গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ

গাণিতিক ক্ৰিয়াপ্ৰণালী, যাক ইংৰাজীত Mathematical Programming, Operation Research এনে নামেৰে জনা যায়, ই এনে এখন ক্ষেত্ৰ য’ত জটিল সিদ্ধান্তসমূহৰ সমাধান উলিয়াবলৈ গণিতৰ উচ্চখাপৰ কৌশল বা প্ৰণালীৰ সৃষ্টি আৰু ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰখন গণিত, কম্পিউটাৰ বিজ্ঞান আৰু ব্যৱস্থাপনা এই তিনিখন ক্ষেত্ৰৰ সংযোজন বুলি ক’ব পাৰি। এই ক্ষেত্ৰখন আচলতেনো কি, ইয়াৰ ইতিহাস আৰু এই ক্ষেত্ৰখনত কিদৰে কেৰিয়াৰ গঢ়িব পাৰি তাৰেই আলোচনা এটা কৰাৰ উদ্দেশ্য এই নিবন্ধটোৰ।

ঔদ্যোগিক প্ৰতিষ্ঠান একোখন বহু ধৰণৰ সমস্যাৰ সন্মুখিন হয়।  কিমান সামগ্ৰী ক’লৈ পঠিয়াব লাগে (logistics), কি বাটেৰে কিমান সামগ্ৰী পঠিয়ালে উত্তম (transportation), কোন সময়ত কোনটো কাৰ্য কৰা উচিত (scheduling), এনে ধৰণৰ বহু সমস্যা। বিমান-বন্দৰ একোটাৰ সমস্যা– কোন সময়ত কোনখন বিমানক সময় দিয়া হ’ব, কিমান কৰ্মচাৰীক কোন সময়ত লগোৱা উচিত, ইত্যাদি। তেনেদৰে গাড়ী নিৰ্মাণ কৰা কোম্পানী এটাৰ সমস্যা– কিমানখন গাড়ী প্ৰতি মাহে নিৰ্মাণ কৰা উচিত, কোনটো কাৰখানাত কিমান নিৰ্মাণ কৰা উচিত, ইত্যাদি।

এই সমস্যাসমূহক সমাধান কৰিবলৈ এটা গাণিতিক গাঁথনিত লিখা হয়। বিভিন্ন ধৰণৰ সমস্যাৰ বাবে বিভিন্ন ধৰণৰ গাণিতিক গাঁথনি, আৰু সেয়েহে বিভিন্ন ধৰণৰ সমাধানৰ সূত্ৰ। এইখিনি এই ক্ষেত্ৰখনৰ গাণিতিক দিশ। কাৰ্যক্ষেত্ৰত তেনে সমস্যা এটাৰ গাণিতিক গাঁথনি আৰু সমাধানৰ সূত্ৰ থকাৰ পাছত সমাধানৰ বাবে কম্পিউটাৰৰ সহায় লোৱা হয়। এতিয়া কম্পিউটাৰক নিৰ্দেশ দিবলগীয়া হয় এটা কম্পিউটাৰ প্ৰগ্ৰেমৰ সহায়ত। সেই প্ৰগ্ৰেমবিলাক (ক্ৰিয়াপ্ৰণালী) নিৰ্মাণ কৰাটো এই ক্ষেত্ৰখনৰ কম্পিউটাৰ-বিজ্ঞানৰ দিশ। এই গোটেইখিনি দিশক সামৰি গাণিতিক ক্ৰিয়াপ্ৰণালীৰ ক্ষেত্ৰখন।

ইতিহাস:

গাণিতিক ক্ৰিয়াপ্ৰণালীৰ ইতিহাস ১৭ শতিকালৈ (পাস্কেল, ফাৰ্মা, বাৰ্ণওলি আদিয়ে তেনেধৰণৰ কিছুমান সমস্যা সমাধান কৰাৰ দিশ দেখুৱাইছিল) নিব পাৰি যদিও প্ৰথম বিশ্বযুদ্ধৰ সময়তহে ইয়াৰ গুৰুত্ব বাঢ়ে গণিতৰ এক ক্ষেত্ৰ হিচাপে। যুদ্ধ এখনত এনেধৰণৰ সমস্যাবিলাক যিহেতু বেছিকৈ সৃষ্টি হয়, সেয়েহে তাৰ প্ৰয়োজনীয়তা বাঢ়ে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ক্ষেত্ৰৰ গুৰুত্ব আৰু বহুগুণে বৃদ্ধি পায়। জৰ্জ ডণ্টজিগ, জন ভন নয়মেন, ৰিচাৰ্ড বেলমান আদি গণিতজ্ঞৰ মৌলিক উপপাদ্যৰ সহায়ত এই ক্ষেত্ৰখন গণিতৰ ক্ষেত্ৰ হিচাপে অধিক বিকশিত হৈ কম্পিউটাৰ-বিজ্ঞানৰ প্ৰগতিৰ লগে লগে অগ্ৰগতি লাভ কৰে। বিভিন্ন ধৰণৰ ব্যৱসায়িক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহেও (যেনে তৈল কোম্পানী শ্বেল, ইণ্টাৰনেট কোম্পানী গুগল/আমাজন, দূৰ-সংযোগ কোম্পানী এটি এণ্ড টি) নিজৰ স্বাৰ্থৰ কাৰণে বিভিন্ন এলগৰিথম (কম্পিউটাৰক নিৰ্দেশ দিয়া প্ৰণালী) সৃষ্টি কৰি এই ক্ষেত্ৰখনৰ নিয়োজন দিশ আৰু গুৰুত্বপূৰ্ণ কৰি তোলে।

