ৰেংক্‌ড চইছ্‌ ভোটিং পদ্ধতি

২০১০ চনত ফ্ৰান্সৰ নৰ্‌মডী(Normandy)ত অনুষ্ঠিত ভোটিং তত্ত্ব (Voting theory) সমন্ধীয় এখন আলোচনা-চক্ৰত ভোটিং সমন্ধীয় বিভিন্ন কাম-কাজৰ লগত জড়িত ২০ ৰো অধিক গৱেষকে অংশ লৈছিল। আলোচনাৰ শেষৰ দিনা এটা পৰীক্ষা কৰা হ’ল— পৰীক্ষাটো হ’ল তেওঁলোকে প্ৰত্যেকেই প্ৰিয় ভোটিং পদ্ধতিৰ সপক্ষে ভোট দিব লাগে! মুঠ পদ্ধতিৰ সংখ্যা ১৮ টা। উদ্দেশ্যটো হ’ল ১৮ টা ভোটিং পদ্ধতিৰ মাজৰ পৰা এটা ভোটিং পদ্ধতি নিৰ্বাচন কৰা! তেওঁলোকৰ মাজত এনে কিছু সংখ্যক ভোটিং তত্ত্ববিদ উপস্থিত আছিল যি কিছুমান নিৰ্দিষ্ট ভোটিং পদ্ধতিৰ একো একোজন প্ৰবক্তা। অৰ্থাৎ তেওঁলোক সেই নিৰ্দিষ্ট পদ্ধতিটোৰ সপক্ষে ওকালতি কৰে! ইয়াৰ ভিতৰত ষ্টিভেন ব্ৰামছ্ এপ্ৰুভেল ভোটিঙৰ (Approval Voting) সপক্ষে, কেন ৰিটচি ৰেংক্‌ড চইছ ভোটিং (Ranked choice voting) পদ্ধতিৰ সপক্ষে, ঠিক সেইদৰে ড্যান ফেলচেণ্টাল (Dan Felsenthal) কণ্ডৰচেট পদ্ধতিৰ (Condorcet Consistent) সপক্ষে ইত্যাদি। কিন্তু ভোটিং পদ্ধতিসমূহৰ মাজৰ পৰা যেতিয়া এটা ভোটিং পদ্ধতি নিৰ্বাচন কৰিব লগা হ’ল তেতিয়া তাৰ বাবেও এটা ভোটিং পদ্ধতি প্ৰয়োজন হ’ল! অৰ্থাৎ, কি পদ্ধতিৰে ১৮ টা ভোটিং পদ্ধতিৰ মাজৰ পৰা এটা শ্ৰেষ্ঠ ভোটিং পদ্ধতি বাচনি কৰা হ’ব? উপস্থিত এজনে এপ্ৰুভেল ভোটিঙৰ জৰিয়তে নিৰ্বাচন আয়োজন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে আৰু কোনেও এই প্ৰস্তাৱৰ বিৰোধিতা নকৰাত এপ্ৰুভেল ভোটিং পদ্ধতি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত হ’ল। কাৰণ তেওঁলোকৰ প্ৰত্যেকেই প্লুৰালিটি ভোটিং (Plurality voting) পদ্ধতিৰ আসোঁৱাহৰ বিষয়ে অবগত; সেয়েহে প্লুৰালিটি ভোটিং পদ্ধতিৰ দ্বাৰা নিৰ্বাচন হোৱাটো নিবিচাৰে। ঠিক সেইদৰে ১৮ টা ভোটিং পদ্ধতিক ৰেংকৰ জৰিয়তে দেখুৱাবলৈ সহজ নহয় বা সহজ হ’লেও যথেষ্ট সময়ৰ প্ৰয়োজন; সেয়েহে বৰডা (Borda Count Method), ৰেংক্‌ড চইছ ভোটিং, কণ্ডৰচেট পদ্ধতি আদি ভোটিং পদ্ধতিসমূহ উপযোগী নহয়! সেইদৰে সকলো ভোটিং পদ্ধতিক এটা এটাকৈ বিশ্লেষণ কৰি প্ৰত্যেককে এটা মান দিবলৈও (Evaluative Voting) যথেষ্ট সময়ৰ প্ৰয়োজন। সেয়েহে ৰেঞ্জ ভোটিঙৰ দৰে পদ্ধতিসমূহ অনুপযোগী। কিন্তু এই সমস্যাসমূহ এপ্ৰুভেল ভোটিং পদ্ধতিত নাই! লগতে এপ্ৰুভেল ভোটিং পদ্ধতিৰ জৰিয়তে সহজে কম সময়ত প্ৰাৰ্থীসকলৰ এটা ভাল মূল্যায়ন কৰিব পৰা যায়।

