জে. বি. এছ. হেলডে’ন

সম্পূৰ্ণ নাম: জন বাৰ্ডন ছেণ্ডাৰছন হেলডে’ন

জন্ম: ৫ নৱেম্বৰ, ১৮৯২; অক্সফ’ৰ্ড, ইংলেণ্ড

মৃত্যু: ১ ডিচেম্বৰ, ১৯৬৪, ভূৱনেশ্বৰ, ভাৰত

পিতৃ: জন স্কট হেলডে’ন (শৰীৰবিজ্ঞানী)

মাতৃ: লুইজা কেথলীন হেলডে’ন (গৃহিণী)

প্ৰাথমিক শিক্ষা: অক্সফোৰ্ড প্ৰাক-প্ৰাথমিক স্কুল, ইটন স্কুল

উচ্চ শিক্ষা: নিউ কলেজ, অক্সফ’ৰ্ড

 

জে. বি. এছ. হেলডে’নৰ পিতৃ আছিল এগৰাকী প্ৰখ্যাত শৰীৰবিজ্ঞানী। সৰু কালৰপৰাই হেলডে’নে অত্যন্ত চোকা বুদ্ধিৰ পৰিচয় দিছিল। বিশেষকৈ অংকত হেলডে’নৰ ব্যুৎপত্তি আছিল অসাধাৰণ। আঠ বছৰ বয়সৰপৰাই হেলডে’নে ঘৰতে অৱস্থিত দেউতাকৰ পৰীক্ষাগাৰত দেউতাকৰ সতে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ কাম আৰম্ভ কৰিছিল।

১৯১১ চনত অক্সফ’ৰ্ডৰ নিউ কলেজৰপৰা হেলডে’নে গণিতত প্ৰথম বিভাগৰ সন্মান লাভ কৰিছিল, লগতে ‘জেনেটিক্স’ৰ (জিনৰ বিষয়ে কৰা অধ্যয়ন) প্ৰতি তেখেতৰ ৰাপ জন্মে। হেলডে’নে জিনবিদ্যাৰ ওপৰত প্ৰথমখন গৱেষণা-পত্ৰ পাঠ কৰে ১৯১২ চনত। একে বছৰৰে জুন মাহত হেলডে’নৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ পায়, দেউতাক আছিল সহলিখক। গৱেষণা-পত্ৰখনৰ বিষয় আছিল হিম’গ্ল’বিনৰ কাৰ্যপ্ৰণালীৰ ওপৰত। কিন্তু সেই বছৰেই কলেজত হেলডে’নে শিক্ষাৰ শাখা সলনি কৰি দৰ্শন আৰু সাহিত্য পঢ়িবলৈ লয় আৰু সেই শাখাৰে স্নাতক হৈ ওলায়। হেলডে’নে বিজ্ঞান বিষয়ৰ কোনো ডিগ্ৰী লাভ কৰা নাছিল। ১৯২২ চনত তাৰপৰা আহি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত জৈৱৰসায়ন বিভাগৰ ৰিডাৰ হিচাপে যোগ দিয়ে আৰু ১৯৩২ চনলৈ অধ্যাপক হিচাপে কৰ্মৰত থাকে।

১৯৩৩ চনত হেলডে’ন আহি ইউনিভাৰ্ছিটি কলেজ লণ্ডনত জেনেটিক্সৰ অধ্যাপক হিচাপে যোগ দিয়ে আৰু তেখেতৰ বিদ্যায়তনিক জীৱনৰ বেছিভাগ সময়েই তাতেই অতিবাহিত হয়।

আৰম্ভণিতে হেলডে’নৰ গৱেষণাৰ মুখ্য বিষয় আছিল তেজ। তেজৰ লগতে কিড্‌নী সম্পৰ্কেও তেখেতে কেবাখনো গৱেষণা-পত্ৰ লিখিছিল। ১৯২৫ চনত হেলডে’নে জি. ই. ব্ৰিগ্‌ছ-ৰ লগত লগ লাগি উৎসেচক (enzyme) সম্বন্ধে বিখ্যাত ব্ৰিগ্‌ছ-হেলডে’ন সমীকৰণ’ আগবঢ়ায়।

