গণিত ইতিহাসৰ এটি চমু আলোচনা

আজিকালি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো কাম গণিতভাবনা বা গণিত চিন্তাৰ নিৰ্ভৰশীল।  গণিতৰ অবিহনে আজিৰ সভ্যতা তথা সমাজ অচল। জল-স্থল, আকাশ-বতাহ, ব্যৱসায়-বাণিজ্য, হিচাব-পত্ৰ, ৰাষ্ট্ৰপৰিচালনা, বিজ্ঞান-প্ৰযুক্তি — সকলোতে গণিত অপৰিহাৰ্য। গণিত এক বিজ্ঞান। বিজ্ঞানৰ বিভিন্ন শাখাৰ অন্যতম শাখা হ’ল গণিত। তাহানিৰ গ্ৰীক পণ্ডিত এৰিষ্ট’টলৰ মতে গণিত হ’ল পৰিমাপৰ বিজ্ঞান। জাৰ্মান গণিতবিদ কাৰ্ল ফ্ৰেডৰিক গাউচৰ মতে গণিত সকলো বিজ্ঞানৰ ৰাণী। বিজ্ঞানৰ সকলো শাখাতে গণিত ব্যৱহাৰ হয় কাৰণে গণিতক “বিশ্বৰ ভাষা” আৰু “বিজ্ঞানৰ ভাষা” বুলিও কোনো কোনো পণ্ডিত-গণিতবিদে কয়। কোনো কোনো গণিতবিদৰ মতে পৰিমাণ (Quantity), গঠন  (Structure), স্থান (Space), আৰু পৰিৱৰ্তন (Change) বিষয়ৰ অধ্যয়ন বা গৱেষণাক গণিত বোলে। গণিতৰ ইংৰাজী প্ৰতিশব্দ  “ম্যাথেমেটিক্স” (Mathematics) গ্ৰীক শব্দ  “মাথিমা” (μάθημα) পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ বিজ্ঞানৰ জ্ঞান আহৰণ কৰা বা শিকা।

গণিতৰ উৎপত্তি:

