কোৱাণ্টাম পদাৰ্থবিদ্যাৰ মেকুৰীটো আৰু ঈশ্বৰৰ সৰ্বজ্ঞতা

প্ৰাচীন কালৰে পৰা মানুহৰ জৈৱিক আৰু সামাজিক বিবৰ্তনত মানুহৰ অনুসন্ধিৎসু মনটোৱে প্ৰভাৱ পেলাই আহিছে। জ্ঞান অৰ্জনৰ প্ৰতি থকা এই হাবিয়াসটোৰ বাবেই আমি আন জীৱ-জন্তুবোৰতকৈ পৃথক। বিভিন্ন সময়ৰ বিভিন্ন সমাজবোৰৰ জ্ঞানসমূহ একত্ৰিত কৰি আজি সমগ্ৰ মানৱজাতিয়ে একেলগ হৈ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহ আলোচনা কৰিব পৰা হৈছে। অৱশ্যে বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব বা সত্যসমূহৰ বিভিন্ন ব্যাখ্যাবোৰৰ মাজত বহুতো মতভেদ দেখা যায়। বহুতে প্ৰশ্নবোৰৰ উত্তৰবোৰ যুক্তি আৰু প্ৰমাণসহ বিছাৰিবলৈ যায়, আনহাতে বহুতে সেয়া অনৰ্থক বুলিও কয়। বিজ্ঞান আৰু ধৰ্মীয় বিশ্বাসৰ উদ্দেশ্যসমূহ এইক্ষেত্ৰত একেই হ’লেও সিদ্ধান্তবোৰৰ মাজত মতভেদ হয়। বৰ্তমান সময়ৰ বিজ্ঞানে আৱিষ্কাৰ কৰা কিছুমান আচহুৱা, অথচ সঁচা পৰিঘটনাই মানুহৰ অতীজৰ পৰা থকা কিছুমান বিশ্বাসক নাকচ কৰে। কোৱাণ্টাম পদাৰ্থবিদ্যা আলোচনা কৰিবলৈ যাওঁতে ঈশ্বৰ কিয় সৰ্বজ্ঞ হ’ব নোৱাৰে বুলি কোৱা হয়, সেয়া বুজিবলৈ আমি মানৱ সভ্যতাৰ বিভিন্ন পৰ্যায়ত এই ঈশ্বৰ আৰু বিজ্ঞানৰ বিভিন্ন ৰূপবোৰ জানিব লাগিব।

প্ৰথম কৃষিবিপ্লৱৰ সময়ছোৱা:

“You could never convince a monkey to give you a banana by promising him limitless bananas after death in monkey heaven.” ― Yuval Noah Harari, Sapiens: A Brief History of Humankind

চিত্ৰ ১ – আফ্ৰিকাৰ ভু-ডু পুতলা

মানৱ জীৱন কি? মৃত্যুৰ পিছত জীৱ এটাৰ কি হয়? এনেকুৱা প্ৰশ্নবোৰ ভাবিব পৰাটো মানুহৰ মগজুৰ এটা বৃহৎ কৃতিত্ব। প্ৰথম হ’ম’ চেপিয়েন্সবোৰে আফ্ৰিকাৰ পৰা ওলাই আহি বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰাৰ সময়তেই জীৱন-মৃত্যুৰ লগত জড়িত কিছুমান ৰীতি-নীতি পালন কৰাৰ প্ৰমাণ পোৱা গৈছে। পূৰাতত্ববিদসকলৰ মতে ৩ লাখ বছৰৰ আগৰ আদি-মানৱসকলৰ মাজত মৃতকক সৎকাৰ কৰাৰ কিছুমান প্ৰথা প্ৰচলিত হৈ আছিল, আৰু সেইবোৰৰ লগত কিছুমান আদিম ধৰ্মীয় বিশ্বাস জড়িত হৈ আছিল। জন্ম-মৃত্যুৰ দৰে প্ৰাকৃতিক পৰিঘটনাবোৰৰ আঁৰত এওঁলোকে কোনো অদৃশ্য শক্তিৰ হাত আছে বুলি ভাবিবলৈ সমৰ্থ হৈছিল। অৱশ্যে এই আদিম বিশ্বাসবোৰ বৰ্তমানৰ ধৰ্মীয় বিশ্বাসৰ দৰে আটিল নাছিল। সংঘবদ্ধভাৱে এই বিশ্বাসবোৰ ১১ হাজাৰ বছৰ আগৰ কৃষি বিপ্লৱৰ সময়ৰ পৰা প্ৰৱল হৈ উঠে। চিকাৰী জীৱন ত্যাগ কৰি কৃষি জীৱন আঁকোৱালি লোৱা পূৰ্বপুৰুষসকলৰ বাবে ৰ’দ, নিয়মীয়া বতাহ-বৰষুণ ইত্যাদি অতিকৈ প্ৰয়োজনীয় হৈ পৰিল, আৰু বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কৃষিভূমিক ৰক্ষা কৰাৰ প্ৰয়োজন আহি পৰিল। প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰা মানুহৰ বাবে প্ৰকৃতিৰ প্ৰতিটো উপাদানেই বেলেগ বেলেগ দেৱ-দেৱতাৰ ৰূপ ল’লে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সাধুকথাৰ জৰিয়তে এই বিশ্বাসবোৰ কঢ়িয়াই নিয়া হ’ল। সৰ্বপ্ৰাণবাদ (animism) — সকলো বস্তুৰ মাজত প্ৰাণ থকাৰ বিশ্বাস, ফেটিছিজম (religious fetishism) — কোনো বস্তুৰ মাজত ঐশ্বৰিক শক্তি থকাৰ বিশ্বাস — আদিও এই সময়তেই গঢ় লৈ উঠিল। বিশ্বাসবোৰে মানুহৰ সমাজৰ নীতি-নিয়মবোৰৰ মাজত আত্মপ্ৰকাশ কৰিলে। ভাষা আৰু লিখন প্ৰণালীৰ উন্নতিৰ লগে লগে এই বিশ্বাস, সমাজৰ নিয়ম আৰু সাধুসমূহে লিখিত ৰূপ পালে। ২৪০০ খ্ৰীষ্টপূৰ্বৰ আশে পাশে ইজিপ্তৰ পিৰামিডসমূহত লিখিত ভাষাৰ মাজত তেতিয়াৰ বিশ্বাসসমূহৰ আভাস পোৱা যায়। ঠিক সেইদৰে পাছৰ পৰ্যায়ত গীতা-উপনিষদ, বিভিন্ন হিব্ৰু লিখনি আদিতো সেই সময়ৰ সমাজবোৰৰ আভাস পোৱা যায়। এই বিশ্বাসসমূহ মানুহৰ সহজাত প্ৰবৃত্তি নহয়। সেয়েহে সমাজ বিশেষে বিশ্বাসবোৰো বেলেগ বেলেগ হয়। এখন সমাজত এটা শিশুৱে জন্ম লাভ কৰাৰ পিছতেই সেই সমাজখনৰ ধৰ্মীয় বিশ্বাসসমূহ মানি ল’বলৈ বাধ্য কৰোৱা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা ধৰ্মীয় বিশ্বাসসমূহ এটা প্ৰজন্মৰ পৰা আন এটালৈ প্ৰচলিত হয়। সেইবাবেই প্ৰাচীন কৃষিবিপ্লৱৰ সময়ৰ বহুখিনি ৰীতি-নীতি আৰু বিশ্বাস এতিয়ালৈকে সমাজত দেখা যায়।