জেনেটিক্স বিষয়ত হেলডে’নৰ প্ৰধান অৱদানসমূহৰ অন্যতম আছিল স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত জিনৰ সংযোগ প্ৰদৰ্শন কৰা। কুকুৰাৰ ক্ষেত্ৰতো হেলড’নে জিনীয় সংযোগ প্ৰমাণ কৰিছিল। হেলডে’নৰ জেনেটিক্সলৈ আটাইতকৈ উল্লেখনীয় অৱদান আছিল জেনেটিক্সৰ গৱেষণাৰ বাবে গণিতৰ প্ৰয়োগ কৰাত। গণিতৰ প্ৰয়োগৰ দ্বাৰা হেলডে’ন আৰু সমকালীন বিজ্ঞানী আৰ. এ. ফিছাৰ আৰু ছিৱেল ৰাইটে দেখুৱাইছিল যে বিৱৰ্তন আৰু জিনৰ মাজত সম্পৰ্ক বিদ্যমান আৰু এই সম্পৰ্কৰ গাণিতিকভাৱে প্ৰকাশ কৰাত তেওঁলোক আছিল পথ প্ৰদৰ্শক। হেলডে’নৰ কামৰদ্বাৰা চাৰ্লছ ডাৰউইনে আগবঢ়োৱা বিৱৰ্তনবাদ আৰু জোহান মেণ্ডেলে আগবঢ়োৱা বংশগতি তত্বৰ মাজত সংযোগ স্থাপন হয়, আৰু জেনেটিক্স বিংশ শতিকাৰ বিজ্ঞানৰ এক অগ্ৰণীশাখাত পৰিণত হয়। গণিত আৰু জিনীয় বিজ্ঞানৰ সংযোগত আধুনিক বিজ্ঞানৰ এটা শাখা ‘পপুলেশ্বন জেনেটিক্স’ৰ অন্যতম হোতা আছিল হেলডে’ন।

জীৱবিজ্ঞানৰ লগত গণিতৰ সংযোজনৰ দ্বাৰা হেলডে’নে অন্যান্য কেতবোৰ আকৰ্ষণীয় সংযোগ দেখুৱাইছিল। জীৱ এটাৰ দেহৰ বিভিন্ন প্ৰক্ৰিয়া ইয়াৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল এই কথাতো হেলডে’নে অংকৰ জৰিয়তে প্ৰমাণ কৰিছিল। ইয়াক ‘হেলডে’নৰ নীতি’ বুলি জনা যায়।

জীৱৰ উৎপত্তি সম্বন্ধে হেলডে’নে এটা যুগান্তকাৰী ধাৰণাৰ পোষকতা কৰিছিল। ‘জীৱৰ ৰসায়নিক উৎপত্তি’ নাম দিয়া এই ধাৰণাত হেলডে’নে মত পোষণ কৰিছিল যে পৃথিৱীৰ দোকমোকালি কালত ইয়াৰ পৃষ্ঠত থকা বিভিন্ন ৰসায়নিক পদাৰ্থৰ মাজত চলা বিক্ৰিয়াৰ ফলস্বৰূপেই প্ৰথমটো জীৱিত অণুৰ সৃষ্টি হৈছিল আৰু এই জীৱিত অণুৰপৰাই কালক্ৰমত বিৱৰ্তনৰ জৰিয়তে বিভিন্ন জীৱৰ সৃষ্টি হৈছিল। প্ৰথম অৱস্থাত এই ধাৰণাক অবান্তৰ বুলি উৰুৱাই দিয়া হৈছিল যদিও ৰাছিয়াৰ আলেক্সেণ্ডাৰ অ’পাৰিনেও প্ৰায় একে মতবাদ পোষণ কৰিছিল। বহু পলমকৈ ১৯৫৩ চনতহে এই ধাৰণাৰ পৰীক্ষা কৰি চোৱা হৈছিল। বৰ্তমান ‘জীৱৰ ৰসায়নিক উৎপত্তি’ ধাৰণা জীৱৰ উৎপত্তিৰ এক প্ৰধান ধাৰণা।

