03 Jan প্ৰসিদ্ধ পদাৰ্থ-বিজ্ঞানী তথা ভৱিষ্যদ্ৰষ্টা মিচ্ছিউ কাকু আৰু নিউ এটলাছ আলোচনীৰ মাজত হোৱা এক সাক্ষাৎকাৰৰ অনূদিত ৰূপ
[মূল উৎসত প্ৰকাশৰ তাৰিখ – ১৫ ছেপ্টেম্বৰ, ২০১৮।]
আগকথা – এই সাক্ষাৎকাৰটি গ্ৰহণ কৰা হৈছিল মিচ্ছিউ কাকুৱে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত আৰম্ভ কৰিবলৈ ওলোৱা এলানি বক্তৃতানুষ্ঠানৰ পূৰ্বে৷ এই বিশেষ সাক্ষাৎকাৰটিত কাকুৱে বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ-অভিযানক লৈ সৃষ্টি হোৱা শেহতীয়া প্ৰতিযোগিতাময় পৰিৱেশ আৰু মানৱজাতিলৈ ভাবুকি মাতি অনা সম্ভাব্য কাৰকবোৰৰ ওপৰত আলোকপাত কৰিছে৷ নিউ এটলাছৰ তৰফৰপৰা সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিল ল’জ ব্লেইনে৷ সাক্ষাৎকাৰটি অসমীয়ালৈ অনুবাদ কৰিবলৈ প্ৰয়াস কৰিলে ঈশান জ্যোতি বৰাই—
নিউ এটলাছ – বিজ্ঞানৰ এজন বিশ্ববিশ্ৰুত বাৰ্তাবাহক হিচাপে আপুনি বোধহয় যিকোনোধৰণৰ প্ৰশ্নৰ বাবেই সাজু হৈ থাকিব লাগে – স্নায়ৱীয় জৰীৰ (neural lace) পৰা আৰম্ভ কৰি একেবাৰে সূক্ষ্মবায়’মলৈকে (Microbiome)৷ বিজ্ঞানৰ এই বিশাল ক্ষেত্ৰখনৰ লগত আপুনি কেনেকৈ সদায় সম্পৰ্ক ৰক্ষা কৰি চলে?
মিচ্ছিউ কাকু – মোৰ বয়স তেতিয়া আঠ বছৰ৷ তাৰ ঠিক কেইদিনমানৰ আগতে আইনষ্টাইনৰ দেহাৱসান ঘটিছিল; আৰু এই পৰিক্ৰমাটোৰ আৰম্ভণি হৈছিল তেতিয়াই৷ সেইমুহূৰ্তত সকলোৰে মুখে মুখে এটাই কথা শুনিবলৈ পাইছিলোঁ যে – আইনষ্টাইনে তেওঁৰ মহৎ তত্ত্বটো আৱিষ্কাৰ কৰি থৈ যাব নোৱাৰিলে, যিটো তত্ত্বক কোৱা হৈছিল – সৰ্বতত্ত্বৰ সিদ্ধান্ত (দ্য থিয়ৰি অৱ এভৰিথিং) বুলি৷
মই তেতিয়া শিশু৷ আইনষ্টাইন কোন – মই জনা নাছিলোঁ৷ অথচ মই ঘোষণা কৰিছিলোঁ যে মই সেই তত্ত্বটো সমাধান কৰিম৷ আৰু আজি! আজি আমি ভাবোঁ যে – সেই কামটো কৰিব পৰা যাব৷ যিটো তত্ত্ব আইনষ্টাইনে উদ্ভাৱন কৰিব বিচাৰিছিল, আৰু যাৰ সহায়েৰে আইনষ্টাইনে “ভগৱানৰ মনটো পঢ়া”ৰ পোষকতা কৰিছিল, সেইটো তত্ত্বৰ নাম – আমাৰ মতে ‘ষ্ট্ৰিং থিয়ৰি’ (ৰজ্জু তত্ত্ব)৷ আৰু সেইটো বিষয়ত মই এজন পথ-প্ৰদৰ্শক৷
আমি ভাবোঁ, সকলো উপ-পাৰমাণৱিক পদাৰ্থয়েই এডাল সৰু ৰজ্জুৰ কম্পনাংকলৈ হ্ৰাস কৰিব পাৰি৷ সেইটোৱেই হৈছে সৰ্বতত্ত্বৰ সিদ্ধান্ত – ‘থিয়ৰি অৱ এভৰিথিংl’৷ যিখন এখন হলিউডৰ ছিনেমাও, যিখনে অ’স্কাৰো জিকিছে, কিন্তু ছবিখনে ‘থিয়ৰি অৱ এভৰিথিঙ’ৰ নামটো কি – সেইটো প্ৰকাশ কৰা নাই৷ নাম হৈছে তাৰ – ‘ৰজ্জু তত্ত্ব’৷
শৈশৱৰ শনিবৰীয়া ৰাতিপুৱাবোৰত মোৰ ‘ফ্লেছ গৰ্ডন’ৰ কাৰ্টুন চোৱাৰ অভ্যাস এটা আছিল৷ ৰকেটযান, নক্ষত্ৰযান, ৰশ্মি-যুদ্ধাস্ত্ৰ আৰু ৰাক্ষসবোৰ চাই মই মন্ত্ৰমুগ্ধ হৈ পৰিছিলোঁ৷ ভাৱ হৈছিল – এই চিৰিজটো দেখোন বেয়া পাবই নোৱাৰি! আচলতে, এই ফ্লেছ গৰ্ডনৰ পৰাই কিছু অংশ পাছলৈ জৰ্জ লুকাছে চুৰ কৰি ‘ষ্টাৰ ৱাৰ্ছ’ নিৰ্মাণ কৰিছিল৷
