বিজ্ঞান কুইজ – ৩

১) ড৹ পবিত্ৰ কুমাৰ শৰ্মাৰ সম্পাদনাত “ৰসায়ন শিক্ষা” নামেৰে এখন ৰসায়ন বিজ্ঞান বিষয়ক দুমহীয়া বিজ্ঞান আলোচনী প্ৰকাশ পাইছিল। এই আলোচনীখন কিয় আমি সদায় মনত ৰাখিব লাগে?

২) ডিব্ৰুগড় চহৰক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰখ্যাত অভিযন্তা তথা সাহিত্যিক হৰিপ্ৰসাদ বৰুৱাই শিলৰ বুৰুজ মৰাৰ ব্যৱস্থা কৰিছিল। যিটো পাছলৈ এক বিশেষ নামেৰে জনাজাত হৈ পৰে। কি নামেৰে বাৰু?

৩) প্ৰথম অসমীয়া বিজ্ঞান আলোচনীখনৰ নাম কি?

৪) উদ্ভাৱনক পেছা হিচাপে লৈ তেওঁ এটাৰ পিছত এটা যন্ত্ৰ বিভিন্ন থলুৱা পদ্ধতি বিজ্ঞানেৰে উপস্থাপন কৰি ৰাইজৰ উপকাৰ সাধিলে। নাছা(NASA)ৰ দ্বাৰা স্বীকৃত, বিশ্বৰ দহটা বছৰটোৰ চমৎকাৰ আৱিষ্কাৰত তেওঁ যোৱা কেইবাবছৰ একেলেথাৰিয়ে স্থান পাই আহিছে। লগতে বিখ্যাত টিভি চেনেল History TV 18 এ তেওঁক বলীউদৰ এখন বিখ্যাত চিনেমা “থ্ৰি ইডিয়টছ”ৰ মুখ্য চৰিত্ৰটোৰ ‘প্ৰকৃত ফু্ংচুক ৱাংৰু’ বুলি অভিহিত কৰিছে। এইয়া কাৰ কথা কৈছোঁ বাৰু?

৫) যদি ১৯৩৭ চনত ‘আৱাহন’ত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱাৰ ‘বিৰচতীয়াৰ দেশ’ গল্পটো প্ৰথম অসমীয়া কল্পবিজ্ঞান কাহিনী হয়। তেন্তে, সম্পূৰ্ণ চৰিত্ৰ বহন কৰা প্ৰকৃত প্ৰথম অসমীয়া কল্পবিজ্ঞান গল্পটো কোনটো বাৰু?

৬) International Association Of Geomagnetism And Aeronomy Medal লাভ কৰা প্ৰথম ভাৰতীয় কোন? (বি:দ্ৰ: তেওঁ এজন অসমীয়া৷)

৭) কৰ্ণেল এডৱাৰ্ড মাইকেল ফিংকৰ লগত অসমক কেনেদৰে সম্পৰ্ক স্থাপন কৰিব পাৰি?

৮) সম্পৰ্ক স্থাপন কৰক : অশান্ত ইলেকট্ৰন আৰু জ্যোতিপ্ৰসাদ মেধি

৯) এজন অসম সন্তান বৰ্তমান নাছাত ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ সবিশেষ আৰু আজিলৈকে সেই দূৰত্ব ভেদি পঠাব নোৱৰা মহাকাশযান পঠিয়াবলৈ বিশেষ গৱেষণা কৰি আছে। তেওঁ কোন বাৰু?

১০) প্ৰথম অসমীয়া বিজ্ঞানভিত্তিক উপন্যাসিকাখনৰ নাম কি?

১১) ১৯৫৩ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা ‘গুৱাহাটী বিজ্ঞান সমিতি’ৰ বৰ্তমান নাম কি?

১২) ১৮৯৯ চনত গঠন কৰা এটা কোম্পানীয়ে ১৯০০ চনত ডিগবৈত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰিছিল। কি আছিল বাৰু কোম্পানীটোৰ নাম?

১৩) বঁটা গ্ৰহণ কৰি থকা অসমীয়াগৰাকী কোন বাৰু?

