আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ সৈতে এটি সাক্ষাৎকাৰ — ড° স্তুতি ৰঞ্জিত কোঁৱৰ

[সাক্ষাৎকাৰটি দুটা খণ্ডত ২৯ অক্টোবৰ, ২০১৫ আৰু ২ নৱেম্বৰ, ২০১৫ তাৰিখে অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশ হৈছিল। নিয়মীয়া বাৰ্তাত প্ৰকাশিত মূল সাক্ষাৎকাৰটি আৰু তাৰ ইংৰাজী অনুবাদ “গণিত চ’ৰা”ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সাক্ষাৎ গ্ৰহণ কৰোঁতা ড° স্তুতি ৰঞ্জিত কোঁৱৰ আৰু নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক ধন্যবাদ জনালোঁ।]

আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰৰ অসমৰ শিক্ষা জগতলৈ থকা অভূতপূৰ্ব অৱদানৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত Indian Institute of Technology, Guwahati ৰ প্ৰতিষ্ঠাৰ আঁৰৰ মূল ব্যক্তিজনেই হৈছে প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰ। কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত আই আই টি বম্বেত উচ্চ শিক্ষা সমাপ্ত কৰি আই আই টি বম্বেতে আৰম্ভণিৰে পৰা শিক্ষকতা কৰা প্ৰফেছৰ বুঢ়াগোহাঁই ছাৰৰ আই আই টি বম্বেলৈয়ো এক সুকীয়া অৱদান আছে। নীৰৱে নিজৰ কৰ্তব্য কৰি যোৱা আৰু নীৰৱে অসম তথা ভাৰতীয় শিক্ষাজগতলৈ নিজৰ অৱদান আগবঢ়াই নিয়াত বিশ্বাসী আৰু এক বিৰল ব্যক্তিত্বৰ অধিকাৰী বুঢ়াগোহাঁই ছাৰৰ বিষযে ছপা মাধ্যমত খুউব কমসংখ্যক লোকেহে লিখিবলৈ সুযোগ পাইছে। তেখেতৰ শিক্ষাকাল, কৰ্মজীৱন আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাৰ আঁৰৰ সকলো কথা বিস্তৃতভাৱে অসমবাসী ৰাইজক জনোৱাৰ উদেশ্যে তেখেতৰ সৈতে এই সাক্ষাৎকাৰটি গ্ৰহণ কৰা হৈছে।

 

প্ৰশ্ন : আই আই টি বম্বেৰ অধ্যাপক, এজন বিজ্ঞানী নতুবা আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰফেছৰ বুঢ়াগোঁহাই ছাৰৰ গোলাগাট আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হোৱা শিক্ষাজীৱনে কেনেদৰে সুদূৰ আই আই টি বম্বেলৈকে যাত্ৰা অব্যাহত ৰাখিলে? কি কথাই আপোনাক আই আই টি বম্বেত পঢ়িবলৈ নতুবা তাত কৰ্মজীৱনৰ পাতনি মেলিবলৈ উৎসাহিত কৰিলে?

প্ৰফেছৰ বুঢ়াগোঁহাই : মেট্ৰিক পাছ কৰি মই কটন কলেজলৈ Intermediate Science (I.Sc.) পঢ়িবলৈ আহোঁ। মই আছিলোঁ কটন কলেজৰ থাৰ্ড মেচত। উচ্চশিক্ষা বুলিবলৈ মই I.Sc. পাছ কৰিয়েই আই আই টি বম্বেলৈ অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী ল’বলৈ আহোঁ। আই আই টি খৰগপুৰ স্থাপিত হৈছিল ১৯৫১ চনত আৰু আই আই টি বম্বে স্থাপিত হয় ১৯৫৮ত। তেতিয়া ই আছিল মুম্বাইৰ ৱ’ৰলীত, পিছলৈ ১৯৫৯ত ইয়াক স্থানান্তৰিত কৰা হয় প’ৱাইলৈ। মই আই আই টি বম্বেত নামভৰ্তি কৰোঁ ১৯৫৯ত।
সেইসময়ত অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন বিভাগ সম্বন্ধে মই একো নাজানিছিলো। সঁচা কথা ক’বলৈ গ’লে মই মেট্ৰিক পৰীক্ষা পাছ কৰালৈকে গোলাঘাটত বিদ্যুৎ নাছিলেই, সৰুৰে পৰা যি এটা অভিযান্ত্ৰিক বিভাগ দেখি আহিছিলোঁ সেয়া হৈছে PWD বিভাগটোহে। সেয়ে ইঞ্জিনীয়াৰিং মানে মোৰ কাৰণে মাত্ৰ চিভিল ইঞ্জিনীয়াৰিং, তাৰ বাহিৰে অন্য একো বিষয়ৰ কথাই নাজানিছিলো।

কটন কলেজৰ মোৰ ছিনিয়ৰ প্ৰভাত দত্ত সেইসময়ত আই আই টি বম্বেৰ ছাত্ৰ আছিল আৰু তেখেতই আই আই টি বম্বেত প্ৰথম অসমীয়া ছাত্ৰ আছিল। প্ৰভাত দত্ত আৰু মই কটন কলেজত একেটা হোষ্টেলতে আছিলোঁ। তেওঁ মোৰ ঠিকনাত আই আই টি বম্বেৰ এখন আবেদন পত্ৰ পঠাই দিয়ে আৰু সেইমৰ্মে মই আই আই টি বম্বেত নামভৰ্তি কৰোঁহি।

আই আই টি ৰ পৰা বি টেক পাছ কৰি উঠি মই লগে লগে তাতে এম টেকত নামভৰ্তি কৰিলোঁ। অৱশ্যে বি টেক কৰি উঠি লগে লগে মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চাকৰিও পাইছিলোঁ, কিন্তু মোৰ আৰু অলপ পঢ়াৰ ইচ্ছা আছিল কাৰণে মই আই আই টি বম্বেতে লগে লগে M.Tech.(Structures) ত নামভৰ্তি কৰিলোঁ। এম টেক কৰি উঠিয়েই কোনো সময় নষ্ট নকৰাকৈ লগেলগে পি এইচ ডিতো নামভৰ্তি কৰোঁ। সেইসময়ত চিভিল ইঞ্জিনীয়াৰিং বিভাগত ময়ে প্ৰথম পি এইচ ডি ছাত্ৰ আছিলোঁ। মোৰ পি এইচ ডিৰ গাইড আছিল প্ৰফেছৰ চি কে ৰমেশ; তেওঁ ভাৰতৰ অৰ্থনীতিবিদ তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ দেউতাক। পি এইচ ডি ডিগ্ৰী পোৱাৰ আগতেই ১৯৬৮ত মই আই আই টি বম্বেত সহকাৰী অধ্যাপক হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ।

আচলতে গৱেষণা শেষ কৰিয়ে মই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চত চাকৰিৰ বাবে আবেদন পত্ৰ দিছিলোঁ। সেই কামটো আছিল Electronics Corporation of India Ltd.ৰ কাৰণে। তাৰ জৰিয়তে তেওঁলোকে ৰেডিঅ’ টেলিস্কোপ এণ্টেনাসমূহ স্থাপন কৰিছিল। মই তাত বাচনি হ’লো। অথচ মোৰ কিন্তু আই আই টি বম্বেৰ সহকাৰী অধ্যাপকৰ চাকৰিত জইন কৰিবলৈ ইচ্ছা গ’ল। আৰু সেইসুত্ৰেই মই আই আই টি বম্বেত শিক্ষকতা কৰি থাকি গ’লো।

প্ৰশ্ন : একাডেমিক আৰু এডমিনিষ্ট্ৰেচন, এই দুয়োটা বিভাগতে আই আই টি বম্বেতো আপোনাৰ যথেষ্ঠখিনি অৱদান আছে। Dean of Planning হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰি আই আই টি বম্বেত আপুনি কি কি কাম কৰাৰ সিদ্ধান্ত লৈছিল আৰু কি কি কাম আপোনাৰ দিনত সম্পূৰ্ণ হৈ উঠিছিল?

