ভাৰতীয় জ্যোতিষবিদ্যাৰ এটা ভাৰতীয় পৰীক্ষা

মূল লেখা: ‘An Indian Study of Indian Astrology’ by Prof Jayant Narlikar

অনুবাদ: প্ৰাচুৰ্য প্ৰাণ হাজৰিকা

অনুবাদকৰ টোকা: এই বিশেষ লেখাটো ভাৰতীয় জ্যোতিষবিদ্যাৰ সম্পৰ্কত এজন প্ৰখ্যাত ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰফেছৰ জয়ন্ত নাৰ্লিকাৰৰ এটা লেখাৰ কিছু অংশৰ ভাবানুবাদ। মূল লেখাটোলৈ যোৱাৰ পূৰ্বে এটা কথা নিৰ্দিষ্টকৈ কওঁ যে ইয়াত মানুহৰ জীৱনৰ বিভিন্ন ধৰণৰ কাম-কাজত গ্ৰহ-নক্ষত্ৰবোৰৰ প্ৰভাৱৰ কথা আলোচনা কৰা হৈছে। জ্যোতিষবিদ্যা (Astrology) নামৰ এই বিষয়টো জ্যোতিৰ্বিজ্ঞান (Astronomy)ৰ পৰা সম্পূৰ্ণ পৃথক। জ্যোতিৰ্বিজ্ঞান হৈছে গ্ৰহ-নক্ষত্ৰসমূহৰ বৈশিষ্ট্যসমূহৰ সম্পূৰ্ণ এক বিজ্ঞানভিত্তিক অধ্যয়ন, আৰু প্ৰাচীন গ্ৰীক বা ভাৰতীয় সভ্যতাৰ দিনৰে পৰা এই বিষয়টোৰ অধ্যয়ন চলাই অহা হৈছে। অৱশ্যে কালক্ৰমত ভাৰতীয় সভ্যতাতেই এই জ্যোতিৰ্বিজ্ঞানৰ লগতেই জ্যোতিষবিদ্যা বুলি এক প্ৰকাৰৰ ছদ্মবিজ্ঞানৰ প্ৰৱেশ ঘটে, যিটো বিষয়ে মানৱ জীৱনৰ প্ৰতিটো কাৰ্য্য বা সিদ্ধান্তৰ লগত গ্ৰহ-নক্ষত্ৰবোৰৰ অৱস্থানৰ স্পষ্ট সম্পৰ্ক আছে বুলি বিশ্বাস কৰি আহিছে। এই সম্পৰ্কে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই অহা হৈছে যদিও বৰ্তমানলৈকে জ্যোতিষবিদ্যাই কোনো এটা বিজ্ঞানসন্মত পৰীক্ষাত নিজৰ তাৎপৰ্যক প্ৰমাণ কৰিব পৰা নাই। আইআইটিৰ দৰে উচ্চমানৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী লাভ কৰা মানুহ কিছুমানেও এই প্ৰকাৰৰ ছদ্মবিজ্ঞানৰ পৰা মুক্ত হ’ব পৰা দেখা নাযায়। শেহতীয়াকৈ ভাৰতীয় শিক্ষা ব্যৱস্থাটোত বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰণত এইধৰণৰ ভুৱা বিষয়সমূহক অন্তৰ্ভুক্ত কৰাৰ অপপ্ৰচেষ্টা দেখা গৈছে। সেয়েহে জয়ন্ত নাৰ্লিকাৰৰ এই পাৰিসাংখ্যিক পৰীক্ষাটো বৰ্তমানৰ ভাৰতীয়সকলে বুজি পোৱাটো অতিকৈ প্ৰয়োজনীয়। এই প্ৰবন্ধটো অসমীয়ালৈ অনুবাদ কৰিবলৈ অনুমতি দিয়াৰ বাবে প্ৰফেছৰ নাৰ্লিকাৰক ধন্যবাদ জনালোঁ।

পদ্ম বিভূষণ, পদ্মভূষণ বঁটা প্ৰাপ্ত প্ৰফেছৰ জয়ন্ত নাৰ্লিকাৰ এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু IUCAAৰ এজন অধ্যাপক। মহাৰাষ্ট্ৰৰ কোহলাপুৰ অঞ্চলত ১৯৩৮ চনত জন্মগ্ৰহণ কৰা প্ৰফেছাৰ নাৰ্লিকাৰে ১৯৫৭ চনত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বিএছচি ডিগ্ৰী লাভ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যায়। কেম্ব্ৰিজৰ অধীনৰ বিখ্যাত কিংগছ কলেজৰ পৰা তেওঁ বিখ্যাত জ্যোতিৰ্বিজ্ঞানী ফ্ৰেড হয়লৰ অধীনত পিএইছডি ডিগ্ৰী লাভ কৰে।  উল্লেখযোগ্য যে এই কিংগছ কলেজৰ পৰাই গণিতজ্ঞ এলেন টিউৰিঙৰ দৰে বিখ্যাত মনিষীৰ সৃষ্টি হৈছিল। এই কিংগছ কলেজৰ পৰা শিক্ষা লাভ কৰা ৮ জন ব্যক্তিয়ে ন’বেল বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞান জগতত নাৰ্লিকাৰ Quasi-Steady State Cosmology আৰু Hoyle-Narlikar Theory of Gravityৰ বাবে জনাজাত।

