২২ ডিচেম্বৰ, ১৮৮৭ : এৰোদত জন্ম তেওঁৰ মোমায়েকৰ ফালৰ ককাদেউতাকৰ ঘৰত। তেওঁ এৰোদৰ জিলা মুঞ্চিফৰ কৰ্টত আমিন আছিল। দেউতাক — শ্ৰীনিবাস আয়েংগাৰ মাক — কোমালাম্মাল আইতাক — ৰাংগাম্মাল দেহৰ গঠনৰ ফালৰ পৰা ৰামানুজন আছিল বহু পৰিমাণে তেওঁৰ মাক আৰু আইতাকৰ দৰে। ঘৈণী — জানকী, জন্ম ১৯০১ ১৮৮৮ ৰ পৰা ১৯১৪ লৈ...

R-1 লক্ষ্যবছৰ ১৯৬৭ : ইয়াত কোনো সন্দেহ নাই যে ১৯৪০ চনৰ পিছত আৰু বহুত প্ৰবন্ধ ওলালহেঁতেন। ৰংগনাথনে আশা কৰা মতে শেষৰ পাঁচ বছৰ ৰামানুজনৰ নোটবুককেইটাৰ ফটোক’পি কেইটাৰ জড়িয়তে বহুত প্ৰবন্ধই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ উদ্দীপিত কৰিলেহেঁতেন। গ্ৰন্থতালিকাৰ উপযুক্ত কাল হৈছে ১৯৬৭ চনৰ ২২ ডিচেম্বৰ। কাৰণ...

“হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ তোক বন্ধু ৰুপেহে চাওঁ তোৰে স’তে মোৰ সংঘাত লাগি মোৰ জীৱনতে ধুনীয়া প্ৰকাশ পাওঁ।” (জ্যোতিপ্ৰসাদ)   মানুহৰ জ্ঞানৰ সকলো শাখাৰ ক্ৰমবিকাশৰ আঁৰত লুকাই থকা মূলনীতিটো তথা মানুহৰ প্ৰতিভা বিকাশৰ আঁৰত লুকাই থকা সেই একে নীতিৰে এক মধুৰতম কাব্যিক প্ৰকাশ জ্যোতিপ্ৰসাদৰ এই কবিতাটো। জ্ঞানৰ বিভিন্ন শাখাত...

গণিতৰ জগতখন হৈছে যুক্তি আৰু শৃংখলাৰ। সেয়ে গণিতজ্ঞসকলে স্বাভাৱিকতেই নিজৰ ব্যক্তিগত জীৱনতো এই শৃংখলা বিচাৰিবলৈকে অহোপুৰুষাৰ্থ কৰে। সাধাৰণতে তেওঁলোকে বিচাৰি পায়ো। নহ’লে যে গণিতৰ জগতখনতেই সোমাবলৈ কষ্ট হ’ব তেওঁলোকৰ, যদিওবা মানৱ-জগতখন ইমান শৃংখলাদ্ধ নহয়। পিছে কেতিয়াবা এয়া হৈ নুঠে। আৰু ইয়েই মানৱীয় আৰু গাণিতীয় কাৰুণ্যলৈ...

Q-1 ৰামানুজনৰ কৃতি : ১ ৰ পৰা ৩ লৈ — ৰামানুজনৰ নোটবুক ৪ ৰ পৰা ৬ লৈ — ১৯১৩-১৯১৪ মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ তেওঁৰ তিনিমহীয়া ৰিপোৰ্ট আৰু ১৯২৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰেছৰ দ্বাৰা প্ৰকাশিত তেওঁৰ সংগ্ৰহিত কাকত। Q-2 নোটবুককেইখনৰ প্ৰকাশিত কপিকেইখন : নোটবুক কেইখন টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ বোম্বেৰ দ্বাৰা...

P-1 পূৰ্ব ইংগিত : ৰামানুজনে গণিতৰ জগতখনত প্ৰথমবাৰৰ বাবে এক অসাধাৰণ প্ৰতিভাৰ ইংগিত বহন কৰা কথাটোৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যেতিয়া তেওঁ ১২ বছৰীয়া আছিল। ঘটনাটি এনেধৰণৰ আছিল। তেওঁ সেই সময়ত কুম্বাকোনমৰ হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়ি থকা এজন বন্ধুক গণিতৰ উচ্চতম সত্যৰ বিষয়ে সোধা বুলি জনা যায়।...