প্ৰফেছৰ বুঢ়াগোঁহাই : মই ১৯৮৪ৰ পৰা ১৯৮৭লৈকে আই আই টি বম্বেত Dean(Planning) হিচাবে কাম কৰোঁ। প্ৰথমাৱস্থাত আই আই টি বম্বেত কোনো চাৰিসীমা নাছিল। অৰ্থাৎ তিনিফালে চাৰিসীমাৰ কোনো পকা চিন নাছিল। ডীন অৱ প্লেনিং হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মই ইয়াৰ চাৰিসীমা চিনাক্ত কৰি আই আই টিৰ এখন বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা কৰিলোঁ। মই নাজানোঁ সেয়া মই ভাল কৰিলোঁ নে নাই, কাৰণ বাউণ্ডেৰী ৱাল হোৱাৰ লগে লগে বাউন্ডেৰী ৱালৰ আনফালে slums বহি গ’ল। কিন্তু মোৰ হিচাবত আই আই টি বম্বেখন সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান আৰু প’ৱাই লেকৰ এটা পাৰ আগুৰি থকা হেতুকে ইয়াত মানুহৰ জীৱনৰ সুৰক্ষাৰ খাতিৰতে এখন মজবুত বাউণ্ডেৰী ৱাল থকাটো খুব দৰকাৰী আছিল। তাৰোপৰি মই ভাবোঁ এটা শৈক্ষিক প্ৰতিষ্ঠান এখন বাউণ্ডেৰী ৱালৰ অবিহনে থকাটো বহুত ভুল কথা।

বাউণ্ডেৰী ৱাল দিয়াৰ পিছত আই আই টি বম্বেৰ চৌহদৰ ভিতৰৰ ৰাস্তাবোৰ বহলোৱাৰ ব্যৱস্থা কৰা হ’ল। আগতে ইয়াৰে কিছুমান ৰাস্তা বহুত ঠেক আছিল, যাৰ ফলত যান-বাহনৰ অহা-যোৱাত অলপ অসুবিধা হৈছিল। ইয়াৰোপৰি দুটা বিল্ডিং মোৰ দিনত বনোৱা হৈছিল, তাৰে এটা অফিচ বিল্ডিং আছিল আৰু আনটো আৱাসিক বিল্ডিং আছিল। অফিচ বিল্ডিংটো আছিল তেতিয়া নতুনকৈ কিনা মেইন ফ্ৰেম কম্পিউটাৰৰ কাৰণে। সেই বিল্ডিংটো ন মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লগা হৈছিল। কিন্তু সেই অফিচ বিল্ডিংটো এতিয়া নাই, এতিয়া তাৰ ঠাইত আন এটা বিল্ডিং হৈছে। আই আই টি বম্বেত সেইসময়ত মেইন ফ্ৰেম কম্পিউটাৰৰ ব্যৱস্থা নাছিল। যাৰ ফলত আমি আমাৰ যাৱতীয় কাম-কাজবোৰ কৰিবলৈ টি আই এফ আৰলৈ যাব লগা হৈছিল। সপ্তাহত দুই-তিনিবাৰকৈ আমাৰ টি আই এফ আৰলৈ অহা-যোৱা চলি আছিল। এনেদৰে মই নিজে ১৯৮৪ চনলৈকে কম্পিউটাৰৰ কামবোৰ কৰিব লগা হৈছিল।

আই আই টি বম্বেত যিটোক হোৱাইট হাউছ বুলি কোৱা হয়, সেই বিল্ডিংটোৱো মোৰ দিনতে নিৰ্মাণ কৰা হৈছিল। এইটো এটা সাতমহলীয়া আৱাসিক বিল্ডিং। এই বিল্ডিংটোও ন মাহত সাজি সম্পূৰ্ণ কৰা হৈছিল।

আই আই টি বম্বেত ডীন হিচাবে কাৰ্য্যনিৰ্বাহ কৰি থকা সময়ত মই সৰ্বাধিক গুৰুত্ব দিছিলোঁ ইয়াৰ কৰ্মচাৰী নতুবা ছাত্ৰ-ছাত্ৰীসকলৰ থকাৰ সু-বন্দৱস্তৰ ওপৰত। কাৰণ চৌহদৰ ভিতৰত থকাৰ সু-ব্যৱস্থা নাথাকিলে ইয়াত বহুতো লোকে চাকৰি কৰিবলৈ নাহিব পাৰে। সেয়ে এই সমস্যাৰ সমাধানৰ বাবে আমি আই আই টিৰ চৌহদৰ ভিতৰত সকলোৱে থাকিব পৰাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলোঁ।

প্ৰশ্ন : আমি সকলোৱে জানোঁ যে আই আই টি গুৱাহাটীক প্ৰতিষ্ঠাৰ আঁৰৰ মূল মানুহজন আছিল আপুনি। আপুনি কিদৰে এই সুযোগ লাভ কৰিছিল?

প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৯৩ চনৰ শেষলৈকে মই আই আই টি বম্বেত থাকিলোঁ। তেতিয়াৰ দিনত সঞ্চালকৰ পদৰ বাবে কোনো আবেদন জনোৱা হোৱা নাছিল। এয়া হৈছিল নমিনেচন প্ৰক্ৰিয়াৰে। Ministry of Human Resource Development (MHRD)য়ে ভাৰতৰ সকলো বিশ্ববিদ্যালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ Headলৈ সঞ্চালকৰ পদৰ বাবে নাম নমিনেচন কৰিবলৈ অনুৰোধ জনায়। এতিয়াও তেওঁলোকে তেনে প্ৰক্ৰিয়াৰে সঞ্চালকৰ বাচনি কৰে, কিন্তু তাৰ লগতে MHRDয়ে সুকীয়াকৈ বাতৰি কাকতত ইয়াৰ বিজ্ঞাপনো দিয়ে।

এনেদৰে মোৰ নামটোও আই আই টি গুৱাহাটীৰ সঞ্চালকৰ পদৰ বাবে আই আই টি বম্বেৰ পৰা পঠিওৱা হৈছিল। প্ৰফেছৰ বিশ্বজিত নাগ সেইসময়ত আই আই টি বম্বেৰ সঞ্চালক আছিল| মোৰ অজ্ঞাতেই মোৰ নামটো আই আই টি ৰ পৰা তেতিয়া মাজে মাজে কৰবালৈ পঠিয়াই থকা হয়। এবাৰ মোক Structural Engineering Research Center, Madras ৰ সঞ্চালকৰ পদৰ বাবে হোৱা এটা ইণ্টাৰভিউলৈ মাতিলে। কিন্তু সেই কথা মই ইণ্টাৰভিউলৈ মাতোঁতেহে গম পালোঁ। অৱশ্যে সেইটো ইণ্টাৰভিউলৈ মই নগ’লো আৰু আই আই টি বম্বেক স্পষ্টকৈ জনাই দিলোঁ যে এনেকৈ মোৰ নাম যাতে তেওঁলোকে য’তে ত’তে নমিনেচনত নপঠিয়ায়। মই এইবোৰত একেবাৰে আগ্ৰহী নহয়। আৰু সেয়ে আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বাচনিৰ সময়ত যেতিয়া মোৰ নামটো নমিনেচনত পঠিওৱাৰ সিদ্ধান্ত লোৱা হ’ল, তেতিয়া প্ৰফেছৰ নাগে মোক মাতি নি এই কথা সদৰী কৰে আৰু মোক অনুৰোধ কৰে এইবাৰ অন্ততঃ মই যাতে না নকৰোঁ। সেইসময়ত এই পদৰ বাবে কোনো ইণ্টাৰভিউ হোৱা নাছিল, তাৰ ঠাইত এটা আলোচনা হৈছিল। আৰু সেই আলোচনাটোত মই থকাটো জৰুৰী আছিল। গতিকে প্ৰফেছৰ নাগে মোক সেই আলোচনাত উপস্থিত থাকিবলৈ অনুৰোধ জনালে। সেই আলোচনা মৰ্মে হোৱা সিদ্ধান্তত যদি মোক তেওঁলোকে আই আই টি গুৱাহাটীৰ সঞ্চালকৰ পদটো অফাৰ কৰে, তেন্তে তাক মানা নকৰিবলৈও সকীয়াই পঠিয়ায়।

