কম্পিউটাৰ বিজ্ঞানী দীপ মেধিৰ সৈতে এটি সাক্ষাৎকাৰ (তৃতীয় খণ্ড)

<< দ্বিতীয় খণ্ড

➤ আপুনি অসমৰ এক অতি বিদ্বান আৰু উচ্চশিক্ষিত পৰিয়ালৰ সন্তান। আপোনাৰ পিতৃ জ্যোতিপ্ৰসাদ মেধি এগৰাকী বিশ্বপ্ৰসিদ্ধ পৰিসংখ্যা বিজ্ঞানী আছিল। একেদৰে আপোনাৰ ককা (জ্যোতি মেধিৰ মামা) সৌৰভ কুমাৰ চলিহা এগৰাকী স্বনামধন্য গল্পকাৰ। তেখেতৰ পিতৃ কালিৰাম মেধিও এগৰাকী অগ্ৰণী অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। এনে এটা পৰিয়ালত ডাঙৰ হোৱাটোৱে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? বিশেষকৈ আপোনাৰ জীৱনত পিতৃৰ প্ৰভাৱ সম্পৰ্কে জানিব বিচাৰোঁ।

মেধিঃ প্ৰিয়াংকুশ, মোৰ মনত আছে তুমি দেউতাৰ ওপৰত খুব ধুনীয়া এটা প্ৰবন্ধ লিখিছিলা। ম‌ই কিবা কাৰণে দেখা পালোঁ। পঢ়িছিলোঁ। 

➤ আপুনি মন্তব্য দিছিল কিন্তু মই তেতিয়া চিনি পোৱা নাছিলোঁ আপোনাক, কোনোবা বেলেগ বুলি ভাবিছিলোঁ। (হাঁহি)

মেধিঃ মনত আছে মানে ম‌ই মন্তব্য দিছিলোঁ বুলি। (হাঁহি) তুমি গম নোপোৱা কাৰণ ম‌ই কোৱা নাই ম‌ই তেখেতৰ পুত্ৰ বুলি। মোৰ এতিয়াও মনত আছে। প্ৰশ্নটো কি আছিল? তেওঁৰ বিষয়ে কি জানিব খুজিছোঁ বুলি ক’লা?

➤ আপোনাৰ জীৱনত দেউতাৰ প্ৰভাৱ সম্পৰ্কে।

মেধিঃ অ’ দেউতাৰ কথা, দেউতাৰ প্ৰভাৱ। বৰ ডাঙৰ কথা। দেউতাৰ মোৰ ওপৰত বহুত প্ৰভাৱ আছে বুলি ক’ব পাৰি। আজি ম‌ইতো দেউতাৰ পাঁচ শতাংশ‌ও হয়নে নহয় ক’ব নোৱাৰোঁ। দেউতাৰ ম‌ই দুটা কথা কওঁ। এটা হ’ল তেখেতে তেতিয়াৰ দিনতে, ৫০অৰ দশকতে বিদেশত পঢ়ি যিটো পৰিৱেশ দেখিলে, শিকি আহিলে তাৰ পৰা তেখেতে ম‌ই ভাবোঁ দুটামান ক্ষেত্ৰত তেখেতৰ প্ৰভাৱ আছে। মোৰ ব্যক্তিগত ক্ষেত্ৰত ক’বলৈ গ’লে, দেউতাই মোক কেতিয়াও নক’লে যে ত‌ই ক্লাছত প্ৰথম হ’ব লাগিব। ম‌ই সেইবুলি ক’লে বহুতে আচৰিত হ‌য়। দেউতাই মাত্ৰ কৈছিল যে য’ত পঢ়িব খুজিছ ত‌ই সেইমতে নম্বৰ পালেই হ’ল। তেনেকৈ কোৱাৰ কাৰণে মোৰ কি হ’ল, অকল যে ম‌ই পঢ়াৰ লগত থাকিব লাগিব তেনে নহ’ল, বাকী বিলাক কথা যে জীৱনত দৰকাৰী তেতিয়া ভবা নাছিলোঁ কিন্তু সম‌য় পাই গ’লোঁ। খেলাত মোৰ ৰাপ আছে বা বেলেগ বেলেগ বহুত কথাত মোৰ ৰাপ আছে। সেইবিলাক মই সৰুৰ পৰাই কৰোঁতে দেউতাই “এই এইটো নকৰিবি, পঢ়গৈ যা” বুলি কেতিয়াও নক’লে। মায়েও কোৱা‌ নাই। নোকোৱাৰ কাৰণে মই যিমান খিনি শিকিলোঁ সেয়া জীৱনত পাছলৈ বহুত কামত আহিছে। সেইটো মই দেউতাৰ প্ৰভাৱ বুলি ক’ব পাৰিম। তেখেত হয়তো বিদেশত পঢ়ি অহাৰ কাৰণে বেলেগ পদ্ধতি এটাৰ আভাস এটা পাই আহিল। সেইটো হয়তো এটা সুবিধা হ’ল। 

দুই নম্বৰতে, দেউতাই সৰুৰ পৰাই কৈছিল যে জীৱনৰ যিটো ৰাপ, য’ত আছে বা নাই, সেইটো ১০০ মিটাৰ দৌৰ নহয়। সেইটো এটা মাৰাথন। কেতিয়াবা অলপমান আগো বাঢ়িব, অলপ কমিব, আকৌ বাঢ়িব, কমিব। গতিকে সেইটো মনত ৰাখি নামি গ’লে সদায় যে হতাশ হ’ব লাগে সেইটো কথা নহয়, পাছত আকৌ আগবাঢ়িব পাৰি। সেই দুটা ডাঙৰ কথা তেখেতৰ পৰা ম‌ই শিকিলোঁ। দেউতা গণিতত বহুত চোকা মানুহ আছিল গতিকে তেওঁক ম‌ই নিজেই অংক, প্ৰশ্ন সুধিবলৈ সাহস কৰা নাছিলোঁ পিছে (হাঃ হাঃ)। অৱশ্যে দেউতা যিহেতু পৰিসংখ্যা বিভাগৰ আছিল, পৰিসংখ্যাৰ আভাসটো ম‌ই ষষ্ঠমান-অষ্টমমান শ্ৰেণীৰ পৰাই অলপ পাই গ’লোঁ। কাৰণ সম্ভাৱিতা কি কথা দেউতাই তেতিয়া কয়। সম্ভাৱিতা, সংহতি আদিৰ ধাৰণা মোৰ তেতিয়াৰ পৰাই অলপ অলপ হ’ল। তাৰপাছত আমি হাইস্কুলত স্তম্ভলেখ কৰিব লাগে, পৰিসাংখ্যিক বিতৰণ (statistical distribution) লাগে। দেউতাৰ কাৰণেই পাছত গম পালোঁ যে পৰিসংখ্যাৰ জ্ঞানখিনি বহুত ক্ষেত্ৰত ব্যৱহাৰ হয়। পদাৰ্থবিজ্ঞানতো আহিব বা তথ্য সংগ্ৰহতো লাগে। যিখিনি তথ্য সংগ্ৰহ কৰোঁ, গোটাইখিনি তথ্য যে নিখুঁত নহয় সেইটো ম‌ই দেউতাৰ পৰাই আওপকীয়াকৈ হ’লেও সৰু কালৰ পৰাই গম পালোঁ। আমি আগতে ভাবোঁ যে অংক কৰা মানুহক এটা সমীকৰণ দিলে, একদম নিখুঁতভাৱে সমাধান কৰিলে, তাৰ কাৰণে নম্বৰ পালে। কিন্তু পৰিসংখ্যাবিজ্ঞানৰ ক্ষেত্ৰত কিছুমান কথাত তথ্য (data) নাথাকিব পাৰে, তাত কেনেকৈ approximation কৰিব পাৰি, এই approximation কথাটো মোৰ মতে বৰ ডাঙৰ কথা। approximation-ৰ অসমীয়া শব্দ কি হ’ব? অ’ আসন্ন। এপ্ৰক্সিমেশ্বন খুব ডাঙৰ আইডিয়া বুলি ক’ব পাৰি। আমি কলন গণিত কৰিলেও বা বীজগণিত কৰিলেও সেইবিলাকত একেটা  উত্তৰ পালেহে নম্বৰটো পালা। কিন্তু পাছত যি বিলাক আমি অংক কৰিলোঁ, মোৰ পিএইচডিৰ কামটোতো অলপমান অংক আছিল, এইবিলাকটো এপ্ৰক্সিমেশ্বন, নিখুঁত বোলা কথা এটা নাছিল তাত। গতিকে সেই এপ্ৰক্সিমেশ্বন কথাটো, মোৰ তেখেতৰ পৰাই ধাৰণা এটা আহিল যে সকলো সদায় নিখুঁত নহ’বও পাৰে। গোটেইখিনি তথ্য বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ কৰিলেও সেইটো হয়তো এটা এপ্ৰক্সিমেট উত্তৰ হ’ব পাৰে। গতিকে সেই কথাটো মই অলপমান তেখেতৰ পৰাই জানিলোঁ৷ কিন্তু এইখিনিতে স্বীকাৰ কৰা ভাল যে আগতে এই কথাতো মনলৈ অহা নাছিল – অলপ বয়স হোৱাৰ পাছতহে দেউতাৰ পৰা জনা কথাৰ মূল বুজিবলৈ সক্ষম হ’লোঁ।

বাৰু মোৰ উত্তৰটো দিয়া হ’লনে আৰু কিবা আছিল?

তিনি প্ৰজন্ম: পিতৃ জ্যোতিপ্ৰসাদ মেধি আৰু এজন পুত্ৰৰ সৈতে দীপ মেধি

➤ অ’। মেধি ছাৰে কিতাপো ৰচনা কৰিছিল, সেই সম্পৰ্কে কওকচোন।

মেধিঃ তেখেতৰ কিতাপ অ’, প্ৰথমতে তেখেতে কিতাপ কেইবাখনো লিখিলে। Stochastic Processes বুলি এখন লিখিছিল, সেইখন কিন্তু তেখেতে বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ অলপ আগতে লিখা। ১৯৮২ চনত প্ৰথম প্ৰকাশ হৈছিল। তেখেতৰ এই Stochastic Processes খন বহুত ঠাইত প্ৰচুৰ ভাবে ব্যৱহাৰ হৈছিল এটা সময়ত। আমেৰিকাতো হৈছিল। ভাৰততো আইআইটিত পঢ়া ছাত্ৰই তেতিয়াই আহি মোক কৈছিল আমি এইখন কিতাপ পঢ়িছিলোঁ। গতিকে আৰু আমেৰিকাতো এনেকৈ পাইছিলোঁ। এতিয়াও অলপ চলে কিন্তু আগৰ দৰে নহয় কাৰণ stochastic processes ত যিটো বিষয় আছে, আগতে তথ্য সংগ্ৰহ বা বিশ্লেষণ কৰাৰ কাৰণে কিছুমান কথাত stochastic randomness টো আগতে যিমান গাণিতিক গৱেষণা কৰিব লাগিছিল আজিকালি কিন্তু আগৰ দৰে ইমান আৱশ্যক নহয়। গতিকে আগতকৈ অলপ কমিছে। 

দেউতাই Stochastic Models in Queueing Theory বুলি আৰু এখন লিখিছিল‌ ১৯৯১ চনত। সেইখনো ভাল‌ চলিছিল। এতিয়াও কিতাপখনৰ অলপ অলপ ৰয়েল্টি আহে। আৰু এখন‌ আছিল Recent Developments in Bulk Queueing Models, সেইখন মোৰ ওচৰত আছে। এই তিনিখনেই তেখেতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লিখা। বাল্ক্‌ কিউয়িংখন বৰ specialize সৰু কিতাপ, তেখেতৰ গৱেষণাৰ এটা বিষয় আছিল বাল্ক্‌ কিউয়িং৷ 

বাল্ক্‌ কিউয়িং মানে কি হয়, তোমাক বুজাই দিওঁ। তুমি যদি বাছ এখন ধৰা ডিব্ৰুগড়ৰ পৰা মৰাণলৈ যাবা, বাছখন এজন মানুহ উঠিলেই গুচি নাযাবও পাৰে। অন্ততঃ ২০ জন মান বা আধা মান বহিব লাগিব। তাৰ পাছতহে যায়। সেইটোকেই বাল্ক্‌ বুলি কয়। নিম্নতম কিবা এটা হ’লেহে গোটেইখিনি যোৱাটো হয় মানে বাছখন গুচি যায়। queueing systemত সেইটো ‘service’ বুলি কোৱা হয়। সেইটোত তেখেতে গৱেষণা কৰিছে। 