প্ৰফেছৰ নাৰ্লিকাৰে নিজৰ সমগ্ৰ জীৱন ভাৰতবৰ্ষৰ পৰা অন্ধবিশ্বাস আঁতৰাই বিজ্ঞান মনস্কতাক বিকাশ কৰাৰ প্ৰচেষ্টা চলাই আহিছে। তেওঁ এজন ভাৰতীয় বিজ্ঞান-লেখক হিচাপেও প্ৰসিদ্ধ। তেওঁ ২০১৪ চনত মাৰাঠী ভাষাৰ লিখিত আত্মজীৱনী “Chaar Nagarante Maze Vishwa”-ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

ভাৰতীয় জ্যোতিষীসকলে একোজন মানুহৰ বুদ্ধিমত্তাক তেওঁৰ কুণ্ডলী অধ্যয়ন কৰি অনুমান কৰিব পাৰে বুলি কয়। পিছে আমাৰ এই পৰীক্ষাটোত ২৭ জন জ্যোতিষীয়ে ৪০ জন বুদ্ধিবৃত্তিকভাবে সক্ষম আৰু বিশেষভাবে সক্ষম ব্যক্তিৰ বুদ্ধিমত্তাক অনুমান কৰিবলৈ বিফল হয়। জ্যোতিষবিদ্যাৰ জগতখনত ভাৰতৰ নাম আগবঢ়া। ভাৰতীয় জ্যোতিষবিদ্যাৰ গঠনটো চীন বা পশ্চিমীয়া দেশবোৰৰ জ্যোতিষবিদ্যাতকৈ বহু পৰিমাণে পৃথক। পৃথিৱীৰ বাকী স্থানৰ মুঠ জ্যোতিষীতকৈ অধিক জ্যোতিষী ভাৰতবৰ্ষতেই হয়তো আছে, আৰু পৃথিৱীৰ দীৰ্ঘ সময় প্ৰচলিত ইংৰাজী জ্যোতিষ আলোচনীখন – ‘The Astrological Magazine’ (১৮৯৫-২০০৭) ইয়াৰ পৰাই প্ৰকাশ হৈছিল। এই আলোচনীখনৰ মূল আৰ্থিক সাহাৰ্য্যকাৰী সংস্থা, বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) আনকি বিএছচি আৰু এমএছচি শিক্ষাৰ নামত ভাৰতীয় শিক্ষা-ব্যৱস্থাটোত জ্যোতিষবিদ্যাক অন্তৰ্ভুক্ত কৰিছে, আৰু ভাৰতীয় নাগৰিকসকলেও সাধাৰণতে জ্যোতিষবিদ্যাক সঁচা বুলিয়েই বিশ্বাস কৰা দেখা যায়।

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী বালাচন্দ্ৰ ৰাওৱে লিখি গৈছে যে “ভাৰতীয়সকলে জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যেনে চাকৰি এটাৰ বাবে আবেদন কৰিব নে নকৰে, বা কেতিয়া কাক বিয়া পাতিব ইত্যাদিৰ বাবে শুভ মুহূৰ্ত বিচাৰি জ্যোতিষী সকলৰ ওচৰলৈ দৌৰি যায়।” অৱশ্যে এইধৰণৰ অনুমানসমূহ সম্পূৰ্ণ ভিত্তিহীন। উদাহৰণস্বৰূপে, The Astrological Magazineৰ সম্পাদক বি ভি ৰমনে লিখিছিল যে শনি গ্ৰহটোক মেষ নক্ষত্ৰমণ্ডলীত দেখা পালে ইংলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব (এয়া ১৯৩৯ চনৰ কথা)। অৱশ্যে শনি গ্ৰহটোক ১৯০৯ আৰু ১৯৬৮ চনতো সেই নক্ষত্ৰমণ্ডলীত দেখা পোৱা গৈছিল যদিও তেতিয়া ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত কোনো যুদ্ধ হোৱা দেখা নগ’ল। কেতিয়াবা ভাৰতীয় জ্যোতিষীসকলে সাংঘাটিক ধৰণৰ কথা কিছুমানো উল্লেখ কৰে। উদাহৰণস্বৰূপে, The Astrological Magazine খনত, ৫০০ খ্ৰীষ্টপূৰ্বতেই ইউৰেনাচ, নেপছুন আৰু প্লুটো আৱিষ্কাৰৰ কৰাৰ কথা কয় (পিছে ভাৰতীয় জ্যোতিষবিদ্যাৰ মতে পৃথিৱীখন চেপেটা, আৰু ৰাহু-কেতুৰ দৰে চৰিত্ৰৰো অস্তিত্ব আছে)। তেওঁলোকে ১ ছেকেণ্ডৰ ১ বিলিয়নভাগৰ এভাগ পৰিমাণৰ সময়ৰো হিচাপ কৰাৰ কথা কয় (পিছে বাস্তৱত সেই পৰিমাণৰ সময় হিচাপ কৰিব পৰা প্ৰযুক্তি নাছিলেই; তেওঁলোকে যন্তৰ মন্তৰৰ দৰে আহিলাৰ সহায়ত সূৰ্য্যৰ পোহৰৰ পৰা সৃষ্টি হোৱা ছাঁৰ অৱস্থান হিচাপ কৰি সময় গণনা কৰিছিল)।