অংকৰ প্ৰয়োজন:

এই ক্ষেত্ৰখনত ৰৈখিক বীজগণিত (linear algebra), কলন গণিত (calculus), সম্ভাৱিতা তত্ত্ব (probability theory), বীজগণিতৰ (algebra) ব্যৱহাৰ অধিক। তাৰ বাহিৰেও বহু বিজ্ঞানীয়ে বিন্যাস তত্ত্ব (combinatorics), অৱকলজ সমীকৰণ (differential equations), লেখ তত্ত্ব (graph theory) ইত্যাদিৰো ব্যৱহাৰ কৰে, বহু সমাধানৰ সূত্ৰ উলিয়াবলৈ আৰু এলগৰিথম নিৰ্মাণ কৰিবলৈ। অংকৰ বাহিৰেও কম্পিউটাৰ প্ৰগ্ৰামিঙৰ ভাষা (যেনে python) শিকা প্ৰয়োজন এই ক্ষেত্ৰত কাম কৰিবলৈ।

কেৰিয়াৰ:

এই ক্ষেত্ৰখন উদ্যোগৰ সৈতে নিবিড়ভাবে জড়িত, সেয়েহে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপৰি বহু কোম্পানীয়ে গাণিতিক ক্ৰিয়াপ্ৰণালী বিজ্ঞানী বিচাৰে। বহু অভিযান্ত্ৰিক বিভাগ (মেকানিকেল, উদ্যোগিক), কম্পিউটাৰ বিজ্ঞান, আৰু প্ৰায়োগিক গণিত বিভাগৰ সৈতে এই ক্ষেত্ৰখন খাপ খায়। গণিত, অভিযান্ত্ৰিক (মেকানিকেল/চিভিল), পৰিসংখ্যা বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানৰ ডিগ্ৰী থকা ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰখনত উচ্চ শিক্ষা ল’ব পাৰে। গাণিতিক অৰ্থনীতি (Mathematical Economics) আৰু অপাৰেচন মেনেজমেণ্টৰ বিশেষ বিষয় থকা (specialization) ছাত্ৰ-ছাত্ৰীও এই দিশত আহিব পাৰে।

ভাৰতত গাণিতিক ক্ৰিয়াপ্ৰণালীত উচ্চ-শিক্ষা দিয়া কিছু প্ৰতিষ্ঠান আৰু বিভাগ হৈছে এনেধৰণৰ:

১) প্ৰতিষ্ঠান: ISI Delhi

ডিগ্ৰী: MTech, PhD

বিভাগ: QROR

২) প্ৰতিষ্ঠান: IIT Bombay

ডিগ্ৰী: Integrated MSc-Phd, MTech, PhD

বিভাগ: IEOR

৩) প্ৰতিষ্ঠান: IIM Bangalore

ডিগ্ৰী: NSR Pre Doc (এবছৰীয়া), PhD

বিভাগ: Decision Sciences, Operation Management

৪) প্ৰতিষ্ঠান: IIM Ahmedabad

ডিগ্ৰী: PhD

বিভাগ: Production and Quantitative Methods

ভাৰতৰ বাহিৰত:

(বিভাগ, ইউনিভাৰ্ছিটি, দেশ)

১) MEDS, Northwestern University, আমেৰিকা যুক্তৰাষ্ট্ৰ

২) ISYE, Georgia Tech, আমেৰিকা যুক্তৰাষ্ট্ৰ

৩) IEOR, UC Berkeley, আমেৰিকা যুক্তৰাষ্ট্ৰ

৪) IORA, National University of Singapore, ছিংগাপুৰ

৫) Industrial and System Engineering, Virginia Tech, আমেৰিকা যুক্তৰাষ্ট্ৰ

৬) ORIE, Cornell University, আমেৰিকা যুক্তৰাষ্ট্ৰ

৭) Operation Management and Operation Research, ESSEC business school, ফ্ৰান্স

Image Courtesy: freepik

No Comments

Post A Comment