আৰু এটা কথা কওঁ, বহুতে হয়তো গম নাপাব পাৰে, দেউতাৰ প্ৰথম যি জন গৱেষক ছাত্ৰ আছিল তেখেতৰ নাম টাটা চুব্বাৰাও। তেখেতে কেনেবাকৈ দেউতাৰ নাম শুনি দক্ষিণ ভাৰতৰ পৰা গুৱাহাটীলৈ আহিছিল । মানে দেউতাই পেৰিছৰ পৰা পিএইচডি কৰি আহিছিল বুলি তেখেতে কেনেবাকৈ গম পালে। দক্ষিণ ভাৰতৰ পৰা আহি তেখেতে কিবাকিবি কৰি বিচাৰি উলিয়ালে আৰু গুৱাহাটীত আহি ওলালহি। তেতিয়া মানে চিঠিও ভালকৈ আহি পোৱা নাছিল কাৰণ শৰাইঘাট দলঙেই হোৱা নাছিল। নাৱেৰে নৈ পাৰ হ’ব লগীয়া অৱস্থা, তেতিয়াৰ কথা। তেখেত ১৯৬৩ চন মানত পিএইচডি কৰিবলৈ আহিছিল, ১৯৬৬ চনত শেষ কৰিছিল। তেখেতে আহি দেউতাৰ লগত গৱেষণা কৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি কৰে আৰু চিধাই ইউনিভাৰ্ছিটি অৱ্ মান্‌চেচ্‌টাৰত প্ৰবক্তাৰ চাকৰি পাইছিল৷ সেইটো এটা ডাঙৰ উল্লেখযোগ্য কথা বুলি ক’ব পাৰি। দেউতা ঢুকাওঁতে স্মৃতিগ্ৰন্থ এখনো ওলাইছিল। গম পোৱানে? অনলাইনত আছে। তাতে চুব্বাৰাৱে নিজৰ ঘটনাখিনি লিখিছিল। পঢ়ি চাব পাৰা, ভাল পাবা পঢ়ি। তেখেতক মই পাছতো লগ পাইছোঁ। অৱসৰৰ পাছতো তেখেতে ইংলেণ্ডৰ পৰা গুৱাহাটীলৈ আহি দেউতাক সদায় মাত লগাই যায়। দেউতাৰ মৃত্যুৰ দুবছৰমান পাছত, ২০১৯ চনমানত তেখেত ঢুকালে।

➤ এইবাৰ আপোনাৰ জীৱনত মাতৃৰ প্ৰভাৱ সম্পৰ্কে জনাওকচোন।

মেধিঃ মোৰ মাৰ বিষয়ে? ঠিক আছে। মোৰ ওপৰত মাৰ প্ৰভাৱ বহুত ডাঙৰ আচলতে। সৰুতে মায়ে মোক অংকৰ বাহিৰে ইংৰাজীৰ পৰা আৰম্ভ কৰি সকলো বিষয় পঢ়ুৱাইছিল। সেইটো ক’বই লাগিব। কিন্তু মাৰ পৰা মই যিটো ডাঙৰ কথা শিকিলোঁ, সেইটো হ’ল উদাৰতা। উদাৰতাটো সৰু থাকোঁতে শিকা বুলি ক’ব নোৱাৰি – পাছতহে দেখা যায়। সৰুৰ পৰা ডাঙৰ মানুহ কোনো কথা নাই সৱকে যিখিনি তেখেতে নিজে দিছিল বা সহায় কৰিছিল সেই উদাৰতাটো তেখেতৰ পৰা মই দেখিহে বহুত শিকিলোঁ। কোনোদিনেই আমাক কোৱা নাছিল উদাৰ হ’ব লাগে বুলি৷ সেইটো তেখেতৰ যিটো প্ৰভাৱ আছে, মই বহু কৃতজ্ঞ বুলি ক’ব পাৰোঁ। মাৰ পৰা যিটো আহিছে সেইটো মোৰ কাৰণে ডাঙৰ কথা। তাৰপাছত মাৰ দুটামান কথা কওঁ। 

মই যেতিয়া আমেৰিকালৈ প্ৰথম ১৯৮৩ চনত আহোঁ, তেতিয়াতো চিঠিহে, ইণ্টাৰনেট হোৱা নাই। চিঠিত তেওঁ দাইল কেনেকৈ ৰান্ধিব লাগে, মাংস কেনেকৈ ৰান্ধিব লাগে সেইবিলাক লিখি লিখি ৰেচিপি পঠিয়াই দিয়ে, সেইবিলাক মোৰ এতিয়াও আছে। 

আমি যেতিয়া ডাঙৰ হ’লোঁ তেতিয়া মাক কওঁ যে আমি যিহেতু ডাঙৰ হ’লোঁ, ত‌ই কি কৰিবি? ত‌ই কিবা এটা কৰ। মাৰ লগত বন্ধুৰ দৰে, মই মাক জোকাই জোকাই কৈ থাকোঁ। কিতাপ-চিতাপ নিলিখ কিয়? ৬০/৭০ বছৰ মান বয়সত তেখেতে তিনিখন কিতাপ মানে সৰু ল’ৰা-ছোৱালীৰ বাবে লিখা কিতাপ এতিয়াও আছে। (কিতাপকেইখন দেখুৱাই) দেখিছানে, তিনিকুৰি দহটা বাৰে মিহলি সাধু এখন, এইখন এখন হ’ল দেশ বিদেশৰ সাধু, আৰু এইখন হ’ল ডাঙৰ মানুহৰ স্মৰণীয় কাহিনী। আৰু এটা কথা কওঁ তুমি গম পাই বৰ আচৰিতো হ’বা ভালো পাবা, তেখেতৰ আকৌ আমাৰ সৌৰভ কুমাৰ চলিহাৰ (সুৰেন্দ্ৰ নাথ মেধি) লগত খুব ভাল আছিল। লিখি থাকোঁতে তেখেতক দেখুৱায়, তেখেতে তেতিয়া চাই দিয়ে – এখন কিতাপত তেখেতে পাতনি লিখিছিল, নাম দেশ বিদেশৰ সাধুডাঙৰ মানুহৰ স্মৰণীয় কাহিনীত পাতনি লিখিছিল সাহিত্যিক শীলভদ্ৰই ৷ শীলভদ্ৰ হ’ল ছদ্মনাম – তেখতৰ নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী৷ ৰেৱতী খুড়া আমাৰ দেউতাৰ লগত একেলগে গণিত পঢ়া – তেখেত অসম অভিযান্ত্ৰিক মহাবিদ্যালত গণিতৰ অধ্যাপক আছিল৷ মাৰ লগত দুয়োগৰাকীৰ মানে খুব ভাল মাত আছিল বুলি ক’ব পাৰি। সদায়, আগৰ পৰা আছে। আৰু এটা আমোদজনক ঘটনা কওঁ, বহুতে নাজানে সেইটো, মাৰ বিষয়ে সৌৰভ কুমাৰ চলিহাই গল্প এটা লিখিছিল। মাৰ মানে আঙুঠি এটা হেৰাইছিল তাৰ ওপৰত গল্প এটা আছে।

মাতৃ প্ৰীতি মেধি

➤ কোনটো গল্প ছাৰ?

মেধিঃ গল্পটোৰ নাম মনত পৰা নাই। আঙুঠি হেৰুওৱাক লৈ লিখিছিল – আচলতে কাণৰ দুল হেৰাইছিল নে কি?

➤ ছাৰ, আপোনাৰ মাৰ কিতাপকেইখন পুনৰ প্ৰকাশ হৈছেনেকি? এতিয়া পোৱা যাবনে?

মেধিঃ এতিয়া আৰু প্ৰকাশ হৈছেনে নাই মই ক’ব নোৱাৰোঁ, মই চাওঁ ৰ’বা। এখন ২০০১ চনত ওলোৱা। তাৰ পাছত মই মাক জোকাই জোকাই লিখাৰ দৰে হ’ল। এখন ২০০৩, এখন ২০০৫। ২০০১ চনৰ পৰা ২০০৫ চনৰ ভিতৰত এইকেইখন। তাৰ পাছত তেখেতে লিখা নাই আৰু।

➤ যদি হোৱা নাই, কিতাপকেইখন অসমীয়া ৱিকিউৎসতে দিব পাৰে ছাৰ। সকলোৱে পঢ়িব পৰাকৈ উপলভ্য হ’ব।

মেধিঃ ৱিকিউৎসত দিব পাৰি। ভাল কথা। তোমাৰ আৰু এটা ভাল কাম হ’ব।

ককা তথা গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ সৈতে দীপ মেধি

➤ এতিয়া, সৌৰভ কুমাৰ চলিহাক কিধৰণে পাইছিল, সেয়া জানিব বিচাৰিম।

মেধিঃ সৌৰভ কুমাৰ চলিহাৰ কথা সুধিছিলা। তেখেতৰ লগত মোৰ সম্বন্ধ হ’ল, তেখেত মোৰ দেউতাৰ মামাক, বয়সত দেউতাতকৈ সৰু। কাৰণটো হ’ল দেউতাৰ মাক কাদম্বৰী মেধি, কালিৰাম মেধিৰ বৰজীয়ৰী আছিল৷ কালিৰাম মেধিৰ আৰু ৪/৫ জন সন্তান জন্ম হোৱাৰ পাছত মোৰ আইতাৰ মাক ঢুকাল। কালিৰাম মেধিৰ প্ৰথম এগৰাকী পত্নী, তেখেতে মানে পঢ়ি থাকোঁতেই ঢুকাল। তেখেতৰ লগত ল’ৰা-ছোৱালী নাছিল। দ্বিতীয় গৰাকী বিয়া কৰাৰ পাছত মোৰ আইতাৰ জন্ম হ’ল। তেখেতৰ মাক ঢুকুৱাৰ পাছত তিনি নম্বৰ বিয়াখনত তেখেতৰ পুতেক হ’ল সৌৰভ কুমাৰ চলিহা। তেখেতৰ জন্ম ১৯৩০ চনত হৈছিল। মোৰ দেউতাৰ জন্ম ১৯২৪ চনত। যেতিয়া দেউতাৰ জন্ম হয় মোৰ আইতাৰ বয়স ১৫ বছৰমান আছিল। গতিকে সেইটো বাল্যবিবাহ বুলি কয় নহয় জানো? দেউতা আৰু সুৰেন মেধি তেতিয়াৰ সময়ৰ মানুহতো, দেউতাই তেখেতক মামা বুলি মাতে, তেখেতে দেউতাক ভাগিন বুলি মাতে, নাম কাঢ়ি নামাতে। সম্পৰ্ক হিচাপে মাতে। তেখেত ইংলেণ্ডলৈ গৈছিল, জাৰ্মানীত পঢ়িবলৈ গৈছিল।

ইংলেণ্ডত ঘটা দেউতা আৰু তেখেতৰ ঘটনা এটা কওঁ। লণ্ডনত তেখেত দুগৰাকী এদিন ওলাই ক’ৰবাত ফুৰিবলৈ গ’ল। পাছবেলা আহি ভাগৰ লাগিলত ভাবিলে চাহ খাওঁ, গতিকে কেটলিটো পানী উতলাবলৈ গেছৰ ষ্ট’ভত লগাই দিছিল। দুইজনৰ ভাগৰ লগা কাৰণে টোপনি আহি শুই গ’ল। কিছু সময়ৰ পাছত দেউতা কাপ কাপকে উঠিছে, উশাহ ল’ব পৰা নাই। দেউতাই দেখে যে মোমায়েক ওচৰত আছে। তেখেতৰ মানে আৰু বেয়া অৱস্থা। কোনোমতে তেখেতক টানি ৰূমৰ পৰা বাহিৰত দুইজন ওলাল। পাছত গম পালে যে গেছ ষ্ট’ভটোৰ মানে জুইটো গুচি গৈ গোটেই ৰূমটো কাৰ্বন মনক্সাইডেৰে ভৰ্তি হৈ গ’ল। শোৱাৰ কাৰণে খিৰিকীখন খোলা নাছিল। গতিকে তেখেতলোক আৰু হয়তো পাঁচ মিনিট মান থকা হ’লে দুইজনেই মৰিলেহেঁতেন। ম‌ই হয়তো আজি তোমালোকৰ লগত কথা পতাৰ সুযোগ নাপালোঁহেঁতেন। তেখেতে সেইটো সময়ত অকল হয়তো অশান্ত ইলেক্ট্ৰনেই লিখিছিল। বাকীবিলাক গল্প তাৰপৰা অহাৰ পাছতহে লিখিছিল। গতিকে আমি হয়তো আৰু একো নাপালোঁহেঁতেন। সেই ঘটনাটো সঁচা বুলি জানো কাৰণ দেউতাই মোক নিজে কোৱা। 