ই আছিল পাৰ হৈ যোৱা শতিকাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বক্তৃতা। দুশ গণিতজ্ঞ ভৰি আছিল বক্তৃতা গৃহত। ইয়াৰে মাথোন এক চতুৰ্থাংশই বুজি পাইছিল গ্ৰীক আখৰ আৰু বীজগণিতীয় চিহ্নৰে ব্লেক্-বোৰ্ডত ভৰি থকা কথাখিনি। বাকী তিনি চতুৰ্থাংশই বাট চাই আছিল, সেই ঐতিহাসিক মুহূৰ্ত্তটোলৈ, যিটো মুহূৰ্তত ঘোষিত হ’ব এক কাংক্ষিত...

সাঁথৰ বুলি ক’লেই বিশেষকৈ মনলৈ আহে, আওপকীয়াকৈ সামান্য ইঙ্গিতেৰে একোটা গুপ্ত কথা উলিয়াবলৈ দি কাৰোবাক বিপাঙত পেলাবলৈ কৰা এবিধ বুদ্ধি আৰু জ্ঞানৰ পৰীক্ষা। এই সাঁথৰ শব্দটোও সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত ‘ত’ আখৰটো ‘থ’ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতে সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁতৰ ৰূপান্তৰ হৈ সাঁথৰ হ’ল। পানীত পৰি সাঁতুৰি-নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰৰ অৰ্থ উলিয়াবলৈও দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়। অসমীয়াত সাঁথৰৰ সমাৰ্থক শব্দ হেয়ালি, দিষ্টান, আদি ব্যৱহাৰ কৰা হয়। সংস্কৃতত ব্ৰহ্মোদ্য, প্ৰহেলিকা, কূট, সমস্যা আদি সাঁথৰৰ সমাৰ্থক শব্দ। বৈদিক ব্ৰহ্মোদ্য শব্দটোৱেই প্ৰাচীন। প্ৰশ্ন আৰু উত্তৰৰ মাজতো সাঁথৰ নিহিত হৈ থাকে। “উত্তৰঃ- প্ৰত্যুত্তৰৈঃ পৰস্পৰং সংবাদঃ ব্ৰহ্মোদ্যম্।” (যজুৰ্বেদ) বেদ, উপনিষদ, মহাভাৰত আদিত এনে সাঁথৰস্বৰূপ প্ৰশ্ন আৰু উত্তৰ পোৱা যায়। মহাভাৰতৰ যক্ষৰূপী বকে পঞ্চ-পাশুৱক যিবোৰ প্ৰশ্ন কৰিছিল সকলোবোৰেই আছিল সমস্যাপূৰ্ণ। যেনে— “পৃথিৱীতকৈ গুৰুত্বৰ কি? আকাশতকৈ উচ্চতৰ কি? বায়ুতকৈও বেগী কি? আৰু তৃণতকৈও ব্যাপক কি?” যিকোনো লোকে সহজতে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হ’ব। যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, চিন্তাশীল লোকেহে ইয়াৰ উত্তৰ দিব পাৰিছিল— “মাতৃ পৃথিৱীতকৈও গুৰুতৰ, পিতা আকাশতকৈও উচ্চতৰ; মন বায়ুতকৈও বেগী আৰু চিন্তা তৃণতকৈও ব্যাপক।” একেদৰেই যজুৰ্বেদত থকা এটি ব্ৰহ্মোদ্য— “কিং স্বিৎ সূৰ্যসমং জ্যোতিঃ কিং স্বিৎ সমুদ্ৰ সমংসৰঃ। কিং স্বিৎ পৃথিব্যৈ বৰ্ষীয়সঃ কস্য মাত্ৰা ন বিদ্যতে।।” (সূৰ্যৰ দৰে জ্যোতিষ্মান কি? সমুদ্ৰৰ দৰে বিস্তৃত কি? পৃথিৱীতকৈ বয়সে কোন ডাঙৰ? কাৰ পৰিমাণ নাই?) ইয়াৰ উত্তৰ হ’ল— “ব্ৰহ্ম সূৰ্যৰ দৰে জ্যোতিষ্মান, আকাশ সমুদ্ৰৰ দৰে বিস্তৃত, ইন্দ্ৰ পৃথিৱীতকৈ বয়সে ডাঙৰ, পৃথিৱী বা গাইৰ পৰিমাণ নাই।” এনেধৰণৰ অনেক ব্ৰহ্মোদ্য বেদ, উপনিষদ, মহাভাৰত আদিত পোৱা যায়। এই ব্ৰহ্মোদ্যবোৰত ধৰ্ম আৰু প্ৰকৃতি জ্ঞান, বাক্ কৌশল আৰু কবিত্ব শক্তিৰ প্ৰভাৱ আকৰ্ষণীয়।