09 May পদাৰ্থবিজ্ঞানী ড° দেবাশীষ বৰাৰ সৈতে এটি সাক্ষাৎকাৰ (২য় খণ্ড)
মঞ্জিল: দৰ্শকসকলক আকৌ স্বাগতম জনাইছোঁ আমাৰ গণিত চ’ৰাৰ বিশেষ সাক্ষাৎকাৰলৈ। আমি সাক্ষাৎকাৰ লৈ আছোঁ ড° দেবাশীষ বৰাৰ। তেওঁ আইআইটি গুৱাহাটীৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক। ইতিমধ্যে প্ৰথম ভাগত তেওঁ তেওঁৰ গৱেষণাৰ বিষয়ে আৰু ছাত্র-জীৱনৰ বিষয়ে বহুখিনি কথা আমাক কৈছে। এতিয়া দ্বিতীয় ভাগত আমি তেওঁৰ গৱেষণাৰ পদ্ধতি, ভাৰতীয় গৱেষণাৰ ক্ষেত্ৰ আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। আকৌ স্বাগতম জনাইছোঁ ড° দেবাশীষ বৰাক, গণিত চ’ৰাৰ মজিয়ালৈ।
দেবাশীষ বৰা: ধন্যবাদ।
মঞ্জিল: ছাৰ, প্ৰথমতে মই আকৌ ঘূৰি আহিছোঁ আপোনাৰ গৱেষণাৰ বিষয়ে। এতিয়া মই সুধিব বিচাৰিছোঁ, আপোনাৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে। আপোনাৰ এখন গৱেষণা-পত্ৰ আছে, ‘A white paper on keV sterile neutrino dark matter’, য’ত ১০০-১৫০ জন সহ-লেখক আছে আপোনাৰ। কিন্তু আপোনাৰ বাকী গৱেষণা-পত্ৰবোৰ যদি আমি চাওঁ, তেতিয়া আমি দেখোঁ যে খুব সম্ভৱ আপোনাৰ দুই-তিনিজন সহ-লেখক থাকে। এই দুটা পদ্ধতিৰ কেনেকুৱা ধৰণৰ পাৰ্থক্য আপুনি দেখিছে, মানে ১০০-১৫০ জনৰ লগত কাম কৰা আৰু দুই-তিনিজনৰ লগত কাম কৰাৰ মাজত? এইটো প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে, এনেকুৱা ধৰণৰ বৃহৎ সহকাৰ্যতা (collaboration) যিটোক কয়, য’ত ১০০-১৫০ জন মানুহৰ মাজত যেতিয়া গৱেষণা-পত্ৰ এখন লিখে, তেতিয়াহ’লে কি পদ্ধতি ব্যৱহাৰ কৰা হয়? মানে প্ৰত্যেকজনে কেনেকুৱা পদ্ধতি ব্যৱহাৰ কৰে? কাৰ কেনেকুৱা ধৰণৰ কাম থাকে, সেইটো বিষয়ে অলপ জনাব নেকি?
দেবাশীষ বৰা: সেই গৱেষণা-পত্ৰখন, যিখনৰ শিৰোনামটো তুমি কৈছা ইতিমধ্যে, এখন শ্বেতপত্ৰ (White Paper), মানে এখন সমীক্ষা-পত্ৰ (review paper) আছিল। এই বিষয়টোত প্ৰকাশ হোৱা বহুখিনি গৱেষণা-পত্ৰৰ সাৰাংশ (summary) হিচাপে প্ৰস্তুত কৰা হৈছিল, যিটো এই শিৰোনামটোৰ ভিতৰত আহে। আৰু এনেকুৱা ১০০ জন বা আনকি ১০০০ জন গৱেষক লৈয়ো বহুতো গৱেষণা-পত্ৰ প্ৰকাশ হৈ আছে, যিটো সাধাৰণতে উচ্চশক্তি পদাৰ্থবিদ্যা বা ব্যৱহাৰিক উচ্চশক্তি পদাৰ্থবিদ্যা হয়। কাৰণ যিবোৰ সহকাৰ্যতা আছে তাত যথেষ্ট মানুহে কাম কৰে। স্পষ্ট বিৱৰণত, তেওঁলোকে কেনেকৈ কৰে মই সেইটো ক’ব নোৱাৰিম হয়তো। অৰ্থাৎ, কেনেকুৱা ভিত্তিত যোগাযোগ থাকে, কোনে নেতৃত্ব লয় বা কাৰ কিমান যোগদান থাকে, সেইটো জনাটো অকণমান অসুবিধা, কাৰণ সেইটো অকল গৱেষণা-গোটৰ মানুহে গম পাব। কিন্তু আমাৰ যিখন পত্ৰ আছিল সেইখনত চাৰিজন নে পাঁচজন সম্পাদক আছিল, যিয়ে নেতৃত্ব লৈছিল। তেওঁলোক বেলেগ বেলেগ ঠাইৰ পোষ্ট-ডক্টৰেট আছিল আটাইকেইজন। দুজনমান মিউনিখৰ (Munich) আছিল আৰু দুজনমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল। তেওঁলোকে পৃথিৱীৰ বেলেগ বেলেগ ঠাইত থকা যিসকল গৱেষকে এই বিষয়টোৰ সম্পৰ্কত যোৱা চাৰি-পাঁচ বছৰত কাম কৰিছে, মানে keV dark matter বা sterile neutrino dark matter তেওঁলোকক সহযোগ কৰিবলৈ আহ্বান জনাইছিল। এইটোৰ সম্পৰ্কত বৰ বেছি কাম হোৱা নাই ভাৰতত; ইয়াৰ পৰা মই আৰু মোৰ সহকৰ্মী এজনক আহ্বান জনাইছিল। আমাৰ কামটোৱো বহুত সীমিত আছিল, আমি ইমান বিস্তাৰিতভাবে কৰা নাছিলোঁ। আমি সেই বিষয়ত কিছুমান সূত্ৰ আগবঢ়াইছিলোঁ। মই এই সাক্ষাৎকাৰৰ প্ৰথম ভাগত কৈছিলো যে নিউট্ৰিন’ৰ ভৰ কেনেকৈ আহে সেইটো আমি এতিয়ালৈকে গম নাপাওঁ। বহুতে সূত্ৰ উলিয়াই আছে। তেনেকৈ dark matter যদি KeV শ্ৰেণীৰ হয় নিউট্ৰিন’টো তাতকৈ ১০০০০ গুণ পাতল। তেনেকুৱা সৰু সৰু ভৰ থকা কণাবোৰৰ ভৰ কেনেকৈ আহে সেইটো জানিবৰ বাবে বিভিন্ন সূত্ৰ মানুহে আগবঢ়াইছে। সেইটো বিষয়ত আমি কাম কৰিছিলোঁ। আৰু আমাক সেই সম্পাদক কেইজনে কৈছিল যে আপোনালোকে এই বিষয় সম্পৰ্কত যোৱা কেইবছৰমানত কিছুমান কাম কৰিছে, আমি এখন সমীক্ষা-পত্ৰ উলিয়াব বিচাৰিছোঁ, আপোনালোকে যোগদান কৰিব বিচাৰে নেকি। তেওঁলোকে আমাক বিষয়টোও কৈছিল, কাৰণ তেওঁলোকে দেখিছে যে আমি সেই বিষয়ে কাম কৰিছোঁ আৰু সেই বিষয়টো সম্পৰ্কে আমি এটা ভাগ লিখিব পাৰিম নেকি পত্ৰখনত বুলি আমাক সুধিছিল। আমি সন্মতি দিলো, আমি লিখিলোঁ। তেনেকৈ আমাৰ যোগাযোগ অকল সেই সম্পাদকজনৰ লগতহে আছিল। সম্পাদকজনে আমাক যেনেকৈ লিখিবলৈ কৈছিল আমি সেইমতে কৰিছিলোঁ। লিখা খচৰাখন দুই-তিনিবাৰ আদান-প্ৰদান হৈছিল, কিছুমান সংশোধন কৰিবলগা হৈছিল, তেওঁ পৰামৰ্শ আগবঢ়াইছিল। তেনেকৈ কৰি আমি আগবঢ়ালোঁ। কিন্তু বাকী যি ১৫০ জন মানুহ আছে সেই পত্ৰখনত, তেওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ যোগাযোগ নাই। তেওঁলোকে কি লিখিছিল সেইটো আমি পিছত গম পালোঁ, কিন্তু তেওঁলোকৰ লগত আমি কোনো যোগাযোগ কৰা নাই। কিন্তু এক্সপেৰিমেণ্টত কেনেকৈ হয় সেইটো মই ক’ব নোৱাৰিম। সেইটো অধিক সঘন হয় পৰীক্ষামূলকত। প্ৰতিখন পত্ৰতে ১০০ জন বা ১০০০ জনৰ ওপৰত লেখক থাকে; তেওঁলোকৰ হয়তো অলপ জটিল হ’ব বা অকণমান সুকীয়া হ’ব। কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা আছিল।
মঞ্জিল: এতিয়া আপোনাৰ বৈজ্ঞানিক প্ৰক্রিয়াৰ বিষয়ে সুধিব বিচাৰিছোঁ, আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে। আপুনি কি ধৰণে এটা সমস্যা এটা বাছি লয় যে এইটোৰ সম্পৰ্কত আপুনি কাম কৰিব? তেতিয়াহ’লে আপুনি কি ধৰণে সেই সমস্যাটো সমাধান কৰিব বিচাৰে বা কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হয় আপোনাৰ? আপোনাৰ কিবা উদাহৰণ দি ক’ব বিচাৰিলেও ক’ব পাৰে আপুনি।
দেবাশীষ বৰা: প্রথম কথা, কিবা এটা পঢ়ি থাকিলে বা কিবা এটাৰ বিষয়ে ভাবি থাকিলে লাগে যে এইটো এটা হয়তো সমস্যা বা এইটো এটা সাঁথৰৰ নিচিনা, যিহেতু উত্তৰটো মোৰ মনলৈ অহা নাই। সেইটো বিষয়ত আৰু অলপ ভাবিবলৈ চেষ্টা কৰোঁ নিশ্চয়কৈ। কিন্তু যদিহে গৱেষণাৰ দিশলৈ আনিব বিচাৰো বা সেইটো ফালৰ পৰা ভাবিব বিচাৰো, তেতিয়া প্ৰথম কথা এইটো চাব লাগিব যে সেইটো বিষয়ত কি কাম হৈছে। এই বিষয়ত মইয়ে প্ৰথম ভাবিছোঁ নে বেলেগ কোনোবাই ভাবিছিল আগতে। মই সেইটো জানিবলৈ চেষ্টা কৰোঁ, নিশ্চয়কৈ। আৰু ৯৯% সময় এইটোৱেই পাওঁগৈ যে এই কথাটো মাত্ৰ ময়ে ভবা নাই, বহুতে ভাবিছে আগতে আৰু বহুতে কাম কৰিছে। সেইটোৰ পৰা বহু কথা গম পোৱা যায়, শিকিব পৰা যায়। যদি নাপাওঁ, যদি কোনোৱে কৰা নাই, এনেকুৱা হ’ব পাৰে কেতিয়াবা, মাজতে কিছুমান ভাৱধাৰা আহে যে সেইটো বিচাৰি বিচাৰি ক’তো পোৱা নাই। বহুত কম হয় তেনেকুৱা, কিন্তু আহে কেতিয়াবা। তেতিয়া এইটো চাব লাগিব যে কিবা এটা সূত্ৰ যেনিবা দিব বিচাৰিছো, বা কিবা এটা পৰিঘটনা আছে, এই পৰিঘটনাটো ব্যাখ্যা কৰাৰ বহুত উপায় আছে। যেনেকৈ dark matter, বা অন্য কিছুমান, নিউট্ৰিন’ৰ ভৰ বা তেনেকুৱা। মই ধৰা ভাবিলোঁ যে এটা বেলেগ ধৰণে মই দুয়োটা পৰিঘটনা একেলগে এটা সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰিম। তেতিয়া যদি দেখিলো যে সেইটো কাম কোনেও কৰা নাই সেইটোৰ সম্পৰ্কত মই আগবাঢ়িবৰ কাৰণে যিটো আমাৰ আগতীয়াকৈ প্ৰতিষ্ঠিত সূত্ৰ আছে, যাক ষ্টেণ্ডাৰ্ড মডেল বুলি ক’লো, সেইটো মোৰ আৰম্ভণি ক্ষেত্ৰ হ’ব। আমাৰ বিভাগত যিহেতু সেইটো ইতিমধ্যে প্ৰতিষ্ঠিত, তাত তাৰ কোনো সন্দেহ নাই, সেইবাবে সেইটো আৰম্ভণি হিচাপে ধৰি তাৰ পৰা খোজে খোজে আগবঢ়া হয়। আমাৰ তত্ত্বত প্ৰথমতে লেগৰানজিয়ান, হেমিল্টনীয়ান (Lagrangian, Hamiltonian) আদি যিবোৰ গাণিতিক ভাষা ব্যৱহাৰ কৰোঁ, সেইবোৰ লৈ আৰম্ভ কৰোঁ। তাৰ পিছত ধৰা গতিৰ সমীকৰণ (equation of motion) বা লেগৰানজিয়ানটোৱে কণাবোৰৰ বিষয়ে বা ভৰৰ বিষয়ে কি কি ক’ব পাৰে সেই পৰ্যবেক্ষণযোগ্য মাত্ৰাবোৰ গণনা কৰিবলৈ চেষ্টা কৰোঁ। গণনা কৰি উঠি আমি পৰীক্ষাবোৰৰ পৰা পোৱা যিবোৰ ডেটা আছে (মানে চূড়ান্ত ডেটা, মই ডেটা এনালাইছিছৰ কথা কোৱা নাই, উদাহৰণ স্বৰূপে নিউট্ৰিন’ৰ ভৰটো প্ৰটনৰ ভৰতকৈ ১ নিযুত গুণ পাতল) সেইটো প্ৰকাশ কৰিব পাৰিছোঁ নে নাই; বা dark matter ৰ বিষয়ে যদি এটা সূত্ৰ আগবঢ়াও যে dark matter টো মৌলিক কণা বুলি যেনিবা ক’লো মই, মৌলিক কণাটো বাকী মৌলিক কণাবিলাকৰ লগত বিশ্বব্ৰহ্মাণ্ডখন যেতিয়া সৰু হৈ আছিল তেতিয়াই উৎপন্ন হ’ল, কিন্তু বাকী কণাবিলাক গৈ ৫% হ’লগৈ, dark matter ২৬% কেনেকৈ হ’ল। তেনেকুৱা ধৰণৰ বস্তুবোৰ মই গণনা কৰি দেখুৱাব লাগিব। এই দুটা কথা। তৃতীয় কথাটো হ’ল যে মই এটা সূত্ৰ আগবঢ়ালো, কিন্তু মই কি পূর্বাভাষ কৰিছোঁ। মই দেখুৱালো যে মোৰ সূত্ৰটোৱে ইতিমধ্যে আমি (পৰীক্ষাত) দেখা পোৱা বস্তুবিলাক বাখ্যা কৰিব পাৰে, কিন্তু আন হাজাৰ সূত্ৰ থাকিব পাৰে যিবোৰে নিউট্ৰিন’ ভৰ বা dark matter বাখ্যা কৰিব পাৰে। গতিকে মই যিটো সূত্ৰ আগবঢ়ালো সেই সূত্ৰটোৰ নতুন কিবা পূর্বাভাষ আছে নেকি বা লাৰ্জ হেড্ৰন কলাইডাৰেই হওক বা বেলেগ কিবা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ বা ভুল প্ৰমাণিত কৰিব পৰা যাব নেকি, সেইটো অধ্যয়ন কৰাটো মোৰ তৃতীয় পদক্ষেপ। গতিকে, প্ৰথম কথা নতুন কিবা এটা আগবঢ়ালো, গণনা কৰিলোঁ; দ্বিতীয়তে ইতিমধ্যে যদি কিবা পৰীক্ষা আছে তাৰ ফলাফলৰ লগত তুলনা কৰিলোঁ; তৃতীয় পদক্ষেপ হিচাপে সূত্ৰটো তেওঁ কেনেকৈ প্ৰমাণ কৰিব পাৰি সেইটোৰ ওপৰত অলপ কলোঁ। তেনেকুৱাকৈ আগবঢ়া হয় আমাৰ।
মঞ্জিল: আপোনাৰ গৱেষণাৰ কাম কৰোঁতে বা এনেকুৱা ধৰণৰ কিবা সূত্ৰ উলিয়াওতে কিবা আমোদজনক ঘটনা ঘটিছে নেকি, আপোনাৰ গৱেষণাক লৈ?