পুৰণি প্ৰস্তৰ যুগ মানৱ সভ্যতাৰ আদিম স্তৰ। তেতিয়াৰ মানুহে গুহাত বাস কৰিছিল। খ্ৰীষ্টপূৰ্ব ডেৰ লাখ বছৰৰ পৰা পঞ্চাশ হাজাৰ বছৰৰ আগৰ সময়ছোৱাক পুৰণি প্ৰস্তৰ যুগ বুলি কোৱা হয়। তেতিয়া এক, দুই — এনে সৰল গণনা প্ৰচলিত আছিল। সংগ্ৰহ কৰা ফল-মূল আৰু চিকাৰ কৰা জীৱ-জন্তুৰ হিচাপ ৰাখিবলৈ সিহঁতৰ মগজুত গণনা কৰিব পৰা শক্তি উৎপত্তি  হৈছিল।  তেতিয়া মানুহৰ পাৰিবাৰিক জীৱন আৰম্ভ হোৱা নাছিল। আৰম্ভ হোৱা নাছিল সামাজিক জীৱন। সেই সময়ত  কিন্তু পদাৰ্থৰ ৰূপ সমন্ধে মানুহে ধাৰণা কৰিব পাৰিছিল। গণিত  ভাবনাৰ বিকাশত পদাৰ্থৰ ধাৰণাই অন্যতম  ভূমিকা গ্ৰহণ কৰিছিল। শিলৰ  বিবিধ  সঁজুলি নিৰ্মাণ আৰু জুইৰ ব্যৱহাৰ এই যুগৰ আন এক বিশেষত্ব। বিজ্ঞানৰ ইতিহাসে এই কথা কয়। ইয়াৰ পিছত আৰম্ভ হ’ল — মধ্য প্ৰস্তৰ যুগ আৰু নতুন প্ৰস্তৰ যুগ। গুহা গৃহত বাস কৰা মানুহে সমতল বা হ্ৰদৰ পাৰত একেলগ হৈ সামাজিক জীৱন-যাপনৰ পাতনি মেলিলে। পণ্ডিতসকলৰ মতে, মানুহে সৰ্বপ্ৰথমে একেলগ হৈ  সামাজিকভাবে বাস কৰিছিল ৰুচ মালভূমিৰ লগতে ইউৰোপ, উত্তৰ চীন, দক্ষিণ-পূৱ এচিয়া আৰু ভাৰতবৰ্ষত। একে সময়তে সকলো ঠাইতে নতুন প্ৰস্তৰ যুগৰ সূচনা হোৱা নাছিল। খ্ৰীষ্টপূৰ্ব চাৰি হাজাৰৰ পৰাহে মিছৰ আৰু মধ্য প্ৰাচ্যত নতুন প্ৰস্তৰ যুগ আৰম্ভ হয়। গছ বা জন্তুৰ ছালেৰে গা ঢাকি লাজ নিবাৰণ কৰা মানুহে এই যুগতে হাবিৰ পৰা তুলা সংগ্ৰহ কৰি বা জন্তুৰ নোমেৰে গাৰ কানি-কাপোৰ তৈয়াৰ কৰিছিল। বিৰ্বতন পথৰ যাত্ৰী মানুহে খাদ্য উৎপাদন আৰম্ভ কৰিলে এই যুগতে। এই যুগত মানুহে  মৃৎশিল্প, কাঠ শিল্প আৰু বয়ন শিল্পতো হাত দিলে। এইবোৰৰ নমুনা পোৱা গৈছে  ফান্সৰ কঁপিয়ে চহৰ আদিত  উদ্ধাৰ হোৱা ভগ্নস্তূপৰ পৰা। এই সময়তে মানুহৰ মুখৰ পৰা উচ্চাৰিত হ’ল মনৰ ভাব প্ৰকাশ কৰিব পৰা ধ্বনিগত ভাষা। এই যুগতে আৰম্ভ হয় পৰিবহনৰ বাবে চকা আৰু পণ্যৰ আদান-প্ৰদান। পণ্যৰ আদান-প্ৰদানৰ কাৰণে মানুহৰ প্ৰয়োজন হ’ল উন্নতমানৰ  গণনাৰ। এই উন্নতমানৰ  গণনাই আৰম্ভ কৰিলে গণিত-বিজ্ঞানৰ শুভযাত্ৰা। আজিৰ মানৱ জীৱনৰ প্ৰতিটো ঘটনা, পৰ্যবেক্ষণৰ পৰা হোৱা বোধ, সলনি  আৰু  বৃদ্ধিৰ  হিচাপ-নিকাচ কৰা হয় গণিতেৰে। আজিকালি গণিতে কম্পিউটাৰ  জন্ম দি আয়ত্ত কৰিলে  দিগ্বিজয়। এতিয়া গণিত  আশা কৰাতকৈ বেছি  আগবাঢ়িছে  আৰু এই আগবাঢ়ি যোৱা কাৰ্যই  গণিত-বিজ্ঞানৰ নতুন নতুন  তত্বৰ জন্ম দি স্ৰজন কৰিছে  গণিত-বিজ্ঞানৰ নতুন নতুন  শাখা-প্ৰশাখা।

গণিতৰ  যুগ:

পণ্ডিতসকলে গণিত চৰ্চাক চাৰিটা যুগ বা ভাগত ভাগ কৰিছে— গণিতৰ প্ৰাক ঐতিহাসিক যুগ, গণিতৰ প্ৰাচীন যুগ, গণিতৰ মধ্য যুগ আৰু গণিতৰ আধুনিক যুগ।

ইতিহাসে ঢুকি নোপোৱা যুগটোক প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়। এই যুগত অজ্ঞান আৰু আদিমতাৰ আন্ধাৰত ডুব গৈ থকা মানৱ জাতিয়ে জীৱ-জন্তু, ফল-মূল আদিৰ হিচাপ-নিকাচ ৰাখিবলৈ গণিতৰ জন্ম দিয়ে। এই যুগতে গণিতৰ ভগ্নাংশ আৰু দশমিকৰ প্ৰচলন হয়।  মাটি-বাৰী ভগাই ল’বলৈ এই যুগতে সূচনা হয় জ্যামিতি আৰু পৰিমিতি। তেতিয়া মানুহৰ মানসিক উন্নতি লেহেমীয়া আছিল কাৰণে গণিতৰ উন্নতিও লেহেমীয়া হৈছিল।