প্ৰফেছৰ নাগক মই গোটেই কথাখিনি আকৌ এবাৰ ভাবি এটা সিদ্ধান্তলৈ আহিবলৈ এক সপ্তাহৰ সময়সীমা বিচাৰিলোঁ। মই ভাবি পোৱা নাছিলোঁ মই কি কৰিম? আই আই টি গুৱাহাটীলৈ যাম নে নাযাম? এয়া ১৯৯৩ চনৰ কথা। মই মোৰ পত্নীৰ সৈতে এই বিষযে আলোচনা কৰিলোঁ। তেওঁ মোক তেতিয়া ক’লে যে যিহেতু মই সদায় অসমৰ কাৰণে কিবা এটা কৰাৰ কথা চিন্তা কৰি থাকোঁ, কিন্তু তাৰ কাৰণে কোনোধৰণৰ সুযোগ মই তেতিয়ালৈকে পোৱা নাছিলোঁ, আৰু এতিয়া অসমৰ ভালৰ কাৰণে, নিজৰ ঠাইৰ উন্নতিৰ কাৰণে ইমান এটা ভাল সুবিধা পাইছোঁ যেতিয়া তাক মই কেতিয়াও হাতৰ পৰা যাবলৈ দিব নালাগে। কথাটো ময়ো ভাবিলোঁ। কাৰণ যিধৰণে মই মোৰ ঠাইখনক সহায় কৰাৰ কথা চিন্তা কৰোঁ, সেয়া সফল হ’বলৈ ইয়াতকৈ ভাল আৰু সুযোগ মই ক’তো নাপাম।
সেইমৰ্মে ১৯৯৩ চনৰ ১৬ আগষ্টত হোৱা আমাৰ আলোচনাখনলৈ মই ৰাওনা হ’লো। আলোচনাৰ শেষত মই লগে লগে মুম্বাইলৈ উভতিও আহোঁ। তাৰ পিছত ১৯৯৩ চনৰ ১ ছেপ্টেম্বৰত মই সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰা এটা টেলিফোন পাওঁ। তেখেতে মোক ফোনত আই আই টি গুৱাহাটীৰ সঞ্চালকৰ পদত বাছনি হোৱাৰ কথা কয় আৰু সেই পদত জইন কৰিবলৈ কয়। তাৰ পিছত এপইণ্টমেণ্ট হিচাবে অফিচিযেল চিঠিখন আহে সেইবছৰৰে নৱেম্বৰ মাহত।
কিন্তু সেই সময়তে, অৰ্থাৎ ১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰফালে মহাৰাষ্ট্ৰৰ লাতুৰত হোৱা এটা ভূমিকম্পত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল। আৰু লাতুৰৰ rehabilitation ৰ কাৰণে যিবোৰ construction design আহিছিল তাৰ approval ৰ দায়িত্ব দিয়া হৈছিল আই আই টি বম্বেক। মহাৰাষ্ট্ৰ চৰকাৰৰ লগত এই সংক্ৰান্তত আই আই টি বম্বেৰ দুখনমান মিটিঙো হৈ যায়। ৱৰ্ল্ড বেংকেও মহাৰাষ্ট্ৰ চৰকাৰক টকা ধাৰলৈ দিবলৈ ৰাজী আছিল। কিন্তু ৱৰ্ল্ড বেংকে এটা কথাতে জোৰ দিছিল; আই আই টি বম্বেয়ে যাতে এই ডিজাইনসমূহ approve কৰে আৰু ইয়াৰ নিৰ্মাণ কাৰ্যও যাতে সম্পূৰ্ণ হয় আই আই টি বম্বেৰ তত্বাৱধানত। আই আই টি বম্বেয়ে মোক ইয়াৰ দায়িত্ব অৰ্পণ কৰে। সেইকাৰণে ইমান ডাঙৰ এটা গুৰু দায়িত্বত থকাৰ বাবে আই আই টি গুৱাহাটীলৈ যোৱা কথাটোত মই সিদ্ধান্ত ল’বলৈ অলপ অসুবিধা পাইছিলোঁ, কিন্তু কামটোৰ পৰা মই আই আই টি গুৱহাটীখন পাতিবলৈ অৱশ্যে যথেষ্ট সাহসো পাইছিলোঁ।
এই কথাবোৰৰ কাৰণে নৱেম্বৰ মাহত অহা চিঠিখনৰ উত্তৰ মই অৱশেষত ফেব্ৰুৱাৰী মাহত দি আই আই টি গুৱাহাটীলৈ যাবলৈ সিদ্ধান্ত ল’লোঁ।

প্ৰশ্ন : আই আই টি গুৱাহাটীৰ আজিৰ সু-পৰিকল্পিত ৰূপটো প্ৰতিষ্ঠা কৰোঁতে নিঃসন্দেহে আপুনি বহুতো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল। সেয়া স্বাভাৱিক কথা। আই আই টি গুৱাহাটীক নিৰ্মাণ কৰিবলৈ লোৱাৰ পৰা আজিৰ আই আই টি গুৱাহাটীৰ এই ৰূপটোক প্ৰতিষ্ঠা কৰালৈকে আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে বিস্তৃতভাৱে আমাক জনাব নেকি?

প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৮৫ চনত অসম চুক্তিত অসমত এখন আই আই টি লাগে বুলি চুক্তি হৈ গ’ল। তাৰপিছত Education Consultant India Limited (EdCIL)ক ইয়াৰ কাৰণে প্ৰজেক্ট ৰিপ’ৰ্ট বনাবলৈ কোৱা হ’ল। তেওঁলোকে বিস্তৃত ৰূপত এটা প্ৰজেক্ট ৰিপ’ৰ্ট বনালে। প্ৰফেছৰ আৰ চি মালহোট্ৰা (Former Director of IIT Kanpur), যি সেইসময়ত আই আই টি দিল্লীত আছিল, তেখেতক EdCIL য়ে এই প্ৰজেক্ট ৰিপ’ৰ্ট সাজু কৰিবলৈ বিশেষভাৱে দায়িত্ব দিলে। আৰু ১৯৮৯ত এই ৰিপ’ৰ্ট খুব ধুনীয়া আৰু বিস্তৃত ৰূপত দাখিল কৰা হ’ল।

প্ৰথমতে আই আই টিৰ বাবে এডোখৰ মাটি বাচনি কৰা হয় নগাঁৱৰ মিছাত। আৰ সেইসূত্ৰে তেওঁলোকে স্থাপন কৰে আই আই টি নগাঁও আছাম ছ’চাইটী। কাৰণ ইয়াক প্ৰথমে এখন ছ’চাইটী হিচাবে পঞ্জীয়ন কৰাব লাগিব। পাৰ্লিয়ামেণ্টৰ আই আই টি এক্টখন সংশোধন্ কৰি নতুন আই আই টি ৰ নাম যোগ কৰি পাৰ্লিয়ামেণ্টত পাছ হ’লেহে ছ’চাইটীখন এখন আই আই টি হিচাবে প্ৰতিষ্ঠা কৰিব পাৰিব। কিন্তু মিছাত আই আই টি প্ৰতিষ্ঠা কৰিবলৈ গৈ বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ল। ফলস্বৰূপে নতুন এখন কমিটীয়ে ১৯৯১ত বৰ্তমানৰ আই আই টি গুৱাহাটীৰ ঠাইডোখৰ বাচনি কৰিলে। ১৯৯১ চনত আই আই টি গুৱাহাটী আসাম ছ’চাইটী গঠন কৰা হয়। তাৰপিছত ১৯৯২ চনৰ মে’ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে অসম ভ্ৰমণ কৰে আৰু তেখেতে ঘোষণা কৰে যে ১৯৯২ চনৰ পৰাই আই আই টি গুৱাহাটীত শ্ৰেণীসমূহ আৰম্ভ কৰিব লাগে।

কিন্তু শ্ৰেণীসমূহ কেনেকৈ আৰম্ভ কৰা হ’ব?

সেই অনুপাতে উত্তৰ গুৱাহাটীত বাচনি কৰা ঠাইডোখৰত আধাৰশিলা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল। প্ৰথমে হেলিকপ্টাৰেৰে আহি সেই ঠাইডোখৰত নামি আধাৰশিলা স্থাপন কৰাৰ পৰিকল্পনা আছিল। কিন্তু সেইসময়ত সেই ঠাইডোখৰ বানপানীত বুৰ গৈ থকা বাবে সেই কাম নোৱৰাত তেওঁলোকে এই আধাৰশিলা কাৰ্য্যসূচী সমাপন কৰিব লগা হয় ৰাজভৱনত। সেই সময়খিনিলৈকে সঞ্চালকৰ পদৰ বাবে কোনোধৰণৰ কথাই আৰম্ভ হোৱা নাছিল। ১৯৯৩ চনতহে সঞ্চালক পদৰ বাবে বাচনি প্ৰক্ৰিয়াসমূহ আৰম্ভ হয় আৰু সেইমৰ্মে মই ইয়াত জইন কৰোঁ ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহত।

প্ৰশ্ন : আই আই টি গুৱাহাটীৰ শ্ৰেণীসমূহ কেতিয়াৰ পৰা আৰম্ভ হয়?

