09 May পদাৰ্থবিজ্ঞানী ড° দেবাশীষ বৰাৰ সৈতে এটি সাক্ষাৎকাৰ (১ম খণ্ড)
ড° দেবাশীষ বৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি গুৱাহাটী) পদাৰ্থবিজ্ঞান বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁৰ জন্ম কলিয়াবৰৰ কুঁৱৰীটোলত, ১৯৮৫ চনত। কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ২০০৬ চনত তেওঁ পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বোম্বেৰ পৰা ২০১২ চনত স্নাতকোত্তৰ-ডক্টৰেট দ্বৈত ডিগ্ৰী লাভ কৰে। তেওঁ জাৰ্মানীৰ মাক্স প্লাংক জ্যোতিঃপদাৰ্থবিদ্যা প্ৰতিষ্ঠান (Max Planck Institute for Astrophysics) আৰু মনট্ৰিয়েলৰ মেকগ্ৰিল বিশ্ববিদ্যালয়ৰ (McGill University) অতিথি ছাত্ৰও আছিল।
২০১৫-২০১৮ পৰ্বৰ বাবে পুণেৰ IUCAA ত অতিথি সহযোগী, ২০১৭ চনত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে প্ৰদান কৰা যুৱ বিজ্ঞানী বঁটা, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (DST) অন্তৰ্গত বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে (SERB) প্ৰদান কৰা Early Career Research Award, ২০১৮-২০২১ পৰ্বৰ বাবে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান শিক্ষায়তনৰ (Indian Academy of Sciences, IASc) সহযোগী, ২০১৯ চনত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষায়তন ভাৰতে (National Academy of Sciences, India. NASI) প্ৰদান কৰা পদাৰ্থবিজ্ঞানৰ Young Scientist Platinum Jubilee Award, আৰু শেহতীয়াকৈ ২০২০ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষায়তনে (Indian National Science Academy, INSA) প্ৰদান কৰা যুৱ বিজ্ঞানী বঁটা, আদি বিভিন্ন সন্মান ড° বৰাক প্ৰদান কৰা হৈছে।
এতিয়ালৈকে ড° বৰাৰ ৮০ খনতকৈয়ো অধিক গৱেষণা-পত্ৰ প্ৰকাশ হৈছে। তেওঁৰ অধ্যয়নৰ বিষয়বোৰ হ’ল neutrino physics, dark matter phenomenology, leptogenesis, inflation, cosmological phase transition আদি। নিজৰ বিষয়ৰ উচ্চমানৰ গৱেষণা-পত্ৰিকা যেনে Journal of High Energy Physics, Physical Review D আদিত প্ৰায়ে তেওঁৰ গৱেষণা-পত্ৰ প্ৰকাশ পাই আছে।
এই সাক্ষাৎকাৰটি গ্ৰহণ কৰা আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে জড়িতসকল হ’ল: বিশাল দেৱ (UCL, London), প্ৰিয়াংকুশ ডেকা (JEC), অভিজ্ঞান ৰায় (ICT, Mumbai), স্নেহাশিস পৰাশৰ (IIT Hyderabad), অনামিকা বড়া (DU, Assam), হৃদয়ানন্দ শইকীয়া (UManitoba, Canada), হৃষীকেশ চক্ৰৱৰ্তী (UCAS, China), প্ৰিয়াক্ষী গোস্বামী (CMI), গুণাংগ জ্যোতি গগৈ (QUB, UK), চালিক মিস্কট বৰবৰা (IISc Bangalore), আৰু পংকজ জ্যোতি মহন্ত। অনলাইন মাধ্যমেৰে সাক্ষাৎগ্ৰহণ কৰে মঞ্জিল পি. শইকীয়াই। সাক্ষাৎকাৰটি সামান্য সম্পাদিত ৰূপত তলত আগবঢ়োৱা হ’ল।
মঞ্জিল: যুৱ বিজ্ঞানী ৰূপে ২০২০ বৰ্ষৰ INSA মেডেল লাভ কৰা বাবে আপোনাক আমি ‘গণিত চ’ৰা’ৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আমি জানো যে আপুনি সৰুৰে পৰা কৃতিত্বৰ অধিকাৰী। যেনে: আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছিল। আপোনাৰ শৈশৱ, পৰিয়াল আৰু শিক্ষাৰ সম্পৰ্কে কিছু কথা জনাব পাৰিবনে? আৰু কেনেকৈ এইসমূহে আপোনাক পদাৰ্থবিজ্ঞান অধ্যয়নৰ দিশলৈ লৈ গ’ল, সেয়াও আমি জানিব খুজিছোঁ।
দেবাশীষ বৰা: ধন্যবাদ মঞ্জিল। শৈশৱ বুলি ক’বলৈ গ’লে, কুঁৱৰীটোলতে যিখন প্ৰাথমিক বিদ্যালয় আছে আৰু উচ্চ মাধ্যমিক বিদ্যালয় আছে, মই তাতেই শিক্ষা আৰম্ভ কৰিছিলোঁ; আৰু কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়তেই মোৰ স্বৰ্গীয় দেউতা শিক্ষক আছিল। যিটো পৰিৱেশত আমি ডাঙৰ হৈছোঁ বা শিক্ষা লাভ কৰিছোঁ, যথেষ্ট শাসন আৰু নিয়ন্ত্ৰণত আমি শিক্ষা লাভ কৰিছিলোঁ। গতিকে প্ৰতিটো কথাতে দেউতাই চকু দিছিল বা দেউতাৰ সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীসকলেও আমাক যথেষ্ট যত্নৰে শিক্ষাদানৰ ক্ষেত্ৰত বহুতো ভূমিকা লৈছিল। শৈশৱত থাকোঁতে গণিত বা বিজ্ঞান, তেনেকুৱা বিষয়বোৰ নিশ্চিতকৈ ভাল লাগিছিল। অসমীয়া ভাষাত লিখা কিছুমান বিখ্যাত বিজ্ঞানীৰ সৰু সৰু পুথিবোৰো আমি পঢ়িবলৈ পাৰিছিলোঁ সেইটো সময়ত, উদাহৰণস্বৰূপে ষ্টিফেন হকিঙৰ বিষয়ে আমি বহুত পঢ়িবলৈ পাইছিলোঁ। ইংৰাজীতেই হওক বা অসমীয়াতেই হওক, ৰেপিড ৰিডাৰ বুলি কিছুমান ভাগ আছিল, সেইবিলাকৰ জৰিয়তেও তেনেকুৱা বিজ্ঞানীৰ বিষয়ে জানিব পাৰিছিলোঁ। বাহিৰা কিতাপ ইমান পঢ়া নাছিলোঁ সেইটো সময়ত, কাৰণ ভাবিছিলো যে বাহিৰা কিতাপ পঢ়িলে সময় নষ্ট হ’ব। গতিকে সেই পাঠ্যক্ৰমৰ ভিতৰতেই যিবোৰ আছিল সেইবোৰৰ জৰিয়তেই গণিত বা বিজ্ঞানৰ বিষয়ে আৰু পঢ়িবলৈ সেইটো সময়ত মন গৈছিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত নিশ্চিতকৈ মই কটনত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম লগাইছিলোঁ। সেইটো সময়ত এনেকুৱা এটা ধাৰণা নাছিল যে পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিম বা তেনেকুৱা কৰিম, কাৰণ বহুতো কথা আমি গমেই পোৱা নাছিলো সেইটো সময়ত। সঁচা কথা ক’বলৈ গ’লে, আমি হাইস্কুলত পঢ়ি থকা সময়ত সেই গাঁৱত, আই আই টি বুলি যে কিবা আছে আমি গমেই পোৱা নাছিলো আচলতে। গতিকে যিটো দৰ্শন বা চিন্তাধাৰা সেইটো ক্ৰমান্বয়ে বেলেগ হ’বলৈ ধৰিলে; যিমানে বাহিৰলৈ ওলাই আহিলো বা গুৱাহাটীলৈ আহিলো, তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়লৈ গ’লো,…। গণিত বা বিজ্ঞানৰ প্ৰতি যিটো ভাল লগা আছিল সেইটো আছিলেই, কিন্তু গৱেষণাৰ দিশত আহিম বুলি হয়তো মই আই আই টি বোম্বেত যেতিয়া নামভৰ্তি কৰিলো তাৰ পিছতহে হয়তো মই তেনেকুৱা পৰিৱেশ পালো। বা তেনেকুৱা এটা উদগনি পালো যে হয়তো মই এই বিষয়টোত আৰু গভীৰ অধ্যয়ন বা আৰু উচ্চ-শিক্ষা আহৰণ কৰাটো হয়তো মোৰ বাবে বেছি ভাল লগা হ’ব। গতিকে চমুকৈ ক’বলৈ গ’লে তেনেকুৱাই, এটা সাধাৰণ পৰিৱেশত ডাঙৰ হোৱা আমি, বৰ বেছি উচ্চ পৰ্যায়ৰ নাছিল, কিন্তু সেই ক্ৰমান্বয়ে সময়ৰ লগে লগে কথাবোৰ সলনি হৈ গ’ল, আৰু তেনেকৈয়ে আজি আহি এইখিনি পালোহি আৰু।
মঞ্জিল: আপুনি কৈছে যে বিজ্ঞান আৰু গণিত বিষয়কেইটা ভাল পাইছিল স্কুলত পঢ়ি থাকোতে। তাৰ বাহিৰেও বাকীবোৰ বিষয়, যেনে সমাজবিদ্যাই হওক বা ইতিহাসেই হওক, সেইসমূহ বিষয়ত কেনেকুৱা আছিল আপোনাৰ ধাউতি বা আপোনাৰ ইচ্ছা কেনেকুৱা আছিল?
দেবাশীষ বৰা: তেনেকুৱাও নছিল যে খুব বেয়া পাইছিলোঁ। মানে সমাজবিদ্যাটো মোৰ দেউতাই পঢ়োৱা বিষয় আছিল আচলতে, সেইটো বেয়া পোৱা নাছিলোঁ। ভাষা, মানে অসমীয়াৰ কিছুমান বিষয়ত মই দুৰ্বল আছিলো, ধৰা ব্যাকৰণ বা তেনেকুৱা বিষয়বিলাকত অলপমান কষ্ট হৈছিল। কিন্তু বেয়া পাওঁ বুলি ক’ব নোৱৰি ঠিক। বিজ্ঞান বা গণিতৰ প্ৰতি যিটো ধাৰণা আছিল, যিহেতু একো মনত ৰাখিব নালাগে, বা কিছুমান বস্তু কেৱল ল’জিকটো খটুৱাইয়ে কৰিব পাৰি, গতিকে সেইটো কাৰণেই হয়তো, যিবোৰ বিষয়ত মনত ৰাখিব বেছি নালাগে সেই তেনেকুৱা বিষয়বিলাকৰ প্ৰতি বেছিকৈ ভাল লগা এটা আছিল যেন লাগে, সেইটো সময়ত। সেইটো কাৰণেই হয়তো বিজ্ঞান বা গণিতৰ প্ৰতি ভাল লগাটো অকণমান বেছি আছিল।
মঞ্জিল: আপোনাক জীৱন, কেৰিয়াৰ আৰু অন্বেষণৰ বাবে আগবাঢ়িবলৈ সিদ্ধান্ত ল’বৰ বাবে প্ৰভাৱিত কৰা বিশেষ এজন কোনোবা ব্যক্তি আছিল নেকি? যদি আছে তেওঁ কোন আৰু তেওঁ কেনেকৈ আপোনাক প্ৰভাৱ পেলাইছিল?