ভাৰতীয় জ্যোতিষবিদ্যাৰ বিষয়ে কিছু কথা:

ভাৰতীয় জ্যোতিষবিদ্যা পশ্চিমীয়া জ্যোতিষবিদ্যাতকৈ জটিল। ভাৰতীয় জ্যোতিষবিদ্যাই সকলো ধৰণৰ ভাগ্যৰ লগত জড়িত সমস্যা সমাধানৰ বাবে বিভিন্ন ধৰণৰ মালা, মন্ত্ৰ, যাদুকৰী পাথৰ, যজ্ঞ আদিৰ আশ্ৰয় লয়। এইধৰণৰ নীতিসমূহ পশ্চিমীয়া জ্যোতিষবিদ্যাত দেখা নাযায়। অৱশ্যে, ৰীতি-নীতিসমূহৰ এই জটিলতাৰ সহায় লৈ জ্যোতিষীসকলে অতি সাধাৰণ কথা এটাক অসাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰে। এইখিনিতেই দক্ষিণ ভাৰতৰ “নদী” জ্যোতিষবিদ্যা (Indian Nadi Astrology)ৰ কাহিনীটো ক’ব পাৰি। তামিলনাডুৰ এই জ্যোতিষীসকলে তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণৰ প্ৰাচীন কুণ্ডলীৰ এটা বিশাল সংগ্ৰহ ৰাখে, আৰু তেওঁলোকৰ গ্ৰাহকজনক তেওঁৰ জন্মৰ তিথিৰ লগত জড়িত “শুদ্ধ” কুণ্ডলীখন উলিয়াই দেখুৱায়। পিছে এয়া কোনো আচৰিত হ’বলগীয়া কথা নহয়। প্ৰকৃততে তেওঁলোকে গ্ৰাহকজনৰ বিষয়ে সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি তাল গছৰ পাতত এখন নতুন কুণ্ডলী লিখে, আৰু সাধাৰণ ৰসায়নৰ পদ্ধতি ব্যৱহাৰ কৰি সেই তাল পাতখিলাক পুৰণি তালপাতৰ দৰে ৰূপ দিয়ে। গ্ৰাহকজনে জ্যোতিষীজনৰ ওচৰলৈ দ্বিতীয়বাৰ আহোঁতে সেই “অতি পুৰণি” যেন লগা কুণ্ডলীখন দেখি অত্যন্ত আচৰিত হয়। ৰীতি-নীতিসমূহৰ জটিলতাত মনোযোগ দিবলগীয়া হোৱা গ্ৰাহকজনে এই কথাষাৰ বাছ-বিচাৰ কৰি নাচায়। ইউৰোপত ভাগ্য গণনাৰ ব্যৱসায় চলাই অহা কোম্পানী কিছুমানে ১৯৮৪ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতত কম্পিউটাৰৰ সহায়ত ভাগ্য গণনাৰ কাৰ্য্য আৰম্ভ কৰে। সেই সময়ত প্ৰায় ২৫ টকাৰ মূল্যত কম্পিউটাৰৰ সহায়ত ভাগ্য গণনা কৰা হৈছিল, আৰু ২০০০ চনলৈ ৫০০ টকাতো ভাগ্য গণনাৰ ব্যৱস্থা দেখা গৈছিল। বৰ্তমান সময়ত ইণ্টাৰনেটত বিনামূলীয়াকৈ ভাগ্য গণনা কৰা বেৱছাইটো দেখা যায়। (একবিংশ শতিকাত এইধৰণৰ যিকোনো ৱেবছাইট এটা সহজে সৃষ্টি কৰি ধন ঘটিবলৈ কিমান সহজ সেয়া আমি সকলোৱে জানো।) এই নতুন ৰূপৰ ভাগ্য গণনাৰ আহিলাবিধৰ আগমনৰ লগে লগে ভাৰতীয় জ্যোতিষীসকলে আপত্তি কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে সাধাৰণ ভাগ্য গণনাৰ দৰেই এই কম্পিউটাৰৰ ভাগ্য গণনাইয়ো মানুহৰ জীৱনত একেধৰণেই প্ৰভাৱ পেলায়। ১৯৯৩ চনত কম্পিউটাৰৰ ভাগ্য গণনাই “সকলো ক্ষেত্ৰতে বিফলতা” অনুমান কৰাৰ বাবে এজন ব্যক্তিয়ে আত্মহত্যা কৰাৰ ঘটনা বাতৰিত পঢ়িবলৈ পোৱা গৈছিল, আৰু এইধৰণৰ হতাশাজনক ঘটনা এতিয়াও ভাৰতীয় সমাজত আচৰিত নহয়। ১৯৮৯ চনত মই এগৰাকী অতিথিক পুণে চহৰৰ জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰৰ নতুন কম্পিউটাৰটো দেখুৱাওঁতে তেওঁ সুধিছিল, “এইটো কম্পিউটাৰে ভাগ্য গণনা কৰিব পাৰেনে?”