প্ৰফেছৰ বুঢ়াগোঁহাই : ১৯৯৫ চনৰ পৰা। মই ইয়াত প্ৰজেক্ট ডিৰেক্টৰ হিচাবে জইন কৰোঁ ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহত। মোৰ প্ৰথম কাম আছিল আই আই টি গুৱাহাটী সম্পৰ্কীয় সকলো অফিচিয়েল নথি-পত্ৰ যোগাৰ কৰা, এই সকলোবোৰৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰা আৰু তাৰপিছত পাৰ্লিয়ামেণ্টত আই আই টি এক্ট পাছ কৰোৱা। এই সংক্ৰান্তত বহুতো মিটিং হ’ল, বহুতো সিদ্ধান্ত লোৱা হ’ল আৰু অৱশেষত আই আই টি এক্ট সংশোধন কৰাৰ প্ৰস্তাৱ পাৰ্লিয়ামেণ্টলৈ প্ৰেৰণ কৰা হ’ল। এই প্ৰস্তাৱ লোকসভা আৰু ৰাজ্যসভা দুয়োখনতেই পাছ হ’ল ১৯৯৪ৰ মে’ মাহত। সেইমৰ্মে সংশোধিত আই আই টি এক্টখন গেজেটেড ঘোষণা কৰা হয় ১৯৯৪ চনৰ ১ ছেপ্তেম্বৰত আৰু সেইদিনাখনৰ পৰা মই আই আই টি গুৱাহাটীৰ সঞ্চালক হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। তাৰ আগলৈকে মই আছিলো প্ৰজেক্ট ডিৰেক্টৰ হিচাবে। সেয়ে ১ চেপ্তেম্বৰৰ দিনটো আই আই টি গুৱাহাটীৰ প্ৰতিষ্ঠাপনা দিৱস হিচাবে পালন কৰা হয়।

কিন্তু JEE Examinationৰ কাৰণে পৰিকল্পনা কৰা হয় তাৰ প্ৰায় এবছৰৰ আগৰে পৰা। ১৯৯৪ চনৰ আগষ্ট মাহত আই আই টি গুৱাহাটীৰ হৈ ময়ো আই আই টি ৰ JEE মিটিঙত অংশগ্ৰহণ কৰিলোঁ। সেই অনুযায়ী ১৯৯৫ চনৰ জুলাই মাহৰ পৰা Computer Science, Mechanical Engineering আৰু Electronics and Communication এই তিনিটা বিভাগ আৰম্ভ কৰি প্ৰত্যেক বিভাগত ৩৩জনকৈ সৰ্বমুঠ ১০০ জনমান ছাত্ৰ-ছাত্ৰী পঢ়িবৰ বাবে এটা ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল। কিন্তু আমাৰ কোনো শ্ৰেণীকোঠা নাছিল, কোনো হোষ্টেল নাছিল, কোনো অফিচ ঘৰ নাছিল।

এটা শিক্ষানুষ্ঠান খুলিবলৈ প্ৰথম আমাক শ্ৰেণীকোঠা লাগিব। আমাৰ অফিচ আৰু শ্ৰেণীকোঠাৰ কাৰণে পানবজাৰৰ The Institution of Engineers ৰ বিল্ডিংটোত কেইটামান কোঠা দিবলৈ তাৰ চেয়াৰমেন আৰু ছেক্ৰেটাৰীক আমি অনুৰোধ কৰিলোঁ। The Institution of Engineers ৰ তেতিয়াৰ চেয়াৰমেন আছিল নগেন গোস্বামী আৰু ছেক্ৰেটাৰী আছিল মুনীন ডেকা। মই ইয়াত জইন কৰাৰ আগতেই নগেন গোস্বামীয়ে মোক অভিনন্দন জনাই এখন টেলিগ্ৰাম দিছিল। য’ত তেওঁ আমাক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ ৰাজী থকাৰ কথা ব্যক্ত কৰিছিল। সেই সময়ত অসমৰ Commissioner of Education আছিল প্ৰফুল্ল শৰ্মা আৰু Finance Secretary আছিল হিমাংশু শেখৰ দাস। এই দুজন মানুহেও সেই সময়ত বহুত সহায় কৰিছিল।

মই যেতিয়া প্ৰথম আই আই টি গুৱাহাটীত জইন কৰিছিলোঁ, ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা সেইবছৰৰ আগষ্ট মাহলৈকে মই চান্দমাৰীৰ ইঞ্জিনীয়াৰিং ইণ্টিটিউটৰ গেষ্ট হাউচত আছিলোঁ। অফিচ ৰুম হিচাবে মোৰ কোনো ঠাই নাছিল। কাহিলীপাৰাত থকা Directorate of technical Education ৰ বিল্ডিংত সেইসময়ৰ Additional Director of Technical Education মুহি বৰগোঁহাইৰ অফিচ ৰুমতে মই টেবুল-চকী লৈ বহা আৰম্ভ কৰিলোঁ।

বেলতলাত থকা Old Administrative staff building টো সেইসময়ত খালী পৰি আছিল। তাৰ গ্ৰাউণ্ড ফ্ল’ৰটো পুৰণি ভঙা আচবাব-পত্ৰৰে ভৰি আছিল। প্ৰথমাৱস্থাত সেই বিল্ডিংটোৰে গ্ৰাউণ্ড আৰু প্ৰথম ফ্ল’ৰটো আমি পাঠদানৰ কাৰণে বিচাৰিম বুলি ভাবিছিলো। কিন্তু সেই বিল্ডিংটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ Archeological Department ৰ কাৰণে সাজু কৰি থোৱাৰ বাবে আমাক দিব পৰা নগ’ল। তাৰপিছত আমি ফিছাৰি ডিপাৰ্টমেণ্টলৈ গ’লো। তেওঁলোকৰ তাত এটা নতুন বিল্ডিং বনোৱা হৈছিল, আমি সেই বিল্ডিংটোৰ এটা মহলা পোৱা হ’লেও হ’লহেঁতেন। কিন্তু সেইটোৱো সম্ভৱ নহ’ল। শ্ৰেণীকোঠা কৰিব পৰাকৈ সেইসময়ত কোনো চৰকাৰী বিন্ডিঙেই মজুত নাছিল। এই কথাবোৰত মই বহুত হতাশ হ’লোঁ। তাতে চান্দমাৰী ঠাইডোখৰ যেতিয়াই তেতিয়াই বানপানীত বুৰ গৈ থকা এডোখৰ ঠাই। আই আই টি গুৱাহাটী পাতিবলৈয়ো যিডোখৰ ঠাই বাচনি কৰা হ’ল সেইডোখৰ ঠায়ো এটা জলাশয়ৰ বাহিৰে আন একো নহয়। এনেবোৰ বহুত কাৰণত মোৰ এদিন অসন্তুষ্টি আহিল আৰু মই এই সঞ্চালকৰ পদৰ পৰা ৰিজাইন দিবলৈ সিদ্ধান্ত ল’লোঁ।

এই কথাখিনি মই মোৰ পত্নীক কোৱাত তেওঁ লগে লগে মোক গুৱাহাটীত অলপ দিন ৰ’বলৈ ক’লে। আৰু তেওঁ তাৰ পিছদিনাই মুম্বাইৰ পৰা আহি গুৱাহাটী পালেহি। চান্দমাৰীৰ ইঞ্জিনীয়াৰিং ইষ্টিটিউটৰ যিটো গেষ্ট হাউচত মই আছিলোঁ তাত ৰাতি কাৰেণ্টৰ কাৰণে একো কাম কৰিব নোৱাৰি। কাৰেণ্ট থকা-নথকা একে কথা। ভাগ্যক্ৰমে মই মুম্বাইৰ পৰা গুৱাহাটীলৈ অহাৰ সময়্ত এটা লেপটপ কিনি লৈ গৈছিলোঁ। সেই লেপটপটোৰে মই মোৰ যাৱতীয় কামকাজবোৰ কিছু দূৰলৈ চম্ভালি থাকিব পাৰিছিলোঁ। মোৰ পত্নীয়ে বুজি পাইছিল মোক প্ৰকৃততে কিহৰ প্ৰয়োজন হৈছিল। এটা সুবিধাজনক অফিচ ৰুম আৰু লগতে এডোখৰ সুবিধাজনক থকাৰ ঠাই!

