14 Jul গণিতৰ মোৎজাৰ্ট : টেৰেন্স টাও
শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ হৈ পৰিব আৰু গণিতজ্ঞজনকো হাজাৰ বছৰলৈকে সকলোৱে যে মনত ৰাখিব লাগিব আদিবোৰ কথা কৈ থকা অৱস্থাত বহুতো ছাত্ৰ-ছাত্ৰীৰ মনলৈ প্ৰায়ে এটা প্ৰশ্ন আহে। সেই প্ৰশ্নটো হ’ল- এশ বছৰ বা তাৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে আমি সহজেই শুনিবলৈ পাওঁ, কিন্তু বৰ্তমান জীয়াই থকা আৰু অধ্যয়নত ব্যস্ত হৈ থকা এনে বহুতো গণিতজ্ঞ আছে যাক মহান গণিতজ্ঞ হিচাপে সদায় মনত ৰখা হ’ব আৰু যাৰ অধ্যয়নৰ বিষয়ে এশ বছৰৰ পাছত সকলোৱেই বক্তৃতা দিবলৈ আৰম্ভ কৰিব তেনেকুৱা এজন গণিতজ্ঞৰ বিষয়ে বৰ্তমানেই কোনোবাই ক’ব পাৰিবনে?
এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আমি একেষাৰে ক’ব পৰা এজন গণিতজ্ঞৰ নাম হ’ল টেৰেন্স টাও। কিন্তু তেখেতৰ বয়স বৰ্তমান মাথোঁ ছয়ত্ৰিশ বছৰ। আনহাতে আজিৰ পৰা পাঁচ বছৰ আগতেই, অৰ্থাৎ ২০০৬ চনত International Congress of Mathematicians ত একত্ৰিশ বছৰ বয়সতে তেখেতক ফিল্ডছ মেডেল প্ৰদান কৰা হৈছিল। সেই সন্মিলনত তেখেতে আগবঢ়োৱা চেমিনাৰৰ আগমুহূৰ্তত সভাকক্ষত তেখেতক পৰিচয় কৰাই দি তেতিয়া বিয়াল্লিশ বছৰীয়া আৰু ১৯৯৮ চনত ফিল্ডছ মেডেল লাভ কৰা আন এজন প্ৰখ্যাত গণিতজ্ঞ টিমোথি গওয়াৰ্চে কৈছিল- “টেৰেন্স টাওক পৰিচয় কৰাই দিবলৈ পোৱাটো মোৰ বাবে পৰম সন্মানৰ বিষয়…… মই ভাবো, টাও কেৱল এজন মহান গণিতজ্ঞই নহয়, তেখেত হ’ল এক গাণিতিক পৰিঘটনা……”
এজন একত্ৰিশ বছৰীয়া মানুহে জীৱন্ত কালতে ইয়াতকৈ আৰু কিমান বেছি স্বীকৃতি লাভ কৰিব পাৰে! কিন্তু টেৰেন্স টাও যেন এই সমূহ স্বীকৃতিৰো উৰ্দ্ধত। তেখেতৰ অধ্যয়নৰ পৰিসৰৰ বিষয়ে বৰ্ণনা দিবলৈয়ো প্ৰখ্যাত, বিচক্ষণ গণিতজ্ঞসকলো থমকি ৰ’ব লগা হয়। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যা প্ৰায় দুশখন, গণিতৰ প্ৰায় আঠটা বিভাগত তেখেতৰ অধ্যয়ন বিস্তৃত (harmonic analysis, partial differential equations, geometric combinatorics, arithmetic combinatorics, analytic number theory, compressed sensing, algebraic combinatorics আদি), তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা সাতখন আৰু কেইবাখনো গৱেষণা প্ৰত্ৰিকাৰ সম্পাদনাৰ লগত তেখেত বৰ্তমান জড়িত। ইতিমধ্যে ৰয়েল চচাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও তেৰটা প্ৰখ্যাত বঁটা তেখেতে লাভ কৰিছে, যিসমূহৰ এটা লাভ কৰাটোও এজন প্ৰতিভাবান মানুহৰ সৰ্বোচ্চ স্বীকৃতি হ’ব পাৰে। বৰ্তমান তেখেত কৰ্মৰত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছৰে এজন অধ্যাপকে মন্তব্য কৰিছিল যে- “The way he crosses areas would be like the best heart surgeon also being exceptional in brain surgery.” “গণিত চ’ৰাত” ইতিমধ্যে দিয়া প্ৰখ্যাত গাণিতিক ব্লগৰ তালিকাখনৰ একেবাৰে ওপৰত থকা তেখেতৰ ব্লগটো যদি এক মাহ কোনোবাই চাই তেন্তে সহজেই বুজিব পাৰিব যে সেই ব্লগটোৰ প্ৰতিটো লেখা প্ৰকাশৰ লগে লগেই অন্ততঃ কিছু বুজিব পৰাজনো কিমান প্ৰতিভাবান গণিতজ্ঞ হ’ব লাগিব! কিন্তু সেইটো তেখেতৰ এটা ব্লগহে, তাৰ উপৰিও তেখেতৰ আন কৰ্মবোৰ আছেই!
