প্ৰাথমিক বলসমূহৰ একত্ৰীকৰণ আৰু ষ্ট্ৰিং থিয়ৰী

প্ৰাচীন কালৰে পৰাই মানুহৰ মনত প্ৰাকৃতিক পৰিঘটনাসমূহৰ বিষয়ে জনাৰ অপাৰ কৌতুহলে ক্ৰিয়া কৰি আহিছে। এনে কৌতুহলৰ বশৱৰ্তী হৈয়ে দাৰ্শনিক-বিজ্ঞানীসকলে অণু-পৰমাণুৰ পৰা আদি কৰি বিশ্বব্ৰহ্মাণ্ডলৈকে বিভিন্ন বিষয়ত জ্ঞানৰ অন্বেষণ কৰি, বিভিন্ন তত্ত্বৰ দ্বাৰা ভৌতিক, ৰাসায়নিক তথা জৈৱিক পৰিঘটনাসমূহ ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰি আহিছে। মানুহৰ এই অন্বেষণৰ এটা মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ সকলো পৰিঘটনা এটা মাত্ৰ তত্ত্বৰ দ্বাৰা ব্যাখ্যা কৰা। বহুতো সফলতা আৰু বিফলতাৰ মাজেৰে মানুহৰ এই যাত্ৰা অব্যাহত আছে আৰু এই লক্ষ্যত উপনীত হ’বলৈ খুব বেছি দূৰ নাই বুলিয়ে এচাম গৱেষক বিজ্ঞানীয়ে বিশ্বাস কৰে।

বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন পৰিঘটনাবোৰ প্ৰধানকৈ চাৰি ধৰণৰ প্ৰাথমিক আন্তঃক্ৰিয়াৰ মাধ্যমেৰে পৰিচালিত হয় আৰু এই আন্তঃক্ৰিয়াসমূহ চাৰিবিধ প্ৰাথমিক বল (Elementary Force)-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। গতিকে সকলো প্ৰাকৃতিক পৰিঘটনা এটা মাত্ৰ সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰিবলৈ হ’লে এই চাৰিওবিধ প্ৰাথমিক বলক এটা মাত্ৰ তত্ত্বৰ দ্বাৰা ব্যাখ্যা কৰাৰ প্ৰয়োজন হ’ব, যাক আমি এটা ‘সৰ্বতত্ত্ব সিদ্ধান্ত’ (Theory of Everything) বুলি গ্ৰহণ কৰিব পাৰিম। এই চাৰি ধৰণৰ প্ৰাথমিক বল হৈছে মহাকৰ্ষণিক (Gravitational) বল, বিদ্যুৎ-চুম্বকীয় (Electro-Magnetic) বল আৰু লগতে দুৰ্বল (Weak) আৰু সৱল (Strong) নামেৰে আন দুবিধ বল। আমি সকলোৱে জনো যে, পৃথিৱী পৃষ্ঠত কোনো বস্তুৰ গতি বা সকলো গ্ৰহ নক্ষত্ৰৰ গতি মহাকৰ্ষণ বলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আধানযুক্ত কণাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বিদ্যুৎ-চুম্বকীয় বলৰ দ্বাৰাই প্ৰায় সকলোবোৰ জৈৱিক আৰু ৰাসায়নিক পৰিঘটনা নিয়ন্ত্ৰিত হয়। আনহাতে, দুৰ্বল আৰু সৱল বল দুবিধ উপ-পাৰমাণৱিক পৰ্যায়ত কাৰ্যকৰী হয়। দুৰ্বল বল তেজষ্ক্ৰিয় ক্ষয়ৰ বাবে দায়বদ্ধ হোৱাৰ বিপৰীতে সৱল বলে পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰত প্ৰ’টন (সিহঁতৰ মাজত তীব্ৰ বিদ্যুৎ-চুম্বকীয় বিকৰ্ষণ থকা স্বত্বেও) আৰু নিউট্ৰন কণা সমূহক একত্ৰিত কৰি ৰাখে।

ভিন্ন প্ৰাকৃতিক পৰিঘটনাক এটা তত্ত্বৰ দ্বাৰা ব্যাখ্যা কৰাৰ যি ধাৰণা, তাৰ বীজ প্ৰথমে ৰোপণ কৰিছিল প্ৰখ্যাত বিজ্ঞানী চাৰ আ‌ইজাক নিউটনে। তেওঁ বিখ্যাত মহাকৰ্ষণ-সূত্ৰৰ দ্বাৰা পৃথিৱীৰ পৃষ্ঠত কোনো বস্তুৰ গতি আৰু মহাকাশৰ গ্ৰহ নক্ষত্ৰৰ গতি একেটা কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি ব্যাখ্যা আগবঢ়াইছিল আৰু এ‌ই দুই ধৰণৰ গতিৰ কাৰণে এটাই মাত্ৰ কাৰক (মহাকৰ্ষণীয় বল) দ্বায়বদ্ধ বুলি দৰ্শাইছিল। এনেদৰে আগৰ পৰা প্ৰচলিত দুটা পৃথক ধাৰণাক একেটা সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি বুলি সাব্যস্ত কৰাকে পদাৰ্থ-বিজ্ঞানীসকলে একত্ৰীকৰণ (Unification) বোলে আৰু নিউটন আছিল বিজ্ঞান জগতৰ এ‌ই একত্ৰীকৰণৰ বাটকটীয়া স্বৰূপ; কাৰণ নিউটনৰ পৰৱৰ্তীকালত পদাৰ্থ বিজ্ঞানৰ জগতখনত একত্ৰীকৰণৰ এটা যুগৰে আৰম্ভ হৈছিল। ঊনৈশ শতিকাৰ আৰম্ভণিতে এম্পিয়াৰ, ফেৰাডে আদি বিজ্ঞানীসকলে বিদ্যুৎ আৰু চুম্বকত্বৰ একত্ৰীকৰণৰ আৰম্ভণি ঘটাইছিল আৰু এ‌ই একত্ৰীকৰণৰ অন্তিম ৰূপ দিছিল মেক্সৱেলে তেওঁৰ বিখ্যাত সমীকৰণ চাৰিটাৰ দ্বাৰা। এ‌ই সমীকৰণ কে‌ইটাৰ দ্বাৰা বিদ্যুৎ আৰু চুম্বকত্বৰ লগতে পোহৰকো একেটা সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা হ’ল আৰু পোহৰ যে বিদ্যুৎ-চুম্বকীয় তৰংগ নামৰ একপ্ৰকাৰৰ তৰংগহে এ‌ই কথাও সাব্যস্ত হৈছিল। নিউটনে আৰম্ভ কৰা একত্ৰীকৰণৰ ধাৰাটোক মেক্সৱেলৰ বিদ্যুৎ-চুম্বকত্বৰ একত্ৰীকৰণে এক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হৈছিল আৰু এ‌ই ধাৰাটো এতিয়াও বিজ্ঞানীসকলে অব্যাহত ৰাখিছে এটি ‘সৰ্বতত্ত্ব সিদ্ধান্ত’ৰ অন্বেষণত।

বিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ কোৱাণ্টাম মেকানিক্সৰ মতে শক্তি নিৰৱিচ্ছিন্ন নহৈ কিছুমান সৰু সৰু গোট বা টোপোলা হিচাপেহে বিকিৰিত বা শোষিত হয়। শক্তিৰ এই সৰু গোটবোৰক কোৱাণ্টা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, পোহৰৰ কোৱাণ্টাক ফ’টন বুলি কোৱা হয় আৰু f কম্পনাংকৰ পোহৰৰ ফ’টন এটাৰ শক্তিৰ মান হৈছে hf, য’ত h এটা ধ্ৰুৱক ৰাশি আৰু ইয়াক প্লেংকৰ ধ্ৰুৱক বুলি কোৱা হয়। ১৮৯০-ৰ দশকৰ শেষৰভাগত জাৰ্মান পদাৰ্থবিদ মেক্স প্লেংকে কৃষ্ণবস্তুৰ বিকিৰণ বৰ্ণালীৰ ব্যাখ্যা কৰিবলৈ শক্তিৰ কোৱাণ্টাৰ ধাৰণাটো প্ৰথমে অৱতাৰণা কৰিছিল। প্লেংকৰ এই কোৱাণ্টামৰ ধাৰণাৰ বিকাশ ঘটাই আ‌ইনষ্টাইন, নে’লচ ব’ৰ, ডি ব্ৰই, শ্ৰুডিঞ্জাৰ, হাইজেনবাৰ্গ, ডিৰাক, পাউলি, ফাৰ্মি আদি পদাৰ্থবিদে ১৯২০-ৰ দশকলৈ কোৱাণ্টাম মেকানিক্সক এক পূৰ্ণতা প্ৰদান কৰিছিল। বৰ্তমানলৈকে আমাৰ মাজত উপলব্ধ শ্ৰেষ্ঠ সূত্ৰসমূহৰ মতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাৰ দ্বাৰা গঠিত আৰু এই কণাসমূহে কোৱাণ্টাম মেকনিক্সৰ সূত্ৰসমূহ মানি চলে। এই কণাবিলাকক আমি ফাৰ্মিয়ন আৰু ব’জন নামৰ দুই ধৰণৰ কণা হিচাপে ভগাব পাৰোঁ। ইলেক্ট্ৰনৰ দৰে সকলো পদাৰ্থকণিকাকে ফাৰ্মিয়ন আৰু ফ’টনৰ দৰে বিভিন্ন বলৰ পৰিবহন কৰা বাৰ্তাবাহক কণাবিলাকক ব’জন বুলি কোৱা হয়।

কোৱাণ্টাম মেকানিক্সৰ দ্বাৰা আমি সচৰাচৰ দেখি থকা প্ৰায়বিলাক পৰিঘটনা সফলতাৰে ব্যাখ্যা কৰিব পৰা যায়, যাৰ বাবে অন্য পুৰণি তত্ত্বসমূহক ইয়াৰ লগত খাপ খোৱাকৈ সজাই ল’বলগীয়া হয়। এই নতুন তত্ত্ববোৰক কোৱাণ্টাম তত্ত্ব বোলাৰ বিপৰীতে অন্য যিবোৰ পুৰণা তত্ত্বই কোৱাণ্টাম মেকানিক্সৰ নীতিবিলাক মানি নচলে, সেইবোৰক ধ্ৰুপদী তত্ত্ব বুলি কোৱা হয়। কোৱাণ্টাম তত্ত্বৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে কোৱাণ্টাম ক্ষেত্ৰ-তত্ত্ব বা কোৱাণ্টাম ফিল্ড থিয়ৰীসমূহ। এক ক্ষুদ্ৰ পৰিসৰত আৱদ্ধ সৰু সৰু কণিকাবোৰৰ বিষয়ে ব্যাখ্যা কৰা কোৱাণ্টাম মেকানিক্সক কোৱাণ্টাম ফিল্ড থিয়ৰীয়ে সকলোতে বিৰাজমান কিছুমান ক্ষেত্ৰৰ ধাৰণাৰে এক বিস্তৃত পৰিসৰ প্ৰদান কৰিবলৈ সক্ষম হৈছিল। একো একোবিধ বলক প্ৰতিনিধিত্ব কৰা এনে ক্ষেত্ৰৰ উদাহৰণ হৈছে বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰ, মহাকৰ্ষণ ক্ষেত্ৰ ইত্যাদি। এই দুয়োবিধ ক্ষেত্ৰক ধ্ৰুপদী তত্ত্বসমূহৰ দ্বাৰা সুন্দৰকৈ ব্যাখ্যা কৰিব পৰা যায় বাবে ইহঁত ধ্ৰুপদী ক্ষেত্ৰৰ উদাহৰণ। যেতিয়া এনেধৰণৰ ধ্ৰুপদী ক্ষেত্ৰবোৰৰ বাবে কোৱাণ্টাম মেকানিক্স ভিত্তিক তত্ত্ব এটা গঢ়ি তোলা হয়, তেনে নতুন তত্ত্বটোকে কোৱাণ্টাম ক্ষেত্ৰ তত্ত্ব বা কোৱাণ্টাম ফিল্ড থিয়ৰী বুলি কোৱা হয়। বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰৰ কোৱাণ্টাম তত্ত্ব অৰ্থাৎ কোৱাণ্টাম বিদ্যুৎ-গতিবিজ্ঞান (Quantum Electrodynamics) হৈছে আটাইতকৈ সৰল কোৱাণ্টাম ফিল্ড থিয়ৰী, যি ইলেক্ট্ৰন আৰু ইয়াৰ প্ৰতিপদাৰ্থ পজিট্ৰনৰ সৈতে বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰৰ বৰ্তাবাহক কণা ফ’টনৰ আন্তঃক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে। বাৰ্তাবাহক কণা ফ’টনবোৰে বিদ্যুৎ-চুম্বকীয় আন্তঃক্ৰিয়াত শক্তিৰ পৰিবহন কৰে, অৰ্থাৎ এনে আন্তঃক্ৰিয়াত শক্তিৰ সৰু সৰু টোপোলাবোৰক ফ’টন বুলি কোৱা হয়। আনহাতে উপনিউক্লীয় পদাৰ্থকণিকা, বিশেষকৈ কোৱাৰ্কসমূহৰ মাজৰ সৱল-আন্তঃক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা ক্ষেত্ৰ তত্বটোক কোৱাণ্টাম বৰ্ণগতিবিজ্ঞান (Quantum Chromodynamics) বুলি কোৱা হয়, কাৰণ কোৱৰ্কবিলাকৰ একধৰণৰ বৰ্ণ-আধান (Color Charage) থাকে বুলি ধৰা হয় যাৰবাবে ইহঁত সৱল বলৰ দ্বাৰা প্ৰভাৱিত হয়, যেনেদৰে ইলেক্ট্ৰনবোৰে ইহঁতৰ বৈদ্যুতিক আধানৰ বাবে বিদ্যুৎ-চুম্বকীয় বলৰ দ্বাৰা প্ৰভৱিত হয়। সৱল বলৰ ক্ষেত্ৰত ফ’টনৰ দৰে বাৰ্তাবাহক কণাবোৰক গ্লুৱন বুলি কোৱা হয়। ইয়াৰোপৰি ইলেক্ট্ৰউইক থিয়ৰী নামৰ অন্য এক তত্ত্বই বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰ আৰু দুৰ্বল বলৰ ক্ষেত্ৰক একত্ৰীত ৰূপত ব্যাখ্যা কৰে। W আৰু Z কণা নামৰ বাৰ্তাবাহক কণাবোৰৰ দ্বাৰা দুৰ্বল আন্তঃক্ৰিয়াত শক্তি প্ৰৱাহিত হয়।