দেবাশীষ বৰা: তেনেকুৱা এজন ব্যক্তি বুলি ক’বলৈ অলপ অসুবিধা। স্কুলত থকোঁতে, যিটো মই ক’লোঁ ইতিমধ্যে, ষ্টিফেন হকিঙৰ বিষয়ে পঢ়িছিলো যথেষ্ট। যথেষ্ট নহয়, অসমীয়া ভাষাত লিখা তেওঁৰ এখন কিতাপ আছিল, তেওঁৰ জীৱনৰ বিষয়ে, নামটো পাহৰিছো কোনে লিখিছিলে, সেইটো হয়তো এটা প্ৰথম উদগনি বুলি ক’ব লাগিব। এইটোৱেই নহয় যে তেওঁ যিখিনি কাম কৰিছিল সেই কামটোৰ এটা চমু ব্যাখ্যা আমি পাইছিলোঁ সেই কিতাপখনত, মানে কৃষ্ণগহ্বৰৰ (black-hole) সম্পৰ্কত যিবোৰ কাম কৰিছিল। তাৰ উপৰি তেওঁ জীৱনত কষ্টৰ মাজেদি পাৰ কৰিও যিমানখিনি অৱদান আগবঢ়াইছিল, সেই কথাবিলাকেও মোক বহু অনুপ্ৰাণিত কৰিছিল। গতিকে এই বিজ্ঞান বা পদাৰ্থবিদ্যাৰ প্ৰতি ভাল পোৱাৰ যিটো সূচনা হৈছিল সেই বিদ্যালয়ত পঢ়ি থকাৰ সময়ত, সেইটো এনেধৰণৰ কিছুমান পুথি বা ব্যক্তিৰ জীৱনী পঢ়িবলৈ পাই বা তেওঁলোকৰ কামৰ বিষয়ে গম পাই অকণমান আমি উদগনি পাইছিলো বুলি মই ভাবোঁ। গতিকে তেওঁৰ কথাই মই ক’ম প্ৰথমতে, ষ্টিফেন হকিঙৰ বিষয়ে জানিব পাৰি মই অকণমান উদগণি পাইছিলোঁ। আৰু যথেষ্ট মানুহৰ অৱদান আছে, এই গোটেই যাত্ৰাটোত। মই কেৱল এজনৰ কথা কৈছো কাৰণ তেওঁৰ বিষয়ে জানিবলৈ পাই এই বিষয়টোৰ প্ৰতি ভাল লগাটো আৰু বাঢ়ি গৈছিল। শিক্ষক-শিক্ষয়িত্ৰী, অগ্ৰজসকল, আমাক আশীৰ্বাদ কৰাসকলৰো এটা অৱদান আছে বুলি ভাৱো মই।
মঞ্জিল: আপোনাৰ গৱেষণাৰ বিষয় হৈছে জ্যোতিঃপদাৰ্থবিদ্যা (astrophysics) আৰু উচ্চ শক্তি পদাৰ্থবিদ্যা (high energy physics)। এই দুটা বিষয় – আপুনি কেনেকৈ সিদ্ধান্ত ল’লে যে আপুনি এই দুটা বিষয়ত গৱেষণা কৰিব বিচাৰে বা আপুনি বেছি উচ্চ পৰ্যায়ত পঢ়িব বিচাৰে?
দেবাশীষ বৰা: সেইটো বিষয়ে মই আই আই টি বোম্বেলৈ যোৱাৰ আগলৈকে ভবা নাছিলোঁ। আই আই টি বোম্বেলৈ যোৱাৰ পিছতহে মোৰ এই দুটা বিষয়ৰ প্ৰতি ভাল লগাটো বেছি হৈছিল। আৰু সৰুৰে পৰা এনেকুৱা ধৰণৰ বিষয়ৰ প্ৰতি, বিশেষকৈ জ্যোতিৰ্বিদ্যাৰ প্ৰতি এটা ভাল লগা আছিলেই, কাৰণ কিতাপবোৰত আমি যিহেতু পঢ়িছিলো, কৃষ্ণগহ্বৰ (blackhole) আদিৰ বিষয়ে লিখা কিছুমান কিতাপ, কিন্তু সেইটো বিষয়ত যে আৰু অধ্যয়ন কৰিম বা এটা কেৰিয়াৰ হিচাপে বাছি ল’ম, সেইটো সিদ্ধান্ত মই তেতিয়া লোৱা নাছিলোঁ। মই আই আই টি বোম্বেলৈ যোৱাৰ পিছত সেই বিষয়টোত যথেষ্ট প্ৰজেক্ট, গ্ৰীষ্মকালীন প্ৰজেক্ট বা এম এছ ছিৰ যিবোৰ প্ৰজেক্ট থাকে, তেনেকুৱা বিষয়ত প্ৰজেক্ট কৰিবলৈ সুবিধা পালোঁ। আৰু তাৰপিছত সেই বিষয়বিলাকৰ বিষয়ে আৰু কথা জানিব পাৰিলোঁ। তেনেকৈয়ে ভাল লগাটো বেছি হৈ আহি থাকিল। আমাৰ এম এছ ছি পাঠ্যক্ৰমবিলাকতো মোৰ লাগিল যে এনেকুৱা তাত্ত্বিক পদাৰ্থবিদ্যা বা মৌলিক কণাৰ পদাৰ্থবিদ্যা বা জ্যোতিঃপদাৰ্থবিদ্যা অথবা ব্ৰহ্মাণ্ড বিজ্ঞান, সাধাৰণ আপেক্ষিকতাবাদ – তেনেকুৱা বিষয়বিলাকত গভীৰ অধ্যয়ন কৰিলে মোৰ আৰু বেছি ভাল লাগিব। সাধাৰণতে, জ্যোতিৰ্বিদ্যা বা ব্ৰহ্মাণ্ড বিজ্ঞান, গোটেই বিশ্বব্ৰহ্মাণ্ডৰ যিটো তত্ত্ব, এই দুটা বিষয়ৰ প্ৰতি মই ভাবোঁ সাধাৰণতে সকলোৰে ভাল লগা ভাৱ এটা থাকেই। ইংৰাজীত ক’বলৈ গ’লে Fascination এটা থাকেই আগৰে পৰাই। কিন্তু সেইটোৱেই যথেষ্ট নহয়, আমি তাৰ ভিতৰৰ কথাখিনিও গম পাব লাগিব, কি কি পদাৰ্থবিজ্ঞানৰ সূত্ৰ তাত প্ৰযোজ্য হয়, তাৰ জটিলতা কিমান বা তাৰ basis টো ক’ৰ পৰা আহিছে, তাৰ fundamental origin টো কি, সেই গোটেইখিনিও জানিব লাগিব, সেই গোটেইখিনি details ত workout কৰাৰ এটা সাহস বা অধ্যৱসায়টো থাকিব লাগিব। এই গোটেই বস্তুখিনিয়ে মই ভাবো মোক এটা সহায় কৰিলে, মানে সৰু কালৰ এটা fascination ৰ পৰা গৈ পেলাই তেনেকুৱা এটা সুবিধা পালোগৈ আই আই টি বোম্বেত। তেনেকুৱা আমাৰ শিক্ষক-শিক্ষয়িত্ৰীও আছিল, তেনেকুৱা পঢ়ুওৱা বা তেনেকুৱা উৎসাহ যোগোৱা। মই ভাবো এম এছ ছি কৰাৰ সময়খিনিতেই হয়তো মই এই বিষয়কেইটাৰ প্ৰতি অলপ বেছি আকৰ্ষিত হ’লো, আৰু ভাবিলোঁ যে হয়তো এই বিষয়কেইটাতে মই আৰু গভীৰ অধ্যয়ন কৰি এটা কেৰিয়াৰ হিচাপে গঢ়ি ল’ব পাৰিম।
মঞ্জিল: আমি ইতিমধ্যে জনাইছোঁৱেই যে আপুনি আই আই টি বোম্বেলৈ গৈ স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী, একেলগে ডিগ্ৰী এটা কৰিছিলে। অলপ আমাৰ পাঠকসকলৰ বাবে আপুনি জনাব নেকি যে এনেকুৱা dual ডিগ্ৰী প্ৰগ্ৰেমবোৰ কেনেকুৱা ধৰণৰ? তাৰ লগত সাধাৰণ স্নাতকোত্তৰ ডিগ্ৰীৰ কি পাৰ্থক্য আছে?
দেবাশীষ বৰা: নিশ্চয়। মই যেতিয়া আই আই টিত ছীটটো পাইছিলো, মই তেতিয়া স্নাতক চূড়ান্ত বৰ্ষত আছিলোঁ, দিল্লীত আছিলোঁ। তেতিয়া আচলতে মই সিদ্ধান্তটো ল’বৰ কাৰণে অকণমান অসুবিধাও হৈছিল। কাৰণ দ্বৈত ডিগ্ৰী প্ৰগ্ৰেমটো সেইটো সময়ত অকল আই আই এছ ছি বাংগালুৰুত আছিল, আই আই টি কানপুৰত আছিল, আৰু আই আই টি বোম্বেত নতুনকৈ আৰম্ভ কৰিছিল। গতিকে বৰ এটা জনপ্ৰিয় হোৱা নাছিল সেই সময়টোত। তথাপি মই দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমটো বাছি লোৱাৰ প্ৰথম কাৰণটো আছিল যে দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমটোত স্নাতকোত্তৰ পঢ়ি থকাৰ পৰাই জলপানি পোৱা যায়। JRF বা PhD ৰ সমান নহয়, কিন্তু সৰুকৈ হ’লেও এটা অনুদান পোৱা যায়। গতিকে মই ভাবিছিলো যে দ্বৈত পাঠ্যক্ৰমটো ল’লে মই নিজৰ খৰচ-পাতি নিজেই যুগুতাব পাৰিম, ঘৰৰ ওপৰত মই কোনোধৰণৰ নিৰ্ভৰ কৰিব নালাগে বা কষ্ট দিব নালাগে। গতিকে সেইটো এটা মোৰ প্ৰথম কাৰণ আছিল। তাৰ পিছৰ কাৰণ, মোৰ লগৰ যিখিনি আছিল, মোৰ সমানেই ৰেংক পাইছিল বা মোতকৈ দুই-এজনে ভালো স্থান পাইছিলে আই আই টিৰ প্ৰৱেশিকা পৰীক্ষাত, তেওঁলোকে কিন্তু দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমটো লোৱা নাছিল, তেওঁলোকে স্নাতকোত্তৰৰ দুবছৰীয়া পাঠ্যক্ৰমটোকে লৈছিল। দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমটোৰ এইটো সুবিধা যে প্ৰথমৰ পৰাই জলপানি পোৱা যায় আৰু এটা নিশ্চয়তা থাকে যে মই স্নাতকোত্তৰৰ পিছতেই ডক্টৰেট ডিগ্ৰীৰ বাবে পোনে পোনে অন্তৰ্ভুক্ত হ’ব পাৰোঁ। দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমত এটা বছৰ বাছি যায় বুলি মই ক’ব পাৰোঁ, কাৰণ এইটো ৬ বছৰীয়া পাঠ্যক্ৰম হয়, গতিকে দুবছৰ বা আঢ়ৈ বছৰ স্নাতকোত্তৰত যায়। আঢ়ৈ বছৰ বুলি কৈছোঁ, যদিও দুবছৰৰ স্নাতকোত্তৰ হয়, অন্ততঃ আই আই টি বোম্বেত আঢ়ৈ বছৰ আছিল সেইটো সময়ত, মানে প্ৰজেক্ট যিটো কৰা হয়, স্নাতকোত্তৰৰ যিটো প্ৰজেক্ট, অন্য ছাত্ৰ-ছাত্ৰীয়ে এক বছৰৰ কাৰণে কৰে, কিন্তু দ্বৈত ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰীয়ে ডেৰ বছৰৰ কাৰণে কৰে। এইটো কাৰণেই বেছি সময় দিয়া হয় প্ৰজেক্টটো কৰোঁতে, যাতে প্ৰজেক্টৰ কামখিনিকে পিএইছডিৰ কামলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে এটা সুযোগ পোৱা যায়। নিশ্চিতকৈ কিছুমান সুবিধা আছিল সেইটো সময়ত যে সময়টো বাছি যায়, এক বছৰ নিশ্চিতকৈ বাছে, আৰু স্নাতকোত্তৰৰ কামটোকে যে পিএইছডিলৈ কনভাৰ্ট কৰিব পাৰিম তাৰ এটা নিশ্চয়তা এটা থাকে। যদি ভালকৈ কাম কৰিব পাৰোঁ গাইডজনৰ লগত মোৰ ধৰা ভালকৈ কাম কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে সেই কামটো আগবঢ়াই নিব পাৰি।