প্ৰশ্ন আৰু যুক্তিবাদী চিন্তাৰ আৰম্ভণি:

আদিম যুগত মানৱ সভ্যতাত জ্ঞানসমূহ এটা প্ৰজন্মৰ পৰা আন এটালৈ সাধুকথা বা মৌখিক পদ্যৰ জৰিয়তে প্ৰচলিত হৈছিল। পিছে এই প্ৰক্ৰিয়াটোৰ জৰিয়তে বৃহৎ পৰিমাণৰ তথ্যৰ সঞ্চয় কৰিব পৰা হোৱা নাছিল। লিখা-মেলা ব্যৱস্থাৰ বিকাশ ঘটাৰ পৰা মানুহে বিস্তৰ পৰিমাণৰ তথ্য লিখি ৰাখিব পৰা হ’ল। প্ৰকৃতিৰ পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণ কৰি মানুহে টোকা ৰাখি গ’ল, আৰু সূৰ্য্যগ্ৰহণ-চন্দ্ৰগ্ৰহণৰ দৰে পৰিঘটনাবোৰৰ ভৱিষ্যত বাণী কৰিব পৰা হ’ল। ভাৰতবৰ্ষৰ লগতে মেছপটেমিয়া, বেবিলনীয়, মিছৰীয় আৰু গ্ৰীক সভ্যতাৰ লোকসকল এইবোৰ বিষয়ৰ অধ্যয়ণত আগবঢ়া আছিল। এইবিলাকৰ অধিকাংশই আছিল নমুনা অধ্যয়ন (pattern-study)। অৰ্থাৎ, প্ৰাকৃতিক পৰিঘটনাবোৰ কেতিয়া হ’ব সেয়া অনুমান কৰিব পাৰিলেও, কিয় তেনেকুৱা হয়, সেয়া পোনপ্ৰথমে ক’ব পৰা হোৱা নাছিল। নিজৰ চকুৰে অনুমান কৰিয়েই চেপেটা পৃথিৱী, আৰু পৃথিৱীকেন্দ্ৰিক ব্ৰহ্মাণ্ডৰ ধাৰণাসমূহক গঢ় দিয়া হৈছিল, আৰু এই ধাৰণাসমূহ ধৰ্মীয় বিশ্বাসৰ অন্তৰ্ভুক্ত হৈছিল।

চিত্ৰ ২ – দিল্লীৰ যন্তৰ-মন্তৰ

লাহে লাহে চীন, ভাৰত, মধ্য-প্ৰাচ্য আৰু গ্ৰীচত গণিতৰ বিকাশ ঘটিল। ভাৰতবৰ্ষত সিন্ধু সভ্যতাৰ সময়ৰে পৰাই গণিতৰ ব্যৱহাৰ হৈছিল। ৫০০-৬০০ খ্ৰীষ্টাব্দৰ আশে পাশে আৰ্যভট্টৰ দৰে ব্যক্তিসকলৰ অৱদানে ভাৰতীয় গণিতক সমৃদ্ধিশালী কৰি তুলিলে। ব্ৰহ্মগুপ্তই ৬২৮ খ্ৰীষ্টাব্দতেই মাধ্যাকৰ্ষণক এক আকৰ্ষণ বল বুলি কৈছিল। অৱশ্যে ইয়াৰ এক সম্পূৰ্ণ গাণিতিক ৰূপ দিছিল ছাৰ আইজাক নিউটনে, প্ৰায় ১০০০ বছৰ পিছত। গণিতৰ উচ্চপৰ্যায়ৰ বিকাশৰ বাবেই যন্তৰ-মন্তৰৰ দৰে প্ৰাচীন জ্যোতিৰ্বিজ্ঞানৰ আহিলাসমূহ সৃষ্টি কৰিব পৰা গৈছিল। প্ৰাচীন জ্যোতিৰ্বিদসকলে আকাশৰ বহুতো গ্ৰহ আৰু নক্ষত্ৰমণ্ডলী চিনাক্তকৰণ কৰিছিল, আৰু সেইবোৰক কিছুমান গোট হিচাপে ভাগ কৰি ৰাশিৰ সৃষ্টি কৰিছিল। এইখিনি জ্ঞানে সেইসময়ৰ মানুহখিনিক সঠিক সময় হিচাপ কৰাৰ সুবিধা কৰিছিল। নমুনা অধ্যয়নৰ সহায়ত বছৰৰ কোনসময়ত কেনেধৰণৰ খেতি কৰিব পাৰি সেইধৰণৰ ভৱিষ্যত বাণী আকাশৰ তৰা চায়েই গণনা কৰিব পৰা গৈছিল। পিছে সেই জ্যোতিৰ্বিদসকলে “কিয়” প্ৰশ্নটোৰ উত্তৰ দিব পৰা নাছিল। সেইকাৰণে ৰাহু-কেতু আদিৰ দৰে কাল্পনিক চৰিত্ৰৰ সহায় লৈ সূৰ্য্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আদিৰ ব্যাখ্যা কৰিবলৈ চেষ্টা চলোৱা হৈছিল, আৰু কালক্ৰমত এইবোৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ লগত সাঙোৰ খাই পৰিল। পিছে এই নমুনা অধ্যয়নৰ প্ৰক্ৰিয়াটো আসোঁৱাহপূৰ্ণ। গ্ৰহ-নক্ষত্ৰৰ গতিসমূহ তুলনামূলকভাবে সৰল আৰু পৰ্যাবৃত্ত প্ৰকৃতিৰ হোৱাৰ বাবে এই পদ্ধতিটো সফল হৈছিল। আনহাতে ব্যক্তিগত জীৱনৰ ভৱিষ্যতৰ কথা জানিবলৈ এই ব্যৱস্থাটো মুঠেই সফল নহয়, যিহেতু মানুহৰ দৈনন্দিন জীৱনটো অতিকৈ বিশৃংখল। তথাপি জ্যোতিৰ্বিজ্ঞানৰ সফলতাসমূহৰ সুবিধা লৈ বহুতে মানুহৰ ব্যক্তিগত জীৱনৰ ভৱিষ্যত বাণী কৰিবলৈ জ্যোতিষবিদ্যাৰ সৃষ্টি কৰিলে আৰু ধৰ্মীয় “ফেটিছিজম” বিশ্বাসী মানুহৰ বাবে কিছুমান “যাদুকৰী” বস্তু পিন্ধি অন্ধকাৰ ভৱিষ্যতৰ পৰা ৰক্ষা কৰোৱাৰ প্ৰতিশ্ৰুতি দিলে। অন্ধকাৰ ভৱিষ্যতৰ ভয় খুৱাই লৈ মানুহক যাদুকৰী বস্তু বিক্ৰী কৰি মানসিক শান্তি দিয়াৰ এই ব্যৱস্থাটো আজিৰ দিনতো চলি অহা দেখা গৈছে।

