27 Apr উইলিয়াম ছক্লি : ছিলিকনৰ পৰা ছিলিকন ভেলীলৈ
নিউক্লীয় পদাৰ্থবিজ্ঞানত গৱেষণা কৰাৰ উদ্দেশ্য এবাৰ এজন ছাত্ৰই বিজ্ঞানী ৰাডাৰফ’ডৰ কাষ চপাত, ৰাডাৰফ’ডৰ নিৰাশাজনক উত্তৰটো আছিল এনেধৰণৰ— “গৱেষণাৰ বেলেগ ক্ষেত্ৰ বিচাৰা…। এইক্ষেত্ৰত গৱেষণা সম্পূৰ্ণ হৈছে৷” কিন্তু ভৱিষ্যতৰ গৱেষণাই এইটো ভুল প্ৰমাণিত কৰিলে, আৰু ন-ন অধিক তথ্যৰ আৱিষ্কাৰ হ’ল৷ বিজ্ঞানৰ লক্ষ্যই হ’ল অন্বেষণ৷ আৰু এই লক্ষ্যটো কাৰ্যত পৰিণত হয় এচাম অনুসন্ধিৎসু মানুহৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু বিভিন্ন পৰীক্ষাৰ যোগেদি৷ সেইকাৰণে ন’বেল বঁটা বিজ্ঞয়ী ব্ৰিটিছ বিজ্ঞানী পিটাৰ মেডৱাৰে কৈ গৈছে— বিজ্ঞানৰ উদ্দেশ্য সূচিত কৰিব পাৰি জ্যামিতিৰ অসীমস্পৰ্শী (asymptote) এডালৰ লগত, যি বক্ৰৰেখা একোডালৰ ক্ৰমে কাষ চাপি থাকে কিন্তু কেতিয়াও লগ নালাগে৷ অৰ্থাৎ বিজ্ঞানৰ কোনো সৰ্বশেষ সিদ্ধান্ত নাই, বিজ্ঞানৰ দৃষ্টি নিবদ্ধ থাকে সদায় সমুখত৷ অন্বেষণৰ পথ সদায় মুক্ত৷
বৰ্তমানৰ মাইক্ৰ’ইলেক্ট্ৰনিকছ্ জগতখনৰ হৃদপিন্দস্বৰূপ এক প্ৰযুক্তি হৈছে “ট্ৰেঞ্জিষ্টৰ” (Transistor)৷ ট্ৰেঞ্জিষ্টৰ হৈছে বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত এবিধ ‘অৰ্ধ পৰিবাহী’, যাক বৈদ্যুতিক সংকেত পৰিবৰ্দ্ধন, দোলন আৰু ৰিলে কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ পি-এন-পি আৰু এন-পি-এন দুইপ্ৰকাৰৰ ট্ৰেঞ্জিষ্টৰ আছে৷ প্ৰথমবিধত বিদ্যুত প্ৰবাহ হোলৰ দ্বাৰা আৰু দ্বিতীয়বিধত ইলেক্ট্ৰণৰ দ্বাৰা হয়৷ ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰ হোৱাৰ আগতে টিভি, ৰেডিঅ’ আদি ইলেক্ট্ৰনিকছৰ সামগ্ৰীসমূহত ‘ভেকুৱাম টিউব’ নামৰ যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল, তাতকৈ নৱ-আৱিস্কৃত ট্ৰেঞ্জিষ্টৰ প্ৰযুক্তি আছিল অধিক উন্নত আৰু উচ্চমানৰ৷ ট্ৰেঞ্জিষ্টৰৰ প্ৰযুক্তিৰ সহায়ত অতি নিম্নমানৰ বৈদ্যুতিক শক্তিৰে অতি জটিল গাণিত সমাধান কৰিব পৰা হৈছিল৷ বিশেষকৈ, ইয়াৰ জনপ্ৰিয়তাৰ মূলতে আছিল গঠনত ভেকুৱাম টিউৱতকৈ ই বহু গুণে সৰু আছিল৷ ট্ৰেঞ্জিষ্টৰ এটাই বৈদ্যুতিক বৰ্তনী এটাত বিদ্যুৎ প্ৰবাহৰ বাবে সৰু অফ্-অন্ চুইটছ এটাৰ দৰে কাম কৰিব পাৰে৷ আধুনিক ট্ৰেঞ্জিষ্টৰ এটাই প্ৰতি ছেকেণ্ডত অনায়সে তিনিশ বিলিয়নবাৰ পৰ্যন্ত অফ্-অন্ হ’ব পাৰে৷ ভেকুৱাম টিউৱতকৈ বহু গুণে উন্নতমানৰ প্ৰযুক্তি ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰে ইলেক্ট্ৰনিকছৰ জগতখনলৈ এক নতুন গতিৰ সূচনা কৰিবলৈ সক্ষম হৈছিল৷ ট্ৰেঞ্জিষ্টৰৰ দৰে প্ৰযুক্তি আৱিষ্কাৰ নোহোৱাহেঁতেন বৰ্তমানৰ কম্পিউটাৰ, লেপটপ, স্মাৰ্টফ’ন আদিৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদানসমূহৰ আমি কাষ চাপিব নোৱাৰিলোহেঁতেন!! বৰ্তমানৰ ‘ডিজিটেল ৱৰ্ল্ড’খনৰ আঁৰতেই আছিল ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰ!!
এই ট্ৰেঞ্জিষ্টৰৰ ধাৰণাটো প্ৰথমভাগত বহুকেইজন বিজ্ঞানীয়ে থুলমূলভাৱে আৱিষ্কাৰ কৰিছিল যদিও কোনো এজনেই সফল হোৱা নাছিল৷ কিন্তু তেতিয়াই গৱেষণাসমূহ থমকি যোৱা হ’লে বৰ্তমানৰ মাইক্ৰ’ইলেক্ট্ৰনিকছৰ জগতখন আমি হয়তো আৰু অলপ পলমকৈ পালোহয়৷ বিজ্ঞানে ধৰ্মগ্ৰন্থসমূহৰ দৰে অতীতৰ ধাৰণাবোৰকে খামুচি ধৰি নাথাকে৷ বিজ্ঞানৰ প্ৰগতি অবিৰাম চলি থাকে৷ যিসকল লোক ইয়াৰ লগত জড়িত তেওঁলোকে উদ্ভাৱন কৰে তেওঁলোকৰ অনুসন্ধানৰ ভিন ভিন ৰীতি আৰু প্ৰণালী৷ অতীতৰ জটিল কেৰোণ ভাঙি অনুসন্ধিৎসু বিজ্ঞানীসকলৰ গৱেষণাই সময়ে সময়ে নতুন যুগৰ সূচনা কৰি আহিছে৷ ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰে এনে এটা যুগৰে জন্ম দি গ’ল উইলিয়াম ছক্লি নামৰ আধুনিক মনৰ এজন বিজ্ঞানীয়ে৷
প্ৰায় ১৯৪৭-৪৮ চনত ‘বেল লেৱ’ত কাৰ্যনিৰ্বাহ কৰা উইলিয়াম ছক্লি নামৰ এজন গৱেষকৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হোৱা ট্ৰেঞ্জিষ্টৰে বিশেষভাৱে সমাদৰ লাভ কৰিছিল৷ উইলিয়াম ছক্লি আৱিস্কৃত ট্ৰেঞ্জিষ্টৰ ব্যৱসায়িকভাৱে জনপ্ৰিয়তাৰ তুংগত উঠিল৷ ট্ৰেঞ্জিষ্টৰৰ ব্যৱহাৰ ‘ভেকুৱাম টিউব প্ৰযুক্তি’ৰ বজাৰখনৰ অগ্ৰগতিত বধাস্বৰূপ হৈ পৰিল৷ বিজ্ঞানী তথা বৈদ্যুতিক অভিযন্ত্ৰা উইলিয়াম ছক্লিৰ এই আৱিষ্কাৰে জনপ্ৰিয়তাৰ সকলো পাৰ ভাঙি ইলেক্ট্ৰনিকছৰ জগতখনলৈ এক নতুন গতিৰ সূচনা কৰিলে৷
শৈশৱ, শিক্ষা আৰু কৰ্মজীৱন:
