ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় K : স্মাৰক

 

K-1 প্ৰতিকৃতি :

৩৩ বছৰীয়া কেঁচা জীৱনতে ৰামানুজনে এই জীৱনৰ পৰা বিদায় লোৱাত গণিতজ্ঞসকল আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় শোকত আকুল হৈ পৰিছিল। পোন-প্ৰথম স্মৃতি হিচাবে লোৱা হৈছিল ৰামানুজনৰ এখন তৈলচিত্ৰ। মাদ্ৰাজত তেওঁৰ কোনো ভাল প্ৰতিকৃতি পোৱাটো বৰ দুৰুহ আছিল। সেয়ে পাছপৰ্টত থকা ছবিকেই ব্যৱহাৰ কৰা হৈছিল। ৰংগনাথনে স্মৃতি ৰোমন্থন কৰি লিখিছে যে, ১৯২২ চনত চিণ্ডিকেট ৰূমত প্ৰতিকৃতিখন উদ্বোধন কৰিছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী কে. শ্ৰীনিবাস আয়েংগাৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বি.এ. হিচাবে একাডেমিক পোচাকত থকা তেওঁৰ এখন ছবি ইতিমধ্যে জাৰ্ণেল্ অব ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিত ওলাইছিল (vol. 11, 1919, Aug.)। কেম্ব্ৰিজত তোলা আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ দৰ্শনৰ ৰীডাৰ, সূৰ্যনাৰায়ণ শাস্ত্ৰীৰ লগত থকা এখন গ্ৰুপ ফটোৰ ওপৰত ভিত্তি কৰি লোৱা এখন প্ৰতিকৃতি, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ বেৰ অলংকৃত কৰিছিল। ইয়াৰেই আন এখন নকল আছিল আন্নামালাই বিশ্ববিদ্যালয়ৰ ডঃ এ. নাৰাছিংগা ৰাওৱে উপহাৰ দিয়া। হাৰ্ডিয়ে ১৯৪০ চনত ৰামানুজনৰ ওপৰত লিখা এখন কিতাপত ৰামানুজনৰ এখন ফটো দিছিল। তেওঁ কৈছিল যে ইয়াৰ মূলখন তেওঁ পাইছিল পদাৰ্থবিদ এছ চন্দ্ৰশেখৰন, এফ.আৰ.এছ.ৰ পৰা।

 

K-2 ৰামানুজন প্ৰাইজ :

১৯৩০ চনত, ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিৰ ৰামানুজনৰ কিছু গুণমুগ্ধই ১৫০০০ টকাৰ এটা ফাণ্ড গঠন কৰি ‘ৰামানুজন প্ৰাইজ’ আৰম্ভ কৰিছিল। এই উদ্দেশ্যে গৱেষণা-প্ৰবন্ধৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা এই পুৰস্কাৰটো দিয়া হৈছিল। ৰংগনাথনে স্মৃতি ৰোমন্থন কৰিছিল যে, তেতিয়াৰ কেম্ব্ৰিজৰ এজন ছাত্ৰ এছ চন্দ্ৰশেখৰন আৰু হাৰ্ভাৰ্ড বিশ্বিবিদ্যালয়ৰ এজন ছাত্ৰ কৌশম্বী এই প্ৰাইজৰ বাবে আছিল একমাত্ৰ দুই প্ৰতিযোগী। চন্দ্ৰশেখৰনৰ প্ৰবন্ধ আছিল জ্যোতিৰ্বিদ্যাৰ ওপৰত আনহাতে কৌশম্বীৰ আছিল জ্যামিতিৰ ওপৰত। বিচাৰক ব’ৰ্ডখনে প্ৰবন্ধ দুটাৰ মাজৰ পৰা বাছিবলৈ টান পাইছিল। গতিকে তেওঁলোকে প্ৰতিযোগী দুজনৰ মাজত পুৰস্কাৰটো ভগাই দিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছৰ বছৰবোৰত নিম্নোক্ত বিষয়ত পুৰস্কাৰসমূহ দিয়া হৈছিল।

বছৰ নাম বিষয়
১৯৩৭ ডঃ এছ শিৱশংকৰ নাৰায়ণ পিল্লাই

 

 

ডঃ বি. ৰামমূৰ্তি

ৱাৰিংচ প্ৰব্লেম উইথ্ প’লিন’মিয়েল চামাণ্ডচ্

 

জিওমেত্ৰি অফ্ দ্য ৰেশ্বনেল্ নৰ্ম কাৰ্ভ

১৯৩৯ দিয়া নহ’ল  
১৯৪১ ডঃ টি. ভেংকটাৰায়ুডু

 

ডঃ এছ মিনাক্সিসুন্দৰম

ভাইব্ৰেশ্বন্ অফ্ এ ছিমেত্ৰিক পইণ্ট চিষ্টেম

 

এ প্ৰব্লেম অফ্ ফ’ৰিয়াৰ এক্সপানশ্বন্

১৯৪৩ দিয়া নহ’ল  
১৯৪৫ ডঃ বি. এছ. মাধৱ ৰাও

 