দেবাশীষ বৰা: তেনেকুৱা আমোদজনক কথা ক’বলৈ গ’লে, এনেকুৱা হৈছে আমাৰ ক্ষেত্ৰত, এইটো মানে ক’বলৈ অকণমান বেয়াও হয় কেতিয়াবা, কিন্তু আমাৰ ফিল্ডত কেতিয়াবা এনেকুৱা হয়, experiment ত নতুন কিবা এটা signal পোৱাটো ইমানেই উৎসাহেৰে বাট চাই থাকে, চিগনেলটো পোৱাৰ লগে লগে আমাৰ ফিল্ডৰ মানুহবিলাক, বহুত ডাঙৰ ডাঙৰ মানুহৰ কথাই কৈছোঁ, অকল আমি বুলি নহয়, মানে সেই পিছদিনাই, experiment ৰ ৰিজাল্টটো যদি কিবা এটা নতুন ৰিজাল্ট পালে, যে ষ্টেণ্ডাৰ্ড মডেলতকৈ বেলেগ কিবা এটা পালো আমি আজি যেনিবা, কাইলৈয়ে, সেই যিটো experiment ত পালে সেইটোৰ উত্তৰটো আজিৰ ৰাতিৰ ভিতৰতে লিখিপেলাই কাইলৈ কেনেকৈ মানে ArXiV ত দিব পাৰি! তেনেকুৱা আমি বহুত উদাহৰণ দেখিছোঁ। ইউৰোপৰে হওক, আমেৰিকাৰে হওক, বহুত মানুহে তেনেকুৱা কৰে। আৰু কৰাৰ একমাত্ৰ কাৰণ এইটোৱেই যে মই যদি প্ৰথম পেপাৰখন লিখিব পাৰোঁ, মই চাইটেছন বেছি পাম, obviously. তেনেকুৱা কিছুমান আমোদজনক ঘটনা হৈছিল। পিএইছডিৰ সময়ত হোৱা নাই, তাৰ পিছত হৈছে। মানে, গোটেই ৰাতি সাৰে থাকি কাম কৰা, তেনেকুৱা দুই-এবাৰ আমি কৰিছোঁ। তাৰপিছত ইমান কৰা নাই আৰু। That was a different type of experience, আৰু ভালো লাগিছিল, to work in a group, staying connected throughout the night and write something. কিন্তু সেইটো চব সময়তে বৰ এটা ভাল বুলি মই নকওঁ। I do not think that we should always rush into these kind of things. আমি এটা সময়ত কৰিছিলোঁ, আমোদজনক বুলিয়েই মই ক’ম সেইটো কথা, কাৰণ এনেকৈ একেলগে গ্ৰুপত ইমান কম সময়ৰ ভিতৰত এটা সূত্ৰ লিখি experiment ৰ লগত fit কৰি, it was fun, but I do not think I would like to do that very often.
মঞ্জিল: আপোনাৰ কথাবিলাকৰ পৰা মোৰ এনেকুৱা ভাৱ হৈছে যে আপোনাৰ গৱেষণাত গণিত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়। হয় নে? শুদ্ধ নে কথাটো?
দেবাশীষ বৰা: হয়, যথেষ্ট হয়। যিটো মই ক’লোঁ, আমাৰ লাগ্ৰাঞ্জিয়ান, হেমিল্টনিয়ানৰ লেভেলৰ পৰা আমাৰ কামবোৰ আৰম্ভ হয়। অতি ফৰমেল মেথেমেটিকছ আমাৰ ব্যৱহাৰ নহয় ইমান, কিন্তু যথেষ্ট use হয়। বেচেল ফাংচনৰ পৰা আৰম্ভ কৰি, অকণমান যদি এবছট্ৰেক্ট ফাললৈ যাওঁ – ট’পল’জী বা তেনেকুৱা মেনিফ’ল্ড, তেনেকুৱা বস্তুবিলাক মই ইমান ব্যৱহাৰ নকৰোঁ, ব্লেকহ’লত কাম কৰা মানুহবিলাকে কৰে। কিছুমান বস্তু ব্যৱহাৰ হয়, উদাহৰণস্বৰূপে: solution of cubic equation, যেনে x^\text{৩}+y^\text{৩}+z^\text{৩}=\text{০} বা কিবা সংখ্যা, আৰু x+y+z equal to some number. তাৰ যিবোৰ মূল (root) হ’ব পাৰে, সেই তেনেকুৱা ধৰণৰ সমীকৰণো কেতিয়াবা সমাধান কৰিবলগীয়া হয়, simultaneous equations. আৰু তাত, তোমালোকে বেছিকৈ জানিবা, তাত যিবোৰ মূল হয়, সেই মূলবোৰ মানে কোনো নিৰ্দিষ্ট মূল নহয়, বহু ধৰণৰ মূল হ’ব পাৰে, জটিল সংখ্যাও হ’ব পাৰে বা বাস্তৱো বহুধৰণৰ হ’ব পাৰে, অসীম সংখ্যক মূল থাকিব পাৰে। তেনেকুৱা ধৰণৰ বস্তু কিছুমানো আমাৰ ব্যৱহাৰ হয়। Preferentially I take only the lowest possible real numbers which are actually solutions of those simultaneous equations. গতিকে সেইটো অকণমান ফৰমেল টাইপত ধৰিব পাৰা। আৰু ট’পল’জী বা ডিফাৰেঞ্চিয়েল জ্যামিতি সেইবিলাক দৰকাৰ হয় যদি curved space বা Riemannian manifold বা অলপ GTR (General Theory of Relativity) টাইপৰ কাম হয়। তেনেকুৱা মই ইমান এতিয়ালৈকে কৰা নাই, কিন্তু কৰিবলগা হ’ব পাৰে। আৰু বাকীখিনি স্পেচিয়েল ফাংচন ব্যৱহাৰ হয়, অৱকলজ সমীকৰণ হয়, মানে সেইবোৰ কেনেকৈ সমাধান কৰিব লাগে, couple differential equation থাকিব পাৰে, চাৰি-পাঁচটা double differential equation সমাধাণ কৰিবলগীয়া হ’ব পাৰে। যেনে dark matter আছে, আৰু কিছুমান স্কেলাৰ ফিল্ড আছে in the whole universe, এইবোৰ time ৰ লগে লগে সেই ফিল্ডবিলাকে কেনেদৰে আচৰণ কৰে, ফটনৰ এটা ফিল্ড থাকিব, ফটনৰ যিটো ৰেডিয়েচন কনটেণ্ট, গতিকে যদি early universe ত যদি আমি গোটেই observable বিলাক বা গোটেই different different content বিলাক কেনেকৈ সময়ৰ লগে লগে সলনি হৈ গৈ থাকে সেইটো জানিবৰ বাবে আমি কিছুমান, couple Boltzmann equation বুলি কয়, সেই Boltzmann equation বিলাক সমাধান কৰিবলগীয়া হয়। মইতো নিজে আজিকালি ইমানকৈ নিউমাৰিকেল কাম বৰ এটা নকৰোঁ, মোৰ ছাত্ৰ-ছাত্ৰীয়ে কৰে। কিন্তু তাত্ত্বিক পৰ্যায়ত ক’বলৈ গ’লে অৱকলজ সমীকৰণবোৰ বেছি সঘনাই ব্যৱহাৰ হয়।
মঞ্জিল: আপোনাৰ কামত কম্পিউটাৰ ব্যৱহাৰ হয় নে? প্ৰগ্ৰেমিং বা নিউমাৰিকেল চিমুলেচন – তেনেকুৱা ধৰণৰ কিবা কাম কৰে নে আপুনি?
দেবাশীষ বৰা: হয়, তেনেকুৱা হয়। চিমুলেচন ঠিক নহয়, মই যিটো ক’লোঁ – অৱকলজ সমীকৰণৰ সমাধান কৰা হয়, সৰু ক’ডিং লিখা হয়, C ক’ড; মেথেমেটিকাততো আজিকালি বহু কামেই কৰিব পৰা যায়, আৰু বহুপদী সমীকৰণ সমাধান কৰিবলৈ মেথেমেটিকাই ব্যৱহাৰ কৰা হয়, এইবোৰত বেছি সময় নালাগে। কিন্তু অৱকলজ সমীকৰণ যদি অলপ জটিল হয়, আৰু যদি অনুকলনৰ পৰিসৰটো যদি খুৱ ডাঙৰ হয় – কাৰণ বিশ্বব্ৰহ্মাণ্ডখন বহু সময় ধৰি প্ৰসাৰ হৈ আছে – তেতিয়া অলপ সময়ৰ প্ৰয়োজন হয়। চুপাৰ-কম্পিউটাৰ পৰ্যায়ত মই ব্যৱহাৰ কৰা নাই আজিলৈকে, সাধাৰণ কম্পিউটাৰ বা ক্লাষ্টাৰতে চলি যায়। পিএইছডি কৰি থাকোঁতে এটা চিমুলেচন কৰিছিলোঁ, মণ্টে-কাৰ্লো চিমুলেচন (Monte Carlo Simulation), তাৰপিছত এতিয়ালৈকে কৰা নাই।
মঞ্জিল: পদাৰ্থবিজ্ঞনৰ শেহতীয়া গৱেষণাৰ বিষয়ে আমি যদি চাওঁ, তেতিয়াহ’লে আমি দেখোঁ যে মহাকৰ্ষণিক তৰংগ ধৰা পেলোৱাটো আৰু কৃষ্ণগহ্বৰৰ প্ৰথম আলোকচিত্ৰ লোৱাটো ডাঙৰ সংবাদ হৈ গৈছে, এই ক্ষেত্ৰখনত। আপোনাৰ মতে অহা পাঁচ বা দহ বছৰত এনেকুৱাধৰণৰ কি আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে?