১৯১০ চনৰ লণ্ডনত এহাল আমেৰিকান দম্পতীৰ ঘৰত উইলিয়াম ছক্লিৰ জন্ম হয়৷ পেছাগতভাৱে উলিয়াম ছক্লিৰ পিতৃ আছিল এজন ‘মাইনিং ইঞ্জিনিয়াৰ’ আৰু মাক আছিল আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ‘মাইনিং surveyor’৷ বিজ্ঞানীজনৰ জন্মৰ ঠিক তিনিবছৰৰ পাছতেই পৰিয়ালটো চাকৰিসূত্ৰে লণ্ডনৰ পৰা আমেৰিকাৰ জন্মস্থান কেলিফৰ্নিয়াৰ পালো’ আল্টোলৈ উভটিছিল৷ শৈশৱৰ পৰা কৈশোৰলৈ জীৱনৰ বেছিভাগ সময় তেওঁ কেলিফৰ্নিয়াতে কটাইছিল৷ ১৯৩২ চনত ‘কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজী’ৰ পৰা পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰীৰে উত্তীৰ্ণ হয়৷ ছাত্ৰ অৱস্থাতেই তীক্ষ্ণ মগজুৰ পৰিচয় দিয়া উইলিয়াম ছক্লি খুব কম সময়ৰ ব্যৱধানতেই জটিল গণিতৰ সমাধানসমূহ চকুৰে চাইয়ে কৈ দিব পাৰিছিল৷ এনে কিছুমান ব্যতিক্ৰমী আচৰণে তেওঁ শিক্ষাগুৰু আৰু সমনীয়াসকলক বাৰুকৈয়ে চমক খুৱাইছিল৷ ১৯৩৬ চনত এমআইটিৰ পৰা ‘ইলেক্ট্ৰনিক বেণ্ডছ্ ইন ছ’ডিয়াম ক্ল’ৰাইড’ শীৰ্ষক গৱেষণা-গ্ৰন্থৰে (thesis) সফলতাৰে ডক্টৰেট ডিগ্ৰী লাভ কৰে৷
ক্লিনটন ডেভিছনৰ তত্বাৱধানত ‘বেল লেৱ’ত গৱেষক হিচাপে উইলিয়াম ছক্লিৰ কৰ্মজীৱনৰ আৰম্ভ হৈছিল৷ সেই সময়তেই ছক্লিৰ অনুসন্ধিৎসু মনটোলৈ বহু নতুন ব্যতিক্ৰমী চিন্তাৰ সঞ্চাৰ ঘটিছিল৷ বেল লেৱত গৱেষক হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়তেই তেওঁৰ বহুকেইখন গৱেষণা-পত্ৰ ‘ফিজিক্স ৰিভিউ’ত প্ৰকাশ পাইছিল৷ আৰু সেই গৱেষণা-পত্ৰৰ নতুন নতুন তথ্যই ‘ছলিড ষ্টেট ফিজিক্স’ৰ ক্ষেত্ৰখনলৈ চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল৷ ১৯৩৮ চনত ‘ইলেক্ট্ৰন ডিছচাৰ্জ ডিভাইছ’ (Electron discharge device) গৱেষণাৰ বাবে তেওঁ প্ৰথমটো পেটেণ্ট লাভ কৰিছিল৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছক্লি ‘ৰাডাৰ’ গৱেষণাৰ লগতো জড়িত হৈ পৰিছিল৷ ১৯৪২ চনত বেল লেৱৰ পৰা সাময়িকভাৱে অব্যহতি লৈ কলম্বিয়া ইউনিভাৰ্চিটিৰ ‘এণ্টি চাৱমেৰিন বেলফেয়াৰ অপাৰেছন গ্ৰুপ’ৰ গৱেষণাৰ অধ্যক্ষ হিচাপে যোগ দিয়ে৷ য’ত তেওঁ বিভিন্ন কাৰিকৰী দিশৰ ওপৰত গৱেষণা কৰি সফলতাৰে নিজৰ দক্ষতাৰ প্ৰমাণ দিছিল৷ ১৯৪৬ চনত তেওঁক ‘মেডেল ফ’ৰ মেৰিট’ সন্মানেৰে সন্মানিত কৰা হয়৷
