কৈছে যে এইটো সদায় ভাল নহয়গৈ। কিছুমানৰ হয়, কিন্তু সৱৰে নহয়। গতিকে দুইটা ব্যৱস্থাৰ মাজতে ভাল-বেয়া অলপ ওলাবই। গতিকে সেইবিলাকৰ কাৰণে অলপ পদ্ধতিটো বেলেগ বেলেগ হয়।

প্ৰকৃত গৱেষণাৰ ক্ষেত্ৰত গৱেষণা আন্তঃগাঁথনিটো ভাৰতবৰ্ষত বহুত বাঢ়ি আহি আছে। আগতে যিটো নাছিল, গতিকে কিছুমান গৱেষণা কৰিবলৈ সুবিধা হয়। ভাৰতবৰ্ষ বুলিয়েই কোৱা নাই, বেলেগ বেলেগ ৰাষ্ট্ৰই যিবিলাক ক্ষেত্ৰত নিজে এটা আন্তঃগাঁথনি কৰিব পৰা নাই, আজিকালি তেখেতসকলে ইউৰোপীয়ান ইউনিয়ন বা আমেৰিকা বা জাপানৰ লগত সহযোগিতা কৰে। সেইবিলাক যদি তথ্য জাতীয় হয় (মই যিটো কণিকা ত্বৰক(cyclotron)ৰ কথা ক’লোঁ) নেটৱৰ্কৰ যোগেদি সেইখিনি গৱেষক এজন ভাৰতবৰ্ষত থাকি বা ভিয়েটনামত থাকি বা বেলেগ দেশত থাকিও বাধাহীনভাৱে ব্যৱহাৰ (access) কৰিব পাৰে। এজন গৱেষক ভাৰতবৰ্ষত থাকি বা শ্ৰীলংকাত থাকি বা ভিয়েটনামত থাকি সেইটো হয়তো পোন্ধৰ বিছ বছৰৰ আগতে নোৱাৰিছিল। গতিকে সেই দূৰবীক্ষণৰ তথ্য সংগ্ৰহ বা হেড্ৰন চুপাৰ কলাইডাৰ যিটো জুৰিখৰ চাৰ্ণত (CERN) আছে বা ফাৰ্মি লেবত আছে, সেইবিলাকৰ তথ্য আজিকালি গোপন কথা বুলি নাথাকে। সেইবিলাক তথ্য আমি সকলোৱে পাব পৰাকৈ বন্দৱস্ত কৰাটো উচিত। কাৰণ আমি এন এছ এফতো কথা পাতোঁ যে সংযোগৰ সুচলতাটো যিমান সম্ভৱ সাৰ্বজনীন হ’ব লাগে (democratizing the access)। তুমি যদি তোমাৰ গৱেষণা আন্তঃগাঁথনি বা তথ্যখিনি সাৰ্বজনীন কৰা, তেতিয়া এজন জকাইচুকত থকা মানুহৰো মনত নতুন ধাৰণা থাকিব পাৰে, তেখেতে সেইখিনি ব্যৱহাৰ কৰি হয়তো এটা ভাল গৱেষণা কৰিব পাৰে। প্ৰকাশিত গৱেষণা পত্ৰৰ কথা কোৱা নাই। পত্ৰ প্ৰকাশৰ নিৰ্দিষ্ট প্ৰক্ৰিয়া এটা আছে, জমা দিব লাগিব। কিন্তু আমি যদি সংযোগৰ সুচলতাটো বহুখিনি সাৰ্বজনীন কৰোঁ, বেলেগ বেলেগ ঠাইৰ, যিবিলাকত গৱেষণা এতিয়ালৈকে সুবিধা পোৱা নাই সেইবিলাকে সুবিধা পাব।
মই আৰু এটা উদাহৰণ দিওঁ। মই যিটো ক্ৰিষ্টেল মাল্টিকম্পিউটাৰত মোৰ পিএইচডিৰ কাম কৰিলোঁ, সেইসময়ত ৱিছকনছিনত যিটো আছিল সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেলেগ বিশ্ববিদ্যালয়ে ব্যৱহাৰ কৰিব পৰা নাছিল। গতিকে বেলেগ বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰই আমি ৱিছকনছিনত ব্যৱহাৰ কৰা ক্ৰিষ্টেল মাল্টিকম্পিউটাৰটো ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু সংযোগৰ সুচলতাটো সাৰ্বজনীন হোৱাৰ লগে লগে মোৰ মতে গৱেষণাত বহুতখিনি সুবিধা হৈছে যিটো আগতে নাছিল। এইটো মই কম্পিউটাৰ বিজ্ঞান বুলি কোৱা নাই, পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰতো, ৰসায়নবিজ্ঞানৰ ক্ষেত্ৰতো, জীৱবিজ্ঞানৰ ক্ষেত্ৰতো হ’ব পাৰে। এতিয়া জীৱবিজ্ঞানৰ এটা ডাঙৰ বিষয় হ’ল, ডিএনএ অনুক্ৰমৰ বিশ্লেষণ (DNA SEQUENCE ANALYSIS)। চাব খুজিলে বেছিভাগ কামেই গণনাত্মক (computational) হয়। এইটোৰ যদি এটা ভাল গণনাত্মক সংৰচনা নাথাকে সেইটো কৰিব নোৱাৰে। সেইটোত যদি কিবা এটা সহযোগিতাৰ বা বুজাবুজিৰ চুক্তি (MoU) হয় ভাৰতৰ পৰা বা শ্ৰীলংকাৰ পৰাই হওক, ইউৰোপীয়ান ইউনিয়ন বা আমেৰিকাৰ লগত হওক, তেতিয়া যিকোনো গৱেষকে যিকোনো দেশৰ পৰা সেইবিলাক বাধাহীনভাৱে গণনাত্মক কামত ব্যৱহাৰ কৰিব পাৰে। গতিকে মই ভাবোঁ এইবিলাকত সকলোৰে ডাঙৰ উপকাৰ হ’ব।
➤ ছাৰ আপুনি জীৱবিজ্ঞানৰ ডিএনএৰ কথাটো কওঁতে মনত পৰিছে ৰুবুল মাউতে তেখেতৰ কিতাপখনত লিখিছিল।
মেধিঃ ঠিক কৈছা, ৰুবুল মাউতে লিখিছিল। আগতে ডিএনএৰ বিশ্লেষণ পৰীক্ষাগাৰত কৰিব লাগে। ৱেট লেব(wet lab)ত কৰে। ৱেট লেব নাথাকিলেতো একো কৰিব নোৱাৰি। আজিকালি এবাৰ তথ্যখিনি সংগ্ৰহ কৰিলে বহুতে গণনাত্মক দিশৰ পৰা কৰিব পাৰে৷ তাৰ বাবে বহুত শক্তিশালী কম্পিউটাৰ লাগে, এটা বা দুটা কম্পিউটাৰেৰে নহ’ব, কিছু গৱেষণাৰ গণনাত্মক কৰিবলৈ দহ-বিছ হাজাৰ কম্পিউটাৰো একেলগে লাগে। ৰসায়নবিজ্ঞানৰো কিছুমান বিক্ৰিয়া যিটো তোমাৰ আগতে নিজেই পৰীক্ষাগাৰত চাব লাগে, এতিয়া কিছুমান কম্পিউটাৰ চিমুলেশ্বন কৰি তুমি অপসাৰণ কৰিব পাৰা যে এইকেইটা নকৰিলেও হ’ব কাৰণ এইকেইটাৰ পৰা একো ফল নাহে। গতিকে যিকেইটা ৱেট লেবত কাম কৰিব লাগে সেইকেইটা আগ্ৰহৰ কেন্দ্ৰবিন্দু তথা গৱেষণাৰ লক্ষ্যটোৰ লগত প্ৰাসংগিক হ’ব লাগিব। মোৰ মতে গণনাত্মক ক্ষমতা আৰু লগতে কম্পিউটাৰ নেটৱৰ্ক সংযোগ ব্যৱস্থা যিকোনো বিষয়ৰে গৱেষণাৰ উন্নতিৰ কাৰণে বহুত ডাঙৰ কথা। কালি যেতিয়া প্ৰিয়াংকুশে নিউট্ৰিন’ৰ কথা ক’লে, মই ইউনিভাৰ্ছিটী অৱ কেলিফ’ৰ্ণিয়া চান ডিয়াগ’ৰ যিজন প্ৰাধ্যাপকক চিনি পাওঁ, ফ্ৰেংক ভ্যুৰ্ঠ্ভাইন (Frank Würthwein), তেখেতে নিউট্ৰিন’ৰ চিমুলেশ্বন কৰে। তেখেতে দক্ষিণ মেৰুত যিটো কেন্দ্ৰ আছে তাত তথ্য সংগ্ৰহ কৰি চিমুলেশ্বনবিলাক ক্লাউড কম্পিউটিঙত কৰিছে। ক্লাউডৰ কম্পিউটেশ্বন নহ’লে তেখেতে বহুখিনি কথা জানিব নোৱাৰিব পাৰে। গতিকে বহুত কথা মোৰ মতে নেটৱৰ্কৰ সংযোগ ব্যৱস্থা আৰু গণনাত্মক ক্ষমতাৰ কাৰণে কৰিব পৰা যায়। বিশেষকৈ মই ভাবোঁ, ডিএনএৰ কথা ক’বলৈ গ’লে আমি গণনাত্মক ক্ষমতাৰ যোগেদি বহুত গম পাই যাম। আজি চাবলৈ গ’লে প্ৰথম ডিএনএ অনুক্ৰম কৰা ত্ৰিছ বছৰো হোৱা নাই। এতিয়া তাৰপৰা কিমান আগবাঢ়িল। গণনাৰ ক্ষমতাটোও বাঢ়ি গৈছে আৰু বিছ বছৰৰ পাছত মানে যিটো হ’ব সেইটোৰ পৰা বহুতখিনি ধৰা কাৰ কি, কি কাৰণে বেমাৰ হৈছে, আমি আৰু ভালকৈ গম পাম। সেইটো সকলোৰে ডাঙৰ উপকাৰ হ’ব বুলি ভাবোঁ।