যোৱা প্ৰায় অৰ্ধশতিকাতকৈও অধিক কাল যোৰা গৱেষণাৰ ফলস্বৰূপে বিজ্ঞানীসকলে বিদ্যুৎ-চুম্বকীয় বল, দুৰ্বল বল আৰু সৱল বলক একত্ৰীত ৰূপত ব্যাখ্যা কৰিবলৈ সফলভাৱে সক্ষম হৈছে। এই তিনিওবিধ বলক একত্ৰীকৰণ কৰা কোৱাণ্টাম ফিল্ড থিয়ৰীটো ষ্টেণ্ডাৰ্ড মডেল হিচাপে বিখ্যাত। কিন্তু বৰ্তমানলৈকে বিজ্ঞানীসকলে মহাকৰ্ষণক কোৱাণ্টাম মেকানিক্সৰ দ্বাৰা ব্যাখ্যা কৰাৰ ক্ষেত্ৰত বিশেষ কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। গেভিট্ৰন নামৰ প্ৰস্তাৱিত মহাকৰ্ষণ বলৰ বাৰ্তাবাহক কণাটোও বৰ্তমানলৈকে পৰীক্ষামূলকভাৱে ধৰা পেলাব পৰা হোৱা নাই। চাৰিওটা প্ৰাথমিক বলৰ ভিতৰত মহাকৰ্ষণেই হৈছে আটাইতকৈ দুৰ্বল বল আৰু অতি কম ভৰৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণাসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ একেবাৰেই নগণ্য, সেয়েহে এই বলৰ প্ৰভাৱ অৱজ্ঞা কৰা কোৱাণ্টাম ফিল্ড থিয়ৰীসমূহে সফলভাৱে আন তিনিটা প্ৰাথমিক বল ব্যাখ্যা কৰি উপপাৰমাণৱিক তথা উপনিউক্লীয় কণাসমূহৰ বিষয়ে বৰ্ণনা কৰিব পাৰে। কিন্তু ব্লেক হ’লৰ দৰে অতিশয় ভৰযুক্ত অথচ বিন্দুসম আকাৰৰ ক্ষেত্ৰত মহাকৰ্ষণ বলৰ প্ৰভাৱ অতি বেছি আৰু এনে ক্ষেত্ৰত চাৰিওটা বলৰ প্ৰভাৱ প্ৰায় সমান, যাৰ বাবে কোৱাণ্টাম মেকানিক্সৰ অবিহনেও এনেকুৱা পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰা সম্ভৱ নহয়। মহাকৰ্ষণ ব্যাখ্যা কৰাৰ পৰা বৰ্তমানলৈকে আটাইতকৈ উন্নত আৰু সফল তত্ত্বটো হৈছে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাৰ তত্ত্ব, য’ত আমি সচৰাচৰ ব্যৱহাৰ কৰা ত্ৰিমাত্ৰিক স্থানাংকৰ লগত সময়কো এটা মাত্ৰা হিচাপে গণ্য কৰা হয় আৰু এই তত্ত্ব মতে মহাকৰ্ষণ বলে এই স্থান-কাল (Space-Time)-ৰ গঠনক প্ৰভাৱিত কৰে। অৱশ্যে, কোৱাণ্টাম মেকানিক্স আৰু সাধাৰণ আপেক্ষিকতাৰ সূত্ৰসমূহক যেতিয়া একত্ৰীকৰণ কৰিবলৈ যত্ন কৰা হয় তেতিয়া কিছুমান অৰ্থহীন ফলাফলহে লাভ কৰা যায়। কোৱাণ্টাম মেকানিক্স আৰু মহাকৰ্ষণৰ মিলন ঘটোৱা, অৰ্থাৎ মহাকৰ্ষণৰ এটা কোৱাণ্টাম তত্ত্ব আগবঢ়োৱাটো বিজ্ঞানীসকলৰ বাবে বৰ্তমান সময়ৰ আটাইতকৈ কঠিন সমস্যাবোৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে আৰু এইক্ষেত্ৰত ষ্ট্ৰিং থিয়ৰী নামৰ এটি সূত্ৰই এক নতুন সম্ভাৱনা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