নগেন গোস্বামীয়ে মোক ক’লে যে মই তেওঁলোকৰ The Institution of Engineers ত অফিচ ৰুমটো দিনৰ বেলা ব্যৱহাৰ কৰিব পাৰোঁ আৰু মোক সহায় কৰিবলৈ তাৰ অফিচ ষ্টাফ মোৰ লগত সদায় থাকিব। তথাপি মই আপত্তি কৰিলোঁ; যিমান হ’লেও সেয়া তেওঁলোকৰ অফিচ ৰুম, মোৰ বা আই আই টি গুৱাহাটীৰ নহয়। সেয়ে সেই বিল্ডিংটোৰে গোটেই প্ৰথম মহলাটো আমাৰ অফিচ হিচাবে ভাৰাত ল’বলৈ আমি সিদ্ধান্ত ল’লোঁ আৰু সেইমৰ্মে আমি আই আই টি গুৱাহাটীৰ পৰৱৰ্তী পৰ্য্যায়সমূহ আগবঢ়াই নিলোঁ। এয়া ১৯৯৪ চনৰ ছেপ্টেম্বৰ মাহৰ কথা।

আমাৰ অফিচ ৰুমহে হ’ল। আচল কাম তেতিয়াও বাকী আছিল। আই আই টিখন বনোৱাৰ কাম। তাৰ কাৰণে আমাৰ প্ৰয়োজন হ’ল এজন আৰ্কিটেক্টৰ। আমি আৰ্কিটেক্টসকলৰ সৰ্বভাৰতীয় এটা প্ৰতিযোগিতা পাতিবলৈ সিদ্ধান্ত ল’লোঁ। কিন্তু তাৰ কাৰণে আমাক architectural brief প্ৰস্তুত কৰিবলৈ আৰু এজন আৰ্কিটেক্টৰ প্ৰয়োজন হ’ল। আই আই টি বম্বেৰ আই ডি চি বিভাগৰ পৰা পাছ কৰা নবজ্যোতি বৰা নামৰ এজন আৰ্কিটেক্টে মই ইয়ালৈ প্ৰথম অহাৰে পৰাই সকলো কথাতে সহায় কৰি আহিছিল। তেওঁ এই architectural brief প্ৰস্তুত কৰিবলৈ সাজু হ’ল আৰু সেই অনুপাতে আমি প্ৰতিযোগিতাখন পাতিবলৈ সক্ষম হ’লোঁ। তাত সৰ্বমুঠ আশীজন আৰ্কিটেক্টে অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত ২২ জনে তেওঁলোকৰ মাষ্টাৰ প্লেন আমাক জমা দিছিল। এই প্ৰতিযোগিতা পতা হৈছিল আই আই টি দিল্লীত। আই আই টি কানপুৰৰ আৰ্কিটেক্ট Achyut Kanvinde এই প্ৰতিযোগিতাৰ বিচাৰক আছিল। কিন্তু এয়া আছিল আই আই টি গুৱাহাটীৰ ভৱিষ্যৎ পৰিকল্পনা। কিন্তু তাৎক্ষণিকভাৱে কি কৰা যায়?

মই এই কথা নগেন গোস্বামী আৰু মুনীন ডেকাক কোৱাত তেখেতসকলে মোক শ্ৰেণীকোঠা সজোৱাই দিবলৈ চাৰিমাহৰ সময় বিচাৰিলে আৰু সেইসময়ৰ ভিতৰতে The Institution of Engineers দ্বিতীয় মহলাটোত আমাক শ্ৰেণীকোঠা সাজি দিব পাৰিম বুলি ক’লে। আৰু সেই শ্ৰেণীকোঠাসমূহত আমি ১৯৯৫ চনৰ জুলাই-আগষ্ট মাহৰ পৰা আই আই টি গুৱাহাটীৰ প্ৰথম শ্ৰেণীসমূহ আৰম্ভ কৰিব পৰা হ’লোঁ।

তাৰপিছত আহিল অধ্যাপক নিৰ্বাচনৰ প্ৰক্ৰিয়া। ১৯৯৫ চনৰ জানুৱাৰী মাহত প্ৰফেছৰ দেবদাস কাকতিয়ে আমাৰ লগত আই আই টি গুৱাহাটীত জইন কৰিলে। তেওঁ আগতে আই আই টি মাদ্ৰাছত আছিল। তেওঁ Amtron ৰ মেনেজিং ডিৰেক্টৰো আছিল। প্ৰফেছৰ দেবদাস কাকতিয়েই আই আই টি গুৱাহাটীৰ প্ৰথম শিক্ষক আছিল। প্ৰফেছৰ গৌতম বৰুৱাই ইয়াত তেতিয়া আই আই টি কানপুৰৰ পৰা মাজে মাজে আহি শিক্ষক বাচনি প্ৰক্ৰিয়াত সহায় কৰিছিল। প্ৰফেছৰ মিহিৰ চৌধুৰী (সেইসময়ত NEHU ত আছিল), প্ৰফেছৰ প্ৰদীপেশ্বৰ ভট্টাচাৰ্য্য (সেইসময়ত আই আই টি মাদ্ৰাছত আছিল) —এওঁলোকেও আই আই টি গুৱাহাটীৰ শিক্ষক বাচনি প্ৰক্ৰিয়াটোত সহায় কৰিছিল। ১৯৯৫ চনৰ আগষ্টৰ পৰা আই আই টি গুৱাহাটীত কটন কলেজ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো বহুতো শিক্ষকে গেষ্ট ফেকাল্টি হিচাবে পাঠদান কৰিছিল। প্ৰথম বছৰ যিহেতু অকল Basic Science আৰু Humanities ৰ পাঠ্যক্ৰমহে হৈছিল, এনেকৈ গেষ্ট ফেকাল্টি পোৱাত আমাৰ অসুবিধা হোৱা নাছিল। Workshop Practice ৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীবোৰক Assam Engineering College আৰু পাছত দুবাৰমান Jorhat Engineering College লৈয়ো লৈ যোৱা হৈছিল।

The Institution of Engineers ৰ প্ৰথম মহলা অফিচ ৰুম আৰু দ্বিতীয় মহলাত শ্ৰেণীকোঠাৰ অস্থায়ী ব্যৱস্থা কৰিলোঁ যদিও আমি তেতিয়াও প্ৰফেছৰ নতুবা অফিচ ষ্টাফ আৰু ছাত্ৰ-ছাত্ৰী থাকিবৰ বাবে এডোখৰ ভাল ঠাই বিচাৰি আছিলোঁ। এই ব্যৱস্থাটো আমাৰ তেতিয়ালৈকে হোৱাগৈ নাছিল। এদিন জি এছ ৰোডত মই এটা ডাঙৰ বিবাহ ভৱন দেখিলোঁ আৰু লগে লগে সেই বিল্ডিংটোৰ খবৰ লৈ গম পালোঁ যে সেই বিল্ডিংটো দেৰগাঁৱৰ বফাইজ আহমেদ নামৰ এজন লোকৰ। আমাৰ কথা জানি, বিশেষকৈ ময়ো গোলাঘাটৰে পৰা বুলি জানি তেখেতে লগে লগে সেই বিল্ডিংটো আই আই টি গুৱাহাটীক ছাত্ৰাবাস হিচাবে দিবলৈ ৰাজী হ’ল। তেওঁ আমাক জানিবলৈ দিয়া মতে আমি কোৱা পিছদিনাই হেনো তেওঁ সেই বিল্ডিংটো এখন নাৰ্ছিংহোম খুলিবলৈ এগ্ৰিমেণ্ট কৰাৰ কথা আছিল। মাত্ৰ এদিনৰ ব্যৱধানত সৌভাগ্যক্ৰমে আমি সেই বিল্ডিংটো শ্ৰী বফাইজ আহমেদৰ লগত হোৱা চুক্তি অনুসৰি আই আই টি গুৱাহাটীৰ হোষ্টেল খুলিবলৈ পাই গ’লোঁ। সেই তিনিমহলীয়া বিল্ডিংটোতে এতিয়া নেমকেয়াৰ নাৰ্ছিং হোমখন আছে।

পিছৰ বছৰ কি হ’ল! ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি যোৱাত পিছৰ বছৰো একে সমস্যাই দেখা দিলে। The Institution of Engineersক আমি আকৌ এবাৰ আৰু এটা মহলা দিবলৈ অনুৰোধ কৰিব লগা হ’ল। কিন্তু এইবাৰ আমি হোষ্টেল ক’ত বনাম?

আমি খবৰ পালোঁ গুৱাহাটীৰ জু-ৰোডৰ লখিমীনগৰত এখন নাৰ্ছিং হোম খুলিবলৈ কোনোবাই এটা বিল্ডিং বনাইছিল। ঘটনাক্ৰমে সেই বিল্ডিংটোত নাৰ্ছিং হোম খুলিব নোৱৰাৰ বাবে তেওঁলোকে আমাক হোষ্টেল বনাবলৈ দি দিয়ে।

কিন্তু প্ৰত্যেক বছৰে আমি ইমান সৌভাগ্যৱান নাছিলোঁ। প্ৰথমাৱস্থাত আই আই টি গুৱাহাটীৰ সেই ঠাইডোখৰত মই প্ৰথমে কাম চলাবৰ বাবে কিছুমান অস্থায়ী বিল্ডিং বনোৱাৰ প্ৰস্তাৱ দিছিলোঁ। কিন্তু সেই সময়ত Law and Order অৱস্থা সিমান ভাল নাছিল কাৰণে আই আই টি ৰ Board of Governors ৰ মিটিঙত সিদ্ধান্ত লোৱা হ’ল যে আমি দুবছৰ মান গুৱাহাটীতে যেনে তেনে কিবা ব্যৱস্থা কৰি কাম চলাই নি আই আই টিৰ কেম্পাছত স্থায়ীভাৱে ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আমি প্ৰথমতে ১৯৯৭তে কেম্পাছলৈ আমাৰ অফিচ, শ্ৰেণীকোঠা আৰু পৰীক্ষাগাৰবোৰ লৈ যাবলৈ পৰিকল্পনা কৰিছিলো। কিন্তু মাত্ৰ দুবছৰত আই আই টি গুৱাহাটীৰ স্থায়ী বিল্ডিঙ বনোৱাৰ কাম সম্ভৱ নাছিল।