মই সৰুৰে পৰা তেখেতক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল বুলি জানো। ম‌ই আগতে জালুকবাৰীত থাকোঁতে তেখেতৰ তালৈ চাইকেল মাৰি যাওঁ। তেখেতৰ লগত চাহ খাবলৈ যাওঁ, আড্ডা মাৰিবলৈ যাওঁ, বহুত কিবাকিবি কথা পাতোঁ। তেখেতৰ লগত যদিও ম‌ই যাওঁ, তেখেতেও জানে, আমাৰ এটা নিয়মপ্ৰণালী আছিল বুলি ক’ব লাগিব। মই তেখেতক কেতিয়াও আপুনি কিবা নতুন গল্প লিখিছে নেকি বুলি নোসোধোঁ। মই সোধোঁ, সৌৰভ চলিহাই এটা নতুন গল্প লিখি আছে নেকি। তেখেতে ক’ব, এহ্ লিখা নাই নেকি, লিখিছে নেকি, কিবা এটা হৈ আছে – এনেকৈ আমি তৃতীয় পুৰুষত পাতোঁ। এইটো এটা আমাৰ ক’ড বুলি ক’ব পাৰি। মই যেতিয়া উচ্চতৰ মাধ্যমিকত পদাৰ্থবিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া তেখেতে ৰিচাৰ্ড ফাইনমেনৰ Lectures in Physics অৰ নিজৰ কপিটো মোক দি দিলে। মইতো তেতিয়াই পঢ়ি অবাক যে এনেকৈ পদাৰ্থবিজ্ঞানৰ কিতাপ এখন মানুহ এজনে কেনেকৈ ইমান সুন্দৰকৈ লিখিব পাৰে। পাঠ্যপুথি বিশেষকৈ। মই কেতিয়াও ভবা নাছিলোঁ। সেইটোৰ এটা প্ৰভাৱ পৰিল মোৰ ওপৰত। পাছলৈ মই যেতিয়া নিজৰ কিতাপ লিখিলোঁ সেইটো সদায় মনত ৰাখিলোঁ যে যদিও পাঠ্যপুথিজাতীয় হয়, পাঠ্যপুথি একেবাৰে ৰস নথকাকৈ লিখা উচিত নহয়। তাত অলপমান গল্প-চল্প দি, বেলেগ বেলেগ কথা দিব‌ লাগে যাতে ছাত্ৰ-ছাত্ৰীৰ পঢ়িবলৈ ভাল হয়। 

লণ্ডনত থকা সময়ত জ্যোতিপ্ৰসাদ মেধি (বাঁওফালে) আৰু সুৰেন্দ্ৰনাথ মেধি (সোঁফালে) : এখন আপুৰুগীয়া আলোকচিত্ৰ

আৰু কি ক’ম…! তেখেতে যে ছদ্ম নামত লিখিছিল, মোৰ দেউতা হয়তো সেইটো প্ৰথম জনাকেইজনৰ ভিতৰত আছিল। (প্ৰথম ৪-৫ জন মানৰ ভিতৰত) কাৰণ তেখেত খুব ঘনিষ্ঠ বুলি ক’ব পাৰি। হয়তো অশান্ত ইলেক্ট্ৰন কিতাপখনত উছৰ্গাত নামেই লিখা আছে ভাগিনলৈ বুলি। ভাগিন মানে দেউতাৰ কথা। আৰু এখন মোৰ মালৈও দিয়া যেন পাইছোঁ। কোনোবা এখন তেখেতে দিছে। মাৰ লগত তেখেতৰ ভাল, আগৰ পৰা বন্ধু হয়। চিনাকি এটা আছিল। বেছ ৰসাল মানুহ। কিন্তু তেখেত ‘shy of any publicity’, কেতিয়াও তেখেতে প্ৰচাৰ বিচৰা নাই। মোৰ এতিয়াও মনত আছে তেখেতে কোৱা৷ হয়তো উইলিয়াম মেগৰৰ অসম ভেলি লিটাৰেৰি এৱাৰ্ডত, তেখেতে গৈ প্ৰথম শাৰীত বহি আছে। (হাঁহি) তেখেতে নিজেই মোক কোৱা। কৈছে মইতো বহি আছোঁ, চাওঁ সিহঁতে কি কৰে। কোনোবাই যদি কয়, মইতো নকওঁ মই নিজে নহওঁ বুলি। (হাঁহি) সেইটো তেখেতে নিজেই মোক কোৱা মনত আছে।

➤ তেখেতে ভাষণটো দিছিল নে, বঁটাৰ?

মেধিঃ নিদিলে। কাৰণ তেখেততো সুৰেন মেধি, তেখেততো সৌৰভ কুমাৰ চলিহা নহয়। আগতে গালি পাৰি চিঠি লিখে আপোনালোকে কাকতত দিছে? মই সুৰেন মেধি, সৌৰভ কুমাৰ চলিহা নহয়। কোনোবাই যদি কাকতত লিখে সৰ্বনাশ আৰু। তেখেতে এখন দীঘল চিঠি দিব। মই সৌৰভ কুমাৰ চলিহা নহয় মই সুৰেন মেধিহে। 

➤ ছাৰ, তেখেতে ফটোও নুঠে বুলি শুনিছিলোঁ। ঘূৰি দিয়ে বুলি শুনিছিলোঁ।

মেধিঃ মোৰ লগত দুখনমান ভাল ফটো তুলিছিলোঁ। তোমাক দিব পাৰোঁ। এখন মোৰ লগত আছে। মোৰ লগত একো সমস্যা নাই। আমেৰিকাৰ পৰা কেমেৰা লৈ যাওঁতে ক’লে, “ঠিক আছে, তই লৱ যদি ল”। তুমি ঠিকেই কৈছা, ফটো ল’বলৈ নিদিছিল আগতে, মূৰটো ঘূৰাই দিয়ে। 

➤ ছাৰ আৰু আপোনাৰ লগত গল্প সম্পৰ্কে কিবা আলোচনা কৰিছিল নেকি?

মেধিঃ সেইবিলাক তেখেতে কেতিয়াও নকয় কি লিখি আছে, মোৰ মনত নাই তেখেতে কোৱা।

➤ ছাৰ তেখেতে এখন কিতাপ লিখিছে চিন্তাৰ বেগ কিমান বুলি, সেইখন পঢ়িছোঁ, খুব ভাল।

মেধিঃ ওম, সেইখন খুব ভাল কিতাপ।

➤ এখন তৰংগক লৈও লিখিছে নেকি?

মেধিঃ মই আমেৰিকালৈ অহাৰ পাছত তৰংগক লৈও লিখিব পাৰে হয়তো, গতিকে মই নাজানো। কিন্তু ‘চিন্তাৰ বেগ কিমান’ কিতাপখন মই জানো। বিশেষকৈ সেই প্ৰবন্ধটো, সহজ সাধাৰণ কথা এটা কি সুন্দৰকৈ তেখেতে বৰ্ণনা কৰিছে নহয়। আৰু এটা কথা তুমি গম পোৱা নে নাই ক’ব নোৱাৰোঁ, বহুতে হয়তো তেখেতৰ লিখাৰ ওপৰত বিশ্লেষণ কৰে, তেখেতৰ গল্পৰ শৈলী, লিখাৰ শৈলীটো একদম সাধাৰণ আছিল। তাত কোনো জটিল শব্দ ব্যৱহাৰ নকৰিছিল। মানে তুমি আৰু মই কথা পাতি থকাৰ দৰে।

➤ হয় হয়, তেনেকুৱা। অকস্মাৎ (abruptly) আৰম্ভ হয় ।

মেধিঃ ঘপহকৈ আৰম্ভ হ’ব একদম, জটিল কথা একো নাছিল। গতিকে চিন্তাৰ বেগ কিমান বোলা প্ৰবন্ধটো তেনেকুৱাই। 

➤ তেখেতৰ গল্পবিলাকত বিজ্ঞান আৰু গল্পৰ প্ৰভাৱো খুব আছিল।

মেধিঃ বহুত প্ৰভাৱ আছিল। ষ্টাইলিষ্টিক বুলি ক’ব পাৰা। 

➤ আৰু কেইটামান জ্যামিতিৰ দৰে গল্প আছে, সেইকেইটাও মজা।

মেধিঃ সেইকেইটাটো সাংঘাতিক। তেখেতৰ চিন্তাধাৰাটো ধৰিবলৈ মানে বৰ টান কাম। 

➤ ঘৰুৱা ঘটনা বুলিও এটা আছে, সেইটোও সাংঘাতিক।

মেধিঃ ঘৰুৱা ঘটনা এটা, তাৰপাছত জাহাজত বুলি এটা আছে, সেইটোও সাংঘাতিক গল্প বুলি ভাবোঁ। অঁ, মনত পৰিল, মাৰ গল্পটোৰ নাম হ’ল ’ইৰা’। মাৰ নাম মীৰা  – মীৰা নিদি ইৰা দিলে গল্পৰ নামটো।

➤ নামনি ভাষাত লিখিছে নেকি এইটো?

মেধিঃ অঁ ইৰাটো নামনি ভাষাত লিখা, পঢ়িছা তুমি। (হাঁহি) 

➤ পঢ়িছোঁ। মাৰ ঘৰ ক’ত আছিল?

মেধিঃ মাৰ ঘৰ মানে মোৰ ককাদেউতাৰ ঘৰ উত্তৰ গুৱাহাটীত। মা গুৱাহাটীতে হেপীভিলাত ডাঙৰ হোৱা।

➤ ছাৰ আপুনি ২০২০ চনত সৌৰভ কুমাৰ চলিহাৰ যিটো ৱেবিনাৰ চিৰিজ আৰম্ভ কৰিছিল, সেইটোত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল। সেইটো কেনেকৈ মনলৈ আহিছিল আৰু আগলৈও কৰাৰ পৰিকল্পনা আছেনেকি?

