ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় A : পাতনি

 

পাতনি

 

A-1 উল্কাসদৃশ অত্যুজ্জ্বল কেৰিয়াৰ :

ঠিক এক উল্কাৰ দৰেই হঠাতেই ৰামানুজনৰ আৱিৰ্ভাৱ হৈছিল গণিতৰ আকাশমণ্ডলত, ঢাপলি মেলিছিল তেওঁৰ চুটি জীৱনটোৰে, নিজকে পূৰাই লৈছিল আৰু আঁতৰি গৈছিল সম-তাৎক্ষণিকতাৰে। তেওঁৰ গণিতৰ অকালপক্কতা বহুত আগতেই দৃষ্টিগোচৰ হৈছিল স্কুলত তেওঁৰ শিক্ষকসকলৰ দ্বাৰা আৰু তেওঁৰ ঘৰ-চহৰ কুম্বাকোনমৰ সমবয়সৰ ল’ৰাহঁতৰ যোগে। তেওঁৰ প্ৰায় ২৩ বছৰ বয়সতে মাদ্ৰাজৰ জ্যেষ্ঠ গণিতজ্ঞসকলৰ দৃষ্টিগোচৰ হৈছিল ৰামানুজনৰ গণিত সম্পৰ্কে থকা অনৈমিত্তিক অন্তৰ্দৃষ্টিৰ কথা। জি. এইচ. হাৰ্ডিৰ দ্বাৰা তেওঁৰ পূৰ্ণ আৱিস্কাৰৰ পিছত ৰামানুজন জীয়াই থাকিল মাথোন ছয় বছৰহে, তাৰে পাঁচটা বছৰ কেম্ব্ৰিজত আৰু এটা বছৰ মাদ্ৰাজত।১৯৩২ চনত তেওঁ ইহলীলা সামৰে ৩২ বছৰ বয়সত।

A-2 প্ৰথম জীৱনী :

ৰামানুজনৰ মৃত্যুৰ কেইবছৰমান পিছত তেওঁৰ গৱেষণাকাকতৰ সংগ্ৰহটোৰ পৰিকল্পনা কৰা হৈছিল। ১৯২৩ চনত এয়া থিৰ কৰা হয় যে, গৱেষণাকাকতৰ সংগ্ৰহটোৰ আৰম্ভণিত তেওঁৰ জীৱনী দিব লাগে। জীৱনী লিখিবলৈ বুলি মাদ্ৰাজ বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত এখন কমিটী গঠন কৰি দিয়ে। কমিটীখন গঠিত হৈছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ই.এম.মেক্-ফেইল, প্ৰেছিডেণ্সি কলেজৰ প্ৰায়োগিক গণিতৰ অধ্যাপক আৰু সেই সময়ৰ ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটীৰ চেক্ৰেটৰী পি.ভি. শেশু আয়াৰ, মাদ্ৰাজ চৰকাৰৰ এডুকেশ্যন চেক্ৰটৰী আৰু চ’ছাইটীৰ পূৰ্বৰ প্ৰেছিডেণ্ট আৰ. ৰামচন্দ্ৰ ৰাও। প্ৰেছিডেণ্সি কলেজৰ গণিত বিভাগৰ ষ্টাফৰ এজন কনিষ্ঠ সদস্য হিচাবে জীৱনীখনৰ খচৰা প্ৰস্তুত কৰা দায়িত্তটো ৰংগনাথনৰ ওপৰতেই পৰিছিল। কমিটীখনে অনুমোদন জনোৱাৰ দৰে ১৯২৭ চনত এয়া প্ৰকাশ হৈছিল গৱেষণাকাকতৰ সংগ্ৰহটোত।

A-3 জীৱনীখনৰ দুৰ্গম্যতা বা দুৰ্বোধ্যতা :

     গণিতজ্ঞসকলৰো মাথোন বছা-বছা কেইমুঠিমানেহে গৱেষণাকাকত কেইখনৰ মাজত জুটি পাইছিল। গতিকে বাদ-বাকীসকলৰ বাবে জীৱনীখন দুৰ্বোধ্য যেনেই আছিল। হ’লেও প্ৰধানতঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰৰ বাবে কেইটামান ভাৰতীয় ভাষাত সৰু পুস্তিকাৰ আকাৰত ইয়াৰ এক সংক্ষিপ্ত ভাষ্য উলিয়াই দিয়া হৈছিল। ভাৰতৰ বিশেষ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত শিক্ষিত চামটোৱে যিহেতু ইংৰাজীতহে পঢ়ে, সেয়ে এই পুস্তিকাসমূহ তেওঁলোকৰ ওচৰ নচপাটোৱেই স্বাভাৱিক।