হেলডে’নে জীৱনত দুবাৰকৈ বিয়া কৰাইছিল। ১৯২৪ চনত হেলডে’নে চাৰ্লট বৰ্জেছৰ পাণি গ্ৰহণকৰে। কিন্তু ১৯৪৫ চনত তেওঁলোক বিবাহ-বিচ্ছেদ হয়। পাছলৈ হেলডে’ন হেলেন স্পাৰৱে নামৰ এগৰাকী মহিলাৰ সতে বিবাহৰ সূত্ৰে আৱদ্ধ হয়।

জে. বি. এছ. হেলডে’ন সমাজবাদৰ এগৰাকী উন্মুখ সমৰ্থক আছিল, আৰু ১৯৪২ চনত ইংলেণ্ডৰ কমিউনিষ্ট দলৰ সভ্যও হৈছিল। তেখেত সমাজবাদী দলৰ মুখপত্ৰ ‘দেইলী ৱৰ্কাৰ’ কাকতৰ সম্পাদনা সমিতিৰ সভাপতি আছিল আৰু কাকতখনত কেবাটাও প্ৰৱন্ধ প্ৰকাশ কৰিছিল। ৰাছিয়াত লাইছেংকো নামৰ এগৰাকী বিজ্ঞানীৰ কিছুমান কাম-কাজৰ দ্বাৰা হেলডে’ন অসন্তুষ্ট হৈছিল আৰু তাৰে পৰিণতিত তেওঁ ১৯৫০ চনত কমিউনিষ্ট দলৰপৰা আঁতৰি আহে। অৱশ্যে পাছলৈয়োসমাজবাদৰ কিছুমান নীতিৰ তেওঁ সমৰ্থন কৰিছিল।

১৯৫৬ চনত হেলডে’নে ইংলেণ্ড ত্যাগ কৰি ভাৰতবৰ্ষলৈ আহে আৰু নিগাজীকৈ থাকিবলৈ লয়। ইংলেণ্ডৰ চৰকাৰে ছুৱেজ সংকট সম্পৰ্কে লোৱা সিদ্ধান্তত বিতুষ্ট হৈ তেওঁ ইংলেণ্ড ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। ভাৰতলৈ আহিব বিচৰাৰ কাৰণ সোধাত তেওঁ কৈছিল যে ভাৰতৰ গৰম জলবায়ু তেখেতৰ স্বাস্থ্যৰ অনুকূলে যোৱাৰ লগতে ভাৰতত মুক্ত মনেৰে থকাৰ সুবিধা আছে। অৱশ্যে ধেমালিৰে তেওঁ সাংবাদিকক কৈছিল যে ইংলেণ্ডত মোজা পিন্ধি পিন্ধি তেখেতৰ বিৰক্তি লাগিছে, সেয়ে মোজা নিপিন্ধাকৈ থাকিবৰ বাবেই তেওঁ ভাৰতলৈ আহিছে। সঁচাকৈয়ে হেলডে’নে ভাৰতলৈ আহি সম্পূৰ্ণ ভাৰতীয় সাজ পৰিধান কৰাৰ লগতে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।

ভাৰতলৈ আহি হেলডে’নে প্ৰথমে কলিকতাৰ ‘ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠান’ত ‘জীৱমাপ’ (biometry) বিভাগৰ মূৰব্বী হিচাপে যোগ দিয়ে আৰু জেনেটিক্সৰ লগতে নৃতত্ববিজ্ঞান আৰু উদ্ভিদবিজ্ঞান সম্বন্ধীয় গৱেষণাৰ কামত ব্ৰতী হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাত গণিত আৰু জীৱবিজ্ঞান একেলগে পঢ়াৰ সুবিধা নথকাৰ বাবে হেলডে’নে প্ৰায়ে আক্ষেপ কৰিছিল। এগৰাকী কানাডীয় বিজ্ঞানী গেৰী বটিঙৰ সমৰ্থনত অনশনত বহাৰ বাবে প্ৰতিষ্ঠানৰ মুৰব্বী পি. চি. মহলানবিশৰ লগত তেখেতৰ সম্পৰ্ক ছেদ হয় আৰু হেলড’নে ‘ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠান’ৰ চাকৰি ইস্তফা দি উৰিষ্যালৈ আহে। উৰিষ্যৰ ভূৱনেশ্বৰত ন কৈ খোলা জীৱমাপ গৱেষণাগাৰৰ মূৰব্বীৰ দায়িত্ব হেলডে’নে গ্ৰহণ কৰে। জীৱনৰ শেষ বয়সলৈকেহেলডে’নে উৰিষ্যাতে আছিল। হেলডে’নে ইংলেণ্ডৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। পায়ুস্থলীৰ কৰ্কট ৰোগত ভূগি হেলডে’নৰ মৃত্যু হয়।