দেবাশীষ বৰা: এতিয়া যিটো প্ৰচলন হৈ আছে, মোৰ ধাৰণা যে আমাৰ বিষয়ত, মানে উচ্চশক্তি পদাৰ্থবিদ্যাত নতুন যদি কিবা এটা আৱিষ্কাৰ হয় তেন্তে সেয়া মাধ্যাকৰ্ষণ বা মহাকৰ্ষণৰ লগত জড়িত কিবা এটা আৱিষ্কাৰ হ’ব যেন লাগে। এইটো প্ৰচলন হৈ আছে। ব্ৰহ্মাণ্ডবিদ্যা, জ্যোতিঃপদাৰ্থবিদ্যা বা গ্ৰেভিটি – এইকেইটাৰ সম্পৰ্কীয় নতুন কিবা আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে। নিশ্চিতভাৱে, মহাকৰ্ষণিক তৰংগৰ বুলি যে ক’লা, সেইটোত নতুন নতুন বস্তু প্ৰতি বছৰে ওলাই আছে বুলি ক’ব লাগিব। কাৰণ, মহাকৰ্ষণিক তৰংগৰ বহুতো উৎস হ’ব পাৰে। যিহেতু বিশ্বব্ৰহ্মাণ্ডখন ইমানেই ডাঙৰ, ইমান ঘটনা সংঘটিত হৈ আছে ১৪ বিলিয়ন বছৰত, আৰু মহাকৰ্ষণিক তৰংগ যিকোনো ভৰ থকা বস্তুৰ সংঘৰ্ষই হওক বা তেনেকুৱা ধৰণৰ ভৰ থকা বস্তুৰ যিবোৰ পৰিঘটনা হ’ব পাৰে, যিকোনো ধৰণৰ উৎসৰ পৰা মহাকৰ্ষণিক তৰংগ হ’ব পাৰে, ইয়াৰ বহু সংখ্যক সম্ভাব্য আছে। তাৰ কম্পনাংক বা প্ৰভাৱ – এই পৰিসৰটো বেলেগ বেলেগ হ’ব পাৰে, সেইধৰণে আমাৰ বেলেগ বেলেগ পৰীক্ষা হৈ আছে। যিটো LIGO ত হৈ আছে। LIGO য়ে ১ হাৰ্টজ বা ১০ হাৰ্টজ কম্পনাংকত চাব পাৰে। তেনেকুৱা ধৰণৰ আৰু পৰীক্ষা আছে। শেহতীয়া এটা পৰীক্ষা পালছাৰ টাইমিং এৰে (Pulsar timing array) বুলি কোৱা হয়, আমেৰিকাৰ কাম। তেওঁলোকে কিছুমান মহাকৰ্ষণিক তৰংগ পাইছে, যিবোৰৰ কম্পনাংক নেনো-হাৰ্টজত আছে, মানে বহুত কম, যিটো LIGO সংবেদনশীলতাৰ বহু দূৰত, আৰু সেই মহাকাশস্থিত পৰীক্ষাৰেহে চাব পাৰি। তেনেকৈ মহাকাশস্থিত আৰু পৰীক্ষাৰ প্ৰস্তাৱ দি থকা হৈছে। ইউৰোপীয় মহাকাশ সংস্থাই (European Space Agency) ইতিমধ্যে LISA (Laser Interferometer Space Antenna) নামৰ এটা পৰীক্ষা অনুমোদন জনাইছে, যিটোৰ নিৰ্মাণ হৈ আছে, এইটো মহাকাশস্থিত হ’ব। এই মহাকাশস্থিত পৰীক্ষাবোৰে এটা বেলেগ কম্পনাংক আৰু এটা বেলেগ প্ৰাৱল্যত মহাকৰ্ষণিক তৰংগ দেখা পাব। মই যিটো প্ৰথমভাগত কৈছিলোঁ যে আমি কচম’লজিকেল ফেজ ট্ৰেনজিছনৰ (cosmological phase tranition) বিষয়ে কাম কৰি আছোঁ; ইয়াত কি হয় – পানী যদি আমি উতলাও তেন্তে তাত বুদবুদ কিছুমান গঠন হয়, আৰু সিহঁতে ইটোৱে সিটোৰ মাজত খুন্দা মাৰি থাকে আৰু খুন্দা মাৰি পেলাই দুটা লগ হৈ এটাও হৈ যাব পাৰে। পানীৰ কাৰণে এইটো এটা সামান্য কথা, পানীৰ সিমান ঘনত্ব নাই। কিন্তু যদি প্ৰাৰম্ভিক বিশ্বত এনেকুৱা ফাৰ্ষ্ট অৰ্ডাৰ ফেজ ট্ৰেনজিছন হয়, তাতো কিছুমান বুদবুদ গঠন হয়। ফেজ ট্ৰেনজিছনৰ এটা মাত্ৰা থাকে, পানী বা ভাপত ফাৰ্ষ্ট অৰ্ডাৰ হয়, সেইবাবে বুদবুদ গঠন হয়। প্ৰাৰম্ভিক বিশ্বত যদি বুদবুদবোৰৰ সংঘৰ্ষ হয়, সেইটোৱেও এটা বেলেগ ধৰণৰ মহাকৰ্ষণিক তৰংগ দিব। তেনেকুৱাবিলাকো LISA বা তেনেকুৱা মহাকাশস্থিত পৰীক্ষাবোৰত পোৱা যাব। তেনেকুৱা ধৰণৰ দিশত মই আশাবাদী। এনেকুৱা নহয় যে কণিকা পদাৰ্থবিদ্যাৰ পৰীক্ষাগাৰবোৰত একো পোৱা নাযাব, কিন্তু শেহতীয়া ধাৰা যিটো চলি আছে যে হিগছ বছনটো ওলোৱাৰ পাছত লাৰ্জ হেড্ৰন কলাইডাৰত আমি একো পোৱা নাই। একো পোৱা নাই মানে এইটো নহয় যে একো শিকা নাই। লাৰ্জ হেড্ৰন কলাইডাৰে নতুন একো আৱিষ্কাৰ নকৰিলেও বহুতো নতুন সূত্ৰক বাতিল কৰিছে। সেইটো পাঠৰ অংশ। সূত্ৰবোৰ বাতিল কৰাটোৱো এটা ভাল কাম। কণিকা পদাৰ্থবিদ্যাৰ পৰীক্ষাবোৰ তেনেকৈ চলি থাকিব, মই ভাবোঁ। কিন্তু সম্পূৰ্ণ নতুন বস্তু এটা পোৱাৰ সম্ভাৱনা, সেইটো মই ভাবো যে মহাকৰ্ষণিক তৰংগ জড়িত পৰীক্ষাত পোৱাৰ সম্ভাৱনা বেছি আছে।
মঞ্জিল: এতিয়া আমি আহিব বিচাৰিছোঁ ভাৰতীয় গৱেষণাৰ ক্ষেত্ৰখনলৈ। আপোনাৰ মতামত জানিব বিচাৰোঁ, কিছুমান প্ৰশ্ন আছে আমাৰ। প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ যে – আপুনি তেজপুৰ বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল আৰু এতিয়া আইআইটি গুৱাহাটীত অধ্যাপনা কৰি আছে। সেয়েহে আপুনি এই প্ৰশ্নটোৰ উত্তৰ ভালকৈ দিব পাৰিব। ভাৰতত মৌলিক বিজ্ঞানৰ বাবে উচৰ্গিত বহুকেইখন প্ৰতিষ্ঠান আছে, যেনে TIFR, HRI, IMSc, IISER, ইয়াৰ মাজত আইআইটিসমূহো আছে, অৱশ্যে আইআইটিসমূহত প্ৰায়োগিক দিশটোত বেছি গুৰুত্ব দিয়া হয়। এইসমূহৰ লগতে বিশ্ববিদ্যালয়সমূহো আছে। বৰ্তমান সময়ত উচ্চ গৱেষণাবোৰ বিশ্ববিদ্যালয়বোৰৰ পৰিৱৰ্তে এই প্ৰতিষ্ঠানবোৰতহে হৈ আছে। এই বিষয়ে আপোনাৰ মতামত কি? কিয় হৈ আছে? যদি আমি আগৰ, ১৯২০ বা ১৯১০ চনলৈ ঘূৰি যাওঁ, তেতিয়া দেখোঁ যে মেঘনাথ সাহা, চি ভি ৰমন, বা সত্যেন্দ্ৰ নাথ বসু, তেওঁলোকে কিন্তু বিশ্ববিদ্যালয়সমূহতেই গৱেষণা কৰিছিল। এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানত কৰা নাছিল। এই কাৰণটো কি? এই shift টো কিয় হৈছে? বিশ্ববিদ্যালয়ৰ পৰা মৌলিক গৱেষণা প্ৰতিষ্ঠানসমূহলৈ?
দেবাশীষ বৰা: এইটোৰ, মোৰ এটা সীমিত অভিজ্ঞতাৰ পৰা মই ভাবোঁ, অকল এটা কাৰণ বুলিয়েই নহয়, দুই-তিনিটা কাৰণ হ’ব পাৰে। চৰকাৰৰ ফালৰ পৰাও IIT, IISER বা এই ইনষ্টিটিউটবিলাকক যিটো importance দিয়ে বা promote কৰা হৈছে, সেই গুৰুত্বটো মই নাভাবো যে বিশ্ববিদ্যালয়সমূহত সমপৰিমাণে দিয়া হৈছে। সেইটো কাৰণেও হয়তো। পুৰণি কালত ইনষ্টিটিউট কালছাৰটো ইমান এটা নাছিল, may be only TIFR বা IISc আছিল; সেইটো সময়ত বিশ্ববিদ্যালয়বিলাকেই আছিল একমাত্ৰ উচ্চশিক্ষা প্ৰতিষ্ঠান। এতিয়া কি হৈছে, সেই ইনষ্টিটিউটবোৰ হোৱা কাৰণে চৰকাৰৰ ফালৰ পৰাতো promotion টো হৈ গ’ল, funding ৰ ফালৰ পৰাই হওক বা অন্য facility ৰ ফালৰ পৰাই হওক। ইনষ্টিটিউটবিলাকে ভাল ফেকাল্টি বুলিয়েই নহয়, ভাল ছাত্ৰ-ছাত্ৰীবিলাককো attract কৰি লৈ আহে। গতিকে সেইটো এটা non-linear process বুলি ক’ব লাগিব, এটা ইটোৰ জগৰীয়া, ইটো সিটোৰ কাৰণ, সিটো ইটোৰ কাৰণ। বিশ্ববিদ্যালয়বিলাকে, এইটোৱেই নহয় যে অকল চৰকাৰক দোষ দি বিশ্ববিদ্যালয়বিলাকে সদায় ক’ব পাৰিব যে funding নাই। যিমানখিনি পাৰি বিশ্ববিদ্যালয়বিলাকৰ curriculum বা যিটো শিক্ষা-পদ্ধতি সেইটো সময়ৰ লগে লগে অকণমান evolve বা সময়ৰ লগত খাপ খোৱাকৈ যদি আগবঢ়াব পৰা যায়, আৰু পৰীক্ষাৰ যিটো পদ্ধতি, মানে স্ক’ৰ কৰাটো বা গ্ৰেড পোৱাটো বা CPI, এই বস্তুবিলাক স্ক’ৰ অৰিয়েণ্টেড নহৈ অলপমান knowledge অৰিয়েণ্টেড হ’ব লাগে, মানে কি শিকিছে সেইটো গুৰুত্ব দিয়াটোও অলপ প্ৰয়োজন। সেইটো অকল বিশ্ববিদ্যালয় বুলিয়েই কোৱা নাই, এইটো আচলতে ইনষ্টিটিউটবিলাকতো সোমাই পৰিছে। মানে কি শিকিছে বা কিমান শিকিলো সেইটোত গুৰুত্বটো বেছি দিব লাগে, মই ভাবোঁ। অকল CPI নাইন পইণ্ট চামথিং, এইট পইণ্ট চামথিং এইটোৱেই হ’ব এইটো নহয়। বিশ্ববিদ্যালয়বিলাকৰ মই ভাবোঁ এইটো মেজৰ কাৰণ। ভাল ফেকাল্টি তালৈ নাযায় বা ভাল ছাত্ৰ-ছাত্ৰীও তালৈ নাযায়, আৰু বহুতো বিশ্ববিদ্যালয়ত মই দেখোঁ যে কাৰিকুলামবিলাক অকণমান আউটডেটেড, সময়ৰ লগত সেইটোও খাপ খোৱা নাই। গতিকে মোৰ সীমিত অভিজ্ঞতাৰ পৰা এইকেইটাই কাৰণ যেন লাগে। আৰু হয়তো বহুত কাৰণ থাকিব পাৰে। এইটো এটা কঠিন প্ৰশ্ন আৰু এটা কমপ্লেক্স বস্তু, কিয় কেইবাটাও প্ৰসংগত বিশ্ববিদ্যালয়বিলাক অকণমান বেয়া হৈছে। মই ভাবোঁ এতিয়া বিশ্ববিদ্যালয়বিলাককো অকণমান uplift কৰিব লাগে। মানে চাৰকাৰৰ ফালৰ পৰা। অকল ইনষ্টিটিউট কালছাৰটোৱেই যথেষ্ট নহয়, বিশ্ববিদ্যালয়বিলাককো। University is broader platform for higher education. আমাৰ ইনষ্টিটিউটবিলাক অলপ লিমিটেড, কিছুমান ডিপাৰ্টমেণ্ট থাকে, কিছুমান ব্ৰাঞ্চ থাকে। গতিকে সমানেই ইম্পৰটেন্স দিব লাগে, ভাল ফেকাল্টি recruit কৰিব লাগে, আৰু কাৰিকুলামবিলাক সময়ৰ লগত খাপ খুৱাব লাগে; পৰীক্ষাৰ চিষ্টেমটো অলপ বেলেগ কৰিব লাগে, লাৰ্ণিং বেচ্ড হ’ব লাগে, not just scoring based.
মঞ্জিল: আপুনি যিহেতু পাঠদানৰ কথাটো কৈছে, আপোনাৰ মতে বিশ্ববিদ্যালয়সমূহৰ যিবোৰ ক’ৰ্চ-কাৰিকুলাম আছে বা আইআইটিৰ যিটো আছে, সেইটোৰ মানদণ্ড কেনেকুৱা?