A-4 ৰামানুজন সম্পৰ্কত অজ্ঞতা :

     ১৯৫০ চনৰ পিছৰ পৰা ৰংগনাথনে প্ৰায়েই বিশ্ববিদ্যালয়ৰ এনে ছাত্ৰ লগ পাইছিল, যিসকল ৰামানুজন আৰু তেওঁৰ কেৰিয়াৰৰ সম্পৰ্কত পুৰামাত্ৰাই অজ্ঞ আছিল অথৱা তেওঁ যে এজন গণিতজ্ঞ এই কথাখিনিত বাদে তেওঁৰ সম্পৰ্কে খুব কমেইহে জানিছিল। ১৯৬০ চনলৈ তেওঁৰ নাম নুশুনা বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ সংখ্যাও ক্ৰমাৎ বাঢ়িহে আহিছিল। ১৯৬২ চনত বাংগালোৰৰ তথ্যযুক্ত গৱেষণা আৰু শিক্ষণ কেন্দ্ৰত, “জ্ঞানৰ পৃথিৱীখন আৰু ইয়াৰ প্ৰসাৰ” শীৰ্ষক তেওঁ লোৱা শ্ৰেণীৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সময় আৰু জ্ঞানৰ শাখাৰে লেখত ল’বলগীয়া অৱদান আগবঢ়োৱাসকলক লৈ তেওঁ ভিন্ন বিষয় ক্ষেত্ৰৰ বুৰঞ্জীৰ পাঠৰ স’তে জড়িত হ’বলগা হৈছিল। তেওঁৰ শিক্ষণ প্ৰণালী আছিল আলোচনা প্ৰধান। বিষয়টোৰ অগ্ৰসৰতাৰ ধৰণ আছিল প্ৰশ্নোত্তৰ পদ্ধতিৰ। DRTC(Documentation Research and Training Centre)ৰ শ্ৰেণীসমূহ আছিল শ্নাতকোত্তৰ ডিগ্ৰিধাৰীসকলক লৈ। সেই বছৰ শ্ৰেণীটো আছিল মাত্ৰ বিশেষ সাতজনক লৈ। তেওঁ আচৰিত হৈছিল এই বাবেই যে, তেওঁলোকৰ আধাতকৈয়ো বেছি সংখ্যকেই ৰামানুজনৰ বিষয়ে একো নাজানিছিল। সেয়ে তেওঁ এই অজ্ঞতাৰ বিষয়ে আৰু অধিক জনাৰ আগ্ৰহ জগাই তুলিছিল। দেশখনৰ উনৈশ শতিকাৰ বিজ্ঞানীসকলৰ সংক্ৰান্তত, দেশখনৰ বিশ্ববিদ্যালয়ৰ ডেকাচামৰ বেছিভাগৰেই মাজত এই একে অজ্ঞতা পৰিলক্ষিত হৈছিল। বিপৰীতে পিছে এওঁলোক সকলোৰে ৰাজনীতিক সকলৰ সম্পৰ্কত বেছ ভাল জ্ঞানেই আছিল। এনেবোৰ মন কৰিবলগীয়া এটা কাৰণেই আছিল যে, আমাৰ এই ৰাজনীতিক বা ৰাষ্ট্ৰনেতাসকলৰ সাধাৰণজনে পঢ়িব পৰা ধৰণৰ জীৱনী আছিল, যিটো বিজ্ঞানীসকলৰ ক্ষেত্ৰত নাছিল। নাতিদূৰত থকা চামটোৰ ক্ষেত্ৰত অকৃতকাৰ্যতাৰ সম্পৰ্কত আমাৰ বিজ্ঞানীসকলৰ পঢ়িব পৰা ধৰণৰ জীৱনীগ্ৰন্থ উলিওৱাৰ বাবে, তেওঁ এই শূন্যতাটো উলিয়াই ল’ব লগা হৈছিল। কিন্তু নিজেই এই বিষয়ত কিবা এটা কৰিবলৈ বুলি এয়া তেওঁৰ বাবে হৈ উঠা নাছিল।

A-5 ৰামানুজনৰ ৭৫ বছৰীয়া জন্মদিন :