মেধিঃ এইটো ভাল প্ৰশ্ন। এইটো মই ক’ব লাগিব যে মই যেতিয়াৰ পৰা তেখেতক জানিছিলোঁ, তেতিয়াৰ দিনৰ পৰাই তেখেতে সদায় কৈ থাকে, বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কেনেকৈ কিবা কৰিব পাৰোঁ। সেইটো কৰিব পাৰিলে ভাল, কাৰণ বহুত কথা সকলোৱে জনাৰ সুযোগ নাপায়। গতিকে মই ভাবিলোঁ মহামাৰীৰ সময়তে কিবা এটা কৰোঁ। সেয়ে দুই চাৰিজনৰ লগত অলপ কথা পাতি ৱেবিনাৰ চিৰিজ এটা আৰম্ভ কৰিলোঁ। বেলেগ বেলেগ বিষয় লৈ, কিন্তু খুব আনুষ্ঠানিক কৰিব খোজা নাছিলোঁ। গতিকে অনানুষ্ঠানিক শৈলীটো মূলতঃ সৌৰভ কুমাৰ চলিহাৰ পৰাই আহিছে। আৰু মই আমেৰিকাত আহি কিছুমান কথা অনানুষ্ঠানিক শৈলীতে কৰিছোঁ। সেইকাৰণে মই ভাবিলোঁ চিধা বক্তৃতা দিয়াতকৈ মই যদি অন্তৰংগ আলাপ জাতীয় কৰোঁ, হয়তো কোনোবাই আকৰ্ষণীয় পাব পাৰে। গতিকে এনেকৈ মই কিবা এটা কৰোঁ বুলি বেলেগ বেলেগ ব্যক্তিক মাতি সুধিলোঁ, কৰিলোঁ, যিমানদিনলৈকে পাৰিলোঁ কৰিলোঁ। তাৰ পাছত মহামাৰীৰ শেষৰ ফালে দেখিলোঁ যে মোৰ অলপমান সময়ৰ কম হ’ল। গতিকে মই সেইটো বন্ধ কৰিলোঁ। কিন্তু মই আৰু এটা কথা ভাবি আছোঁ এতিয়া, হোৱা নাই কাৰণে নকওঁ। সৌৰভ কুমাৰ চলিহাৰ যোগেদিয়ে হ’ব, অলপ বেলেগ ধৰণে, আগৰ ৱেবিনাৰ জাতীয় নহয়। গতিকে সেইটো মই কৰিব লাগিব। কৰিলে তোমালোকৰ সহায় ল’ম মই বেলেগ ধৰণে, সেইটো তেতিয়া ক’ম। (হাঁহি) আৰু এটা কাৰণে এইটো তোমালোকক কৈছোঁ, কিছুমান কথা ইংৰাজীত থাকিব, কিন্তু মই সদায় ভাবোঁ যে কিছুমান কথা অসমীয়াত থকাটোও দৰকাৰ, সেইবোৰ অনুবাদ কৰাটো দৰকাৰ। অসমৰ এতিয়াও হয়তো ৮০% য়ে ইংৰাজী নাজানে, জানিলেও খুব কম জানে বা বুজি পাই। মই কিছুমান কথা যেনেকৈ সৰুতে অসমীয়াত অনুবাদ কৰাৰ কাৰণে পঢ়িলোঁ। যেনেকৈ হাও গ্ৰীণ ৱাজ মাই ভেলী, আকৌ কবিতা যিবিলাক অনুবাদ কৰিছে, সেইবিলাকৰ পৰা আমি শিকিলোঁ বহুত কথা নহয় জানো? অনুবাদ কৰাৰ কাৰণেহে হৈছিল। গতিকে মই ভাবোঁ সেইক্ষেত্ৰটো আমি অলপ বিজ্ঞানভিত্তিক ক্ষেত্ৰখনতো কৰিব পাৰোঁ। আৰু এজনে মোক অসমীয়াত সৰু সৰু বিজ্ঞানৰ কথা লিখিবলৈ কৈ আছে। মোৰ অসমীয়াত লিখাৰ অভ্যাস ইমান আগৰ দৰে নাই। গতিকে মই কিবা এটা ভাবি আছোঁ, কৰিব লাগিব।

➤ আপুনি সৰুতে কিবা গল্প-কবিতা আদি লিখিছিল নেকি?

মেধিঃ কবিতা লিখা মানুহ বুলি তুমি মোক ভাবিছা নেকি? (হাহাহা) নাই, মই কবিতা লিখা নাই। সৰুতে গল্পও লিখা নাছিলোঁ। কিন্তু কটন কলেজত থাকোঁতে কটনিয়ানত মোৰ তিনিটামান ওলাইছিল। তাৰে এটা মই উদ্ধাৰ কৰা বুলিয়ে ক’ব লাগিব। আমাৰ কলেজৰে বন্ধু জেবিন আহমেদ বুলি, তেখেত কটনৰ গ্ৰন্থাগাৰিক হ’ল এসময়ত। তেখেতে অৱসৰ গ্ৰহণ কৰিলে। জেবিন আহমেদক মই ক’লোঁ যে, পুৰণা কটনিয়ানৰ কপি আছেনে নাই, যদি আছে কেনেবাকৈ মোৰ প্ৰবন্ধটো উলিয়াব পাৰা নেকি? তেখেতে বিচাৰি উলিয়ালে। অঁ, এইটো মোক সৌৰভ কুমাৰ চলিহাই চাই দিছিল দেই। তেখেতে নিজে পঢ়ি মন্তব্য দিছিল। আৰু মই মেট্ৰিক দিয়াৰ পাছত ১৯৭৬ চনত ঘৰত বহি থাকোঁতে, মোৰ টেনিছত খুব আগ্ৰহ, উইম্বলডনৰ ওপৰত মই ডাঙৰ প্ৰবন্ধ এটা লিখিলোঁ। লিখি মই তেখেতলৈ লৈ গ’লোঁ। ক’লোঁ, আপুনি পঢ়ি চাই দিয়ক। পঢ়ি লৈ তেখেতে ক’লে যে এইকেইটা অমুক কৰ তমুক কৰ। তেতিয়া প্ৰণৱজ্যোতি ডেকাৰ মাহেকীয়া আলোচনী এখন আছিল। তাতে প্ৰকাশ পাইছিল। আলোচনীখনৰ নামটো পাহৰিছিলোঁ কিন্তু বন্ধু এজনে মনত পেলাই দিলে ’মনোৰঞ্জন’, মোৰ ওচৰত কপিও নাই। তাৰ বাহিৰে মই তেনেকৈ লিখা নাই। গল্প লিখা নাই এতিয়ালৈকে। গল্পৰ দৰে লিখিছোঁ বুলি ক’ব পাৰি। দিলীপ দত্তৰ কথা আগতে কৈছোঁ, তেখেতৰ ওপৰতো প্ৰবন্ধ লিখিছোঁ। লুইতৰ পৰা মিছিছিপিত ওলাইছিল।

➤ দিলীপ দত্ত ছাৰক স্নাতকোত্তৰৰ সময়ত যে পাইছিল, তাৰ পাছতো লগ পাইছিল নেকি?

মেধিঃ তাৰ পাছত মই নিউ জাৰ্ছিত কাম কৰি থাকোঁতে ছাৰৰ ঘৰলৈ গৈছোঁ। তাৰ পাছত ফোনতো যোগাযোগ কৰিছিলোঁ কিন্তু তেখেতৰ জীৱনৰ শেষৰ পোন্ধৰ-বিশ বছৰমান মোৰ যোগাযোগ কমি গ’ল। তেখেতে ঢুকাওঁতে যি শ্ৰাদ্ধ হৈছিল, তালৈ গৈছিলোঁ।

➤ ছাৰ বেলেগ এটা প্ৰসংগলৈ আহিছোঁ, অসমৰ অন্যতম বিজ্ঞানী, ডঃ জিতেন্দ্ৰনাথ গোস্বামীক আপুনি কেনেদৰে লগ পাইছিল? তেখেতৰ সৈতে থকা অভিজ্ঞতা সম্পৰ্কে কওকচোন।

মেধিঃ তেখেতক মই জানো। তেখেতৰ পত্নী হ’ল নন্দিতা কটকী। তেখেত গণিতৰ, কটনত আমাতকৈ এবছৰ আগত আছিল। গতিকে তেখেতক মই কটনৰ পৰাই চিনি পাওঁ। নন্দিতাৰ লগত তেখেতৰ বিয়া হ’ল। নামটো শুনিছোঁ আগতে। তেখেতক মই মুখামুখিকৈ লগ পোৱা নাই। কিন্তু মোৰ ভাইটি আৰু মই ১৯৮০ চনত হায়দৰাবাদৰ ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ গৈছিলোঁ। তাত যুৱ বিজ্ঞানীৰ বঁটা বুলি জিতেন গোস্বামীৰ নামটো ঘোষণা কৰিছে, তাতে মই প্ৰথম তেখেতৰ নাম শুনিছোঁ। তেখেতক লগ নাপালোঁ। আমি কটনত পঢ়ি থকা সময়ত গৈছিলোঁ বাবে চিনিও নাপাওঁ, তেখেতে বঁটাটো লৈ গুচি গ’ল। তাতে প্ৰথম মই দেখা। তেখেতে তেতিয়া হয়তো ইতিমধ্যে ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰীত কাম কৰি আছে। নন্দিতাৰ লগত বিয়া হোৱাৰ পাছত অলপ সংযোগ হৈছে। তেখেত আমেৰিকাত জ্যোতিপদাৰ্থবিজ্ঞানত গৱেষণা কৰিবলৈ মাজে মাজে আহিছিল৷ গতিকে আগতে আমেৰিকালৈ আহিলে তেখেতৰ লগত ফ’নত কথা পতা হয়। চন্দ্ৰায়ন-১ তো কাম কৰিলে। আৰু ভাৰতলৈ প্ৰথম, মানে অসমীয়া মানুহলৈ, ১৯৯০ চনমানত, মই দিয়া প্ৰথম ই-মেইলটো আছিল জিতেন্দ্ৰনাথ গোস্বামীলৈ। তাৰ পাছত অলপতে তেখেতক লগ পালোঁ গুৱাহাটীত। তেখেত বৰ্তমান আহমেদাবাদত থাকে।

➤ আপুনি আজৰি সময়ত কি কৰি ভাল পায়?

মেধিঃ আজৰি সময়ত মোৰ মানে আগৰপৰাই খেলত ৰাপ। আগতে ফুটবল, ক্ৰিকেট খেলিছিলোঁ সৰুতে। ডাঙৰ হোৱাৰ পাছত মোৰ সেইটো খেলা নহয়। কিন্তু খেল চোৱাতো মোৰ এটা ডাঙৰ হেঁপাহ। ২০০৭ চনত মই বিশ্বকাপ ক্ৰিকেট ট্ৰিনিডাডত চাবলৈ গৈছিলোঁ। ২০১৪ চনত মই যেতিয়া ব্ৰাজিলত কাম কৰি আছোঁ, তেতিয়া বিশ্বকাপ ফুটবল চাবলৈ গ’লোঁ। আৰু মই ক’লোঁৱেই টেনিছত মোৰ ৰাপ, উইম্বলডনৰ প্ৰবন্ধ লিখা মানুহ মই। উইম্বলডনো চাবলৈ গৈছোঁ, ফ্ৰেন্স অপেনো চাবলৈ গৈছোঁ, অষ্ট্ৰেলিয়াতো গৈছোঁ। এনেকৈ খেল চোৱাৰ হেঁপাহ এটা আছে। আৰু মই আমেৰিকান ফুটবল খুব চাওঁ। খেলা হিচাপে ইয়াত স্কোৱাছৰ দৰে খেল এটা আছে, ৰেকেটবল (racquetball) বুলি কয়। স্কোৱাছ আগতে খেলা নাছিলোঁ মই, কেন্সাচ চিটীত অহাৰ পাছৰ পৰাহে ৰেকেটবল খেলিছোঁ। পিছে বন্ধ কৰা ১০-১৫ বছৰমানেই হ’ল। নতুনকৈ পিকল বল বুলি খেলা এটা আছে, খেলিছোঁ, এইটোৰ ক’ৰ্টখন টেনিছতকৈ সৰু। বলটো প্লাষ্টিকৰ বলৰ দৰে। গতিকে সেইবিলাক খেলত আগ্ৰহ মোৰ আগৰ পৰাই আছিল। পঞ্চম শ্ৰেণীলৈকে মই মোৰ সৰু ল’ৰাটোৰ ফুটবল দলৰ প্ৰশিক্ষক আছিলোঁ। সেইটো মানে আজৰি সময়ত খেলা দল।

দ্বিতীয়তে মোৰ চিনেমা চোৱাৰ আগৰ পৰাই ইচ্ছা। দিল্লীত থাকোঁতে আমি ৰাতি সদায় চিনেমা চাবলৈ যাওঁ। এতিয়াও চিনেমাহলত গৈ চিনেমা চাওঁ। এতিয়া অপেনহাইমাৰ চাই আহিলোঁ ধৰা, চিনেমাহলৰ ডাঙৰ আইমেক্সৰ পৰ্দাত চাই আহিছোঁ (হাঁহি)। আমাৰ মুভী ক্লাবৰ ডিচকাচন গ্ৰুপ এটা আছে। মাহত লগ হয়, সেইটোত মই যাওঁ। চাৰিখনমান পাঁচখনমান কি কি চাব লাগে মাহত, আমি গ্ৰুপকেইটাত গৈ আড্ডা মাৰোঁ। আজিকালি নেটফ্লিক্স আদিতো চাওঁ, ক’ৰবাৰ পৰা সময় উলিয়াওঁ আৰু। কিতাপ আগতে বহুত পঢ়িছিলোঁ, কিন্তু কিতাপ পঢ়াৰ সময় আৰু আগ্ৰহ মোৰ বহুত কমি গ’ল আগতকৈ। তথাপিও মই সময় পালে দুই-চাৰিখন কিতাপ পঢ়িবলৈ চেষ্টা কৰোঁ। মাজতে লিখা সৰু-সুৰা লেখাবোৰকো আজৰি সময়ৰ কাম বুলিব পাৰি। আকৌ ছবছৰমান আগতে মোৰ ফটগ্ৰাফিত আগ্ৰহ হ’ল। ডি এছ এল আৰ কেমেৰা এটা কিনিলোঁ।

➤ বঢ়িয়া হবি ছাৰ।

মেধিঃ (হাঁহি) অঁ এইটো মোৰ ভাল হবি। মই ভূটানত যাওঁতেও বহুত ফটো তুলিলোঁ। 

➤ ছাৰ, আপুনি যে ক’লে কিতাপো পঢ়িছিল বা পঢ়ে মাজে মাজে, চিনেমাও চায়, আপুনি নিজে পঢ়া পাঁচখনমান ভাল কিতাপ আৰু ভাল চিনেমা কেইখনমানৰ নাম ক’ব নেকি?