চিত্ৰ ৩ – ইউৰোপীয় নৱজাগৰণত বিজ্ঞান (লিওনাৰ্দো দা ভিঞ্চি)

লাহে লাহে মানুহৰ এই বিশ্বাস ব্যৱস্থাটো ৰাজনৈতিক ক্ষমতাৰ লগত জড়িত হৈ পৰিল। ধৰ্মীয় গুৰুসকলে ৰাজদৰবাৰত উচ্চস্থান লাভ কৰিলে। ভাৰতবৰ্ষত আকৌ জাতিগত বৈষম্য এটাও সৃষ্টি হ’ল। পৃথিৱীৰ আন ঠাইতো ধৰ্মীয় বিশ্বাসসমূহ ক্ষমতাৰ লগত জড়িত হ’ল। ইয়াৰ ফলত, নতুন আৰু অগতানুগতিক চিন্তাধাৰাবোৰে সেই পুৰণা ধৰ্মীয় বিশ্বাসবোৰৰ লগত মতভেদ সৃষ্টি কৰোঁতে, ক্ষমতাত থকা ব্যক্তিসকলে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। অৱশ্যে সেইবোৰৰ মাজতো গেলিলিও গেলিলি, কপাৰ্নিকাচ আদিৰ দৰে ব্যক্তিসকলে নিজৰ স্বাধীন অধ্যয়ন চলাই গ’ল। ইউৰোপীয় নৱজাগৰণৰ লগে লগেই ইউৰোপত বিজ্ঞান চৰ্চাৰ নতুন পৰিৱেশৰ সৃষ্টি হ’ল। অষ্টাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাক আলোকপ্ৰাপ্তি অধ্যায় (Enlightenment Period) বুলিও কোৱা হয়। আনহাতে ভাৰতবৰ্ষ আৰু মধ্যপ্ৰাচ্যৰ দৰে অঞ্চলসমূহ ধৰ্মীয় বিশ্বাসৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ বাবে লাহে লাহে ইউৰোপৰ তুলনাত পিছ পৰি আহিল। দশম শতিকাত বাগদাদৰ চিকিৎসক ইবন জাকাৰিয়া ৰাজিক তুলনামূলকভাবে আধুনিক ইউৰোপীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ইছলাম বিৰোধৰ অপৰাধত অন্ধ কৰি দিয়া হৈছিল বুলি প্ৰবাদ আছে। নিক’লাছ কপাৰ্নিকাচে ১৫১৪ চনৰ আশে পাশে সূৰ্য্যকেন্দ্ৰিক বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণা আগবঢ়াই ৰাইজৰ ৰোষত পৰিছিল। ১৬৩২ চনত সেই ধাৰণাকেই ব্যাখ্যা কৰিবলৈ যাওঁতে গেলিলিও গেলিলিক গীৰ্জাৰ বিৰুদ্ধে মন্তব্য কৰা বুলি বন্দী কৰা হৈছিল। অৱশ্যে প্ৰমাণ সহিত ব্যাখ্যাৰে এই সত্যই লাহে লাহে সাধাৰণ মানুহৰ মনত থিতাপি ল’বলৈ সক্ষম হয়। ১৬৬২ চনত “ৰয়েল চ’ছাইটি অৱ লণ্ডন ফৰ ইম্প্ৰোভিং নেছাৰেল নলেজ” (The Royal Society of London for Improving Natural Knowledge, যাৰ অধিক পৰিচিত নাম The Royal Society) গঠন কৰা হয়। সবল গাণিতিক তত্ত্ব আৰু প্ৰমাণসহ আইজাক নিউটনৰ মহাকৰ্ষণৰ সূত্ৰইয়ো সাধাৰণ জনতাৰ সমাদৰ লাভ কৰে। লাহে লাহে প্ৰকৃতিৰ ঘটনাবোৰ সঠিকভাৱে ব্যাখ্যা কৰিব পৰা হ’ল, আৰু মানুহৰ মনত ঈশ্বৰৰ ধাৰণাটোও সলনি হৈ আহিল। অতীজৰ সেই ডাৱৰৰ ওপৰতেই থকা ঈশ্বৰজন এতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সীমালৈ আঁতৰি গ’ল। নিউটনৰ সময়ৰ ঈশ্বৰজনে এক বিমূৰ্ত ৰূপ পালে। উনবিংশ শতিকাত বিজ্ঞান অধ্যয়নক এক আনুষ্ঠানিক, বৃত্তিগত ৰূপ দিয়া হ’ল আৰু সমাজত বৈজ্ঞানিক মানসিকতাৰ গুৰুত্ব আৰু পৰিসৰ বাঢ়ি গ’ল। আনহাতে আগৰে পৰা চলি অহা ধৰ্মীয় বিশ্বাসসমূহৰ ব্যাখ্যাসমূহ বিজ্ঞানৰ সহায়ত ভুল বুলি দেখুৱাই দিয়াৰ বাবে “ধৰ্ম বনাম বিজ্ঞান” পৰিৱেশ এটাৰ সৃষ্টি হ’ল। ধৰ্ম আৰু বিজ্ঞানৰ আৰম্ভণি একেধৰণৰ উদ্দেশ্যৰেই হৈছিল যদিও, ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ পাৰ্থক্যখিনি সময়ৰ লগে লগে অধিক স্পষ্ট হৈ আহিবলৈ ধৰিলে।