টেৰেন্স টাৱে শৈষৱৰে পৰা তীক্ষ্ণতাৰ পৰিচয় দিছিল। আন্ত:ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ১০ বছৰ বয়সত ব্ৰঞ্জৰ পদক, ১১ বছৰ বয়সত ৰূপৰ পদক আৰু ১২ বছৰ বয়সত স্বৰ্ণ পদক লাভ কৰিছিল। তেখেতেই হ’ল আটাইতকৈ কম বয়সত আন্ত:ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ১৩ বছৰ তলত স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ ছাত্ৰ। আনহাতে সোতৰ বছৰ বয়সত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী আৰু একৈশ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী লাভ কৰে। বৰ্তমান তেখেতক কোৱা হয়- “supreme problem-solver”।
মোৎজাৰ্ট, যিজন ব্যক্তিৰ পৰা বোলে সংগীত নিগৰি বৈ আহিছিল, ঠিক তেনেদৰেই কোৱা হয়- টেৰেন্স টাওৰ পৰা নিৰৱচ্ছিন্নে গণিত বৈ আহিছে। তেখেতক কোৱা হয় “গণিতৰ মোৎজাৰ্ট” বুলি। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ’ল অসামান্য প্ৰতিভাৰ অধিকাৰী হ’লেও তেখেতো মানুহেই। গতিকে, তেখেতৰ কৰ্মশৈলী, চিন্তাধাৰা প্ৰকাশৰ প্ৰণালী, কোনো অৱস্থা বা ঘটনাৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী আদি কেনেধৰণৰ? এইসমূহৰ প্ৰতি সামান্য চকু দিলেই দেখা যায় যে তেখেত হ’ল যিকোনো বিষয়ৰ ছাত্ৰ-ছাত্ৰী বা যিকোনো ব্যক্তিৰ বাবেই হ’ব পাৰে প্ৰেৰণাৰ এক উৎস।
Cogito.org নামৰ শিক্ষামূলক ৱেৱচাইটটোৱে চাৰি বছৰ আগতে লোৱা তেখেতৰ এটা সক্ষাৎকাৰে বহুতো প্ৰেৰণাদায়ক কথা প্ৰকাশ কৰে। সেই সাক্ষাৎকাৰটোৰ ভাৱানুবাদ ইয়াত আগবঢ়োৱা হ’ল। আমাৰ অনুৰোধ ৰক্ষা কৰি সেই সাক্ষাৎকাৰটোৰ ভাৱানুবাদ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰী অৰ্চনা মেনা আৰু বৰ্তমানৰ ছাত্ৰ ধ্ৰুৱ জ্যোতি ওজাই পৃঠকে পৃঠকে আগ বঢ়াইছিল। তেওঁলোক দুয়োজনকে ধন্যবাদ জনালো।
(১) যেতিয়া আপুনি আঠ বছৰমানৰ আছিল তেতিয়া কেনে ধৰণৰ অংক কৰিছিল?