সেই দুটা সুবিধা আছিল। কিন্তু অসুবিধা এনেকুৱা, এতিয়া হয়তো সেই অসুবিধা নহয়, তেতিয়া যিহেতু দ্বৈত প্ৰগ্ৰেমবোৰ নতুনকৈ আৰম্ভ কৰা হৈছিল, তাৰ guideline ভালকৈ তৈয়াৰ কৰা হোৱা নাছিল। ধৰা, কিছুমানে স্নাতকোত্তৰটো লৈয়েই ধৰা ইউৰোপত বা মাৰ্কিন যুক্তৰাষ্ট্ৰত ডক্টৰেট কৰিব বিচাৰিছে, সেই exit policy টো সেইটো সময়ত ভালকৈ কৰা হোৱা নাছিল। এতিয়া কৰিলে। ক’লে যে আঢ়ৈ বছৰীয়া স্নাতকোত্তৰৰ যিটো প্ৰজেক্ট আছিল, সেই প্ৰজেক্টটো শেষ কৰাৰ পিছত যাব পাৰিব। গতিকে সেইটো ফালৰ পৰা এনেকুৱা হয় যে অন্য স্নাতকোত্তৰসকলে দুবছৰৰ পিছতে যদি বাহিৰত পঢ়িবলৈ যায়, যাব পাৰে; কিন্তু দ্বৈত পাঠ্যক্ৰমত সোমোৱা ছাত্ৰ-ছাত্ৰীখিনিয়ে যদি কিবা কাৰণত মন কৰিলে যে নাই মই বাহিৰত পিএইছডি কৰিম বা বেলেগ বিশ্ববিদ্যালয়ত পিএইছডি কৰিম, সেই exit টো দুবছৰৰ পিছতে নাপায়। আঢ়ৈ বছৰ অতি কমেও লাগে। চাবলৈ গ’লে এবছৰ বা ছমাহ বেছিকৈ পাৰ কৰিব লগা হ’ব দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমত গ’লে। মই জনা মতে এতিয়া আই আই টি বোম্বেত দ্বৈত ডিগ্ৰী পাঠ্যক্ৰমটো নাই। কিন্তু আই আই টি কানপুৰ আৰু সম্ভবতঃ আই আই এছ ছি বাংগালুৰুত এতিয়াও চলি আছে। আৰু কিছুমান নতুন প্ৰতিষ্ঠানতো হয়তো খুলিব পাৰে। সুবিধা-অসুবিধাবোৰ মই ভবা ধৰণে সাধাৰণতে এই দুটাই।
মঞ্জিল: মই এতিয়া আপোনাৰ কৰ্ম-জীৱনৰ ফালে আহিছোঁ। আপোনাৰ কৰ্ম-জীৱন আৰু গৱেষণাৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। দৰ্শকসকল আৰু পাঠকসকলক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষকে এখন তলিকা প্ৰস্তত কৰিছিল, বিশ্বৰ প্ৰভাৱশালী গৱেষকসকলৰ তালিকা এখন প্ৰস্তুত কৰিছিল। বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ সেই তালিকাতো আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে। তাৰবাবে আমি আপোনাক অভিনন্দন জনাইছোঁ। আপোনাৰ পৰা আমি এতিয়া জানিব বিচাৰিছোঁ যে আপোনাৰ কৰ্মৰাজিৰ এইটো এটা স্বীকৃতি হিচাপে আপুনি লৈছেনে। আৰু আপোনাৰ কৰ্মৰাজিৰ বিষয়ে অলপ জনাব নেকি আমাক? কেনেকুৱা ধৰণৰ কাম আপুনি কৰি আছে?
দেবাশীষ বৰা: যদিও নামটো ওলাইছে, বিশ্বৰ ২ শতাংশ বিজ্ঞানীৰ তালিকাত, মই এইটো বৰ এটা স্বীকৃতি হিচাপে ল’ব বিচৰা নাই। কাৰণ সেই তালিকাখনত দুটা বেলেগ বেলেগ শ্ৰেণীৰ মানুহৰ নাম আছে। এটা শ্ৰেণী হৈছে, তেওঁলোকে গোটেই জীৱনত কৰা কামখিনিৰ যিখিনি citation বুলি কোৱা হয় বিজ্ঞানৰ ভাষাত, সেই citation খিনি গণনা কৰি তেওঁলোকৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। আৰু কিছুমানৰ নাম সোমাইছে, এবছৰৰ ভিতৰতে নিজৰ কামৰ ক্ষেত্ৰখনত আটাইতকৈ বেছি citation পোৱা ২ শতাংশ, গোটেই পৃথিৱীৰ ভিতৰত। আমি যিহেতু যুৱ ফেকাল্টী মেম্বাৰছ, মোৰ লগতে আৰু কিছুমানৰ নামটো সোমাইছে ২০১৯ চনটোত আমাৰ অধ্যয়নৰ ক্ষেত্ৰখনত অতি বেছি citation পোৱাৰ কাৰণে। গতিকে এই স্বীকৃতিটো মই ভাবো মোৰ কাৰণে অকল ২০১৯ৰ হে স্বীকৃতি, জীৱনৰ নহয়। কিন্তু বাকী যিসকলে পাইছে সেইসকলে গোটেই জীৱনত কৰা কামখিনিৰ স্বীকৃতি পাইছে, যিসকল জ্যেষ্ঠ প্ৰফেচৰ বা ভাৰতবৰ্ষৰে ১৪০০ নে ১৩০০ বিজ্ঞানীৰ নাম সেই তালিকাত আহিছে, তাৰ যথেষ্ট সংখ্যকে এই স্বীকৃতি পাইছে গোটেই জীৱনজোৰা সাধনাৰ কাৰণে। কিন্তু মোৰ বা মোৰ দৰে যিকেইজনৰ নাম আহিছে ২০১৯ ৰ কাৰণে, সেইটো হয়তো এবছৰৰ স্বীকৃতি, মই সেইকাৰণে বৰ এটা উত্ফুল্লিত বা চিৰিয়াছলি লোৱা নাই ইমান। হ’লেও ভাল লাগিছে ২০১৯ ত পোৱা citation খিনিৰ কাৰণে পৃথিৱীৰ ২ শতাংশ বিজ্ঞানীৰ তালিকাত নামটো দেখি।
কামৰ ফালে আহিবলৈ গ’লে, যেনেকৈ কৈছা ইতিমধ্যে যে – জ্যোতিৰ্বিদ্যা বা মৌলিক কণা বা তেনেকুৱা বিষয়বিলাকত মই কাম কৰি আছোঁ। আমাৰ যিটো ক্ষেত্ৰ সেইটোক ইংৰাজীত High Energy Physics Phenomenology বুলি কয়। অসমীয়াত ক’বলৈ গ’লে উচ্চ শক্তি পৰিঘটনা বিজ্ঞান হ’ব হয়তো। উচ্চ শক্তি পদাৰ্থ বিজ্ঞানৰ (High Energy Physics) আৰু দুটা ক্ষেত্ৰ আছে। এটা হৈছে পৰীক্ষামূলক (experimental), আনটো তাত্ত্বিক (theoretical)। উচ্চ শক্তি পৰিঘটনা বিজ্ঞান বিষয়টো এই দুয়োটাৰ মাজৰ সেতুৰ দৰে। সম্পূৰ্ণৰূপে তাত্ত্বিকো নহয় বা সম্পূৰ্ণৰূপে পৰীক্ষামূলকো নহয়। ইয়াত বিভিন্ন ধৰণৰ সূত্ৰ বা তত্ত্বৰ সম্পৰ্কত কাম কৰা হয়, যি তত্ত্বই কিছুমান পৰ্যবেক্ষিত পৰিঘটনা ব্যাখ্যা কৰিব পাৰে আৰু একে সময়তে সুবিদিত সূত্ৰসমূহো সিদ্ধ কৰে। তেনেকৈ চাবলৈ গ’লে কণিকা পদাৰ্থবিদ্যাৰ (particle physics) যিটো ষ্টেণ্ডাৰ্ড মডেল (Standard Model Of Physics) বোলা সুপৰিচিত ব্যাখ্যা আছে, সেইটোৰ পৰা আমি জানো যে আমাৰ চাৰিওফালে থকা সকলো বস্তুকে যদি আমি ভাঙি ভাঙি গৈ থাকো, এটা সময়ত গোটেইবোৰ মৌলিক কণালৈ ৰূপান্তৰিত হ’ব, যেনেকৈ ইলেক্ট্ৰন (electron)। প্ৰকৃততে প্ৰ’টনটো (proton) মৌলিক কণা নহয়, প্ৰ’টনক ভাঙি আৰু সৰু সৰু কণালৈ ৰূপান্তৰিত কৰিব পাৰি। সেই ষ্টেণ্ডাৰ্ড মডেল অফ্ ফিজিক্স বুলি যিটোক কোৱা হয়, সেইটো ৭০ৰ দশকত ভেইনবাৰ্গ, চালাম আৰু গ্ল্যেচোৱে আগবঢ়াইছিল; যাৰ কাৰণে তেওঁলোকে নোবেল বঁটাও পালে। মৌলিক কণাবিলাকে কেনেকৈ ইটোৱে সিটোক প্ৰভাৱিত কৰে বা সিহঁতৰ নিজৰ ভৰ কেনেকৈ উত্পত্তি হ’ল, সেই কথাবিলাক ষ্টেণ্ডাৰ্ড মডেলটোৱে সুন্দৰভাৱে ব্যাখ্যা কৰিব পাৰে। কিন্তু তাৰপিছতো কিছুমান বস্তু সেই মডেলটোৱে ব্যাখ্যা কৰিব নোৱাৰে। ভৰ কেনেকৈ পায়, সেইটো ধৰা হিগছ ব’ছন বা যিটোক ঈশ্বৰ কণা বুলি কোৱা হয়, সেইটো ২০১২ চনত লাৰ্জ হেড্ৰন কলাইডাৰত (Large Hadron Collider) আৱিষ্কাৰ কৰিলে, তাৰ পিছতে বহুখিনি কথা নিশ্চিত হৈ গ’ল ষ্টেণ্ডাৰ্ড মডেলৰ বিষয়ে, যে কেনেকৈ ভৰ পায় আমি গম পালোঁ, কেনেকৈ ইটোৱে সিটোৰ লগত পৰস্পৰ ক্ৰিয়া কৰে সেইটোও গম পালোঁ। কিন্তু তাৰ পিছতো কিছুমান বস্তু ব্যাখ্যা কৰিব নোৱাৰোঁ ষ্টেণ্ডাৰ্ড মডেলৰ জৰিয়তে। মোৰ যিখিনি কাম, সেইখিনি কামত জড়িত আছে ষ্টেণ্ডাৰ্ড মডেলৰ দুই-তিনিটামান খুঁত বা অসম্পূৰ্ণতা। সেইটো হৈছে, নিউট্ৰিন’ (neutrino) নামৰ এটা মৌলিক কণা আছে। আগতে যেতিয়া ষ্টেণ্ডাৰ্ড মডেলৰ সূত্ৰটো দিয়া হৈছিল, তেতিয়া ইয়াৰ ভৰ নাই বুলি কোৱা হৈছিল। ফটনৰ নিচিনা ভৰহীন বুলি কোৱা হৈছিল। কিন্তু আমি এতিয়া জানো যে নিউট্ৰিন’ ভাৰহীন নহয়। গতিকে কেনেকৈ নিউট্ৰিন’ই ভৰ পাব পাৰে সেইটো ষ্টেণ্ডাৰ্ড মডেলত ব্যাখ্যা কৰিব পৰা নাযায়। গতিকে সেইটো এটা ম’টিভেচন যে তুমি এটা নতুন সূত্ৰ আগবঢ়াব লাগিব যি সূত্ৰই নিউট্ৰিন’ৰ ভৰটো দিব পাৰে।