 

শ্ৰী ভি. এছ. কৃষ্ণন

কন্ট্ৰিবিউশ্বন টু এলজেব্ৰা ৰিলেটেড্ টু এলিমেন্টেৰি পাৰ্টিকলচ্ অফ্ নেচাৰ্

 

কেন’নিকেল্ এক্সটিনশ্বনচ অফ্ পাৰ্চিয়েলি অৰ্ডাৰ্ড ছেটচ্

১৯৪৭-১৯৫৮ দিয়া হোৱা নাই  
১৯৫৯ শ্ৰী বি. আৰ. শ্ৰীনিবাসন অন্ দ্য ৰিপ্ৰেজেন্টেশ্বন্ অফ্ প্লেইন কনিক্স বাই দ্য পইন্টচ্ অফ্ এ ফাইভ স্পেচ

 

 

K-3 ৰামানুজন ইনষ্টিটিউট :

K-3.1 বিজয়ৰাঘৱন প্ৰথম প্ৰফেচৰ হিচাবে :

ডঃ আলাগাপ্পা চ্চেটিয়াৰ আছিল উচ্চ শিক্ষাৰ এজন পৃষ্ঠপোষক বা পেট্ৰ’ন। এইজনা চ্চেট্ৰিয়াৰেই মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অংশ হিচাবে ‘আলাগাপ্পা চ্চেট্ৰিয়াৰ কলেজ অফ্ টেকন’লজী’ স্থাপন কৰে। ৰামানুজনক জনা তেৱেঁই অতি কম বয়সীয়ালজন আছিল যদিও, ৰামানুজনলৈ স্মৃতি হিচাবে তেওঁ ৰামানুজন ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে। বিজয় ৰাঘৱনক তেওঁ ইনষ্টিটিউটৰ প্ৰথম প্ৰফেচৰ পাতে।

 

K-3.2 এছ এছ পিল্লাইলৈ আমন্ত্ৰণ :

১৯৫০ চনৰ আদি ভাগত ডঃ আলাগাপ্পা চ্চেট্ৰিয়াৰৰ এডভাইচাৰে ৰংগনাথনৰ স’তে ইনষ্টিটিউটৰ সন্দৰ্ভত আলোচনা কৰিছিল। ৰংগনাথনে অনুমোদন কৰিছিল এইবুলি যে ইনষ্টিটিউটটো সচল বা ‘প্ৰডাক্টিভ’ হ’ব যদি ইয়াত আৰু অন্য এজন প্ৰফেচৰ থাকে। কিয়নো, গৱেষণাই বিচাৰে ‘সমানসকল’ৰ মাজত এক সংযুক্তকৰণ। তেওঁ এছ. শিৱশংকৰ নাৰায়ণৰ নামটো অনুমোদন জনাইছিল (সাধাৰণতে এছ. এছ. পিল্লাই বুলি জনাজাত) এই অতিৰিক্ত পদটোৰ বাবে। তেওঁক এই বিষয়ত সিদ্ধান্ত ল’বলৈ কোৱা হৈছিল। কিছুদিন পিছত, ৰংগনাথন কলিকতালৈ যাব লগা হৈছিল কিবা সংক্ৰান্তত। এছ. এছ. পিল্লাই সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ এজন প্ৰবক্তা আছিল। তেওঁ পিল্লাইক লগ ধৰিছিল আৰু সন্মতি লৈছিল। একে সময়তে, প্ৰিন্সটনৰ ইনষ্টিটিউট অফ্ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ আৰু তাত গৈ দুই বা তিনি বছৰ থাকি আহিবলৈ বুলি ৰংগনাথনে তেওঁক খাটনি ধৰিছিল। তেওঁ ইউ.এছ.লৈ যোৱা সময়ত এনেদৰে ঠিক কৰিছিল যাতে সেয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত হ’বলগা ইন্টাৰনেশ্বনেল কংগ্ৰেছ অফ মেথেমেটিক্সৰ সময়ত পৰে। কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁ যিখন বিমানত গৈছিল, সেই বিমানখন কাইৰোৰ ওচৰত ধ্বংসপ্ৰাপ্ত হয় আৰু ভাৰতৰ অতি প্ৰতিভাৱান গণিতজ্ঞকেইজনমান হেৰাই যায়। পিল্লাই ৰামানুজন ইনষ্টিটিউটৰ এটা ডাঙৰ সম্পত্তি হ’লহেঁতেন। ৰামানুজনত দেখা যোৱা বহুত গুণৰ স’তে তেওঁৰ গুণৰ মিল আছিল। নম্ৰতা আৰু সফলতাত তেওঁ ৰামানুজনৰ সমান আছিল। ৰামানুজনৰ দৰে তেৱোঁ এজন স্ব-নিৰ্মিত মানুহ আছিল।

 

K-3.3 আমোদ-কাহিনী-৬ :

এছ এছ পিল্লাই আৰু ৰামানুজন নোটবুক :