উ:- মই ভাবো তেতিয়া মই সেই সময়ৰ অষ্ট্ৰেলিয়াৰ একাদশ বা দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰই কৰিবলগীয়া হোৱা অংক, যিবোৰ প্ৰ্ৰধানত: উচ্চ মাধ্যমিক বীজগণিত (যেনে দ্বিঘাত সমীকৰণৰ সমাধান ইত্যাদি) স্তৰৰ আছিল তেনেবোৰ অংক কৰিছিলো। কিন্তু বাকী বিষয়বোৰত মোৰ জ্ঞান আঠ বছৰীয়া ল’ৰা এজনৰ সমানেই আছিল।
(২) আপুনি যেতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আছিল তেতিয়া কেনে ধৰণৰ অংকই আপোনাক আকৰ্ষিত কৰিছিল অৰু কিয় কৰিছিল?
উ:- মই অংকৰ সাথঁৰ, মানে সৰু সৰু সমস্যাবোৰ যিবোৰ সমাধান কৰিবলৈ কিছুমান সৰু কৌশলৰ প্ৰয়োজন হয় তেনেবোৰ কৰি বৰ ভাল পাইছিলো। প্ৰকৃততে সেইবোৰকে মই আচল গণিত বুলি ভাবিছিলো। (আৰু এইবোৰ আছিল উচ্চ মাধ্যমিক স্তৰত মই অংশ লোৱা প্ৰতিযোগিতাবোৰত সমাধান কৰিবলগীয়া আংক।) কিন্তু কলেজত অধ্যয়ন কৰিবলৈ যোৱাৰ পিছত মই এইটো উপলব্ধি কৰিলো যে গণিত কেৱল কিছুমান কৃত্ৰিম সাথঁৰ নহয়, ই হ’ল বাস্তৱ জীৱনৰ কিছুমান সমস্যাৰ (যেনে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, বিত্তীয়-ব্যৱস্থাপনা আদি ক্ষেত্ৰৰ) লগতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ আৰ্হি, আৱস্থা আদিৰ অধ্যয়ন কৰা।
(৩) গণিতৰ বাহিৰে আনবোৰ বিষয় যেনে লিখা, পঢ়া, বুৰঞ্জী আদিত আপোনাৰ ৰাপ আছিলনে?
উ:- ওহো, মুঠেই নাছিল। মই ভাবো সৃষ্টিশীল লিখা-মেলা মোৰ আটাইতকৈ দুবৰ্লতম দিশ সমূহৰ অন্যতম আছিল। মই সম্পূৰ্ণৰূপে প্ৰণালীবদ্ধ বিষয়বোৰৰ (ধৰক গণিত বা বিজ্ঞানৰ) প্ৰতি আকৃষ্ট আছিলো আৰু যেতিয়া মোক “তোমাৰ জীৱনত ঘটা কিছুমান ঘটনা লিখা” আদি ধৰণৰ প্ৰ্ৰশ্নবোৰ দিয়ে তেতিয়া মই বিবুধিত পৰিছিলো। বুৰঞ্জী সাধাৰণতে সাঁধুৰ নিচিনা লাগিছিল বাবে মই পছন্দ কৰিছিলো। পদাৰ্থ বিজ্ঞান মোৰ ভাল লাগিছিল কিন্তু ৰসায়ন বিজ্ঞান, বিশেষকৈ জৈৱ ৰসায়ন মোৰ মুঠেই হজম নহৈছিল। কাৰণ তাত বহুবোৰ সৰু সৰু কথা মুখষ্ঠ ৰাখিব লগা হয়। (গণিততো কিছুমান সূত্ৰ মনত ৰাখিবলগীয়া হয়, কিন্তু ইয়াত অন্তত: কিছুমান সুত্ৰ আপুনি প্ৰ্ৰাথমিক সুত্ৰটোৰ পৰা উলিয়াই লব পাৰে। কিন্তু ধৰক, বিউটেনৰ ধৰ্ম আদি ব্যাখ্যা কৰিবলৈ কিদৰে প্ৰাথমিক সুত্ৰসমূহ প্ৰ্ৰয়োগ কৰিব লাগে সেইটো মই বুজি পোৱা নাছিলো।)
(৪) স্কুলীয়া জীৱনত আপুনি কেনেধৰণৰ গ্ৰীষ্মকালীন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল?