১৪) বিখ্যাত বঁটাপ্ৰাপ্ত, কোনখন কিতাপৰ প্ৰচ্ছদ এয়া?

১৫) বিশেষত্বটো ক’ব লাগে – দীনেশ চন্দ্ৰ গোস্বামী, বিজয়কৃষ্ণ দেৱ শৰ্মা, ক্ষীৰধৰ বৰুৱা, শান্তনু তামুলী, ৰমেশ চন্দ্ৰ গোস্বামী, অভিজিত শৰ্মা বৰুৱা আৰু শেহতীয়াকৈ ডঃ দিলীপ শৰ্মা।

১৬) অসমত ‘ছাইণ্টুন’ বা বিজ্ঞান কাৰ্টুন অংকনৰ বাটকটীয়া বুলি কাক ক’ব পাৰি?

১৭) অসম বিজ্ঞান সমিতিৰ ‘প্ৰাথমিক বিজ্ঞান কোষ’খন কোনখন পুথিৰ আৰ্হিত প্ৰণিত হৈছিল?

১৮) ২০১৭ বৰ্ষত ধুবুৰী জিলাৰ যুগব্ৰত দাস নামৰ ছাত্রজন কিদৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল?

১৯) যাদৱ পায়েঙক কোনে ‘অৰণ্য মানৱ’ উপাধি প্ৰদান কৰিছিল?

২০) যোৱাটো বৰ্ষত চৰ্চিত আধুনিক জীৱবিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ ‘জিন এডিটিং’ৰ লগত এজন অসমীয়া কেনেদৰে জড়িত?

 

উত্তৰসমূহ:

১) ৰসায়ন বিজ্ঞান বিষয়ক প্ৰথম অসমীয়া আলোচনী (হয়তো ভাৰতীয় ভাষাবোৰৰ ভিতৰতো)।

২) বৰুৱা স্পাৰ।

৩) পশু পালন (১৯২৫, সম্পাদক: ডাঃ কনক চন্দ্ৰ শৰ্মা)।

৪) উদ্ধৱ ভৰালী

৫) সৌৰভ কুমাৰ চলিহাৰ ‘আৱাজ’।

৬) ৰাঘৱ চন্দ্ৰ ডেকা।

৭) অসম সন্তান ৰেণিতা শইকীয়াৰ (তেঁৱো নাছাত কৰ্মৰত) স্বামী।

৮) অশান্ত ইলেকট্ৰন পুথিখন সুৰেন্দ্ৰনাথ মেধীয়ে (সৌৰভ কুমাৰ চলিহা) তেখেতৰ ভতিজা বিখ্যাত পৰিসংখ্যাবিদ, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিৰ নামত উৎসৰ্গা কৰিছিল।

৯) সৰগজ্যোতি শইকীয়া।

১০) ডঃ বিজয়কৃষ্ণ দেৱ শৰ্মাৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’ (১৯৬৯)।

১১) অসম বিজ্ঞান সমিতি।

১২) আছাম অইল কোম্পানী।

১৩) ২০১৭ বৰ্ষত গ্ৰীণ অস্কাৰ বিজয়ী অসম সন্তান পূৰ্ণিমা দেৱী বৰ্মন।

১৪)

১৫) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া।

১৬) ক্ষীৰধৰ বৰুৱা।

১৭) Sampson Low, Marston & Company য়ে প্ৰকাশ কৰা Junior Science Encyclopedia.

১৮) Discovery Channel আৰু The National Geographic Channel য়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৫৫খন দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ।

১৯) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে।

২০) তেখেত হ’ল ডাঃ ৰুবুল মাউত। মাউতে ‘জিন এডিটিং’ৰ সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

 

(প্ৰস্তুতকৰ্তা ঋষভ ডেকা গুৱাহাটী মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ৷)

1 Comment
  • Abdul Mannan
    Posted at 08:21h, 29 March Reply

    1.ৰক্ত ঢাপৰ পৰিসৰ কিমান?
    2.ক্ষুদ্রান্তৰ প্রথম অংশটটোৰ নাম কি?

Post A Comment