মন কৰিবলগীয়া কথাটো এয়েই যে সেই সময়ত বিজ্ঞানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অধিকাংশ লোকেই সেই সময়ৰ দৰ্শন অনুসৰি ঈশ্বৰ বিশ্বাসী আছিল। কিন্তু তেওঁলোকৰ অৱদানখিনি মানুহৰ পৰম্পৰাগত বিশ্বাসৰ বিপৰীতে গৈছিল, আৰু এইবোৰে মানুহৰ মনত ঈশ্বৰৰ সংজ্ঞা আৰু শক্তিখিনি সময়ে সময়ে সলনি কৰি আহিছিল।

ৰামানুজনৰ ঈশ্বৰ বিশ্বাস:

“An equation means nothing to me unless it expresses a thought of God.” ― Srinivasa Ramanujan

মানৱ সভ্যতাৰ উল্লেখযোগ্য গণিতজ্ঞসকলৰ নাম ক’বলৈ ক’লে শ্ৰীনিৱাস ৰামানুজনৰ (১৮৮৭-১৯২০) নামটো ফটকৈ মনলৈ আহে। এই লেখাত ৰামানুজনৰ কথা উল্লেখ নকৰিলে কথাখিনি আধৰুৱা হৈ ৰ’ব, কিয়নো ৰামানুজনৰ ঈশ্বৰজন আছিল হিন্দুধৰ্মৰ সাধুকথাবোৰৰ লগত জড়িত ঈশ্বৰ। ৰামানুজন জন্ম হোৱা পৰিৱেশটোত ভাৰতবৰ্ষ বৈজ্ঞানিক মানসিকতাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছিল। সেই সময়ত আনকি এজন হিন্দুৰ বাবে সাগৰ যাত্ৰাও নিষিদ্ধ আছিল। আনহাতে তেওঁক যিজন গণিতজ্ঞই ইউৰোপৰ সমাজৰ লগত চিনাকি কৰাই দিছিল — জি. এইছ. হাৰ্ডি — তেওঁ আছিল সম্পূৰ্ণ নাস্তিক। তেওঁলোক দুজন ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত দুটা সম্পূৰ্ণ বিপৰীত স্থিতিত আছিল। ৰামানুজনে তেওঁৰ গাণিতিক সূত্ৰবোৰ তেওঁ বিশ্বাস কৰা দেৱীৰ দ্বাৰা আৱিষ্কাৰ কৰা বুলি কৈছিল — যিটো হাৰ্ডিৰ বাবে সম্পূৰ্ণ অবিশ্বাস্য আৰু অনৰ্থক। ৰামানুজনে তেওঁৰ ৩২ বছৰীয়া জীৱনকালত গাণিতিক বিশ্লেষণ (mathematical analysis), সংখ্যা তত্ত্ব (number theory), অসীম শ্ৰেণী (infinite series), অবিৰত ভগ্নাংশ (continued fractions) ইত্যাদি বিভিন্ন বিষয়ত যথেষ্ট অৱদান আগবঢ়ায়। এজন গণিতজ্ঞৰ ইমানবোৰ অৱদান, তাকো অতি কম বয়সতেই — এয়া গণিত জগতৰ এক বিৰল উদাহৰণ। ইংলেণ্ডৰ জলবায়ুৰ লগত ৰামানুজনৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত জীৱন যাপন প্ৰণালী খাপ খোৱা নাছিল। তেওঁ ভিটামিনজনিত পুষ্টিহীনতাত ভুগিছিল, আৰু শেষৰ ফালে প্ৰথম বিশ্বযুদ্ধৰ সময়ত, ১৯১৭ চনত যক্ষ্মা (tuberculosis) ৰোগত আক্ৰান্ত হৈছিল। ১৯১৯ চনত কিছু সকাহ পাই তেওঁ ভাৰতলৈ উভতি আহে যদিও ১৯২০ চনত মাদ্ৰাজত মাত্ৰ ৩২ বছৰ বয়সতেই তেওঁৰ অকাল বিয়োগ ঘটে (সম্ভৱতঃ hepatic amoebiasis বেমাৰত)। দুঃখজনকভাৱে, তেওঁৰ সমুদ্ৰ ভ্ৰমণ কৰাৰ ধৰ্মীয় অপৰাধৰ বাবে তেওঁৰ সম্পৰ্কীয় ব্যক্তি কিছুমানে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া বৰ্জন কৰিছিল।

“ঈশ্বৰে পাশা নেখেলে?” — আইনষ্টাইন আৰু নীলচ ব’ৰ:

“The fact that religions through the ages have spoken in images, parables, and paradoxes means simply that there are no other ways of grasping the reality to which they refer. But that does not mean that it is not a genuine reality. And splitting this reality into an objective and a subjective side won’t get us very far.” ― Neils Bohr

চিত্ৰ ৪ – আলোচনাত ব্যস্ত আইনষ্টাইন আৰু ব’ৰ

বিংশ শতিকাৰ আটাইতকৈ বিখ্যাত বিজ্ঞানীজন নিঃসন্দেহে এলবাৰ্ট আইনষ্টাইন। আপেক্ষিকতাবাদ তত্ত্বৰ জৰিয়তে আইজাক নিউটনৰ মহাকৰ্ষণৰ সূত্ৰতকৈ অধিক যথাযথ মহাকৰ্ষণৰ সূত্ৰ আগবঢ়োৱা আইনষ্টাইনে নিয়তিবাদ (determinism)ত বিশ্বাস কৰিছিল। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ ঘটনা ঘটিছে, আৰু যিমানবোৰ ঘটিব, গোটেইবোৰ পূৰ্ব-নিৰ্ধাৰিত (predetermined)। বিশ্বব্ৰহ্মাণ্ডৰ কোনো এক ক্ষণত কোনো এজন পৰ্যবেক্ষকে প্ৰতিটো কণাৰ অৱস্থান আৰু ভৰবেগ জানিলে, উপযুক্ত সমীকৰণৰ সহায়ত গোটেই বিশ্বব্ৰহ্মাণ্ডৰেই অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পূৰ্ণ সঠিকভাৱে বৰ্ণনা কৰিব পাৰিব। আইনষ্টাইনে নিজকে নাস্তিক বুলি নক’লেও ধৰ্মত অবিশ্বাসী বুলি কৈছিল। তেওঁ নিজকে অজ্ঞেয়বাদী (agnostic) বুলি ক’বলৈ ভাল পাইছিল। বিংশ শতিকাৰ আৰম্ভণিতেই কোৱাণ্টাম মেকানিক্সৰ বিকাশৰ লগে লগে নিয়তিবাদ দৰ্শনৰ প্ৰতি ভাবুকি নামি আহে, কিয়নো কোৱাণ্টাম মেকানিক্স আছিল সম্ভাৱিতাৰ লগত সহজাত তত্ত্ব। মানুহৰ সাধাৰণ জ্ঞান বা অভিজ্ঞতাৰ লগত কোৱাণ্টাম মেকানিক্সৰ দ্বাৰা বৰ্ণনা কৰা ক্ষুদ্রাতিক্ষুদ্র কণাৰ জগতখনৰ কোনো সামঞ্জস্য নাই। সেয়েহে ১৯২৬ চনত আইনষ্টাইনে “ঈশ্বৰে পাশা নেখেলে” (God does not play dice) বুলি বিশ্ববিখ্যাত উক্তিটো কৈছিল। সেই উক্তিৰ প্ৰত্যুত্তৰত কোৱাণ্টাম পাৰমাণৱিক তত্ত্ব (atomic theory)ৰ স্ৰষ্টা নীলচ ব’ৰে কৈছিল — Don’t tell God what to do — ঈশ্বৰে কি কৰিব সেয়া ঈশ্বৰৰ কথা। এই কথোপকথনখিনিৰ ঈশ্বৰজন এক উপমাহে মাথোন। এই ঈশ্বৰজন অতি বিমূৰ্ত। নিজে নাস্তিক নে অজ্ঞেয়বাদী সেয়া স্পষ্টকৈ নক’লেও, এটা কথা স্পষ্ট যে নীলচ ব’ৰ ঈশ্বৰ বিশ্বাসী নাছিল। আইনষ্টাইন আৰু নীলচ ব’ৰৰ এই তৰ্কৰ ১০০ বছৰৰ পিছত বৰ্তমান এই কথা স্পষ্ট যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনক নিয়তিবাদৰ দৃষ্টিভংগীৰে চাব নোৱাৰি। হাইজেনব্যাগ (Heisenberg)ৰ অনিশ্চয়তাৰ সূত্ৰটো আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ এক অবিচ্ছিন্ন অংগ। অৰ্থাৎ, এইক্ষেত্ৰত আইনষ্টাইনৰ নিয়তিবাদৰ দৃষ্টিভংগী ভুল আছিল।