মেধিঃ (হাঁহি) বাপৰে বাপ, ডাঙৰ প্ৰশ্ন সুধিছা। এখন কিতাপৰ নাম হ’ল – The Most Powerful Idea in the World: A Story of Steam, Industry, and Invention, উইলিয়াম ৰ’জেন বুলি এজনে লিখিছে। এবাৰ সম্পৰ্কীয় ভণ্টি এগৰাকীয়ে মোৰ জন্মদিনত কিতাপৰ দোকানলৈ লৈ গৈ ক’লে, “let’s go to the bookstore. You pick a book”, তেতিয়া সেইখন দেখি ল’লোঁ। সেইখন সাংঘাতিক কিতাপ পঢ়িলোঁ। এইটোৱে তোমাৰ ঔদ্যোগিক বিপ্লৱৰ সংযোগ, বৈজ্ঞানিক উদ্ভাৱন, পেটেণ্টৰ ধাৰণা — এই গোটেইবিলাক কথা কেনেকৈ ঐতিহাসিকভাৱে আহিল, তাৰ ওপৰত গোটেই বিষয়বস্তুখিনি সামৰি লৈছে। সেইখন মোৰ কাৰণে ডাঙৰ কিতাপ বুলি ক’ব পাৰোঁ। 

আৰু কিছুমান কিতাপ যেতিয়া ভাল লাগে, আজিকালি কিণ্ডলত অনলাইন কপি এটা থৈ দিওঁ। আৰু এখন কিতাপ পঢ়িছিলোঁ, মেথিউ চায়েদৰ Rebel Ideas: The Power of Diverse Thinking, এইখন বৰ আকৰ্ষণীয় কিতাপ। এইখনৰ ধাৰণাটো অলপ বেলেগ ধৰণৰ। সেইখনত যুক্তি দিছে যে যিকোনো জটিল সমস্যা সমাধান কৰিবলৈ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ মানুহ লাগে, ভিন্নমুখী চিন্তাধাৰাৰ মানুহ লাগে। তাত এটা উদাহৰণ দিছে, তুমি যদি ৰিলে ৰেচ কৰা, ৪ x ১০০ মিটাৰ, সেইটো জটিল সমস্যা নহয়, সাধাৰণ সমস্যা। কাৰণ প্ৰত্যেকৰে লক্ষ্যটো একেটাই। তেতিয়া সৰ্বাধিক দূৰত্ব দৌৰিব পৰা মানুহ লোৱাই ভাল। কিন্তু যদি তুমি কোৱা নতুন জলবিদ্যুৎ প্ৰকল্প কৰিব লাগে তেতিয়া অসামৰিক অভিযন্তা লাগিব হয়, কিন্তু আজিকালিৰ দিনত পৰিস্থিতিবিজ্ঞানৰ কথা আছে, আঁচনিৰ কথা আছে, অকল অসামৰিক অভিযন্তাই যদি সিদ্ধান্ত লয়, সেইটো সঠিক নহ’বও পাৰে। গতিকে Rebel Ideaৰ মূলটো হ’ল যে জটিল সমস্যা এটা সমাধান কৰিবলৈ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ বিশেষজ্ঞ আনিলে সমাধানটো ভাল হয়। সেইটোৱেই কিতাপখনৰ মূলভাৱ।

আৰু এখন কিতাপ – Small Fry, সেইখন লিখিছিল লিচা ব্ৰেনান-জবছে। তোমালোকে হয়তো তেখেতৰ নাম শুনা নাই, কিন্তু ষ্টিভ জবছৰ নাম শুনিছা। লিচা ষ্টিভ হ’ল ষ্টিভ জবছৰ জীয়েক৷ জবছে লিচাৰ মাকৰ লগত এসময়ত ডেটিং কৰিছিল৷ তাইৰ জন্ম হোৱাৰ পাছত বহুত দিনলৈকে ষ্টিভ জবছে নিজৰ সন্তান বুলি স্বীকাৰ কৰা নাছিল। প্ৰথম যেতিয়া ডিএনএ টেষ্ট হৈছে, তেতিয়াহে ওলাইছিল যে তেখেত প্ৰকৃতাৰ্থত জবছৰ জীয়েক। গতিকে লিচাই দেউতাকৰ জীৱনৰ কাহিনী লিখাৰ দৰে কৈছে যে তেখেতে কেনেকৈ দেউতাকক জানিছিল। কিতাপখনৰ যিটো নাম- স্মল ফ্ৰাই, মানে সৰু মাছ ভজাৰ দৰে কথা। ষ্টিভ জবছে বোলে লিচাক স্মল ফ্ৰাই বুলি মাতিছিল। গতিকে অতুলনীয় বুলি যে কয়, প্ৰত্যাহ্বান আৰু সকলোবোৰ মানে ইমান সুন্দৰকৈ তেখেতে লিখিছে। কিন্তু লিখাৰ শৈলীৰ পৰা চাবলৈ গ’লে, সেইখন এখন সাংঘাতিক কিতাপ বুলি মই ভাবোঁ। 

চিনেমা অ’পেনহাইমাৰখন সাংঘাতিক। অপেনহাইমাৰৰ পৰিচালক ক্ৰিষ্টোফাৰ নলানৰ আৰু দুখনমান চিনেমা মই চাইছোঁ, এখন ইনচেপশ্বন আৰু এখন ইণ্টাৰষ্টেলাৰ। কি সাংঘাতিক চিনেমা। তেখেতে কিয় অস্কাৰৰ শ্ৰেষ্ঠ পৰিচালক পোৱা নাই সেইটোহে আচৰিত, মোৰ মতে তেখেত অপেনহাইমাৰৰ কাৰণে পাব লাগে (সাক্ষাৎ গ্ৰহণ কৰোঁতাৰ টোকা – তেখেতে পালে)। মই হিন্দী চিনেমা বহুদিন চোৱা নাই, কিন্তু শ্ব’লে খন চোৱা এতিয়াও মনত আছে। আৰু এখন অসমীয়া চিনেমাৰ কথা কওঁ, মই পুৰণিবোৰহে জানিম, তাৰে এখন মুকুতা। মুকুতাখন ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰিছিল। মোৰ মতে এইখন বৰ ভাল চিনেমা, মোৰ মনত লাগি যোৱা। মুকুতাত শিশু অভিনেত্ৰী আছিল মঞ্জুলা। তাই মোৰ সহপাঠী, মঞ্জুলা শইকীয়া। ভূঞা হ’ল বিয়াৰ পাছত। মঞ্জুলা আমেৰিকাত মোৰ তাত এবাৰ আহিছিল ফুৰিবলৈ। মই তাইক সুধিলোঁ, তোৰ মুকুতাখন আছেনে নাই। মোক কৈছে চিনেমাখনৰ কপি এতিয়া নায়েই বোলে ক’তো। ডক্টৰ বেজবৰুৱাখন ভাল বুলি কয় সেই সময়ত, কিন্তু মোৰ হিচাপত মুকুতাখন কাহিনী-কথনৰ দিশৰ পৰা ব্ৰজেন বৰুৱাৰ বেছি ভাল চিনেমা। অসমীয়া চিনেমা হিচাপে সেইখন মোৰ মনত আছে।

➤ ছাৰ, আপুনি বিদেশত অসমীয়া চিনেমা এতিয়া চাবলৈ পায়নে?

মেধিঃ আগতে পোৱা নগৈছিল কিন্তু আজিকালি নেটফ্লিক্সত পোৱা যায়। সিদিনাখন মই ‘মাজ ৰাতিৰ কেতেকী’ বুলি এখন চালোঁ। অলপতে এখন আহিছিল, ৰীমা দাসৰ ভিলেজ ৰক্‌ষ্টাৰছ। আৰু ভবেন শইকীয়াৰ এখন চিনেমা লেখত ল’বলগীয়া। তেখেত যেতিয়া পৰিচালক হৈছিল, আৱৰ্তন নে সন্ধ্যাৰাগখন বৰ ভাল লাগিছিল। আৰু অগ্নিস্নানখনো আছিল।

➤ অসমীয়া কিতাপ বা অনুবাদ কি কি পঢ়িছে?

মেধিঃ অসমীয়া কিতাপ সৰুতেতো বহুত পঢ়িছিলোঁ। অনুবাদৰ ভিতৰত মই কওঁ, আবুল লেইচে অনুবাদ কৰা হাও গ্ৰীণ ৱাজ মাই ভেলি। মোৰ এতিয়াও মনত আছে তেখেতে মোক নিজৰ কপিটো পঢ়িবলৈ দিছিল। তেখেত আমাৰ ঘৰৰ ওচৰত আছিল। মই পাছত ইংৰাজীখন পঢ়োঁ। মই তেখেতৰ জীয়েককো চিনি পাওঁ। মুমু তাইৰ নাম। মই তাইক কৈছোঁ, পাছতো কৈছোঁ যে অসমীয়া অনুবাদখন ইংৰাজীতকৈ বেছি ভাল। ইমান সুন্দৰকৈ মানে তেখেতে কৰিছে। সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ পঢ়িছোঁ। (হাঁহি) সেইটো পক্ষপাত বুলি ক’ব লাগিব। মই আৰু এখন কিতাপ আকৰ্ষণীয় পাইছিলোঁ, সেইখন হ’ল – ছাংলট ফেনলা, পৰাগ দাসৰ। সেইখন পৰাগে নিজে মোক দিছিল।

➤ আপুনি পৰাগ দাসক লগ পাইছিল নেকি? অভিজ্ঞতা কেনেকুৱা?

মেধিঃ পৰাগ আমাতকৈ স্কুল-কলেজত এবছৰ জুনিয়ৰ আছিল। কলেজিয়েট স্কুলৰ পৰাই চিনি পাওঁ, কটনতো পাওঁ, দিল্লীত থাকোঁতেও পাওঁ। গতিকে পৰাগৰ লগত মোৰ বিৰাট বন্ধুত্ব। পৰাগলৈ ইমেইল দিয়া সম্পৰ্কেও মই How I knew Parag Das বুলি প্ৰবন্ধ এটা লিখিছিলোঁ এটা সময়ত। লগ পোৱাৰ অভিজ্ঞতা বুলি ক’বলৈ গ’লে মই সৰুকালতহে পাইছিলোঁ। তাৰপাছত বুধবাৰ বুলি এখন সাপ্তাহিক উলিয়াইছিল, সেইখন তেতিয়া সি কৰি থাকোঁতে মোক খবৰ দিছিল যে এইখন মই কৰি আছোঁ। তেতিয়ালৈকে ওলোৱা নাই, সেইখিনিলৈকে জানো মই। আৰু মই প্ৰথম কেইবাৰমান আমেৰিকাৰ পৰা যেতিয়া ঘৰলৈ, গুৱাহাটীলৈ যাওঁ, তেতিয়া তাৰ তাত দুবাৰমান ভাত খাবলৈ গৈছোঁ। আৰু পৰাগৰ পুতেক, ৰোহনৰ লগতো মোৰ ভাল। আই আই আই টি গুৱাহাটীতে পিএইচডি কৰি তেওঁ এতিয়া ছিংগাপুৰত আছে। গতিকে পৰাগৰ লগত ভাল চিনাকি। তেতিয়াৰ পৰাই লিখাত খুব ভাল আছিল। তৰ্কত যোগদান দিয়া কেইবাবাৰো প্ৰথম হৈছিল। চিন্তাধাৰাবিলাক উৎকৃষ্ট, সেইটো ভাল আছিল। লগত আমি এনেই আড্ডা মাৰোঁ, মই লিখা-মেলা কৰা মানুহ নাছিলোঁ।

➤ আপোনাৰ লগত ৰাজনীতিৰ কথা পাতিছিল নেকি?