উ:- মই International Mathematics Olympiad ৰ বাবে প্ৰ্ৰশিক্ষণ শিবিৰলৈ গৈছিলো। ইয়াৰ উপৰি মই সাগৰৰ পাৰলৈ যোৱা, কম্পিউটাৰ গেম খেলা, আদিৰ দৰে আমেজ থকা কামবোৰ কৰিছিলো।
(৫) International Mathematics Olympiad ত আপোনাৰ অসামান্য সফলতাসমূহ আপোনাৰ পুংখানুপুংখ আৰু পৰিশ্ৰমী অধ্যয়নৰ ফল নে আপোনাৰ অবিশ্বাস্য গাণিতিক দক্ষতাৰ ফলশ্ৰুতি বুলি আপুনি ভাবে?
উ:- এইটো এটা আমোদজনক প্ৰ্ৰশ্ন। মই যেতিয়া অলিম্পিয়াডত অংশগ্ৰহণ কৰিছিলো, বহুতো দেশৰ প্ৰতিনিধিসকলে কোনো বিশেষ প্ৰ্ৰশিক্ষণ নোলোৱাকৈয়ে অথবা সাধাৰণ প্ৰস্তুতি সম্পূৰ্ণ কৰিয়েই অংশগ্ৰহণ কৰিছিল। তথাপি মেধাবী প্ৰতিযোগীসকলে সেই সাধাৰণ প্ৰস্তুতিৰেই যথেষ্ট ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু বৰ্তমান সময়ত অলিম্পিয়াডৰ প্ৰশিক্ষণবোৰ যথেষ্ট প্ৰণালীবদ্ধ (যেনে সম্পূৰ্ণ এটা দিন এক ধৰণৰ সমস্যাবোৰৰ ওপৰত প্ৰ্ৰশিক্ষণ আগবঢ়োৱা হয় বা বিগত বৰ্ষবোৰৰ অলিম্পিয়াডত অহা সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয়), আৰু মই ভাবো আজিকালি প্ৰতিদ্বন্দ্বিতাত টিকি থাকিবলৈ অতি পুংখানুপুংখ অধ্যয়নৰ আৱশ্যক হয়।
গণিতৰ গৱেষণা কাৰ্য্যৰ সম্পৰ্কে মই দৃঢ়ভাবে ক’ব বিচাৰো যে এইক্ষেত্ৰত সহজাত দক্ষতাতকৈ কঠোৰ পৰিশ্ৰ্ৰম, অভিজ্ঞতা আৰু অনুসন্ধিৎসাহে অতিশয় প্ৰয়োজনীয়। গৱেষণা স্তৰৰ এটা সমস্যা সমাধান কৰাটো ঠিক থিয় পাহাৰ বগোৱাৰ দৰেই; যদি আপুনি খালী হাতেৰে কামটো কৰিব বিচাৰে তেন্তে আপুনি যিমানেই শক্তিশালী আৰু সক্ৰিয় নহওক কিয় আপোনাৰ ব্যৰ্থতা অৱশ্যম্ভাৱী। ইয়াৰ সলনি যদি আপুনি উপযুক্ত সঁজুলী ব্যৱহাৰ কৰে আৰু পূৰ্বসুৰীসকলে বগাবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহ, তেওঁলোকে সমুখীন হোৱা বাধা আৰু কোনটো পথ তোওঁলোকৰ বাবে সহজ হৈছিল- এইসমূহ অধ্যয়ন কৰে তেন্তে সফলতা আপুনি অধিক সহজতে লাভ কৰিব।
(৬) আপুনি আপোনাৰ সমসাময়িক সকলৰ সকলোতকৈ আগবঢ়া। আপুনি কেনেধৰণৰ শিক্ষা গ্ৰ্ৰহণ কৰিছিল?
উ:- চমুকৈ ক’বলৈ হ’লে মই এজন চৰকাৰী বিদ্যালয়ৰে ছাত্ৰ আছিলো, কিন্তু এক ত্বৰান্বিত পৃঠক বেগেৰে আগবাঢ়িছিলো। সেইবাবে কিছুমান শ্ৰেণীত, যেনে গণিত আৰু পদাৰ্থবিজ্ঞানত উচ্চ শ্ৰেণী গ্ৰহণ কৰিছিলো।
(৭) সেইবিলাক ছাত্ৰ-ছাত্ৰী যিবিলাক গণিতত চোকা কিন্তু বিদ্যালয়সমুহে তেওঁলোকক আগবাঢ়ি যোৱাৰ উপযুক্ত সুযোগ আৰু অনুমোদন দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আগবাঢ়িব পৰা নাই তেওঁলোকক আপুনি কি পৰামৰ্শ দিব? তেওঁলোক কেনেদৰে আগবঢ়া উচিত?