খ্ৰীষ্টপূৰ্ব প্ৰায় এহাজাৰ বছৰৰ পৰা কোনো কোনো ঠাইত প্ৰায় খ্ৰীষ্টীয় অষ্টম শতিকালৈ বিৰাজ কৰা সময়ছোৱাক গণিতৰ প্ৰাচীন যুগ বুলি কোৱা হয়। এই যুগত প্ৰাচীন ভাৰতত উচ্চমানৰ গণিত চৰ্চা হৈছিল। বৈদিক যুগৰ ভাৰতীয় গণিতজ্ঞ কাত্যায়ন আৰু বৌদ্ধায়নে জ্যামিতি চৰ্চা কৰি ইতিহাসত নাম থৈ  গ’ল। ভাৰতীয় গণিতজ্ঞ প্ৰথম আৰ্যভট্ট আৰু ব্ৰক্ষ্মগুপ্তই বীজগণিতত দক্ষতা দেখুওৱাৰ লগতে নটা অংক আৰু শূন্যৰ আৰম্ভণি কৰে। এই যুগত ইয়াৰ পূৰ্বে নতুন উন্নত গণনা ৰীতি প্ৰচলন কৰে মেছোপটেমিয়াৰ বাসিন্দাসকলে। এওঁলোক আছিল ছুমেৰীয় আৰু এওঁলোকৰ সভ্যতাক ছুমেৰীয় সভ্যতা বুলি কোৱা হয়। পৃথিৱীৰ প্ৰথম সংগঠিত, চহৰত বাস কৰা আৰু গণনাপ্ৰিয় মানৱগোষ্ঠী হ’ল ছুমেৰীয়সকল। ইয়াৰ জ্ঞানৰ পোহৰ পৰে নীল নদী পাৰৰ আৰবত, বিশেষকৈ বিখ্যাত ভূখণ্ড মিচৰত। পণ্ডিতসকলে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ ধ্বংসাৱশেষৰ পৰা প্ৰমাণ পাইছে যে সেই সময়ত প্ৰাচীন ভাৰতবৰ্ষত পৰ্যাপ্ত গণিত আৰু কাৰিকৰি বিজ্ঞানৰ চৰ্চা হৈছিল। সেই যুগৰ পাৰ্ছীয় গণিতবিদ আল খোয়াৰিজমিক আধুনিক বীজগণিতৰ জনক বুলি কোৱা হয়। সেই সময়ত বাগদাদ আছিল জ্ঞান চৰ্চাৰ প্ৰধান কেন্দ্ৰ । ভাৰত, চীন আদিৰ পৰা বহু পৰ্যটকে  বাগদাদত বাহৰ পাতিছিল। এই যুগতে চীনত পদ্ধতিগতভাৱে গণিত চৰ্চা আৰম্ভ হয়। ইয়াৰ আগতে চীনত গণিত চৰ্চা হৈছিল এৰা-ধৰাকৈ। সেই সময়ত পৰ্যটক ৰূপে গ্ৰীচৰ পৰা মিচৰলৈ আহে পাইথাগোৰাছ। তেওঁ মিচৰত গণিতৰ জ্ঞান আয়ত্ব কৰি স্বদেশ গ্ৰীচলৈ যায়। পাইথাগোৰাচৰ চেষ্টাত গ্ৰীচত গণিত চৰ্চাই জনপ্ৰিয়তা আৰু প্ৰসাৰতা লাভ কৰে। পাইথাগোৰাছে ঘৰৰ দুৱাৰত লিখি থৈছিল— “যিজনে জ্যামিতি নেজানে, তেওঁৰ প্ৰৱেশ নিষেধ।” ইয়াৰ পিছত আৰ্কিমিডিচ, ইউক্লিড, থেলিচ আদিয়ে গ্ৰীচত আধুনিক গণিত চৰ্চাৰ দুৱাৰ মুকলি কৰে।