মেধিঃ ৰাজনীতিৰ কথা আমি পঢ়া দিনত খুব বেছি পতা হোৱা নাছিল। ৰাজনীতিলৈ তেখেত পাছতহে গ’ল, তেতিয়ালৈ মই আমেৰিকালৈ আহিলোঁ। গতিকে গুৱাহাটীত যাওঁতেই মই যেতিয়া তাৰ তাত ভাত খাবলৈ যাওঁ, প্ৰথমবাৰ, তাৰ পাছত দুবাৰ, তেতিয়া সি তাৰ কি সমস্যা হৈ আছে, সেইবিলাক কথা অলপ কৈছিল, মোৰ সবিশেষ মনত নাই। তেতিয়া বাতৰিকাকত ওলাইছিলতো, গতিকে তাৰ লগত ৰাজনীতিৰ কথা তেতিয়াহে পাতিছোঁ।

➤ সম্পূৰ্ণ অৱসৰৰ পাছত ভৱিষ্যতে আপুনি পুনৰ স্থায়ীভাৱে অসমলৈ অহাৰ পৰিকল্পনা আছে নেকি?

মেধিঃ (হাঁহি) ভাল কথা সুধিছা। অস্থায়ীভাৱে অহাৰ পৰিকল্পনা আছে। স্থায়ীভাৱে অহাৰ কথা ভবা নাযায়। বহুত কাৰণ আছে। মই অসমৰ পৰা চল্লিছ বছৰ বাহিৰত থকাৰ পাছত, যদিও মোৰ অসমলৈ এটা টান আছে, সেইটো মোৰ থাকিবই সদায়। কিন্তু ১২ মাহ বা ৩৬৫ দিন থকাকৈ যাবলৈ মোৰ নিজৰে ক্ষমতা আছে নে নাই বুলি ক’ব নোৱাৰোঁ। কাৰণ, মই ইয়াত ধৰা ৰন্ধাৰ পৰা, কাম কৰাৰ পৰা বহুতভাৱে স্বাৱলম্বী বুলি ক’ব পাৰি। মই কাৰো ওপৰত নিৰ্ভৰশীল নহয়। (হাঁহি) গতিকে তাত গ’লেতো সহায়কাৰী লাগিবই নহয়। আৰু গুৱাহাটীৰ ট্ৰেফিক দেখিলে এসপ্তাহৰ পাছত আৰু মোৰ থাকিবলৈ মন নাযায়।

➤ ছাৰ আপোনাৰ জীৱনত পৰিবাৰৰ প্ৰভাৱৰ বিষয়ে জনাব নেকি?

মেধিঃ মই পিএইচডি কৰি থাকোঁতে তেখেতক, নাম হ’ল ক্যেৰেণ, প্ৰথম লগ পালোঁ ১৯৮৪ চনত৷ আমি একেসময়তে পিএইচডি কৰিছিলোঁ। মই ক্যেৰেণৰ পৰা যিমানবোৰ কথা শিকিলোঁ, চমুকৈ বুজাবলৈ টান। Her thinking was very sharp, প্ৰত্যেকটো কথা তেখেতে খুব সুন্দৰকৈ চিন্তা কৰে। মোৰ পিএইচডি পৰ্যায়ত, তাৰ পাছতো দৈনিক হিচাপ আদিত তেখেতৰ পৰা বহুত কথা শিকিলোঁ। খুব কিতাপ পঢ়িছিল৷ (অলপ ৰৈ) প্ৰভাৱ বুলি তুমি সুধিছাতো, মোৰ ওপৰত বহুত প্ৰভাৱ আছিল – She made me a sharper thinker.(।) ক্যেৰেণৰ পৰাও বহুত উদাৰতা শিকিলোঁ৷ সিমানেই কৈছোঁ দিয়া। 

➤ ঠিক আছে ছাৰ। এতিয়া বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক আপুনি কি পৰামৰ্শ দিব?

মেধিঃ মই কি পৰামৰ্শ দিম (হাঁহি)। কথা হ’ল স্নাতকোত্তৰ কৰিব খুজিছেনে পিএইচডি কৰিব খুজিছে। সেই দুটাৰ মাজত ডাঙৰ তফাৎ আছে। স্নাতকোত্তৰ মানে এমএছচি বা এমএছ কৰিবলৈ যোৱা মানে চাকৰিৰ কাৰণে যোৱা হয়। সেইটোৰ বহুত সুযোগ আছে। কিন্তু পিএইচডিৰো বহুত সুযোগ-সুবিধা আছে, বহুত নতুন নতুন কাম হৈ আছে, যিবিলাক কেৱল শিক্ষকতা কৰিবলৈকে বুলিয়ে নহয়। মোৰে এতিয়া ১৭ জন পিএইচডি কৰাৰ ভিতৰত ৩ জন নে ৪ জনহে শিক্ষকতাত গৈছে, বাকীকেইজন ঔদ্যোগিক ক্ষেত্ৰত, গৱেষণা আৰু উন্নয়ন প্ৰয়োগশালাত (R & D Lab) বা এনেধৰণৰ কামত গৈছে। গতিকে বেলেগ বেলেগ পথ আছে, যিটো হয়তো স্নাতকোত্তৰ পৰ্যায়ত নাপাবও পাৰে। পিএইচডি কৰি গৱেষণা আৰু উন্নয়ন জাতীয় প্ৰতিষ্ঠানত কাম কৰিলে কম্পিউটাৰ বিজ্ঞানত সুবিধা হয়। সেইফালৰ পৰা আৱেদন কৰিবলৈ যিবিলাকে আগ্ৰহ কৰে, কৰাৰ বহুত বাট আছে বুলি ক’ব পাৰি‌। যদি আমেৰিকাত আৱেদন কৰিবলৈ খোজে, তেতিয়া সামগ্ৰিকভাৱে কেৰিয়াৰটো ভাল হ’ব লাগিব। সৱতে ৯৯ পাব লাগিব বুলি নহয়, কাৰণ আমি সাধাৰণতে কওঁ যে যিবিলাক ল’ৰা-ছোৱালীয়ে সাধাৰণতে পিএইচডিৰ গৱেষণা কৰে ‘not necessarily they are the best in getting highest marks in exams’। কাৰণ পিএইচডিৰ চিন্তাৰ ধৰণটো বেলেগতো। গতিকে যিটো চিন্তাধাৰা গৱেষণাৰ কাৰণে লাগে, সেইটোৰ বাবেহে বেকগ্ৰাউণ্ডটো চাওঁ। গতিকে কোনোবাই যদি কম্পিউটাৰ বিজ্ঞানত পিএইচডি কৰিব খুজিছে, তেখেতসকলে স্নাতক বা স্নাতকোত্তৰত বিষয় কিছুমান বাৰু ল’লেই। কিন্তু অলপমান গৱেষণাত আগ্ৰহ থাকিব লাগে। কৌতূহলো থাকিব লাগে।

➤ ছাৰ আপুনি পাঠ্যপুথি দুখন লিখিছে। সেইকেইখন কেতিয়া, কেনেকৈ বা কাৰ সৈতে লিখিলে সেইখিনি কথা যদি অলপমান কৈ দিয়ে ভাল লাগিব।

মেধিঃ সেইবিলাক মই টোপনিতে লিখা যেন লাগে এতিয়া ভাবিলে। (হাঁহি) মই প্ৰথমখন লিখিলোঁ মিখাইল পিয়’ৰোৰ লগত। তেখেত পোলেণ্ডৰ বুলি যে ক’লোঁ, মই তেখেতক ২০০২ চনমানত এটা ষাণ্মাসিকৰ বাবে আমেৰিকালৈ মাতিলোঁ। তেখেত আহোঁতে তেতিয়া ক’লে যে আমিতো গৱেষণা পত্ৰ লিখিয়েই আছোঁ, এখন কিবা এটা বেলেগ কাম কৰোঁ। আমি দেখিলোঁ কম্পিউটাৰ নেটৱৰ্ক আৰু ডিজাইনৰ অনুকূলীকৰণ বিষয়ত কিতাপ ভালকৈ কোনেও লিখা নাই। গতিকে তেখেত ইয়াত থাকোঁতেই কিবা এটা লিখিব লাগিব। সেইটো এনেই ভাবিলোঁ, তাৰপাছত তেখেতে ক’লে ঠিক আছে, মই বাৰু ইয়াত আছোঁৱেই, অলপ লিখোঁ। তেখেতে লিখিলে, অলপমান লিখোঁতেই মই কৈছোঁ তুমি যিখিনি লিখিলা কোনেও এইখন কিতাপ নপঢ়িব। ইমান টান হৈছে। আমি কিতাপখন সহজ কৰোঁ। কিতাপ লিখাটো গৱেষণা পত্ৰ লিখাৰ দৰে নহয়। গৱেষণা পত্ৰ টানকৈ লিখা যায়। কিতাপবোৰটোতো সুচল হ’ব লাগিব। ফাইনমেনৰ কিতাপৰ পৰা যেনেকৈ গম পাইছিলোঁ। মই ক’লোঁ এনেকৈতো নহ’ব, তুমি লিখি যোৱা, মই কিন্তু কিছুমান কথা সলনি কৰিব লাগিব। তেখেতে যিটো অধ্যায় লিখিলে সেইটো গৈ ৪ নম্বৰ অধ্যায় হ’লগৈ। মই কথাখিনি সহজকৈ বুজাই দিবলৈ দুই তিনিটামান অধ্যায় আগত লিখিলোঁ। আমি কিছুমান অধ্যায়ৰ খচৰা লিখোঁতে বেলেগ ঠাইৰ অধ্যাপকক মূল্যায়ন কৰিবলৈ দিওঁ। মোৰ এতিয়াও মনত আছে এজনে পঢ়ি লৈ কৈছে, তেখেতে পঢ়ি থাকোঁতে আমি সহজকৈ অধ্যায়টো কিয় লিখিলোঁ বুলি কৈ তাৰ উত্তৰটো কিন্তু অধ্যায়টো শেষ কৰাৰ মুহূৰ্তত গম পালে। নিজেই গম পালে এইটো শিক্ষাৰ্থীৰ বাবে বিষয়বস্তুটো বুজি পাবলৈ কিমান দৰকাৰী। গতিকে সেইখনত তেখেত আৰু মই কাম আৰম্ভ কৰিলোঁ। পাছত তেখেত ঘূৰি গ’ল। আৰু ছয়-সাতমাহ লাগিল। ২০০৩ চনত ওলাল এইখন কিতাপ। মই পূৰ্বে জেন ৰেক্সফ’ৰ্ডৰ কথা ক’লোঁতো। তেখেতে ক’লে যে এইখন বৰ দৰকাৰী কিতাপ লিখা হৈছে। 

তদুপৰি বহুদিনৰ পৰা মই নেটৱৰ্ক ৰাউটিঙৰ কাম কৰি আছোঁ। মোৰ ছাত্ৰ এজন আছিল, তাৰ নাম কাৰ্তিক ৰামাস্বামী। তেওঁ মোৰ তলত এমএছৰ থেচিছ কৰিছিল। পাছত তেওঁ ৱিছকনছিনৰ পৰা পিএইচডি কৰিলে। তেওঁৰ লগত এখন লিখিলোঁ৷ সেইখন তাৰমানে পাছত ২০০৭ চনত ওলাইছে, এইখনৰ আৰু এটা দ্বিতীয় সংস্কৰণ ২০১৭ চনত। গতিকে সেই দুখন কিতাপ লিখিলোঁ।

➤ তেনেকৈ নতুন বিষয়বস্তুত আৰু কিতাপ লিখাৰ কথা ভাবিছে নেকি?