➤ ছাৰ এইখিনি আপুনি গৱেষণাৰ বিষয়ে ক’লে। বাকী শিক্ষাব্যৱস্থাটোক লৈ, বিশেষকৈ স্কুলীয়া শিক্ষাব্যৱস্থাক লৈ কওকচোন।
মেধিঃ শিক্ষাব্যৱস্থা। শিক্ষাব্যৱস্থাটো ক’বলৈ গ’লে এখন মহাভাৰত লিখিব লাগিব বুলি ক’ব লাগিব।
অলপ ইয়াৰ আভাস দিওঁ – ক-মানৰ পৰা দ্বাদশ মানলৈ৷
ভাৰতৰ বা অসমৰ শিক্ষা পদ্ধতিৰ মূল হ’ল ইংৰাজে কৰি যোৱাখিনি৷ যদিও আমেৰিকাই ইংৰাজৰ পৰাও স্বাধীনতা লৈছিল, শিক্ষা পদ্ধতি পিছে আদিৰ পৰাই বেলেগ ধৰণে কৰি আহিছিল৷ ইয়াৰ গুৰিতে আমেৰিকাৰ প্ৰশাসনিক ব্যৱস্থাৰ স্বতন্ত্ৰতা বিকেন্দ্ৰিক হোৱাৰ বাবে বুলি মই ভাবোঁ৷ গতিকে শিক্ষা পদ্ধতিতো বিকেন্দ্ৰিক আৰু স্বতন্ত্ৰতা আছে বুলি ক’ব পাৰি৷
ক-মানৰ পৰা দ্বাদশ মানলৈ প্ৰত্যেক চহৰ বা জিলাত (কাউণ্টি) নিজৰ নিজৰ সুকীয়া স্কুল ব’ৰ্ড আছে যিবোৰ আমেৰিকাৰ স্থানীয় পাব্লিক স্কুল (চৰকাৰী স্কুল) বুলি কোৱা হয়- এয়া ৰাজ্যৰ হিচাপত নহয়৷ প্ৰাইভেট স্কুলৰো সুকীয়া, পাব্লিক স্কুল ব’ৰ্ডৰ পৰা বেলেগ৷ এখন স্কুল ব’ৰ্ডৰ পৰা আন এখন সুকীয়া স্কুল ব’ৰ্ডলৈ পাঠ্যক্ৰমো বেলেগ বেলেগ হ’ব পাৰে৷ ৰাজ্যিক শিক্ষা বিভাগৰ ফালৰ পৰা সবিশেষ মানে খুঁটি-নাটি পাঠ্যক্ৰম নিদিয়ে৷ প্ৰত্যেক স্কুল ব’ৰ্ডে খুঁটি-নাটি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে, ইও এক স্বতন্ত্ৰতা বুলিব পাৰি৷ দ্বিতীয়তে, শিক্ষক-শিক্ষয়িত্ৰীও পাঠ্যক্ৰমৰ ভিত্তিত নিজে নিজে পৰীক্ষাৰ প্ৰশ্ন কাকত দিয়ে আৰু বহী চাই নম্বৰ দিয়ে। এয়াও এক বিকেন্দ্ৰিক পদ্ধতি বুলি ক’ব পাৰি, বিশ্বাস আৰু সততাৰ ওপৰত ভিত্তি কৰি৷
আমাৰ ভাৰতৰ কথা কওঁ। মই যিহেতু নিজেই পঢ়ি আহিছোঁ। মই ভাৰতৰ কথা কওঁতে দুটা ভাগত ক’ম – আমি নিজেই পঢ়া দিন অৰ্থাৎ ৫০ বছৰৰ আগৰ কথা আৰু মোৰ ভাগিন-ভতিজাহঁত পঢ়া দিনৰ কথা, তাৰমানে মোৰ ভণ্টি-ভাইটিৰ ল’ৰা-ছোৱালী পঢ়া দিনৰ কথা। সেইফালৰ পৰা মই দুটা সময় দেখিছোঁ। আমাৰ দিনত সিমান বোজা নাছিল। গতিকে আমাৰ বাকীবিলাক চিন্তা কৰিবলৈ সময় আছিল। এতিয়া মই যি দেখিছোঁ আমাৰ যিবিলাক পৰীক্ষাৰ পদ্ধতি আছে, আজিকালি ‘a b c d…’ নিশিকিলে বা ‘ক খ…’ নিশিকিলে স্কুলত এডমিশ্যন নোহোৱাৰ পৰা আৰম্ভ কৰি গোটেই ব্যৱস্থাটো মোৰ মতে পৰীক্ষাভিত্তিক কৰাত জনাৰ গুৰুত্বটো নোহোৱাৰ দৰেই হৈছে। সেইটোত গুৰুত্ব হ’লে মনৰ যিটো বিকাশ হ’ব লাগে সেইটো সিমান নহয় যেন লাগে। এইটো মই আৰু এটা কাৰণে কৈছোঁ, ভাৰতৰ পৰা বহুতো ছাত্ৰ-ছাত্ৰী স্নাতক বা বিটেক কৰি আহি আমাৰ তাত স্নাতকোত্তৰ বা পিএইচডি কৰিবলৈ আহোঁতে তেখেতসকলে সদায় প্ৰস্তুতিমূলক সমস্যা (homework problem) বা বিশেষ সমস্যাৰহে সদায় আভাস পাই আহিছে। গতিকে যেতিয়া কওঁ যে সমস্যাটোৱে অস্পষ্ট, আমি সংজ্ঞাবদ্ধ কৰিব পৰা নাই, সেইটো ভাৱধাৰণা কৰিবলৈ বহুত