এতিয়া যদি মই বিশ্বব্ৰহ্মাণ্ডৰ (universe) ফালে যাওঁ, আৰু কিছুমান তেনেকুৱা সমস্যা আছে। যেনেকৈ আমি যিবোৰ মৌলিক কণাৰ বিষয়ে ভালদৰে পঢ়িছোঁ বা গৱেষণাগাৰত তৈয়াৰ কৰিব পাৰিছোঁ বিভিন্ন পৰীক্ষাৰ জৰিয়তে, সেই কণাবিলাকে গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ অকল ৫ শতাংশহে দিব পাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ শক্তিখিনি যদি এশ শতাংশ বুলি কওঁ, তাৰ অকল পাঁচ শতাংশহে আমি যিবোৰ দেখোঁ – আমাৰ চাৰিফালে থকা মৌলিক কণা, যেনেকৈ প্ৰটন, ইলেকট্ৰন বা তেনেকুৱা, সেই গোটেইখিনি মিলাই অকল পাঁচ শতাংশহে হ’ব পাৰে। মানে আমি যিখিনি দেখি আছোঁ, নক্ষত্ৰপুঞ্জ বা গ্ৰহাণুপুঞ্জ বা গেলেক্সী বা তেনেকুৱা, সেই গোটেইখিনি মিলাইয়ো পাঁচ শতাংশহে হ’ব পাৰে। বাকী ২৬ শতাংশ বা ২৭ শতাংশ হ’ল dark matter, অসমীয়াত ক’লে হয়তো কৃষ্ণ কণা বা তেনেকুৱা ক’ব পৰা যাব। কৃষ্ণ কণাৰ বিষয়েও ষ্টেণ্ডাৰ্ড মডেলত কোনো ব্যাখ্যা নাই। কিন্তু যোৱা ৯-১০ টা দশক ধৰি এই কৃষ্ণ কণাৰ বিষয়ে জ্যোতিঃপদাৰ্থ বিজ্ঞান বা ব্ৰহ্মাণ্ডবিদ্যা বা বিভিন্ন পৰীক্ষাৰ সহায়ত বহুতো প্ৰমাণ পোৱা গৈছে। গতিকে এতিয়া আমি নিশ্চিত যে বিশ্বব্ৰহ্মাণ্ডখনৰ ২৬ বা ২৭ শতাংশ কৃষ্ণ কণাৰ পৰা পোৱা গৈছে। ১০০ শতাংশৰ ৫ শতাংশ আমি দেখা পোৱা মৌলিক কণা, ২৭ শতাংশ কৃষ্ণ কণা, আৰু বাকী থকা ৬৮ শতাংশক কৃষ্ণ শক্তি (dark energy) বুলি কোৱা হয়। কৃষ্ণ শক্তিৰ বিষয়েও আমি একো নাজানো; আমি এটাই জানো যে কৃষ্ণ শক্তিৰ কাৰণে বৰ্তমান ব্ৰহ্মাণ্ডখনৰ কি হৈছে, সেইতো বুজি পাওঁ। কি হৈছে বুলি ক’বলৈ গ’লে – আমি জানো যে বিশ্বব্ৰহ্মাণ্ডখন প্ৰসাৰিত (expand) হৈ গৈ আছে আৰু সেই প্ৰসাৰণ সময়ৰ লগে লগে সলনি হৈ গৈ থাকে। এতিয়া যদি মৌলিক কণা আৰু কৃষ্ণ কণাকো তাৰ মাজতে সুমুৱাই লওঁ, গোটেইখিনিকে পদাৰ্থ (matter) বুলি কওঁ, সেই পদাৰ্থখিনিয়ে বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰসাৰণৰ হাৰটো (rate of expansion) কমাই আনে, সময়ৰ লগে লগে। সেইটো deceleration বুলি কয়, ত্বৰণটো কমাই কমাই আনি থাকে। কিন্তু বৰ্তমানৰ যিখিনি প্ৰমাণ, নোবেল বঁটাও পাইছিল সেইটোৰ কাৰণে, তেওঁলোকে বহু দূৰত থকা কিছুমান চুপাৰনোভা (Supernova) লক্ষ্য কৰিছিল, সেইবোৰ আমাৰ পৃথিৱীৰ পৰা কিমান গতিত আঁতৰি গৈ আছে সেইটো গণনা কৰিছিল। তাৰ পৰা তেওঁলোকে গম পালে যে বেগটো বাঢ়ি বাঢ়ি গৈ আছে; মানে ত্বৰণটো ধনাত্মক। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ হাৰ সময়ৰ লগে লগে বৃদ্ধিহে পাইছে। এইটোৰ ব্যাখ্যা মৌলিক কণা আৰু কৃষ্ণ কণাই দিব নোৱাৰে। সেইখিনিৰ পৰা আমি জানো যে ৬৮ শতাংশ কৃষ্ণ শক্তিৰ পৰা আহিব পাৰিব, কিন্তু কৃষ্ণ শক্তিটো কিহৰ পৰা আহিছে সেইটো আমি এতিয়াও নাজানো। কৃষ্ণ শক্তিৰ ক্ষেত্ৰত মই কাম কৰা নাই যদিও বিষয়টো মোৰো ভাল লাগে।
মই যিটো ক’লোঁ – নিউট্ৰিন’ই কেনেকৈ ভৰ লাভ কৰে, সেইটোৰ সম্পৰ্কত গৱেষণা কৰি আছোঁ, সেইটোৰ সম্পৰ্কত আচলতে মই পিএইছডিৰ পৰাই কাম কৰি আছোঁ। পিএইছডিৰ শেষৰ ফালে মই কৃষ্ণ কণাৰ বিষয়তো কাম কৰা আৰম্ভ কৰিছিলোঁ। সেই জৰিয়তেই ষ্টেণ্ডাৰ্ড মডেলৰ পৰা এখোজ আগবাঢ়ি গৈ কেনে ধৰণৰ সূত্ৰ আগবঢ়াব পাৰি, যাতে নিউট্ৰিন’ৰ ভৰটো আৰু কৃষ্ণ শক্তিৰ বিষয়টো আমি ব্যাখ্যা কৰিব পাৰোঁ। অকল ব্যাখ্যা কৰাই নহয়, এতিয়া বিজ্ঞানত যদি মই এটা সূত্ৰ আগবঢ়াও, সেই সূত্ৰটো পৰীক্ষাগাৰত কেনেকৈ প্ৰমাণ কৰিব পৰা যাব সেইটোও এটা যথেষ্ট জৰুৰী কথা। মই যেনেকৈ ক’লো যে পৰিঘটনা বিজ্ঞান, আমাৰ বিষয়টোত অকল সূত্ৰ আগবঢ়াই দিলেই নহ’ব; সূত্ৰটো কেনেকৈ পৰীক্ষাগাৰত প্ৰমাণ কৰিব পৰা যাব বা ভুল বুলি প্ৰমাণিত কৰিব পৰা যাব, সেই কথাখিনিও আমি ব্যাখ্যা কৰিব লাগে। এতিয়া চাবলৈ গ’লে, Large Hadron Collider, CERNত যিটো পৰীক্ষা চলি আছে ২০০৮ চনৰ পৰা, সেই পৰীক্ষাটোৱে ইতিমধ্যে বহুতো এনেকুৱা সূত্ৰ, যিবোৰ নিউট্ৰিন’ৰ ভৰ বা কৃষ্ণ কণাৰ বিষয়ত যোৱা ৪-৫ টা দশকত আগবঢ়োৱা হৈছিল, সেইবোৰক এই পৰীক্ষাৰ তথ্যৰে বাতিল কৰিছে বা সূত্ৰসমূহৰ পৰিসৰ নিম্ন কৰি দিছে। গতিকে নতুন সূত্ৰ এটা আগবঢ়োৱাটো সহজ, সহজ বুলিয়েই কৈছোঁ। কিন্তু সেই সূত্ৰটোৱে পৃথিৱীৰ বিভিন্ন কোণত থকা পৰীক্ষাগাৰৰ প্ৰমাণবোৰৰ লগত খাপ খাইছে নে নাই, সেইটো কথা অতি গুৰুত্বপূৰ্ণ। গতিকে সূত্ৰটো আগবঢ়ালেই যথেষ্ট নহয়, সেই সূত্ৰটো হয়তো ইতিমধ্যে যিবোৰ পৰীক্ষা কৰা হৈছে সেই পৰীক্ষাবোৰে হয়তো ইতিমধ্যে বাতিল কৰিয়েই দিছে। আমাৰ কামবোৰ তেনেকুৱা।
শেহতীয়াকৈ আমাৰ গ্ৰুপটোত আমি ব্ৰহ্মাণ্ডবিদ্যাৰ কিছুমান বিষয় আৰু অকণমান বিষদভাৱে জানিবলৈ চেষ্টা কৰিছোঁ। তাৰে এটা হৈছে, মই যিটো ফেজ ট্ৰেনজিশ্বনৰ (Phase Transition) কথা ক’লোঁ – যেনেকৈ বৰফৰ পৰা পানী হ’ল, পানীৰ পৰা গেছ হ’ল, তেনেকুৱা বস্তুৱেই, তেনেকুৱা ফেজ ট্ৰেনজিশ্বনবিলাক আমাৰ পৰীক্ষাগাৰত বা পাকঘৰত বা ফ্ৰিজত বুলিয়েই নহয়, সেইটো বিশ্বব্ৰহ্মাণ্ডখনতো হ’ব পাৰে। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বয়স বৰ্তমান ১৪ বিলিয়ন বছৰ। গতিকে সময় t=০ ৰ পৰা t=১৪ বিলিয়ন বছৰৰলৈকে আহোঁতে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। তাৰে কিছুমান ঘটনাক আমি ফেজ ট্ৰেনজিশ্বন বুলি ভাবিব পাৰোঁ। যেনেকৈ হাইড্ৰ’জেন পৰমাণুটো এটা ইলেক্ট্ৰন আৰু এটা প্ৰ’টন মিলি হয়, সেই হাইড্ৰ’জেন পৰমাণুটোক যদি এটা ফ’টনেৰে খুন্দিয়াবলৈ চেষ্টা কৰোঁ, যদি ফ’টনটোৰ শক্তি হাইড্ৰ’জেনৰ আয়নীকৰণ শক্তিতকৈ (ionization energy) বেছি হয়, তেতিয়া হাইড্ৰ’জেন পৰমাণুটো এটা প্ৰ’টন আৰু এটা ইলেক্ট্ৰনলৈ আকৌ ভাগ ভাগ হৈ যাব। বিশ্বব্ৰহ্মাণ্ডখনতো যদি আমি পিছুৱাই গৈ থাকোঁ, আমি এইটো ভাবিব পাৰোঁ যে বিশ্বব্ৰহ্মাণ্ডখনৰ তাপমাত্ৰাটো বাঢ়ি বাঢ়ি গৈ আছে। কাৰণ আয়তন কমিলে তাপমাত্ৰা বাঢ়ে, সেইটো আমি গেছৰ সূত্ৰৰ পৰাও জানো। গতিকে আমি এনেকুৱা ভাবিব পাৰোঁ যে, আমাৰ চাৰিওফালৰ সকলো বস্তু হাইড্ৰ’জেন বা হিলিয়াম বা কাৰ্বনৰ পৰা গঠন হৈছে আৰু যদি আমি পিছুৱাই পিছুৱাই গৈ থাকোঁ তেন্তে বিশ্বব্ৰহ্মাণ্ডখনৰ উষ্ণতাটো ইমানেই বাঢ়ি বাঢ়ি গৈ থাকিব যে এটা সময়ত এই গোটেই পৰমাণুবিলাক বিখণ্ডিত হৈ প্ৰ’টন-ইলেক্ট্ৰন হৈ যাব। এটা সময়ত প্ৰ’টনবোৰো বিখণ্ডিত হৈ কোৱাৰ্ক (quark) বা গ্লুৱনৰ (gluon) দৰে যিবোৰ আমি জানো সেই সৰু কণালৈ ৰূপান্তৰিত হ’ব। বিশ্বব্ৰহ্মাণ্ডখন যিহেতু প্ৰসাৰিত হৈ গৈ আছে তাৰ উষ্ণতাটো কমি কমি গৈ আছে আৰু ইয়াৰ প্ৰভাৱত বিভিন্ন ধৰণৰ ফেজ ট্ৰেনজিশ্বন হ’ব পাৰে। যেনেকৈ পানী ঠাণ্ডা কৰি গৈ থাকিলে বৰফ হৈ যায়; বৰফৰ গঠন সম্পূৰ্ণভাৱে বেলেগ, পানীৰ গঠন বেলেগ। তেনেকুৱা বহুতো ফেজ ট্ৰেনজিশ্বন বিশ্বব্ৰহ্মাণ্ডখনতো হৈছে বা হোৱাৰ সম্ভাৱনা আছে। এতিয়া যিহেতু মহাকৰ্ষণিক তৰংগৰ (Gravitational waves) সম্পৰ্কত বহুতো পৰীক্ষা চলি আছে; সেইটোত এটা নতুন কাম আমি হাতত লৈছোঁ, যিহেতু আমাৰ ভাৰততো এটা ভাৰতীয়স্থিত, মহাকৰ্ষণিক তৰংগৰ পৰীক্ষা আৰম্ভ কৰাৰ কথা আছে। এই মহাকৰ্ষণিক তৰংগ ভিত্তিক পৰীক্ষাবিলাকত তেনেকুৱা প্ৰাৰম্ভিক বিশ্বব্ৰহ্মাণ্ডৰ ফেজ ট্ৰেনজিশ্বনৰ প্ৰমাণ পাবলৈ বহুতে প্ৰচেষ্টা চলাই আছে। আমি তেনেকুৱা এটা কামো হাতত লৈছোঁ, মোৰ ছাত্ৰ এজনে কৰি আছে। আমাৰ কামবিলাক তেনেকৈ প্ৰসাৰিত হৈ গৈ থাকে। যিহেতু জানিবলগীয়া বহুত কথাই আছে বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে, লাহে লাহে মোৰ কামবিলাকো তেনেকৈ অকণমান প্ৰসাৰিত হৈ নতুন নতুন প্ৰকল্পৰ ফাললৈ আমি গৈ আছোঁ।
মঞ্জিল: ধন্যবাদ, আপুনি ইমান ধুনীয়াকৈ পদাৰ্থবিজ্ঞানৰ বহুকেইটা বিষয়ৰ কথা জনালে। আপুনি কৈছে যে আপুনি উচ্চ শক্তি পদাৰ্থবিদ্যাত (high energy physics) কাম কৰিছে। ইয়াক উচ্চ শক্তি (high energy) বুলি কিয় কোৱা হয়? আৰু ইয়াৰ বিপৰীতে নিম্ন শক্তি পদাৰ্থবিদ্যা কেনেকুৱা হয়?
দেবাশীষ বৰা: Right! উচ্চশক্তি বুলি এইকাৰণেই কোৱা হয়, কাৰণ আমি সমুখত দেখি থকা প্ৰতিটো বস্তুকে ভাঙি ভাঙি যদি গৈ থাকোঁ, তেতিয়াহে আমি মৌলিক কণাবিলাক পামগৈ, আৰু মৌলিক কণাবিলাক পাবৰ কাৰণে বা চাবৰ কাৰণে আমাক শক্তিটো বেছিকৈ লাগে। শক্তিটো কিয় বেছিকৈ লাগে, সেইটো আমি তৰংগদৈৰ্ঘ্য আৰু শক্তিৰ মাজৰ সম্পৰ্কটোৰ পৰাই ব্যাখ্যা কৰিব পাৰোঁ, যে সৰু বস্তু চাবলৈ শক্তিটো বেছিকৈ লাগে। এতিয়া সহজ কথা, এতিয়া ধৰা হাইড্ৰ’জেন পৰমাণুটোৰ কথা যিহেতু মই ক’লো, হাইড্ৰ’জেন পৰমাণুটোৰ ভিতৰত যে নিউক্লিয়াছ এটা বা প্ৰ’টন এটা আৰু এটা ইলেক্ট্ৰন আছে, সেইটোতো মানুহে এটা সময়ত গম পোৱা নাছিল। কাৰণ সেইসময়ত পৰীক্ষাগাৰত ব্যৱহাৰ কৰিব পৰা শক্তিৰে হাইড্ৰ’জেন পৰমাণু এটা দ্বিখণ্ডিত কৰিব নোৱাৰিছিল। যদি আৰু শক্তি আমি বঢ়াই গৈ থাকোঁ, এটা সময়ত কি হ’ব, হাইড্ৰ’জেন পৰমাণুটো দ্বিখণ্ডিত হৈ প্ৰ’টন আৰু ইলেকট্ৰন ওলাই পৰিব। তাৰ পিছতহে আমি গম পালোঁ যে যদিও হাইড্ৰ’জেন পৰমাণুটো যদিও আকাৰত যথেষ্ট ডাঙৰ, আচলতে সি প্ৰ’টন আৰু ইলেক্ট্ৰনেৰ দ্বাৰাহে গঠিত যাৰ আকাৰ অতি সৰু সৰু। শক্তি আৰু তৰংগদৈৰ্ঘ্য আচলতে ব্যস্তানুপাতিক (inversely proportional), যিটো ডি ব্ৰয় (De Broglie) সূত্ৰ আমাৰ আছে। মই ইমান গভীৰলৈ নাযাওঁ, কিন্তু চাবলৈ গ’লে শক্তি আৰু আকাৰ পাৰস্পৰিকভাৱে ব্যস্তানুপাতিক। সেইকাৰণে সৰু বস্তু চাবলৈ আমাক শক্তিটো বেছি লাগে আৰু সেইটো কাৰণেই মৌলিক কণাৰ গোটেই বস্তুখিনি বিতংকৈ জানিবলৈ আমাক যথেষ্ট সময় লাগিল। হিগছ ব’ছনটো চাবলৈ আমি ২০১২ চনলৈকে অপেক্ষা কৰিব লগা হ’ল, যদিওবা ইয়াৰ তত্ত্ৱটো আগবঢ়োৱা হৈছিল ১৯৭০ চনমানতেই।
আৰু নিম্ন শক্তি ক’বলৈ গ’লে, ধাতু বা অতিপৰিবাহী পদাৰ্থই কেনেকৈ ক্ৰিয়া দেখুৱায়, সেইটো জানিবৰ কাৰণে মই অতিপৰিবাহী এটাৰ পৰমাণুৰ ভিতৰৰ প্ৰ’টন-নিউট্ৰনৰ পৰ্যায়লৈ জানিবৰ দৰকাৰ নাই আচলতে। ঘনীভূত বস্তুৰ পদাৰ্থবিজ্ঞান (condensed matter physics) বা কঠিন অৱস্থাৰ পদাৰ্থবিজ্ঞানৰ (solid state physics) উদাহৰণ দি আমি ক’ব পাৰোঁ যে যদিও ইলেকট্ৰন-প্ৰ’টন-নিউট্ৰনৰ কথা জানিলে আমি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ কথা গম পাব পাৰোঁ, কিন্তু সাধাৰণতে আমি কিছুমান অধ্যয়ন-ক্ষেত্ৰত ব্যৱহাৰ কৰা সূত্ৰবোৰ বেলেগ কিছুমান ক্ষেত্ৰত ব্যৱহাৰ নকৰিবও পাৰোঁ। তাৰ অৰ্থ এইটোও নহয় যে ইটোৱে-সিটোৰ বিৰোধিতা কৰে। যেনেকৈ, বল এটা দলিয়াই দি তাক অধ্যয়ন কৰিবলৈ মই কোৱাণ্টাম বলবিজ্ঞানৰ সূত্ৰ ব্যৱহাৰ কৰিবৰ দৰকাৰ নাই, সেইটোৰ কাৰণে মই নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰিলেও হ’ব। কোৱাণ্টাম বলবিদ্যাই আৰু নিউটনৰ সূত্ৰই ইটোৱে সিটোক বিৰোধ নকৰে, কিন্তু দুয়োটা সূত্ৰৰ বৈধতাৰ ক্ষেত্ৰটো বেলেগ। একেবাৰে সৰু সৰু বস্তুৰ বাবে মই কোৱাণ্টাম সূত্ৰ ব্যৱহাৰ কৰিম, আৰু দৈনন্দিন জীৱনৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে মই নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰিম। তেনেকৈয়ে বহুতো অধ্যয়ন-ক্ষেত্ৰত আমি প্ৰ’টন-নিউট্ৰনৰ পৰ্যায়লৈ যাবৰ দৰকাৰ নাই, আমি অন্য কিছুমান সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ যিবোৰ সেই ক্ষেত্ৰটোত প্ৰযোজ্য। গতিকে উচ্চ শক্তি পৰিঘটনা বিজ্ঞানে যদিও আমাক মৌলিক কণাৰ কথা জানিবলৈ দিয়ে, এই ক্ষেত্ৰত ব্যৱহৃত সূত্ৰ বা প্ৰমেয়বিলাক অন্য প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই, তাত আমি বেলেগধৰণৰ কিছুমান তত্ত্ব ব্যৱহাৰ কৰিলেই হয়।
মঞ্জিল: আপুনি কণিকা পদাৰ্থবিদ্যা (particle physics) অধ্যয়ন কৰি আছে, য’ত নেকি এনে কিছুমান পৰিঘটনা অধ্যয়ন কৰা হয় যিবোৰ সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰেও দেখা নাযায়। আনহাতে আপুনি ব্ৰহ্মাণ্ডবিজ্ঞান (cosmology) অধ্যয়ন কৰিছে যাৰ পৰিসৰটো সম্পূৰ্ণ বেলেগ, তাত নক্ষত্ৰ আৰু তাৰকাৰাজ্যৰ দৰে বৃহৎ বস্তু জড়িত পৰিঘটনাবোৰ অধ্যয়ন কৰা হয়। এবিধ চৰম বৃহৎ আৰু আন এবিধ চৰম সুক্ষ্ম — এই দুই বিষয়ৰ পাৰস্পৰিক সংযোগ আছেনে? যদি আছে কেনেকুৱা?