মেধিঃ সময় নাই। (হাঁহি) মোৰ এতিয়া বেলেগ বেলেগ বস্তুত ৰাপ। কিতাপ ভালকৈ লিখিবলৈ বহুত সময় লাগে। মোৰ এখন কিতাপৰ দ্বিতীয় সংস্কৰণ ২০১৭ চনত ওলাল।  সময় মানে ক’ব খুজিছোঁ নিষ্ঠাপূৰ্ণ সময় নাই। কিতাপ এখন লিখিবলৈ যিটো নিষ্ঠাপূৰ্ণ সময় লাগে, সেইটো সময় মানে পোৱা নাই। গতিকে দুখনেই আৰু তাতকৈ বেছি কিয় লাগে (হাঁহি)। দুখনেই ভাল, প্ৰথমখন ৭৬৫ পৃষ্ঠাৰ, দ্বিতীয়খন ১০১৪ পৃষ্ঠাৰ। আৰু নালাগে৷

➤ আপোনাৰ দৃষ্টিত গণিতৰ অসমীয়া জনপ্ৰিয় কিতাপ কেইখনমানৰ বিষয়ে জনাবচোন।

মেধিঃ ভাল কথা সুধিছা। মোক বাৰবছৰমান বয়সতে, ষষ্ঠ শ্ৰেণীমানত থাকোঁতে, দেউতাই এখন কিনি দিছিল। মাৰ্টিন গাৰ্ডনাৰৰ Mathematical Puzzles। সেই কপিটো মোৰ এতিয়াও আছে। সেইখন বৰ মনোগ্ৰাহী কিতাপ। সুন্দৰকৈ লিখিছিল। ছায়েণ্টেফিক আমেৰিকান বুলি এখন মেগাজিন আছে৷ মাৰ্টিন গাৰ্ডনাৰে তাত গণিতৰ স্তম্ভ এটা লিখিছিল‌। জনপ্ৰিয় গণিত বুলি ক’ব পাৰি। সেই মাৰ্টিন গাৰ্ডিনাৰে লিখা Mathematical puzzles-ৰ যিবিলাক কিতাপ, সেইবিলাক কিন্তু বৰ সুন্দৰ৷ তাৰেই এটা গল্প দেউতাৰ ‘এক দুই যোগ বিয়োগ’ কিতাপত শেষৰ ফালে আছে Smith, John and Robinson বুলি, সেইটো তেখেতৰ কিতাপত উলিয়াইছে৷ মোৰ মনত আছে কাৰণ দেউতাই মোক কৈছিল কিবা কাৰণত মই সেইটো সমাধান কৰিব পাৰিলোঁ বুলি৷ মোক পঢ়িবলৈ দিছিল। মই পঢ়িলোঁ, সমাধান কৰিলোঁ কেনেকৈ কৰিলোঁ নাজানো৷ দেউতাই সেইকাৰণে খুব আনন্দ পাইছিল৷ পাছত যেতিয়া তেখেতৰ নিজৰ কিতাপখন লিখে সেইটো দি দিলে শেষত৷ Smith, John and Robinson বুলি তুমি দেখিবা একেবাৰে শেষৰ ফালে আছে। গাৰ্ডনাৰৰ এইখন বৰ সুন্দৰ কিতাপ৷ গতিকে তেনেকুৱা ধৰণৰ কিতাপ কৰিব পাৰিলে বেয়া নহয়৷ 

➤ ছাৰ শেষৰ প্ৰশ্ন এটা আছে৷ গণিত চ’ৰা ৱেবছাইট সন্দৰ্ভে আৰু ইয়াৰ বিষয়বস্তু সম্পৰ্কে আপোনাৰ মতামত জনাওক৷

মেধিঃ এতিয়া মই মতামত জনালে মোৰ গণিত চ’ৰাত সাক্ষাৎকাৰটো ওলাব নে নাই পিছে? (হাঁহি) 

প্ৰথম কথা হ’ল গণিত চ’ৰাটো প্ৰথম মই কাৰ পৰা গম পালোঁ এতিয়া মোৰ মনত নাই৷ এইটো দেখি মোৰ ইমান ভাল লাগিল যে কাম এটা হৈ আছে আৰু তোমালোক যে এইটোৰ লগত জড়িত হৈ আছা সেইটো মানে, বৰ ডাঙৰ কথা বুলি ক’ব পাৰি৷ কাৰণ তোমালোকে যিটো কৰিছা এইটো এটা কলা, নিষ্ঠাপূৰ্ণ কাম বুলি ক’ব পাৰি৷ 

➤ ছাৰ আমি বহুত পাছত জড়িত হৈছোঁ। আৰম্ভণি পংকজদা আৰু মঞ্জিলদাই কৰিছিল।

মেধিঃ তেখেতসকলে কৰিছিল অঁ, জানো মই৷ মঞ্জিলো আছে প্ৰথমৰ পৰা৷ গম পাইছোঁ৷ মোৰ দেখি তেতিয়াৰ পৰাই বৰ ভাল লাগিছিল যে অসমীয়া ভাষাত কিবা এটা উলিয়াইছে৷ এইটো এটা বৰ দৰকাৰী কাম৷ আমাৰ ল’ৰা-ছোৱালীয়ে গণিতটো কেনেকৈ ক’ত প্ৰয়োগ হয় সেইটো ধৰিব নোৱাৰে৷ কাৰণ আমাৰ পঢ়াৰ পদ্ধতি বা পঢ়াৰ বিষয়বোৰ যেনেকৈ শিকা হয়, তাত তুমি মূলতঃ শিকিলাহে। 

আগতে দেউতাই মোক Applicable mathematics মানে প্ৰযোজ্য গণিত শব্দটো কৈছিল। Applied mathematics বা প্ৰায়োগিক গণিত আছে, সেইটোৰ কথা কোৱা নাই দেই৷  মোৰ মতামত হিচাপে ক’বলৈ গ’লে মই ভাবোঁ যে প্ৰযোজ্য গণিত জাতীয় গণিতৰ ২-৪টা যদি নমুনা বা উদাহৰণ দিয়া যায় মই ভাবোঁ বহুতৰে সুবিধা হ’ব৷ কাৰণ বহুতে সেইটো যে হ’ব পাৰে বা কেনেকৈ প্ৰয়োগ হয় সেইটো ধৰিব নোৱাৰে৷ এতিয়া পৰম্পৰাগত ধ্ৰুপদী প্ৰায়োগিক গণিতত যেনেকৈ তৰল গতিবিজ্ঞান, অমুক তমুক আদি আছে, কিন্তু সেইবিলাক কেনেকৈ ব্যৱহাৰ হয়, ক’ত ব্যৱহাৰ হয়, সেইবিলাকো তুমি বুজিব লাগিব৷ গতিকে সেইটোত অলপমান আভাস দিব লাগিব৷ তৰল গতিবিজ্ঞানত উদাহৰণ স্বৰূপে জেট প্লেনৰ নক্সা প্ৰস্তুত কৰে৷ সেইটো এটা অভিৰোচন‌। আজিকালিতো বহুত ধৰণে গণিত ব্যৱহাৰ হয় যাক ইয়াত প্ৰযোজ্য গণিত বুলি কৈছোঁ। গতিকে তাৰ কিছুমান উদাহৰণ দিব পৰা যায়৷ সাধাৰণ ৰাইজৰ কাৰণে অলপমান বুজিবলৈ ভাল হ’ব – “অ’, এইটোতো অংক কামত আহে”, “গণিতটো শিকা ভাল” এনেকৈ। কাৰণ আমি যেতিয়া পঢ়োঁ তেতিয়া ভবা নাছিলোঁ যে, অংকটো ক’ত কেনেকৈ প্ৰয়োগ হ’ব৷ যি পঢ়িলোঁ পঢ়িব লাগে কাৰণে পঢ়িলোঁ! এতিয়াতো ল’ৰা-ছোৱালীয়ে বিচাৰে, ক’ত প্ৰয়োগ হয় বা নহয়। যদি সিহঁতে জানে যে এনেকুৱা এটা অংক বৈদ্যুতিক বৰ্তনীৰ আৰ্হিত বা এইটো মোবাইল ফোনত লাগে, তেতিয়া ‘অ’ এইটো জনাৰ এটা গুৰুত্ব আছে’, সেই সেই ধৰণে ভাবিব আৰু পঢ়িবলৈ জানিবলৈ ইচ্ছা কৰিব পাৰে। গতিকে তোমালোকৰ ৱেবছাইটত প্ৰায়োগিক গণিতৰ এটা বিভাগ খুলিব পাৰা৷ 

➤ ছাৰ ভাল পৰামৰ্শ দিছে এইটো। এইটোত আপুনি আমাক অলপ গাইড কৰিব ছাৰ। ধৰক আপুনি মাজে মাজে বিষয়বিলাক দিব বা এনেকুৱা ব্যক্তিৰ সৈতে যোগাযোগ কৰাই দিব পাৰে।

মেধিঃ অ’ দিব লাগিব৷ তুমি মোক ইতিমধ্যে সুধিলাই আজৰি সময়ত কি কৰোঁ বুলি৷ গতিকে তাৰতো কিবা এটা হ’ব লাগিব৷ নহয় জানো! গতিকে চাম বাৰু হ’ব দিয়া৷ তোমালোকৰ আগ্ৰহ আছে যেতিয়া কিয় নকৰিম, হ’ব দিয়া৷ 

➤ কেতিয়াবা যদি আপুনি তেনেকুৱা এটা সাক্ষাৎকাৰত থাকি দিয়ে তেনেকৈও বহুত ভাল হ’ব৷

মেধিঃ হয়, মই সুধিব পাৰোঁ তেতিয়া প্ৰশ্ন। সেইটো বহুত দৰকাৰী কথা বুলিও ভাবোঁ। এতিয়া DNA Analysisৰ কথা আজি ক’লোঁ৷ তাততো বহুত অংক জাতীয় কাম আছে। সাধাৰণ উদাহৰণ এটা এতিয়াই দিওঁ। আমি ইউক্লিডীয় জ্যামিতিত দূৰত্ব যিটো কওঁ, তাত দুটা (x, y) স্থানাংক আছে৷ তুমি দূৰত্বটো জুখিবা নহয় জানো? এতিয়া সেই জোখ যদি তোমাৰ আৰু প্ৰিয়াংকুশৰ DNA Sample দুটাত লওঁ, ইয়াৰ মাজত দূৰত্বটো কিমান? দূৰত্বটো যদি সৰু হয়, তাৰমানে তোমালোকৰ DNA-কেইটা মূলতঃ একে হ’ব। যদি দূৰত্বটো বেছি হয় মানে ব্যৱধানটো যদি বেছি হয় তাৰ অৰ্থ তোমালোকৰ DNA স্বৰ্গ-মৰ্ত্য পাৰ্থক্য হ’ব পাৰে৷ এইটো দূৰত্বৰ ধাৰণাৰ সৰু উদাহৰণ এটা দিছোঁ৷ সেই দূৰত্ব কথাটো বৰ দৰকাৰী৷ 

আমি সদায়ে সেই (x, y) স্থানাংক সৰুৰে পৰাই জানো৷ কিন্তু সেই দূৰত্বৰো বেলেগ বেলেগ সংজ্ঞা আহিব পাৰে৷ সেইটো ইউক্লিডীয় দূৰত্ব হ’ব লাগে বুলি নহয়, আন দূৰত্বও কামত আহিব পাৰে, যেনে one-norm বা infinity-norm.(৷) স্থানাংকৰ পৰাই এটা উদাহৰণ দিওঁ৷ স্থানাংক (০,০) ৰ পৰা  স্থানাংক (৩,-৪) লৈ ইউক্লিডীয় দূৰত্ব √{৩ + (-৪)} = ৫, one-normত দূৰত্ব |৩| + |-৪| = ৭, আৰু infinity-normত দূৰত্ব  max{|৩|,|-৪|} মানে ৪ ৷ সেইবিলাক দূৰত্ব বাস্তৱিকতে কামত আহে৷ ধৰা one-normৰ কথা কওঁ৷ নিউয়ৰ্ক চহৰৰ মানহাট্টানত টেক্সিৰে গ’লে এঠাইৰ পৰা আন এঠাইলৈ one-norm ব্যৱহাৰ কৰি দূৰত্ব  বুজা যায়৷ 

