মানুহৰ বাবে সংকটৰ গৰাহত দহ লাখ প্ৰজাতি

শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services (IPBES)) এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতি ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনখনে সকীয়াই দিছে৷

এই প্ৰতিবেদনখন বৰ্ত্তমানলৈকে জৈৱবৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ উপকাৰিতা (Ecosystem Services) সম্পৰ্কীয় বিশ্লেষণৰ কৰা আটাইতকৈ পুংখানুপুংখ অধ্যয়নৰ ফল৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি এই আন্তঃৰাষ্ট্ৰীয় বিশ্লেষণ আগবঢ়াইছে৷ ইয়াৰ লগতে প্ৰায় ১৫,০০০ বৈজ্ঞানিক প্ৰকাশন আৰু চৰকাৰী প্ৰতিবেদনৰ ৰিভিউ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে তেওঁলোকে স্থানীয় লোকৰ পৰম্পৰাগত জ্ঞানসমৃদ্ধ তথ্যও ব্যৱহাৰ কৰিছে৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰায় এক নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ এই হাৰ মানৱ ইতিহাসতে অভূতপূৰ্ব৷

“আমি বাস কৰা এই পৰিস্থিতি-তন্ত্ৰৰ স্বাস্থ্যৰ ক্ষিপ্ৰ গতিত অৱনতি ঘটিছে আৰু আমি প্ৰায় জানি-শুনিয়ে আমাৰ অৰ্থনীতি, জীৱন-নিৰ্বাহৰ পথ, খাদ্যৰ নিশ্চয়তা, স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ মূল ভেঁটিকে উছন কৰিব খুঁজিছোঁ” – এই গৱেষণাৰ মূল সভাপতি ছাৰ ৰবাৰ্ট ৱাটছন (Sir Robert Watson) কয়৷

সংকটৰ গৰাহত পৰা বিভিন্ন জীৱৰ অনুপাত৷

এই গৱেষণাই আৱিষ্কাৰ কৰা গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে:

  • সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল মানুহৰ কাৰ্য্যকলাপৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫ শতাংশৰো অধিক জলাশয় নোহোৱা হৈছে৷ গুৰুত্বপূৰ্ণভাৱে গড় হিচাপত স্থানীয় লোক (Indigenous Peoples and Local Communities)-এ পৰিচালনা কৰা ভুখণ্ডত এই ক্ষতিৰ হাৰ লক্ষণীয়ভাৱে কম৷
  • মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ ১৯০০ চনৰ পৰা বৰ্ত্তমানলৈকে প্ৰায়ভাগ স্থলচৰ প্ৰজাতিৰ আবাদী ২০% হ্ৰাস পাইছে৷ তাৰোপৰি ৪০ শতাংশৰ অধিক উভচৰ প্ৰাণী, ৩৩% প্ৰবাল আৰু সকলো সাগৰীয় প্ৰাণীৰ এক তৃতীয়াংশ ভাবুকিগ্ৰস্ত (threatened)৷ কীট-পতংগৰ ক্ষেত্ৰতো প্ৰায় ১০% ভাবুকিগ্ৰস্ত বুলি ধাৰণা কৰা হৈছে৷ ষোল্ল শতিকাৰ পৰা বৰ্তমানলৈকে কমেও ৬৮০ বিধ মেৰুদণ্ডী প্ৰাণী বিলুপ্ত হৈছে৷
  • তেনেদৰে আমি খাদ্য আৰু কৃষিৰ বাবে ব্যৱহাৰ কৰা ৯% পোহনীয়া স্তন্যপায়ী জন্তুৰ প্ৰকাৰ (breed) ইতিমধ্যে বিলুপ্ত হৈছে আৰু ১০০০ টা এনে প্ৰকাৰ বৰ্তমান ভাবুকিগ্ৰস্ত৷
  • ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃদ্ধি পালে৷ বছৰি ৩০০-৪০০ নিযুত টন প্লাষ্টিক, ৰাসায়নিক সাৰ আধিকে ধৰি ঔদ্যোগিক অঞ্চলৰ অন্যান্য বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zones) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷
  • মানুহৰ কাৰ্য্য-কলাপৰ ফলত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় এক ডিগ্ৰী ইতিমধ্যে বৃদ্ধি পাইছে আৰু যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷

মানুহৰ জীৱন ধাৰণ (well-being)ৰ প্ৰতি সংকট অনা এই বিপদজনক প্ৰতিচ্ছবিৰ মূলতে মানুহৰে ধ্বংসাত্মক কাৰ্য্য-কলাপ বুলি প্ৰতিবেদনখনে সাব্যস্ত কৰিছে৷ গৱেষণালব্ধ তথ্যৰে প্ৰতিবেদনখনত ইয়াৰ মূল পাঁচটা কাৰণ দৰ্শোৱা হৈছে৷ গুৰুত্বৰ ক্ৰমাংকত এই কাৰণসমূহ হৈছে:


১) মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন৷
২) জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation)৷
৩) জলবায়ু পৰিৱৰ্ত্তন৷
৪) প্ৰদূষণ৷
৫) বহিৰাগত আগ্ৰাসী প্ৰজাতি (invasive alien species)৷ ইয়াৰ পৰোক্ষ কাৰণবোৰৰ ভিতৰত ক্ৰমবৰ্দ্ধমান জনসংখ্যাও অন্যতম৷

বৰ্তমানৰ গতিৰে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় লক্ষ্যসমূহত উপনীত হোৱা সম্ভৱ নহয় বুলিও এই প্ৰতিবেদনে শংকা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে আগবঢ়োৱা প্ৰকৃত কাৰ্য্যপন্থা হ’ল অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক সম্পূৰ্ণ পৰিৱৰ্ত্তন (transformative change) অনা৷ ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, সমাজৰ বিভিন্ন পৰ্য্যায়ত পৰিৱেশৰ বাবে হানিকাৰক পদক্ষেপ ৰুধিবলৈ উপায় উদ্ভাৱন আৰু এই সম্পৰ্কীয় আইন প্ৰৱৰ্ত্তন আদিৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰোপৰি, এই পদক্ষেপসমূহৰ সঠিক কাৰ্য্যৰোপন আৰু মূল্যায়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অধিক সহযোগিতাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷

No Comments

Post A Comment