উ:- যদি ত্বৰান্বিত বা বিশেষ গণিত শিক্ষা পাব পৰা সুবিধা পোৱা নাযায়, তেনেহ’লেও আন বহুতো উৎস আছে- বজাৰত আজিকালি বহুতো উচ্চমানবিশিষ্ট গণিতৰ কিতাপ পোৱা যায় (Mathematical Association of America ৰ এনে উন্নত এক বৃহৎ সংখ্যক প্ৰকাশিত গ্ৰন্থ আছে), তাৰোপৰি ইণ্টাৰনেট, প্ৰতিযোগিতাসমূহ, গণিত ক্লাবসমূহ, গণিতৰ ভাল শিক্ষকসকল। মই নিজে সপ্তাহান্তিকত এজন অৱসৰপ্ৰ্ৰাপ্ত গণিতৰ অধ্যাপকক লগ কৰি তেওঁৰ লগত গণিত সম্পৰ্কীয় আলোচনা কৰাৰ সৌভাগ্য লাভ কৰিছিলো। স্থানীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কোনো ব্যক্তিয়েও এইবোৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব পাৰে।
(৮) গণিতৰ কোন কোন আলোচনী বা গবেষণা-পত্ৰিকা হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী বুলি আপুনি ভাবে?
উ:- হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসমূহক লক্ষ্য কৰি উলিওৱা উচ্চমানবিশিষ্ট গণিতৰ আলোচনী মোৰ চকুত পৰা নাই। American Mathematical Monthly ক এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি, কিন্তু ইয়াৰ লিখনিসমূহ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে বেছি উপযোগী যেন বোধ হয়। কিন্তু আলোচনীতকৈ, হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে লিখা বহুতো ভাল কিতাপ বৰ্তমান বজাৰত পোৱা যায় (ধৰক, সংখ্যা-প্ৰণালী, জ্যামিতি(non-Euclidean), প্ৰথমিক সংখ্যা-তত্ব আদি সম্পৰ্কীয় ব্যাখ্যা থকা কিতাপসমূহ)।
(৯) আপুনি আপোনাৰ গৱেষণালব্ধ ফলসমূহ অন্যান্য ক্ষেত্ৰ সমূহত প্ৰ্ৰয়োগ কৰা দেখিছেনে? যদি দেখিছে তেন্তে কেনেধৰণৰ বিশেষ ব্যৱহাৰ আপোনাৰ প্ৰিয়?
উ:- মই প্ৰ্ৰায় দহ বছৰ গণিতৰ বিশুদ্ধ ভাগটোৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰিছো, গতিকে বেছিভাগ গৱেষণা ভবিষ্যতৰ বিভিন্ন উদ্ভাৱনী কাৰ্য্যত ব্যৱহাৰ হ’ব বুলি আশা কৰিব পাৰি। কিন্তু মোৰ এটা বিশেষ উদ্ভাৱনৰ ব্যৱহাৰ দেখি মই আনন্দ অনুভব কৰো। I helped work out the mathematics of “compressed sensing” — which allows a measuring device (such as a camera) to take a medium-resolution picture (e.g. a 100KB image) using only a moderate number of measurements (e.g. using 300,000 pixels of measurements), as opposed to the traditional approach of taking a massive number of measurements (e.g. 5 million pixels) and then compressing all that data into a smaller file (e.g. a JPEG file). This type of approach to measurement may be useful for some future applications such as sensor networks, where for reasons of power consumption, one doesn’t want to make too many measurements. There are already some prototype “single pixel cameras” based on this algorithm, and hopefully these sorts of devices will get deployed in the “real world” in a few years.
(১০) কিহে আপোনাক সবাটোতকৈ বেছি অনুপ্ৰাণিত কৰে? নিজক বাদ দি আন কোনে আপোনাক সহযোগ কৰিছে?