যা হওক; তেতিয়া মই উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলোঁ যে – মোৰ জীৱনৰ দুয়োটা অনুৰাগ(Passion) আচলতে একেই৷ যদি তুমি পদাৰ্থ বিজ্ঞান বুজি পোৱা, তেন্তে তুমি কোনবোৰ সম্ভৱ আৰু কোনবোৰ অসম্ভৱ – তাক বুজি পাবা৷ আহি থকা শতিকা আৰু দশকবোৰত কোনবোৰ কথা বিশ্বাসৰ যোগ্য হ’ব – সেয়াও বুজি পাবা৷ সেইকাৰণে মোৰ কিতাপবোৰত, মই তিনিশতকৈও অধিক খ্যাতিশীৰ্ষ বৈজ্ঞানিকৰ সাক্ষাৎকাৰ লৈছোঁ আৰু পৰৱৰ্তী ২০, ৫০ আৰু ১০০ বছৰত চাকৰি, চিকিৎসা, মহাকাশ-ভ্ৰমণ, কৃত্ৰিম বুদ্ধিমত্তা আদিবোৰৰ কি দশা হ’ব – তাৰ এটা বাস্তৱবাদী ধাৰণা দিবলৈ প্ৰয়াস কৰিছোঁ৷ কাৰণ, তুমিতো জানাই যে বিজ্ঞানেই হৈছে বিকাশৰ ইঞ্জিন৷ তাৰপৰাই মূলত বিকাশ আৰম্ভ হয়৷ অতএব, যদিহে তুমি বিজ্ঞানক উপলব্ধি কৰিব জানা, তেন্তে ভৱিষ্যতৰ চাকৰিৰ বজাৰ, চিকিৎসাক্ষেত্ৰ আৰু অৰ্থনীতিৰ বিষয়েও জানিব পাৰিবা৷
সেইকাৰণেই মই বিজ্ঞান আৰু ভৱিষ্যতৰ বিষয়ে লিখা-মেলা কৰি ভাল পাওঁ৷ কাৰণ – ভেটিটোৱেই দৰাচলতে পদাৰ্থ বিজ্ঞান আৰু বিজ্ঞানৰ৷
নিউ এটলাছ – বৰ্তমান সময়ত যদি কোনো ব্যক্তিয়ে মানৱ সমাজলৈ এক মহৎ বৰঙণি আগবঢ়াব বিচাৰে, তেন্তে তেওঁ কোনখন ক্ষেত্ৰ বাছি লোৱা উচিত হ’ব?
মিচ্ছিউ কাকু – তালিকাখন দীঘলীয়া৷ বিজ্ঞানক বিকাশৰ ইঞ্জিন বোলা হয়, সেইকাৰণে আমাৰ চৌপাশে আমি যিবোৰ দেখি আছোঁ – সেই আটাইবোৰ বিজ্ঞানৰ পৰা আহৰণ কৰা হৈছে৷ যদি তুমি কিবা বৰঙণি আগবঢ়াব বিচাৰা, তেন্তে বিজ্ঞানৰ জগতলৈকে বৰঙণি আগবঢ়োৱা – আমি বাস কৰা পৃথিৱীখনক বুজিবলৈ, আৰু সেই উদ্ভাৱনবোৰ সৃষ্টি কৰিবলৈ যিবোৰে এদিন সমস্ত ৰেহৰূপেই সলাই পেলাব৷ উদাহৰণস্বৰূপে, আমি বিজ্ঞানীসকলে ট্ৰেন্সজিষ্টৰ উদ্ভাৱন কৰিলোঁ – য’ৰপৰা কম্পিউটাৰ আৰু কম্পিউটাৰ যুগ আৰম্ভ হ’ল; আমি লেজাৰ আৱিষ্কাৰ কৰিলোঁ – যিয়ে ইণ্টাৰনেটৰ ব্যৱস্থাক সুচল কৰি তুলিলে; আমি ৱৰ্ল্ড ৱাইড্ ৱেবত লিখিবলৈ আৰম্ভ কৰিলোঁ – যিয়ে উপ-পাৰমাণৱিক পদাৰ্থৰ গতিবিধি নিৰীক্ষণ কৰিলে; আৰু আমিয়েই এক্স-ৰে যন্ত্ৰ, টেলিভিছন, ৰেডিঅ’, মাইক্ৰ’ৱেভ, ৰাডাৰ, এম.আৰ.আই. যন্ত্ৰও সাজি উলিয়ালোঁ৷ এই আটাইবোৰ আহিলাই সৃষ্টি হৈছে কোনোবা নহয় কোনোবা এজন পদাৰ্থ বিজ্ঞানীৰ মনৰ পৰা৷ আৰু আজি আমি পদাৰ্থ বিজ্ঞানীসকলেই কৃত্ৰিম বুদ্ধিমত্তাৰে সুসজ্জিত এক নতুন প্ৰজন্মৰ ৰকেট সাজিবলৈ গৈ আছোঁ৷ আমাৰ ধাৰণা যে – এই উদ্ভাৱনে সমাজক সমৃদ্ধিশালী কৰি তুলিব আৰু বিশ্বক সুন্দৰতৰ কৰিব৷ এয়াই হৈছে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন৷
নিউ এটলাছ – বৰ্তমান সময়ৰ কোনখন ক্ষেত্ৰত আপুনি বিকাশৰ মাত্ৰা অধিক বুলি ভাবে?