সেয়ে শ্ৰেণী কোঠাৰ বাবে আই আই টি গুৱাহাটীৰ মাটিত এটা অস্থায়ী ঘৰ বনোৱাৰ ঠিকা দিয়া হ’ল ১৯৯৭ চনৰ এপ্ৰিল মাহত আৰু তেওঁলোকক কোৱা হ’ল এই বিশাল ১০,০০০ বৰ্গ মিটাৰৰ এটা Transit complex আঠ মাহৰ ভিতৰত বনাই দিব লাগে। কথামতে তেওঁলোকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত এই কাম সম্পন্ন কৰে। তেতিয়া ১৯৯৮ৰ জানুৱাৰী মাহত আমি তালৈ শ্ৰেণীকোঠাসমূহ, আমাৰ কৰ্মশালাবোৰ আৰু লেবৰেটৰীবোৰ স্থানান্তৰিত কৰিলোঁ। কিন্তু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে সেই পাঁচবছৰত গুৱাহাটী মহানগৰীত আমি ১৩ ডোখৰ ঠাইত ১৩টা হোষ্টেল পাতিব লগা হৈছিল আৰু শিক্ষকসকলৰ বাবে ৮৪টা ফ্লেট যোগাৰ কৰিব লগা হৈছিল। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল তেতিয়া গুৱাহাটীৰ পৰা আই আই টিৰ বাছত ৰাতিপুৱা ৭ বজাত আহিব লগা হয় আৰু সন্ধিয়া ৫ বজাত আকৌ উভতি যাব লগা হয়। এনেকৈ আমি প্ৰায় ১৯৯৮ চনৰ পৰা প্ৰায় ৩ বছৰ চলিব লগা হৈছিল।

অৱশেষত ২০০০ চনৰ জুন-জুলাই মাহত আই আই টি গুৱাহাটীৰ লাগতিয়াল বিন্ডিংসমূহ সম্পূৰ্ণ হৈ উঠাত আমি সকলো তাৰ কেম্পাছলৈ ৰাওনা হওঁ। সঁচা কথা ক’বলৈ গ’লে আই আই টি নিৰ্মাণ কৰোঁতে প্ৰথমৰে পৰাই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সকলোৰে পৰা যিমান good will আৰু সহযোগিতা পাইছিলোঁ, তাৰ কাৰণে মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ।

প্ৰশ্ন : নতুনকৈ নিজে প্ৰতিষ্ঠা কৰা আই আই টি গুৱাহাটীখন পৰিচালনা কৰোঁতে আপোনাৰ কেনে অভিজ্ঞতা হৈছিল?

প্ৰফেছৰ বুঢ়াগোঁহাই : সেই সময়ত অসমত ‘বন্ধ’ বহুত হৈছিল। কিন্তু তথাপি আমি গুৱাহাটীত থকা সময়চোৱাত, আমাৰ শিক্ষকসকলে খোজকাঢ়ি গৈ নেমকেয়াৰ বিল্ডিংটোত থকা আমাৰ হোষ্টেললৈ গৈ হ’লেও শিক্ষাদান কৰিছিল। কোনো বন্ধৰ দিনতে আই আই টি গুৱাহাটীৰ শ্ৰেণীসমূহ বাতিল কৰা হোৱা নাছিল। তেনেদৰে যদি ছাত্ৰ-ছাত্ৰী সকলেও শ্ৰেণীসমূহৰ কাৰণে The Institution of Engineersত থকা আমাৰ অস্থায়ী শ্ৰেণীকোঠালৈ আহে শিক্ষকসকলো তেতিয়া আহিবলৈ বাধ্য। এনেদৰে ইয়াত একেবাৰে প্ৰথমৰে পৰাই নিয়মানুৱৰ্তিতাক প্ৰাধান্য দি সকলো কামকাজ চলাই নিবলৈ চেষ্টা কৰা হৈছিল। আৰু মই ভাবোঁ এই কথাবোৰে আচলতে a sense of purpose নতুবা a sense of belonging টো অনুভৱ কৰিবলৈ বাধ্য কৰায়। যিসকল কৰ্মচাৰীৰ আগতে আন ঠাইত কাম কৰি থাকোঁতে দিনৰ ১১ বজাত অফিচ যোৱাৰ অভ্যাস আৰু গৈয়ে একাপ চাহ খাবলৈ ওলাই অহাৰো অভ্যাস আছিল, সেই একেখিনি কৰ্মচাৰীৰে কিন্তু আই আই টি গুৱাহাটীত কাম কৰিবলৈ অহাৰ লগে লগে কাম কৰাৰ আগ্ৰহ দেখি আমি আচৰিত হৈছিলোঁ। তেওঁলোকে আনকি প্ৰয়োজন সাপেক্ষে শনিবাৰ আৰু দেওবাৰেও কাম কৰিবলৈ আপত্তি নকৰিছিল। কাৰণ আমি সকলোৱে তাত কোনোধৰণৰ কাম কৰিবলৈ হেলা কৰা নাছিলোঁ, গতিকে তেওঁলোকেও সময়মতে অফিচলৈ আহিবলৈ নতুবা সময়ৰ কাম সময়ত কৰিবলৈ বাধ্য হৈছিল। মোৰ মতে এডোখৰ ঠাইৰ নতুবা এটা শিক্ষা প্ৰতিষ্ঠানৰ কৰ্ম-সংস্কৃতি নিৰ্ভৰ কৰিব তাত সৃষ্টি হোৱা পৰিৱেশৰ ওপৰত। আৰু এই কথাবোৰ আমি আৰম্ভণিৰে পৰা কঠোৰভাৱে পৰিচালনা কৰিছিলোঁ। আটাইতকৈ ডাঙৰ কথা এইলোকসকলে পিছলৈ আই আই টি গুৱাহাটীত এনেকুৱা এটা পৰিৱেশত কাম কৰিবলৈ পোৱাত গৰ্ব অনুভৱ কৰিছিল।

তেনেকৈ শিক্ষক বাছনিৰ ক্ষেত্ৰতো আমি কিছুমান নিয়ম খুব কঠোৰভাৱে পালন কৰিছিলোঁ। সেই সময়ত আই আই টিত স্থানীয় লোকক চাকৰি দিবৰ বাবে কিমান ধৰণৰ দাবী আহিছিল তাৰ কোনো হিচাব নাই। অসমত যিহেতু আই আই টিখন পতা হৈছে গতিকে ইয়াত অকল অসমীয়া লোককে সুবিধা দিব লাগে, সকলো পদৰ কাৰণে মাত্ৰ অসমীয়া লোককে সুবিধা দিব লাগে আদি নানান ধৰণৰ দাবী। মই তেতিয়া ক’লোঁ, ইয়াক তেন্তে Indian Institute of Technology কিয় নাম দিব লাগে, Assam Institute of Technology নাম দি দিয়া। আই আই টি নাম যদি দিছা তেন্তে ই আই আই টিৰ নিয়ম-কানুনেই মানি চলিব লাগিব। আই আই টিৰ মৰ্যাদা ইয়াৰ থাকিবই লাগিব। ই কেতিয়াও কোনোপধ্যে তাতকৈ নিম্নগামী হ’ব নোৱাৰে। শিক্ষকৰ বাছনিত যে স্থানীয় বা অস্থানীয় প্ৰশ্ন নাহে, মাত্ৰ যোগ্যতাৰ প্ৰশ্নহে আহে সেইটো সকলোৱেই বুজি পালে। Supporting Staffৰ পদবোৰ অৱশ্যে স্থানীয় মানুহেই পাব, কিন্তু তাৰ বাবে যোগ্যতা লাগিব। নিজৰ যোগ্যতা অনুসৰি ইয়াত চাকৰিৰ বাবে আবেদন জনালে আৰু যোগ্যতা থাকিলে আমি নিশ্চয় বাছনি কৰিম। কিন্তু কোনো যোগ্যতা নথকাকৈ মাত্ৰ অসমীয়া হোৱাৰ কাৰণেই যোগ্যতা অবিহনে কোনো পদৰ বাবে বাছনি কৰিব নোৱাৰিম।