২২ জন ভোটিং তত্ত্ববিদে ১৮ টা ভোটিং পদ্ধতিক এপ্ৰুভেল ভোটিং পদ্ধতিৰে ভোটদান কৰিবলৈ সন্মত হোৱাৰ পাছত তেওঁলোকে কিদৰে ভোটদান কৰিলে আৰু কোনটো পদ্ধতিয়ে কেইটা ভোট পাবলৈ সক্ষম হ’ল তাৰ ফলাফলসমূহ তলৰ তালিকাত দেখুওৱা হৈছে।

ভোটিং পদ্ধতি মুঠ এপ্ৰুভেল শতকৰা হাৰ
Approval voting১৫৬৮.১৮
Alternative vote১০৪৫.৪৫
Copeland৪০.৯১
Kemeny৩৬.৩৬
Two-round majority২৭.২৭
Coombs২৭.২৭
Simpson২২.৭৩
Majority judgement২২.৭৩
Borda১৮.১৮
Black১৩.৬৪
Range voting৯.০৯
Nanson৯.০৯
Leximin৪.৫৪
Top-cycle৪.৫৪
Uncovered set৪.৫৪
Fishburn
Untrapped set
Plurality

ভোটিং তত্ত্ববিদে ভোটিং পদ্ধতিৰ সহায়ত ভোটিং পদ্ধতিৰ বিষয়ে দিয়া ভোটত ফিচবাৰ্ণ, আনট্ৰ্যাপড চেট আৰু আমি এতিয়া ব্যৱহাৰ কৰা প্লুৰালিটি ভোটিং পদ্ধতিৰ প্ৰদৰ্শন আটাইতকৈ শোচনীয়! এই তিনিটা ভোটিং পদ্ধতিয়ে কোনো এজন ভোটাৰৰ (ভোটিং তত্ত্ববিদৰ) পৰা এটাও অনুমোদন(Approval) লাভ কৰিবলৈ সক্ষম নহ’ল। ১৮ টা ভোটিং পদ্ধতিৰ ভিতৰত এপ্ৰুভেল ভোটিং পদ্ধতিয়ে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল। এই লেখাটোত ভোটিং তত্ত্ববিদসকলে দ্বিতীয় স্থানত ৰাখিব বিচৰা ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ বিষয়ে কিছু কথা লিখিবলৈ চেষ্টা কৰা হৈছে।

চমুকৈ ৰেংক্‌ড চইছ ভোটিং:

ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ আৰম্ভণি ১৮৫৫ চনত, ডেনমাকত। কাৰ্ল এণ্ড্ৰে (Carl Andrae) নামৰ গণিতজ্ঞ আৰু ৰাজনীতিবিদ এজনে প্ৰথমে এই পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল। কিন্তু ১৮৫৭ চনত ইংলেণ্ডৰ থমাচ হেৰে (Thomas Hare) নামৰ এজন অধিবক্তাইয়ো স্বতন্ত্ৰভাৱে ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁৰ নাম অনুসৰি এই পদ্ধতিক হেৰে চিষ্টেম (Hare System) বুলিও জনা যায়। এই পদ্ধতিৰ মতে ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিয়াৰ পৰিবৰ্তে প্ৰাৰ্থীসকলক ৰেংকিঙৰ সহায়ত দেখুৱাব পাৰে। ভোটাৰে বেলটত তেওঁৰ প্ৰথম প্ৰিয় প্ৰাৰ্থী, দ্বিতীয়, তৃতীয় এইদৰে দেখুৱাব পাৰে। যদি যিকোনো এজন প্ৰাৰ্থীয়ে প্ৰথম স্থানত ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰে তেতিয়া তেওঁক বিজয়ী বুলি ধৰা হয়। তেনে প্ৰাৰ্থী নাথাকিলে প্ৰথম স্থানত আটাইতকৈ কম সংখ্যক ভোট লাভ কৰা প্ৰাৰ্থীজনক তালিকাৰ পৰা আঁতৰাই দিয়া হয় আৰু তেওঁৰ ভোটসমূহ দ্বিতীয় স্থানত দিয়া প্ৰাৰ্থীজনলৈ স্থানান্তৰ হয়। এইদৰে যিকোনো এজন প্ৰাৰ্থীয়ে ৫০ শতাংশতকৈ অধিক ভোট লাভ নকৰা পৰ্যন্ত প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণস্বৰূপে তিনিজন প্ৰাৰ্থী ক্ৰমে ক, খ আৰু গ আৰু ১০০ জন ভোটাৰৰ বাবে ৰেংক্‌ড চইছ ভোটিং পদ্ধতি দেখুওৱা হৈছে:

৪৯ জন ভোটাৰ ৪৮ জন ভোটাৰ ৩ জন ভোটাৰ

যিহেতু প্ৰথম স্থানত কোনো এজনো প্ৰাৰ্থীয়ে ৫১ (\frac{\text{১০০}}{\text{২}}+\text{১}=\text{৫১}) টা ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেয়েহে গ প্ৰাৰ্থীক আঁতৰাই দিয়া হ’ব আৰু তেওঁৰ তিনিটা ভোট খ প্ৰাৰ্থীলৈ যাব। ফলত খ প্ৰাৰ্থীৰ মুঠ ভোট হ’ব ৪৮+৩=৫১ টা আৰু ক প্ৰাৰ্থীৰ ভোট হ’ব ৪৯ টা। গতিকে খ প্ৰাৰ্থী বিজয়ী (৫১ শতাংশ বা অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে।)

এই পদ্ধতিৰ ব্যৱহাৰৰ সুবিধা:

১) ভোটাৰে প্ৰিয় প্ৰাৰ্থীসকলক ৰেংকৰ সহায়ত প্ৰকাশ কৰিব পাৰে; ফলত ভোটাৰৰ দ্বিতীয়, তৃতীয় ইত্যাদি স্থানসমূহো গুৰুত্ব সহকাৰে লোৱা হয়।

২) এই পদ্ধতিত ভোটসমূহ নষ্ট নহয়! যদি এজন ভোটাৰৰ প্ৰথম প্ৰিয় প্ৰাৰ্থীজনে প্ৰথমে আঁতৰি যায় তেওঁৰ ভোট দ্বিতীয় প্ৰিয় প্ৰাৰ্থীলৈ যায়।

৩) এই পদ্ধতিৰে নিৰ্বাচনত জয়ী হ’বলৈ প্ৰাৰ্থী এজনে অতি কমেও ৫১ শতাংশ ভোট লাভ কৰিব লাগিব, ফলত এজন গৰিষ্ঠ সংখ্যক ভোটাৰৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী নিৰ্বাচনত জয়ী হয়।

৪) ৰেংক্‌ড চইছ ভোটিং পদ্ধতিয়ে দুবাৰ নিৰ্বাচন পাতিব লগা কাৰ্য্যক ৰোধ কৰে, যিটো এটা অতি ব্যয়বহুল প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে ফান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা চাব পাৰি।

ৰেংক্‌ড চইছ ভোটিঙৰ প্ৰয়োগ:

ৰেংক্‌ড চয়ছ ভোটিং পদ্ধতিৰ প্ৰয়োগ ১৮৫৫ চনত ডেনমাৰ্কত আৰম্ভ হৈছিল যদিও এই পদ্ধতি ইমান জনপ্ৰিয় হোৱা নাছিল। ১৯১৮ চনত অষ্ট্ৰেলিয়াত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ লয়। বৰ্তমানেও এই পদ্ধতিৰে অষ্ট্ৰেলিয়াৰ নিৰ্বাচনসমূহ আয়োজন কৰি অহা হৈছে। ইয়াৰ উপৰি নিউজিলেণ্ড, মাল্টা, উত্তৰ আয়াৰলেণ্ড (Northern Ireland) আদি ঠাইত এই পদ্ধতিৰে সাধাৰণ নিৰ্বাচনসমূহ আয়োজন কৰা হয়। ইয়াৰে উত্তৰ আয়াৰলেণ্ড, নিউজিলেণ্ড আদিত ব্যৱহাৰ কৰা পদ্ধতিটোক Single Transferable Vote বোলা হয়। যোৱা বিছ বছৰত আমেৰিকাত এই পদ্ধতিৰ বিষয়ে সজাগতা বাঢ়িছে। ইতিমধ্যে আমেৰিকাৰ বিভিন্ন মেয়ৰ, নগৰ পৰিষদ আদি পৰ্য্যায়ত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে। চলিত বৰ্ষৰ (২০২০) এপ্ৰিল আৰু মে’ মাহত আমেৰিকাৰ চাৰিখন ৰাজ্যৰ ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি মনোনয়নত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে। আমেৰিকাৰ বিভিন্ন শিক্ষানুষ্ঠানত এই পদ্ধতি ব্যৱহাৰ হৈ আছে। অতি কমেও ৫০ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত সভাৰ বিভিন্ন পদৰ প্ৰাৰ্থীসমূহ এই পদ্ধতিৰে বাছনি কৰা হয়।