দেবাশীষ বৰা: হয়। হয়। আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আচলতে এনেকুৱা এটা চিষ্টেম, গোটেই বিশ্বব্ৰহ্মাণ্ডখনেই এটা পৰীক্ষাগাৰ। এটা পৰীক্ষা চলি আছে। বিশ্বব্ৰহ্মাণ্ডখন যেনেকৈ প্ৰসাৰিত হৈ গৈ আছে, এইটোকে এটা পৰীক্ষা বুলি ক’ব পাৰোঁ। এইটো আমি কৰা নাই, নিজে নিজে হৈ আছে। তাত কি হয়, যিহেতু বস্তুটো প্ৰসাৰিত হৈ গৈ আছে, আমি যদি পিছুৱাই গৈ থাকোঁ…। এতিয়া যদিও আমাৰ সমুখত নক্ষত্ৰ আছে, গ্ৰহ আছে, গ্ৰহাণুপুঞ্জ আছে, নক্ষত্ৰপুঞ্জ আছে, এতিয়াৰ বিশ্বব্ৰহ্মাণ্ডখন জানিবৰ কাৰণে মই ইলেকট্ৰন-প্ৰ’টনৰ বিষয়ে জানিব নালাগে। সূৰ্যটো, বা পৃথিৱীখন সূৰ্যৰ চাৰিওফালে কেনেকৈ ঘূৰি আছে, আমাৰ যিটো সৌৰজগত সেইটো হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত কেনেকৈ ঘূৰি আছে, হাতীপটিখনো আমাৰ যিটো তাৰকাৰাজ্য-পুঞ্জত আছে তাত কেনেকৈ ঘূৰি আছে, সেইখিনি জানিবৰ কাৰণে আমি নিউটনৰ সূত্ৰ বা কেপলাৰৰ সূত্ৰ জানিলেই যথেষ্ট। কিন্তু আমি যদি সময়ৰ অক্ষত পিছুৱাই গৈ থাকোঁ আৰু এই ১৪ বিলিয়ন বছৰত বিশ্বব্ৰহ্মাণ্ডখন কি কি অৱস্থাৰ মাজেদি পাৰ হৈ আহিল সেয়া জানিব বিচাৰোঁ, আমি দেখা পাম যে এই তাৰকাৰাজ্যবোৰ এটা সময়ত নাছিল, তৰাবোৰো নাছিল। বিশ্বব্ৰহ্মাণ্ডখনে কমেও এক বিলিয়ন বা কিছু মিলিয়ন বছৰ পাৰ কৰাৰ পিছতহে প্ৰথম তৰাটোৰ সৃষ্টি হৈছিল। তাতকৈয়ো যদি আমি পিছুৱাই যাওঁ, তেতিয়া কোনো ধৰণৰ তৰা-নক্ষত্ৰ বা গ্ৰহ বা এনেকুৱা একো বস্তুৱেই নাছিল। তেতিয়া আমি সেই গোটেই কথাখিনি মৌলিক কণাবিলাকলৈ ৰূপান্তৰিত কৰিব লাগিব। বিশ্বব্ৰহ্মাণ্ডখনৰ যদি উষ্ণতা হাইড্ৰ’জেন পৰমাণুৰ আয়নীকৰণ শক্তিতকৈয়ো বেছি হয়, তেতিয়া হাইড্ৰ’জেন পৰমাণুটোৱো তাত নাথাকে, তাত ইলেকট্ৰন আৰু প্ৰ’টনহে থাকিব। সেইকাৰণেই, বিশ্বব্ৰহ্মাণ্ডখন এনে আচহুৱা যে ইয়াক ভালকৈ বুজিবৰ কাৰণে এটা বহুত ডাঙৰ মাত্ৰাত কেনেকুৱা ধৰণৰ সূত্ৰ বা কেনেকুৱা ধৰণৰ পদাৰ্থবিজ্ঞান প্ৰয়োজন হয়, লগতে একেবাৰে সৰু আকাৰত বা একদম কম দূৰত্বত কেনেকুৱা ধৰণৰ পদাৰ্থবিজ্ঞান দৰকাৰ হয়, এই দুয়োটা বস্তুৱেই আমি জানিব লাগিব। অকল এটা জানিলেই নহ’ব। কাৰণ বিশ্বব্ৰহ্মাণ্ডখন দুয়োটা অৱস্থাৰ মাজেদিয়েই পাৰ হৈ গৈছে। খুব সৰুৰ পৰা অতি ডাঙৰলৈ পাৰ হৈ আহিল। সেইটো কাৰণে আমি সৰু এটা চিষ্টেমৰ বিষয়েও জানিব লাগিব য’ত অকল মৌলিক কণা থাকে, আৰু এটা অতি ডাঙৰ চিষ্টেমৰ বিষয়েও জানিব লাগিব য’ত কোনো মৌলিক কণা আছে কিন্তু মৌলিক কণা বিভিন্ন বস্তুৰ ভিতৰত সোমাই আছে। সেইকাৰণে দুয়োটা বস্তুৱেই আমি ভালদৰে জনিবৰ দৰকাৰ। বহুত কথা আমি এতিয়াও নাজানো। বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰথম যি কেইটামান ছেকেণ্ডৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ বিষয়ে এতিয়াও জানিবলগীয়া বহুত আছে।
মঞ্জিল: আপুনি শেষৰ ফালে যিটো কথা ক’লে, প্ৰথম কেইছেকেণ্ডমানৰ অৱস্থাৰ বিষয়ে; মই কেইদিনমানৰ আগতে এখন গ্ৰন্থ পঢ়িছিলোঁ, তাতে এই প্ৰথম দুই-তিনি ছেকেণ্ডৰ বিষয়ে এশ পৃষ্ঠামান লিখা আছিল। মোৰ মনত পৰিছে যে ষ্টিভেন ৱাইনবাৰ্গৰ এখন কিতাপ আছে First Three minutes বুলি, তাতে তিনি মিনিটৰ বিষয়ে কোৱা হয়। আপোনাৰ গৱেষণাৰ কামটো কোন ধৰণৰ সময়-অৱস্থাত কৰি আছে আপুনি?
দেবাশীষ বৰা: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। প্ৰথম তিনি মিনিটটো অতি জৰুৰী, ৱাইনবাৰ্গে First Three minutes বুলিও এখন গৱেষণা-পত্ৰ লিখিছে। সেইটো এইটো কাৰণেই অতি জৰুৰী, কাৰণ আমাৰ বিশ্বব্ৰহ্মাণ্ডত কেৱল ৫ শতাংশহে সাধাৰণ পদাৰ্থ যিখিনিক আমি চিনি পাওঁ, আৰু ইয়াৰে অধিকাংশই হৈছে হাইড্ৰ’জেন আৰু হিলিয়াম। বাকী গোটেই যিখিনি আছে, কাৰ্বন, নাইট্ৰ’জেন, আইৰণ, গ’ল্ড ইত্যাদি যিয়েই নহওক, সেইখিনি অতি কম পৰিমাণেহে বিশ্বব্ৰহ্মাণ্ডত আছে, নগণ্য চাবলৈ গ’লে। হাইড্ৰ’জেন আৰু হিলিয়ামক আমি পাতল পৰমাণু-কেন্দ্ৰ (light nucleus) বুলি কওঁ। পাতল পৰমাণুকেন্দ্ৰবোৰ যদি আমি সংগঠিত কৰি দিওঁ, গধুৰ পৰমাণুকেন্দ্ৰবোৰৰ কাৰণে পৰমাণুকেন্দ্ৰীয় সংযোজন (nuclear fusion) কৰি থাকিলেই হ’ব। সেইটো আমি জানো কেনেকৈ হ’ব। সূৰ্যৰ ভিতৰত হাইড্ৰ’জেন সংযোজন কৰি হিলিয়াম গঠন হৈ আছে, সেইটো আমি ভালদৰে জানো। এতিয়া যদি পাতল পৰমাণুকেন্দ্ৰবোৰ কিবা প্ৰকাৰে আমি গঠন কৰি দিওঁ বিশ্বব্ৰহ্মাণ্ডত বাকীখিনি নিজে নিজে হৈ থাকিব। এই প্ৰথম তিনি মিনিটত আচলতে হিলিয়াম পৰমাণু সংগঠিত হৈছিল। সেই হিলিয়ামেই এতিয়া সাধাৰণ পদাৰ্থৰ ২৫%, আৰু বাকী প্ৰায় ৭৫% হাইড্ৰ’জেন। মই যিবোৰ কাম কৰোঁ, তাৰে কিছুমান কামত প্ৰথম তিনি মিনিটৰ আগৰ পৰিঘটনা কিছুমানো দৰকাৰ। যেনে, কৃষ্ণ পদাৰ্থ (dark matter)। কৃষ্ণ পদাৰ্থটো যদি মৌলিক কণা বুলি আমি ধৰি লওঁ, তেন্তে সেই গোটেই ব্ৰহ্মাণ্ডৰ ২৭% ভৰি থকা কৃষ্ণ পদাৰ্থ আচলতে ক’ৰপৰা আহিল, কেনেকৈনো উৎপাদন হ’ল, সেয়া জানিবলৈ আমাৰ বিভিন্ন পৰীক্ষাৰ পৰা কিছুমান ইংগিত আছে। এই ইংগিতবোৰৰ পৰা আমি গম পাওঁ যে কৃষ্ণ পদাৰ্থৰ অৱস্থান সেই প্ৰথম তিনি মিনিটৰ আগতেই হ’ব লাগিব। অৰ্থাৎ, হিলিয়াম যেতিয়া সংগঠিত হৈছিল, কৃষ্ণ পদাৰ্থ তেতিয়ালৈ ইতিমধ্যে আছিলেই, তাৰ পিছত হ’ব নোৱাৰে। ৱাইনবাৰ্গৰ কিতাপখনত বৰ ধুনীয়াকৈ এই গণনাবিলাক কৰা আছে। এই গণনাখিনিয়ে পোনপটীয়াকৈ কয় যে সাধাৰণ পদাৰ্থৰ ২৫% হিলিয়াম আৰু ৭৫% হাইড্ৰ’জেন, যিটো ফলাফল পিছত কৰা পৰীক্ষা-নিৰীক্ষাৰ ফলাফলৰ লগত সুন্দৰকৈ মিলি যায়। এতিয়া যদি মই সেই তিনি মিনিটৰ পিছত নতুনকৈ কিবা কৃষ্ণ পদাৰ্থৰ উৎপাদনৰ কথা সুমুৱাবলৈ চেষ্টা কৰোঁ, তেতিয়া ই সেই হাইড্ৰ’জেন আৰু হিলিয়ামৰ তাত্ত্বিক গণনাবিলাকত ব্যাঘাত জন্মাব। সেইকাৰণে কৃষ্ণ পদাৰ্থৰ উৎপাদন সেই তিনি মিনিটৰ আগতেই হ’ব লাগিব। গতিকে, যদি মোৰ কোনো গৱেষণাৰ কামত কৃষ্ণ পদাৰ্থৰ কথা ব্যৱহাৰ হয়, তেতিয়া মই সেই প্ৰথম তিনি মিনিটৰ আগৰ সময়-মাত্ৰাত কাম কৰিব লাগিব।