জে. বি. এছ. হেলডে’ন আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। গণিত আৰু জীৱবিজ্ঞানৰ গৱেষণাৰ বাহিৰেও তেওঁ নিয়মীয়াকৈ লিখা-মেলা কৰাত ব্যস্ত আছিল। বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে ভৱিষ্যতৰ পৃথিৱীত সম্ভৱ হোৱা কেইবাটাও সংঘটনাৰ বিষয়ে বহু আগেয়েই ভৱিষ্যদ্বাণী কৰিছিল। ‘ডিডেলাছ’ নামৰ এখন কল্পবিজ্ঞান উপন্যাসত তেখেতে ‘টেষ্টটিউব বেবী’ৰ বিষয়ে বৰ্ণনা কৰিছিল। শিশুৰ বাবে তেওঁ ৰচনা কৰিছিল ‘মাই ফ্ৰে’ণ্ড মি. লিকী’ নামৰ এক সাধুকথাৰ সংকলন। মাৰ্ক্সবাদ সম্বন্ধেও তেখেতে গ্ৰন্থ ৰচনা কৰিছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ‘বিজ্ঞান আৰু ভৱিষ্যত’ শীৰ্ষক এক বক্তৃতাত তেওঁ হাইড্ৰ’জেনভিত্তিক পুনৰ্নৱীকৰণশীল শক্তিৰ উৎসৰ বিষয়ে প্ৰথমে মত দাঙি ধৰিছিল।

হেলডে’নেই জিনীয় প্ৰতিৰোপনৰদ্বাৰা এগৰাকী ব্যক্তিৰ যমজ প্ৰতিলিপি সাজিব পৰা যাব বুলি ধাৰণা আগবঢ়াইছিল। এনে প্ৰতিলিপিবোৰৰ বাবে আজিকালি ব্যৱহৃত ‘ক্ল’ন’ শব্দটোও তেখেতেই প্ৰথমে প্ৰচলন কৰিছিল। জেনেটিক্সৰ আলোচনাত ব্যৱহৃত বহুতো শব্দ হেলডে’নেই প্ৰথমে প্ৰচলন কৰিছিল।

হেলডে’ন আছিল অত্যন্ত সপ্ৰতিভ আৰু বাকপটু। হেলডে’নে ঈশ্বৰত বিশ্বাস নকৰিছিল। তেখেতে কৈছিল যে ‘মোৰ বিজ্ঞান নাস্তিক। কাৰণ মই যেতিয়া এটা পৰীক্ষা কৰোঁ তেতিয়া ধৰি লওঁ যে ভগৱান, বা চয়তান বা দেৱদূতে তাক কোনো ধৰণে সলাব নোৱাৰে… গতিকে মই যদি মোৰ প্ৰাত্যহিক জীৱনতো একে কথাকে মানি নচলো তেন্তে মই বৌদ্ধিকভাৱে অসত্যৰ আশ্ৰয় লোৱা হ’ব।‘ ‘ভগৱানৰ মনত কি আছে?’ বুলি সোধা এক প্ৰশ্নৰ উত্তৰ হেলডে’নে কৈছিল, ‘গুবৰুৱাৰ প্ৰতি অসম্ভৱ ভালপোৱা।’ পৃথিৱীত প্ৰায় ৪,০০,০০০ ভিন্ন গুবৰুৱাৰ প্ৰজাতিলৈ আঙুলিয়াই দি হেলডে’নে বুজাব বিচাৰিছিল যে গুবৰুৱাৰ ইমান বেছি প্ৰজাতি থকাতোগুবৰুৱাৰ প্ৰতি থকা ঈশ্বৰৰ কিবা দুৰ্বলতাৰ চিন।

 

লেখক: ডা° উদ্দীপ তালুকদাৰ।

No Comments

Post A Comment