পদাৰ্থবিজ্ঞানৰ আটাইতকৈ আধুনিক তত্ত্ববোৰৰ অন্যতম ষ্ট্ৰিং থিয়ৰীৰ ইতিহাস অৱশ্যে আৰম্ভ হৈছিল বিংশ শতিকাৰ দ্বিতীয়টো দশকতে। কিন্তু আন বহুতো বিষয়ৰ দৰে এই তত্ত্বৰ কোনো এক স্পষ্ট দিশত নিৰৱিচ্ছিন্নভাৱে বিকাশ ঘটা নাছিল। আনকি বিজ্ঞানীসকলে এই ধাৰণাৰ গুৰুত্ব ভলদৰে অনুধাৱন নকৰাকৈয়ে এই তত্ত্বৰ বহুতো গুৰুত্বপূৰ্ণ কাম আগবঢ়াই নিছিল। থিয়’ডৰ কলুজা নামৰ পোলেণ্ডৰ এজন স্বল্পখ্যাত গণিতজ্ঞই ১৯১৯ চনতে ষ্ট্ৰিং থিয়ৰীৰ এই মনোৰম কাহিনীটোৰ আৰম্ভ কৰিছিল। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ বৈপ্লৱিক ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এটি সৰল প্ৰশ্ন কৰিছিল: ‘যদি আমি চকুৰে নেদেখা অন্য কিছুমান অতিৰিক্ত মাত্ৰা (dimension) থাকে, তেন্তে কি হ’ব?’ ইয়াৰ দ্বাৰা তেওঁ অতিৰিক্ত মাত্ৰা সম্পৰ্কত পদাৰ্থবিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ মতবাদ আগবঢ়াবলৈ যত্ন কৰি আইনষ্টাইনৰ মহাকৰ্ষণৰ আৰ্হিৰ সমীকৰণসমূহত এটা অতিৰিক্ত অদৃশ্য মাত্ৰাৰ সংযোগ ঘটাইছিল। কলুজাৰ পঞ্চমাত্ৰিক তত্ত্বটো আইনষ্টাইনৰ চতুৰ্মাত্ৰিক তত্ত্বতকৈ অৱশ্যেই বেছি সমীকৰণৰ দ্বাৰা গঠিত এটি জটিল আৰ্হি আছিল। অতিৰিক্ত সমীকৰণসমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি কলুজাই এক লক্ষ্যণীয় ফলাফল লাভ কৰিছিল। এই অতিৰিক্ত সমীকৰণকেইটা দৰাচলতে মেক্সৱেলৰ বিদ্যুৎ-চুম্বকীয় তত্ত্বৰ সমীকৰণকেইটাৰ সৈতে একেই আছিল। মহাকৰ্ষণ আৰু বিদ্যুৎ-চুম্বকত্বৰ এই একত্ৰীকৰণ অভূতপূৰ্ব আছিল আৰু আনকি স্বয়ং আইনষ্টাইনেও এই ধাৰণা যথেষ্ট ভাল পোৱা বুলি কলুজাক প্ৰশংসা কৰিছিল। কিন্তু পঞ্চমটো মাত্ৰা কিয় অদৃশ্য ৰূপত থাকে, তাৰ কোনো ব্যাখ্যা কলুজাৰ হাতত নাছিল। এই পঞ্চম মাত্ৰাটোৱে কিছুমান ক্ষুদ্ৰ বৃত্তৰ ৰূপত পাক খাই থাকে বুলি ধৰি লৈ ইয়াৰ ব্যাখ্যা আগবঢ়াবলৈ যত্ন কৰিছিল চুইডিচ পদাৰ্থবিজ্ঞানী অস্কাৰ ক্লেইনে। যদিহে এই বৃত্তসমূহ অতিশয় ক্ষুদ্ৰ হয়, তেন্তে এই সমূহ প্ৰায় অদৃশ্য ৰূপত থকাৰ দৰেই হ’ব বুলি ক্লেইনে ব্যাখ্যা আগবঢ়াইছিল। কলুজা-ক্লেইন তত্ত্ব নামেৰে পৰিচিত এই তত্ত্বটোৰ দ্বাৰা তেওঁলোকে অতিৰিক্ত উচ্চ মাত্ৰাৰ ধাৰণা এটাৰ দিশত সৰুকৈ হ’লেও প্ৰথমটো খোজ পেলাইছিল, কিন্তু পৰীক্ষামূলক তথ্যসমূহৰ লগত এই তত্ত্বৰ ফলাফলসমূহৰ কোনো মিল নথকাৰ বাবে এই তত্ত্বটো অতি সোনকালেই ভুল বুলি প্ৰমাণিত হৈছিল। লগতে সেই সময়ত কোৱাণ্টাম মেকানিক্সৰ দ্ৰুতভাৱে বিকাশ ঘটাৰ ফলত এনেধৰণৰ ধাৰণাৰ প্ৰতি চকু দিবলৈ কাৰো আহৰিও নাছিল আৰু ফলস্বৰূপে কলুজা আৰু ক্লেইনক সকলোৱে পাহৰি পেলাইছিল। আনকি ষ্ট্ৰিং থিয়ৰীৰ চিন্তা-চৰ্চা আৰম্ভ নোহোৱালৈকে তেওঁলোকৰ তত্ত্বটো পাহৰণিৰ গৰ্ভতে লুকাই আছিল।

ইতিমধ্যে ১৯৪০-ৰ দশকলৈ কোৱাণ্টাম মেকানিক্সে পদাৰ্থবিজ্ঞানৰ এটি অগ্ৰণী বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা বিজ্ঞানীসকল নিশ্চিত হৈছিল যে ইলেক্ট্ৰনক যদিওবা বিন্দুসদৃশ কণা হিচাপে বিবেচনা কৰিব পৰা যায়, প্ৰটন আৰু নিউট্ৰনে বিন্দুসদৃশ কণাৰ বৈশিষ্ট নেদেখুৱাই কিছুমান সৰু গোলকৰ দৰে হে আচৰণ কৰে। এই সমস্যাটোৰ তাত্বিক সমাধান আগবঢ়োৱা প্ৰথমজন বিজ্ঞানী আছিল ৱৰ্ণাৰ হাইজেনবাৰ্গ। তেওঁ প্ৰস্তাৱ কৰিছিল যে অনিশ্চয়তাৰ নীতিৰ বাবে উপপাৰমাণৱিক স্তৰত স্থান-কাল জ্যামিতি প্ৰচলিত ধাৰণামতে মসৃণ নহৈ, ইয়াৰ একধৰণৰ বিভংগনৰ সৃষ্টি হয়। যাৰ ফলত কোৱাণ্টাম মেকনিক্সৰ দৃষ্টিভংগীত নিউট্ৰন আৰু প্ৰ’টনক গোলকৰ দৰে এক স্থানিক বিস্তৃতি থকা কণা হিচাপে বিবেচনা কৰিব পাৰি কিন্তু সাধাৰাণ আপেক্ষিকতাবাদৰ দৃষ্টিভংগীত ইহঁতে বিন্দুসদৃশ কণা হিচাপেই আচৰণ কৰে। এই তত্ত্বই নিউট্ৰন আৰু প্ৰ’টনৰ সমস্যাটো সমাধান কৰিছিল যদিও, ই অন্য এটা ডাঙৰ সমস্যা সৃষ্টি কৰিছিল। হাইজেনবাৰ্গে প্ৰস্তাৱ কৰা মতে কোৱাণ্টাম স্কেলত স্থান-কালৰ আচৰণ বিশ্বাসযোগ্য হৈ নাথাকে, অৰ্থাৎ বিশ্বাসত ল’ব নোৱৰা এক ধাৰণাৰ ভিত্তিতে কণাসমূহৰ মাজৰ আন্তঃক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়, যিটো দৰাচলতে এক অৰ্থহীন কামৰ দৰে হৈ পৰে। এই অদ্ভুত দৃষ্টিভংগীৰ ধাৰণাটো এচ-মেট্ৰিক্স থিয়ৰী (S-matrix Theory) হিচাপে জনাজাত হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কিছুমান যথেষ্ট জটিল সমীকৰণৰ গণনাকাৰ্য এই আৰ্হিৰ লগত জড়িত থকাৰ বাবে আৰু কোৱাণ্টাম ফিল্ড থিয়ৰীৰ বিকাশৰ ফলত এই তত্ত্বই পৰ্যায়ক্ৰমে বিজ্ঞানীসকলৰ মাজত গুৰুত্ব হেৰুৱাই পেলাইছিল। তথাপি কোনো কোনো গৱেষকে এই ধাৰণাটো জীয়াই ৰাখিছিল, যিসকলৰ মাজৰ এজন আছিল ইটালীৰ পদাৰ্থবিদ গেব্ৰিয়েলে ভেনিজিয়ানো। এচ-মেট্ৰিক্স থিয়ৰীৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ ষ্ট্ৰিং থিয়ৰীৰ ধাৰণাৰ জন্ম দিছিল আৰু ইয়াৰ ফলস্বৰূপে হাইজেনবাৰ্গৰ স্থান-কাল বিভংগনৰ ধাৰণাই ১৯৮০-ৰ দশকত এক পূৰ্ণতা প্ৰাপ্তিৰ পৰ্যায় লাভ কৰিছিল।

