বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

এডাল ৰচি লওক, ৰচিডালেৰে এটা বৃত্ত সাজক। এডাল দাগ নথকা স্কেল লওক, স্কেলডালৰ এটা মূৰক “০” বুলি ধৰি বৃত্তটোৰ ব্যাসৰ সমান দূৰত্বত স্কেলডালত এটা দাগ দিয়ক— “১”। ব্যাসৰ দুগুণ দূৰত্বত লিখক “২”। তেনেকৈয়ে তিনিগুণ আৰু চাৰিগুণ দূৰত্বত ক্ৰমে দুটা দাগ দিয়ক— “৩” আৰু “৪”। এতিয়া...

গণিত জগতলৈ নাৰীৰ উল্লেখনীয় অৱদান আজিও তুলনামূলকভাৱে কম; কিন্তু নাৰীৰ গণিতপ্ৰীতিৰ অভাৱ নাই। ইতিহাসত এনে গণিতপ্ৰীতিৰ সুখদ দুখদ উদাহৰণ অনেক পোৱা যায়। সোতৰ আৰু ওঠৰ শতিকাত ইউৰোপত ৰাজ অনুগ্ৰহত গণিত তথা বিজ্ঞানশাস্ত্ৰই বিকাশ লাভ কৰাৰ সুযোগ পাইছিল। বিজ্ঞান আৰু গণিতৰ প্ৰতিভাসম্পন্ন ব্যক্তিক ৰজাৰ অনুগ্ৰহে আকৰ্ষিত কৰিছিল।...

আগৰ প্ৰবন্ধটিত জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত এটা সাধাৰণ (common) আলোচনা কৰিলোঁ| তাতেই, ইউক্লিদৰ জ্যামিতিৰ ‘ধাৰণাৰ বাটত’ উজুটি খাবলগীয়া হোৱা গোলমলীয়া স্বীকাৰ্য-সমান্তৰাল স্বীকাৰ্যটি সম্পৰ্কে অলপ আলোচনা কৰিছোঁ| এতিয়া আমি অলপ বেছি সুসংহতভাৱে, কিছু বহলাই অথচ পাৰ্যমানে কম ‘টেকনিকেল’ (technical) হৈ অৰ্থাৎ ‘ধাৰণাভিত্তিক’ মাথোন হৈ, ইউক্লিদীয়...

জ্ঞানৰ সুবিশাল ক্ষেত্ৰখনৰ প্ৰতিটো কোণতে ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস সন্নিৱিষ্ট হৈ আছে। জ্ঞান-শিক্ষাৰ বিকাশত গণিত-বিজ্ঞানে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰত উপমহাদেশত যিবোৰ গাণিতিক ধাৰণাৰ জন্ম হৈছিল, সেইবোৰে গণিত-শাস্ত্ৰৰ বহল পৃথিৱীখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। স্বামী বিবেকানন্দই কৈছিল, ‘তুমি জানানে বিজ্ঞানৰ কেইটা ভাগৰ উৎপত্তিস্থল...

ৰবীন্দ্ৰনাথ (৭ মে’, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) কবি, দাৰ্শনিক। পিছে ৰবীন্দ্ৰনাথৰ গণিতৰ প্ৰতিও অনুৰাগ আছিল। ৰবীন্দ্ৰনাথৰ আগ্ৰজ দ্বিজেন্দ্ৰনাথে (১১ মাৰ্চ, ১৮৪০ - ১৯ জানুৱাৰি, ১৯২৬) গণিত-চৰ্চা কৰিছিল; আনকি অ-ইউক্লিডীয় জ্যামিতিৰ বিষয়েও অধ্যয়ন কৰিছিল। ৰবীন্দ্ৰনাথৰ আশিসধন্য প্ৰশান্তচন্দ্ৰ মহলানবিশে (২৯ জুন, ১৮৯৩ - ২৮ জুন, ১৯৭২)...

লিঅ'নাৰ্ড অইলাৰ (Leonhard Euler) — গণিত-বিজ্ঞানৰ বৰ্ণিল ইতিহাসৰ এক স্বৰ্ণময় অধ্যায়, সৰ্বকালৰ এগৰাকী বিখ্যাত গণিতজ্ঞ আৰু মহান দাৰ্শনিক। গণিতৰ আকাশৰ ভোটাতৰা সদৃশ এই ব্যক্তিগৰাকীয়ে তেওঁৰ সময়ৰ গণিত-বিজ্ঞানৰ প্ৰায় দুয়োটা ভাগতে [বিশুদ্ধ গণিত (Pure Mathematics) আৰু প্ৰায়োগিক গণিত (Applied Mathematics)] কাম কৰিছিল। জীৱনৰ শেষ কালছোৱালৈকে এই...