শ্ৰুডিংগাৰ মেকুৰীটো:

কোৱাণ্টাম মেকানিক্সৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে পৰ্যবেক্ষক নিৰ্ভৰশীল বাস্তৱ (observer dependant reality)। এই বৈশিষ্ট্যটো প্ৰকৃততে কোৱাণ্টাম সম্ভাৱনা তৰংগ (probability wave function) বোৰৰ “ছুপাৰ-পজিছন” নীতি (superposition principle)ৰ এটা ব্যাখ্যা — অৰ্থাৎ, বিভিন্ন কোৱাণ্টাম ষ্টেট (state)বোৰৰ বৈশিষ্ট্য কঢ়িয়াই নিয়া এই সম্ভাৱনা তৰংগবোৰে যোগ হৈ এটা সাধাৰণ (মিশ্ৰিত) তৰংগ হিচাপে থাকে, কিন্তু পৰীক্ষাগাৰত আকৌ এই বিভিন্ন সম্ভাব্য ষ্টেটবোৰৰ যিকোনো এটাৰ অস্তিত্বহে ধৰা পেলাব পাৰি। এই কোৱাণ্টাম তৰংগবোৰ আকৌ কোনো পানীৰ তৰংগৰ দৰে নহয়! এইবোৰ সম্পূৰ্ণ বিমূৰ্ত গাণিতিক তৰংগ, আৰু ইহঁতে কোনো এটা কোৱাণ্টাম কণাৰ ষ্টেট (অৱস্থান, ভৰবেগ ইত্যাদি)ৰ তথ্য কঢ়িয়াই ফুৰে। এটা সাধাৰণ কোৱাণ্টাম তৰংগত একেটা কণাৰে বিভিন্ন ষ্টেটৰ তথ্য সন্নিহিত হৈ থাকিব পাৰে, কিন্তু পৰীক্ষাগাৰত যিকোনো এটা ষ্টেট জনাহে সম্ভৱ। সেই পৰীক্ষাৰ আগলৈকে কিন্তু কণাটোৱে প্ৰতিটো সম্ভাৱ্য ষ্টেটতেই একেসময়তে থাকে! তদুপৰি, হাইজেনব্যাগৰ অনিশ্চয়তাৰ সূত্ৰ অনুসৰি, কণা এটাৰ অৱস্থানৰ বিষয়ে সঠিককৈ জানিব পাৰিলে ইয়াৰ ভৰবেগৰ বিষয়ে অনিশ্চয়তা বাঢ়ি যায়, আনহাতে ইয়াৰ ভৰবেগৰ বিষয়ে সঠিককৈ জানিব পাৰিলে ইয়াৰ অৱস্থানৰ বিষয়ে অনিশ্চয়তা বাঢ়ি যায়। অৰ্থাৎ আইনষ্টাইনৰ নিয়তিবাদ অসম্ভৱ। নিউটনৰ গতিসূত্ৰৰ দৰে কণা এটাৰ অৱস্থান বা ভৰবেগৰ সমীকৰণ লিখাৰ সলনি, কোৱাণ্টাম মেকানিক্সত সেই তৰংগবিধৰ সমীকৰণহে লিখা হয়। এই সমীকৰণটো পোন প্ৰথমে লিখা ব্যক্তিজন হ’ল আৰৱিন শ্ৰুডিংগা (Erwin Schrödinger)। কোৱাণ্টাম তৰংগবোৰৰ বাস্তৱিক ব্যাখ্যা দিছিল মেক্স বৰ্ণ নামৰ পদাৰ্থবিদজনে। ইয়াক ক’পেনহেগেন ইণ্টাৰপ্ৰিটেশ্চন (Copenhegen interpretation) বুলিও কোৱা হয়। পদাৰ্থবিজ্ঞানৰ লগতে এই ব্যাখ্যাটো দাৰ্শনিক দৃষ্টিভংগীৰেও যথেষ্ট আকৰ্ষণীয়। কিয়নো সম্ভাৱনাৰ লগত জড়িত কোৱাণ্টাম কণাবোৰৰ লগত মানুহৰ দৈনন্দিন জীৱনৰ সাধাৰণ জ্ঞানৰ ৰাহিযোৰা নাহে। ক্ষুদ্ৰাতিক্ষুদ্ৰ কোৱাণ্টাম কণা এটাৰ এই অদ্ভুত সহ-অৱস্থান (Super-position) বৈশিষ্ট্যটোৱে কিদৰে দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে, সেয়া বুজাবলৈ শ্ৰুডিংগায়ে মেকুৰী এটাৰ আৰ্হি লৈ এই বোধ-সম্পৰীক্ষা (thought experiment)টো ব্যাখ্যা কৰিছিল।