সময় লাগে। সেইটো তেখেতসকলৰ ভুল নহয়। তেখেতলোক এটা ব্যৱস্থাৰ মাজেৰে অহাৰ কাৰণে এইটো হৈছে। গতিকে প্ৰথমতে মই যেতিয়া প্ৰস্তুতি কৰোঁ বা আলোচনা কৰোঁ, ভাৰতৰ পৰা অহা নতুন ছাত্ৰ-ছাত্ৰীক কেইবামাহো সময় লাগে। বহুতৰে সেইটো অলপমান সমস্যা হয় যেন লাগে, বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত হয়। সেইফালৰ পৰা মই ভাবোঁ আমাৰ ভাৰতত শিক্ষাব্যৱস্থাটো খুব বেছি পৰীক্ষাৰ জৰিয়তে হোৱাৰ দৰে, শিকাৰ যিটো দৰকাৰী অন্তৰ্দৃষ্টি পোৱা যায় সেইটো অলপ কম হোৱা যেন লাগে। আনফালে কিন্তু এফালৰ পৰা কিছুমান কথা ভাৰতবৰ্ষত ভালকৈ শিকা যায়। মানে তোমাৰ অংকৰ কথাই কওঁ। যিটো গণিতৰ নেওতাৰ দুই তিনিগুণ ছয় কৰিছিলোঁ, পূৰণৰ নেওতা, কেলকুলাছ কৰিলা বা বীজগণিত আদি, সেইবিলাকৰ যিহেতু প্ৰত্যেকবাৰ কৰিবলগীয়া হয়, তেনে কিছুমান কথা পুনৰাবৃত্তিৰ পৰাই আমি ভালকৈ শিকিব পাৰোঁ। সেইকাৰণে সাধাৰণতে ভাৰতবৰ্ষৰ ল’ৰা ছোৱালী গণিতত ভাল। প্ৰাথমিক গণিতত। আমেৰিকান ব্যৱস্থাত যিটো আছে তাতেই হয়তো কিছুমান কথা গুৰুত্ব নিদিয়ে, কিন্তু সামগ্ৰিকভাৱে এজন শিশুৰ যিটো বিকাশ হ’ব লাগে সেইটো সৰুকালৰ পৰাই অলপ গুৰুত্ব দিয়ে। গতিকে ব্যৱস্থাটো আৰু দৰ্শনটো বেলেগ বুলি ভাবোঁ। দুইটাতে ধনাত্মক দিশ আছে। কোনোবা এটা নিখুঁত বুলি কোনো ফালৰ পৰাই ক’ব নোৱাৰি।
➤ ছাৰ, আপোনাৰ তত্ত্বাৱধানত কিমান শিক্ষাৰ্থীয়ে পিএইচডি কৰিছে?
মেধিঃ মোৰ তত্ত্বাৱধানত ১৭ জনে গৱেষণা কৰি পিএইচডি পাইছে৷ আমাৰ ক্ষেত্ৰখনত মোৰ তত্ত্বাৱধানত পিএইচডি কৰিবলৈ আমেৰিকাৰ শিক্ষাৰ্থীৰ পৰা চীন দেশৰ শিক্ষাৰ্থী, ভাৰতীয় শিক্ষাৰ্থী, ইৰানী শিক্ষাৰ্থী, এজন আলবেনিয় শিক্ষাৰ্থী, চাউডী আৰবৰ শিক্ষাৰ্থী, বাংলাদেশৰ শিক্ষাৰ্থী, এনেকৈ বেলেগ বেলেগ দেশৰ পৰা আহিছে৷ মই সেই কাৰণে মোৰ শিক্ষাৰ্থীৰ সৈতে কথা পাতি বহুত দেশৰ খবৰ পাই যাওঁ। অকল আমি পঢ়াৰ কথাই নাপাতোঁতো৷ এইবিলাক কোন দেশৰ কাৰ কি হৈ আছে, কি অমুক হৈছে, কিয় হোৱা নাই, তেনেকৈ আমি বহুত খবৰ পাই যাওঁ৷ এইটো এটা আমাৰ এটা সুবিধা হয়৷ পিএইচডিৰ উপৰি মোৰ সৈতে ৬৪ গৰাকীয়ে স্নাতকোত্তৰ থেচিছ কৰিলে৷
➤ বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। বৰ্তমান যুগটো ইণ্টাৰনেটৰ যুগ। অতি কম সময়ৰ ভিতৰতে ইণ্টাৰনেটে সমগ্ৰ পৃথিৱীখন আমি ভাবিব নোৱৰা ধৰণে সলনি কৰি পেলাইছে। আপুনি ১৯৮০ৰ দশকৰ পৰা আমেৰিকাত থাকি ইণ্টাৰনেটৰ এই ক্ৰমবিকাশক প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ সুযোগ পাইছে। তেতিয়াৰ আৰ্পানেটৰ পৰা আজিৰ ইণ্টাৰনেটৰ যুগলৈকে সমগ্ৰ কালছোৱাক এগৰাকী কম্পিউটাৰ বিজ্ঞানী হিচাপে আপুনি কিধৰণে বিশ্লেষণ কৰিব? ভৱিষ্যতে ই আমাক ক’লৈ লৈ যাব?