মিচ্ছিউ কাকু – যদি তুমি বিজ্ঞানৰ ঢৌবোৰলৈ মন কৰা, তেন্তে দেখিবা যে বিকাশৰ প্ৰথম ঢৌটোৰ সৃষ্টি হৈছিল ঔদ্যোগিক বিপ্লৱ আৰু ভাপ-ইঞ্জিনৰ কালছোৱাত৷ দ্বিতীয়টো ঢৌ আহিছিল থমাছ এডিছন আৰু বিদ্যুৎ-শক্তি হিচাপে৷ সেয়া আছিল বিদ্যুতৰ যুগ৷ তৃতীয়টো ঢৌ আছিল উচ্চ-প্ৰযুক্তিবিদ্যাৰ – য’ত কম্পিউটাৰ, ইণ্টাৰনেট আৰু তথ্যৰ যুগে পাতনি মেলিছিল৷
বিকাশ আৰু উদ্ভাৱনৰ চতুৰ্থটো ঢৌ এতিয়া আহিব- কৃত্ৰিম বুদ্ধিমত্তা, নেন’ প্ৰযুক্তি আৰু জৈৱপ্ৰযুক্তিবিদ্যাৰ ৰূপত৷ এইবোৰৰ বিষয়েই মই আহি থকা অনুষ্ঠানসমূহত বক্তব্য ৰাখিম৷ এইবোৰেই হৈছে আমাৰ ভৱিষ্যতৰ ইঞ্জিন৷
এইসমূহ বক্তৃতাত বৰ্হিবিশ্বৰ কথাও থাকিব যেতিয়া মই মানৱ সমাজৰ ভৱিষ্যতৰ বিষয়েও নিশ্চয়কৈ ভাৱ-বিনিময় কৰিম৷ কাৰণ, মহাকাশ-ভ্ৰমণ প্ৰত্যেক বছৰে সস্তীয়া হৈ আহি আছে৷ সেইহেতুকে ভৱিষ্যতৰ ২০ বা ৫০টা বছৰত আমাৰ জীৱনে কি গতি ল’ব – তাৰ সম্পৰ্কেও এক থূলমূল ধাৰণা তোমালোকক মই দিবলৈ প্ৰয়াস কৰিম৷
নিউ এটলাছ – মহাকাশ-ভ্ৰমণৰ বিষয়টোত আমি ভাবিব পাৰোঁ যে – আমাৰ মানৱ সমাজে হয়তো এই বৃহদাকাৰৰ ব্ৰহ্মাণ্ডলৈ এদিন বৰঙণি আগবঢ়াব পাৰে৷ সেই বৰঙণিটো কেনেধৰণৰ হ’ব – আপোনাৰ কিবা ধাৰণা আছেনে?
মিচ্ছিউ কাকু – হয়৷ তাৰ বাবে প্ৰথমতেই আমি ডাইন’ছ’ৰৰ প্ৰসংগটো বাদ দিম, যিহেতু সিহঁতৰ কোনোধৰণৰ মহাকাশ-ভ্ৰমণৰ কাৰ্যসূচী নাছিল৷ সেইকাৰণে সিহঁত আজি অপ্ৰাসংগিক৷ আজিৰপৰা ৬৫ মিলিয়ন বছৰৰ আগেয়ে যেতিয়া এটা উল্কা অথবা ধুমকেতুৱে য়ুকোটান নাইবা মেক্সিক’ক খুন্দা মাৰিছিল, সিহঁত তেতিয়া সম্পূৰ্ণ বিবুধিত পৰিছিল৷ সিহঁতক কোনে আৰু কেনেকৈ খুন্দা মাৰিলে, সিহঁতে নেজানিলে আৰু সিয়েই ডাইন’ছ’ৰবোৰক মষিমূৰ কৰি পেলালে৷
আনহাতে এতিয়া আমি নিজৰ ভাগ্য নিজেই নিৰূপণ কৰিছোঁ৷ আমাৰ নিয়তি আমাৰেই হাতত৷ আমাৰ পৰিণতি ডাইন’ছৰৰ লেখীয়া নহয়গৈ, কাৰণ আমাৰ হাতত মহাকাশ-ভ্ৰমণৰ কাৰ্যসূচী আছে৷ আমাৰ হাতত নিয়তি সলাব পৰা উপাদান আছে৷
যিদিনাই আমি বহু-বিশ্বীয় প্ৰাণী হ’বগৈ পাৰিম, সেইদিনাই আমি বৰঙণি আগবঢ়োৱা পৰ্যায়ত আৰোহণ কৰিব পাৰিম৷ তুমি জানানে – বিশ্বৰ মহান জ্যোতিৰ্বিজ্ঞানী কাৰ্ল ছাগানৰ সাক্ষাৎকাৰ এটা লোৱাৰ মোৰ সৌভাগ্য হৈছিল৷ মই তেওঁক সুধিছিলোঁ – “আপোনাৰ জীৱনৰ লক্ষ্য কি?”৷ তেওঁ কৈছিল – “দ্বি-গ্ৰহীয় প্ৰাণীৰ বাবে ভেটি এটা সাজি থৈ যোৱাই মোৰ জীৱনৰ লক্ষ্য৷” “আমাক এক বীমা আঁচনি লাগে..” – তেওঁ কৈছিল – “..সকলোকে মঙললৈ লৈ যাবলৈ নহয়৷ কাৰণ সেইটো বৰ খৰচী কাৰবাৰ হ’ব৷ কিন্তু মঙলত আমি এটা পৰিৱেশ নিশ্চয়কৈ তৈয়াৰ কৰিব লাগিব, যদিহে পৃথিৱীত কিবা অথন্তৰ ঘটে! সেয়ে আমি দুটা গ্ৰহৰ বাসিন্দা হোৱা উচিত৷”
আৰু এতিয়া ইলন মাস্ক, এজন স্ব-প্ৰতিষ্ঠিত বিলিয়নিয়েৰে চন্দ্ৰলৈ যোৱা ৰকেট নিৰ্মাণ কৰিবলৈ ধৰিছে! তাকো নিজৰ ধনেৰে, নিজৰ ৰকেট৷ কথাটো সাংঘাতিক নহয়নে! ‘ফেলকন হেভি’ নামৰ ব্যক্তিগত পৰ্যায়ৰ ৰকেটটোৰে তেওঁ চন্দ্ৰ আনকি মঙললৈও মহাকাশচাৰী প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে৷ তেওঁৰ এটা সপোন আছে – যে কোনোবা এদিন মঙলত হয়তো দহ লাখ মানুহ থাকিব পৰা ব্যৱস্থা এটা হ’বগৈ৷
তাৰপিছত আহিল ষ্টিভ বেজ’ছ, পৃথিৱীৰ অন্যতম ধনাঢ্য ব্যক্তি – যিজনে এমাজন প্ৰতিষ্ঠা কৰিছিল৷ তেওঁ মহাকাশত নিজৰ বাবে ব্যক্তিগত এক বন্দৰ সাজিছে৷ তেওঁৰ ব্যক্তিগত উৎক্ষেপণস্থলী আছে টেক্সাছত৷ পৰ্যটনৰ বাবে ষ্টিভে পুনৰ্ব্যৱহাৰযোগ্য ৰকেট উৎক্ষেপণ কৰিব আৰু পৰ্যায়ক্ৰমে চন্দ্ৰলৈকো ‘এমাজন’ প্ৰেৰণ কৰিব৷ চন্দ্ৰত থাকি এমাজনৰ জৰিয়তে কিতাপ অৰ্ডাৰ কৰাৰ কথাটো তুমি কল্পনা কৰিব পাৰানে?