জ্যোতিষবিদ্যাৰ চৰম প্ৰশংসা:

২০০১ চনত UGC-এ জ্যোতিষবিদ্যাক ভাৰতৰ বিশ্ববিদ্যালয়সমূহত বিএছচি আৰু এমএছচি পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰি এই বিষয়টোক আনুষ্ঠানিকভাবে সৰ্বোচ্চ সন্মান প্ৰদান কৰে। সেই সময়ৰ UGCৰ নথিপত্ৰসমূহত কোৱা হৈছিল যে “ভাৰতৰ বৈদিক জ্যোতিষবিদ্যাক পুনৰ্জীৱিত কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে আৰু আন বিজ্ঞানৰ বিষয়সমূহৰ দৰেই ইয়াকো সমান সুবিধা দিব লাগে।” অৱশ্যে “বৈদিক জ্যোতিষবিদ্যা” নামটোৱেই এটা বিড়ম্বনা, কিয়নো হিন্দুসকলৰ অতি পুৰণি ধৰ্মগ্ৰন্থ কেইখনৰ লগত এই গ্ৰহ-নক্ষত্ৰৰ সহায়ত ভৱিষ্যৎবাণী কৰিব পৰা ব্যৱস্থাটোৰ একো সম্পৰ্কই নাই। ইতিহাসবিদসকলৰ মতে এইধৰণৰ ভৱিষ্যৎবাণী কৰা ব্যৱস্থাটো তৃতীয় শতাব্দীত আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত গ্ৰীছৰ পৰাহে ভাৰতলৈ আহিছিল। UGCৰ সেই ঘোষণাটোৰ ৯ মাহৰ ভিতৰতেই জ্যোতিষ-বিভাগ সৃষ্টিৰ বাবে UGCৰ পৰা  ভাৰতৰ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৪৫ খনে সেই সময়ৰ হিচাপত ১৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য বিচাৰিছিল, আৰু ইয়াৰে ২০ খন বিশ্ববিদ্যালয়ক এই সাহাৰ্য্য দিয়া হৈছিল। সেই সময়ত জ্যোতিষবিদ্যাত বিশ্বাসী ভাৰতীয়সকল, বিশেষকৈ ৰাজনৈতিক নেতাসকলৰ মতে এই পদক্ষেপটোত পলমহে হৈছিল। অৱশ্যে এই সিদ্ধান্তটোৱে ভাৰতৰ শিক্ষাব্যৱস্থাত, বিশেষকৈ বিজ্ঞান বিভাগবোৰৰ গুণী-জ্ঞানী ব্যক্তিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ১০০ জনতকৈয়ো অধিক বিজ্ঞানী আৰু ৩০০ জনতকৈয়ো অধিক সমাজ-বিজ্ঞানীয়ে এই বিপদজনক সিদ্ধান্তটোৰ বিৰোধীতা কৰি চৰকাৰলৈ পত্ৰ লিখিছিল। ‘Current Science’ আলোচনীখনত প্ৰকাশ পোৱা ৩০ খনমান পত্ৰৰ আধা সংখ্যকতেই জ্যোতিষবিদ্যাক ছদ্মবিজ্ঞান বুলি কোৱা হৈছিল, আৰু এক চতুৰ্থাংশত জ্যোতিষবিদ্যাৰ বৈধতা সম্পৰ্কে পৰীক্ষা কৰাৰ প্ৰস্তাৱ দাঙি ধৰা হৈছিল। অৱশ্যে এই প্ৰতিবাদবোৰে বিশেষ ফল ধৰি উঠা দেখা নগ’ল।

২০০৪ চনত অন্ধ্ৰপ্ৰদেশৰ হাইকোৰ্টত কেইবাজনো বিজ্ঞানীয়ে UGCৰ পৰা জ্যোতিষবিদ্যাক আৰ্থিক সাহাৰ্য্য দিয়াটো বন্ধ কৰিবলৈ আৱেদন জনাইছিল, কিয়নো এইধৰণৰ ছদ্মবিজ্ঞানে শিক্ষাব্যৱস্থাটোত ধৰ্মৰ প্ৰভাৱ পেলাব, আৰু মৌলিক বিজ্ঞানৰ বিষয়সমূহৰ সাহাৰ্য্যৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব বুলি তেওঁলোকে আশংকা কৰিছিল (এই আৰ্থিক সাহাৰ্য্যৰ সমস্যাটো বৰ্তমান সময়তো আছে; উদাহৰণস্বৰূপে, CSIRৰ অধীনৰ NET-JRF পোৱা গৱেষক-ছাত্ৰসকলে কেতিয়াও সময়মতে আৰ্থিক সাহাৰ্য্য পোৱা দেখা নাযায়)। অৱশ্যে আদালতে এই UGCৰ সিদ্ধান্তটোত হস্তক্ষেপ নকৰে বুলিহে কয়। ২০১১ চনত মুম্বাইৰ হাইকোৰ্টত জ্যোতিষবিদ্যাৰ বিৰুদ্ধে “মিছা বিজ্ঞাপন”ৰ আৰোপ লগোৱা হৈছিল যদিও আদালতখনে জ্যোতিষবিদ্যাক “৪০০০ বছৰীয়া বিশ্বাসযোগ্য বিজ্ঞান” বুলি কয়।