চিত্ৰ ৫ – শ্ৰুডিংগাৰ মেকুৰীটো

যিদৰে কণা এটাই পৰীক্ষাৰ পূৰ্বে কেইবাটাও ষ্টেটত একেলগে থাকিব পাৰে, সেইদৰে এটা তেজস্ক্ৰীয় পৰমাণু, ক্ষয় (decay) হোৱা আৰু নোহোৱা এই দুয়োটা ষ্টেটত থাকিব পাৰে। ধৰাহওক এটা বন্ধ বাকছত এনে এটা তেজস্ক্ৰীয় পৰমাণুৰ সৈতে এটা মেকুৰী, বিষাক্ত গেছৰ এটা কণ্টেইনাৰ, আৰু হাঁতুৰীৰ সৈতে সংলগ্ন এটা গাইগাৰ কাউণ্টাৰ (তেজস্ক্ৰীয় ক্ষয় গণনা কৰিব পৰা যন্ত্ৰ) ৰখা হ’ল। চিষ্টেমটো এনেকৈ প্ৰতিষ্ঠাপন কৰা হ’ল যাতে পৰমাণুটোৰ ক্ষয় হোৱাৰ লগে লগে গাইগাৰ কাউণ্টাৰটোৱে হাঁতুৰিটোৰ সহায়ত গেছৰ কণ্টেইনাৰটো ভাঙি দিব, যাৰ ফলত মেকুৰীটো লগে লগে মৰি যাব; আনহাতে পৰমাণুটোৰ ক্ষয় নহ’লে মেকুৰীটোৰ একো নহয়। এটা নিৰ্দিষ্ট সময়ত পৰমাণুটোৰ ক্ষয় হোৱা বা নোহোৱাৰ সম্ভাৱনা ৫০%। সেই নিৰ্দিষ্ট সময়ৰ পাচত বাকছটো খুলি চাওঁতে নিশ্চয় মেকুৰীটোক ৫০% সম্ভাৱনাৰে হয় জীৱিত, নাইবা মৃত অৱস্থাতেই পোৱা যাব। কিন্তু আটাইতকৈ দৰকাৰী প্ৰশ্নটো হ’ল, বাকছটো খুলি নোচোৱাকৈ ৰাখিলে সেই মেকুৰীটোৰ অৱস্থা কি হ’ব? (মেকুৰীটোৱে বাকছটোৰ ভিতৰৰ পৰা বাহিৰলৈ কোনো তথ্য পঠিয়াব নোৱাৰিব, অৰ্থাৎ সি মেওঁ মেওঁ কৰিলেও, বা লৰচৰ কৰিলেও আমি বাহিৰৰ পৰা গম নাপাম।)

ক’পেনহেগেন ইণ্টাৰপ্ৰিটেশ্চনৰ মতে, বাকছটো খুলি চোৱাৰ আগতে যিহেতু পৰমাণুটো ক্ষয় হোৱা আৰু নোহোৱা দুয়োটা সম্ভাৱনাৰে ছুপাৰ-পজিছন ষ্টেটত আছিল, গতিকে মেকুৰীটোও জীৱিত আৰু মৃত এই দুয়োটা ষ্টেটৰ ছুপাৰ-পজিছন হিচাপে থাকিব লাগিব! অৰ্থাৎ, the cat is dead and alive at the same time! বাকছটো খুলি দিয়াৰ লগে লগে আমাৰ পৰ্যবেক্ষণ কাৰ্যটোৱেহে মেকুৰীটোৰ বিভিন্ন ষ্টেটবোৰৰ সংমিশ্ৰণটোক এটা ষ্টেট (হয় জীৱিত, নাইবা মৃত)লৈ পৰিৱৰ্তিত কৰিলে।

এনেধৰণৰ অদ্ভুত যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি যোৱা কোৱাণ্টাম পদাৰ্থবিদ্যাই বহুতো সমালোচনা, বাধা-বিঘিনি পাইয়ো আজিলৈকে অটল হৈ আছে। কোৱাণ্টাম মেকানিক্সৰ ধাৰণাবোৰতেই গঢ় লৈ উঠা কোৱাণ্টাম ইলেক্ট’ডাইনামিক্স (QED) নামৰ ফিল্ড থিয়ৰিটো হৈছে মানৱ সভ্যতাৰ আটাইতকৈ নিখুঁতভাৱে সত্য বৈজ্ঞানিক তত্ত্ব। এই তত্ত্বক আঁকোৱালি লোৱাৰ কাৰণ হৈছে বাস্তৱত দেখা পোৱা প্ৰাকৃতিক পৰিঘটনাবোৰৰ সফল ব্যাখ্যা আৰু পৰীক্ষামূলক প্ৰমাণ। কোৱাণ্টাম ফিজিক্সৰ যুক্তিবোৰ অতি অদ্ভুত হ’লেও ইয়াৰ গাণিতিক ব্যাখ্যা আছে, আৰু প্ৰমাণ কৰিব পৰাৰ ব্যৱস্থা আছে। ঠিক একেদৰেই, গণিতৰ কিছুমান ফলাফল, যেনে একৰ পৰা অসীমলৈ সকলো ধণাত্মক অখণ্ড সংখ্যাৰ যোগফল এটা সৰু ঋণাত্মক সংখ্যা (-১/১২) হোৱাৰ দৰে কথাবোৰো সাধাৰণ জ্ঞানৰ লগত নিমিলে, কিন্তু এইবোৰ যুক্তি প্ৰমাণ কৰিব পাৰি। প্ৰকৃততে সেই অতীজৰ ধৰ্মীয় সাধুকথাবোৰহে অতি বেছি অদ্ভুত, আৰু যুক্তিহীন। গতিকে কোৱাণ্টাম ফিজিক্সৰ ওপৰতে সন্দেহ কৰাৰ আগতে মানুহে সেইবোৰহে সন্দেহ কৰাটো বেছি যুক্তিসম্পন্ন।

ঈশ্বৰ কিয় সৰবজান হ’ব নোৱাৰে?