আৰু হয়, প্ৰকৃত স্বপ্নদ্ৰষ্টাই ধন খৰচ কৰে৷ তেওঁলোকে নাছালৈ বাট চাই নাথাকে৷ এইবোৰ আঁচনিত তেওঁলোকে এইকাৰণেই বিনিয়োগ কৰিছে যাতে অন্বেষণৰ বাবে মানুহৰ সমুখত এখন নতুন দ্বাৰ খোল খায়৷
নিউ এটলাছ – শেহতীয়াকৈ মহাকাশ-ভ্ৰমণক লৈ আৰম্ভ হোৱা প্ৰতিযোগিতাখনক লৈ মানুহ সাংঘাতিকধৰণে উত্তেজিত৷ কিন্তু এই ভ্ৰমণবোৰ যে একাংশ বিলিয়নাৰৰ কাৰণে হ’বিৰ নিচিনা হৈ পৰিছে – সেইটো কথাৰ দোষ আৰু গুণৰ বিষয়ে আপুনি কি কয় – মোৰ জানিবলৈ মন আছে৷ অলপ-চলপ ইগ’ও ইয়াৰ লগত সম্পৃক্ত হৈ আছে৷ সৰ্বস্ব থকা মানুহজনৰ বাবেহে যেন মহাকাশৰ এই সমস্ত পৰিকল্পনাই অপেক্ষা কৰি আছে! এই আঁচনিবোৰ চৰকাৰী পৰ্যায়তে আবদ্ধ নাথাকি ব্যক্তিগত পৰ্যায়লৈ পৰ্যবসিত যোৱাৰ সুফল আৰু কুফল সম্পৰ্কে আপুনি কি ক’ব খোজে?
মিচ্ছিউ কাকু – আচলতে কথাটো হ’ল – চৰকাৰবোৰ বৰ মন্থৰ, খুবেই সাৱধান৷ অৱশ্যে খৰচৰ কথাটো সিমান গুৰুত্বপূৰ্ণ নহয়; সেইকাৰণে বাজেট কেতিয়াবা নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়৷ আৰু কৰদাতাই অৱশেষত আইডিয়াটোক হজম কৰি পেলায়৷ ১৯৬৬ চনত, এপ’ল’ মহাকাশ-অভিযানটোৰ বাবে আমেৰিকান বাজেটে ৫ শতাংশ ধন নিৰ্ধাৰণ কৰিছিল৷ সেইটো বহন-অযোগ্য, অকল্পনীয়৷ কৰ হিচাপে লোৱা প্ৰতিটো ডলাৰৰ ৫ শতাংশ তুমি চন্দ্ৰ অভিযানলৈ উৎসৰ্গা কৰিলা, কথাটো বহনক্ষম নহ’ল৷
এতিয়া মূল্য হ্ৰাস পাইছে, কাৰণ এই বিলিয়নাৰসকলে তেওঁলোকৰ ব্যক্তিগত পূঁজি এই অভিযানবোৰত ব্যৱহাৰ কৰিছে৷ তুমি মেট ডেমন অভিনীত ‘মাৰ্টিয়ান’ ছবিখন চাইছানে? সেইখন ছবি নিৰ্মাণ কৰোঁতে ১০০ মিলিয়ন ডলাৰ ব্যয় হৈছে৷ অথচ ভাৰতীয়সকলে মাত্ৰ ৭০ মিলিয়ন ডলাৰ খৰছ কৰিয়েই মংগল গ্ৰহত এটা আহিলা স্থাপন কৰিব পাৰিছে৷ কথাটো ধৰিব পাৰিলানে যে সঁচাসঁচি মঙল-ভ্ৰমণতকৈও হলিউডৰ এখন ছবি নিৰ্মাণ কৰাতহে অধিক ধন খৰছ হৈছে৷ এনেকৈয়ে মহাকাশ ভ্ৰমণৰ খৰছ ইমান নিম্নগামী হৈ পৰিছে৷
আনহাতে ছিলিকন ভেলিত সৃষ্টি হোৱা এই জ্যাগান্তিক ইগ’কেন্দ্ৰিক যুঁজবোৰৰ বাবে এতিয়া ইজনে আনজনক চেৰ পেলাব বিচাৰিছে৷ চন্দ্ৰলৈ যাব পৰা আটাইতকৈ কম-খৰছী ৰকেট নিৰ্মাণৰ প্ৰতিযোগিতাত তেওঁলোক এতিয়া সোমাই পৰিছে৷ আৰু সেইকাৰণেই ইল’ন মাস্ক আৰু ষ্টিভ বেজ’ছে পুনৰ্ব্যৱহাৰযোগ্য ৰকেট সজাত লাগিছে৷ কথাটো ব্যৱহাৰযোগ্য বাহনৰ(used car) লেখীয়া৷ ব্যৱহাৰযোগ্য বাহনৰ বজাৰখনে মালিকানাধীন বাহনৰ জগতত এক বিপ্লৱৰ সূচনা কৰিলে৷ তাৰফলত নাবালক এজনেও গাড়ী কিনিব পৰা হ’ল! সেই একেই কথা এতিয়া খাপ খাইছে ৰকেটৰ লগতো৷ আমাৰ হাতত পুনৰ্ব্যৱহাৰযোগ্য ৰকেট থাকিব, যিটো সম্ভৱ কৰি তুলিব ছিলিকন ভেলীৰ এই ইগ’কেন্দ্ৰিক যুঁজখনে৷ যাৰ পৰিণতিত মহাকাশ-ভ্ৰমণৰ খৰছ কমি যাব আৰু এসময়ত গৈ এনেকুৱা এটা পৰ্যায় পাবগৈ যে আমাৰ পিতৃ-মাতৃও এদিন বৰ্হিবিশ্বলৈ যাব পৰা হ’ব৷
