ৰাধিকাৰাম ঢেঁকিয়াল ফুকন

 

সাম্ৰাজ্যবাদী ব্ৰিটিছ সকলে অসম অধিকাৰ কৰাৰে পৰা অসমত শিক্ষাৰ এক নতুন ঢৌ প্ৰবাহিত হৈছিল। অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীত বিদ্যালয় স্থাপনৰ লগতে অসমীয়াৰ বাবে বিলাতলৈ উচ্চ-শিক্ষা গ্ৰহণৰ বাট মুকলি হৈছিল। সেই সময়ত বিলাতলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো এক শ্ৰেণী মানুহৰ বাবে সন্মানৰ কথা আছিল যদিও আন এক শ্ৰেণী গোড়া ধ্যান-ধাৰণাৰ মানুহৰ বাবে আছিল মহাপাপ। এনে পৰিস্থিতিৰ মাজতে বিভিন্ন বাধ্য-বাধকতাক নেওচি বিলাতলৈ যোৱা প্ৰথম অসমীয়া আছিল আনন্দৰাম বৰুৱা (১৮৫০-১৮৮৯)। সমসাময়িক ভাৱে কেইবাজনো অসমীয়াই বিলাতত উচ্চ-শিক্ষা গ্ৰহণ কৰিছিল। তাৰে মাজত অন্যতম হ’ল ৰাধিকাৰাম ঢেঁকিয়াল ফুকন (১৮৫৮-১৮৯৬)। ৰাধিকাৰাম ঢেঁকিয়াল ফুকন আছিল অসমীয়া উচ্চাকাংক্ষী যুৱকৰ বাবে এক আদৰ্শস্বৰূপ। ৰাধিকাৰাম ঢেঁকিয়াল ফুকন আছিল প্ৰথম অসমীয়া ডক্টৰেট।

সমসাময়িক ভাৱে বিলাতলৈ যোৱা প্ৰায়সকল অসমীয়াৰ বিষয়ে যথেষ্ট তথ্য পোৱা যায় যদিও ৰাধিকাৰাম ঢেঁকিয়াল ফুকনৰ বিষয়ে সবিশেষ তথ্য পোৱা নাযায়। তেখেত অসমীয়াৰ কাৰণে এক প্ৰকাৰ কৌতুহলৰ বিষয় হৈ থাকিল। ৰাধিকাৰাম ঢেঁকিয়াল ফুকন আছিল স্বনামধন্য অসমীয়া আনন্দৰাম ঢেঁকিয়াল ফুকনৰ সুপুত্ৰ। তেখেতৰ মাতৃ আছিল মহিন্দ্ৰী ফুকননী। তেখেতেই প্ৰথম অসমীয়া ডক্টৰেট আৰু এজন সু-গায়ক আছিল বুলি জনাৰ বাহিৰে তেখেতৰ বিষয়ে আন কথা বিশেষ জনা নাযায়।