ছিলিকন ভেলী আৰু উইলিয়াম ছক্লি:
‘ছিলিকন’ হ’ল ইলেক্ট্ৰনিক ডিভাইছসমূহ নিৰ্মাণত সাৰ্বাধিক ব্যৱহাৰ হোৱা এক বিশেষ ধৰণৰ অৰ্দ্ধপৰিবাহী মৌল৷ ‘Silicon is the heart of electronic device’ বুলিও কোৱা হয়৷ বৰ্তমানৰ অৰ্দ্ধপৰিবাহী আৰু ট্ৰেঞ্জিষ্টৰসমূহৰ সাৰ্বাধিক ছিলিকনেৰে বনোৱা হয়৷ এক বিশেষ ধৰণৰ উচ্চমানৰ প্ৰযুক্তিৰে তৈয়াৰ কৰা, এই ছিলিকন নামৰ অৰ্দ্ধপৰিবাহী মৌলবিধৰ একো একোটা সৰু স্ফটিক(Crystal)ক ‘ছিলিকন চিপ’ বোলা হয়। ই বৈদ্যুতিক বৰ্তনী এটাত বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিক সংকেতসমূহৰ মুখ্যবাহক বা সংগ্ৰাহক হিচাপে কাম কৰে৷ (Silicon chip is a single crystal of semiconducting silicon material, typically having millimetre dimension, fabricated in such a way that it can perform a large number of electronic function.) উইলিয়াম ছক্লিৰ এই ছিলিকন আৰু ‘ছিলিকন চিপ’ৰ গৱেষণাই ‘ছলিড ষ্টেড ফিজিক্স’লৈ নতুন গতি সঞ্চাৰ কৰিবলৈ সক্ষম হ’ল৷ ছিলিকনৰ ব্যৱহাৰে কি দৰে ট্ৰেঞ্জিষ্টৰ এটাক কাৰ্যকাৰী আৰু ব্যৱসায়িকভাৱে সফল কৰিব পাৰি তাক লৈ গভীৰভাৱে গৱেষণা কৰা বিজ্ঞানীজনেই আছিল উইলিয়াম ছক্লি৷ যাৰ বাবেই বিজ্ঞানৰ সোণালী বুৰঞ্জীত ছক্লিয়ে এক সুকীয়া আসন গ্ৰহণ কৰি আছে৷
বিভিন্ন ঘাট-প্ৰতিঘাটেই মানুহৰ জীৱন৷ গভীৰ আত্মবিশ্বাসী তথা নিজৰ কৰ্মক লৈ সদায় নিষ্ঠাৱান ছক্লিৰ জীৱনলৈও বহু বাধা, প্ৰতিবন্ধকতা আহিছিল৷ বিশেষকৈ বেল লেৱত গৱেষণা কৰা সময়ছোৱাত তেওঁ এনে বহু তিক্ত অভিজ্ঞতাৰ সন্মুখিন হৈছিল যদিও নিজকে এগৰাকী শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিজৰ কৰ্মত কোনো সুৰুঙা ৰখা নাছিল৷ বিফলতাইয়ো ছক্লিৰ আত্মপ্ৰত্যয়ত ফাট মেলাব পৰা নাছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছক্লি পুনৰ বেল লেৱলৈ ঘূৰি গৈছিল৷ নিজৰ কৰ্মদক্ষতাৰে বিশ্বৰ বৌদ্ধিক মহলৰ মাজত জনপ্ৰিয় হৈ পৰা ছক্লিৰ তত্বাৱধানত সেইবাৰ এটা বিশেষ গৱেষকদল গঠন কৰা হৈছিল৷ সেই সময়তেই, ১৯৪৭-৪৮ চনত, তেওঁ ব্যৱসায়িকভাৱে সফল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰ কৰি বিজ্ঞানীসকলৰ মাজত খলকনি তুলিছিল৷ অৱশ্যে এই বিখ্যাত গৱেষণাৰ সময়তেই ছক্লিৰ লগত সহকৰ্মীৰ বহু ক্ষেত্ৰত মনোমালিন্যও ঘটিছিল৷ ছক্লিৰ তত্বাৱধানত কাম নকৰি কেইবাজনেও বেল লেৱ ত্যাগ কৰিছিল৷ ইয়াৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত আছিল, তত্বাৱধায়ক হিচাপে ছক্লিৰ লগত আলোচনা নকৰাকৈ গৱেষণাৰ বহু কাম সহকৰ্মীৰ এটা দলে গোপনীয়তাৰে কৰা৷ বিশেষকৈ ‘Electrolytic based transistor’ আৰু ‘point-based transistor’ৰ আৱিষ্কাৰক হিচাপে জন বাৰ্ডিন, ৱাল্টাৰ ব্ৰাট্টেইন, ৰবাৰ্ট জিবনিৰ লগত পেটেণ্টত ছক্লিৰ নাম উল্লেখ নকৰা৷ যিটো ঘটনাই স্পষ্টবাদী ছক্লিক ক্ৰোধিত কৰি তুলিছিল, যাৰ কাৰণে তেওঁ গোপনে কিছুমান গৱেষণা কৰিবলৈ বাধ্য হৈছিল৷ ছক্লিয়ে বিশেষকৈ ‘Commercially viable transistor’ৰ গৱেষণাত গুৰুত্ব দিছিল৷ যিটো তেওঁৰ মতে বনাবলৈ অতি সহজ৷ ছক্লিৰ মতে “The objective of producing useful devices has strongly influenced the choice of the research projects with which I have been associated.”
কিন্তু ১৯৪৮ চনত আকৌ এটা বেলেগ গৱেষকৰ দলে ব্ৰঞ্জ আৰু জাৰ্মেনিয়াম যুক্ত বিশেষ ধৰণৰ ‘পইণ্ট কনটেক্ট ট্ৰেঞ্জিষ্টৰ’ আৱিষ্কাৰ কৰে, যিটো আছিল ছক্লিৰ আৱিষ্কাৰৰ কাৰণে এটা প্ৰতিদ্বন্দ্বীস্বৰূপ বা মূৰৰ কামোৰণি৷ কিন্তু ছক্লিৰ অনুসন্ধিৎসু মনটো ইয়াতে ক্ষান্ত থকা নাছিল৷ কিছুমাহৰ পাছতেই তেওঁ এটা নতুন ধৰণৰ ‘Sandwich structure’ৰ এটা বিশেষ ধৰণৰ ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰ কৰে৷ এই ধৰণৰ ট্ৰেঞ্জিষ্টৰে পিছলৈ সাৰ্বাধিকভাৱে ইলেক্ট্ৰনিকছৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল৷ ‘ছ’নি’ৰ দৰে প্ৰতিষ্ঠিত কোম্পানীয়ে ভেকুৱাম টিউবৰ প্ৰযুক্তি বাদ দি এইধৰণৰ ট্ৰেঞ্জিষ্টৰ ব্যৱহাৰ কৰি দূৰদৰ্শন-যন্ত্ৰ নিৰ্মাণ আৰম্ভ কৰিছিল৷ এই সফলতাৰ পাছত ছক্লিয়ে এটা বক্তৃতা অনুষ্ঠানত কৃতজ্ঞতা প্ৰকাশ কৰিছিল এইদৰে— ‘Working of team were mixture of co-operation and competition.’