একেধৰণে মই কেন্দ্ৰীয় চৰকাৰকো কৈছিলোঁ। আই আই টিৰ academic buildingটোৰ বাবে ১২০০ বৰ্গমিটাৰ আৰু হোষ্টেলৰ বাবে ৫০০ বৰ্গমিটাৰৰ বিল্ডিং বনাবলৈ প্ৰথমতে আমাক মাত্ৰ ৫৩ কোটি টকাৰ অনুদান দিছিল। ১৯৯৭ত আমাৰ মাষ্টাৰ প্লেন অনুযায়ী কামৰ কাৰণে যেতিয়া আকৌ টকা বিচাৰোঁ, তেতিয়া আগৰ টকাৰেই কাম হ’ব লাগে বুলি কয়। তেতিয়া মই তেওঁলোকক স্পষ্টকৈ কৈছিলোঁ যে আপোনালোকে যেতিয়া এখন আই আই টিৰ কাৰণে পৰিকল্পনা কৰিছে সেইখনক আই আই টিয়েই বনাওক। এখন গাড়ী দিম বুলি কৈ তাৰ ঠাইত যদি এখন পুতলা গাড়ী দি আমাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে ই ওলোটা প্ৰতিক্ৰিয়াহে কৰিব। তেওঁলোকে অৱশ্যে সেইকথা বুজি পাই আমি কোৱাৰ দৰে পিছলৈ কামসমূহ সম্পন্ন কৰে।

আমি যেতিয়া প্ৰথম আই আই টি আৰম্ভ কৰিছিলোঁ তেতিয়া বহুতো শিক্ষকে আই আই টিত শিক্ষকতা কৰিবলৈ উৎসুক আছিল। তেতিয়াই মই, যিসকল শিক্ষকৰ পি এইচ ডি নাছিল তেওঁলোকক পি এইচ ডি শেষ কৰাৰ পাছতহে আই আই টি গুৱাহাটীত স্থায়ী শিক্ষক পদৰ বাবে আবেদন জনাবলৈ অনুৰোধ কৰো। তাৰে ভালেকেইজনে সেইসময়তে পি এইচ ডিত নাম ভৰ্তি কৰি তাক শেষ কৰি আই আই টি গুৱাহাটীত নিজৰ যোগ্যতাৰে শিক্ষকৰ পদত নিযুক্তি লাভ কৰে আৰু তেওঁলোকে এতিয়া মই জনাত গৱেষণা আৰু আন আন ক্ষেত্ৰত বহুত উন্নতি কৰিছে।

জীৱনত কিবা এটা কৰিবলৈ হ’লে প্ৰথমে নিজৰ লক্ষ্যটো স্থিৰ কৰিবই লাগিব। নিজৰ লক্ষ্য স্থিৰ কৰি সেইমতে নিজৰ কাম কৰি গ’লে সফলতা আহিবই। তেতিয়া আত্মবিশ্বাসো আহে আৰু নিজেও সুখী হ’ব পাৰি।

প্ৰশ্ন : আই আই টি গুৱাহাটীত শিক্ষকৰ বাহিৰে আন আন পদত নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ কিছুমান ব্যৱস্থা নতুবা বিশেষ কিছুমান নিয়ম মানি চলিছিল নেকি? এই নিযুক্তিসমূহ দিবলৈ যাওঁতে আপোনালোকৰ কেনে ধৰণৰ অভিজ্ঞতা হৈছিল?

প্ৰফেছৰ বুঢ়াগোঁহাই : তেনেকুৱা বিশেষ কিছুমান ব্যৱস্থা নতুবা বিশেষ কিছুমান নিয়ম নাছিল। আগতেই কৈছোঁ যে শিক্ষক বা সেই পৰ্য্যায়ৰ পদবোৰৰ বাহিৰে আন পদবোৰৰ বাবে আমি স্থানীয় মানুহকে লওঁ। সেইসময়ত উত্তৰ গুৱাহাটীত বহুতো গ্ৰেজুৱেট নিবনুৱা হৈ আছিল। যেতিয়া আমি supporting staff নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলো, স্বাভাৱিকভাবেই তেওঁলোকে দাবী কৰিলে যে তেওঁলোককেই আমি নিযুক্তি দিব লাগে। আমি তেওঁলোকক বুজাই ক’লোঁ যে তেওঁলোকক নিযুক্তি দিলে তেওঁলোকে আমাৰ অফিচৰ কামত কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰিব লাগিব। তেওঁলোকে তেতিয়া ক’লে কম্পিউটাৰ শিকিবৰ কাৰণে তেওঁলোকৰ কোনো সুবিধাই নাই। গতিকে সেই কাম তেওঁলোকে কেনেকৈ কৰিব? আমি তেতিয়া সকলোৰে কাৰণে দুবাৰ এসপ্তাহ এসপ্তাহকৈ free computer training দিয়াৰ ব্যবস্থা কৰিলোঁ। তাৰ পৰা বহুতৰ চাকৰি পোৱাত সুবিধা হৈছিল আৰু সকলোৱে তেতিয়া জানিবও পাৰিলে যে যোগ্যতা থাকিলেহে আই আই টিত চাকৰি পোৱা যায়।

প্ৰশ্ন : বৰ্তমান ভাৰতত একেলগে বহুকেইখন আই আই টি স্থাপন কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা মতামত?

প্ৰফেছৰ বুঢ়াগোঁহাই : মোৰ, এইক্ষেত্ৰত কোনো মন্তব্য নাই। এইবোৰ কথা বহুত দৃষ্টিকোণৰ পৰা চোৱা যায়। ইয়াত বহুত কথা জড়িত হৈ থাকে। সকলো কথাৰে ভাল-বেয়া দুয়োটা দিশেই আছে। তোমালোকে Ayn Randৰ The Fountain headখন পঢ়িছানে? সেই কিতাপখনত এজন আৰ্কিটেক্টৰ কাহিনী বৰ্ণনা কৰা হৈছে যি সঁচা কথা ক’বলৈ গ’লে বিভিন্ন কাৰণত আৰ্কিটেক্টৰ কোনো পৰীক্ষাই পাছ কৰা নাছিল। But he was an original thinker who believed in excellence only. এই কিতাপখনত এটা উল্লেখযোগ্য কথা আছিল মধ্যবিত্ত চিন্তাধাৰাৰ মানুহৰ মানসিকতা। আমাৰ সমাজত উচ্চ চিন্তাধাৰা কৰা মানুহৰ বিপৰীতে মধ্যবিত্ত চিন্তাধাৰাৰ মানুহ সৰহ। আৰু এই মধ্যবিত্ত চিন্তাধাৰাৰ শ্ৰেণীটোৱে সদায় উচ্চ চিন্তাধাৰাৰ শ্ৰেণীৰ মানুহখিনিক বিচাৰ কৰি থাকে নতুবা তাক পৰিচলানা কৰি থাকে। এই উচ্চ চিন্তাধাৰাৰ শ্ৰেণীটোৰ সমপৰ্যায়ৰ হ’ব নোৱাৰি তেওঁলোকে সেয়ে তেওঁলোককো নিজৰ চিন্তাধাৰালৈ আনিবলৈ অনবৰতে চেষ্টা কৰি থাকে। নিজে ওপৰলৈ উঠাতকৈ তেওঁলোকে আনকহে তললৈ টানি থাকিব বিচাৰে। Only a few can be excellent; but if you are many of the same standard then you are mediocre. People are always comfortable being in the majority group, that means being mediocre.

প্ৰথম দৃষ্টিত চাবলৈ গ’লে ইমানবোৰ আই আই টি হোৱাৰ লগে লগে আই আই টিৰ standard কমি আহিব যেন লাগে, কিন্তু সকলো আই আই টিয়ে যদি পুৰণা আই আই টিবোৰৰ standardলৈ উঠে তেনেহ’লে আগৰ যি standardক আমি excellent বুলি কৈছিলোঁ সি এতিয়া averageহে হ’ব। নিজকে excellent পৰ্যায়লৈ উঠাবলৈ হ’লে আই আই টিবোৰে বৰ্তমানৰ standardক আৰু বঢ়াব লাগিব আৰু সেয়ে হ’ব বুলি মই আশা ৰাখোঁ। কিন্তু প্ৰধান সমস্যা হ’ল ইমানবোৰ আই আই টিৰ কাৰণে যোগ্য শিক্ষক পোৱাটো।

প্ৰশ্ন : গুৱাহাটীত এখন আই আই টি প্ৰতিষ্ঠা কৰা স্বত্ত্বেও নতুবা অসমত বহুত ভাল ভাল শিক্ষানুষ্ঠান থকা স্বত্ত্বেও আজিলৈকে brain drain বোলা বস্তুটোৰ অন্ত হোৱা নাই। তাৰ ওপৰত আপোনাৰ কিবা মতামত?