নিউ এটলাছ – তথাপি তাৰ লগত কিবা শংকা জড়িত হৈ আছে নেকি? কাৰণ, গোটেই কাৰবাৰটো কেইজনমান মুষ্টিমেয় মানুহৰ প্ৰচেষ্টা যেনহে লাগে – মাস্ক, বেজ’ছ, ৰিচাৰ্ড ব্ৰেনছনৰ ওপৰতে গুৰুদায়িত্ব৷ তেওঁলোকৰ লগত যদি কিবা অঘটন ঘটে- তেতিয়া কি হ’ব?
মিচ্ছিউ কাকু – কথাটো হয়৷ আচলতে ব্যক্তিগত বিনিয়োগৰ সেইটো এটা দুৰ্বল দিশ৷ কিন্তু প্ৰতিটো বিনিয়োগৰেই কিছুমান দুৰ্বল দিশ থাকেই৷ উদাহৰণস্বৰূপে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰে মহাকাশযানৰ এলবেট্ৰছটোক আৰ্থিক সাহায্য প্ৰদান কৰি আছিল – যিটোৰ খৰছ এসময়ত গৈ প্ৰতিটো উৎক্ষেপণতে এক বিলিয়ন হৈছিল৷ সেইকাৰণে কৰদাতাসকলৰ লগতে ৰাষ্ট্ৰপতি বাৰাক অ’বামাইও হাতখন অলপ টান কৰি দিলে – যাতে কথাবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায়৷
আৰু তেনে এক সময়তেই ব্যক্তিগত পৰ্যায়ৰ উদ্যোগসমূহৰ আগমন ঘটিল৷ এই ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰৰ টয়লেট-নিৰ্মাণত অথবা সোণৰ নলা তৈয়াৰ কৰাৰ তিলমানো ইচ্ছা নাই৷ তেওঁলোকে যিকোনো বস্তুৱেই কাৰ্যক্ষম, বাস্তৱসন্মত আৰু শীঘ্ৰে হোৱাটো বিচাৰে৷
নাছাৰ চন্দ্ৰলৈ পঠিওৱা ৰকেটটোক কোৱা হৈছিল এছএলএছ বুষ্টাৰ ৰকেট৷ অহা বছৰত আৰম্ভ হ’বলগীয়া এই অভিযানটোত প্ৰতিটো চন্দ্ৰ-অভিযানৰ বাবে আৱশ্যক হ’ব এক বিলিয়ন ডলাৰৰ৷ ইলন মাস্কে কৈছে – “কি অদ্ভুত! মই পিছে সেই একেটা কামেই এছএলএছত ব্যয় হোৱা ধনৰ নামমাত্ৰ অংশৰেই কৰি পেলাব পাৰিম আৰু বছৰেকত এবাৰ যোৱাৰ পৰিৱৰ্তে পুনৰ্ব্যৱহাৰযোগ্য ৰকেটৰে কেইবাবাৰো চন্দ্ৰলৈ যাব পাৰিম৷”
গতিকে তেনেকুৱা চিন্তাইহে মহাকাশ-যাত্ৰাত ইতিহাসৰ সূচনা কৰিব৷ অলপ-অচৰপ প্ৰতিযোগিতা থাকিব লাগে, তেতিয়া নিজৰ স্থিতিটো ধৰিব পাৰি৷ নিৰাপদ, বিশ্বাসযোগ্য আৰু কাৰ্যকৰী ৰকেট সাজিবলৈও তোমাক সি অনুপ্ৰেৰণা যোগায়৷ আৰু কালক্ৰমত তাৰপৰাই মহাকাশ-পৰ্যটনৰ বাট এটা উন্মুক্ত হয়৷
মোৰ ভৱিষ্যদ্বাণী যদি সঁচা হয়, তেন্তে মানুহে এদিন চন্দ্ৰপৃষ্ঠত মধুচন্দ্ৰিকা যাপন কৰিব৷ কথাটো একেবাৰে উলাই কৰিব পৰাও নহয়, কাৰণ ব্যয়ৰ পৰিমাণ তৰিৎ বেগেৰে কমি আহিছে৷ পৃথিৱীৰ কক্ষপথত এক পাউণ্ডবিশিষ্ট যিকোনো বস্তু নিক্ষেপ কৰিবলৈ দহ হাজাৰ মাৰ্কিন ডলাৰহে লাগে৷ তুমি আইএছএছ(International Space Station) গৈ পাবলৈ তোমাৰ সম-ওজনৰ সোণ এটুকুৰাৰ খৰচটোহে লাগে! সুদূৰ ভৱিষ্যতে আমি সেইটোও কমাই দহ শতাংশমান কৰিব পৰা হ’ম৷
নিউ এটলাছ – মহাকাশ-পৰ্যটনৰ প্ৰথমটো যাত্ৰাৰ বাবে আপুনি আসন এখন যোগাৰ কৰিছেনে নাই?