সেই সময়তেই তেওঁ, গোটা অৱস্থাত থকা স্ফটিক এটাত ‘ড্ৰিফট’, ‘ডিফিউজন’ আৰু ইলেক্ট্ৰনৰ গতিবিধি কেনেকুৱা হ’ব পাৰে তাক ‘Shockley Diode সমীকৰণ’-এৰে বৰ্ণনা কৰিছিল৷ ১৯৫৬ চনত ‘পইণ্ট কনটেক্ট ট্ৰেঞ্জিষ্টৰ’ৰ যুগান্তকাৰী আৱিষ্কাৰৰ বাবে উইলিয়াম ছক্লিক তেওঁৰ সহকৰ্মী জন বাৰ্ডিন, ৱাল্টাৰ ব্ৰাট্টেইনৰ সৈতে যুটিয়াভাৱে ন’বেল বঁটাৰে সন্মানীত কৰা হয়৷
ন’বেল বঁটাৰে সন্মানীত ছক্লিৰ জনপ্ৰিয়তা বিশ্বৰ চুকে-কোণে বিয়পি পৰিল৷ বিশ্ববন্দিত বিজ্ঞানীসকলৰ ভিতৰত ছক্লিৰ নামো অন্তৰ্ভুক্ত হ’ল৷ বহু গৱেষণা-কেন্দ্ৰই তেওঁক আমন্ত্ৰণ জনালে৷ কিন্তু সকলোকে আচৰিত কৰি ছক্লিয়ে বেল লেৱ ত্যাগ কৰি ‘Beckman Instrument’ৰ এটা শাখা হিচাপে ‘Shockley Semiconductor’ নামেৰে নিজাকৈ এটা গৱেষণাগাৰ কেলিফৰ্নিয়াৰ ‘মাউনটেন ভিউ’ত আৰম্ভ কৰিলে৷ য’ত, নতুন ধৰণৰ ‘ফ’ৰ লেইয়াৰ ডাইয়ড’ৰ বিষয়ে গৱেষণা কৰাই ছক্লিৰ প্ৰধান লক্ষ্য আছিল৷ বেল লেৱত কাম কৰা ছক্লিৰ বিখ্যাত সহকৰ্মী গৱেষকসকলকো তেওঁৰ কোম্পানীলৈ নিমন্ত্ৰণ দিছিল যদিও সেইসকলৰ কোনো এজনেই ছক্লিৰ অনুৰোধ ৰক্ষা কৰা নাছিল৷ বৰঞ্চ বেল লেৱৰ পৰা অব্যহতি লোৱা ‘Traitorous eight’ খ্যাত ছক্লিৰ বিখ্যাত সহকৰ্মী আঠজনেও ১৯৫৭ চনত কেলিৰ্ফনিয়াৰ পালো’ আল্টোত বহুকেইজন বিখ্যাত গৱেষক আৰু যুৱ অভিযন্ত্ৰাক লগত লৈ “Fairchild semiconductor” নামেৰে নিজাকৈ এটা কোম্পানী আৰম্ভ কৰিলে৷ ব্যৱসায়ীক ট্ৰেঞ্জিষ্টৰত গুৰুত্ব আৰোপ কৰা Fairchild নামৰ কোম্পানীটোৱে এটা দশকৰ পাছতেই নতুন নতুন প্ৰযুক্তি আৰু উদ্ভাৱণেৰে ‘Shockly Semiconductor’ক চেৰ পেলাই ধুমুহাৰ গতিত আগুৱাই গ’ল৷ Integrated circuits আৰু ট্ৰেঞ্জিষ্টৰ নিৰ্মাণেৰে ইলেক্ট্ৰনিকছৰ বজাৰত সুকীয় স্থান অধিকাৰ কৰিলে৷ অৱশ্যে পাছলৈ ‘Traitorous eight’ গ্ৰুপৰ লদ্ধপ্ৰতিষ্ঠ বিজ্ঞানী গৰ্ডন মুৰ আৰু ৰবাৰ্ট নয়েছে ‘Fairchild semiconductor’ ত্যাগ কৰি ইনটেল (Intel) প্ৰতিষ্ঠা কৰিলে৷ ইতিমধ্যেই পালো’ আল্টো আৰু তাৰ ওচৰৰ চহৰকেইখন নতুন নতুন