মেধিঃ অ’ মোৰ দৃষ্টিভংগী লাগে, আচ্ছা (হাঁহি)! মই দুটা ধৰণত কওঁ- এটা বৈজ্ঞানিক দিশৰ পৰা আৰু এটা অবৈজ্ঞানিক দিশৰ পৰা৷ বৈজ্ঞানিক দিশৰ পৰা চাবলৈ গ’লে ইণ্টাৰনেটটো প্ৰযুক্তিৰ ফালৰ পৰা বহুত আগবাঢ়ি গৈ আছে৷ মই প্ৰথমতে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে অকল ফাইল ট্ৰেন্সফাৰ, ইমেইল আৰু ৰিম’ট টাৰ্মিনেল৷ ইমেইলত মাত্ৰ এচ্কি টেক্সট্(ASCII text)ত হে দিব পাৰিছিলোঁ, ফাইল বা ফ’টো এটাচ্মেণ্ট কৰাৰ সুবিধা নাছিল৷ সেয়া ১৯৮৪ চনৰ কথা৷ নব্বৈ দশকৰ প্ৰথমৰ ফালে ইমেইলৰ এটাচমেণ্ট হ’ল আৰু আহিল ৱেব৷
এইখিনিতে অলপ আৰ্পানেট-ইণ্টাৰনেটৰ ইতিহাস কওঁ দেই৷ তুমি আৰ্পানেটৰ নাম ক’লা৷ আৰ্পানেটৰ কাম আৰম্ভ হৈছিল ষাঠিৰ দশক ডাৰ্পাৰ পুঁজিৰ যোগেদি৷ তাৰ পাছত টি-চি-পি/আই-পি (TCP/IP) প্ৰট’কল গৱেষণা পত্ৰখন লিখি উলিয়াইছিল ৰ’বাৰ্ট কান আৰু ভিণ্ট্ চাৰ্ফে ১৯৭৪ চনত য’ত TCP আৰু IP একে সংযোগৰ প্ৰস্তাৱ দিয়া হৈছিল৷ TCP আৰু IP দুটা সুকীয়া কৰাৰ প্ৰস্তাৱ ওলাল ১৯৭৮ চনত, এইটো এটা ডাঙৰ পদক্ষেপ বুলি ক’ব লাগিব৷ তাৰ পাছতহে TCP আৰু IP ৰ সম্পূৰ্ণ চ’ফ্টৱেৰ ইম্প্লিমেন্টেশ্বন কাম আৰম্ভ হ’ল৷
মই পিএইচডি কৰা ৱিছকনছিনৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক লেৰি লেণ্ড্ৱেবাৰে এন এছ এফলৈ প্ৰস্তাৱ এটা দিছিল ১৯৮১ চনত চিএছনেট (CSNet) কৰাৰ বাবে, আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগ যোগ দি এখন কম্পিউটাৰ নেটৱৰ্ক কৰিবলৈ৷ মই এইখিনিতে আৰু এটা কথা কৈ থওঁ – মই কম্পিউটাৰ নেটৱৰ্কৰ ক্লাছ ১৯৮৬ চনৰ বসন্ত ছেমিষ্টাৰত পঢ়োঁতে প্ৰাধ্যাপক লেণ্ড্ৱেবাৰ অধ্যয়ন ছুটীত আছিল – গতিকে তেখেতৰ ঠাইত আন এজনে পঢ়াইছিল, পিছে এদিন তেখেতে আহি এটা মাত্ৰ ক্লাছ পঢ়াইছিল৷ এই লেণ্ড্ৱেবাৰেই আমি নেটৱৰ্ক ৰাউটিঙৰ কিতাপখন ২০০৭ চনত লিখোঁতে পাতনি লিখি দিছিল৷
চিএছনেটৰ পাছত এন এছ এফে আমেৰিকাত উন্নত গৱেষণা আৰু শিক্ষা নেট প্ৰসাৰিত কৰিবলৈ এনএছএফেনেট (NSFNET) ১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে পৃষ্ঠপোষকতা কৰে। এই পদক্ষেপসমূহৰ যোগেদি কেইবাটাও দেশজোৰা মেৰুদণ্ডী কম্পিউটাৰ নেটৱৰ্ক সৃষ্টি কৰিছিল। গৱেষকসকলক এন এছ এফৰ পুঁজিৰে চলি থকা ছুপাৰ কম্পিউটিং চেণ্টাৰসমূহৰ সৈতে সংযোগ কৰাও হৈছিল।