শ্ৰুডিংগাৰ মেকুৰীটো থকা বাকছটো খোলাৰ আগলৈকে আমি মেকুৰীটো জীৱিত নে মৃত ক’ব নোৱাৰোঁ। পিছে কোনো সৰ্বজান্তা ঈশ্বৰে সেয়া জানিবনে? তাৰ উত্তৰটো হ’ল — নাজানে। অসম্ভৱ। পিছে সেয়া আমি কেনেকৈ জানিলো? এই যুক্তিটোৰ কাৰণ হিচাপে এটা বাস্তৱ পৰীক্ষাৰ কথা কওঁ।

চিত্ৰ ৬ – ক্লাছিকেল বলৰ পৰীক্ষাটো

কোৱাণ্টাম পদাৰ্থবিদ্যা প্ৰাৰম্ভিক পৰ্যায়ত থাকোঁতেই পদাৰ্থৰ তৰংগ প্ৰকৃতিৰ বিষয়ে পদাৰ্থবিজ্ঞানীসকল জ্ঞাত আছিল। জলপৃষ্ঠত দুখন হাতেৰে দুটা তৰংগৰ সৃষ্টি কৰিলে যিদৰে তৰংগ দুটাই পৰস্পৰৰ মাজত খুণ্ডা খাই নমুনা কিছুমান সৃষ্টি কৰে, ঠিক সেইদৰে পদাৰ্থৰ লগত জড়িত কোৱাণ্টাম তৰংগবোৰেও নমুনা সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে য়ঙৰ পৰীক্ষাটো (Young’s double slit experiment)ৰ কথা ক’ব পাৰি। ধৰাহওক আপুনি ৰং সনা বল কেইটামান দুটা ফুটা থকা দেৱাল এখনলৈ মাৰি পঠিয়াইছে। কিছুমান বল সেই ফুটা দুটাৰ মাজেৰে পাৰ হৈ পিছফালৰ দেৱালখনত চেকা লগাইছে। কেইবাবাৰো এইটো প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি থাকিলে পিছফালৰ দেৱালখনত ফুটা দুটাৰ ঠিক পিছফালেই চেকাবোৰ জমা হোৱা আপুনি দেখিবলৈ পাব। পিছে এইবাৰ যদি ফুটাকেইটা অতি সৰু কৰি তাৰ মাজেৰে ইলেক্ট্ৰন এসোপা মাৰি পঠিয়ায়, আৰু পিছফালে ডিটেক্টৰ স্ক্ৰীণ এখন লগাই থয়, তেতিয়া তাত ফুটা দুটাৰ ঠিক পিছফালে ইলেক্ট্ৰনবোৰ বেছিকৈ গোট খোৱা নেদেখে; বৰঞ্চ ইলেক্ট্ৰনবোৰে তৰংগৰ দৰে এটা ইণ্টাৰফেৰেন্স পেটাৰ্ণ (interference pattern) গঢ়ি তোলে। পিছে ইয়াৰ বাবে ফুটা দুটাৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰনবোৰে নিজৰ মাজত ইণ্টাৰেক্সন (interaction) কৰিব লাগিব। এই একেই ফলাফল আমি ক্লাছিকেল ক্ষেত্ৰত, অৰ্থাৎ বল কেইটাৰ ক্ষেত্ৰত নাপাওঁ, কিয়নো বস্তু ভৰ বাঢ়ি গ’লে ইয়াৰ কোৱাণ্টাম চৰিত্ৰবোৰ অতিকৈ কমি যায়। আটাইতকৈ আকৰ্ষণীয় কথা এয়েই যে এবাৰত এটাকৈ ইলেক্ট্ৰন মাৰি পঠিয়ালেও আপুনি এই ইণ্টাৰফেৰেন্স পেটাৰ্ণটো দেখিবলৈ পাব। পিছে এনে কিয় হয়? অকলশৰীয়াকৈ যোৱা ইলেক্ট্ৰনটোৱে কাৰ লগত ইণ্টাৰেক্ট কৰিলে?

চিত্ৰ ৭ – পোহৰ/ ইলেক্ট্ৰনৰ ক্ষেত্ৰত ইণ্টাৰফেৰেন্স পেটাৰ্ণ

অকলশৰীয়াকৈ যোৱা ইলেক্ট্ৰনটোৰ ক্ষেত্ৰত ইণ্টাৰফেৰেন্স পেটাৰ্ণ সৃষ্টি হোৱা আচহুৱা পৰিঘটনাটোৰ ব্যাখ্যা কোৱাণ্টাম মেকানিক্সে এনেকৈ দিয়ে — যিহেতু আমি ইলেক্ট্ৰনটোৰ গতিপথত কোনো ডিটেক্টৰ ৰখা নাছিলো, সেয়েহে ই কোনটো ফুটাৰে পাৰ হৈ গ’ল নাজানোঁ। সেয়েহে, ছুপাৰ-পজিছন নীতি অনুসৰি ই দুয়োটা ফুটাৰ মাজেৰেই পাৰ হৈ গ’ল! দুয়োটা ফুটাৰে পাৰ হৈ যোৱা দুটা পৃথক সম্ভাৱনাই নিজৰ মাজতেই ইণ্টাৰেক্ট কৰি সেই ইণ্টাৰফেৰেন্স পেটাৰ্ণটো গঢ়িলে! এই পৰীক্ষাটো পৰীক্ষাগাৰত অলেখবাৰ সম্পন্ন কৰা হৈছে, আৰু প্ৰতিবাৰৰ ফলাফল একেই। কোনোবাই যদি যিকোনো এটা ফুটা বা দুয়োটা ফুটাৰ আগতেই এটা ডিটেক্টৰ ৰাখে, তেতিয়াই আমি ইলেক্ট্ৰনটো কোনটো ফুটাৰে পাৰ হৈ যায় গম পাওঁ, ফলস্বৰূপে কোনো ছুপাৰ-পজিছনৰ কথা নাহে, আৰু কোনো ইণ্টাৰফেৰেন্স পেটাৰ্ণ সৃষ্টি নহয়। অৰ্থাৎ, আমি যেতিয়ালৈকে ইলেক্ট্ৰনটোৰ বিষয়ে নাজানোঁ, তেতিয়ালৈকে ই কোৱাণ্টাম ছুপাৰ-পজিছন অৱস্থাত থাকে। আমি ডিটেক্টৰ এটাৰ সহায়ত ইয়াক ধৰা পেলালেহে সেই ছুপাৰ-পজিছন ষ্টেটটোৰ ভংগ হৈ যিকোনো এটা ষ্টেটৰ অস্তিত্ব দেখা যায়।