দেবাশীষ বৰা: নহয়, আমি যদি অকল চিলেবাছটো চাওঁ, যদি চিলেবাছটোকে চোৱা যায়, কিছুমান পাৰ্টিকুলাৰ ক’ৰ্চৰ for example, চিলেবাছটো চাই এনেকুৱা নালাগে যে কিবা এটা বৰ এটা বেছি পাৰ্থক্য আছে। চিলেবাছত কনটেণ্ট-ৱাইছ সকলো বস্তুখিনিয়েই থাকে যেন লাগে। কিন্তু তাত কিমানখিনি cover হয় বা কিটো লেভেলত cover হয়! এতিয়া ছাত্ৰ-ছাত্ৰীবিলাকক মই বিভিন্ন ইণ্টাৰভিউ লৈ দেখোঁ যে কিছুমান টপিকৰ ওপৰত বহু কথা কৈ দিব পাৰে। যেনে ব্লেকহ’ল কি? ব্লেকহ’লৰ বিষয়ে বহুত কৈ দিব পাৰে ষ্টুডেণ্টে। কিন্তু ধৰা, মই যদি এতিয়া basic, simple এটা question সোধো, ক্লাছিকেল মেকানিক্সৰে হওক বা মেক্সৱেল ইকুৱেছনৰ সম্পৰ্কতে হওক, ইলেক্ট’মেগনেটিজিমৰ সম্পৰ্কতে হওক, অতি basic কথা ধৰা, যিবোৰ ধৰা বিএছচিতো মানুহে পঢ়ে, এনেকুৱাত কিছুমান doubt থকা দেখা যায়। গতিকে অকল টপিকবোৰ পঢ়িলেই নহ’ব, মই ভাবোঁ। আমি, ষ্টুডেণ্ট, আমি সকলোৱে basic যিটো বস্তু সেই বস্তুটোত গুৰুত্ব দিব লাগে। যিখিনি fundamental, যিখিনি ইকুৱেছনছেই হওক বা থিয়ৰিয়েই হওক, এইখিনি building block. নিউটৰ সূত্ৰ পৰা আৰম্ভ কৰি মেক্সৱেলৰ সূত্ৰলৈকে, ক্লাছিকেল মেকানিক্সলৈকে। এই ডিটেইলছত কিবা এটা কাম কৰিব পৰা যিটো আগ্ৰহ বা যিটো অভিজ্ঞতা, সেইটো মই ভাবো সুদূৰপ্ৰসাৰী। সেইটো বহুত দিনলৈকে লগত থাকি যায়। কিন্তু মই আজি কিবা এটা টপিকৰ বিষয়ে পঢ়ি ল’লোঁ, কাৰোবাক ক’লোঁ, সেইটো মোৰ কাইলৈ মনত নাথাকিবও পাৰে। গতিকে মই ভাবোঁ টপিক-ৱাইছ, কনটেণ্ট-ৱাইছ বস্তুবিলাক আছে, কিন্তু এটা ডেফ্টত যোৱাটো প্ৰয়োজন। সেইটোতো কেতিয়াবা সমস্যা কিছুমান আহে, সেইটো কেতিয়াবা নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীখিনিয়ে কিমানখিনি accept কৰিব পাৰিছে বা মই যিখিনি ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই আছোঁ সেই ছাত্ৰ-ছাত্ৰীখিনিয়ে কিমানখিনি grasp কৰিব পাৰিছে বা কিমানখিনি accept কৰিছে, সেইটোৰ ওপৰতো বহু কথা থাকে। গতিকে এটা general opinion দিয়াটো বহুত অসুবিধা, বেট্ছটোৰ ওপৰতো নিৰ্ভৰ কৰে। মোৰ ফালৰ পৰা মই ভাবোঁ যে ছাত্ৰ-ছাত্ৰীসকলে বা সকলোৱেই basic বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। They should have the courage to work or interest to work out things finer details. Mathematics টো দেখি discourage বা ভয় খাব নালাগে। সেই বস্তুটোত গুৰুত্ব দিলে বেছি ভাল হ’ব বুলি মই ভাবোঁ, instead of just worrying about what is my CPI and what is my final score.
মঞ্জিল: এইখিনিতে মোৰ ব্যক্তিগত কথা এটা মনলৈ আহিছে; মই আপোনাক সুধিব বিচাৰিছোঁ। মই যেতিয়া বিশ্ববিদ্যালয়ত আছিলোঁ, তেতিয়া মই গণিতৰ ছাত্ৰ আছিলোঁ, কিন্তু মোৰ বহুকেইজন বন্ধু আছিল পদাৰ্থবিজ্ঞানৰ ছাত্ৰ। আৰু মই সৰুৰে পৰাই পদাৰ্থবিজ্ঞানৰ প্ৰতি, আপুনি যিটো প্ৰথমে কৈছিল যে fascination এটা থাকে মানুহৰ, তেনেকুৱা ধৰণৰ fascination মোৰো আছিল। এতিয়াও আছে তেনেকুৱা fascination. তেতিয়া মই মোৰ বন্ধুসকলৰ লগত কথা পাতি এনেকুৱা অনুভৱ হয় যে তেওঁলোকে কিছুমান কিতাপ পঢ়িবলৈ অনিচ্ছা কৰে, বা কিছুমান কিতাপ টান যেন ভাবে। উদাহৰণস্বৰূপে তাত এখন কিতাপৰ নাম মই বহুবাৰ শুনিছিলোঁ, বিশ্ববিদ্যালয়ত থাকোঁতে, ইলেক্ট্ৰ’ডাইনেমিক্সৰ, জেকছন বুলি লেখক এজনৰ কিতাপ। তেওঁলোকে পঢ়িব নিবিচাৰে সেই কিতাপখন, বহুত টান বুলি কৈছিল। পিছত মই তেজপুৰ বিশ্ববিদ্যালয় পাছ কৰাৰ পাছত ICTP ত ডিপ্লমা এটা কৰিছিলোঁ, তাত আমাক ডিফাৰেঞ্চিয়েল ইকুৱেছনৰ ক’ৰ্চ এটা পঢ়ুৱাইছিল, সেইটো বহুত উচ্চ খাপৰ ক’ৰ্চ এটা হৈছিল। তাতে আমাক সেই জেকছনৰ কিতাপখনৰ পৰা কিছুমান অনুশীলনী পঢ়িবলৈ আমাক উৎসাহ যোগাইছিলে, শিক্ষকজনে। তেতিয়া মই সেই জেকছনৰ কিতাপখন পঢ়িবলগীয়া হৈছিলে, মই নিজেই। এনেকুৱা ধৰণৰ এটা pear-pressure পোৱা mentality এটা আছে নেকি যে কিছুমান কিতাপ চুব নোৱাৰি, কিছুমান কিতাপ পঢ়িব নোৱাৰি। তেনেকুৱা ধৰণৰ, আপুনি ভাবে নেকি যে ছাত্ৰ-ছাত্ৰীসকলক পিছুৱাই নিছে সেই তেনেকুৱা ধৰণৰ কিছুমান মানসিকতাই।
দেবাশীষ বৰা: হয় হয়, সেইটো মই definitely ভাবোঁ। In fact, মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, কিছুমান কিতাপৰ প্ৰতি মোৰো তেনেকুৱা এটা ভাৱ আছিল। জেকছনৰ কথা কোৱা নাই, জেকছনতো আমাৰ কাৰণ বাধ্যতামূলক আছিল, আমাৰ কোনো অপছন নাছিল জেকছন নপঢ়োঁ বুলি ক’বলৈ বা আঁতৰাই ৰাখিবলৈ। কিন্তু কিছুমান বিষয়, যেনে solid state physics বা condense matter physics তেনেকুৱা কিছুমান, সেইটো বিষয়ৰ কিছুমান কিতাপৰ প্ৰতি মোৰ সেইটো সময়ত এটা অনীহা আছিল। গতিকে মই ভাবোঁ এইটো এটা একদম natural কথা, হ’ব পাৰে, আৰু সেইটো আমি overcome কৰিব পাৰিব লাগিব। আৰু জেকছনতো একদম, তুমি যেনেকৈ ক’লা, এইখন এখন ষ্টেণ্ডাৰ্ড text-book, all over the world. এটা disadvantage জেকছনৰ আছে যে CGS unit টো ব্যৱহাৰ কৰে, SI unit টো নকৰে, সেইটোকাৰণে physics ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অকণমান টান পায়, নটেছনবোৰ নিমিলে। কিন্তু জেকছনৰ কোনো বিকল্প নাই। আৰু সেই মেছেজটো কি হয়, এই মেছেজটো চিনিয়ৰৰ পৰা জুনিয়ৰলৈ যায়, it gets carried forward, সেইটো কাৰণে কি হয় ক্লাছটোলৈ অহাৰ লগে লগেই এটা মানে মেণ্টেল blockade এটা থাকিব পাৰে যে এইখন কিতাপ পঢ়ি লাভ নাই বা এইখন কিতাপ পঢ়িলে মোৰ একো নহ’ব বা তেনেকুৱা। মই ভাবো হয়, যিটো কৈছা সেইটো শুদ্ধ, মই ভাবোঁ।
মঞ্জিল: মই আকৌ ঘূৰি আহিব বিচাৰিছোঁ মৌলিক গৱেষণা কৰা শিক্ষানুষ্ঠান বা বিশ্ববিদ্যালয়ৰ কথালৈ। আৰু এটা কথা তাত জড়িত হৈ আছে যে মহাবিদ্যালয়বিলাকৰ কথা। আগতে মহাবিদ্যালয়বিলাকতো গৱেষণা হৈছিল বা গৱেষণা কৰাৰ এটা প্ৰথা আছিল। যিটো বৰ্তমান সময়ত একেবাৰে নাই যেন লাগে, অসমৰ ক্ষেত্ৰত যদি চাওঁ আমি। আপোনাৰ মতামত কি এই ক্ষেত্ৰত? এইটো হ’ব লাগে নে নালাগে? সেই পৰিবেশটো কিদৰে ঘূৰাই আনিব পাৰি?
দেবাশীষ বৰা: আকৌ কেনেকৈ গৱেষণা কৰাৰ সংস্কৃতিটো আনিব পাৰি সেয়া কোৱাতো অসুবিধা। কিন্তু অসমৰ ক্ষেত্ৰত যদি ক’বলৈ যাওঁ তেন্তে অজিকালি মহাবিদ্যালয়সমূহত যিবোৰ নিযুক্তি হৈছে, তাতে মূলতঃ পিএইছডি কৰি যোৱা ছাত্ৰ-ছাত্ৰীয়েই সোমাইছে, মই দেখাত। মোৰ নিজৰে চিনাকি যথেষ্ট পিএইছডি কৰা ছাত্ৰ-ছাত্ৰীয়ে কলেজত চাকৰি পাইছে। গতিকে মই ভাবো পৰিৱেশটো আগতকৈ ভালহে হ’ব লাগে; কাৰণ আগতে বহু ছাত্ৰ-ছাত্ৰীয়ে এমএছচি কৰিয়েই কলেজত সোমাইছিল। আজিকালি সৰহ সংখ্যকেই পিএইছডি কৰি সোমায়। গতিকে গৱেষণা কৰাটো বেছিহে হ’ব লাগে। নিশ্চয়কৈ কলেজত বিশ্ববিদ্যালয়, আইআইটি বা আন উচ্চস্তৰৰ প্ৰতিষ্ঠানবোৰৰ দৰে সুবিধা পোৱা নাযায়। কিন্তু যিখিনি পোৱা যায়, সেইখিনিকে লৈ সৰুকৈ কিবা এটা আৰম্ভ কৰাটো মই অসম্ভৱ বুলি নকওঁ। কলিকতাৰ যদি উদাহৰণ লওঁ, তেনেহ’লে মই দেখিছো যে মোৰে লগৰে বহুতে সন্ধ্যা-কলেজত চাকৰি কৰিও নিজকে গৱেষণাত নিয়োজিত কৰিছে। হয় যে, আইআইটিৰ অধ্যাপক এজনৰ নিচিনাকৈ বছৰত চাৰি-পাঁচখন পত্ৰ উলিয়াব নোৱাৰিব পাৰে, কিন্তু বছৰত এখনকৈতো উলিয়াইছে। গতিকে সম্পূৰ্ণ বন্ধ হৈ যোৱাতকৈ বছৰত অন্ততঃ এখনৰ কাম কৰিছে, এখন পত্ৰ লিখি উলিয়াইছে। যিমান পাৰি, যিমান সম্ভৱ হয়। কাৰো লগত প্ৰতিযোগিতা নহয় যে মই ইমানখিনি কাম কৰিবই লাগিব। নিজৰে সন্তুষ্টিৰ কাৰণে বা নিজৰ আগ্ৰহটোক আগবঢ়াই নিবৰ কাৰণে মই ভাবো এইটো অসম্ভৱ হোৱাৰ কোনো কাৰণ নাই। আজিকালি কলেজবোৰত সা-সুবিধা আগতকৈ যথেষ্ট বাঢ়িছেও। তেওঁলোকে বিভিন্ন ধৰণৰ অনুদানো পায়, DBT, DST আদিৰ পৰা। আনহাতে নতুনকৈ যিসকল কলেজত সোমাইছে তেওঁলোকৰো যথেষ্ট অভিজ্ঞতা আছে, পিএইছডি কৰি আহিছে তেওঁলোকে। নিশ্চয়কৈ পঢ়ুওৱাৰ দায়িত্বটো কলেজত বহুত থাকে আমাৰ তুলনাত। কিন্তু তাৰ মাজতো মই ভাবো ইচ্ছা থাকিলে কমকৈ হ’লেও, তেওঁলোকে পিএইছডিত কৰি অহা কামটোকে অকণমান হ’লেও আগবঢ়াব পাৰে। অন্ততঃ তাত্ত্বিক বিজ্ঞানত কাম কৰা মানুহখিনিয়েতো নিশ্চয়কৈ পাৰে। তাত কোনো সমস্যা নাই। অৱশ্যে যিসকলে কিছুমান উন্নত পৰীক্ষণৰ বাবে সা-সৰঞ্জাম বা সুবিধা – অত্যাধুনিক সুবিধা ব্যৱহাৰ কৰিব লগা হয়, তেওঁলোকৰ কাৰণে মই জানো যে ই যথেষ্ট প্ৰত্যাহ্বানজনক হয়। কিন্তু অধ্যয়নৰ ক্ষেত্ৰখন সামান্য বেলেগ কৰি বা নিজে কাম কৰা পৰীক্ষণত (experiment) যিখিনি তত্ত্বৰ ব্যৱহাৰ হৈছে, সেই তত্ত্বখিনিৰ সম্পৰ্কতে সৰুকৈ কিবা কৰিব পাৰি। বা গ্ৰীষ্ম আৰু শীতৰ বন্ধৰ সময়ত তেওঁলোকে নিজে পঢ়ি অহা বা অন্য বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানসমূহলৈ যাব পাৰে।
মঞ্জিল: ইয়াৰ লগতে জড়িত এটা প্ৰশ্ন। অসমত বিজ্ঞান শিক্ষা সম্পৰ্কে আপোনাৰ মতামত কি? বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আটাইকে সামৰি আপোনাৰ মতামত?