উদ্যোগিক প্ৰতিষ্ঠানেৰে জাকতজিলিকা হৈ পৰিছিল৷ ‘ছিলিকন চিপ’ৰে মাইক্ৰ’ইলেক্ট্ৰনিকছ যুগৰ সূচনা কৰা ঠাইডোখৰৰ নামো ‘ছিলিকন ভেলী’ হৈ পৰিছিল৷ বৰ্তমানেও ই বিশ্বৰ ভিতৰত সাৰ্বাধিক চৰ্চিত ব্যৱসায়িক কেন্দ্ৰ৷ ‘ছিলিকন ভেলী’য়ে আমেৰিকা তথা বিশ্বৰ অৰ্থনীতি নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ আনফালে ‘কমাৰ্ছিয়েল ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰেৰে মাইক্ৰ’ইলেক্ট্ৰনিকছ ক্ষেত্ৰখনলৈ যুগান্তকাৰী অৱদান আগবঢ়োৱা অৰ্থাৎ ‘ছিলিকন ভেলী’ উদ্যোগৰ অনুঘটকস্বৰূপ উইলিয়াম ছক্লি কিন্তু ‘ফ’ৰ লেইয়াৰ ডাইয়ড’ৰ গৱেষণাতে লাগি থাকিল৷ অৱশেষত কোনো বিশেষ লাভৰ মুখ নেদেখা ‘Shockly semiconductor’ ১৯৬০ চনত এজন ব্যৱসায়ীক বিক্ৰী কৰা হৈছিল৷ ব্যৱসায়িক হিচাপে বিফলতাৰ মুখ দেখা ছক্লি পাছলৈ ‘ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং আৰু প্ৰায়োগিক বিজ্ঞান’ৰ প্ৰবক্তা হিচাপে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰিছিল৷ ১৯৬২ চনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিজ্ঞান উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷
ব্যক্তিগত জীৱন:
ছক্লিৰ দৰে বিজ্ঞানীসকলক আৱিষ্কাৰেই কেৱল মহান কৰি ৰখা নাই; ৰসিকতা, বিনয় আৰু মানৱতাৰে গঢ়িত মহান ব্যক্তিত্বয়ো আদৰ্শৰ প্ৰতীক হিচাপে তেওঁলোকক উজ্বলাই ৰাখিছে। এগৰাকী বক্তা, যাদুকৰ আৰু আৰোহক হিচাপেও বিজ্ঞানীজনৰ বিশেষ জনপ্ৰিয়তা আছিল৷ কলেজীয়া জীৱনতে, প্ৰায় ২৩ বছৰ বয়সতেই ছক্লি বিবাহপাশত বান্ধ খাইছিল৷ ১৯৩৪ চনত এগৰাকী ছোৱালী সন্তানৰ পিতৃ হোৱা ছক্লিৰ লগত প্ৰথম পত্নীৰ বিবাহ-বিচ্ছেদ হোৱাত তেওঁ দ্বিতীয়বাৰলৈও বিবাহপাশত বান্ধ খাইছিল৷ দ্বিতীয় পত্নীগৰাকীৰ লগতেই ছক্লিৰ জীৱনৰ সামৰণি পৰিছিল৷