অনুবাদকৰ টোকা: ২০১৭ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰুত (IISc) জ্যোতিষবিদ্যাৰ সন্মিলন পাতিবলৈ আৰ্থিক সাহাৰ্য্য আহে। ৩ ছেপ্টেম্বৰ, ২০২১ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ পিএইছডিৰ বিষয়সমূহত “জ্যোতিষবিদ্যা আৰু স্বাস্থ্য” নামৰ এটা বিষয়ো অন্তৰ্ভুক্ত কৰা হয়। অৱশ্যে শিক্ষিত সমাজৰ প্ৰতিক্ৰিয়া আৰু বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলৰ প্ৰচেষ্টাত বিষয়টো পিএইছডিৰ বিষয়সমূহৰ তালিকাৰ পৰা আঁতৰোৱা হয়।

ভুল ভৱিষ্যৎবাণীসমূহ আৰু সমালোচনাৰ অভাৱ:

জ্যোতিষবিদ্যাক প্ৰকৃত বিজ্ঞান বুলি ক’বলৈ হ’লে ই বিজ্ঞানৰ বৈশিষ্ট্যসমূহ মানি চলিব লাগিব। অৰ্থাৎ, ই পৰীক্ষা কৰিব পৰাকৈ সঠিক অনুমান কৰিব পাৰিব লাগিব। এইক্ষেত্ৰত জ্যোতিষবিদ্যাৰ প্ৰদৰ্শন অতি তথৈবচ। নিৰ্বাচনৰ ভৱিষ্যৎবাণী আৰু ফলাফলসমূহলৈ লক্ষ্য কৰিলেই এই কথা বুজিব পাৰি। উদাহৰণস্বৰূপে, ১৯৭১ চনৰ নিৰ্বাচনত The Astrological Magazine-খনত ইন্দিৰা গান্ধী পৰাস্ত হ’ব বুলিয়েই সকলোৱে কৈছিল যদিও তেওঁ অতি সহজেই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ১৯৮০ চনত আনকি ইন্দিৰা গান্ধীয়ে কেতিয়াও প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে বুলিয়েই কোৱা হৈছিল। সেইদৰে, ১৯৮০ চনতেই Indian Astrologers Federation-ৰ নামজ্বলা জ্যোতিষীসকলে এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত লগ হৈ ১৯৮২ চনত ভাৰত-পাকিস্তান যুদ্ধ আৰু ১৯৮২-৮৪ চনত তৃতীয় বিশ্বযুদ্ধ হ’ব বুলি ভয়ংকৰ ভৱিষ্যৎবাণী কৰিছিল; ইয়াৰ এটাও বাস্তৱত হোৱা দেখা নগ’ল। সেইদৰে, ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ দৰে এটা অতি স্পৰ্শকাতৰ, গুৰুত্বপূৰ্ণ ঘটনাকো কোনো এজন জ্যোতিষীয়ে অনুমান কৰিব পৰা দেখা নগ’ল। জ্যোতিষীৰ ভৱিষ্যৎবাণী সমূহে যে “আশা কৰা” বা “শুনিব বিচৰা” কথাবিলাকহে অনুমান কৰে, এই কথাষাৰ এইধৰণৰ ঘটনাবিলাকে দৃঢ় কৰি তোলে।

অনুবাদকৰ টোকা: অতীজৰে পৰা বৰ্তমানলৈকে জ্যোতিষীৰ অনুমানবোৰক লক্ষ্য কৰিলে এইধৰণৰ অসংখ্য ভুল অনুমানৰ উদাহৰণ পোৱা যায়। ২০২০ চনত সকলোৰেই জীৱনত বিৰূপ প্ৰভাৱ পেলোৱা কৰ’না মহামাৰীক কোনো এজন জ্যোতিষীয়ে অনুমান কৰিব নোৱাৰিলে। (প্ৰতিটো বছৰতেই মহামাৰী হ’ব বুলি অনেক জ্যোতিষীয়ে কয়, কোনোবা এবাৰ সঁচাকৈয়ে মহামাৰী হ’লে সকলোৱে সেইটো ভৱিষ্যৎবাণীলৈ ঘূৰি চায়; সেই বাঘ আৰু গৰখীয়াৰ সাধুটোৰ দৰে)। ঠিক সেইদৰে “সৰ্বানন্দ সোণোৱাল দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ’ব”, বা “লাভলিনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকৰ ফাইনেলত জয়লাভ কৰিব” বুলি নিউজ চেনেলকেইটাত ৰাজহুৱাকৈ ঘোষণা কৰা জ্যোতিষী কেইজনকো পুনৰবাৰ টেলিভিছনত দেখা নগ’ল। জ্যোতিষীসকলে এইধৰণৰ সমালোচনাৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰা দেখা যায়। যিকোনো এজন ব্যক্তিয়ে “সোণোৱাল মুখ্যমন্ত্ৰী হ’ব” বুলি কোৱা কথাষাৰ কাকতালীয়ভাবে সঁচা হোৱাৰ সম্ভাৱনা হৈছে ৫০%, কিয়নো এইক্ষেত্ৰত কেৱল দুটাই ফলাফল আছিল। অৰ্থাৎ সেই জ্যোতিষীজনৰ গণনাই ৫০% কাকতালীয় সুযোগ থকা সত্বেও শুদ্ধ অনুমান কৰিব নোৱাৰিলে। কেতিয়াবা অতি কম সম্ভাৱনা যুক্ত কথাও কাকতালীয়ভাবে মিলি যাব পাৰে। উদাহৰণস্বৰূপে, ২০০০ চনৰ মাৰ্চ মাহত আমেৰিকাৰ “ছিম্পছনছ” (The Simpsons) নামৰ কাৰ্টুন ধাৰাবাহিকখনত ডোনাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱা দেখুওৱা হৈছিল। সেই সময়ত তেওঁ আমেৰিকাৰ ৰাজনীতিত বৰ এটা চিনাকী চৰিত্ৰ নাছিল। ১৬ বছৰৰ পিছত এইজনেই আমেৰিকাৰ ৪৫ নং ৰাষ্ট্ৰপতি হয়। ইয়াৰ অৰ্থ এয়া নহয় যে ছিম্পছনছৰ কাহিনীৰ লেখক কেইজন জ্যোতিষবিদ্যাত পাৰ্গত।