মিচ্ছিউ কাকু – মই এজন বিজ্ঞানী৷ মই এনে এজন মানুহ যিয়ে এইবোৰৰ তাত্ত্বিক দিশটোত চকু ফুৰায়, যিয়ে আৰ্হি প্ৰস্তুত কৰে, যিয়ে গুৰুতৰ সমস্যাসমূহ বিশ্লেষণ কৰে৷ সেয়ে মই আসন এখন লোৱাৰ পৰিৱৰ্তে বায়ু সেনাৰ পাইলটকহে সেই সুযোগটো দিবলৈ বিচাৰিম যাতে তেওঁলোকেই মঙল গ্ৰহত সৰ্বপ্ৰথমে কলনি এটা স্থাপন কৰিব পাৰে৷
তাৰ বাবে তোমাৰ সাহো থাকিব লাগিব ধেৰ৷ চন্দ্ৰলৈ যাবলৈ তিনি দিন লাগে৷ মঙললৈ যাবলৈ বিচৰা মানুহজন প্ৰচণ্ড সাহসী হ’ব লাগিব৷ কিন্তু ২০৩০ৰ আগে-আগে, আমি ভাবোঁ – আমি মঙলত ব্যৱস্থা এটা সৃষ্টি কৰিবগৈ পাৰিম৷ আৰু একবিংশ শতিকাৰ শেষাৰ্ধত আমি বোধহয় ৰঙা গ্ৰহত এটা স্থায়ী মাৰ্ছ-বে’ছ(Mars-Base) সাজিব পাৰিম৷
নিউ এটলাছ – স্বাভাৱিকতেই বহু-গ্ৰহীয় প্ৰাণীৰ ধাৰণাটো গঢ়ি উঠিছে এটা শংকাৰ ভিত্তিত – যে পৃথিৱীত কিবা অঘটন ঘটি যাব পাৰে! আপোনাৰ বিচাৰত কোন তিনিটা প্ৰধাণ কাৰক মানৱ সমাজৰ বাবে সৰ্বাধিক সংকটপূৰ্ণ?
মিচ্ছিউ কাকু – কথাবোৰ খোলাখুলি হোৱা ভাল৷ আচলতে এই পৃথিৱীতেই আমি কিছুমান স্থানীয় আৰু বৃহৎ সমস্যাৰ লগত যুঁজি আছোঁ৷ মহাকাশৰ কথা বাৰু সদ্যহতে থোৱা৷ পৃথিৱীৰ সমস্যাবোৰকেই আমি সমাধান কৰি ল’ব লাগিব৷
প্ৰথমটো হৈছে গোলকীয় উষ্ণতা৷ পৃথিৱীখন সঁচাকৈয়ে বৰ গৰম হৈ আহিছে – আৰু এতিয়া আমি সৌৰশক্তিৰ খৰছ কমাব পৰা বিকল্পৰ সন্ধান কৰিব লাগিব৷ তাৰ এটা উপায় হৈছে ছুপাৰ-বেটেৰী সৃষ্টি কৰা৷ আমি পাহৰি যাওঁ যে সৌৰকোষবোৰ ইমান শক্তিশালী নহয়৷ আৰু সেইবোৰৰ পৰা আমি যিমান পাৰিছোঁ, ইতিমধ্যেই আহৰণ কৰিছোঁ৷
সৌৰ-যুগত আমাক সকাহ দিব বেটেৰীয়েহে৷ ক্ৰমাৎ বেটেৰীৰ প্ৰতি মানুহৰ জিজ্ঞাসাও বাঢ়িছে – যাৰ বাবে ধন্যবাদ যাঁচিব লাগিব তোমাৰ ম’বাইল ফোন আৰু লেপটপত থকা লিথিয়াম বেটেৰীক৷ উদ্ভাৱকসকলেও সেয়েহে ছুপাৰ-বেটেৰী সৃষ্টি কৰাত লাগিছে৷ আনকি টেছলা মটৰ্ছৰ ইলন মাস্কে কৈয়েই পেলাইছে যে টেছলাই এনেকুৱা এটা ছুপাৰ বেটেৰী সাজি উলিয়াব যিয়ে তীক্ষ্ণ গৰম আৰু জাৰৰ প্ৰকোপৰ মাজতো শক্তি উৎপাদন কৰিব পৰাকৈ কৰ্মক্ষম হ’ব৷ গতিকে কেৱল বেটেৰীৰ দ্বাৰাহে আমি সৌৰ-যুগত প্ৰৱেশ কৰিব পাৰিম৷
তাৰপিছতে আমি চিন্তা কৰিব লাগিব জৈৱ-যুদ্ধৰ বিষয়ে৷ যিবোৰ জীৱাণুক হয়তো গৱেষণাগাৰৰ পৰা চুৰ কৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷
সৰ্বশেষত আমাৰ বাবে চিন্তাৰ কাৰণ হৈছে – নিউক্লিয়াৰ বিস্তাৰ৷ পৃথিৱীৰ কিছুমান বিপদজনক ঠাইত নিউক্লিয়াৰ বোমাৰ সংখ্যা বৃদ্ধি পাইছে৷ উদাহৰণস্বৰূপে – মধ্য প্ৰাচ্য, কোৰিয়ান উপদ্বীপ৷ এইবোৰ একেবাৰে অস্থিৰ ঠাই আৰু এনেবোৰ ঠাইতেই নিউক্লিয়াৰ বোমাৰ ব্যাপকতা বৃদ্ধি পাইছে – যিটো হ’ব নালাগিছিল৷
পৃথিৱীত আমাৰ প্ৰকৃত সমস্যা এইবোৰেই – যিবোৰ আমি অন্য গ্ৰহত চকু ৰাখি থকাৰ মাজতে সমাধান কৰিব লাগিব৷