মধ্য যুগটো অজ্ঞান-অন্ধকাৰৰ যুগ। এই যুগত ধৰ্মীয় গোড়ামী, অন্ধবিশ্বাস, কুসংস্কাৰ, প্লেগ আৰু মেলেৰিয়াৰ মহামাৰী, বহিঃশত্ৰুৰ আক্ৰমণ আদিৰ বাবে গণিতেই নহয় বিজ্ঞানৰ আনবোৰ শাখা আৰু সমাজৰ  সামগ্ৰিক বিকাশ বন্ধ হৈ গৈছিল। এই যুগৰ ধৰ্ম মোহান্ধসকলে আলেকজেণ্ডিয়াৰ পৃথিবী বিখ্যাত পুথিভঁৰালৰ জ্ঞান-বিজ্ঞানৰ গ্ৰন্থসমূহ পুৰি পেলাইছিল, যিয়ে জ্ঞান-বিজ্ঞানৰ চিন্তা-চৰ্চাত বিশ্বজুৰি আঘাত হানিছিল। এই যুগতে ধৰ্ম মোহান্ধসকলে হাইপেচিয়াৰ দৰে গণিতজ্ঞ আৰু দাৰ্শনিকক পাশৱিকভাবে হত্যা কৰিছিল। অৱশ্যে অন্ধকাৰে ছানি ধৰা  সেই  যুগত ভাৰত আৰু আৰবত গণিত, বীজগণিত আৰু কাৰিকৰী বিজ্ঞান  প্ৰণালীবদ্ধভাৱে  চৰ্চা হৈছিল।

গণিতৰ আধুনিক যুগ আৰম্ভ হয় ষোড়শ শতিকাত। লিঅ’নাৰ্ড দা ভিন্সি, নিউটন, ব্লেইছ পাস্কেল, লেইবনিজ আদি বৰেণ্য  পণ্ডিত, গণিতজ্ঞ আৰু দাৰ্শনিকে নিজৰ ঐকান্তিক চেষ্টা আৰু অধ্যৱসায়েৰে অন্ধকাৰে ছানি ধৰা ইউৰোপ তথা বিশ্বৰ বিজ্ঞান, গণিত, সাহিত্য, সংস্কৃতি আদিক বহু আগবঢ়াই নিয়ে। এই যুগৰ এজন বৰেণ্য গণিতজ্ঞ আৰু দাৰ্শনিক হ’ল ৰেনে ডেকাৰ্টে। “মোক বিস্তৃতি আৰু গতি দিয়া, মই জগতখন তৈয়াৰ কৰিম” — এই বিখ্যাত উক্তি  গণিতজ্ঞ-দাৰ্শনিক ৰেনে ডেকাৰ্টেৰ। “জ্যামিতিৰ পিতৃ” বুলি খ্যাত ইউক্লিডে “এলিমেণ্টছ” নামৰ ১৩ টা খণ্ডৰ গণিত-জ্যামিতিৰ কিতাপ লিখি গণিত চৰ্চাৰ যি আধুনিক বাট মুকলি কৰিছিল এই যুগতে তেনে চৰ্চাই পূৰ্ণতা লাভ কৰে। পীয়েৰ দি ফাৰ্মা, ইভাৰিষ্ট গেলোৱা, লিঅ’নাৰ্ড অয়লাৰ, জৰ্জ কেণ্টৰ, শ্ৰীনিবাস ৰামানুজন আদি বহু  বিজ্ঞানী আৰু গণিতজ্ঞই ঐকান্তিক চেষ্টাৰে আধুনিক বিশ্বত গণিতৰ নতুন শাখা-প্ৰশাখা আৰু নতুন তত্বৰ  জন্ম দি  আশা কৰাতকৈ বেছি উন্নতি সাধিছে।

4 Comments
  • Trailokya Mohan Goswami
    Posted at 20:46h, 05 August Reply

    Received a lots of valuable information about the history of mathematics. Thanks a lot and hoped to meet soon

  • bodirul islam
    Posted at 07:28h, 14 July Reply

    Received a lots of information.
    Thanks .

  • Niharika Sonowal
    Posted at 09:16h, 26 February Reply

    বিদ্যাৰ্থীসকলৰ বাবে অতি প্ৰয়োজনীয় লেখা ৷ উপকৃত হ’ব তেওঁলোক ৷

  • তিলো সোণোৱাল
    Posted at 16:06h, 06 June Reply

    চমু হ’লেও প্ৰয়োজনীয় গণিত ইতিহাস

Post A Comment