গণিত কুইজ – ২

১) সংযোগ স্থাপন কৰক:

২) তলৰ খালী ঘৰটোত কি বহিব?

\prod\bigcup\bigcap
১৮১২১৮৮৮

৩) ৰিক্ত সংহতি বুজাবলৈ ব্যৱহাৰ কৰা \phi চিহ্নটোৰ লগত ‘গণিত বিকাশ’ত (এই সংখ্যাত) প্ৰকাশিত এটা লেখাৰ কি সম্পৰ্ক আছে?

৪) খালী ঠাই পূৰণ কৰক: ৩৭,  ৫৯, _____, ১০১, ১০৩। (সংকেত: মৌলিক সংখ্যা।)

) e^{\pi\sqrt{\text{১৬৩}}} সংখ্যাটোৰ নামটো কি?

৬) বেবিলনীয় ১, ইজিপ্টীয় ১, চীনা ১, আৰ্কিমিডিছ ২, আৰ্যভট ৩। কিন্তু এই ক্ষেত্ৰত আৰ্কিমিডিছ উন্নত বুলি নজিৰ ৰাখি গৈছিল। কিহৰ সম্পৰ্কে কোৱা হৈছে বাৰু?

৭) এইটো যদি এটা প্ৰশ্ন হয়, তেন্তে উত্তৰটো কি হ’ব:

৮) সংযোগ স্থাপন কৰক:

উত্তৰসমূহ:

১) কেৱল ৰুলমাৰি আৰু কম্পাছৰ সহায়ত ঘণকৰ দ্বিগুণকৰণ অসম্ভৱ বুলি প্ৰমাণ কৰিছিল পিয়েৰ ৱাণ্টজেলে ১৮৩৭ চনত।

২) ১৮৮৮। গাণিতিক অৰ্থত প্ৰথমবাৰ ব্যৱহাৰ হৈছিল এই চনত।

৩) এই কামত এই চিহ্নটো প্ৰচলন কৰিছিল নিক’লা বহবাকী গোটে। নিক’লা বহবাকীৰ সম্পৰ্কে ৰচিত এখন গ্ৰন্থৰ অনুবাদ গণিত বিকাশত প্ৰকাশ হৈ আছে।

৪) ৬৭। (Irregular prime.)

৫) ৰামানুজনৰ ধ্ৰুৱক (Ramanujan’s constant)।

৬) ‘পাই’ৰ মানৰ দশমিকৰ সোঁপিনে নিৰ্ণয় কৰা অংকৰ পৰিমাণ। উন্নত পদ্ধতি নোলোৱালৈকে, আৰ্কিমিডিছে দি যোৱা পদ্ধতিটো বহু শতিকা জুৰি ব্যৱহৃত হৈ আছিল; এই পদ্ধতিটোৱে এক গাণিতিক পদ্ধতিৰ শিক্ষা সদায় প্ৰদান কৰি আছে। এই পদ্ধতিৰে আৰু অধিক সংখ্যক অংকও নিৰ্ণয় কৰিব পৰা গৈছিল।

৭) প্ৰথমজন অসমীয়া গণিতৰ ডক্টৰেট শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ এখনি গৱেষণা-পত্ৰ এই প্ৰখ্যাত গৱেষণা-পত্ৰিকাখনৰ এই সংখ্যাত প্ৰকাশ হৈছিল। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ তত্ত্বাৱধায়ক আছিল প্ৰসিদ্ধ বিজ্ঞানী, ৰয়েল ছ’চাইটিৰ সদস্য Sir Geoffrey Ingram Taylor. গৱেষণা-পত্ৰখনৰ ঠিকনা: DOI: 10.1098/rspa.1954.0285

৮) বাণীকান্ত কাকতি আৰু কামেশ্বৰ দাস। দুয়ো ১৯১১ চনত হাইস্কুল উত্তীৰ্ণ হৈছিল, আৰু বিশেষ স্থান লাভ কৰিছিল। গণিতৰ স্নাতকোত্তৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱা প্ৰথমজন অসমীয়া আছিল কামেশ্বৰ দাস।

[ঊনসপ্ততিতম সংখ্যাৰ (এপ্ৰিল-জুন, ২০২১) ‘গণিত বিকাশ’ত প্ৰকাশিত।]

3 Comments
  • Anmol Gohain
    Posted at 14:56h, 07 February Reply

    বহুত সুন্দৰ পদক্ষেপ, ভাল লাগিল পঢ়িব। ধন্যবাদ আপোনালোকৰ লৈ!🙏

  • দীপাংকৰ দেৱঘৰীয়া
    Posted at 21:58h, 28 July Reply

    বাণী কাকতি আৰু কামেশ্বৰ দাসে হাইস্কুল উত্তীৰ্ণ হোৱাৰ চনটো ভুল হৈ আছে ।

  • পংকজ জ্যোতি মহন্ত
    Posted at 14:57h, 03 August Reply

    হয়। শুদ্ধ কৰা হ’ল। ধন্যবাদ।

Post A Comment