নিউ এটলাছ – যোৱা বিশ, ত্ৰিশ অথবা চল্লিছ বছৰে আমি যিবোৰ সমস্যাৰ লগত যুঁজি আহিছোঁ সেইবোৰ আঁতৰ হোৱা নাই৷
মিচ্ছিউ কাকু – নাই৷ শীতল যুদ্ধৰ অৱসান ঘটিছে – সেইটো সৌভাগ্যৰ কথা৷ গতিকে আমি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত ছুপাৰপাৱাৰ-কেন্দ্ৰিক বিনিময়ৰ কাৰণে আৰু চিন্তা কৰিব নেলাগে৷ কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত যুঁজ লাগিব পাৰে – সেইটো পৃথিৱীৰ এক শংকাপূৰ্ণ এলেকা৷ কোৱাটো নিষ্প্ৰয়োজন, উত্তৰ কোৰিয়াৰ লগতো এতিয়া নিউক্লিয়াৰ যুদ্ধাস্ত্ৰৰ সৰু সংগ্ৰহ এটা আছে৷
আনহাতে মধ্য-প্ৰাচ্যলৈ চোৱা৷ ইজৰাইলৰ নিউক্লিয়াৰ অস্ত্ৰ আছে৷ আৰু ইৰাণ! ইৰাণ-চুক্তিৰ ম্যাদ ওকলাৰ লগে-লগেই ইৰাণ নিউক্লিয়াৰ বোমাৰ মালিক হ’ব৷ চুক্তিখন বাহাল থকালৈকেহে ইৰাণৰ ওচৰত বোমা থাকিব নোৱাৰে৷ যেতিয়া ১৫ বছৰৰ পিছত চুক্তিখন শেষ হ’ব, তেতিয়াতো ইৰাণ নিউক্লিয়াৰ বোমাৰ পৰা বেছি দূৰত্বত নাথাকে৷ সেইকাৰণেই আমি নিউক্লিয়াৰ বিস্তাৰক এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত কৰিব লাগে৷
নিউ এটলাছ – আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কৈছিল৷ একাংশৰ মতেতো কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ অস্তিত্বকে বিপদাপন্ন কৰিব৷ আপোনাৰ কি মত?
মিচ্ছিউ কাকু – মাৰ্ক জুকাৰবাৰ্গে ফে’চবুকত কৈছে – “কৃত্ৰিম বুদ্ধিমত্তাই চাকৰিৰ সৃষ্টি কৰিব, প্ৰগতি আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব৷ সঁচাকৈয়ে এক মহান কাৰ্য সাধিত হ’ব৷” আনহাতে ইলন মাস্কে কৈছে – “ই আমাৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে৷ এদিন ৰ’বটবোৰে আমাক নিয়ন্ত্ৰণ কৰিব৷”
মোৰ দৃষ্টিভংগীটো হ’ল – শতিকাটো শেষ হোৱালৈকে, খুব কম সময়ৰ বাবে জুকাৰবাৰ্গৰ কথা শুদ্ধ৷ কৃত্ৰিম বুদ্ধিমত্তাই জীৱন সৰলতৰ কৰি তুলিব, সহজ আৰু অল্পব্যয়ী কৰি তুলিব৷ ই নতুন চাকৰিৰ সৃষ্টি কৰিব৷ মোৰ মতে, কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্যোগ গাড়ীৰ উদ্যোগতকৈও ডাঙৰ হ’ব৷ কাৰণ তোমাৰ গাড়ীখনো তেতিয়ালৈ ৰ’বটলৈ ৰূপান্তৰিত হ’ব৷ তুমি তোমাৰ গাড়ীখনৰ লগতো কথা পাতিব পৰা হ’বা, তৰ্ক কৰিব পৰা হ’বা৷
আনহাতে, দীৰ্ঘ সময়লৈ চালে ইলন মাস্কৰ কথাত মই পতিয়ন যাম৷ শতিকাটোৰ শেষত কৃত্ৰিম বুদ্ধিমত্তা বান্দৰটোৰ সমানেই স্মাৰ্ট হৈ পৰিব৷ বান্দৰবোৰ আত্ম-সচেতন৷ সেইহেতুকে আমি ৰ’বটৰ মগজুত এনে কিছুমান ‘ছিপ’ স্থাপন কৰিব লাগিব – যাতে সিহঁতৰ মনলৈ অমানুষিক চিন্তা আহিলে আমি তাক নিষ্ক্ৰিয় কৰি দিব পাৰোঁ৷
নিউ এটলাছ – এতিয়া স্বাভাৱিকতেই পৰৱৰ্তী প্ৰশ্নটো হ’ব – যদিহে সিহঁত আমাতকৈ স্মাৰ্ট হৈ পৰে?