ৰাধিকাৰাম ঢেঁকিয়াল ফুকনৰ জন্ম হয় ১৮৫৮ চনৰ ডিচেম্বৰত গুৱাহাটীত। জন্মতেই হৃষ্টপুষ্ট ৰাধিকাৰামৰ পাঁচ বছৰ বয়স নৌহওঁতেই তেখেতৰ পিতৃ আনন্দৰাম ঢেঁকিয়াল ফুকনৰ পৰলোকপ্ৰাপ্তি ঘটে। সৌভাগ্যবশতঃ গুণাভিৰাম বৰুৱাদেৱে ৰাধিকাৰামৰ সৈতে পৰিয়ালটোৰ দায়িত্ব লয়। ঢেঁকিয়াল ফুকন বংশ অসমৰ এক সম্ভ্ৰান্ত পৰিয়াল আছিল। গুৱাহাটীত স্কুলীয়া শিক্ষা আৰম্ভ কৰি ৰাধিকাৰামে ১৮৬৯ চনত কলিকতাত প্ৰাক-বিশ্ববিদ্যালয় মহলাত নাম লগাইগৈ। তাত দুবছৰ পঢ়াৰ পিছত ১৮৭১ চনত গুণাভিৰাম বৰুৱাই নিজৰ খৰচত ৰাধিকাৰামক বিলাতত বেৰিষ্টাৰী পঢ়িবলৈ পঠিয়ায়। তেওঁ সেই সময়ত কি পঢ়িলে জনা নাযায় কিন্তু শিক্ষাৰ বাবে নানান দেশ ভ্ৰমণ আৰু পাশ্চাত্য সংগীতৰ চৰ্চা কৰাৰ বিষয়ে জনা যায়। বিলাতলৈ যোৱাৰ সুদীৰ্ঘ আঠ বছৰ পিছত ৰাধিকাৰামে গুণাভিৰামক চিঠি দি জনাই যে তেওঁলৈ আৰু পইছা পঠাব নালাগে। লাহে লাহে ৰাধিকাৰামে গুণাভিৰাম আৰু অসমৰ আন আন আত্মীয়-স্বজনৰ লগত যোগাযোগ কমাই দিছিল। ভাৰতীয় বিজ্ঞানী জগদ্বীশ চন্দ্ৰ বসুয়ে কোনোবা এঠাইত ৰাধিকাৰামে ৰাসায়ন বিজ্ঞানত গৱেষণা আৰু এখন গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰিছিল। হৃষ্টপুষ্ট চেহেৰাৰ ৰাধিকাৰামৰ স্বাস্থ্য ভাল নাছিল। তেখেত সঘনাই নৰিয়াত পৰিছিল। এনে এক টান নৰিয়া অৱস্থাতে তেখেতক এগৰাগী আঢ্যৱন্ত আৰু বয়সত ডাঙৰ ব্ৰিটিছ মহিলাই সহায় শুশ্ৰূষা কৰিছিল। পিছলৈ এই মহিলাগৰাকীৰ লগতে ৰাধিকাৰাম বিবাহপাশত আবদ্ধ হয়। মহিলাগৰাকীৰ নাম আছিল মেইডি। কিন্তু ৰাধিকাৰামৰ অসমবাসী পৰিয়ালবৰ্গই তেথেতৰ এই কাম ভাল পোৱা নাছিল। ১৮৯৪ চনত গুণাভিৰাম বৰুৱা স্বৰ্গগামী হয় আৰু তেখেত ঢুকুৱাৰ কেইদিনমানৰ পিছতে ৰাধিকাৰাম ঢেঁকিয়াল ফুকন ভাৰতত উপস্থিত হয়। ভাৰতলৈ আহি তেওঁ বিভিন্ন ঠাইত চাকৰি বিচাৰে আৰু শেষত এলাহাবাদত সংস্থাপিত হয়। তাতেই ১৮৯৬ চনত অসমত দুনাই ভৰি দিবলৈ নোপোৱাকৈ তেখেত স্বৰ্গগামী হয়।

ৰাধিকাৰাম ঢেঁকিয়াল ফুকনে জাৰ্মানীৰ হাইজেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ড° দিলীপ কুমাৰ দত্তই পষেকীয়া আলোচনী প্ৰান্তিকত উল্লেখ কৰা মতে, ২০০১ চনত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰতত্ত্ব বিভাগৰ সঞ্চালক ড° জিতেন দাসে এখন প্ৰেছ বিজ্ঞপ্তিৰে জনাইছিল যে ৰাধিকাৰাম ঢেঁকিয়াল ফুকনক জাৰ্মানীৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞানৰ গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। সেই ডিগ্ৰীৰ বাবে তেখেতে বেলেগ কৈ গৱেষণাপত্ৰ দিব লগা হোৱা নাছিল। তেতিয়াৰ দিনত মৌখিক পৰীক্ষাৰ দ্বাৰা ডিগ্ৰী দিয়াৰ নিয়ম প্ৰচলিত আছিল।

জীৱনৰ অধিক কাল সময় ইউৰোপত থাকিও তেখেতৰ মাতৃভাষাৰ প্ৰতি দৰদ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষণ তিলমানো কমা নাছিল। ভাৰতলৈ অহাৰ পাছত এবাৰ কলিকতীয়া ছাত্ৰ সমাজৰ লগত আলোচনাত তেখেতে গলগলীয়া মাতেৰে শুদ্ধ অসমীয়াত কথা পাতিছিল আৰু নাওঁ প্ৰতিযোগিতাৰ নাৱৰীয়াৰ নাম গাই শুনাইছিল। পাশ্চাত্য সংগীততো তেখেতৰ যথেষ্ট ৰাপ আছিল। জ্ঞানদাভিৰাম বৰুৱাই তেখেতক লগ পায় তেখতৰ পৰা প’প সংগীত শুনিছিল বুলি প্ৰকাশ কৰিছে। ইউৰোপত কৰ্মজীৱন কটায়ো মাতৃভূমিৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি তেখেতৰ ভক্তি আজিৰ অসমীয়া যুৱ সমাজৰ আদৰ্শস্বৰূপ।

 

হৃষীকেশ চক্ৰৱৰ্তী

[ad#ad-2]

 

1 Comment
  • Assam GK
    Posted at 16:03h, 26 January Reply

    ৰাধিকাৰাম ঢেঁকিয়াল ফুকনৰ বিষয়ে পঢ়িবলৈ পাই বহুত ভাল লাগিল ।।

Post A Comment