দেশ-বিদেশৰ বিভিন্ন যুদ্ধবোৰে কিমান এন ফ্ৰাংকৰ অলিখিত-অপ্ৰকাশিত ডায়েৰি তৈয়াৰ কৰিছে বা কিমান প্ৰতিভা বিকাশৰ সম্ভৱনাবোৰ মষিমূৰ কৰি গৈছে তাৰ হয়তো সীমা-সংখ্যা নাই। তাৰোপৰি আছে ইতিহাসৰ শ শ অধ্যায় বিষময় কৰি ৰখা সামাজিক তথা পৰিয়াল কেন্দ্ৰীক বাধাবোৰ। মাৰিয়াম মিৰ্জাখানীয়ে কৈছিল— তেওঁ সৌভাগ্যৱান যে তেওঁ প্ৰাথমিক বিদ্যালয়...

বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...

১৯৫২ চন। ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি চেইম ৱাইজমেনৰ মৃত্যু হ’ল। এজন নতুন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন। দেশৰ এই সৰ্বোচ্চ পদটি কাক যাঁচিব এই লৈ ইজৰাইলীসকলৰ মাজত বহুত গুণাগঁথা চলিল। সকলোৰে কিন্তু মত একেটাই, যিজন ইহুদীয়ে বিজ্ঞান জগতলৈ অলেখ বৰঙণি আগবঢ়াই বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি পাইছে, তেওঁকেই এই আসনত...

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

গণিত জগতলৈ নাৰীৰ উল্লেখনীয় অৱদান আজিও তুলনামূলকভাৱে কম; কিন্তু নাৰীৰ গণিতপ্ৰীতিৰ অভাৱ নাই। ইতিহাসত এনে গণিতপ্ৰীতিৰ সুখদ দুখদ উদাহৰণ অনেক পোৱা যায়। সোতৰ আৰু ওঠৰ শতিকাত ইউৰোপত ৰাজ অনুগ্ৰহত গণিত তথা বিজ্ঞানশাস্ত্ৰই বিকাশ লাভ কৰাৰ সুযোগ পাইছিল। বিজ্ঞান আৰু গণিতৰ প্ৰতিভাসম্পন্ন ব্যক্তিক ৰজাৰ অনুগ্ৰহে আকৰ্ষিত কৰিছিল।...

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...

[caption id="attachment_5828" align="alignleft" width="285"] ফটো উৎস[/caption] সম্পূৰ্ণ নাম: আগষ্টা আডা বাইৰন, পাছলৈ আগষ্টা আডা কিং জন্ম: ১০ ডিচেম্বৰ, ১৮১৫; লণ্ডন, ইংলেণ্ড মৃত্যু: ২৭ নৱেম্বৰ, ১৮৫২; লণ্ডন, ইংলেণ্ড পিতৃ: লৰ্ড বাইৰন (কবি) মাতৃ: এনি ইছাবেল বাইৰন (গৃহিণী) প্ৰাথমিক শিক্ষা: ঘৰতে, বিভিন্ন গৃহ-শিক্ষকৰ তত্বাৱধানত   আডা বাইৰনৰ জন্মৰ এমাহৰ পাছতে পিতৃ-মাতৃৰ বিচ্ছেদ হয় আৰু আডাই...

[caption id="attachment_5825" align="alignleft" width="262"] ফটো উৎস[/caption] জন্ম: ২৬ ডিচেম্বৰ, ১৭৯১; সম্ভৱত: লণ্ডন, ইংলেণ্ড মৃত্যু: ১৮ অক্টোবৰ, ১৮৭১, লণ্ডন, ইংলেণ্ড পিতৃ: বেঞ্জামিন বেবেজ (বেংক ব্যৱসায়ী) মাতৃ: বেট্‌ছী প্লামলি টিপী (গৃহিণী) প্ৰাথমিক শিক্ষা: ঘৰতে, বিভিন্ন গৃহ-শিক্ষকৰ তত্বাৱধানত উচ্চ শিক্ষা: গণিত বিষয়, কেমব্ৰিজ বিশ্ববিদ্যালয়   শিশুকালত চাৰ্লছ বেবেজৰ সঘনাই গা অসুখ হৈ থকা কাৰণে স্কুলৰ শিক্ষা...