আৰু তিনি মিনিটটোৰ পিছত হোৱা কিছুমান পৰিঘটনা আছে, যেনে বিগ বেঙৰ ৩৮০,০০০ বছৰ পিছলৈ প্ৰ’টন আৰু ইলেকট্ৰন মিলি হাইড্ৰ’জেন গঠন গ’ল। পাতল পৰমাণুকেন্দ্ৰবিলাক সংগঠিত হৈছিল তিনি মিনিটটোত; তাৰ পাছত হাইড্ৰ’জেন থাকিল, হিলিয়াম থাকিল, ইলেকট্ৰনো আছে, ইলেকট্ৰনবোৰো ঘূৰি ফুৰিছে, আৰু ফ’টন কিছুমানো আছে, যিবোৰ আমাৰ পোহৰ, সেইবোৰ ঘূৰি ফুৰিছে। এতিয়া কি হ’ব, তিনি মিনিটটোৰ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ যিটো উষ্ণতা আছিল সেইটো হাইড্ৰ’জেনৰ আধানীকৰণ শক্তিতকৈ বহুত বেছি, গতিকে হাইড্ৰ’জেন পৰমাণু গঠন হোৱা নাই সেইটো সময়ত। হাইড্ৰ’জেন গঠন হ’বৰ কাৰণে মই তিনি মিনিটৰ পৰা ৩৮০,০০০ বছৰলৈকে ৰ’ব লাগিব! ৩৮০,০০০ বছৰৰ পিছত প্ৰ’টন আৰু ইলেকট্ৰন লগ লাগি হাইড্ৰ’জেন হ’ব, আৰু হিলিয়াম পৰমাণুকেন্দ্ৰৰ লগত ইলেকট্ৰন লগ লাগি হিলিয়াম পৰমাণু গঠিত হ’ব। ৩৮০,০০০ বছৰৰ পিছত বিশ্বব্ৰহ্মাণ্ডখনত কোনো আহিত কণিকা নাই। কাৰণ, আহিত কণিকাবোৰ ইতিমধ্যে লগ লাগি আধানবিহীন পৰমাণু হৈ পৰিল, যিহেতু হাইড্ৰজেন পৰমাণুটোৰ কোনো আধান নাই, কাৰণ প্ৰটন আৰু ইলেকট্ৰন অধানটো সমান আৰু বিপৰীত। তেনেকৈ আধানবিহীন হৈ গ’ল বিশ্বব্ৰহ্মাণ্ডখন। তাৰ পিছত যিখিনি ফ’টন ঘূৰি ফুৰিছিল, সেইখিনি মাথোঁ তাত বিচৰণ কৰি থাকিব, কাৰণ ফ’টনবিলাকে কেৱল আহিত কণিকাৰ লগতহে আন্তঃক্ৰিয়া কৰে। গতিকে, সেই ৩৮০,০০০ বছৰটো এটা বৰ গুৰুত্বপূৰ্ণ যুগ, কাৰণ সেই সময়খিনিত হাইড্ৰজেন পৰমাণুবোৰ গঠন হৈ গ’ল। পোহৰ যিখিনি আছিল, সেই পোহৰখিনি সেই সময়ৰ পৰা এতিয়ালৈকে, পদাৰ্থবিজ্ঞানৰ ভাষাত যাক “মুক্ত সোঁত” (free stream) বুলি কওঁ, সেই হিচাপে ঘূৰি ফুৰিছে। সি কাৰোৰে লগত আন্তঃক্ৰিয়া কৰা নাই, আন্তঃক্ৰিয়া কৰিবলৈ আহিত কণিকা পাব লাগিব, আহিত কণিকা নাইকীয়া হৈ গ’ল বিশ্বব্ৰহ্মাণ্ডখনত। সি তেতিয়াৰ পৰা আহি আছে, সেইটোকে আমি Cosmic Microwave Background (CMB) বুলি কওঁ।
গতিকে, এই তিনি মিনিট আৰু এই ৩৮০,০০০ বছৰ – এই দুটা এই ব্ৰহ্মাণ্ডখনৰ অতি গুৰুত্বপূৰ্ণ সময়। আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাই ইতিমধ্যে প্ৰমাণ কৰিছে যে এই সময়কেইছোৱাতেই উল্লিখিত পৰিঘটনাবিলাক হৈছিল। গতিকে এইকেইটাক আমি সলাব নোৱাৰোঁ। ফলত, যদি আমি কোনো ব্যাখ্যাহীন পৰিঘটনা ব্যাখ্যা কৰিবলৈ কিবা নতুন তত্ত্ব বা সূত্ৰ দিব বিচাৰিছোঁ, সেই সূত্ৰবিলাক তিনি মিনিটৰ আগত হ’লে বেছি ভাল হয়, নহ’লে এই পৰমাণুকেন্দ্ৰ সংগঠন (nucleosynthesis) আৰু Cosmic Microwave Background ৰ সাফল্যই নতুন সূত্ৰবিলাকক যথেষ্ট প্ৰভাৱিত কৰিব পাৰে বা নাকচ কৰিও দিব পাৰে।
মঞ্জিল: আপোনাৰ কথাখিনি শুনি মোৰ মনত বহুতো প্ৰশ্ন জাগিছে, কিন্তু মই গোটেইখিনি নোসোধোঁ। মই কেৱল এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকে অৰ্থাৎ পদাৰ্থবিজ্ঞানীসকলে কেনেকৈ নিৰ্ধাৰণ কৰে যে এই সময়টো তিনি মিনিট হৈছে বা ৩৮০,০০০ বছৰ হৈছে? সেই সময়টো কেনেকৈ আপোনালোকে নিৰ্ধাৰণ কৰে?
দেবাশীষ বৰা: হয়। হয়। সময়ৰ হিচাপটো গম পোৱা যায় উষ্ণতাৰ পৰা। উষ্ণতা মানে হৈছে পশ্চাদপটত ঘূৰি ফুৰা ফ’টনবিলাকৰ শক্তিখিনি। সেই ফ’টনৰ শক্তিখিনি হাইড্ৰ’জেনৰ আধানীকৰণ শক্তিতকৈ বেছি হ’লে সি পৰমাণু গঠিত হোৱাৰ লগালগ আকৌ খুন্দিয়াই ভাঙি পেলাব। ফ’টনৰ শক্তিয়ে মেক্স প্লাংকৰ “ব্লেক বডি বিকিৰণ”ৰ বৰ্ণালী মানি চলে, আৰু ইয়াৰ পৰাই আমি ফ’টনৰ শক্তিৰ পৰা ফ’টনৰ উষ্ণতা গম পাব পাৰোঁ। বৰ্তমানৰ যি Cosmic Microwave Background ৰ উষ্ণতা, আৰু হাইড্ৰ’জেনৰ আধানীকৰণ শক্তিৰ লগত জড়িত যিটো উষ্ণতা, সিহঁতৰ মাজৰ পাৰ্থক্য প্ৰায় ১১০০ একক। বিভিন্ন পৰীক্ষাৰ পৰা আমি বৰ্তমানৰ ফ’টনৰ উষ্ণতাৰ কথা ভালকৈয়ে জানো, আৰু আমি এইটোও জানো যে কিমান উষ্ণ অৱস্থাত হাইড্ৰ’জেন পৰমাণু গঠিত হৈছিল, অৰ্থাৎ ১৩.৬ eV তকৈ অলপমান কম শক্তিত। এই ১১০০ একক উষ্ণতাৰ পৰাই আমি কিমান সময় পাৰ হ’ল, সেইটো উলিয়াই ল’ব পৰোঁ, কিয়নো উষ্ণতা আৰু সময়ৰ মাজত এক প্ৰত্যক্ষ সম্পৰ্ক আছে। তেনেকৈ, সেই তিনি মিনিটৰ ক্ষেত্ৰত আমি পোৱা শক্তিৰ পৰিমাণ MeV মাত্ৰাত জুখিব পাৰি, কাৰণ পৰমাণুকেন্দ্ৰৰ বন্ধন শক্তি MeV মাত্ৰাত থাকে। আনহাতে, পৰমাণুৰ বন্ধন শক্তি eV মাত্ৰাত থাকে। ১ MeV = \text{১০}^\text{৬} eV, গতিকে এই দুটা শক্তিৰ মাজত ছয় পৰিমাণ-ক্ৰমৰ পাৰ্থক্য আছে। এই পাৰ্থক্য বা অনুপাতৰ পৰাই আমি উলিয়াব পাৰোঁ যে পৰমাণু-কেন্দ্ৰবোৰ গঠিত হওঁতে ব্ৰহ্মাণ্ডখনৰ বয়স তিনি মিনিট হৈছিল। যিহেতু বিশ্বব্ৰহ্মাণ্ড অধ্যয়নৰ ক্ষেত্ৰত সময়ৰ পাৰ্থক্যটো বহুত ডাঙৰ, অৰ্থাৎ শূন্যৰ পৰা চৈধ্য বিলিয়ন বছৰ পায়গৈ, গতিকে পদাৰ্থবিজ্ঞানীসকলে সাধাৰণতে সময়ৰ হিচাপটো পোনপটীয়াকৈ ব্যৱহাৰ নকৰে, যিহেতু ইমান ডাঙৰ সময়বোৰ লিখিবলৈয়ো অসুবিধা। আমি সেইকাৰণে সময়ৰ ঠাইত উষ্ণতা ব্যৱহাৰ কৰোঁ, কাৰণ উষ্ণতাৰ পৰাই আমি শক্তিৰ তথ্য পাওঁ, আৰু শক্তিৰ তথ্যয়েই পদাৰ্থবিজ্ঞানৰ সমূহ তত্ত্ব বা সূত্ৰ নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰ উপৰি “ৰেড শ্বিফ্ট” বুলিও এটা বস্তু আছে, যিটো পোহৰৰ ড’প্লাৰ পৰিঘটনাৰ (Doppler effect) পৰা আহে। এই ৰেড শ্বিফ্টৰ লগত আমি সময় আৰু দূৰত্ব: এই দুয়োটাৰেই সম্পৰ্ক স্থাপন কৰিব পাৰোঁ।
মঞ্জিল: মহাজাগতিক পশ্চাদপদ বিকিৰণৰ বিষয়েও দুটামান প্ৰশ্ন আছে, কিন্তু মই মাত্ৰ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। আপুনিও হয়তো এইটো দেখিছে, বা মই ভালে সংখ্যক ব্লগ, টুইটাৰ আপডেট আৰু ফেচবুকত দেখিছো এখন চিত্ৰ শ্বেয়াৰ কৰা হয়, মহাজাগতিক পশ্চাদপদ বিকিৰণৰ, আৰু কয় যে বিগ বেং হৈছে বুলি এইখনেই প্ৰমাণ। তেনেকুৱাধৰণৰ আপুনি দেখিছেনে? তাৰ বৈজ্ঞানিক তত্ত্ব টো কি?