১৯৫২ চনৰ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে ৰামানুজনৰ ছবি সম্বলিত ডাকটিকট উলিওৱাৰ কথা ঘোষণা কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়েও সেই বছৰ ৰামানুজনৰ ৭৫ বছৰীয়া জন্মদিন পালনৰ সিদ্ধান্ত লয়। আকাশবাণী, মাদ্ৰাজেও আকাশবাণীযোগে ৰামানুজনৰ ওপৰত এটি আলচ আগবঢ়াবলৈ সিদ্ধান্ত লয়। কিবা উপায়ে তেখেতসকল জ্ঞাত হয় যে ৰামানুজনৰ গৱেষণাকাকতৰ সংগ্ৰহত সন্নিৱিষ্ট জীৱনীখনৰ খচৰা ৰংগনাথনে কৰিছে। আৰু সেয়ে তেওঁলোকে তেওঁক এটি বক্তৃতা দিবলৈ বুলি আমন্ত্ৰণ কৰে। এই বক্তৃতাৰ পিছত তেওঁ ৰামানুজনৰ জীৱিত বন্ধু কেইজনমানৰ পৰা চিঠি পায়। তেওঁলোকৰ এই পত্ৰ-বিনিময়ৰ মাজতে তেওঁলোকে দলটোৰ আৰু কেইজনমানৰ কথা উল্লেখ কৰে। এই সকলো মিলি তেওঁ ৰামানুজনৰ সম্পৰ্কত আৰু অধিক খবৰৰ সংগ্ৰহ পাব পৰা হ’ব বুলি নিশ্চিত হয়। ই তেওঁক প্ৰায় দুবছৰ সময় লৈছিল, তেওঁলোক সকলোৰে পৰা স্মৃতি-ৰোমন্থন সম্পৰ্কত লেখা পাবলৈ বুলি।

A-6 এই জীৱনীখনৰ জন্মৰ আঁৰৰ কাহিনী :

ইয়াৰ পিছত তেওঁ জীৱনীখন লেখাৰ কাম আৰম্ভ কৰে। এয়া কৰি থাকোঁতে তেওঁৰ মনত এয়াও খেলালে যে, আনসকল ভাৰতীয় চিন্তাবিদৰো এনেধৰণৰ জীৱনী লিখা উচিত। ইয়েই তেওঁক বোম্বেৰ তেওঁৰ প্ৰকাশক এছিয়া-পাব্লিছিং-হাউছলৈ লিখায়। কাৰণ, ইয়াৰ প্ৰতিষ্ঠাতা মি.পি. এছ. জয়াচিংঘে তেওঁৰ দেশপ্ৰেমৰ দুঃসাহসিক উদ্যমৰ বাবে সুখ্যাত আছিল, যাৰ সহায়ত তেওঁ আগবাঢ়ি গৈছিল। তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল, এছিয়া-পাব্লিছিং-হাউছে ‘ভাৰতবৰ্ষৰ মহান চিন্তাবিদসকল’ শীৰ্ষক এলানি নতুন প্ৰকাশ আগবঢ়াব লাগে আৰু ৰামানুজনৰ ওপৰত তেওঁৰ এই জীৱনীৰ খচৰাটো প্ৰথম খণ্ড হিচাবে প্ৰকাশ হ’ব লাগে, ই গৃহীত হৈছিল। এয়ে হ’ল এই কিতাপখনৰ জন্মৰ আঁৰৰ কাহিনী।

A-7 ৰূপৰেখা সম্বলিত বিবৰণ :

সূচীপত্ৰৰ পৃষ্ঠাটোৱেই স্পষ্ট ইংগিত দিয়ে যে কিতাপখনৰ ৰূপৰেখা সম্বলিত বিৱৰণ কি হ’ব। এই জীৱনীখনে প্ৰধানতঃ মানৱীয় ফালটো সামৰিছে। জীৱনীখনক টেকনিকেল বিষয়েৰে ভৰাই তোলাৰ পৰা আঁতৰাই ৰাখি থোৱাৰ ইচ্ছাটোক ৰামানুজনৰ নিঃস্ব সামৰ্থখিনিয়ে, প্ৰতিভাধৰৰ গাণিতিক সাফল্যৰ আলোচনা কৰিবলৈ বুলি তেওঁক ৰক্ষা কৰিছে। P অধ্যায়টোতেই মাত্ৰ টেকনিকেল বিষয় বস্তু ভৰোৱা হৈছে। এয়া ফুটি উঠিছে যে ই প্ৰধানতঃ জি. এইছ. হাৰ্ডিৰ লিখাৰ পৰা লোৱা কথাহে। কিন্তু তেওঁৰ মাজত থকা লাইব্ৰেৰীয়ানজনে গ্ৰন্থপঞ্জী সম্পৰ্কীয় অন্তৰ্ভূক্তি থকা অধ্যায় Q আৰু R অক এই জীৱনীখনত সংযোজন কৰাটো বাৰণ কৰিব নোৱাৰিলে।

A-8 কৃতজ্ঞতা :

শ্ৰীমতী ৰামানুজনকে সামৰি যিসকলে তেওঁলোকৰ স্মৃতিৰোমন্থন কৰিছে তেওঁলোক আটাইলৈ কৃতজ্ঞতা জনাই সামৰিছে।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

No Comments

Post A Comment