আমাৰ পৰীক্ষাটো:

এই পৰীক্ষাটো পুণে বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক সুত্ৰধাৰ কুন্তে, এটি অন্ধবিশ্বাস নিৰ্মূল সংস্থাৰ সদস্য নৰেন্দ্ৰ ডাভোলকাৰ আৰু প্ৰাক্তন জ্যোতিষী প্ৰকাশ ঘাটপাণ্ডেৰ সহযোগত সম্পন্ন কৰা হৈছিল। উল্লেখযোগ্য যে প্ৰাক্তন জ্যোতিষী ঘাটপাণ্ডে সদ্যহতে নিজেই জ্যোতিষবিদ্যাৰ এজন সমালোচক। ভাৰতীয় জ্যোতিষীসকলে কোনো এজন ব্যক্তিৰ কুণ্ডলী চায়েই তেওঁৰ বুদ্ধিমত্তাক অনুমান কৰিব পাৰে বুলি কৈ আহিছে। সেয়েহে অন্ধবিশ্বাস নিৰ্মূল সংস্থাটোৰ তৰফৰ পৰা পৰীক্ষাটোৰ বাবে কেইবাখনো শিক্ষানুষ্ঠানৰ বুদ্ধিবৃত্তিকভাবে পাৰ্গত ছাত্ৰ-ছাত্ৰীক, আৰু কেইবাখনো বিশেষ বিদ্যালয়ৰ বুদ্ধিবৃত্তিকভাবে অসক্ষমতা দেখুওৱা ছাত্ৰ-ছাত্ৰীক ভলণ্টিয়াৰ হিচাপে বাছি লোৱা হয়। মূল পৰীক্ষাটোত এই দুয়োটা শাখাতে ১০০ জনকৈ বাছি লোৱা হয়। তেওঁলোকৰ জন্ম-কুণ্ডলীসমূহক ভাৰতীয় জ্যোতিষবিদ্যাৰ নিয়মমতেই সৃষ্টি কৰা হয়, আৰু এইবোৰক উপযুক্ত ক্ৰমিক নম্বৰ প্ৰদান কৰি পুণে বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ কুন্তেৰ ওচৰত সুৰক্ষিত কৰি ৰখা হয়। পৰীক্ষাটো সম্পন্ন কৰা কোনো এজন ব্যক্তিয়ে, বা জ্যোতিষীয়ে কোনখন কুণ্ডলী কাৰ নাজানে, আৰু অৱশেষত পৰিসংখ্যাৰ অধ্যাপকজনেই সমগ্ৰ পৰীক্ষাটোৰ ফলাফল বিচাৰ কৰে। এই পৰীক্ষাটোত অংশগ্ৰহণ কৰিবলৈ ২০০৮ চনৰ ১২ মে’ তাৰিখে এখন সংবাদমেললৈ ভাৰতৰ বিভিন্নজন জ্যোতিষীক আমন্ত্ৰিত কৰা হয়। এই সংবাদমেলখনত প্ৰতিজন জ্যোতিষীকে ২০০ খন কুণ্ডলীৰ পৰা যাদৃচ্ছিকভাবে নিৰ্বাচন কৰা ৪০খনকৈ কুণ্ডলী অধ্যয়ন কৰিবলৈ দিয়া হ’ব, আৰু এই কুণ্ডলীৰ সৈতে জড়িত ব্যক্তিজন বুদ্ধিবৃত্তিকভাবে সক্ষম নে অসক্ষম সেয়া অনুমান কৰিবলৈ দিয়া হ’ব বুলি কোৱা হয়। এই পৰীক্ষাটোত অংশ ল’বলৈ কেইবাজনো নামজ্বলা জ্যোতিষীকো বিশেষভাবে আমন্ত্ৰণ কৰা হয়, আৰু তেওঁলোকক আটাইকেইখন কুণ্ডলী অধ্যয়ন কৰিবলৈ দিয়া হয়। প্ৰায় ১৫০ গৰাকী জ্যোতিষীয়ে পৰীক্ষাটোত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। তেওঁলোকৰ নাম, অভিজ্ঞতা, পদ্ধতি আদিৰ দৰে তথ্য সংগ্ৰহ কৰি ৰখা হয়। অৱশ্যে বহুকেইজন জ্যোতিষীয়ে আমাৰ পৰীক্ষাটোত অংশগ্ৰহণ নকৰিলে। তেওঁলোকে কিয় অংশগ্ৰহণ নকৰিলে সেয়া পিছে আমাক জানিবলৈ নিদিলে। পৰীক্ষাটোৰ কথা প্ৰথমে শুনিয়েই জ্যোতিষীসকলে সেয়া পক্ষপাতী হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল যদিও, এই double-blind (অৰ্থাৎ, দুয়োপক্ষই কোনখন কুণ্ডলী কাৰ নাজানে) পৰীক্ষাটোৰ পদ্ধতিটো তেওঁলোকক ব্যাখ্যা কৰা হয়। অৱশ্যে বহুতো জ্যোতিষীয়ে তেতিয়াও আনসকলক পৰীক্ষাটোৰ পৰা আঁতৰি থাকিবলৈহে উপদেশ দিয়া দেখা গৈছিল। জ্যোতিষবিদ্যাই বিজ্ঞান হিচাপে খ্যাতি লাভ কৰিবলৈ হ’লে কি কি বৈশিষ্ট্য থকাটো অতি প্ৰয়োজনীয়, আৰু এই পৰীক্ষাটোৱে কিদৰে সেই বৈশিষ্ট্যখিনি বিচাৰিবলৈ চেষ্টা কৰিছে সেয়া পুণেৰ এখন জ্যোতিষ সন্মিলনতো বুজোৱা হয়। ভাৰতৰ কেইবাটাও (প্ৰায় এক ডজন) নামজ্বলা জ্যোতিষ সংগঠনকো পৰীক্ষাটোলৈ আমন্ত্ৰিত কৰা হয় যদিও ইয়াৰে কেৱল দুটাৰ পৰাহে কিছু উত্তৰ পোৱা গ’ল। বাকীকেইটা সংগঠন নিশ্চুপ হৈ থাকিল।