ষ্ট্ৰিং অৰ্থাৎ তাঁৰৰ ধাৰণাৰ সহায়ত প্ৰাথমিক পদাৰ্থ-কণিকাবোৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ পোনপ্ৰথমে চেষ্টা কৰাৰ মূল কাৰণ আছিল এয়ে যে কিছুমান পৰীক্ষামূলক তথ্য এই ধাৰণাৰে ব্যাখ্যা কৰিবলৈ সুবিধাজনক আছিল। ১৯৬৮ চনত CERN-ৰ যুৱ বিজ্ঞানী ভেনিজিয়ানোৱে সৱল বলৰ বিষয়ে ব্যাখ্যা কৰিবলৈ যত্ন কৰি থাকোতে লক্ষ্য কৰিছিল যে গণিতজ্ঞ লিয়’নাৰ্ড অয়লাৰে কেইবাশতিকাও পূৰ্বে আগবঢ়োৱা এটা সমীকৰণে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে। যদিওবা এই সমীকৰণটোৰ দ্বাৰা সুন্দৰকৈ কাম চলি গৈছিল, তথাপি কিয় এয়া হৈছিল তাৰ উত্তৰ কাৰো ওচৰত নাছিল। ভেনিজিয়ানোৰ এই ধাৰণাটোৰ সঠিক ব্যাখ্যা আগবঢ়াবলৈ বহুতেই যত্ন কৰিছিল আৰু ১৯৭০ চনলৈ য়ইচিৰো নাম্বু, হ’লগাৰ নিয়েলচেন আৰু লিয়’নাৰ্ড চাচকিণ্ডৰ নিজা নিজা গৱেষণাৰ পৰা এই কথা নিশ্চিত হৈছিল যে অয়লাৰৰ সমীকৰণটো সৱল বলৰ ব্যাখ্যাৰ ক্ষেত্ৰত অৰ্থবহ হ’ব যদিহে পদাৰ্থ-কণাবিলাকক কম্পনৰত কিছুমান সৰু সৰু তাঁৰ হিচাপে বিবেচনা কৰা হয়। দ্বৈত অনুনাদ আৰ্হি বা Dual Resonance Model হিচাপে পৰিচিত এই আৰ্হিটোৱে সৱল বলৰ এক প্ৰস্তাৱিত তত্ত্ব হিচাপে বিজ্ঞানীসকলৰ মাজত কেইবাবছৰলৈও ইয়াৰ জনপ্ৰিয়তা আটুত ৰাখিবলৈ সক্ষম হৈছিল। ব’জন কণাবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক ষ্ট্ৰিং থিয়ৰীটো উচ্চ বেগত গতিশীল কণাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাৰ তত্ত্ব আৰু কোৱাণ্টাম মেকানিক্সৰ সৈতেও সুসংগত আছিল, কিন্তু তাৰ বাবে ২৬ টা মাত্ৰাৰ প্ৰয়োজন হৈছিল। এই তত্ত্বটোৱে টেচিয়ন নামৰ একধৰণৰ ঋণাত্মক ভৰযুক্ত কণাৰ বিষয়েও পূৰ্বানুমান কৰিছিল, যি পোহৰতকৈও অধিক বেগেৰে গতি কৰিব পাৰে। ১৯৭১ চনত পিয়েৰ ৰেমণ্ডে ফাৰ্মিয়ন বিলাকৰ ব্যাখ্যাৰ বাবে এই তত্ত্বটোৰ সংশোধন ঘটায় আৰু সেয়া কৰিবলৈ যাওঁতে তেওঁ চুপাৰচিমেট্ৰী বা অতিসমমিতি নামৰ এক পৰিঘটনাৰ আৱিষ্কাৰ কৰে। চুপাৰচিমেট্ৰীৰ ধাৰণা মতে পদাৰ্থবিজ্ঞানৰ সূত্ৰসমূহৰ কোনো সলনি নকৰাকৈ ফাৰ্মিয়ন বিলাকক ব’জনৰ দ্বাৰা সালসলনি কৰিব পৰাৰ উপায় থাকে। কণাবিলাকক আমি বিন্দু বা তাঁৰ (ষ্ট্ৰিং) যি বুলিয়ে বিবেচনা নকৰো কিয়, চুপাৰচিমেট্ৰীয়ে ব’জন আৰু ফাৰ্মিয়ন বিলাকৰ মাজত এক সংযোগ স্থাপন কৰে। ৰেমণ্ডৰ চুপাৰষ্ট্ৰিং থিয়ৰীটোত টেচিয়ন কণাৰ কোনো উল্লেখ নাছিল আৰু মুঠ মাত্ৰাৰ পৰিমাণো দহটালৈ কমি গৈছিল।