দেবাশীষ বৰা: বিদ্যালয়বিলাকত বিজ্ঞান শিক্ষা এতিয়া কেনেকুৱা হৈ আছে মই ভালকৈ নাজানো। কিন্তু আমি পঢ়ি থকা সময়ত বিদ্যালয়বিলাকত যি বিজ্ঞান শিক্ষা আছিল, তাক লৈ বৰ এটা ক’ব লগা নাই। মই সেই সময়ত ছাত্ৰ হিচাবে যথেষ্ট সুখী আছিলোঁ। মই চৰকাৰী বিদ্যালয়ত পঢ়া, আৰু আমাৰ সময়ত শিক্ষকসকলো যথেষ্ট ভাল আছিল, যত্ন লৈছিল। এটা হয়তো সমস্যা আছিল যে আমাৰ কোনো পৰীক্ষাগাৰ বা তেনেকুৱা কিবা এটা প্ৰদৰ্শন কৰি দেখুৱাব পৰা সুবিধা নাছিল। সেই সময়ত কম্পিউটাৰো নাছিল। আমি সেইবোৰ বস্তু একো নাজানিছিলোঁ। আমি মাত্ৰ শিক্ষকসকলে যেনেদৰে শিকায়, তাকে কল্পনা কৰি আৰু ভাবি শিকিবলৈ চেষ্টা কৰিছিলোঁ। আজিকালি মই ভাবো, বিদ্যালয়সমূহত বিভিন্ন সৰঞ্জাম তথা প্ৰদৰ্শনৰ সুবিধা আছে। চৰকাৰী বিদ্যালয়সমূহতো এই সুবিধা থাকিব লাগে মোৰ বোধেৰে। গতিকে সেই দিশৰ পৰা মোৰ ক’ব লগা একো নাই। আমি চেষ্টা কৰিব লাগে যাতে ভাল শিক্ষকে নিযুক্তি পায় আৰু চৰকাৰী বিদ্যালয়সমূহ পুনৰ্জীৱিত হয়। কাৰণ মই ভাবো চৰকাৰী বিদ্যালয়সমূহেই শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ড। যদি চৰকাৰী বিদ্যালয়সমূহেই নাইকীয়া হৈ যায়গৈ তেন্তে আমাৰ বহু সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ’ব। এইটো এটা দুখলগা কথা যে আজিকালি চৰকাৰী বিদ্যালয়সমূহলৈ ভাল ছাত্ৰ-ছাত্ৰীবোৰ নোযোৱা হৈছে। অতি দুখীয়া মানুহেও বহু কষ্ট কৰি হ’লেও নিজৰ সন্তানক বেচৰকাৰী বিদ্যালয়ত পঢ়ুৱায় বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ চেষ্টা কৰে। গতিকে চৰকাৰ আৰু সকলোৱে মিলি চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব পাৰোঁ। এই ক্ষেত্ৰত আমি দিল্লীৰ উদাহৰণ লোৱা উচিত।
মঞ্জিল: পুনৰ ঘূৰি আহিছোঁ ভাৰতৰ গৱেষণা ক্ষেত্ৰখনলৈ। দেখা যায় বা এনেকুৱা ধৰণৰ ভাৱ হয় যে ভাৰতৰ শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানীসকল সাধাৰণতে তত্ত্ববিদ, ইয়াত পৰীক্ষণবিদ বহু কম সংখ্যক। ইয়াৰ কাৰণ কি হ’ব পাৰে? এইটো আপুনি সমস্যা বুলি ভাবে নে ইয়াৰ কালছাৰেল বেচিছ আছে ইয়াত? যদি সমস্যা বুলি ভাবে তেন্তে এইটো দূৰ কৰাৰ উপায় কি বুলি ভাবে?
দেবাশীষ বৰা: হয়, এইটো ঠিকেই কৈছা। আমাৰ পদাৰ্থবিজ্ঞানত যথেষ্ট তত্ত্ববিদ আছে। আৰু সেইটো সমস্যা হয় নে নহয় সেইটো নিশ্চিত নহয়। কিন্তু নিশ্চয়কৈ আমাৰ পৰীক্ষণবিদৰো (Experimentalist) যথেষ্ট প্ৰয়োজন আছে। কাৰণ অকল সূত্ৰবোৰেই যথেষ্ট নহয়। সেই সূত্ৰবোৰৰ প্ৰকৃতাৰ্থত ব্যৱহাৰৰ বিষয়ে জানিবলৈ আমাক পৰীক্ষণবিদৰ প্ৰয়োজন হয়। মোৰ লাগে ইয়াৰ দুটা কাৰণ হ’ব পাৰে। তাৰে এটা কাৰণ cultural হ’ব পাৰে, যিটো তুমি উল্লেখ কৰিছা। যিহেতু ইতিমধ্যে বহুখিনি তত্ত্ববিদ আছেই, গতিকে যিসকল নতুন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সৈতে গৱেষণা কৰিব তেওঁলোকেও নিশ্চয়কৈ তাত্ত্বিক পদাৰ্থ বিজ্ঞানক প্ৰাধান্য দিব। আনহাতে আজিৰ যুগত বিভিন্ন বিষয়সমূহত যিটো স্তৰৰ পৰীক্ষণ হৈ আছে, তাৰ বাবে প্ৰয়োজনীয় সুবিধাসমূহ সকলো ঠাইত নাই। সেইকাৰণেও কেতিয়াবা কিছুমান বিমুখ হয়। আনহাতে যিসকলে পৰীক্ষণমূলক গৱেষণা কৰি আছে, তেওঁলোকেও গতানুগতিক পৰীক্ষণ কৰি আছে। কাৰণ বিশ্বমানৰ কাম কৰিবলৈ যিটো সুবিধাৰ প্ৰয়োজন হয়, সেয়া হয়তো সকলোতে নাই। নিশ্চয়কৈ IISc, JNCASR এইবোৰ ব্যতিক্ৰম। কাৰণ তেওঁলোকৰ যথেষ্ট সুবিধা আছে। কিন্তু সেই সুবিধাবোৰ সকলো ঠাইত নাথাকিবও পাৰে। আৰু যদিও কিছুমান ঠাইত সাধাৰণ সুবিধা আছে, তাতো কিন্তু বহুসংখ্যক ব্যক্তিয়ে আবেদন কৰাৰ বাবে সকলোৱে সেই সুবিধা গ্ৰহণ কৰাটো সহজ নহয়। কাৰণ বহুসময় ধৰি অপেক্ষা কৰাৰ লগত ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ কথা জড়িত আছে। গতিকে বস্তুটো অলপ জটিল। পৰীক্ষণবিদসকলৰ কাৰণে গৱেষণা খুব প্ৰত্যাহ্বানজনক যেন লাগে, যদিও মই নিজে এজন নহয়। আনহাতে পিএইছডি অথবা পোষ্ট-ডক্টৰেট পৰ্যায়ত বিশ্বমানৰ গৱেষণা কৰি এখন নতুন প্ৰতিষ্ঠানত নিযুক্ত হৈ তাত নিজৰ এটা লেব প্ৰস্তুত কৰি ল’বলৈ যি সুবিধা তথা অনুদানৰ প্ৰয়োজন হয়, সেয়া আমাৰ ইয়াত যথাযথ নহয়। গতিকে মোৰ অনুভৱ হয় যে ক’ৰবাত নহয় ক’ৰবাত সুবিধা পৰ্য্যাপ্ত নহয়, আৰু লগতে cultural tendency এটাও আছে আমাৰ; যাৰ বাবে আমি তত্ত্বৰ প্ৰতি সহজে আকৃষ্ট হওঁ।
মঞ্জিল: এইখিনিতে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে। এইটো কিমান প্ৰযোজ্য মই নজানো, তথাপি আপোনাক সুধিব বিচাৰিছোঁ। আমি তত্ত্ববিদ আৰু পৰীক্ষণবিদসকলৰ সম্পৰ্কে কথা পাতি আছিলো, আৰু আপুনি ক’লে যে সকলো ঠাইতে পৰীক্ষণবিদসকলৰ বাবে পৰ্যাপ্ত সা-সুবিধা নাথাকিবও পাৰে। কিন্তু আমি যদি ছাৰ চি ভি ৰমণৰ জীৱনী পঢ়ো তেতিয়া আমি দেখা পাওঁ যে তেওঁ বহু কম সা-সুবিধা লৈয়েই ইমান ডাঙৰ পৰীক্ষণ কৰি নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। আপুনি ভাবেনে তেনেকুৱা ধৰণৰ কাম এতিয়া সম্ভৱ হ’ব ভাৰতত? চি ভি ৰমণৰ নিচিনা বা তেওঁৰ সহকৰ্মী কৃষ্ণনৰ নিচিনা, তেনেকুৱা ধৰণৰ কাম এতিয়া সম্ভৱ হ’ব পাৰে বুলি আপুনি ভাবেনে?
দেবাশীষ বৰা: এইটো এটা জটিল প্ৰশ্ন। আজিকালি যিবোৰ পৰীক্ষণৰ কথা মই শুনি আছো বা বাতৰিত আহি থাকে বা গৱেষণা-পত্ৰত আহি থাকে, তেনেকুৱা বিশ্বমানৰ বা নোবেল বঁটা বিজয়ীৰ পৰ্যায়ৰ আৱিষ্কাৰ-উদ্ভাৱনৰ বাবে প্ৰয়োজনীয় পৰীক্ষণবোৰ চি ভি ৰমনৰ পৰীক্ষণটোৰ দৰে ইমান সৰল হোৱাতো সম্পূৰ্ণ অসম্ভৱ নহ’বও পাৰে যদিও সহজো নহয়। যিটো এটা সৰল পদ্ধতিৰে পৰীক্ষা কৰিব পাৰি, যিটো হয়তো কোনেও আজিলৈকে ভাবি উলিয়াব পৰা নাই, কিন্তু ই matter of chance, I think, কিন্তু মই অসম্ভৱ বুলি ক’ব নোৱাৰোঁ, কাৰণ মই নাজানো কি কৰিব পাৰি বা কি নোৱাৰি। কিন্তু এতিয়া তেনে হোৱাৰ সম্ভাৱনা তেনেই কম হ’ব, তেতিয়াৰ তুলনাত। আৰু আমাৰ ক্ষেত্ৰখনৰ পৰিসৰো ইমানেই ডাঙৰ হৈ গ’ল সেইটো সময়ৰ পৰা এইটো সময়লৈকে, গতিকে মই ভাবো তত্ত্ববিদৰ কাৰণে কামবোৰ তুলনামূলক অলপ সহজ হয়।
মঞ্জিল: INO (India-based Neutrino Observatory) প্ৰকল্প সম্পৰ্কে আপোনাৰ অভিমত কি? আৰু ভাৰতীয় পদাৰ্থবিজ্ঞানৰ ভৱিষ্যতত ই কেনে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে? সদ্যপ্ৰয়াত গোবিন্দ স্বৰূপৰ নেতৃত্বত নিৰ্মিত Giant Metrewave Radio Telescope য়ে জ্যোতিঃপদাৰ্থবিজ্ঞানত যি প্ৰভাৱ পেলাইছিল, High Energy Physicsত তেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব বুলি ভাবেনে আপুনি?