এটা উল্লেখযোগ্য উপ-পৰীক্ষা:

চিত্ৰ: পৰীক্ষাটোৰ ভলণ্টিয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ বয়সৰ বাৰংবাৰতা

মহাৰাষ্ট্ৰৰ জ্যোতিষ সংস্থাটোৱে আমাৰ পৰীক্ষাটোক বৰ্জন কৰিবলৈ সকলো জ্যোতিষীকে আহ্বান জনাইছিল যদিও ইয়াৰ সভাপতিজনে জ্যোতিষবিদ্যাৰ সহায় লৈ আমাৰ ওচৰত থকা কুণ্ডলীসমূহৰ লিংগ অনুমান কৰাৰ পদ্ধতি এটাৰ কথা কৈছিল। তেওঁৰ পদ্ধতিটোৰ মতে কুণ্ডলী অধ্যয়ন কৰি ৬০% নিৰ্ভুলতাৰে ল’ৰা নে ছোৱালী অনুমান কৰিব পাৰি। পিছে বাস্তৱত ২০০ খন কুণ্ডলীত সেই পৰীক্ষাটো কৰি চাওঁতে তেওঁ ৪৭-৫০% সঠিকতাৰেহে অনুমান কৰিব পাৰিলে। ল’ৰা বা ছোৱালী – এই দুটা বিকল্পৰ বাবে যাদৃচ্ছিকভাবে অনুমান কৰিলেও শুদ্ধ হোৱাৰ সম্ভাৱনা একেই। গতিকে সেই পদ্ধতিটো মূদ্ৰা এটা দলিয়াই অনুমান কৰাৰ সৈতে একেই। এইটো কাম যিকোনো ব্যক্তিয়ে কৰিব পাৰে।

মূল পৰীক্ষাটোৰ ফলাফল:

৪০ খন কুণ্ডলীৰ পৰা বুদ্ধিমত্তাক অনুমান কৰা মূল পৰীক্ষাত অৱশেষত ২৭ জন ‌জ্যোতিষীয়ে ভাগ লয়। ইয়াৰে সকলোৱেই ব্যক্তিগত তথ্য দিয়া নাছিল। ১৫ জনে কেৱল হবি হিচাপে জ্যোতিষ চৰ্চা কৰিছিল, ৮ জন আছিল বৃত্তিগত জ্যোতিষী। ইয়াৰে ৯ জনৰ ১০ বছৰ পৰ্য্যন্ত অভিজ্ঞতা আছিল আৰু ১৭ জনৰ তাতোকৈ বেছি অভিজ্ঞতা আছিল। আটাইকেইজনৰে গড় অভিজ্ঞতা আছিল প্ৰায় ১৪ বছৰ।