১৯৭৩ চনত সৱল বলৰ সঠিক কোৱাণ্টাম ফিল্ড থিয়’ৰী হিচাপে কোৱাণ্টাম বৰ্ণগতিবিদ্যাৰ আৱিষ্কাৰৰ লগে লগে দ্বৈত অনুনাদ আৰ্হি তথা ষ্ট্ৰিং থিয়ৰীৰ জনপ্ৰিয়তাৰ অন্ত হৈছিল আৰু এই ধাৰণাটো বিজ্ঞানৰ এক পৰিত্যক্ত ক্ষেত্ৰত পৰিণত হৈ পৰিছিল। তথাপি খুব কম সংখ্যক গৱেষকে এই ধৰণাৰ লগতে লাগি আছিল আৰু তেওঁলোকে কেৱল সৱল বলৰ ক্ষেত্ৰতে আৱদ্ধ নাথাকি এক গভীৰ তথা অভিলাসী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এই ধাৰণা প্ৰয়োগ কৰাৰ বাবে অনুপ্ৰাণিত হৈ আগবাঢ়িছিল। উল্লেখযোগ্য যে, ষ্ট্ৰিং থিয়ৰীৰ তাঁৰ বিলাকৰ বেলেগ বেলেগ কম্পনৰ দ্বাৰা বেলেগ বেলেগ কণিকাৰ বিষয়ে ব্যাখ্যা কৰিব পাৰি। আমোদজনকভাৱে, এই কম্পনসমূহৰ একধৰণৰ কম্পনে দুই স্পিন-সংখ্যাৰ কিছুমান ভৰশূণ্য কণিকাৰ বিষয়ে ব্যাখ্যা কৰে: যিবিলাক কণাৰ বৈশিষ্ট প্ৰস্তাৱিত গেভিট্ৰনবোৰৰ সৈতে একেই। অৰ্থাৎ ষ্ট্ৰিং থিয়ৰীৰ পৰা খুউব স্বাভাৱিকভাৱেই মহাকৰ্ষণৰ ব্যাখ্যা ওলাই পৰে। ফলস্বৰূপে মহাকৰ্ষণৰ কোৱাণ্টাম তত্ত্ব হিচাপে এই তত্ত্বক বিবেচনা কৰিব পাৰি। সৱল বলৰ ব্যাখ্যাৰ ক্ষেত্ৰত ষ্ট্ৰিং থিয়ৰীয়ে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’লেও মহাকৰ্ষণৰ ব্যাখ্যাৰ বাবে সাম্ভাব্য এক কোৱাণ্টাম তত্ত্ব হিচাপে ই এক সম্ভাৱনা গঢ়ি তুলিবলৈ সেই সময়ত সক্ষম হৈছিল। তথাপি অন্য পৰম্পৰাগত কোৱাণ্টাম তত্ত্ববোৰৰ দৰেই মহাকৰ্ষণৰ ব্যাখ্যা কৰিবলৈ যাওঁতে ষ্ট্ৰিং থিয়ৰীৰ ক্ষেত্ৰতো বিজ্ঞানীসকলে কিছুমান বিসংগতিৰ মুখামুখি হ’ব লগা হৈছিল, যাৰ বাবে বিজ্ঞানীসকলৰ মাজত এই তত্ত্বই বিশেষ কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু ১৯৮৪ চনত প্ৰকাশিত মাইকেল গ্ৰীণ আৰু জন চোৱাৰ্জৰ এখন গৱেষণা-পত্ৰই ষ্ট্ৰিং থিয়ৰীৰ ইতিহাসলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল, যাক চুপাৰষ্ট্ৰিং পদাৰ্থবিজ্ঞানৰ প্ৰথম বিপ্লৱ বুলিও কোৱা হয়। তেওঁলোকে গ্ৰীণ-চোৱাৰ্জ টাৰ্ম (Green-Schwarz term) নামেৰে পিচলৈ পৰিচিতি লাভ কৰা এটা ৰাশি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, যাৰ দ্বাৰা সকলোবিলাক বিসংগতি একেলগে দূৰ হৈছিল। ইয়াৰ ফলত এক অধিক প্ৰতিশ্ৰুতিসম্পন্ন তত্ত্ব হিচাপে ষ্ট্ৰিং থিয়ৰীয়ে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে ই কিছুসংখ্যক প্ৰভাৱশালী বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হ’ল। বিজ্ঞানীসকলে অতি সোনকালেই উপলব্ধি কৰিলে যে এই তত্ত্বই ষ্টেণ্ডাৰ্ড মডেলৰ মূল বৈশিষ্ট্যসমূহৰ লগতে মহাকৰ্ষণক ব্যাখ্যা কৰিবলৈ সক্ষম। ঠিক সেই সময়তে কিছুসংখ্যক বিজ্ঞানীৰ মাজত এনে এটা ধাৰণাও সৃষ্টি হ’ল যে চাৰিওটা প্ৰাথমিক বলৰ বাবে এটা একত্ৰীত সূত্ৰ লাভ কৰিবলৈ মাত্ৰ এটা সৰু খোজৰহে প্ৰয়োজন। কিন্তু এই বিষয়ত অধিক গৱেষণাৰ লগে লগে গৱেষকসকলে ইয়াৰ লগত জড়িত জটিলতাৰ বিষয়ে অনুধাৱন কৰিব পাৰিছিল আৰু এটাৰ সলনি পাঁচটা বেলেগ বেলেগ চুপাৰষ্ট্ৰিং থিয়ৰীৰ আৱিষ্কাৰ কৰিছিল। যদিওবা বিজ্ঞানীসকলে এই পাঁচোটা তত্ত্বৰ মাজত সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল তথাপি সম্পূৰ্ণকৈ বুজি পাবলৈ সক্ষম হোৱা নাছিল।