দেবাশীষ বৰা: ইয়াৰ প্ৰভাৱ সিমান সুদুৰপ্ৰসাৰী হ’বনে নহয় মই নিশ্চিত নহয়। GMRT ৰ কথাটো অলপ সুকীয়া। GMRT ত পৰ্যবেক্ষণবোৰ সদায় লৈ থাকিব পাৰি; কাৰণ বিভিন্ন দূৰত্বৰ উৎসৰ পৰা এতিয়াও পোহৰ ৰশ্মি আহিয়েই আছে। তাৰ পৰা বিভিন্ন তাৰকামণ্ডল, তাৰকাগুচ্ছৰ কথা গম পাব পৰা যাব পিছলৈ সময়ৰ লগে লগে, বহু ঠাইৰ পৰা পোহৰ এতিয়াও আহি পোৱাহি নাই, উদাহৰণস্বৰূপে। কিন্তু INO ৰ উদ্দেশ্যটো আছিল মহাজাগতিক ৰশ্মিসমূহে (সাধাৰণতে প্ৰ’টন) আহি বায়ুমণ্ডলৰ বিভিন্ন অণু-পৰমাণুৰ সৈতে ক্ৰিয়া কৰি যি নিউট্ৰিন’ৰ সৃষ্টি কৰে, সেই নিউট্ৰিন’বোৰ পৰ্যবেক্ষণ কৰা। এই উদ্দেশ্যৰেই ইয়াৰ প্ৰস্তাব ৰখা হৈছিল। ভূপৃষ্ঠৰ অন্তৰ্ভাগত ইয়াক নিৰ্মাণ কৰাৰ প্ৰস্তাব কৰা হৈছিল, কাৰণ নিউট্ৰিন’বোৰ মাটিৰ মাজেৰে বা পাহাৰৰ মাজেৰে পাৰ হৈ যাব পাৰে। বাকী আয়ন কণাসমূহ মাটিৰ মাজেৰে পাৰ হ’ব নোৱাৰে। মাটি বা শিলত লাগি ৰৈ যাব। সেই পৰীক্ষণটোত আইৰণ কেলৰিমটাৰ বুলি এটা detector আছিল। তাৰ জৰিয়তে নিউট্ৰিন’ৰ কিছুমান বিশেষত্ব অধ্যয়ন কৰাৰ পৰিকল্পনা আছিল। যিটো সময়ত ইয়াৰ পৰিকল্পনা কৰা হৈছিল, সেই সময়ত নিউট্ৰিন’ৰ সম্পৰ্কত বহু কথাই জানিবলগা আছিল। কিন্তু লগে লগে ইমানেই প্ৰতিযোগিতামূলক experimental setup বিশ্বত আহি গ’ল, উদাহৰণস্বৰূপে চীন, কোৰিয়া, ফ্ৰান্স, জাপান, আমেৰিকাত আহিল। জাপানতো নিউট্ৰিন’ সম্পৰ্কীয় অধ্যয়নত আগৰে পৰাই গুৰিধৰোতা হৈ আহিছে। বহুকথা মানুহে ইতিমধ্যে গম পায়েই গৈছে, কি কি হ’ব পাৰে। They are just closing down the parameter space of different neutrino observables. তথাপি কিছুমান কথা বাকী আছে জানিবলৈ। যদিও INO প্ৰকল্পটো প্ৰতিষ্ঠা কৰোতে বিভিন্ন কাৰণত বহু পলম হ’ল, তথাপি মই ভাবো ই এক ফলপ্ৰসূ পদক্ষেপ হ’ব। কাৰণ ইয়াৰ জৰিয়তে ভাৰতত সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত এটা experimental setup ৰ সৃষ্টি হ’ব। আনহাতে যদিও কণিকা পদাৰ্থ বিজ্ঞান বা নিউট্ৰিন’ৰ অধ্যয়নত নিউট্ৰিন’ৰ একো আৱিষ্কাৰ কৰিবলৈ নাথাকিলেও, সেই experiment অথলে নযায়; কাৰণ আজিকালি আমি যদি চাওঁ নিউট্ৰিন’ৰ বহু experiment এ কৃষ্ণ পদাৰ্থৰ কাম কৰি আছে আৰু বহু কৃষ্ণ পদাৰ্থৰ experiment এ নিউট্ৰিন’ৰ কাম কৰি আছে। আৰু এবাৰ এই প্ৰকল্পটো হৈ উঠাৰ পিছত ভাৰতত তেনেকুৱা ধৰণৰ আৰু detector গঢ়িবৰ কাৰণে বা বেলেগ কণা ডিটেক্ট কৰিবলৈ বেলেগ ডিটেক্টৰ গঢ়িবৰ কাৰণেওে বেছি সময় নালাগিব। সেই ফালৰ পৰা মই ইতিবাচক বুলিও ভাবো যে ভাৰতে সুকীয়াকৈ সম্পূৰ্ণ নিজাকৈ এনে এটা পদক্ষেপ লৈছে। ভাৰতে CERN ৰ সৈতে বহু আগৰ পৰাই সহযোগ কৰি আহিছে। সৰু সৰু detector সাজি দিছে CERN ক। কিন্তু INO সুকীয়া কাৰণ এই গোটেই কামটো ভাৰতৰ। এইফালৰ পৰা ই এক খুব ভাল পদক্ষেপ। কিন্তু দুৰ্ভাগ্যবশতঃ বহু পলম হৈ গ’ল। পলম নোহোৱা হ’লে হয়তো INO ৰ পৰা বহু নতুন কথা জানিব পাৰিলোহেঁতেন, যিখিনি হয়তো আন আন প্ৰতিযোগী দেশসমূহে ইতিমধ্যে জানিবলৈ সক্ষম হৈছে। আৰু আমি এতিয়াও নাজানো ই সম্পূৰ্ণ কাৰ্য্যক্ষম হ’বলৈ আৰু কিমান দিন লাগিব।
মঞ্জিল: যিহেতু আপুনি ক’লেই যে INO নিৰ্মাণ কৰোতে পলম হৈছে। তৰে এটা কাৰণ হৈছে যে তাৰ স্থানীয় লোকসকলৰ ওপৰত ভুৱা-বিজ্ঞানৰ প্ৰভাৱ এটা পৰিছিল যে নিউট্ৰিন’টো যদি শৰীৰৰ মাজেৰে পাৰ হৈ যায় তেন্তে কিবা অপকাৰ হ’ব নেকি বা radiation হ’ব নেকি জাতীয় সন্দেহৰ সৃষ্টি হৈছিল বুলি শুনিছিলোঁ বা বাতৰি-কাকতত দেখিছিলোঁ। মোৰ প্ৰশ্নটো হ’ল যে সমাজৰ পৰা ভুৱা-বিজ্ঞান কেনেদৰে দূৰ কৰিব পাৰি? এজন বিজ্ঞানী হিচাপে বা এজন গণিতজ্ঞ হিচাপে কিমান সম্ভৱ এইটো কৰিবলৈ আৰু কি কৰিব পাৰি নিজৰ ব্যক্তিগত জীৱনক লৈ বা সমূহীয়াকৈয়ো এখন প্ৰতিষ্ঠানে কি কৰিব লাগে?
দেবাশীষ বৰা: মই ভাবো এই ক্ষেত্ৰত সমাজত একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা সজাগতা আনিব লাগিব। শিক্ষা-ব্যৱস্থাটো সুনিশ্চিত কৰিব লাগিব যে মানুহক যাতে কোনেও ভুৱা-বিজ্ঞানৰ কথা কৈ বিপথে পৰিচালিত কৰিব নোৱাৰে। কিন্তু ক’বলৈ সহজ, ইমান সহজ নহয় এইটো কৰিব কাৰণে। কাৰণ আমাৰ ভাৰতৰ সমাজ-ব্যৱস্থাত, সাংস্কৃতিক-ব্যৱস্থাত বহুতো কাৰক আহি যায়। এনেকুৱাও হয় যে, খুব পঢ়া-শুনা মানুহো সমাজৰ আৰু সংস্কৃতিৰ চাপত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হ’ব লগা হয়। তথাপি মই আশাবাদী। নিশ্চয়কৈ শিক্ষা আৰু সজাগতা দুয়োটাই দৰকাৰ। আৰু INO ৰ ক্ষেত্ৰত হয়তো ইয়াতকৈ কিছু জটিল কিবা কাৰণ থাকিবও পাৰে, মই নাজানো। কোনোবাই হয়তো কাৰোবাক উচতাবও পাৰে বিভিন্ন কাৰণত। তাত এটা বেলেগ ধৰণৰ কাৰকো জড়িত হৈ থাকিব পাৰে। কিন্তু কুসংস্কাৰ আঁতৰাবৰ কাৰণে নিশ্চয়কৈ শিক্ষাৰ প্ৰসাৰ কৰিব লাগিব আৰু সজাগতাৰ সৃষ্টি কৰিব লাগিব।
মঞ্জিল: মই এতিয়া আমাৰ পৰৱৰ্তী পৰ্যায়ত কিছু ব্যক্তিগত কথা আপোনাৰ লগত পাতিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো মোৰ এনেকুৱা ধৰণৰ- আপুনি টুইটাৰ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰে। মইয়ো আপোনাক ফল’ কৰোঁ আৰু দেখিও ভাল লাগে ভাল ভাল লেখা বিলাকৰ লিংক শ্বেয়াৰ কৰে। তাত আপোনাৰ বায়গ্ৰাফীত, টুইটাৰ বায়’টোত লিখা আছে – “physicist, father, husband, coffee, cricket, travel, long drive, photography, assistant professor”। এতিয়া ইয়াতে যদি আমি পদাৰ্থ বিজ্ঞানী আৰু সহকাৰী অধ্যাপক দুটা বাদ দিওঁ, তেন্তে বাকী keyword কেইটাৰ বিষয়ে আপুনি অলপ জনাব নেকি, যেনেকৈ father, husband, coffee, cricket, travel, long drive, photography এইকেইটাৰ বিষয়ে।
দেবাশীষ বৰা: হয়, সেইটো আচলতে মই শেহতীয়াকৈ সলনি কৰিছোঁ। কিন্তু এইটো শেহতীয়া নহয়, কিছুমান নতুনকৈ যোগ হৈছে। Just like father- মোৰ ছোৱালীৰ এতিয়া দুবছৰ হৈছে। তেনেকৈ husband. কিছুমান বহু আগৰেপৰাই আছিল, যেনে cricket. সৰুৰে পৰাই ক্ৰিকেটৰ লগত জড়িত। জড়িত মানে আমি স্কুলত থকাৰ পৰাই ক্ৰিকেট খেলিছোঁ। আৰু পিএইছডি পৰ্যায়তো খেলিছোঁ, তেজপুৰত থাকোঁতেও যথেষ্ট ক্ৰিকেট খেলা হৈছিল ষ্টুডেণ্টৰ লগত। আইআইটি গুৱাহাটীলৈ অহাৰ পিছৰ পৰা অলপ বন্ধ হ’ল। ইয়াত তেনেকুৱা সময় পোৱা নাযায় আচলতে। কিন্তু আমি তেজপুৰত থাকোঁতেতো ষ্টুডেণ্ট-ফেকাল্টিৰ মাজত আমাৰ খেল হৈছিল। মই ষ্টুডেণ্টৰ লগতো আগতে খেলিছিলো, আৰু ষ্টুডেণ্ট-ফেকাল্টি টীম হিচাপেও বেলেগে বেলেগে খেলিছিলোঁ। প্ৰায় প্ৰতি সপ্তাহতে আমি তেজপুৰত খেলিছিলোঁ। সৰুতে ক’বলৈ গ’লে ক্ৰিকেটটোৱেই মোৰ কাৰণে এটা মানে, আমাৰ মই যিহেতু কৈছিলোঁ যে মোৰ প্ৰয়াত দেউতা মই পঢ়া স্কুলখনৰে শিক্ষক আছিল, তেওঁৰ যিখিনি সহকৰ্মী আছিল, তেওঁলোকে মোৰ বিষয়ে ৰিপ’ৰ্ট কৰিবলগীয়া কথা এইটোৱেই আছিল যে মই মানে কেতিয়াবা ক্ৰিকেট খেলিবলৈ গুচি যাওঁ, মানে কিবা মিটিঙত নাথাকো বা ক্লাছত নাথাকো, গুচি যাওঁ। দেউতাৰ মানে দুখ এইটোৱে আছিল যে কিছুমান ক্ষেত্ৰত মই অলপ চিৰিয়াছ নাছিলোঁ, মানে ক্ৰিকেটত বেছি গুৰুত্ব দিছিলোঁ। গতিকে ক্ৰিকেটতো সৰুৰেপৰাই ভাল পাওঁ, চাইয়ো ভাল পাওঁ, খেলিও ভাল পাওঁ, আৰু সেইটো তেজপুৰত থকালৈকে আছিল, আৰু তাৰ পিছত ২০১৫ৰ পিছৰ পৰা ইয়ালৈ অহাৰ পৰা মই মানে খেলা হোৱা নাই। কিন্তু মই খেল চাওঁ, খেল এতিয়াও চাওঁ। আজিও চাই আছিলোঁ আমাৰ ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ টেষ্টখন, টেষ্ট মানে এইখন ট্যুৰ মেটচ। সেইকাৰণে ক্ৰিকেটটো দিয়া হৈছে। আৰু কি আছিল, কফি। কফিটো খাই ভাল পাওঁ মই। কফিৰ টেষ্টটো মানে পিএইছডি কৰাৰ সময়ৰ পৰা, কফিৰ মানে ব্লেক ফিল্টাৰ কফিটোৰ প্ৰতি এটা ভাললগা হ’ল। আগতে ব্লেক টী খাইছিলো, এতিয়া ব্লেক কফি, সেইটো কাৰণে কফিটো দিয়া হৈছে।
মঞ্জিল: এইখিনিতে কথা এটা মনত পৰিছে। এটা কথা আছে যে “A mathematician is a machine for turning coffee into theorem”। পদাৰ্থ-বিজ্ঞানীবিলাকৰ বাবেও তেনেকুৱা কিবা কথা আছে নেকি?
দেবাশীষ বৰা: (হাঁহি), right। পদাৰ্থ বিজ্ঞানৰ বিষয়ে… মইতো যিমানখিনি ক’লিগ পাইছো, সহকৰ্মী পাইছো সকলোৱেই কফি খায়, কফিটো প্ৰিফাৰ কৰে। But what they can turn coffee into that I don’t know. কিন্তু হয়। That’s right. চবেই খায়।
মঞ্জিল: আৰু দুটা keyword আছিল travel আৰু long drive। আপুনি ভ্ৰমণ কৰি ভাল পায়?
দেবাশীষ বৰা: অ’ সেইটোৱেই, ভ্ৰমণ কৰি ভাল পাওঁ আৰু ড্ৰাইভিংটো হৈয়ে থাকে। Every weekend I have to travel to meet my family. এইটোত মই যোৱা নাই, কিন্তু সাধাৰণতে প্ৰতিটোতে যোৱা হয়। সেইটো কাৰণে দিয়া হৈছে।
মঞ্জিল: আপুনি আমাক প্ৰথম ভাগত ইতিমধ্যে কৈছে যে আপুনি ষ্টিফেন হকিঙৰ পৰা বহুখিনি অনুপ্ৰেৰণা পাইছিল স্কুলীয়া জীৱনত। আপোনাৰ প্ৰিয় বিজ্ঞানী তেঁৱেই নে আৰু বেলেগ কোনোবা প্ৰিয় বিজ্ঞানী আছে?