উ:- মই ভাবো কেনেদৰে বস্তুবোৰে কাম কৰে- বিশেষকৈ সাধাৰণ গণিত এটাৰ আঁৰত থকা কৌশলখিনিৰ বিষয়ে জনাৰ সুতীব্ৰ্ৰ ইচ্ছাই মোৰ অনুপ্ৰেৰণাৰ মূল উৎস। উদাহৰণস্বৰূপে twin prime conjecture: য’ত আমি ভাবো যে 11 আৰু 13 ৰ দৰে অসীমসংখ্যক মৌলিক সংখ্যাৰ যোৰ আছে যিবোৰৰ পাৰ্থক্য 2। এই সমস্যাটো বৰ্ণনা কৰাটো সহজ আৰু আমি মৌলিক সংখ্যা কি তাকো জানো, তথাপি সংখ্যাতত্বৰ বহু শতিকাজোৰা বিকাশৰ পাছতো আজিলৈকে আমি ইয়াৰ প্ৰমাণ দিব পৰা হোৱা নাই। যেতিয়া মই কোনো এটা সমস্যা দেখা পাও তেতিয়া সমস্যাটোৰ বিষয়ে মোৰ মনতে এখন চিত্ৰ আঁকি লও আৰু সমস্যাটোৰ ওপৰত মোৰ বোধগম্যতা বৃদ্ধি কৰিবলৈ যত্ন কৰোঁ।
কোনে মোক অধিক সহযোগ কৰিছিল তাৰ উত্তৰ উজু- মোৰ মা-দেউতা, তেওঁলোক মোৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰদানৰ প্ৰতি সতৰ্ক আছিল। তাৰ পাছতে মোৰ শিক্ষকসকল (প্ৰাক-স্নাতক আৰু স্নাতক শ্ৰেণীৰ শিক্ষকসকল আৰু ওপৰত কৈ অহা অধ্যাপকজনলৈকে), যিসকলে মোক প্ৰকৃততে গণিত কি আৰু কেনেদৰে এজন ভাল গণিতজ্ঞ হ’ব পাৰি সেই শিক্ষা প্ৰদান কৰিছিল।
(১১) আপোনাৰ গৱেষণা বতৰ্মান কেনে বিষয়ৰ লগত জড়িত?
উ:- মই বিভিন্ন ক্ষেত্ৰৰ গৱেষণাত ব্ৰতী হৈ আছো, বতৰ্মান মই মোৰ গৱেষণাৰ এক তৃতীয়াংশ সময় মৌলিক সংখ্যাসমূহৰ (বা অন্য সংহতিসমূহৰ) গঠনৰ (যেনে সমান্তৰ প্ৰ্ৰ্ৰ্ৰগতিৰ) আৰ্হি নিৰ্ণয়ৰ কামত খটুৱাই আছো, আৰু অন্য এক তৃতীয়াংশ সময় বিভিন্ন তৰংগৰ (জল তৰংগ, শব্দ তৰংগ, বিদ্যুৎ-চুম্বকীয় তৰংগৰ) চৰিত্ৰসমূহ অধ্যয়নৰ কামত খটুৱাইছো, ইয়াত আংশিক অৱকলনীয় সমীকৰণৰ অধ্যয়ন জড়িত আছে। বাকী এক তৃতীয়াংশ সময়খিনি মই আন্য সকলোধৰণৰ কামত ব্যৱহাৰ কৰোঁ, উদাহৰণস্বৰুপে মই বহুত সময় গণিতৰ নতুন শাখাসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰাত ব্যয় কৰো, (ই এটা বিশাল বিষয়, বৰ্তমান যি অধ্যয়ন চলি আছে তাৰ এটা অতি সামান্য অংশহে মই জানো)।
(১২) মৌলিক সংখ্যাৰ সন্ধানৰ বাবে কিবা পদ্ধতি নিৰ্ণয় কৰিবলৈ ভৱিষ্যতে মৌলিক সংখ্যাসমূহৰ ওপৰত অধিক অধ্যয়ন কৰাৰ পৰিকল্পনা আপোনাৰ আছে নেকি?
