সংখ্যা-শৃংখল ৮

থিয়কৈ:


ক) ১০০০ টা উৎপাদক থকা আটাইতকৈ সৰু সংখ্যাটো৷

ঘ) প্ৰথম তিনিটা যৌগিক সংখ্যাৰ হৰাত্মক মাধ্যটোৰ হৰটো৷

জ) {\text{৫}}^{\text{৬}}-{\text{১}} ক ৫ ৰ ভূমিত প্ৰকাশ কৰিলে পোৱা ৰূপটো৷

ঞ) আটাইতকৈ ডাঙৰ সংখ্যাটো যাক ৭ ৰে পূৰণ কৰিলে পাঁছটা অংক যুক্ত এটা সংখ্যা পোৱা যায়৷

ট) ১০!! / ১৩!! ৰ হৰটো৷

ড) আটাইতকৈ সৰু সংখ্যাটো, যাৰ বৰ্গটো {\text{২}}\times {\text{২৩}}^{\text{২}} তকৈ ডাঙৰ৷

ঢ) আটাইতকৈ সৰু n টো, যাতে {\text{৬}}^n<n!

ত) ক্ৰমিত যোৰ (x,y) ৰ মুঠ সংখ্যা, যাতে x^{\text{২}}+y^{\text{২}}\le {\text{৩}}^{\text{২}}, য’ত x আৰু y অখণ্ড সংখ্যা৷

দ) ১৫! ক হৰণ যোৱা মুঠ সংখ্যাৰ পৰিমাণটো৷

ধ) আটাইতকৈ সৰু সংখ্যা n টো, যাতে n-১৫ আৰু n+১৫ মৌলিক৷

ন) পাঁছটা অংক যুক্ত সমূহ অযুগ্ম সংখ্যাৰ সমান্তৰ মাধ্যটো৷

ব) ৬ টা অংকৰে গঠিত আৰু ৬ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো৷

য) ৯ টা অংকৰে গঠিত আৰু ৯ ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো৷

ৰ) একাধিক অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকবোৰৰ যোগফল আৰু আটাইতকৈ ডাঙৰ মৌলিক উৎপাদকটো সমান৷

পথালিকৈ:

খ) আটাইতকৈ সৰু অশূন্য সংখ্যাটো যাৰ ঘণফলত এটা ০ অংক ৰূপে থাকে৷

গ) দুটা অংকৰে গঠিত মৌলিকটো যাৰ অংক দুটাৰ যোগফল আটাইতকৈ ডাঙৰ৷

ঙ) আটাইতকৈ ডাঙৰ সংখ্যাটো যাৰ অংকবোৰৰ পূৰণফল {\text{৬}}^{\text{৬}}

চ) আটাইতকৈ সৰু সংখ্যাটো, যিটো সংখ্যাক এটা বৰ্গই হৰণ যায়, আৰু তাৰ পৰৱৰ্তী তিনিওটা সংখ্যাকে একোটা বৰ্গই হৰণ যায়৷

ছ) আটাইতকৈ সৰু সংখ্যা n টো, যাতে n, ২n আৰু ৩n —এই তিনিওটাৰ প্ৰত্যেকতে ২ টো এটা অংক ৰূপে থাকে৷

জ) ৯ টা অংকৰে গঠিত মুঠ সংখ্যা, যাৰ অংকবোৰৰ যোগফল ৩৷

ঝ) {\text{১০}}^{\text{৭}} ৰ পাটীগণিতীয় অৱকলজটো (Arithmetic derivative)৷

ঞ) ৬ টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যাৰ অংকবোৰৰ পূৰণফল ১০৷

ঠ) \pi({\text{১০}}^{\text{৫}})৷ [অৰ্থাৎ {\text{১০}}^{\text{৫}} তকৈ সৰু মৌলিক সংখ্যাৰ পৰিমাণটো৷]

ঢ) আটাইতকৈ সৰু সংখ্যাটো, যিটো নেকি ৫n+১ আৰু ৫n-১ ৰ লঃসাঃগুঃ হ’ব পাৰে, য’ত n স্বাভাৱিক সংখ্যা৷

ণ) আটাইতকৈ সৰু অৰ্ধমৌলিক n টো, যাতে তাৰ পৰৱৰ্তী অৰ্ধমৌলিকটো n+২, আৰু সিহঁত দুটাৰ মাজৰ সংখ্যাটো মৌলিক নহয়৷

থ) ২৫ ৰে আৰম্ভ হোৱা আটাইতকৈ সৰু পেলিনড্ৰমটো৷

প) আটাইতকৈ সৰু সংখ্যাটো যাৰ মৌলিক উৎপাদককেইটাৰ যোগফল ২০৷

ফ) ১ আৰু ৬৪ ক বাদ দি আটাইতকৈ সৰু সংখ্যাটো, যিটো এটা বৰ্গ সংখ্যা আৰু ঘণ সংখ্যাও৷

ভ) পাঁছটা গোলকে অন্তৰীক্ষত সৃষ্টি কৰিব পৰা পৃথক পৃথক ভাগৰ সৰ্বোচ্চ পৰিমাণটো৷

ম) ২৪ কালিৰ আয়তসমূহৰ আটাইতকৈ সৰু অৰ্ধ-পৰিধিটো৷

No Comments

Post A Comment