সংখ্যা-শৃংখল ৩

থিয়কৈ:

ক) ১৯০০ চনত থকা মুঠ দিনৰ সংখ্যা৷

গ) অংকসমূহত কেৱল ২ আৰু ০ থকা আটাইতকৈ সৰু সংখ্যাটো যাক ১২ ৰে হৰণ যায়৷

ঙ) ৬ টা অংক বিশিষ্ট আটাইতকৈ সৰু পেলিনড্ৰম সংখ্যাটো যাক ৬ ৰে হৰণ যায়৷

ঝ) ৰামানুজনৰ প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যা।

ট) আটাইতকৈ সৰু যৌগিক সংখ্যাটো যিটো মাত্ৰাৰ সংঘ (group) কেৱল এটা আছে।

ঠ) ৫ টা ৮ অংক ৰূপে থকা আটাইতকৈ সৰু সংখ্যাটো, যাক ৫ ৰে হৰণ যায়৷

থ) ২০ জন মানুহে পৰস্পৰে পৰস্পৰক হেণ্ডচে’ক দিলে পৃথক পৃথক হেণ্ডচে’কসমূহৰ মুঠ সংখ্যা৷

দ) সাতটা অংক যুক্ত মুঠ পেলিনড্ৰম সংখ্যা

পথালিকৈ:

খ) ১০০তম মৌলিকটো৷

গ) ২০ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

ঘ) আটাইতকৈ সৰু যৌগিক সংখ্যাটো যাক তাৰ কোনো এটা অংকৰেই হৰণ নাযায়।

ঙ) তলৰ বিন্দুসমূহৰ সজ্জাটোৰ পৰা তিনিটা তিনিটা বিন্দু শীৰ্ষ বিন্দু ৰূপে লৈ আঁকিব পৰা ত্ৰিভুজৰ মুঠ সংখ্যা।
. . . . . . . . . . . . .
. . . . . . . . . . . . .

চ) {\text{১০}}^{\text{৫}} তকৈ সৰু অশূন্য পলিনড্ৰমৰ মুঠ সংখ্যা।

ছ) চাৰিটা অংকৰে গঠিত primorial সংখ্যাটো।

জ) ১০! ছেকেণ্ডেৰে হোৱা সপ্তাহৰ পৰিমাণ।

ঞ) আটাইতকৈ সৰু মাত্ৰাটো, যিটো মাত্ৰাৰ বাবে তিনিটা সংঘ পোৱা যায়৷

ড) ৩২ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

ঢ) দুটা ক্ৰমিক মৌলিকৰ পূৰণফল ৰূপে পোৱা দশম সংখ্যাটো।

ণ) আটাইতকৈ সৰু সংখ্যাটো, যিটো মাত্ৰাৰ কোনো ক্ষেত্ৰ (field) নাই।

ত) দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো যাক ৪ ৰে হৰণ যায়, আৰু যাৰ অংকবোৰ ওলোটা ক্ৰমত লিখি পোৱা সংখ্যাটোকো ৪ ৰে হৰণ যায়৷

1 Comment

Post A Comment