এতিয়া মই DNA-ৰ উদাহৰণটোৱে কওঁ, এজন মানুহৰ DNA বিলিয়ন তথ্য এটা থাকে বুলি কয়৷ গতিকে প্ৰত্যেকটো বিন্দু যদি তুমি তুলনা কৰা, প্ৰতিটো বিন্দুৰে স্থানাংক x1, x2, x3 এনেকৈ হ’বতো৷ মানে n মাত্ৰাৰ সমস্যা বুলি যিটো কয়, নহয় জানো? তাতে তুমি দুজনৰ যদি গোটেইখিনি DNA চোৱা, তফাৎটো আচলতে খুব কম৷ মাত্ৰ কেইটামান, গতিকে গোটেইখিনি চায়ো লাভ নাই৷ গতিকে তুমি আধ্যাত্মিক দৰকাৰী কেইটামান কথাত চাব লাগিব৷ তাত হয়তো infinity-normও কামত আহিব পাৰে নতুবা কোনো নতুন ধৰণৰ দূৰত্বৰ কথা তুমি ভাবি চাব পাৰা, ধৰা  মূল্য থকা পাঁচোটামান গুৰুত্বপূৰ্ণ বিন্দুত ডিএনএৰ দূৰত্ব কিমান হ’ব পাৰে৷  তেনেকৈ কাৰ ডায়েবেটিক হ’ব পাৰে ক’ব পৰা যাব পাৰে৷ তেখেতৰ DNA টো হয়তো অলপ বেলেগ হ’ব বা কিবা আসোঁৱাহ থাকিব পাৰে৷ গতিকে দূৰত্বৰ ধাৰণাটো বেলেগ বহুত ক্ষেত্ৰত ব্যৱহাৰ হয়৷ এতিয়া দূৰত্বৰ ধাৰণাটোৰ পৰা তোমাৰ সদৃশতা (similarity) বুলি আৰু এটা কথা ব্যৱহাৰ হয়৷ ইয়াত ক’চাইন সূত্ৰৰ (cosine formula) পৰা হয়৷ ক’চাইন সদৃশতাটো ত্ৰিকোণমিতিৰ পৰাই আহে৷ cos০º হ’ল ১ আৰু  cos৬০ হ’ল ০.৫, ইত্যাদি৷ ইয়াত ভেক্টৰৰ যোগেদি কেনেকৈ ব্যৱহাৰ কৰা হয় অলপ বুজাই দিওঁ, এখন ছবিৰ সৈতে৷ 

ধৰা ক-ৰ স্থানাংক (৩,৪) – ক’ৰ ভেক্টৰ হ’ব (০,০) পৰা (৩,৪) লৈ৷ খ-ৰ স্থানাংক (৫,০) – খ-ৰ ভেক্টৰ হ’ব (০,০) পৰা (৫,০) লৈ৷ ক আৰু খ ভেক্টৰৰ কোণটো দিলোঁ θ বুলি৷ লগতে দিয়া ছবিখনত চোৱা৷ তুমি কোণটো জুখিলে মানটো ৫৩.১৩ বুলি জানিবা৷ এই কথাটো ভেক্টৰৰ সৈতে কেনেদৰে বুজোৱা যায়? আমি এতিয়া লিখোঁ:

গতিকে,

ইয়াত মন কৰিবা

গুগুলক ৫৩.১৩ ৰ ক’চাইন মান কিমান বুলি সুধিলে ০.৬ বুলি ক’ব৷ ইয়াত দ্বিমাত্ৰিক উদাহৰণ দি বুজালোঁ৷ n-মাত্ৰিক কৰিও ওপৰৰ ডট্ প্ৰডাক্ট্ একে ধৰণেই গণনা কৰিব পাৰি৷ এতিয়া ধৰা তোমালোকৰ-মোৰ কেইবাটাও জোখ লোৱা হয়  – ব্লাড-প্ৰেছাৰ (নিম্ন আৰু উচ্চ), ওজন, উচ্চতা – এয়া হ’ল চাৰিটা হিচাপ, আমি চতুৰ্মাত্ৰিক ভেক্টৰেৰে এই জোখবোৰ প্ৰতিনিধিত্ব কৰিব পাৰোঁ৷ এতিয়া যদি অনামিকা আৰু মোৰ এই চাৰিটা জোখ মিলে, এক হিচাপে আমাৰ সদৃশতা আছে বুলি ক’ব পাৰি, যদিও দেখাত একে নহয় (হাঁহি)৷ গতিকে কোনো জোখ যদি ভেক্টৰৰ যোগেদি প্ৰতিনিধিত্ব কৰিব পাৰি, তেতিয়া এই দুটা ভেক্টৰৰ মাজত ক’চাইন সদৃশতা গণনা কৰিব পাৰি৷ সদৃশতা যদি খুব বেছি হয়, মানে কোণটোৰ মাজত বেছ কোনো ভেদ নাই, তেনেহ’লে উত্তৰ ১.০ৰ ওচৰত হ’ব৷  গতিকে বহুত সৰু-সুৰা গণিত এনেকৈ বেলেগ বেলেগ ঠাইত ব্যৱহাৰ হয়৷ গতিকে তেনেকুৱা ধৰণৰ কিছুমানৰ তথ্য আৰু উদাহৰণ দিব পাৰিলে ভাল হয়। 

➤ এইখিনিতে এটা কথা মনলৈ আহিছে ছাৰ। আপুনি বেল লেবৰেটৰীত কাম কৰিছে। যিটো এটা বিশ্ববিখ্যাত কোম্পানী। আপুনি তাত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে। তাৰ কৰ্ম সংস্কৃতিৰ সৈতে ভাৰতৰ কৰ্ম সংস্কৃতিৰ কেনে মিল বা পাৰ্থক্য দেখিছে?

মেধিঃ কৰ্ম সংস্কৃতিটো আচ্ছা আচ্ছা আচ্ছা! কৰ্ম সংস্কৃতি, এইটো ডাঙৰ কথা। প্ৰথমতে ক’ব লাগিব মই ভাৰতত কেতিয়াও কাম কৰি পোৱা নাই৷ গতিকে মোৰ সেইটো অভিজ্ঞতা নাই যে মই তুলনা কৰিম৷ কিন্তু মোৰ আমেৰিকাত কাম কৰাৰ নিজৰ অভিজ্ঞতাৰ পৰা মই দুটামান কথা উল্লেখ কৰোঁ৷ তাৰে এটা হ’ল, যেতিয়া মই প্ৰথমতে এটিএণ্ডটি বেল লেবৰেটৰীত কাম কৰোঁ তেতিয়া গোটত নতুন ধাৰণা এটা ক’বলৈ প্ৰত্যেককে সুযোগ এটা দিয়া যায়৷ কাকো কোৱা নাই “সেই তুমি junior, নতুনকৈ আহিছা, তুমি নাজানা” তেনেকুৱা ধৰণৰ কাকো কোৱা নাই৷ আৰু ডাঙৰ-সৰু বুলি  একো নাই। সৱকে সৱে নামকাঢ়ি মাতোঁ৷ গতিকে মোৰ মতে আমাৰ কিছুমান কথা ভাবিবলৈ ভাল হয় বা সুধিবলৈ বেয়া নহয়৷ দ্বিতীয়তে, আমি বেল লেবৰেটৰীত কাম কৰোঁতে দেখিলোঁ প্ৰশ্ন কৰাটো প্ৰত্যেকৰে ডাঙৰ আকৰ্ষণ৷ মই যদি ১০ মিনিটৰ presentation এটা দিওঁ তাতে হয়তো ৫ টা মান প্ৰশ্নই আহিব৷ এইটো বুজিবলৈ এইটো কিয় আহিল, কেনেকৈ আহিল ইত্যাদি। মোৰ মনত পৰিছে প্ৰথমবাৰ তত্ত্বাৱধায়কে ক’লে, “তুমি গৈ Presentation দিয়া।” মই কৈছোঁ মইতো এইখিনি শেষ কৰা নাই৷ “No no, I know it’s working progress তুমি তথাপি presentation দিয়া। যিখিনিৰ উত্তৰ নাজানা ক’বা যে we still don’t know, we have to look at it.” সেই প্ৰশ্ন সোধাৰ অভ্যাসটো মোৰ মতে বৰ ডাঙৰ অভ্যাস৷ কাৰণ প্ৰশ্ন সুধিলে তোমাৰ মনত কিবা এটা ভাব আহে যে আৰু এটা সমস্যা আছে, আৰু এটা কিজানি উপায় আছে৷ সেই প্ৰশ্ন সোধাটো মই সদায় উৎসাহিত কৰিছোঁ৷ তাৰ পাছত বিশ্ববিদ্যালয়ত যেতিয়া মই অধ্যাপনাৰ বাবে আহোঁ, তেতিয়া আমাক বহুত স্বাধীনতা দিয়ে৷ মই ক’লোঁৱে আগতে। গতিকে সেইবিলাক আমাৰ বহুত সুবিধা, নমনীয়তা আছে। এতিয়া আই আই টি জাতীয় ঠাইত কিছু পোৱা যায়৷ কিন্তু সৱতে পোৱা নাযায়৷ এতিয়া মই যি জানো অসমত মহাবিদ্যালয়ত প্ৰত্যেকটো শ্ৰেণীত তুমি পঢ়ুৱাব নালাগিলেও সেই ৯ বজাৰ পৰা ৫ বজালৈকে মহাবিদ্যালয়তে থাকিব লাগে। কিন্তু আমাৰ এইবিলাক চিন্তা কৰিবলগীয়া নহয়৷ যিদিনাখন ক্লাছ নাথাকে আমি ঘৰৰ পৰা কাম কৰোঁ। ভাৰতত আমাৰ ব্যৱস্থাটো কিবা এটা মানে কি ক’ম আৰু! লক্ষ্যত উপনীত হোৱা নাযায়গৈ! আমাৰ ইয়াত সেইবিলাক সমস্যা নাই। ক্লাছলৈ গ’লোঁ, নাথাকিলে নগ’লোঁ নাই, সেইবিলাক চিন্তা কৰিবলগীয়া নহয়। আমি তথাপি বিশ্ববিদ্যালয়ৰ কিছুমান নীতি-নিয়ম মানি চলিব লাগে, সেইটোতো থাকিবই বাৰু। কিন্তু আমাৰ স্বাধীনতা বুলি যিটো কওঁ, সেইটো বহুত দৰকাৰী বুলি ভাবোঁ। বিশেষকৈ শৈক্ষিক দিশত। নহ’লে বহুত কথা গৱেষণাৰ ফালৰ পৰা বিকাশ হোৱাৰ সুযোগ নাপায় যেন লাগে। 

➤ তাকেই ছাৰ। যি কি নহওক, অৱশেষত আমাৰ প্ৰশ্নৰ সামৰণি পৰিল আজি।

মেধিঃ শেষ হ’ল (হাঁহি)। মোৰো ৰাতি এক বাজিবৰ হ’ল।

➤ হয়, পলম হ’ল বহুত। যি কি নহওক ছাৰ, অশেষ ধন্যবাদ। বহুখিনি কথাই জানিলোঁ। ভাল লাগিল।

মেধিঃ মোৰো ভাল লাগিল বহুত। সময় হ’লেও একো নাই, বহুতখিনি কথা হ’ল আৰু সঁচাই মিছাই (হাঁহি), মাথোঁ তোমালোকে মহাভাৰত লিখিব লাগিব এতিয়া গম পাইছোঁ মই (হাঁহি)। 

➤ (হাঁহি) ছাৰ, এইখিনিয়েইতো যথেষ্ট নহয়, এয়া আৰম্ভণিহে, কেতিয়াবা পাছলৈ আৰু কথা ওলাব নিশ্চয়।

মেধিঃ হয় হয় (হাঁহি)। বাকী তোমালোকে ভাল কাম কৰি আছা সঁচাকৈ, বৰ দৰকাৰী কথা এইটো। তাৰকেশ্বৰ চৌধুৰী ছাৰৰ এটা সাক্ষাৎকাৰ, কোনে লৈছিল সেইটো?

➤ আমি দুইজনেই লৈছিলোঁ, লগত আৰু এজন আছিল।

মেধিঃ হয় হয়। এইবাৰ ছাৰৰ ওচৰলৈ মই গৈছিলোঁ গুৱাহাটীত, ঘৰলৈ ছাৰক মাত দিবলৈ গৈছিলোঁ।

➤ ছাৰ, এইখিনিতে চৌধুৰী ছাৰৰ পঢ়ুওৱাৰ কথা অলপ চমুকৈ ক’ব পাৰে। ছাৰে গালি পাৰে নেকি (হাঁহি)? 

মেধিঃ ছাৰৰ পঢ়ুওৱাটো একদম প্ৰণালীবদ্ধ। ছাৰে লিখিব, ভাবিব। ভালকৈ কৰে। এতিয়াও তেখেতে তেনেকৈয়ে কথা কয়। তাৰকেশ্বৰ ছাৰে কাকো গালি দিয়া মই শুনা নাই (হাঁহি)। আমাৰ কটনত পঢ়া সময়ৰ গণিতৰ অধ্যাপক কাকোৱে গালি দিয়া মই তেনেকৈ দেখা নাই। হ’ব দিয়া, আজি ইয়াতে শেষ কৰিলোঁ।

➤ হয় ছাৰ, অশেষ ধন্যবাদ।মেধিঃ ধন্যবাদ। ভাল লাগিল, বঢ়িয়া।

==সমাপ্ত==

No Comments

Post A Comment