আসোঁৱাহ:

ইয়াৰ প্ৰধান আসোঁৱাহ হ’ল— এই ভোটিং পদ্ধতিটোৱে মন’টনিক (Monotonic) বুলি এটা অতি প্ৰয়োজনীয় ভোটিং বৈশিষ্ট মানি নচলে। চমুকৈ মন’টনিচিটি হ’ল এজন বা একাধিক ভোটাৰে যদি কোনোবা এজন প্ৰাৰ্থীৰ বাবে তেওঁলোকৰ সমৰ্থন আগতকৈ বঢ়াই দিয়ে, সমূহিকভাৱে সেই প্ৰাৰ্থীজনৰ ৰেংক বাঢ়িব লাগিব বা কমিব নালাগিব। যদি এজন প্ৰাৰ্থী প্ৰথম অৱস্থাত জয়ী হৈছিল আৰু পাছত এজন (বা কিছু সংখ্যক) ভোটাৰে সেই প্ৰাৰ্থীজনৰ সপক্ষে আৰু কিছু সমৰ্থন দিয়াত প্ৰাৰ্থীজন হাৰি যায় তেতিয়া স্বাভাৱিকতে সেইটো এটা ভাল পদ্ধতি বুলি ক’ব নোৱাৰি। বহু সময়ত ৰেংক্‌ড চইছ ভোটিং পদ্ধতিয়ে এই ধৰণৰ আচৰণ কৰে। তলত এটা উদাহৰণেৰে এই ঘটনাটো বুজাবলৈ চেষ্টা কৰা হৈছে। তালিকাত তিনিজন প্ৰাৰ্থী ক্ৰমে ক, খ আৰু গ আৰু ৪৩ জন ভোটাৰে কিদৰে ভোট দিছে তাক দেখুওৱা হৈছে:

৭ জন ৯ জন ১৪ জন১৩ জন

ক প্ৰাৰ্থীয়ে প্ৰথম স্থানত ১৬ টা ভোট, খ প্ৰাৰ্থীয়ে প্ৰথম স্থানত ১৪ টা ভোট, গ প্ৰাৰ্থীয়ে প্ৰথম স্থানত ১৩ টা ভোট পাইছে। যিহেতু কোনো এজন প্ৰাৰ্থীয়েই ২২ টা (\frac{\text{৪৩}}{\text{২}}+\text{১}=\text{২২}) প্ৰথম স্থানৰ ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেয়েহে আটাইতকৈ কম সংখ্যক প্ৰথম স্থান লাভ কৰা গ প্ৰাৰ্থীক আঁতৰাই দিয়া হ’ব আৰু তেওঁৰ ভোটসমূহ দ্বিতীয় স্থানত থকা প্ৰাৰ্থীজনলৈ যাব, অৰ্থাৎ ক প্ৰাৰ্থীলৈ যাব। তেতিয়া নতুনকৈ ক প্ৰাৰ্থীৰ মুঠ ১৬+১৩=২৯ টা ভোট আৰু খ প্ৰাৰ্থীৰ ১৪ টা ভোট হ’ব। গতিকে ক প্ৰাৰ্থী বিজয়ী।

ধৰাহওক, তৃতীয় স্তম্ভৰ ১৪ জন ভোটাৰৰ ৫ জন ভোটাৰে তেওঁলোকৰ ৰেংক কিছু সলনি কৰিলে। য’ত ক প্ৰাৰ্থীক শেষৰ স্থানৰ পৰা প্ৰথম স্থানলৈ আহিল, অৰ্থাৎ ক প্ৰাৰ্থীৰ সমৰ্থন আগতকৈ কিছু বাঢ়িল। নতুন তালিকাত দেখুওৱা হৈছে:

৭ জন ৯ জন ৫ জন ৯ জন ১৩ জন

বাকী সকলো ভোটাৰৰ ৰেংক একে আছে। মাত্ৰ ৫ জন ভোটাৰে তেওঁলোকৰ ৰেংক ক-খ-গ কৰিছে, অৰ্থাৎ আগতকৈ ক প্ৰাৰ্থীৰ সমৰ্থন বাঢ়িছে। কিন্তু এনে কৰাৰ ফলত ক প্ৰাৰ্থী বিজয়ী হ’ব লাগিছিল যদিও তেনে নহয়। কিদৰে সেয়া চাওঁ আহক।