এছ. এছ. পিল্লাইয়ে গণিতত তেওঁৰ বি.এ. ডিগ্ৰী লৈছিল ১৯২৫ বা তেনে এটা চনত। কিন্তু সেইকালত গণিতৰ কোৰ্ছত আনকি অৱকল বা ডিফাৰেন্সিয়েল কেলকুলাছেই অন্তৰ্ভূক্ত হৈ থকা নাছিল। তথাপিতো তেওঁ এই বিষয়ত বহুতো গভীৰ গণিতীয় সমস্যাত প্ৰখৰ অন্তৰ্দৃষ্টিৰ পৰিচয় দিছিল। ১৯২৫ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ত ৰংগনাথনে তেওঁক মথিউৰ ‘থিওৰি অফ্ নাম্বাৰ্চ’ পঢ়ি থকা দেখিছিল (অধ্যায় P-3.6)। তেওঁ ভাবিছিল যে, পিল্লাইয়ে কিতাপখনৰ সৰল শিৰোনামটোৰ দ্বাৰা ভুল পৰিচালিত হৈছিল। তাত থকা উপপাদ্যসমূহ তেওঁ বুজি পাইছেনে বুলি ৰংগনাথনে পিল্লাইক সুধিছিল। তেওঁ বুজি পোৱা বুলি কওঁতে ৰংগনাথনে আচৰিত হোৱা হিচাবেই লৈছিল। ৰংগনাথনে তেওঁক নিজৰ কোঠালৈ নি ৰামানুজনৰ ‘ফ্ৰেইড নোট বুক’ দেখুৱাইছিল, তেওঁ সেইখন ইংলণ্ডৰ পৰা কিনি আনিছিল মাত্ৰ। প্ৰথম অধ্যায়টোৰ পাত লুটিয়াই চাই তেওঁ কৈছিল যে, তেৱোঁ মেজিক বৰ্গত কিছু কাম কৰিছে। পিছে তেওঁ সঁচাকৈয়ে পাৰ্টিচন অফ নাম্বাৰ্চ থকা অধ্যায়কেইটাত মগন হৈ পৰিছিল। ইয়াৰ পিছত তেওঁ, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ হৈছিল। তেতিয়াৰ পৰা মৃত্যুলৈকে এই সময়খিনিত, তেওঁ ‘নাম্বাৰ থিওৰি’ত বুজন পৰিমাণৰ কাম কৰিছিল।

 

K-3.4 ইনষ্টিটিউটটো মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ বদলি :

১৯৫০ৰ ২২ এপ্ৰিলত বিজয়ৰাঘৱনৰ মৃত্যু হৈছিল। ইয়াৰ পিছত চি.টি. ৰাজাগোপালন ৰামানুজন ইনষ্টিটিউটৰ প্ৰফেচৰ হৈছিল। আলাগাপ্পা চ্চেট্ৰিয়াৰৰ মৃত্যুৰ পিছত ৰামানুজন ইনষ্টিটিউটে কিছু বিত্তীয় নটনিৰ সন্মুখীন হয়। ৰংগনাথনে উল্লেখ কৰিছে যে এই বিষয়ে ভাৰত চৰকাৰৰ এজন উচ্চ পৰ্যায়ৰ অফিচাৰৰ লগত আলোচনা হৈছিল। তেওঁ কৈছিল যে, চৰকাৰে সানন্দে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰিব। শেহৰ ফালে ৰামানুজন ইনষ্টিটিউট, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ পৰা এক স্ব-অস্তিত্বৰ তত্বাৱধানলৈ যায়।

 

K-4 ডাক টিকট :

১৯৬২ চনৰ ২২ ডিচেম্বৰ, ৰামানুজনৰ ৭৫ বছৰীয়া জন্মদিনত ভাৰতৰ ডাক-তাঁৰ বিভাগে ৰামানুজনৰ ছবি থকা এক ডাকটিকট উলিয়ায়। ইয়াৰ মূল্য আছিল ১৫ নয়া পইচা (অনুচ্ছেদ A-5)।

 

K-5 ৰামানুজন প্ৰদৰ্শনী :

মাদ্ৰাজ বিশ্ববিদ্যালয়ে ১৯৬২ চনৰ ২২ আগষ্টত ৰামানুজনৰ ৭৫ বছৰীয়া জন্মদিন পালন কৰে (অধ্যায় A-5)। এই সম্পৰ্কত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ দখলত থকা ৰামানুজনৰ মহাভেজখানাৰ এক প্ৰদৰ্শনী কৰা হৈছিল।

 

K-6 ৰামানুজন ‘হল’ (ৰাজহুৱা সভাঘৰ) :

ৰামানুজনৰ ৭৫ বছৰীয়া জন্মদিন উদযাপন কৰি থকাৰ সময়ত তেওঁ পুৰণি স্কুল কুম্বানোকমৰ দ্য-টাউন হাইস্কুলৰ এটা প্ৰধান ‘হল’ৰ নাম ‘ৰামানুজন হল’ ৰখা হৈছিল।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

Post A Comment