এন এছ এফে ১৯৯১ চনলৈকে কেৱল চৰকাৰী সংস্থা আৰু বিশ্ববিদ্যালয়সমূহকহে এই নেটৱৰ্ক ব্যৱহাৰ কৰাৰ অনুমতি দিছিল৷ যেতিয়া প্ৰথমটো বাণিজ্যিক ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ উত্থান ঘটিছিল। ১৯৯১ চনত এন এছ এফে প্ৰৱেশৰ নিষেধাজ্ঞা আঁতৰাই পেলায় আৰু বাণিজ্যিক আই এছ পি (ISP, Internet Service Provider) ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পায় – এইটো এটা ডাঙৰ পদক্ষেপ৷
কেইবাটাও কাৰণে তেতিয়াৰ পৰা এতিয়ালৈ ইণ্টাৰনেটৰ বহুত বিকাশ হৈছে৷ এটা হ’ল ইণ্টাৰনেটৰ ষ্টেণ্ডাৰডাইজেশ্বন (standardization) মেলত যি কোনোৱে যোগ দিব পাৰে, গতিকে নতুন পদ্ধতিৰ প্ৰস্তাৱ দিব পাৰে৷ সৰু, ডাঙৰ বুলি কথা নাই৷ গতিকে নতুন, নতুন পদ্ধতি বহুতেই দিলে, এতিয়া দি আছে৷
দ্বিতীয়তে এটিএণ্ডটিয়ে ১৯৭৩ চনত ওলোৱা ইউনিক্স অ’পাৰেটিং চিষ্টেমৰ এটা ফালৰি বি এচ ডি ইউনিক্স ১৯৭৮ চনৰ (যিটো কেলিফৰ্ণিয়া-বাৰ্কলে বিশ্ববিদ্যালয়ত কৰিছিল ’বি’ টোৱে বাৰ্কলে বুজায়) পৰা কাম আৰম্ভ হৈছিল আৰু পাব্লিক ড’মেইনত অ’পেন চ’ৰ্চ হিচাপে পোৱা গৈছিল৷ ইণ্টাৰনেটৰ ৰাউটাৰত ইউনিক্সৰ যোগ দিব পৰাত খৰছো কম হৈছিল, তাৰ বাবে ৰাউটিঙৰ কাৰ্যকৰী কৰিবলৈ সুবিধা হৈছিল৷ সেই সময়তেই কম্পিউটাৰ আৰু কম্পিউটাৰ চিপ্চ্ (chips) ৰ দাম কমিবলৈ ধৰাৰ বাবে ইণ্টাৰনেট ৰাউটাৰৰ দাম খুব বেছি নোহোৱা বাবে আই এছ পি বোৰে নেট লগাবলৈ আৰম্ভ কৰিলে৷ তাৰ পাছত দুখন ঠাইৰ মাজত কেব’ল দি যোগ দিয়াটো সুবিধা হৈ পৰিল যেতিয়া ফাইবাৰ অপ্টিক্স দিব পৰা গ’ল৷ গতিকে কেইবাফালৰ পৰা এই ধৰণে সংগম হোৱাৰ ফলত ইণ্টাৰনেট আৰু বিয়পিবলৈ ধৰিলে, তাৰ লগতে ৱেব হোৱাৰ পৰা ইণ্টাৰনেট ৰাইজে বহুত সহজে ব্যৱহাৰ কৰিবলৈ জানিলে৷
এতিয়া নতুন কথালৈ আহোঁ৷ এতিয়া যিহেতু নতুন নতুন ক্লাউড কম্পিউটিং আহিছে, ডিষ্ট্ৰিবিউটেড কম্পিউটিঙৰে যিবিলাক ডাঙৰ নতুন Generative AI, সেইবিলাকত তাৰমানে নেটৱৰ্কটোৰ ভিতৰতে কি কি কৰিব পাৰি, এনেকুৱা ধৰণৰ নতুন নতুন কথা আহি থাকিব৷ এইটো হয়তো তুমি লগালগ নেদেখিব পাৰা। তাৰ গৱেষণা হ’ব পাৰে!