প্ৰফেছৰ বুঢ়াগোঁহাই : অসমৰ পৰা বাহিৰলৈ যোৱা আৰু ভাৰতৰ পৰা বাহিৰলৈ যোৱা একে কথা। মানুহে কয় ভাৰতৰ পৰা বাহিৰলৈ মানে আমেৰিকালৈ গৈ মানুহ উভতি অহা নাই, কিন্তু উভতিতো আহিছে। এই brain drain হোৱাৰ কাৰণে অসমখন প্ৰত্যক্ষ বা পৰোক্ষ দুয়োটা ধৰণেই লাভৱান হোৱা নাই বুলি মই নাভাবোঁ। তুমি কাম কৰি ক’ত সুবিধা পাইছা সেইটো তোমাৰ কথা, কিন্তু সম্পদৰ নতুবা জ্ঞানৰ আদান-প্ৰদান কৰাটোহে আচল কথা, যিটো কথাই সদায় সকলোকে সহায় কৰিব। মোৰ হিচাবত তুমি যদি সদায় এটা নিৰ্দ্দিষ্ট চাৰিসীমাৰ ভিতৰতে থাকা, বাহিৰৰ পৃথিৱীত কি হৈ আছে তাৰ একো খবৰ নাৰাখা, তাৰ একো অভিজ্ঞতা নোলোৱা তেন্তে তুমি জীৱনত সিমানখিনি উন্নতি কৰিব নোৱাৰা যিমানখিনি তুমি কৰিব পাৰিলাহেঁতেন। সেয়ে মই ব্ৰেইন ড্ৰেইন প্ৰক্ৰিয়াটো ক্ষতিকাৰক বুলি নাভাবোঁ।

প্ৰশ্ন : অসমৰ বৰ্তমান শিক্ষা ব্যৱস্থাক লৈ আপুনি সন্তুষ্ট নে?

প্ৰফেচৰ বুঢ়াগোঁহাই : সঁচা কথা ক’বলৈ গ’লে অসমত বৰ্তমান চেবাই কি ধৰণৰ শিক্ষা ব্যৱস্থা চলাই আছে মই সিমান ভালকৈ নাজানোঁ। কিন্তু অভিযান্ত্ৰিক প্ৰতিষ্ঠানসকলক মই এটা কথাই কওঁ যে যিটো প্ৰযোজনীয় আৰু লাগতিয়াল পাঠ্যক্ৰম সেইখিনি তেওঁলোকে অনুসৰণ কৰি শিক্ষাদান কৰিলেহে ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ’ব। সাধাৰণভাৱে ক’বলৈ গ’লে ক’ব লাগিব শিক্ষা ব্যৱস্থাত মেনেজমেণ্টটো ভাল হ’ব লাগে, কাৰণ প্ৰত্যেক বছৰে কিবা নহয় কিবা গণ্ডগোল হোৱা আমি খবৰ কাগজত পঢ়িবলৈ পাওঁ। বিশেষকৈ ফাইনেল পৰীক্ষাৰ ফলাফলৰ সময়ত। সেয়া অন্ততঃ এটা শুভ লক্ষণ নহয়। ইয়ে ছাত্ৰ-ছাত্ৰীসকলক বহুত হতাশো কৰে।

আৰু আজিকালি অসমতো বহুত বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয হ’ল যিবোৰে ছাত্ৰ-ছাত্ৰীবোৰক বহু সুযোগ দিছে, কিন্তু ডিগ্ৰী পালেইতো নহ’ব, নিযুক্তিৰ যোগ্যতাও অৰ্জন কৰিব লাগিব। তদুপৰি বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম একেবাৰে কৰিব নোখোজে! কঠোৰ পৰিশ্ৰম কৰিব লাগে কাৰণে JEEত বহিব নোখোজে। পৰীক্ষাত নবহিলে seat পাব ক’ৰ পৰা? মই আই আই টিত থকাৰ দিনতে পাটনাৰ একোটা JEE centreতে দহ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰ তুলনাত সমগ্ৰ North-Eastৰ পৰা কেইজনে JEE দিয়ে? এতিয়াৰ পৰিস্থিতিটো অবশ্যে আগতকৈ বহুত ভাল হ’ল।

প্ৰশ্ন : বৰ্তমান আপুনি কি কামত নিজক ব্যস্ত ৰাখিছে?

প্ৰফেছৰ বুঢ়াগোঁহাই : ২০০৩ চনত মই অৱসৰ লওঁ। অৱসৰৰ পিছত মই প্ৰায় চাৰি বছৰ গুৱাহাটীতে আছিলো structural consultant হিচাবে আৰু অন্য দুটামান কামত। ২০০৩ৰ পৰা ২০০৫লৈকে শ্ৰীমন্ত শংকৰ Educational Trustৰ লগত থাকি উত্তৰ-পূবৰ প্ৰথম Private Engineering College GCIMT স্থাপন কৰাত সহায় কৰোঁ। এই কলেজখন গুৱাহাটীৰ ওচৰৰ আজাৰাত আৰম্ভ হয় ২০০৬ চনত। তাৰ পাছত ২০০৫ৰ শেষ ভাগৰ পৰা ২০০৭ চনৰ মাজ ভাগলৈকে Brahmaputra Consortium ত থাকি COO হৈ Zoo Roadত থকা Spanish Garden নামৰ Housing Complex টোৰ আৰম্ভণিৰে পৰা কাম-কাজ দেখা-শুনা কৰোঁ। ২০০৭ চনত Civil Engineering Networks নামেৰে জাৰ্মান কোম্পানী এটাই Puneত তেওঁলোকৰ এটা শাখা খোলে। আচলতে পুনেত যিজন ব্যক্তিয়ে সেই কোম্পানীটো খুলিছে তেখেতক মই আই আই টি বম্বেত থকা দিনৰ পৰাই, অৰ্থাৎ ১৯৮৯ চনমানৰ পৰাই চিনি পাওঁ। তেওঁৰ কথা মতেই তেওঁৰ সেই কোম্পানীটোত মই Chief technical ofiicer হিচাবে সহায় কৰোঁগৈ। ২০১১ৰ পাছত পুনেত নাথাকি মোৰ মুম্বাইৰ ঘৰৰ পৰাই মই মোৰ পুনেৰ অফিছৰ কামসমূহ ইণ্টাৰনেটযোগে চলাওঁ। মাজতে গুৱাহাটীৰ Royal Institute of Engineering and Technologyত Principal Advisor হিচাবে ডেৰ বছৰৰ বাবে আছিলোঁ। এতিয়া তাত নাই।

পুনেৰ Civil Engineering Networksত কাম কৰি থকা অৱস্থাতে ২০১২ চনৰ জুলাই মাহৰে পৰা মই নাগালেণ্ড চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ Chancellor হিচাবে আছোঁ। ২০১৪ চনৰ শেষ ভাগত আই আই টি গুৱাহাটীয়ে Emeritus Professor হিচাবে জইন কৰিবলৈ মোক আমন্ত্ৰণ জনায়। আই আই টি গুৱাহাটী মোৰ খুব প্ৰিয়। সেয়ে ২০১৪ চনৰ শেষত মই পুনেৰ কামটো এৰি দিওঁ আৰু ২০১৫ চনৰ জানুৱাৰীৰে পৰা মই আই আই টি গুৱাহাটীৰ চিভিল ডিপাৰ্টমেণ্টত Emeritus Professor হিচাবে আছোঁ।

মোৰ কাৰণে গুৱাহাটীৰ আৰু এটা আকৰ্ষণ হ’ল Convergence’57 নামৰ অনুষ্ঠানটো। ২০০৭ চনত গুৱাহাটীত convergence’57 নামেৰে এটা খুব অনানুষ্ঠনিকভাৱে এছ’চিয়েচন খোলা হৈছিল। তাৰ এটাই উদ্দেশ্য যে যিসকলে ১৯৫৭ত মেট্ৰিক পাছ কৰিছিল, যি ঠাইৰ পৰা নহওঁক লাগিলে, সেইসকলৰ এটা অনুষ্ঠুপীয়া আয়োজন। আমি সকলো প্ৰতিটো মাহৰ চতুৰ্থ ৰবিবাৰটোত দুঘণ্টাৰ বাবে লগ হওঁ আৰু বছৰি ডিচেম্বৰ মাহৰ চতুৰ্থ ৰবিবাৰটোত এটা ভাল গেট টুগেদাৰৰ আয়োজন কৰোঁ। খুব ভাল লাগে তাত সকলোকে লগ পায়। এতিয়লৈকে আমাৰ স্ত্ৰী আৰু পুৰুষ মিলি প্ৰায় আশীজনমান মানুহ গোট খাইছে। এনেদৰেই মই বৰ্তমান ব্যস্ত আছোঁ।

প্ৰফেছৰ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।

1 Comment
  • বিক্ৰম জিত চৌধুৰী
    Posted at 16:30h, 25 April Reply

    ধন্যবাদ, অসমৰ এজন প্ৰকৃত সেৱকৰ মনৰ কথা জনোৱা বাবে

Post A Comment