উল্লেখযোগ্য যে বুদ্ধিমান তথা এটা উন্নত মানৱজাতিৰ জন্মৰ বাবে সেইসময়ত ক্লাৰ্ক গ্ৰাহম নামৰ আমেৰিকাৰ এজন Eugenicist, লিখক, ব্যৱসায়ীয়ে ‘বীৰ্য সংগ্ৰহ কেন্দ্ৰ’ নামেৰে এটা ব্যতিক্ৰমী প্ৰদক্ষেপ লৈছিল৷ সেইসময়ৰ বহুকেইজন ন’বেল বঁটা বিজয়ী বিজ্ঞানীয়ে তাত বীৰ্যদান (sperm donate) কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল বিখ্যাত বিজ্ঞানী তথা অভিযন্ত্ৰা উইলিয়াম ছক্লি৷ সেইসময়ত ক্লাৰ্ক বা সেই সংস্থাটোৰ মূল লক্ষ্য আছিল— সেইসময়ৰ শ্ৰেষ্ঠ ব্যক্তিত্বসমূহৰ বীৰ্য সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত তাৰ পৰা উন্নত জিন প্ৰস্তুত কৰা৷ অৱশ্যে ‘Nobel prize sperm bank’ হিচাপেও জনাজাত এই সংস্থাটোত বীৰ্যদানৰ কথা পৰৱৰ্তী সময়ত ছক্লিয়ে ৰাজহুৱা কৰা বাবে বহু বিৰ্তক হৈছিল৷ এনে কিছুমান বিতৰ্কৰ বাবে পিছলৈ ন’বেল বঁটা বিজয়ী বিজ্ঞানীসকলেও সংস্থাটোৰ পৰা আঁতৰি আহিছিল।
‘আমেৰিকান ছ’চাইটি অৱ মেকানিকেল ইঞ্জিনীয়াৰ্ছ’ৰ পৰা Holley Medal, ‘নেচনেল একাডমী অৱ চায়েঞ্চ’ৰ পৰা পদাৰ্থবিজ্ঞানত Comstock prize দৰে বহু সন্মানীয় বঁটাৰে সন্মানীত বিজ্ঞানীজনৰ ধৰ্মৰ দৰ্শন আছিল নাস্তিকতাবাদ৷ ১৯৮৯ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ মৃত্যু হৈছিল৷ উল্লেখযোগ্য যে মৃত্যুৰ সময়ত দ্বিতীয় পত্নীৰ বাহিৰে কোনো বন্ধুৰ লগত তেওঁৰ সংযোগ নাছিল৷ নিজৰ সন্তানকেইটাইয়ো বিখ্যাত বিজ্ঞানী জনৰ মৃত্যুৰ খবৰ বাতৰি-কাকতৰ পৰাহে গম পাইছিল৷
কলিঙ্গ বঁটা বিজয়ী জে. ৰ’ষ্টাণ্ডে বঁটা প্ৰদান অনুষ্ঠানত এবাৰ কৈছিল, “গৱেষণাগাৰবিলাক আমি খুলিব লাগিব জনপথত৷ সকলো মানুহৰে সত্যক জনাৰ অধিকাৰ আছে, এনেদৰে সত্যৰো আছে সকলো মানুহৰ ওচৰলৈ যোৱাৰ অধিকাৰ৷” এই সত্যক কেৱল বিজ্ঞানৰ অম্বেষণেহে প্ৰতিষ্ঠা কৰিব পাৰে৷ সত্যক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেই যেন গেলিলিও, নিউটনকে ধৰি উইলিয়াম ছক্লি দৰে বিজ্ঞানৰ কাণ্ডাৰীসকলৰ জন্ম হৈছিল৷ উইলিয়াম ছক্লিয়ে ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰেৰে যি সত্য প্ৰতিষ্ঠা কৰি আধুনিক বিজ্ঞানলৈ অৱদান আগবঢ়াই গ’ল সেই অৱদান বিজ্ঞানৰ সোনালী বুৰঞ্জীত সদায় লিখা হৈ ৰ’ব৷
No Comments