দেবাশীষ বৰা: অ’, এতিয়া প্ৰিয় বিজ্ঞানী বুলি ক’লে, মই পিছত যিহেতু ষ্টিভেন ৱাইনবাৰ্গৰ বিষয়ে বহুত গম পালোঁ, তেওঁ লিখা কিতাপ বা গৱেষণা-পত্ৰ যথেষ্ট পঢ়িলোঁ। অৱশ্যেই হকিঙক মোৰ first crush বুলি ক’ব পাৰি। তেওঁক প্ৰথম ভাল লাগিছিল। কিন্তু I really admire ৱাইনবাৰ্গ also. আৰু তেওঁৰ যিটো সুবিশাল, মানে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ কোনটো বস্তু স্পৰ্শ কৰা নাই তেওঁ, সেইটো ক’বলৈ দিগদাৰ। Astrophysics, quantum mechanics, quantum field theory, cosmology, গোটেই বস্তুখিনিয়েই তেওঁ স্পৰ্শ কৰি গৈছে। So Weinberg is one of the most, যাক মই admire কৰোঁ। আৰু অৱশ্যেই লেণ্ডাউ। লেণ্ডাউক মোৰ ভাল লাগে। বৰ্তমান সময়ত মানে এই দুজন। আৰু হকিংতো আছিলেই আগৰে পৰাই, সেয়া পৃথক পৃথক কাৰণত, পদাৰ্থবিজ্ঞান আৰু সমানে সমানে তেওঁৰ ব্যক্তিগত জীৱনটোৱেও বহুত আকৰ্ষিত কৰিছিল। আৰু প্ৰথম পঢ়িবলৈ পাইছিলো তেওঁৰ বিষয়ে, সেয়ে ভাল লাগে। আৰু ৱাইনবাৰ্গ, লেণ্ডাউ তেওঁলোকৰ ষ্টৰী বা তেওঁলোকৰ লিখাখিনিও ভাল লাগে।
মঞ্জিল: আপুনি ইতিমধ্যে হকিঙৰ কথা যেতিয়া প্ৰথম ভাগতে কৈছিল, তেতিয়া আপুনি কৈছিলে যে তেওঁৰ বিষয়ে লিখা কিতাপ অসমীয়াত পঢ়িবলৈ পাইছিল। তেনেকুৱা ধৰণৰ কিবা কিতাপ আপোনাৰ মনলৈ আহিছে নেকি অসমীয়াত বিজ্ঞানৰ বিষয়ে বা গণিতৰ বিষয়ে। আপোনাৰ ভাল লগা তেনেকুৱা কিতাপ?
দেবাশীষ বৰা: এতিয়াতো তেনেকুৱা মোৰ মনলৈ তেনেকৈ অহা নাই। মই এতিয়া পঢ়াও নাই আচলতে বিজ্ঞানীৰ জীৱনক লৈ লিখা তেনেকুৱা অসমীয়া কিতাপ। মই ঠিক গম নাপাও এতিয়া। এতিয়া মনত অহা নাই আচলতে।
মঞ্জিল: বা ইংৰাজী বিষয়ত কিবা পঢ়িছে যদি। ভাল লগা আৰু যদি ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ আপুনি ক’ব, তেনেকুৱা ধৰণৰ কিতাপ আছে নেকি কিবা?
দেবাশীষ বৰা: ইংৰাজীত আজিকালি আমাৰ ফিল্ডত, মানে cosmology, astrophysics ততো যথেষ্ট কিতাপ আছে। যথেষ্ট কিতাপ লিখা হৈছে, বহুতে লিখে আজিকালি। আমাৰ ফিল্ডত যাৰ ইণ্টাৰেষ্ট আছে, First three minutes খনৰ কথা ক’লোৱেই ইতিমধ্যে, আমি কথা পাতিছোঁৱে, যথেষ্ট ভাল কিতাপ। সেইখন পঢ়িব পাৰে ছাত্ৰ-ছাত্ৰীয়ে। আৰু অসমীয়াত এখন কিতাপ আছিল, মৌলিক কণাৰ ইতিহাস বুলি, কোনে লিখিছিল মোৰ ঠিক মনত পৰা নাই। কিন্তু সেই কিতাপখন out of press হ’ল বুলি মোক কোনোবাই কৈছিল। মই নিশ্চিত নহয়। কিন্তু সেই কিতাপ এখন আছে অসমীয়াত, মৌলিক কণাৰ ইতিহাস বুলি। কিন্তু মই কিনিব বিচাৰিও মানে গোটাব নোৱাৰিলোঁ। আৰু ইংৰাজীততো যথেষ্ট কিতাপ আছে। আৰু সেইমতে পাঠক মানে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পাৰে। কিন্তু একে সময়তে এটা danger আছে এনেকুৱা কিতাপবিলাকৰ, মানে কিতাপবিলাকত বহুত কথা লিখা থাকে in terms of text, আৰু তাত মানে obviously target audience টো হৈছে common people. গতিকে সাধাৰণ মানুহৰ কাৰণে নিশ্চিতকৈ কোনো সমস্যা নাই। তেনেকুৱা কিতাপ পঢ়ি বহু কথা জানিব পাৰে, aware হ’ব পাৰে। কিন্তু আমাৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে সেই কিতাপখিনি পঢ়াৰ লগতে এইটো মনত ৰাখিব লাগিব যে আচল যিটো কাম হ’ব, মানে সেইবিলাকৰ ডিটেইলছত যোৱাৰ, তাত কিন্তু সেই বিএছচি বা এমএছচিত পঢ়া সেই কিতাপবিলাকৰ সমীকৰণবিলাকেই ব্যৱহাৰ হৈ থাকিব। গতিকে সেই বস্তুটো দুয়োটা মিলাই গ’লেহে মানে পদাৰ্থবিজ্ঞানত কিবা কৰিব পৰা যাব। কিন্তু সাধাৰণ পাঠকৰ কাৰণে নিশ্চিতকৈ এতিয়া বহুতো কিতাপেই আছে। So it’s starting from the ‘First three minutes’.
মঞ্জিল: আপুনি এতিয়া আমাক আপোনাৰ দৈনন্দিন কাৰ্যসূচীখন কেনেকুৱা ক’ব পাৰিব নেকি? এতিয়া আমি বুজি পাইছোঁ যে কৰণা মহামাৰীৰ কাৰণে কাৰ্যসূচী হয়তো বহুখিনি সলনি হৈছে। কিন্তু সাধাৰণ পৰিস্থিতিত আপোনাৰ দৈনন্দিন জীৱন বা কাৰ্যসূচী কেনেকুৱা হয়?
দেবাশীষ বৰা: দৈনন্দিন জীৱন, মইতো আইআইটিত ইয়াত কোৱাৰ্টাৰতে থাকোঁ। ইয়াত অকলেই থাকো মই। মোৰ পৰিয়াল তেজপুৰত থাকে। সেয়ে ঘৰৰ গোটেই কামখিনি ময়েই কৰোঁ। ৰাতিপুৱা শোৱাৰ পৰা উঠি, মানে ব্ৰেকফাষ্ট ঠিক কৰাৰ পৰা আদি কৰি তাৰ পিছত অফিচ যোৱা, তাৰ পিছত আকৌ গৈ লান্স কৰা। ক’ৰনাৰ কাৰণে এটা সলনি হৈছে যে আগতে মোৰ ঘৰৰ চাফ-চিকুণ কৰিবৰ কাৰণে এগৰাকী মানুহ আহিছিল, তেওঁ অহা নাই এতিয়া। কিন্তু বাকী ঘৰৰ কাম যেনে খোৱা-বোৱা-ৰন্ধা বা বাকী কিবা-কিবি থাকে, সেইখিনি মই নিজেই কৰোঁ, আগৰেপৰাই কৰোঁ। গতিকে সেইখিনি একেই চলি আছে। মাত্ৰ এটা কাম বাঢ়িছে আৰু, চাফ-চিকুণ কৰাটো অকণমান মানে কৰিবলগা হৈছে। আৰু বাকী weekendত life is simpler. মই তেজপুৰলৈ যাওঁ, মানে পৰিয়ালৰ লগত থাকোঁ। তেনেকুৱাই আৰু। Weekdaysবোৰ অকণমান হেকটিক হৈ যায় সেইটো কাৰণে।
মঞ্জিল: আমি এতিয়া আমাৰ সামৰণিৰ ফালে আহিছোঁ। আমাৰ শেষৰ দুই-তিনিটামান প্ৰশ্ন আছে আপোনালৈ। প্ৰশ্নটো এনেকুৱা যে মৌলিক বিজ্ঞান অধ্যয়ন কৰিম বুলি ভবা ছাত্ৰ-ছাত্ৰীসকল, স্কুলৰ ছাত্ৰ-ছাত্ৰী বা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হওক, আপুনি কেনেকুৱা ধৰণৰ উপদেশ দিব বিচাৰে? ইতিমধ্যে আপুনি কৈছেই, কিতাপৰ প্ৰসংগত। তাৰ বাহিৰেও আৰু কিবা?
দেবাশীষ বৰা: নাই মই সেইটোৱেই কৈছোঁ, basic বস্তুটো গুৰুত্ব দিব লাগে, আৰু খুউব তাৎক্ষণিকভাৱে কোনো এটা বিষয়ৰ সম্পৰ্কে খুব tough opinion এটা, hard opinion এটা create কৰিব নালাগে বুলি মই ভাবোঁ। আৰু আজিকালি মানে কি হৈ গৈছে, মানে inter-disciplinary হৈ গৈছে প্ৰতিটো বস্তু। আমাৰ ফিল্ডত কাম কৰা মানুহেও আজিকালি condensed matterৰ বা solid state physicsৰ বহু pioneering কাম কৰিছে। কাৰণ মই যিহেতু কৈছিলোঁ যে আমাৰ ফিল্ডত কিবা এটা dark matter particle এটা detect কৰিবৰ কাৰণে এটা detector সাজিব লাগিব, আৰু সেই detectorটো solid state ৰে সাজিব লাগিব। সেইটো কোনো মৌলিক কণাৰে সাজিব নোৱাৰি। গতিকে আজিকালি কি হৈছে, অকল high energy কৰিম বুলি ভাবিলেও নহ’ব। বহুত বেলেগ বেলেগ কথাও জানিব লগা হয়। এতিয়া আমাৰ ফিল্ডতে মই যিটো ক’লো, phase trantition ৰ কথাটো ক’লো, তাত hydrodynamicsৰ বহুত বস্তু ব্যৱহাৰ হয়। গতিকে মই ভাবো প্ৰথম কথা basic বস্তুটোক প্ৰথম সদায় গুৰুত্ব দিব লাগে। আৰু খুব এনেকুৱা opinion create কৰিব নালাগে যে মই experiment বেয়া পাওঁ, মই experiment নকৰিমেই। কাৰণ experimentটো এৰি physics হ’ব নোৱাৰে; theory আৰু experiment দুয়োটা একেলগে যাব লাগিব। আৰু theoryৰ ভিতৰতে মই দেখো যে মানে বহু ছাত্ৰ-ছাত্ৰীয়ে সোমোৱাৰ লগতে এটা opinion create কৰি আহে যে মই এইটো নপঢ়ো বা এইটো মই স্পৰ্শয়েই নকৰো, সেই opinionটো create কৰিব নালাগে। High energy ভাল পাওঁ বা জ্যোতিৰ্বিদ্যা ভাল পাওঁ সেইটো ঠিক আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই solid stateটো বেয়া পাম বা মই নুচুমেই solid stateটো। কাৰণ আমি নাজানো যে কোনটো কেতিয়া ব্যৱহাৰ হ’ব। এতিয়া LIGO ত যিটো gravitational wave ৰ আৱিষ্কাৰ হ’ল, নোবেল বঁটা পালে, তাত Optics ৰ ইমানেই ব্যৱহাৰ হৈছে, ইমান sophisticated Optics ব্যৱহাৰ হৈছে, Cold atom ব্যৱহাৰ হৈছে! তেনেকৈ কৃষ্ণ গহ্বৰৰ যিখন আলোকচিত্ৰৰ কথা কৈছিলা সেইটোত যিখিনি Optics ব্যৱহাৰ হৈছে, আৰু এইবাৰৰ যিটো ব্লেক হ’লৰ আৱিষ্কাৰৰ কাৰণে নোবেল বঁটা পালে তাত যিটো Opticsৰ technology ব্যৱহাৰ হৈছে— Adaptive optics বুলি কোৱা হয়। এতিয়া সেই বস্তুটোৰ বিকাশ সাধন নোহোৱা হ’লে আমাৰ গেলেক্সিৰ মাজত যে ইমান ডাঙৰ ব্লেক হ’ল এটা আছে…., সেইটো আৱিষ্কাৰ কৰিবৰ কাৰণে Opticsটোতো ব্যৱহাৰেই হৈছে যথেষ্ট পৰিমাণে। গতিকে ইমানেই inter-disciplinary, যিকোনো, এইটো মই physicsৰ বুলিয়েই নহয়, যিকোনো, মই ভাবো যে সকলো ফিল্ডতে আজি-কালি ইটো সিটোৰ লগত ইমানেই জড়িত হৈ পৰিছে যে আমি অকণমান open minded হ’ব লাগে। মানে বিভিন্ন sub-topic ৰ বিষয়ে। আৰু basic টো সদায় লগত ৰাখিব লাগে, কাৰণ সেইটো সুদূৰপ্ৰসাৰী হ’ব, সেইটো সদায় থাকি যাব। বাকী মানে কিছুমান specific topic ৰ ওপৰত গুৰুত্ব দিয়াতকৈ basic টোত বেছি গুৰুত্ব দিব লাগে। আৰু গৱেষণা আৰম্ভ কৰাৰ লগে লগেতো আৰু নিজৰ পথটো মুকলি হৈয়ে যাব। পিছততো গম পোৱাই যায় আৰু কি কৰিব পাৰি, কি কৰিব নোৱাৰি। মই ভাবো মোৰ ফালৰ পৰা এইকেইটাই মই ক’ম।
মঞ্জিল: ইয়াতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে। দেখা যায় যে, ধৰক মই যিবিলাক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত মই কথা পাতো, প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে গণিত যদি ভালপাও বুলি কয় তেন্তে সংখ্যাতত্ত্বৰ কথা কয়, number theoryৰ কথা কয়। ঠিক তেনেকৈ পদাৰ্থ বিজ্ঞান ভালপাও বুলি যদি কয় তেতিয়াহ’লে হয়তো জ্যোতিঃপদাৰ্থবিজ্ঞান ক’ব পাৰে বা ব্ৰহ্মাণ্ডবিজ্ঞান ক’ব পাৰে। এই দুটা বিষয়েই খুব বেছিকৈ কোৱা হয়। এইটো হয়তো এই fascination যিটোৰ কথা কৈছিল সেইটোৰ কাৰণে হ’ব পাৰে, বা যি কাৰণতেই নহওক, আপুনি এইটো ভাল বুলি ভাবে নে কি বুলি ভাবে এইটো?