‌জ্যোতিষবিদ্যাৰ প্ৰকৃত বৈধতা থকা হ’লে এওঁলোকে ৪০ খন কুণ্ডলীৰ ৪০ খনেই শুদ্ধকৈ অনুমান কৰিব বুলি আশা কৰা হৈছিল। অৱশ্যে বাস্তৱতে মাত্ৰ এজন জ্যোতিষীয়ে ২৪ খন আৰু দুজনে ২২ খন কুণ্ডলী সঠিককৈ অনুমান কৰিবলৈ সফল হয়। বাকীসকলে ২০ খনতকৈ অধিক কুণ্ডলী সঠিককৈ অনুমান কৰিব পৰাই নাছিল। এজনে তেওঁক দিয়া ৪০ খন কুণ্ডলীৰ ৩৭ জনকেই বুদ্ধিমত্তাৰ গৰাকী বুলি কৈছিল, আৰু বাকী তিনিখনক অনুমান কৰা নাছিল। দুটা বিকল্পৰ বাবে সম্পূৰ্ণ যাদৃচ্ছিকভাবে শুদ্ধ উত্তৰ দিয়াৰ সম্ভাৱনা যিহেতু ৫০%, গতিকে এই পৰীক্ষাটোত যাদৃচ্ছিকভাবে কোনো এজন ব্যক্তিয়ে ২০ খন (বা তাৰ আশে পাশে) কুণ্ডলীৰ সঠিক অনুমান কৰাটো একো আচৰিত নহয়। পিছে এই পৰীক্ষাটোত জ্যোতিষীসকলে গড়ে ১৭.২৫ খন কুণ্ডলীকহে সঠিককৈ অনুমান কৰিবলৈ সক্ষম হয়। ২০ৰ পৰা ১৭.২৫ মানটোৰ বিয়োগফল হৈছে ৩.৭৫। পৰিসংখ্যা বিজ্ঞানৰ ভাষাত এই ফলাফলটো ২০ৰ ফলাফলটোৰ লগত সামঞ্জস্যপূৰ্ণ। গতিকে গড়ে ১৪ বছৰীয়া অভিজ্ঞতা থকা জ্যোতিষীসকলেও যাদৃচ্ছিকতাৰ ওচৰত হাৰ মানিলে। নিশ্চয়কৈ কোনো বৈজ্ঞানিক তত্ত্বই আজিলৈকে পাৰিসাংখ্যিক পৰীক্ষাত এইধৰণৰ শোচনীয় ফলাফল দেখুওৱা নাই! যিটো জ্যোতিষ সংস্থাৰ জ্যোতিষীসকলক আটাইকেইখন কুণ্ডলী অধ্যয়ন কৰিবলৈ দিয়া হৈছিলে, সেই সংস্থাটোৱে ২০০ খনৰ ভিতৰত ১০২ খন কুণ্ডলী সঠিককৈ অনুমান কৰিব পাৰিলে। এই ফলাফলটোৱো যাদৃচ্ছিকভাবে মূদ্ৰা টছ কৰি অনুমান কৰাৰ লগত সামঞ্জস্যপূৰ্ণ।

সিদ্ধান্ত:

আমাৰ এই পৰীক্ষাটোত ২৭ জন জ্যোতিষী আৰু এটা জ্যোতিষ সংস্থাই কুণ্ডলী অধ্যয়ন কৰি কোনজন বুদ্ধিমত্তা সম্পন্ন বা কোনজন বুদ্ধিবৃত্তিকভাবে অসক্ষম সেয়া কাকতালীয়ভাবে অনুমান কৰাতকৈ ভাল ফলাফল দেখুৱাব নোৱাৰিলে। এই ফলাফলটোৱে ভাৰতীয় জ্যোতিষীসকলৰ কুণ্ডলী চাই ভৱিষ্যৎবাণী কৰাৰ দাবীটোৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে। পশ্চিমীয়া জ্যোতিষীসকলৰ লগতো এইধৰণৰ অনেক পৰীক্ষা কৰা হৈছে, আৰু এইধৰণৰ সকলো পৰীক্ষাৰেই ফলাফল একেই। সংক্ষিপ্ত ভাষাত, আমাৰ এই পৰীক্ষাটোৰ ফলাফলখিনি জ্যোতিষবিদ্যাক বিজ্ঞান বুলি দাবী জনোৱা কথাষাৰৰ সম্পূৰ্ণ বিৰোধী। এই পৰীক্ষাটো সম্পন্ন কৰাত সহায় কৰাৰ বাবে পুণে বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগ, আৰু পুণেৰ জ্যোতিৰ্বিজ্ঞানৰ আন্তঃবিশ্ববিদ্যালয় কেন্দ্ৰটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই পৰীক্ষাটোৰ সবিশেষ তথ্য ‘Current Science’ (সংখ্যা: 96(5), 641-643, 2009) আলোচনীখনত প্ৰকাশ পাইছে।

মূল প্ৰবন্ধটোৰ উৎস: https://skepticalinquirer.org/2013/03/an-indian-test-of-indian-astrology

(ইয়াতেই মূল প্ৰবন্ধটোত উল্লেখিত তথ্যখিনিৰ উৎসসমূহ পোৱা যাব।)

No Comments

Post A Comment