মিচ্ছিউ কাকু – তেনেহ’লে আমি এতিয়া ২২ শতিকাৰ কথা পাতোঁ৷ সেইটো শতিকাত সিহঁতবোৰে হয়তো এই বিশ্বাসযোগ্য ব্যৱস্থাবোৰ প্ৰতিহত কৰিবৰ বাবে কিছুমান বাট বিচাৰি উলিয়াব৷ সিহঁততো মুৰ্খ নহয়, গতিকে এসময়ত সিহঁতে বাট এটা বিচাৰি ল’বই৷ মই ভাবোঁ তেনে এক মুহূৰ্তত আমি সিহঁতৰ সৈতে একত্ৰিত হ’ব লাগিব৷ অতিমানৱ বা অতিমানৱীওতো হৈ যাব পাৰোঁ – নোৱাৰোঁ জানো? আমিনো এনে এটা ৰ’বটিক দেহৰেই সৃষ্টি কৰি নলওঁ কিয় – যাৰ কাহানিও মৃত্যু নঘটে! যি একেবাৰে নিখুঁট! ত্ৰুটিমুক্ত হোৱাতনো আপত্তি কি?
মোৰ মতে, ঘটনাবোৰ সেই দিশেৰেই গৈ আছে – যিদিনা আমি আমাৰ সৃষ্টিবোৰৰ লগতেই সন্মিলিত হৈ পৰিম৷ তেতিয়া আমি সৌন্দৰ্যশালী হৈ পৰিম, আমাৰ শক্তি বাঢ়িব, চন্দ্ৰত থাকিব পৰা হ’ম, মঙলৰ নিবাসী হ’ম – তাকো মহাকাশচাৰীৰ পোছাক নিপিন্ধাকৈ – কাৰণ আমি অতিমানৱ৷ আৰু যদিহে এদিন বৰ্হিজগতৰ প্ৰাণী আহি হোৱাইট হাউছৰ চোতালত অৱতৰণ কৰে আৰু নিজৰ অস্তিত্বৰ কথা ঘোষণা কৰে – তেতিয়া আমি ধৰি ল’ম যে তেওঁলোক আংশিকভাৱে জৈৱ আৰু আংশিকভাৱে চাইবাৰনেটিক৷
নিউ এটলাছ – প্ৰশ্ন উত্থাপিত হয় – যন্ত্ৰবোৰে যেতিয়া আমাৰ বুদ্ধিমত্তাক অতিক্ৰম কৰি যাব – তেতিয়ানো আমি যন্ত্ৰবোৰক কি দিব পাৰিম? সিহঁতেনো আমাৰ লগত একত্ৰিত হ’ব কিয়?
মিচ্ছিউ কাকু – সেইটো কাৰণতে সম্ভৱতঃ বৰ্হিবিশ্বৰ প্ৰাণীবোৰে আমাক অকলে এৰি দিছে৷ সেইকাৰণেই বোধহয় সিহঁতে নিজৰ অস্তিত্ব এতিয়ালৈকে ঘোষণা কৰা নাই৷ মানে – যদি তুমি অৰণ্যলৈ যোৱা – তেতিয়া জানো পহুটোৰ লগত কথা পাতা? তুমি জানো অৰণ্যত থকা কেৰ্কেটুৱাটোৰ লগত কথা পাতা? হয়তো প্ৰথমে অলপ-চলপ পাতিব পাৰা; কিন্তু এদিন তোমাৰ ব’ৰ লাগি যাব৷ তোমাক ক’বলৈ সিহঁতৰ ওচৰত যে একো কথা নাই! গতিকে তুমি সিহঁতৰ সংগ ত্যাগ কৰিবা৷ একেই কথা খাটে বৰ্হিবিশ্বৰ প্ৰাণীৰ লগতো৷ চাগে কোনোবা সময়ত প্ৰাণীবোৰে আমাৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সিহঁতক দিবলৈ আমাৰ ওচৰত একো নথকা দেখি আমাক সিহঁতে অৰণ্যত অকলে এৰি দিলে৷
নিউ এটলাছ – বোধহয় নতুন-নতুন আইডিয়া কিছুমান সৃষ্টি কৰাৰ জোখাৰে বিৱৰ্তন হ’বলৈ আমাক আৰু কেইনিযুতমান বছৰ লাগিব৷ নে কি কয়?
মিচ্ছিউ কাকু – বৰ্হিবিশ্বৰ প্ৰাণীৰ লগত সাক্ষাৎ নোহোৱালৈকে আমি চিন্তা-ভাৱনা কৰি থাকিব পাৰোঁ৷ কিন্তু মই ভাবোঁ – সিহঁত আছে৷ ব্ৰহ্মাণ্ডত ইমানবোৰ গ্ৰহ! সেইবোৰতেই এশ কোটিমান প্ৰাণী ওলাব৷ গতিকে আমিয়েই যে এই ব্ৰহ্মাণ্ডত অকলে আছোঁ – সেইটো এটা ভুল চিন্তা৷
সেয়ে ইয়াৰ পাছৰবাৰ যেতিয়া তুমি আকাশলৈ চাবা, তেতিয়া উপলব্ধি কৰিবা যে – তুমি চোৱাৰ দৰে তোমালৈও কোনোবাই ক’ৰবাৰপৰা চাই থাকিব পাৰে! আৰু পৃথিৱীত প্ৰাণ আছে নে নাই – সেইটো ভাবি থাকিব পাৰে!
মনত ৰাখিবা – মই মোৰ কিতাপত ভৱিষ্যতৰ কথা কৈছোঁ৷ তাত কল্প-বিজ্ঞান নাই; কাৰণ মই কল্প-কাহিনীৰ লেখক নহয়, মই এজন পদাৰ্থ বিজ্ঞানীহে৷ কিন্তু মোৰ জীৱনলৈ এটা সৌভাগ্য আহিছিল য’ত মই পৃথিৱীৰ তিনিশ শ্ৰেষ্ঠ বিজ্ঞানীৰ কৰ্মৰ বিষয়ে জানিব পাৰিছিলোঁ, আৰু যিসকলে এতিয়া গৱেষণাগাৰত ‘ভৱিষ্যত’ উদ্ভাৱন কৰি আছে৷
No Comments