চুপাৰষ্ট্ৰিং পদাৰ্থবিজ্ঞানৰ দ্বিতীয়টো বিপ্লৱৰ সূচনা কৰিছিল আমেৰিকান তাত্বিক পদাৰ্থবিজ্ঞানী এডৱাৰ্ড ৱিটেনে। ১৯৯৫ চনত ষ্ট্ৰিং থিয়ৰী বিষয়ক এখন বাৰ্ষিক আলোচনা-চক্ৰৰ এটি বক্তৃতাত তেওঁ প্ৰস্তাৱ কৰিছিল যে পাঁচোটা চুপাৰষ্ট্ৰিং থিয়ৰী গঠনগতভাৱে প্ৰকৃততে এটা তত্ত্বৰ অংশহে। তেওঁ এই বক্তৃতাত প্ৰস্তাৱিত আৰ্হিটো সম্পূৰ্ণ ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ইতিমধ্যে পৰিচিত চুপাৰষ্ট্ৰিঙৰ ধাৰণাৰ দ্বাৰাই লাভ কৰিব পৰা এটা চূড়ান্ত তত্ত্বৰ বৈশিষ্ট্যসমূহৰ আভাস দিবলৈ সক্ষম হৈছিল। ৱিটেনে দাবী কৰিছিল যে বেলেগ বেলেগ চুপাৰষ্ট্ৰিং থিয়ৰীকেইটাই দৰাচলতে একেই ভৌতিক অৱস্থাৰে ব্যাখ্যা কৰে। বেলেগ বেলেগ গাণিতিক তত্ত্বই একেটা ভৌতিক অৱস্থাৰ বৰ্ণনা কৰা এনেধৰণৰ পৰিস্থিতিক বিজ্ঞানৰ ভাষাত দ্বৈততা (Duality) বুলি কোৱা হয়। ৱিটেনৰ আগতেও কোনো কোনো গৱেষকে কোনো কোনো চুপাৰষ্ট্ৰিং থিয়ৰীৰ মাজৰ দ্বৈততাৰ বিষয়ে আভাস দিছিল যদিও তেওঁ আটাইকেইটা তত্ত্বকে এটা মাত্ৰ সুসংগত তত্ত্বৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল। এই নতুন তত্ত্বটোক তেওঁ M-থিয়ৰী (M-Theory) হিচাপে নামকৰণ কৰিছিল। তদুপৰি তেওঁ দেখুৱাইছিল যে M-থিয়ৰীত দহটাৰ সলনি এঘাৰটা স্থান-কাল মত্ৰাৰ প্ৰয়োজন হয়। সেই সময়ত এঘাৰ মাত্ৰাৰ কোনো ষ্ট্ৰিং থিয়ৰীৰ বিষয়ে বিজ্ঞানীসকল অৱগত নাছিল যদিও চুপাৰ-গ্ৰেভিটি নামেৰে মহাকৰ্ষণৰ এটি চুপাৰচিমেট্ৰিক তত্ত্ব ইতিমধ্যে উপলব্ধ আছিল। ১৯৭০ চনৰ শেষৰভাগত যেতিয়া বেছিভাগ গৱেষকে ষ্টেণ্ডাৰ্ড মডেলৰ সৈতে চুপাৰচিমেট্ৰীৰ সংযোগ কৰিবলৈ যত্ন কৰিছিল, সেইসময়তে কিছুসংখ্যক গৱেষকে চুপাৰচিমেট্ৰীৰ সৈতে মহাকৰ্ষণৰ সংযোগ ঘটাবলৈ নিৰৱে কাম কৰি গৈছিল। কিন্তু ৱিটেনে M-থিয়ৰীৰ ধাৰণাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ আগলৈকে চুপাৰগ্ৰেভিটিৰ ধাৰণাটো ষ্ট্ৰিং থিয়ৰীৰ গৱেষকসকলে উপেক্ষা কৰি চলিছিল। চুপাৰগ্ৰেভিটিৰ অন্তৰ্ভুক্তিৰ লগে লগে এক দ্বিমাত্ৰিক পৃষ্ঠৰ (যাক মেম্ব্ৰেণ বুলি কোৱা হয়) সৈতে এঘাৰ মাত্ৰাৰ এক চুপাৰমেম্ব্ৰেণ থিয়ৰীৰ বিকাশ হয়।

মাত্ৰ এটা অতিৰিক্ত মাত্ৰাৰ সংযোগৰ ফলত উপলব্ধ M-থিয়ৰী যদি শুদ্ধই হয় তেন্তে গৱেষকসকলক ইয়াৰ বিষয়ে জানিবলৈ ইমান সময়ৰ প্ৰয়োজন হৈছিল কিয়? সততে মনলৈ অহা এই প্ৰশ্নৰ উত্তৰটো কিছু কল্পনাৰ দ্বাৰা অতি সৰলভাৱে আমি দিব পাৰোঁ। তাৰবাবে এঘাৰ মাত্ৰাৰ এখন স্থান কল্পনা কৰি তাৰে এটা মাত্ৰা বৃত্তাকাৰ বুলি ধৰি লোৱা হওক আৰু দ্বিমাত্ৰাৰ পৃষ্ঠা এখন এই বৃত্তাকাৰ মাত্ৰাটোৰ সাপেক্ষে পকাই এটা চুঙা গঠন কৰা হয় বুলি ধৰা হওক। এতিয়া যদি বৃত্তাকাৰ মাত্ৰাটোৰ মান (অৰ্থাৎ চুঙাটোৰ ব্যাস) অতি সৰু হয় বুলি ধৰা হয় তেন্তে চুঙাটোক আমি এডাল একমাত্ৰিক তাঁৰ হিচাপে ধৰি ল’ব পাৰিম আৰু তেতিয়া প্ৰথমে ধৰি লোৱা এঘাৰ মাত্ৰাৰ স্থানখন দহ মাত্ৰাৰ এখন স্থান হিচাপে আমাৰ দৃষ্টিগোচৰ হ’ব। ঠিক একেদৰেই, যিহেতু দ্বিমাত্ৰিক পৃষ্ঠৰ সৈতে এঘাৰ মাত্ৰাৰ গাণিতিক সূত্ৰ এটা, একমাত্ৰিক তাঁৰৰ সৈতে এটা দহ মাত্ৰাৰ গাণিতিক সূত্ৰৰ সৈতে একেই হয়, সেয়েহে M-থিয়ৰীৰ বিষয়ে গৱেষকসকলে ধাৰণা কৰিব পৰা নাছিল। ৱিটেনৰ অনুপ্ৰেৰণামূলক বক্তৃতাটোৰ কিছুদিনৰ পিছতে জোছেফ পলচিন্‌স্কিয়ে তেওঁৰ গৱেষণাৰ পৰা বুজিব পাৰিছিল যে নটালৈকে স্থানিক মাত্ৰাযুক্ত মেম্ব্ৰেণৰ ধাৰণাৰ দ্বাৰা ষ্ট্ৰিং থিয়ৰীত কিছুমান সৰল ব্যাখ্যা আগবঢ়াব পৰা যায়। তেতিয়াৰ পৰাই D-branes বুলি পৰিচিত এই মেম্ব্ৰেণৰ ধাৰণা ষ্ট্ৰিং থিয়ৰীৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হৈ পৰে। D-branes-ৰ ধাৰণাই M-থিয়ৰীত কিছুমান নতুন সমমিতি বা চিমেট্ৰীৰ সম্ভাৱনা কঢ়িয়াই আনিছিল। এইসমূহৰ ভিতৰত আটাইতকৈ বিখ্যাত সমমিতিটোৰ বিষয়ে ১৯৯৭ চনত জুৱান মাৰ্টিন মেলডাচিনাৰ এখন গৱেষণা-পত্ৰত প্ৰকাশ পাইছিল। Anti-de Sitter/Conformal Field Theory Correspondence বা চমুকৈ AdS/CFT Correspondence নামেৰে পৰিচিত তেওঁৰ ফলাফলসমূহ দৰাচলতে ষ্ট্ৰিং থিয়ৰী আৰু একধৰণৰ কোৱাণ্টাম ফিল্ড থিয়ৰীৰ এক বিশেষধৰণৰ দ্বৈততা আছিল।