এতিয়া এই কথাখিনিত এজন সৰ্বজান্তা ঈশ্বৰে কি ক’ব? তেওঁ জানিবনে ইলেক্ট্ৰনটো কোনটো ফুটাৰে পাৰ হৈ গৈছিল? আমি যদি এনে এজন ঈশ্বৰৰ অস্তিত্ব সঁচা বুলিও ধৰি লওঁ, তেতিয়া সৰ্বজান্তাজনে ইলেক্ট্ৰনটোৰ বিষয়ে জানিলেও আমি কোনো ইণ্টাৰফেৰেন্স পেটাৰ্ণ দেখা নাপাম। কিয়নো, আমি ইলেক্ট্ৰনটো কোনটো ফুটাৰে পাৰ হৈ গৈছে নাজানিলেও, যিহেতু সৰ্বজান্তাজনে জানে, ইয়াৰ অৰ্থ এয়ে যে ইলেক্ট্ৰনটো যিকোনো এটা ফুটাৰেহে পাৰ হৈ গৈছে। অৰ্থাৎ, ই নিজৰ লগতেই ইণ্টাৰেক্ট কৰিব নোৱাৰে, আৰু কোনো ইণ্টাৰফেৰেন্স পেটাৰ্ণ সৃষ্টি নহয়। গাণিতিক ভাষাত, “তেৰাই সকলো জানে” বুলি ক’লেই কোৱাণ্টাম সম্ভাৱনা তৰংগটোৰ জটিল আকাৰটো এটা ডিৰাক-ডেল্টা ফাংচনলৈ পৰিৱৰ্তিত হ’ব, আৰু বাস্তৱ পৰিঘটনা কিছুমান ব্যাখ্যা কৰিব নোৱাৰিম। এই কথাখিনিৰ থুলমূল অৰ্থ এয়েই যে কোনো প্ৰকাৰৰ ঈশ্বৰ সৰ্বজ্ঞানী হ’ব নোৱাৰে। ঈশ্বৰৰ সৰ্বজ্ঞতা প্ৰকৃতিটো কোৱাণ্টাম পদাৰ্থবিদ্যাত ভালকৈ প্ৰতিস্থিত সত্যবোৰৰ বিৰোধী। কথাখিনি আৰু অলপ প্ৰসাৰিত ৰূপত ভাবি এনেকৈয়ো ক’ব পাৰি — কোনো সৰ্বশক্তিমান ঈশ্বৰে যদি এই সুক্ষ্ম কথাটোৰ বিষয়ে অজ্ঞ হ’ব পাৰে (অজ্ঞ হোৱাটো বাস্তৱত দেখা পোৱা প্ৰমাণে দাবী কৰিছে), তেতিয়াহ’লে আন কোনো বিষয়ত অজ্ঞ হ’ব পাৰেনে? বিশ্বব্ৰহ্মাণ্ডখনৰ আকাৰ-প্ৰসাৰৰ তুলনাত অতিকৈ সুক্ষ্ম পৃথিৱী নামৰ এই নীলা বিন্দুটোত থকা মানৱ জাতিটোৰ বিষয়ে তেওঁ অৱগত হয়নে? মানৱ জাতিৰ চিঞৰ-বাখৰ, পূজা-পাতল এইবোৰৰ কিবা অৰ্থ আছেনে?

“When people ask me if a god created the universe, I tell them that the question itself makes no sense. Time didn’t exist before the big bang, so there is no time for god to make the universe in. It’s like asking directions to the edge of the earth; The Earth is a sphere; it doesn’t have an edge; so looking for it is a futile exercise. We are each free to believe what we want, and it’s my view that the simplest explanation is; there is no god. No one created our universe,and no one directs our fate. There is probably no heaven, and no afterlife either. We have this one life to appreciate the grand design of the universe, and for that I am extremely grateful.” ― Stephen Hawking

আদি-মানৱৰ দিনত প্ৰতিটো বস্তুৰেই আঁৰত এবিধ ঈশ্বৰ থকাৰ বিশ্বাসৰ পৰা আমি বহুখিনি আগুৱাই আহিলোঁ। যুক্তিগত চিন্তা আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ঈশ্বৰক লাহে লাহে আঁতৰাই পঠিওৱা হ’ল, আৰু ঈশ্বৰে বিমূৰ্ত ৰূপ ল’লে। ৰামানুজন আৰু আইনষ্টাইনৰ দিনৰ চিন্তাধাৰাখিনিৰ পৰাও ভালেখিনি আগুৱাই আহিলোঁ। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কোনে কৰিলে বুলি সুধিলে কোনোবাই যদি “ঈশ্বৰে” বুলি কয়, তেতিয়া তেওঁক ঈশ্বৰ কেনেকৈ সৃষ্টি হ’ল বুলি সুধিলে হয়টো ক’ব “ঈশ্বৰে নিজেই নিজকে সৃষ্টি কৰিলে।” পিছে সেই স্ব-সৃষ্টি (spontaneous creation)ৰ ধাৰণাটো আপুনি স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰতেই প্ৰয়োগ কৰিব পাৰে। অৰ্থাৎ, “বিশ্বব্ৰহ্মাণ্ডই নিজেই নিজকে সৃষ্টি কৰিলে।” এনেধৰণৰ স্ব-সৃষ্টি বিজ্ঞানৰ তত্ত্বৰ মতে অসম্ভৱ নহয়। উদাহৰণস্বৰূপে হাইজেনব্যাগৰ সূত্ৰৰ সহায়ত কণা-প্ৰতিকণাৰ স্ব-সৃষ্টি (pair production) আৰু কোৱাণ্টাম ফ্লাক্সুৱেচন (quantum fluctuation)ৰ কথা ক’ব পাৰি। বৰ্তমান সময়ত প্ৰকৃতিক ব্যাখ্যা কৰিবলৈ ঈশ্বৰ এক অপ্ৰয়োজনীয় চলক (redundant variable) মাথোন। বৰ্তমানৰ পৰিঘটনাবোৰ লক্ষ্য কৰি এই ঈশ্বৰৰ সৰ্বজ্ঞতা শক্তিকো প্ৰশ্ন কৰিব পৰা হ’ল। পিছে সেই মধ্যযুগৰ ঈশ্বৰজন এতিয়াও সমাজৰ পৰা আঁতৰি যোৱা নাই। এতিয়াও ধৰ্মীয় বিশ্বাসে মানুহৰ দৈনন্দিন কাম-কাজত হস্তক্ষেপ কৰে, অন্ধকাৰ ভৱিষ্যতলৈ ভয় কৰি মানুহে যাদুকৰী শক্তি থকা বুলি বিশ্বাস কৰা ৰঙীন পাথৰ (শিলগুটি) পিন্ধে। ৰাজনৈতিক চিন্তাধাৰাত মধ্যযুগীয় ধৰ্মীয় চিন্তাই প্ৰভাৱ পেলায়। ঈশ্বৰ নামৰ সৰ্বশক্তিমান, সৰ্বজান্তা কাল্পনিক চৰিত্ৰ এটাৰ অস্তিত্বক প্ৰশ্ন কৰাজনক অসামাজিক বুলি কোৱা হয়। মানৱ জাতিয়ে অশেষ কষ্ট কৰি আহৰণ কৰা জ্ঞানসমূহে সমাজৰ প্ৰতিজন মানুহৰ চিন্তাধাৰাক সলনি কৰিবলৈ হয়তো আৰু বহুত সময় লাগিব।

তথ্যসূত্ৰ:

No Comments

Post A Comment