দেবাশীষ বৰা: এইটো আচলতে ভাল-বেয়া বুলি একো নাই। এইটো natural একদম। Completely natural. কাৰণ আমি আকাশখন সদায় দেখি থাকো, গতিকে এটা experiment আমাৰ সমুখত হৈ আছে। এতিয়া ধৰা, শনি আৰু বৃহস্পতি গ্ৰহ দুটাৰ দূৰত্বটো কমি কমি আহি আছে। মই সেই দিনাখনেই লক্ষ্য কৰিছো, দূৰত্বটো একদম কমি গ’ল। আগতে বহুত দূৰত থাকে, এতিয়া একদম ওচৰলৈ আহিছে আৰু ২১ ডিচেম্বৰত প্ৰায় merge কৰি যাব। চকুৰ আগত সদায় দেখি থকা ঘটনাবিলাকৰ প্ৰতি এটা ভাল লগা থকাটো স্বাভাৱিক। তাত কোনো বেয়া বুলি নকওঁ। সেইটো ভাল কথা। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বেলেগ একো interesting বস্তু নাই, যিবোৰৰ কিছুমান বস্তু চকুৰ আগত আমাৰ সদায় নাহিবও পাৰে, কিন্তু সেইবোৰ বস্তুও interesting হ’ব পাৰে, মাত্ৰ চাবৰ কাৰণে কিছুমান specific আহিলা আমাক দৰকাৰ হ’ব। গতিকে fascinationটো বেয়া নহয়, কিন্তু সেইটোৰে আমাক মানে কি বুলি ক’ম, আমাক মানে conservative কৰি তুলিব নালাগে যে মই অকল এইটোৱেই পঢ়িম আৰু বেলেগ একোৱেই নাই। গতিকে আন বেলেগ বহুত জানিবলগীয়া আছে। এটা সময়লৈকে সকলো ফিল্ড অকণ অকণ explore কৰি চাব লাগে, কাৰণ বহু বস্তু স্কুলত থাকোঁতে আমি গম নাপাওঁ। ময়ো গম পোৱা নাছিলোঁ। তাৰ পিছত সিদ্ধান্তটো ল’লে ভাল। যে ok, মই এতিয়া গোটেইকেইটা বিষয়ৰ, মানে physicsৰ বিভিন্ন চাৰি-পাঁচটামান বস্তু মই already touch কৰিলোঁ। তাৰ পিছত মই ভাবিলো যে নাই মই এইটোৱেই পঢ়িম। গতিকে মই ভাবো, অকণমান open minded হ’ব লাগে। Fascination is a good thing, but that shouldn’t be the final criteria to decide the life long career.
মঞ্জিল: আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে। সেইটো হয়তো ইমান প্ৰাসংগিক নহ’বও পাৰে; যিহেতু আপুনি আইআইটিত অধ্যাপনা কৰি আছে। আমি যেতিয়া পঢ়ি আছিলোঁ বা এতিয়াও হয়তো সেইটো ইমান সলনি হোৱা নাই। তেতিয়া higher secondaryৰ দুবছৰ physics বা chemistry বা mathematics সেইটো এটা means to an end হৈ গৈছিল। মানে আইআইটি বা ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানত বিষয়বিলাকত পঢ়িবৰ কাৰণে এইখিনি জানিব লাগে, সেইকাৰণে এইখিনি পঢ়া হৈছিল। বহু ছাত্ৰ-ছাত্ৰীয়ে সেইটো কাৰণেই পঢ়িছিল; আৰু প্ৰশ্ন সমাধান কৰিবলৈ তেনেকৈ প্ৰস্তুতি চলাই তেনেকৈ মানে কৰিলে। কিন্তু তাৰে বহু সংখ্যক এনেকুৱাও হৈ গ’ল যে ধৰক, entrance exam clear নকৰিলে, আৰু তেওঁলোকে পিছত গৈ ৰসায়নবিদ্যা বা পদাৰ্থবিদ্যা পঢ়িবলগীয়া হ’ল। সেই তেনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিবা উপদেশ আছে নেকি? তেনে বহু ছাত্ৰ-ছাত্ৰী থাকিব পাৰে যিয়ে আপোনাৰ পৰা জানিব বিচাৰিব পাৰে যে কেনেকৈ এই গেপটো clear কৰিব পাৰি। যিটো গেপ থাকিল স্কুলৰ সময়ত বা হায়াৰ ছেকেণ্ডাৰীৰ সময়ত।
দেবাশীষ বৰা: মানে clear কৰিব নোৱাৰাখিনিৰ কথা কৈছা নেকি?
মঞ্জিল: হয় হয়। মানে ধৰক যিকেইজন ছাত্ৰ-ছাত্ৰীয়ে পদাৰ্থ বিজ্ঞান নপঢ়ো বুলি ভাবিও পঢ়িবলগীয়া হ’ল। তেনে ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিবা ক’ব নেকি?
দেবাশীষ বৰা: সেইটোত অকণমান বেয়া লাগিব নিশ্চয়কৈ যে মই পদাৰ্থ বিজ্ঞান পঢ়িব বিচৰা নাছিলো কিন্তু মই পঢ়িবলগীয়া হৈছে কাৰণ মই ইঞ্জিনিয়াৰিঙত ছীট নাপালোঁ। সেইটোৰ কাৰণে এতিয়া কি বুলি ক’ম, option একেবাৰে নথকাও নহয়। কিছুমান বিষয়ত MTech কৰিব পৰা যায় যদি এমএছচিলৈকে পঢ়া যায়। মানে basic science ত MTech কৰিব পৰা যায়। গতিকে সেইটো লাইনত যাব পাৰি। এটা সময়ত MCA টো জনপ্ৰিয় আছিল, এতিয়া বৰ এটা নহয়। তেনেকুৱা ধৰণৰ কিছুমান কেৰিয়াৰ option আছে। কিন্তু ইঞ্জিনিয়াৰিঙৰ বিষয়ে যদি খুব passionate আছিল কিন্তু তাৰ পিছতো নাপালে, তেতিয়াতো বেয়া লাগিবই। কিন্তু MTechৰ নিচিনা option আছে। আৰু basic science সাধাৰণতে ভাল লাগিলে পঢ়িব লাগে আচলতে। basic scienceটো compulsorily পঢ়াটো মই নিবিচাৰোঁ, কিয়নো কেৰিয়াৰ, job prospect টো basic scienceত এনেইয়ো কম, ইঞ্জিনিয়াৰিং বা মেডিকেল বা অন্য ফিল্ডৰ তুলনাত। গতিকে বেছি passionate বা interest থাকিলেহে basic science পঢ়িব লাগে। কিন্তু যেনেকৈ কৈছা যে কিছুমানে বাধ্যত পৰিও পঢ়িবলগীয়া হয়, তেনেক্ষেত্ৰত lateral যিবোৰ option আছে যে মই এমএছচিলৈকে পঢ়ি MTech কৰিম বা তেনেকুৱা ধৰণৰ option কিছুমান চাব পৰা যায়।
মঞ্জিল: আমি এতিয়া আমাৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। আপোনাৰ পৰা আমি জানিব বিচাৰো যে ‘গণিত চ’ৰা’ৰ প্ৰতি আপোনাৰ কিবা উপদেশ বা কিবা মন্তব্য আছে নেকি?
দেবাশীষ বৰা: গণিত চ’ৰাৰ বিষয়ে…, ফেচবুকত মই ফল’ কৰোঁ। মই আপডেটবোৰ পাই থাকোঁ। তোমালোকে শেহতীয়াকৈ যথেষ্ট ৱেবিনাৰ আয়োজন কৰিছা, মানে এইটো সময়ত। বৰ বিশেষ ক’বলগীয়া নাই, মই যথেষ্ট appreciateহে কৰিছো যে ইমানখিনি তোমালোকে এইটো পৰ্যায়ত; সকলোৱেইতো কিবাকিবি, পিএইছডি, পোষ্ট-ডক্ট আদি কৰিয়ে আছা; এইটো সময়তে গোটেইকেইজনে মিলি ইমানখিনি কৰিছা, আগবঢ়াই নিছা, আৰু for a long time! গণিত চ’ৰাৰ যথেষ্ট সময় হ’ল এতিয়া। I really appreciate. ভাল পদক্ষেপ। এটা উপদেশ আছে, হয়তো তোমালোকে ইতিমধ্যে কৰিছাই, আজিকালি বস্তুবিলাক অনলাইনেই হৈ গৈছে; আৰু যদি অলপ তলৰ পৰ্যায়লৈ গৈ কিবা কৰিব পাৰি, স্কুলত কিবা কেম্প বা তেনেকুৱা। কিন্তু সেইটোৰ কাৰণে আকৌ মানুহখিনি ইয়াত থাকিব লাগিব, সেইটো এটা কথা। তোমালোকে ইমান দূৰে দূৰে থাকি এইটো কৰি আছা। মই ভাবো সকলোৰে আজিকালি ইণ্টাৰনেট আছেই, গতিকে এনেকৈয়ো যথেষ্টখিনি কাম কৰিব পৰা যায়। আৰু তোমালোকেতো কলেজবিলাকৰ লগত মিলি ইতিমধ্যে যিবোৰ ৱেবিনাৰ কৰিছা, কলেজবিলাকৰ লগত মিলি কৰিছা, তেনেকুৱা স্কুলৰ লগতো কৰিছা নেকি কিবা?
মঞ্জিল: নাই, কৰা নাই স্কুলৰ লগত।
দেবাশীষ বৰা: তেনেকুৱাৰ কাৰণে আকৌ বক্তৃতাবোৰো সেইটো পৰ্যায়ৰ হ’ব লাগিব। এতিয়া ধৰা অৰ্ণৱ ভট্টাচাৰ্য্য আছে TIFR ৰ, তেওঁ যিটো পৰ্যায়ত বস্তুবোৰ দেখুৱায়, demonstrate কৰি, তেওঁলোকে প্ৰধানকৈ স্কুলৰ ছাত্ৰ-ছাত্ৰীক মাতে। ‘Chai and Why’ নামৰ প্ৰগ্ৰেম এটা আছে। তেনেকুৱাও যদি ভৱিষ্যতে কৰিব পাৰি যে আমি স্কুল এখনৰ লগত কৰি ল’লো, আমি এনেকুৱা কিছুমান দেখুৱালো, বা কেৰিয়াৰ prospect ৰ বিষয়ে ক’বও পাৰিলোঁ। হায়াৰ ছেকেণ্ডাৰী হ’লেও হ’ব বা স্কুল হ’লেও হ’ব। তেনেকুৱাও পৰিকল্পনা কৰিব পৰা। কিন্তু যিখিনি ইতিমধ্যে কৰি আছা that is very good. So I wish u all the best. Keep it up.
মঞ্জিল: ধন্যবাদ। মই ড° দেবাশীষ বৰাক অশেষ ধন্যবাদ জনাইছোঁ। ইমান সময় আমাৰ মাজত আছে আৰু ইমান প্ৰশ্নৰ উত্তৰ দিছে আৰু অতি ধুনীয়াকৈ বস্তুখিনি বুজাই দিছে। তেওঁৰ গৱেষণাৰ বিষয়ে আমি কথা পাতিলোঁ, ভাৰতৰ গৱেষণাৰ ক্ষেত্ৰখনৰ বিষয়ে আমি কথা পাতিলোঁ আৰু বহুখিনি কথা জানিব পাৰিলোঁ। ধন্যবাদ।
দেবাশীষ বৰা: ধন্যবাদ।
(সাক্ষাৎকাৰটি গ্ৰহণ কৰা আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে জড়িতসকল হ’ল: বিশাল দেৱ (UCL, London), প্ৰিয়াংকুশ ডেকা (JEC), অভিজ্ঞান ৰায় (ICT, Mumbai), স্নেহাশিস পৰাশৰ (IIT Hyderabad), অনামিকা বড়া (DU, Assam), হৃদয়ানন্দ শইকীয়া (UManitoba, Canada), হৃষীকেশ চক্ৰৱৰ্তী (UCAS, China), প্ৰিয়াক্ষী গোস্বামী (CMI), গুণাংগ জ্যোতি গগৈ (QUB, UK), চালিক মিস্কট বৰবৰা (IISc Bangalore), আৰু পংকজ জ্যোতি মহন্ত। অনলাইন মাধ্যমেৰে সাক্ষাৎগ্ৰহণ কৰে মঞ্জিল পি. শইকীয়াই।)
(ইউটিউৱত সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ ইয়াত ক্লিক কৰক।)
No Comments