উ:- মই আচলতে বিপৰীত ভাবে এইটো দেখুওৱাৰ প্ৰয়াস কৰি আছো যে এটা নিৰ্দিষ্ট সীমাৰ পিছত মৌলিক সংখ্যাবোৰ নিৰ্ণয় কৰা দুৰূহ হৈ পৰে আৰু এইদৰে ভবাতো লাভদায়ক হ’ব যে মৌলিক সংখ্যাবোৰ কিবা স্বৰূপত যাদৃচ্ছিক ভাবে বিস্তাৰিত হৈ আছে (সম্পূৰ্ণ যাদৃচ্ছিক ভাবে নহয় কাৰণ মৌলিক সংখ্যাসমূহ সম্পূৰ্ণৰূপে অযুগ্ম সংখ্যাবোৰৰ মাজত থুপ খাই আছে) ।
(১৩) আজৰি সময়ত আপুনি কি কৰি ভাল পায়?
উ:- কলেজীয়া জীৱনত মই আজৰি সময় ভলীবল, ফুটবল, ব্ৰীজ, কম্পিউটাৰ গেম আৰু কিছুমান তাছৰ খেল খেলি পাৰ কৰিছিলো। কিন্তু এতিয়া মই গোটেই সময় কাম কৰিয়ে কটাওঁ আৰু মোৰ পত্নী আৰু পুত্ৰও আছে বাবে সেই ৰাপসমূহ সকলো ত্যাগ কৰিলো; আজৰি সময় এতিয়া মই মোৰ পৰিয়ালৰ লগত অতিবাহিত কৰো।
(১৪) আপুনি যদি গণিতজ্ঞ নহ’লহেতেন তেন্তে কি হ’ব বিচাৰিলেহেতেন?
উ:- এইটো এটা কঠিন প্ৰ্ৰশ্ন। মই প্ৰকৃততে শিক্ষাৰ লগত জড়িত এটা কেৰিয়াৰে দিয়া সৃষ্টিশীল স্বাধীনতা আৰু স্বাচ্ছন্দ্য ভাল পাওঁ। মই তেনেবিলাক কাম কৰি ভাল নাপালোহেতেন য’ত ওপৰৱালাৰ হুকুম অবিৰাম ভাবে মানি চলিব লগীয়া হয়, যদিওবা ই যিমানেই আকষৰ্নীয় নহওক কিয়। আত্মসংস্থাপনে আপোনাক স্বাধীনতা আৰু স্বাচ্ছন্দ্য দিয়ে কিন্তু গোটেই কামৰ বোজাই আপোনাক বিৰক্তও কৰে। গৰমৰ বন্ধত মই computer programmer হিচাপে কলেজত কাম কৰিছিলো আৰু মই ভাবো মোৰ বিকল্প পেছা ইয়েই হ’লহেতেন।
ৰূপম
Posted at 22:09h, 03 Novemberঅতি বিস্ময়কৰ-অনুপ্ৰেৰণামূলক প্ৰবন্ধ। এনেকুৱা এটা প্ৰেৰণাদায়ক প্ৰবন্ধ “গণিতচ’ৰা”ৰ জৰিয়তে পঢ়িবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই ছেগতে প্ৰবন্ধটিৰ লিখক পংকজ জ্যোতি মহন্ত দাদালৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলো আৰু আগলৈও এনেধৰণৰ প্ৰেৰণামূলক প্ৰবন্ধ লিখি থাকিব বুলি আশা ৰাখিলো।
পংকজ জ্যোতি মহন্ত
Posted at 23:24h, 18 Novemberতোমাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। সাক্ষাৎকাৰটো অনুবাদ কৰাত মোক সহায় কৰিছিল অৰ্চনা মেনা আৰু ধ্ৰুৱ জ্যোতি ওজাই। তেওঁলোক দুয়োজনলৈকো পুনৰ ধন্যবাদ জনালো। টেৰেন্স টাওৰ সম্পৰ্কে এটা দীঘল প্ৰবন্ধ লিখাৰ ইচ্ছা আছে। তোমালোক সকলোৰে সহায় আশা কৰিলো।
biplab
Posted at 00:22h, 24 Novemberjothesto val lagile, akha korisu ane dhoronor likha pai thakim.
Gonit Sora
Posted at 17:32h, 25 Novemberআপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো৷