দুই মাৰ্কিন বিজ্ঞানীলৈ ২০১২ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

 

কোষৰ সংবেদনশীলতা সন্দৰ্ভত কৰা গুৰুত্ত্বপূৰ্ণ গৱেষণাৰ বাবে দুজন মাৰ্কিন বিজ্ঞানী যথাক্ৰমে উত্তৰ কে’ৰলিনাৰ ডিউক ইউনিভাৰ্ছিটি মেডিকেল চেণ্টাৰৰ ৬৯ বছৰীয়া বিজ্ঞানী ৰবাৰ্ট জে. লেফকউইটজ আৰু কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি স্কুল অৱ মেডিচিনৰ ৫৭ বছৰীয়া বিজ্ঞানী ব্ৰায়ান কে. কবিলকাক ২০১২ বৰ্ষৰ ৰষায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। চলিত বৰ্ষৰ ১০ অক্টোবৰত ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে ঘোষণা কৰা অনুসৰি তেওঁলোকক এই বঁটাৰ বাবে মনোনীত কৰা হয় “For studies of G-Protein Coupled Receptors”।

আমাৰ শৰীৰটো হৈছে অসংখ্য কোষ(cell)ৰ সমন্বয়ৰে সংযোজিত এটি ব্যৱস্থা। প্ৰতিটো কোষৰে কিছুমান নিৰ্দিষ্ট সংগ্ৰাহক(receptors) থাকে যিয়ে কোষটোক সংবেদন প্ৰেৰণ কৰি বিভিন্ন কাম-কাজ চলাই নিয়াত সহায় কৰে। বিজ্ঞানীদ্বয়ক তেনেকুৱাই এক শ্ৰেণীৰ সংগ্ৰাহক, G-Protein Coupled Receptors(GPCR) আৱিস্কাৰ কৰাৰ বাবেই ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।

ধৰাহওক, এজন ব্যক্তি আন্ধাৰ নিশা এটি জনশূন্যহীন পথত অকলসৰে গৈ আছে। হঠাতে তেওঁ কোনোবা ব্যক্তিৰ খোজৰ শব্দ শুনিবলৈ পালে, পাচমূহুৰ্ততে এটি অচিনাকি কণ্ঠস্বৰ! মানুহজনৰ গোটেই শৰীৰ কঁপিবলৈ ধৰিলে, হৃদস্পন্দন বৃদ্ধি পালে। লগে লগেই মগজুৰ স্নায়ুকোষবোৰে গোটেই শৰীৰলৈ বিপদৰ বাৰ্তা পঠালে। পিটুইটাৰী গ্ৰন্থিয়ে(Pituitary gland) হ’ৰম’ন(Hormone) ক্ষৰণ কৰি এডাৰনেল(Adrenal) গ্ৰন্থিক উত্তেজিত(Stimulate) কৰি তুলিলে, এড্ৰিনেলিন আৰু ন’ৰএড্ৰিনেলিন ক্ষৰণ হ’ল আৰু ব্যক্তিজনক সংকেত দিলে- ভাই, সোনকালে পলা! লগে লগেই ব্যক্তিজনৰ হৃদযন্ত্ৰ, হাওফাওঁ(Lungs), ৰক্তবাহী নলিকা (Blood Vessels), পেশী(Muscle) আদি সকলো সক্ৰিয় হৈ উঠিল। উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে নিৰাপদ স্থান পোৱা। এই গোটেই প্ৰক্ৰিয়াটোত সংগ্ৰাহকে(Receptor) গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰে। GPCR-ও তেনেকুৱাই এক প্ৰকাৰৰ সংগ্ৰাহক। এই প্ৰকাৰৰ সংগ্ৰাহকে এড্ৰিনেলিন, ড’পেমাইন(Dopamine), ছিৰ’ট’নিন(Serotonin) আদি হ’ৰম’নৰ ক্ৰিয়াত আৰু পোহৰ, গোন্ধ, সোৱাদ আদি অনুভূতিত সহায় কৰে। বহুতো শৰীৰ ক্ৰিয়া(Physiological Process) GPCR-ৰ ওপৰত নিৰ্ভৰ কৰে।

GPCR কোষৰ প্লাজমা আৱৰণ(Plasma membrane) থাকে। এই আৱৰণেই কোষটোক অনাৱশ্যকীয় পদাৰ্থৰ আগমনৰ পৰা ৰক্ষা কৰে। GPCR-এ ৰাসায়নিক বাৰ্তাবোৰক (Chemical Messenger) এই আৱৰণখন ভেদ্য কৰি তোলাত সহায় কৰে আৰু কোষৰ ভিতৰত অন্য প্ৰটিন, নিউক্লিয়টাইড(Nucleotide) আৰু ধাতৱ আয়ন(Metal ion)ৰ লগত বিক্ৰিয়া কৰি এটি কোষীয় প্ৰতিক্ৰিয়া(Cellular Response) প্ৰেৰণ কৰে।

লেফকউইটজে ১৯৬৮ চনত প্ৰথমে তেজস্ক্ৰিয় আয়ডিন(Radioactive Iodine) মৌলৰ সহায়ত এড্ৰিনেলিন হ’ৰম’নৰ সংগ্ৰাহক এড্ৰিনাৰজিক(Adrenergic)ক নিস্কাষণ কৰে। ইয়াৰ পাছত কবিলকাই ১৯৮০ চনত এড্ৰিনাৰজিকৰ জিনীয় সংহতি(Genetic code) আৱিস্কাৰ কৰে। ইয়াৰ উপৰিও ২০১১ চনত তেওঁ এড্ৰিনাৰজিক সংগ্ৰাহকক এড্ৰিনেলিন হ’ৰম’নে সক্ৰিয় কৰি তোলাৰ আৰু সংগ্ৰাহকে কোষলৈ বাৰ্তা প্ৰেৰণ কৰাৰ সঠিক চিত্ৰ লবলৈ সক্ষম হয়।

স্মৰণযোগ্য যে, আমি দৈনন্দিন জীৱনত গ্ৰহণ কৰা অৰ্ধেকতকৈ বেছি ঔষধ-পাতিয়েই এই সংগ্ৰাহকৰ যোগেদি কাম কৰে। ৰয়েল ছুইডিছ একাডেমীৰ সূত্ৰ অনুসৰি বিজ্ঞানী দুজনৰ এই গৱেষণাই অদূৰ ভৱিষ্যতে কম পাৰ্শ্বক্ৰিয়া থকা উন্নত মানৰ ঔষধ প্ৰস্তুত কৰাত সহায় কৰিব ।

লেফকউইটজ আৰু কবিলকাক এলফ্ৰেড ন’বেলৰ মৃত্যু দিৱস ১০ ডিচেম্বৰত ছুইডেনৰ ৰাজধানী চহৰ ষ্টকহ’মত ৮ নিযুত পাউণ্ড(১.২ নিযুত ডলাৰ) মূল্যৰ বঁটাটি প্ৰদান কৰা হ’ব।

—————————

নীৰঞ্জন লিগিৰা আৰু কল্যাণ জ্যোতি।

সংযুক্ত স্নাতকোত্তৰ, ৰসায়ন বিজ্ঞান বিভাগ,

তেজপুৰ বিশ্ববিদ্যালয়।

[ad#ad-2]

 

No Comments

Post A Comment