বৰ্তমান কোৱাণ্টাম কম্পিউটিঙৰ কাম হৈ গৈছে৷ এতিয়া, প্ৰিয়াংকুশে কোৱাণ্টামৰ কথা জানে, মোতকৈ বহুত বেছি৷ গতিকে কোৱাণ্টাম কম্পিউটিঙৰ লগত আমি আজিকালি কওঁ কোৱাণ্টাম নেটৱৰ্কিং। গতিকে কোৱাণ্টাম নেটৱৰ্কিংটো আমি এতিয়াও তাৰমানে ধৰিব পৰা নাই কি হ’ব! সেইটো সম্পূৰ্ণ নতুন এটা কোৱাণ্টাম ইণ্টাৰনেট পাছলৈ হ’বগৈও পাৰে৷ এইটো ২০ বছৰেই লাগে নে ৩০ বছৰেই লাগে ক’ব নোৱাৰোঁ৷ গতিকে বৈজ্ঞানিক দিশৰ পৰা এইদৰে নতুন ধৰণৰ কথা এতিয়াৰ পৰাই চৰ্চা কৰাটো আৱশ্যক৷

এতিয়া অবৈজ্ঞানিক দিশটো কওঁ। আই ট্ৰিপল ইৰ আৰু এটা সংস্থাৰ লগত যোগাযোগ আছে, CTU বা Connecting The Unconnected.(।) Connecting The Unconnected মানে যিবোৰ ঠাইত এতিয়ালৈকে ইণ্টাৰনেটৰ সংযোগ ভালকৈ পোৱা নাই তেখেতসকলৰ কাৰণে আমি কি কৰিব পাৰোঁ? গতিকে, সেইফালৰ পৰা তুমি চাবলৈ গ’লে এতিয়াও যদি তোমাৰ মোবাইল আছে মোবাইলৰ পৰা ইণ্টাৰনেট সংযোগ আহিছে৷ দেখদেখকৈ ১০ বছৰ আগতে যি আহিছিল তাতকৈ বহুত বেছি হৈছে৷ গতিকে, সেইটো ফালৰ পৰা সুযোগ বহুতে পাই আছে৷ কিন্তু আমি সদায় ভবা উচিত যে আৰু কোনে পোৱা নাই এতিয়ালৈকে? সেই তেখেতলোকক পাবৰ কাৰণে আমি সমাজে কি কৰিব লাগে, চৰকাৰে কৰিব লাগে বুলি কোৱা নাই। মোৰ মতে এইটো অতি প্ৰয়োজনীয় কথা৷ কেতিয়াবা মই ভাবোঁ, এই কথাটোত আমি সিমান গুৰুত্ব দিয়া নাই৷ এইটোত সুচল সংযোগ ব্যৱস্থা যিটো হ’ব লাগে, এতিয়া চহৰত হ’লে নহ’ব নহয়, ইণ্টাৰনেটটো আমাৰ গাঁৱলৈকেতো আহিব লাগিব৷ আগতে আমি সামাজিক বৈষম্যৰ কথা যিটো কওঁ, আজি কালি আমি এইটো ডিজিটেল বৈষম্য (digital divide) বুলি কওঁ। সেইটো সৱতে আছে৷ আমেৰিকাতো আছে। আমেৰিকাত এতিয়াও কিছুমান চহৰৰ ‘ইনাৰ চিটি’ বুলি কোৱা অঞ্চলত ইণ্টাৰনেট সংযোগ ভালকৈ পাবলৈ টান৷ কাৰণ ইয়াতো ব্যক্তিগত কোম্পানীহে মোতায়েন কৰে, তেখেতসকলৰতো তাত কোনো অতিৰিক্ত মুনাফা নাই। তাতে যদি বেছি ব্যৱহাৰ কৰা মানুহ নাথাকে বা পইছা দিয়া মানুহ নাথাকে, তাৰ কাৰণে ইয়াত চৰকাৰে অতিৰিক্ত মুনাফা দিয়াটো আৱশ্যক৷ দিকচৌ গ্ৰাম্য অঞ্চলবোৰত ইণ্টাৰনেটৰ কাৰণে কি কি কৰিব পাৰি, কেনেকৈ হ’ব তাৰ কাৰণে কম খৰছত কৰিব পৰা নতুন প্ৰযুক্তি লাগে৷ সেইটো ভাবিব লাগে। এতিয়া বিশেষকৈ আমেৰিকাৰ কথা কওঁ। আমি গ্ৰাম্য অঞ্চল বুলি যিবিলাক কওঁ তাতে এটা ঘৰৰ পিছত আন এটা দূৰৈত থাকে৷ এটা ঘৰ থাকিব আৰু হয়তো দুমাইল দূৰত আৰু এটা ঘৰ থাকিব৷ তিনিমাইল মূৰত আৰু এটা ঘৰ থাকিব৷ গতিকে তুমি প্ৰত্যেকটোতে ফাইবাৰ অপটিকছ্ সংযোগ কৰিবলৈ গ’লেও খৰচটোৰ কথাটো বাদেই, সময়ো লাগিব৷ সেয়ে সেইটো প্ৰযুক্তি হয়তো ঠিক নহ’বও পাৰে! তাৰ কাৰণে নতুন প্ৰযুক্তি এটা লাগিব পাৰে। সেইটো কি প্ৰযুক্তি কৰিম? সেইটো সম্পূৰ্ণ বেতাঁৰ হ’ব নে ইণ্টাৰনেট চেলফোনেৰে হ’ব? কিন্তু তাৰোতো কিছু সীমাবদ্ধতা আছে। গতিকে সেইটো ফালৰ পৰা সংযোগৰ সুবিধাটো কেনেকৈ কিমান দিব পাৰি? সেইটো এটা বৰ দৰকাৰী কথা বুলি মই ভাবোঁ। যিকোনো দেশৰ কথাই কৈছোঁ৷