দেৱাশীষ বৰা: হয়, সেইটোৱেই। মই যিটো কলোঁ, ৩ মিনিট আৰু ৩৮০,০০০ বছৰ, এই দুটা সময়ত যি দুটা ঘটনা হৈছিল, এটা হৈছে হাইড্ৰ’জেন পৰমাণু গঠন হৈছে ৩৮০,০০০ বছৰত আৰু আনটো হৈছে নিউক্লিয়াছ গঠন হৈছে, মানে পাতল ভৰৰ নিউক্লিয়াছ, অধিকাংশ হিলিয়াম। এই দুটা মুহূৰ্তক বিগ বেং সূত্ৰটোৰ দুটা সফলতাৰ খুটা বুলি ক’ব পাৰি। মহাজাগতিক পশ্চাদপদ বিকিৰণ পৰিঘটনাটো যেতিয়া পেনজিয়াছ আৰু ৱিলচনে আবিষ্কাৰ কৰিছিল, ৬৫ নে কেতিয়া, তাৰ আগতেই বহুতো তাত্ত্বিক পদাৰ্থবিজ্ঞানীয়ে গম পাইছিলেই। যিকেইজনে বিগ বেং সূত্ৰটোত বিশ্বাস কৰিছিলে, এটা উদাহৰণ হৈছে পীবলছ, তেওঁ যোৱাবছৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা পাইছে, তেওঁ আৰু তেওঁৰ যিজন সহকৰ্মী, তেওঁলোকে সেইসময়ত কেইবাখনো অগ্ৰণী গৱেষণা-পত্ৰ লিখিছিল। সেই সময়ত, অৰ্থাৎ ৬১-৬৫ মানত বহুতো কাম হৈছিল বিগ বেং সূত্ৰৰ সম্পৰ্কত। বিগ বেং সূত্ৰটো কি হয় যে, বিশ্বব্ৰহ্মাণ্ডখন একেবাৰে সৰু আকাৰৰ পৰা প্ৰসাৰিত হৈ গৈ আছে। সৰু আকাৰ থাকোতে মৌলিক কণাবোৰ আছিল আৰু যিহেতু আকাৰ বাঢ়ি বাঢ়ি গৈ থাকিব, তাৰ লগে লগে তাপমাত্ৰা কমি আহি থাকিব। এটা সময়ত কি হ’ব, তাপমাত্ৰাটো আয়নীকৰণ বিভৱতকৈ কমি যাব। তেতিয়া প্ৰ’টন আৰু ইলেকট্ৰন লগলাগি হাইড্ৰ’জেন পৰমাণু গঠন হ’ব। যিহেতু বিশ্বব্ৰহ্মাণ্ডৰ তাপমাত্ৰা আয়নীকৰণ বিভৱতকৈ কমি গ’ল, গতিকে চাৰিওফালে ঘূৰি ফুৰা যিবোৰ ফটন বা পোহৰ আছে সেইখিনিয়ে পৰমাণুটো আকৌ বিভক্ত কৰিব নোৱাৰে। বিগ বেঙৰ সূত্ৰৰ পৰা আমি জানো যে প্ৰথমে একেবাৰে সৰু আকাৰ থাকোতে মৌলিক কণাবোৰ আছিল, ডাঙৰ হৈ যোৱাৰ লগে লগে তাপমাত্ৰা কমি আহিব আৰু তেতিয়া কি হ’ব যে এই বাউণ্ড ষ্টেট, মানে দুটা কণা মিলি এটা হোৱা, এই পদাৰ্থবিলাক সৃষ্টি হ’বৰ কাৰণে গোটেই বিশ্বব্ৰহ্মাণ্ডখনে এটা সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰি দিয়ে, যাতে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ পৰিঘটনাবোৰ হৈ থাকিব পাৰে। সেইটো কাৰণেই, যিহেতু আমি জানো যে কেনেকৈ হাইড্ৰ’জেন পৰমাণু সৃষ্টি হ’ল আৰু তাৰ পৰিণামটো কি, যিহেতু মই প্ৰথমতে কৈছো যে এটা সূত্ৰ আগবঢ়ালেই নহ’ব, কেনেকৈ প্ৰমাণ কৰিম সেইটোও জানিব লাগিব। কাৰণ বিশ্বব্ৰহ্মাণ্ডখনত আমিতো পিছুৱাই গৈ একো কৰিব নোৱাৰোঁ, আমাৰ সেইটো একো স্বাধীনতা নাই। পীবলছ বা সেইটো সময়ৰ যিসকল তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল, তেওঁলোকে কৈছিল যে এই পোহৰটো যিটো আহি আছে ৩৮০,০০০ বছৰৰ পৰা, সেই পোহৰটো দেখা যাব লাগিবই। কাৰণ যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনৰ আধানীকৃত কণাবোৰ নাইকিয়া হৈ গ’ল, কণাবোৰ ইটো-সিটোৰ লগত লাগি নিউট্ৰেল কণা গঠন কৰি দিলে, তেতিয়া যিবোৰ ফটন মুক্ত হ’ল সেইবোৰ আমাৰ ওচৰলৈ আহিবই লাগিব। কাৰণ গোটেই বিশ্বব্ৰহ্মাণ্ডখন এখন স্বচ্ছ মাধ্যম হৈ গ’ল ৩৮০,০০০ বছৰৰ পিছত। কাৰণ আধানীকৃত কণা নাই। এতিয়া ফটনবোৰ আমাৰ দেৱালৰ মাজেদি কিয় পাৰ হৈ নাযায়? কাৰণ দেৱালখনত আধানীকৃত কণা আছে, সি পাৰ হ’ব নোৱাৰে, আৰু ইটোৱে সিটোৰ লগত ক্ৰিয়া কৰি থাকিব। কিন্তু যদি পৰমাণুবোৰ সুকীয়া সুকীয়া হৈ গ’ল আৰু ফটনবোৰে সেই পৰমাণুবোৰ দ্বিখণ্ডিত কৰিবলৈয়ো শক্তি নাই, গতিকে সি পাৰ হৈ যাব। সেইটো কাৰণেই বিগ বেঙৰ যিটো সূত্ৰ আছিল সেই সূত্ৰটোৱে কয় যে এনেকৈ হাইড্ৰ’জেন পৰমাণু গঠন হ’ল আৰু তাৰ পিছত যিখিনি ফটন আছিল সেইখিনি মুক্তভাবে পৰিবাহিত হৈ গৈ থাকিব।
পৰীক্ষাৰ পৰা ৱিলচন আৰু পেনজিয়াছে সেইটোৱে দেখিলে। তেওঁলোকৰ যিটো এণ্টেনা আছিল, সেই এণ্টেনাটোৰ জৰিয়তে কিছুমান চিগনেল ধৰা পেলাইছিল। যেনেকৈ আমাৰ টিভিটো, আমি আগতে স্কুলত থাকোঁতে যিটো টিভি আছিল, এণ্টেনাটো সঠিক দিশত দিব লাগে, আমাৰ ঘৰৰ পৰা তেজপুৰৰ দিশত দিব লাগে, তেতিয়াহে আমাৰ ঘৰত টিভিৰ চিগনেলটো আহে। এণ্টেনাডাল যদি বতাহত অলপ ইফাল-সিফাল হৈ যায় তেতিয়া ‘নইজ’ এটা আহে। পেনজিয়াছ আৰু ৱিলছনে সেই নইজটো দেখা পাইছিল। তেওঁলোকে ভাবিছিল যে এণ্টেনাটো সঠিক দিশত নাই কাৰণে তেনেকুৱা হৈছে। তেওঁলোকেও এণ্টেনা বহুত ঘূৰালে। ঘূৰাই দেখিলে যে নহয়, এই নইজ চাৰিওফালৰ পৰা আহি আছে, আইছ’ট্ৰপিক। গতিকে বিগ বেং সূত্ৰটোৱে যিটো ক’লে যে যিটো পোহৰ আহিছে সেইটো সকলো দিশৰ পৰা আহিব লাগিব। এটা দিশৰ পৰা আহিলে আমি গম পাম যে কিবা এটা উৎসৰ পৰা আহিছে; কিবা গ্ৰহ বা তৰা বা বেলেগ কিবা উৎস। যদি চাৰিওফালৰ পৰা আহিছে সি জ্যোতিৰ্বিজ্ঞানীয় হ’ব নোৱাৰে। জ্যোতিৰ্বিজ্ঞানীয় বস্তু স্থূপীকৃত হ’ব, হয়তো সূৰ্য্যৰ পৰা আহিছে বা কোনোবা চুপাৰনোভা বা কোনোবা তৰাৰ পৰা আহিছে। যিহেতু তেওঁলোকে দেখিলে যে এণ্টেনাডাল ঘূৰাই-পকাইয়ো কোনো লাভ হোৱা নাই, নইজটো চাৰিওফালৰ পৰাই আহি আছে সেই কম্পনাংকত; তেতিয়া তেওঁলোকে পীবলছ আৰু এই মানুহখিনিক ক’লে যে আমি এনেকুৱা এটা পাইছোঁ, কি ভাবে আপোনালোকে। তেতিয়া তেওঁলোকে নিশ্চিত কৰিলে যে এইটো পৰিঘটনাৰ কথাই বৈজ্ঞানিকসকলে দীৰ্ঘযুগ ধৰি ভাবি আছিল (this is what people were actually thinking for a long time)। এইটো এটা আমাৰ বিগ বেঙৰ সফলতাৰ খুটা বুলি মানুহে গম পালে।
মঞ্জিল: আপুনি উল্লেখ কৰা কাৰণে মই আমাৰ দৰ্শকসকলক বা পাঠকসকলক জনাব বিচাৰিছোঁ যে বিজ্ঞানৰ এনেকুৱা ৰসাল কাহিনী মই পঢ়ি ভাল পাওঁ; আৰু আৰ্ণ’ পেনজিয়াছ আৰু ৰবাৰ্ট ৱিলচনৰ কাহিনীটো মই পঢ়িছোঁ। নইজৰ কাহিনীটো। অতি গুৰুত্বপূৰ্ণ আৰু অতি ৰসাল কাহিনী।
আকৌ মই ঘূৰি আহিব বিচাৰিছোঁ আপোনাৰ গৱেষণাৰ বিষয়ে। মোৰ প্ৰশ্নটো হৈছে যে আপোনাৰ কথাখিনি শুনি এনেকুৱা লাগিছে যে আপোনাৰ গৱেষণা সম্পূৰ্ণ তাত্ত্বিক। নে ইয়াত লাৰ্জ হেড্ৰন কলাইডাৰ (large hadron collider) বা কণা ত্বৰকৰ ডেটা লৈ পৰীক্ষা কৰিও আপুনি কিবা গৱেষণা কৰে?
দেবাশীষ বৰা: মোৰখিনি সম্পূৰ্ণভাবে তাত্ত্বিক। ডেটা এনালাইছিছ মই কৰা নাই আজিলৈকে। ভৱিষ্যতে হয়তো কৰিবও পাৰোঁ। কিন্তু আমি ডেটা এনালাইছিছ নকৰিলেও, লাৰ্জ হেড্ৰন কলাইডাৰ বা CMBৰ যিখিনি ডেটা আছে সেইখিনি ইতিমধ্যে বহুত dedicated গৱেষণা-গোট কিছুমানে এনালাইজ কৰি যিখিনি পৰিণতি হ’ব পাৰে সেইখিনিৰ ধুনীয়াকৈ ব্যাখ্যা আগবঢ়াই থৈ গৈছে। আমাৰ তাত্ত্বিক যিবোৰ কাম সেই কামবোৰৰ যদি কিছুমান পূৰ্বানুমান থাকে আৰু সেই পূৰ্বানুমানবোৰ যদি ডেটা এনালাইছিছ কৰি পোৱা কথাখিনিৰ লগত নিমিলে তেতিয়া আমি গম পাওঁ যে হয়তো কিবা এটা ভুল হৈছে বা কিবা এটা সমস্যা আছে আমাৰ সূত্ৰটোত। অৱশ্যেই, সেইটো কৰোঁতে আমি বিশ্বাসত লওঁ যে ডেটা এনালাইছিছ কৰি যিটো ফলাফল দিছে, সেইটো আমি সম্পূৰ্ণ বিশ্বাসত লওঁ। সেইখিনি ডেটা এনালাইজ কৰাত মোৰ বিশেষজ্ঞতা নাই বা ক্ষমতাও নাই। গতিকে তেওঁলোকৰ এনালাইছিছটোৰ ওপৰত ভিত্তি কৰিহে আমি যিবোৰ তত্ত্ব আগবঢ়াও সেই তত্ত্ববোৰ কোনটো দিশত আগবাঢ়িব লাগিব বা কোনটো তত্ত্ব সেই ডেটাখিনিৰ লগত সহমত প্ৰকাশ কৰে বা নকৰে, সেই তেনেকুৱা সিদ্ধান্ত লোৱাত আমি ডেটা এনালাইছিছৰ ফলাফলবোৰ ব্যৱহাৰ কৰোঁ। কিন্তু raw ডেটা মই আজিলৈকে এনালাইজ কৰি পোৱা নাই।
মঞ্জিল: ধন্যবাদ, আপুনি আপোনাৰ গৱেষণাৰ বিষয়ে ইমানখিনি কথা ক’লে। এতিয়া আমি আমাৰ সাক্ষাৎকাৰটোৰ প্ৰথম ভাগটোৰ সামৰণি মাৰিব বিচাৰিছোঁ। আপোনাৰ লগত আৰু বহু কথা আছে পাতিবলৈ। আমি দ্বিতীয় ভাগত আকৌ আপোনাক লগ পাম আৰু আপোনাৰ লগত কথা পাতিম। পাঠক আৰু দৰ্শকসকলৰ বাবে আমি প্ৰথম ভাগটো ইয়াতে সামৰিছোঁ। দ্বিতীয় ভাগত আমি ড° দেবাশীষ বৰাৰ সতে ভাৰতীয় গৱেষণা, তেওঁৰ ব্যক্তিগত জীৱন আৰু গৱেষণাৰ পদ্ধতিৰ বিষয়ে কথা পাতিম। ধন্যবাদ।
দেবাশীষ বৰা: ধন্যবাদ।
(ইউটিউৱত সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ ইয়াত ক্লিক কৰক।)
No Comments