18 Jan ভেনচিত্ৰ
এখন মহাবিদ্যালয়ৰ ফুটবল, ভলীবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীসকলক তলৰ ভেনচিত্ৰটোত ক্ৰমে ত্ৰিভূজ, বৰ্গ, বৃত্ত আৰু আয়তৰ সহায়ত বুজোৱা হৈছে।এই ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্ন সাতটাৰ উত্তৰ উলিয়াওক।
১) বেডমিন্টন খেলা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৭৭ B) ৩৩১ C) ৩৪১ D) ৩৫৯
২) ফুটবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা, কিন্তু ভলীবল নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৩১৫ B) ৫১ C) ২২ D) ১২১
৩) ফুটবল, ভলীবল বা ক্ৰিকেট খেলা, কিন্তু বেডমিন্টন নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ২০৬ B) ৩১৫ C) ১৪৬ D) ১৭৯
৪) কেৱল বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৩৪১ B) ১৩০ C) ৮৫ D) ২৯
৫) বেডমিন্টন বা ক্ৰিকেট খেলা, কিন্তু ফুটবল নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৩৫৭ B) ৪২৮ C) ২৯৮ D) ৪৮৭
৬) ভলীবল নেখেলা, কিন্তু ফুটবল আৰু ক্ৰিকেট খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ২২ B) ০ C) ২৩০ D) ৫১
৭) ক্ৰিকেট আৰু ফুটবল নেখেলা, কিন্তু ফুটবল আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ১৯৮ B) ৯৬ C) ২০৬ D) ৬২
কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এটা পৰীক্ষাত বিজ্ঞান, গণিত, সাহিত্য, বুৰঞ্জী আৰু ৰাজনীতি —এই পাঁছটা বিষয়ৰ পৰীক্ষা দিছিল। তলৰ ভেনচিত্ৰটোত, বিজ্ঞানত ৬০% তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সমবাহু-ত্ৰিভূজেৰে বুজোৱা হৈছে। ঠিক তেনেদৰে বৃত্তই গণিতত ৬০% তকৈ অধিক নম্বৰ পোৱা, বৰ্গই সাহিত্যত ৬০% তকৈ অধিক পোৱা, আয়তক্ষেত্ৰই বুৰঞ্জীত ৬০% তকৈ অধিক পোৱা আৰু উপবৃত্তই ৰাজনীতিত ৬০% তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক বুজাইছে। ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ক।
৮) অন্ততঃ এটা বিষয়ত কিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৬০% তকৈ অধিক নম্বৰ পাইছিল?
A) ২২ B) ১১৮ C) ৩৭১ D) ৬৯৫
৯) গণিত আৰু সাহিত্যত ৬০% তকৈ বেছি নম্বৰ পোৱা, কিন্তু বিজ্ঞান আৰু ৰাজনীতিত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ১০৮ B) ৮১ C) ১১৭ D) ৩৬
১০) আটাইকেইটা বিষয়তে ৬০% তকৈ অধিক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৬৯৫ B) ৫০০ C) ৩৭১ D) ০
১১) গণিত, সাহিত্য আৰু বুৰঞ্জীত ৬০% তকৈ অধিক পোৱা, কিন্তু ৰাজনীতিত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ২১ B) ২১৮ C) ১৬৫ D) ২৩
১২) গণিতত ৬০% তকৈ অধিক পোৱা, কিন্তু বিজ্ঞান আৰু সাহিত্যত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ৭৭ B) ১৮৭ C) ৬৮ D) ১৭৮
১৩) গণিত, সাহিত্য বা বুৰঞ্জীত কোনোটোতে ৬০% তকৈ অধিক নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ১২ B) ৩১ C) ৪৩ D) ৫২
১৪) বিজ্ঞান আৰু ৰাজনীতিত ৬০% তকৈ অধিক নোপোৱা, কিন্তু গণিতত পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ১০৯ B) ১৮৭ C) ৯২ D) ১১৮
১৫) সাহিত্য আৰু ৰাজনীতিত ৬০% তকৈ অধিক নোপোৱা, বাকী সকলোতে ৬০% তকৈ অধিক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
A) ১৪১ B) ৩৬৪ C) ১৭ D) ৪৩
উত্তৰসমূহ:
১) C ২) C ৩) D ৪) C ৫) C ৬) A ৭) D ৮) C ৯) B ১০) D ১১) A ১২) A ১৩) C ১৪) D ১৫) C
Featured Image Source : Shutterstock
No Comments