তাৰ উপৰি ইণ্টাৰনেটৰ ক্ষেত্ৰত আৰু এটা কথা আছে, বাল্কানাইজেচন (Balkanization) বুলি কয়৷ বাল্কানাইজেচন শব্দটো শুনিছানে নাই ক’ব নোৱাৰোঁ৷ বাল্কানাইজেচন ধাৰণাটো হ’ল, খুব ডাঙৰ এটা ভৌগোলিক অঞ্চল থাকে৷ সেইটো সৰু সৰু ৰাষ্ট্ৰ বা আঞ্চলিক ক্ষেত্ৰত ভাগ হৈ যায়, আৰু সিহঁতে ইখনে সিখনৰ লগত সহযোগিতা নকৰিব পাৰে৷ এইটো বাল্কান অঞ্চলত প্ৰথমতে হৈছিল বুলি কয়৷ সেইকাৰণে সেই অভিধাটো হ’ল। এতিয়া আমি কওঁ যে, এক হিচাপে কিছুমান বাল্কানাইজেচন ইণ্টাৰনেটত হৈছে৷ প্ৰত্যেক দেশৰ আইন বেলেগ হ’ব পাৰে৷ এতিয়া ধৰা ভাৰতবৰ্ষত আজিকালি কিছুমান পৰীক্ষা হ’লে গোটেই ইণ্টাৰনেট সংযোগটো বন্ধ কৰি দিয়ে, নহয় জানো। সেইটো আইন তোমাৰ আমেৰিকাত নপৰিব৷ গতিকে সেইটো কৰোঁতে সেই পৰীক্ষা দিয়া মানুহৰ লগতে বাকী ৰাইজৰো সেইটো সময়ত সংযোগ নাথাকিব পাৰে৷ এইটো এটা উদাহৰণ দিলোঁ৷ আৰু যেতিয়া Arab Spring হৈছিল কেইবছৰমান আগতে, তেতিয়াতো চৰকাৰে সংযোগ কাটি দিয়ে যাতে ভিতৰৰ পৰা কোনোধৰণৰ নতুন বাতৰি বাহিৰলৈ নাযায়। গতিকে এইধৰণৰ যিবিলাক কথা হৈছে চেঞ্চৰছিপ (censorship) জাতীয়, মই ভাবোঁ চেঞ্চৰছিপটো বেলেগ বেলেগ ক্ষেত্ৰৰ পৰা ইণ্টাৰনেটতো হৈছে। আমি আজিকালি বাল্কানাইজেচন হোৱা বুলি কওঁ, বিখণ্ডন হোৱা বুলি ভাবোঁ৷ বহুতে একেটা কথাৰ খবৰ নাপাবও পাৰে৷ ইয়াত Tiyanamens squareঅৰ যিটো ঘটনা ১৯৮৯ চনত হৈছিল, তুমি ফটোখন দেখিছানে নাই ক’ব নোৱাৰোঁ৷ বহুত বিখ্যাত ফটো৷ মানুহ এজনে টেঙ্ক এখনৰ সন্মুখত থিয় হৈ থকা ফটো এখন আছে৷ সেইটো তুমি চীনত থাকি যদি গুগলত সন্ধান কৰা, সেইখন তুমি গম নোপোৱা। Tiyanamens squareত কি হ’ল৷ তুমি ভাৰততো পাব পাৰা বেলেগ, ভিয়েটনামত পাব পাৰা বেলেগ৷ সেইটো নাজানো৷ বেলেগ বেলেগ ঠাইত একেটা তথ্য সৱেই নাপায়৷ বেলেগ বেলেগ তথ্য পায়৷ গতিকে সেইটো যেতিয়া হয় তথ্যটো বিখণ্ডন হৈ গ’লতো৷ তথ্যটো সদায় সঁচা নে মিছা সেইটো নাজানো৷
কৃত্ৰিম বুদ্ধিমত্তা হোৱাৰ কাৰণে তোমাৰ ফ’টো বিকৃতকৰণ কৰিব পৰা আদিও ওলাইছে। মানে মই প্ৰিয়াংকুশৰ লগতে কথা পাতি আছোঁ নে বেলেগ কোনোবাই মুখত তেওঁৰ ফটোখন লগাই কথা পাতি আছে, সেইটো ধৰিবলৈ আৰু লাহে লাহে টান হৈ গৈ আছে। deep fake বুলি শব্দ এটা আহি গৈছে৷ ইণ্টাৰনেটৰ যোগেদিয়ে এইবিলাক কথা গোটেইখিনি প্ৰচাৰ, প্ৰচলন হৈছে৷ গতিকে সেইবিলাক সঁচা নে মিছা জানিবলৈ কি নতুন পদ্ধতি উলিয়াব লাগিব, সেইটো ক’লৈ যায়, সেইটো এতিয়াও ধৰিব পৰা নাই৷

No Comments