D-branes, AdS/CFT আৰু M-থিয়ৰীয়ে ষ্ট্ৰিং থিয়ৰীৰ গৱেষণাৰ ক্ষেত্ৰখনত কিছুমান নতুন নতুন দিশৰ সন্ধান দিবলৈ সক্ষম হৈছিল আৰু ব্লেক হ’লৰ পৰা আদি কৰি ঘণীভূত পদাৰ্থলৈকে বিভিন্ন বিষয়ত ষ্ট্ৰিং থিয়ৰীৰ প্ৰয়োগৰ কাৰণে এইসমূহ গুৰুত্বপূৰ্ণ আহিলাত পৰিণত হৈছিল। বিংশ শতিকাৰ শেষৰটো দশকৰ মাজ ভাগৰ পৰা শেষৰ ভাগত বিকশিত হোৱা এইসমূহ ধাৰণাৰ ভিত্তিতেই বৰ্তমান সময়ৰ ষ্ট্ৰিং থিয়ৰীৰ গৱেষণাসমূহ বিজ্ঞানীসকলে আগবঢ়াই নিছে। কিন্তু গৱেষকসকলে এতিয়াও ষ্ট্ৰিং থিয়ৰীৰ সকলোবোৰ দিশ ভালদৰে বুজি পাবলৈ সক্ষম হোৱা নাই। M-থিয়ৰীৰ ব্যাখ্যাৰ বাবে প্ৰয়োজনীয় গাণিতিক আৰ্হিসমূহৰ বেছিভাগৰ বিষয়ে এতিয়াও স্পষ্ট ধৰণা কৰিব পৰা পৰ্যায় এটাত তেওঁলোক উপনীত হোৱাহি নাই। গতিকে এটা সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য ষ্ট্ৰিং থিয়ৰী লাভ কৰিবলৈ আমি হয়তো কেইবাটাও দশক অপেক্ষা কৰিব লগা হ’ব। কালক্ৰমত হয়তো কোনো সৰল গাণিতিক আৰ্হিৰ দ্বাৰাই M-থিয়ৰীক ব্যাখ্যা কৰিব পৰা হ’ব; অন্যথা অতিশয় জটিল গাণিতিক আৰ্হিৰ দ্বাৰা গঠিত এটি তত্ত্ব হৈয়ে ই থাকি যাব, যিটো সময়তহে গম পোৱা যাব। অৱশ্যে এটি নিখুঁত তত্ত্বত জটিল গাণিতিক গণনাৰ কোনো স্থান নাথাকে বুলি যদি বহুতৰ দৰে বিশ্বাস কৰা হয় তেন্তে এই ক্ষেত্ৰত সৰল গাণিতিক আৰ্হি এটাই সকলোৰে বাবে কাম্য হ’ব। তদুপৰি, পৰীক্ষামূলকভাৱেও ষ্ট্ৰিং থিয়ৰীৰ ধাৰণাসমূহ প্ৰমাণিত হোৱাটোও বাঞ্চনীয়। AdS/CFT correspondence-ৰ সহায়ত কোৱাৰ্ক গ্লুৱন প্লাজমা সম্পৰ্কীয় কিছুমান পৰীক্ষালব্ধ ফলাফল ব্যাখ্যা কৰাৰ বাহিৰে ষ্ট্ৰিং থিয়ৰীৰ দ্বাৰা কোনো পৰীক্ষণীয় ফলাফলৰ পূৰ্বানুমান কৰিবলৈ বা ষ্ট্ৰিং থিয়ৰীৰ কোনো পৰীক্ষালব্ধ প্ৰমাণ লাভ কৰিবলৈ বিজ্ঞানীসকল এতিয়ালৈকে সক্ষম হোৱা নাই। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে প্ৰায় ১০-৩৫ মিটাৰ দৈৰ্ঘৰ অতিকে ক্ষুদ্ৰ এই ষ্ট্ৰিংসমূহৰ বিষয়ে পৰীক্ষামূলক তথ্য লাভ কৰাতো এটা অতিকে জটিল কাম। আনহাতে এই ষ্ট্ৰিংবোৰৰ বৈশিষ্ট্যসমূহ পৰোক্ষভাৱে অধ্যয়ণ কৰিবলৈও যিমান উচ্চ শক্তিৰ সম্পৰীক্ষাৰ দৰকাৰ, সেয়া বৰ্তমান সময়ত প্ৰযুক্তিগত ভাৱে সম্ভৱ নহয়।

পৰম্পৰাগত কোৱাণ্টাম তত্বসমূহৰ সীমাৱদ্ধতাক অতিক্ৰম কৰি চাৰিওটা প্ৰাথমিক বল একত্ৰীত ৰূপত ব্যাখ্যা কৰাৰ ক্ষেত্ৰত ষ্ট্ৰিং থিয়ৰীয়েই বৰ্তমান সময়ত বিজ্ঞানীসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় তত্ত্ব। কিন্তু কোনো এটা তত্ত্বই বাস্তৱসন্মত ৰূপত গ্ৰহণযোগ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ ই তাত্ত্বিকভাৱে সম্পূৰ্ণভাৱে বিকশিত হোৱাৰ লগতে পৰীক্ষামূলকভাৱেও যথোপযুক্ততাৰে প্ৰমাণিত হোৱাটো বাঞ্চনীয়। তাত্ত্বিকভাৱেই হওক বা পৰীক্ষামূলকভাৱেই হওক ষ্ট্ৰিং থিয়ৰী সম্পূৰ্ণৰূপে বিকশিত হৈ সকলোৰে গ্ৰহণযোগ্য হ’বলৈ বহুদূৰ আগুৱাই যাব লাগিব, যাৰ বাবে অতি উচ্চ পৰ্যায়ৰ তাত্ত্বিক গৱেষণাৰ লগতে পৰীক্ষামূলক প্ৰযুক্তিৰো বিকাশ হ’ব লগিব। ষ্ট্ৰিং থিয়ৰীয়ে এটা সফল সৰ্বতত্ত্বৰ সন্ধান দিব পৰিবনে নোৱাৰে, তাৰ বিষয়ে নিশ্চিত হ’বলৈ সেয়েহে আমি সেই ধৰণৰ গৱেষণাৰ অগ্ৰগতি হোৱালৈ অপেক্ষা কৰিব লাগিব।

তথ্যসূত্ৰ:
http://whystringtheory.com

Featured image courtesy: Quanta Magazine

No Comments

Post A Comment