নতুন তালিকাৰ মতে ক প্ৰাৰ্থীয়ে প্ৰথম স্থানত ৭+৯+৫=২১ টা ভোট, খ প্ৰাৰ্থীয়ে প্ৰথম স্থানত ৯ টা ভোট, গ প্ৰাৰ্থীয়ে প্ৰথম স্থানত ১৩ টা ভোট লাভ কৰিছে। গতিকে খ প্ৰাৰ্থীক আঁতৰাই দিয়া হ’ব আৰু খ প্ৰাৰ্থীৰ ভোটসমূহ দ্বিতীয় স্থানৰ গ প্ৰাৰ্থীলৈ যাব। তেতিয়া নতুন ভোটসমূহ এনেধৰণৰ হ’ব— ক প্ৰাৰ্থী ২১ টা, গ প্ৰাৰ্থী (১৩+৯=২২) টা, গতিকে গ প্ৰাৰ্থী বিজয়ী। ইয়াৰ পৰা দেখা গ’ল যে ক প্ৰাৰ্থীৰ সমৰ্থন বঢ়াৰ পাছতো ক প্ৰাৰ্থী বিজয়ী হোৱা নাই, কিন্তু সমৰ্থন কম থাকোতেও ক প্ৰাৰ্থী বিজয়ী হৈছিল। এই ধৰণৰ আসোঁৱাহক lack of monotonicity বুলি কোৱা হয়। ৰেংক্‌ড চইছ ভোটিং পদ্ধতিয়ে এই অতি প্ৰয়োজনীয় ভোটিং বৈশিষ্ট মানি নচলাৰ ফলত বিসংগতিপূৰ্ণ ফলাফল দিয়া সম্ভাৱনা থাকে।

সামৰণি:

যদিও ৰেংক্‌ড চইছ ভোটিং পদ্ধতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ভোটিং বৈশিষ্ট মানি নচলে, তথাপি তুলনামুলকভাৱে এই পদ্ধতি আমি ব্যৱহাৰ কৰা প্লুৰালিটি ভোটিং পদ্ধতিতকৈ এটা উন্নত মানৰ ভোটিং পদ্ধতি। আমেৰিকাৰ বিভিন্ন নিৰ্বাচনত ৰেংক্‌ড চইছ ভোটিং পদ্ধতিৰ ব্যৱহাৰ নিসন্দেহে এটা যোগাত্মক পদক্ষেপ। দীঘদীন ধৰি চলি থকা প্লুৰালিটি ভোটদান পদ্ধতিৰ পৰা ওলাই ৰেংক্‌ড চইছ ভোটিং পদ্ধতি ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহাটো স্বভাৱিকতে আমেৰিকাৰ গণতন্ত্ৰৰ বাবে এটা উল্লেখযোগ্য ঘটনা।

টোকা:

প্লুৰালিটি ভোটিং পদ্ধতি: এই পদ্ধতিত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীক ভোট দিব পাৰে আৰু আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন বিজয়ী বুলি ধৰা হয়। এই পদ্ধতিত এজন প্ৰাৰ্থী জয়ী হ’বলৈ কোনো বিশেষ ধাৰণাৰ প্ৰয়োজন নাই মাত্ৰ বিজয়ী প্ৰাৰ্থীজনে অন্য প্ৰাৰ্থী কেইজনতকৈ বেছি ভোট পালেই যথেষ্ট।

এপ্ৰুভেল ভোটিং পদ্ধতি: এই পদ্ধতিত ভোটাৰে তেওঁৰ প্ৰিয় আটাইবোৰ প্ৰাৰ্থীক ভোট দিব পাৰে আৰু আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন জয়ী হয়।

ৰেঞ্জ ভোটিং পদ্ধতি: এই পদ্ধতিত ভোটাৰে আটাইকেইজন প্ৰাৰ্থীকে এটা স্ক’ৰ বা মান দিব লাগে। পূৰ্বতে এটা স্কেল ঠিক কৰি থোৱা হয়। উদাহৰণস্বৰূপে [০,৫], [১,১০] ইত্যাদি। আটাইতকৈ বেছি স্ক’ৰ লাভ কৰাজন বিজয়ী।

No Comments

Post A Comment